K C Digital Films – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 12 Apr 2021 08:55:12 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 K C Digital Films – Rupaliparda.com https://rupaliparda.com 32 32 163073109 KC Digital Films ৰ বেনাৰত এইবাৰ নতুন গানঃ শংকুৰাজ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটিৰে “গানে গানে”- https://rupaliparda.com/archives/25406 https://rupaliparda.com/archives/25406#respond Mon, 12 Apr 2021 08:55:11 +0000 https://rupaliparda.com/?p=25406 “অলকনন্দা”, “জলপ্ৰপাত”, “মৌ পিয়া” আদিৰ লগতে শেহতীয়া আন কেইবাটাও অসমীয়া গীত আৰু লাখ-লাখ শ্ৰোতাৰ আৱেগ সন্মিলিত কন্ঠ। শংকুৰাজ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটি টোৱে ইমানেই অধিক খলকনিৰ সৃষ্টি কৰিছে যে ইয়াক আকৌ এবাৰ বুজাই কোৱাটোৰ হয়টো প্ৰয়োজন নাই। আমি কেতিয়াবা সংগীতৰ ক্ষেত্ৰ খনক লৈ বৰ আঁকোৰগোজ হৈ পৰো। নহয়নে? ব্যক্তিগত ভাৱে ভালপোৱা এটা গীতক আমি শুবলৈ যাওঁতে, খাওঁতে অথবা অতি ব্যস্ততাৰ সময়তো শুনিবলৈ বিচাৰো; যি গীতে আমাৰ মনত প্ৰশান্তি আনে সি হয় পৰে আপোনতকৈও যেন আপোন। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ শংকুৰাজ, সান্নিধ্য তথা তন্মৰ ক্ষেত্ৰতেই নহওঁক কিয়; ভাল কামৰ চৰ্চা দেৰিকৈ হ’লেও হোৱাটো যে একেবাৰেই স্বাভাৱিক। ঠিক তেনেই এটি গীত হৈছে “অলকানন্দা”; “উভতাই আনিলা, জীয়াই তুলিলা”, “এই ৰিক্ত বুকুতে বাসনা ঢালিলা”। আমাৰ নৱপ্ৰজন্মই প্ৰত্যেকটো সময়ত নিজ নিজ প্ৰতিভা সমূহক এনেদৰেই জনসাধাৰণৰ মাজলৈ লৈ অনা নাই নে? “অলকানন্দা” গীতটিৰ প্ৰতিটো শাৰীয়ে এনেদৰে শিহঁৰিত কৰি তোলে যে আমি ক’ব নোৱাৰাকৈয়ে বাৰম্বাৰ শুনাৰ পিছতো গীতটিৰ প্ৰেমত আকৌ এবাৰ পৰি ৰওঁ। পৰিয়ালৰ কোনো এজনো সদস্য সংগীত ক্ষেত্ৰখনত জড়িত নহ’লেও শংকুৰাজে সৰুৰে পৰা লাভ কৰিবলৈ সক্ষম হৈছিল এক সাংগীতিক পৰিৱেশ। “অলকানন্দা” ৰ সৈতে জড়িত আন এটা উল্লেখনীয় নাম হৈছে মৈত্ৰেয়ী পাটৰ; গীতটিৰ কথা আছিল মৈত্ৰেয়ী পাটৰৰ; যাৰ শব্দৰে মালা গুঠি গীতটিয়ে লাভ কৰিছে পূৰ্ণতা।

KC Digital Films ৰ বেনাৰত এইবাৰ নতুন গানঃ শংকুৰাজ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটিৰে "গানে গানে"- 1


“জলপ্ৰপ্ৰাত”, “নক্ষত্ৰ” , “মৌ পিয়া” আদিৰ দৰে গীতসমূহ যেতিয়া শ্ৰোতাৰ বাবে প্ৰিয় হৈ পৰে; তেতিয়াই ফুটি উঠে যে সংগীত ক্ষেত্ৰখন এঢাপ এঢাপ আৰু অধিক ওপৰলৈ উঠিব ধৰিছে। গতিকে, এইখিনিতে আপোনালোকলৈ লৈ আনিছো আন এক সুখবৰ ; উক্ত যুঁটিটো অৰ্থাৎ মৈত্ৰেয়ী আৰু শংকুৰাজ আন এটি সুন্দৰ গীতৰ বাবে সাজু হৈ উঠিছে। গীতটিৰ নাম হৈছে “গানে গানে”। কাইলৈ অৰ্থাৎ ১৩ এপ্ৰিলত মুক্তি পাবলগীয়া এই গীতটিৰ কথা মৈত্ৰেয়ীৰ আৰু সুৰ শংকুৰাজৰ। গীতটিত কন্ঠদান কৰিছে ক্ৰমে মৈত্ৰেয়ী আৰু শংকুৰাজে। KC Digital Films ৰ বেনাৰত নিৰ্মিত এই গীত “গানে গান” হৈছে “Arranged” শীৰ্ষক চুটি ছবিখনৰ পিছত তেওঁলোকৰ দ্বিতীয়টো প্ৰচেষ্টা । আনহাতে, গীতাৰ ঋতুৰাজ গগৈৰ আৰু বাঁহী বজাইছে ভাস্কৰ কলিতাই। শব্দ সংমিশ্ৰণ কৰিছে সুমিত বৰুৱাই। গীতটি বাণীবদ্ধ কৰা হৈছে কাইফি হামজা আহমেদৰ দ্বাৰা আৰু বাঁহী ৰেকৰ্ড কৰিছে প্ৰণয় দত্তই। ভিডিঅ’ সহ মুক্তি পাবলগীয়া গীতটিৰ ভিডিঅ’ পৰিচালনা তথা বিষয়বস্তু সমুজ্জল কাশ্যপৰ। ইয়াত অভিনয় কৰিছে কেইবাটাও প্ৰকল্পৰ সৈতে দেখিবলৈ পোৱা জনপ্ৰিয় অভিনেতা অচিন্তৰাজ কাশ্যপ আৰু এগৰাকী মডেল তথা অভিনেত্ৰী কৰিশ্মা হাজৰিকাই; ইতিমধ্যে দুয়ো শিল্পীৰেই অনুৰাগী উৎসাহিত হৈ পৰিছে। সহকাৰী পৰিচালনা প্ৰিয়ংকা কাশ্যপৰ; দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যই; কলা নিৰ্দেশনা জ্যোতি ভট্টাচাৰ্য্যৰ। এৰিয়েল ফটোগ্ৰাফী ৰাজা বৰুৱাৰ আৰু সম্পাদনা সমুজ্জল কাশ্যপ আৰু গৌতম মজুমদাৰৰ। প্ৰডাকচন মেনেজাৰ ৰূপম ৰিয়ান ডেকা আৰু ৰূপসজ্জা পাংকু হাজৰিকাৰ।

KC Digital Films ৰ বেনাৰত এইবাৰ নতুন গানঃ শংকুৰাজ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটিৰে "গানে গানে"- 2


গীতটিক লৈ অপেক্ষাৰত এতিয়া প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতা দৰ্শক। গীতটিৰ সৈতে জড়িত প্ৰত্যেকজন শিল্পী, কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25406/feed 0 25406
আন এখন চুটি ছবিৰ সৈতে সাজু সমুজ্জল কাশ্যপঃ Arrange কৰিবলৈ আহি আছে “LoveBirds”- https://rupaliparda.com/archives/25020 https://rupaliparda.com/archives/25020#respond Sat, 27 Mar 2021 05:30:00 +0000 https://rupaliparda.com/?p=25020 আমি একোটা সুন্দৰ প্ৰকল্পক লৈ সদায় উৎসাহী হৈ থাকো; তাতেই আকৌ যদি উক্ত প্ৰকল্পটোৰ সৈতে জড়িত কলা-কুশলীৰ কামবোৰ পূৰ্বৰে পৰাই আমাৰ মন-গহ্বৰত সোমাবলৈ সক্ষম হৈছে তেতিয়াহ’লেটো আৰু প্ৰশ্নই নাই! সম্প্ৰতি সময়ৰ চুটি ছবিসমূহে দৰ্শকসকলক এক বেলেগ পৰ্যায়ৰ আমোদ প্ৰদানত সক্ষম হৈছে; একোটা সুন্দৰ কাহিনীক ১০ অথবা ১৫ মিনিট সময়ৰ মাজত উপভোগ কৰিয়ে সেই কাহিনীভাগে প্ৰায় কেইবাদিনলৈ আমাৰ হৃদয় বন্যাত সোমাই ক্ৰিয়া কৰি থাকে। তেনে বহু চুটি ছবিৰেই উদাহৰণ আমি বিগত সময়ছোৱাৰ পৰা পাবলৈ সক্ষম হৈছো; এই কাহিনীসমূহত সন্নিৱিষ্ট হৈ থকা একোটা বাস্তৱ জীৱনে আমাক তেওঁলোকৰ প্ৰতি আৰু অধিক আকৰ্ষিত কৰি তোলে। আচলতে, আমি এই আটাইবোৰ প্ৰসংগ টানি অনাৰ বাবে হয়টো আপোনালোৰ মনলৈও কিছু প্ৰশ্নৰ উত্থাপন হৈছে; নহয়নে? কিন্তু এইখিনিতে, আপোনালোকক দিবলৈ ওলাইছো এক সু-খবৰ; আপোনালোকে ইতিমধ্যে “Arranged” নামে এখন সুন্দৰ চুটি ছবি উপভোগ কৰাৰ সমান্তৰালকৈ চুটি ছবিখনৰ প্ৰতিটো চৰিত্ৰৰ প্ৰশংসাত পঞ্চমুখ হৈছে। গতিকে, উক্ত চুটি ছবিখনৰ পৰিচালক সমুজ্জল কাশ্যপৰ পৰিচালনাৰে নিৰ্মাণৰ বাবে আগবাঢ়িছে আন এখন চুটি ছবি “Love Birds”। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে এই চুটি ছবিখনৰ শ্বুটিং; সমান্তৰালকৈ আৰম্ভ হৈছে সম্পাদনাৰ কামো।

আন এখন চুটি ছবিৰ সৈতে সাজু সমুজ্জল কাশ্যপঃ Arrange কৰিবলৈ আহি আছে "LoveBirds"- 3


“LoveBirds” ত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে অচিন্ত ৰাজ কাশ্যপ আৰু আলিস্মিতা গোস্বামীয়ে। আনহাতে, ইয়াৰ পূৰ্বে “Arranged” ত দেখিবলৈ পোৱা তথা এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত থাকিব এইবাৰো অভিনেতা হৰ্ষ সিদ্ধান্ত, লগতে থাকিব হিৰণ্য অধিকাৰী। দৰ্শকক মনোৰঞ্জন প্ৰদানৰ অৰ্থেই নিৰ্মাণ কৰা চুটি ছবিখনক বৰ্তমানলৈ কোনোধৰণৰ ছবি সমাৰোহলৈ প্ৰেৰণ কৰাৰ কথা ভবা নাই বুলি জানিবলৈ দিয়ে পৰিচালক গৰাকীয়ে। এই চুটি ছবিখনৰ কাহিনী তথা স্ক্ৰীপ্টৰ দায়িত্ব আছে ভাস্কৰজিৎ শইকীয়া লগতে চিত্ৰনাট্যৰ দায়িত্বত আছে পৰিচালক সমুজ্জল কাশ্যপ। অৱশ্যে, উক্ত চুটি ছবিখনৰ কাহিনীভাগত হৰ্ষ সিদ্ধান্তই ৰূপায়ন কৰা চৰিত্ৰটোৰ চিত্ৰনাট্য তেওঁ নিজাববীয়াকৈ লিখি উলিয়াইছে। চুটি ছবিখনৰ সহঃ পৰিচালক কাদম্বৰী কাশ্যপৰ লগতে ৰূপসজ্জা বিজিয়েতা পাটগিৰীৰ। ৰঙালী বিহুৰ সমসাময়িক ভাৱে মুক্তিপাবলগীয়া এই চুটিছবিখনৰ দৈৰ্ঘ্য হ’ব প্ৰায় ২০ মিনিট। KC Digital Films ৰ ইউটিউব চেনেলত মুক্তি লাভ কৰিব “LoveBirds”। মহানগৰীত কৰ্মব্যস্ততাৰ সৈতে জীৱন যাত্ৰা আগুৱাই লৈ গৈ থকা একাংশ নৱপ্ৰজন্মৰ কাহিনীৰে নিৰ্মাণ কৰি উলিওৱা হৈছে উক্ত চুটি ছবিখনৰ কাহিনীভাগ। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ জনপ্ৰিয় দৃশ্যগ্ৰহণকাৰী নগেন বৈশ্যই; কিছুদিন পূৰ্বে পৰিচালক গৰাকীৰ আন এখন চুটি ছবি “মায়া বাইদেউ” য়েও ঘৰুৱা দৰ্শকৰ সমুখত লাভ কৰিছিল মুক্তি।

আন এখন চুটি ছবিৰ সৈতে সাজু সমুজ্জল কাশ্যপঃ Arrange কৰিবলৈ আহি আছে "LoveBirds"- 4

“মায়া বাইদেউ” য়ে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি লাভৰ পূৰ্বেই অৱশ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্নটা ছবি সমাৰোহত মনোনয়ন লাভ কৰাৰ লগতে দৰ্শক-সমালোচকৰ তৰফৰ পৰা লাভ কৰিছিল সঁহাৰি। এইগৰাকী পৰিচালক তথা তেওঁৰ আহিবলগীয়া চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/25020/feed 0 25020
২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”- https://rupaliparda.com/archives/24358 https://rupaliparda.com/archives/24358#respond Tue, 23 Feb 2021 10:30:41 +0000 https://rupaliparda.com/?p=24358 চুটি ছবিসমূহৰ জনপ্ৰিয়তা ইতিমধ্যে আমি সকলোৱে বুজি উঠিছো; বিগত বছৰটোত চুটি ছবিসমূহে দৰ্শকৰ মাজত এক গভীৰ চাপ পেলোৱা পৰিলক্ষিত হৈছিল যাৰ ফলত দৰ্শক সকল বৰ্তমান একোখন চুটি ছবি উপভোগৰ বাবে উৎসাহিত হৈ থকা দেখিবলৈ পোৱা গৈছে। বিগত “লক-ডাউন” ৰ সময়ছোৱাতে মুক্তিপ্ৰাপ্ত “Arranged” ৰ কথা বাৰু আপোনালোকৰ মনত আছেনে? কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এটি সৰু কাহিনীক কৰা সুন্দৰ উপস্থাপনে দৰ্শকক আপ্লুত কৰাত সক্ষম হৈছিল। “লক-ডাউন” ৰ ভিতৰতেই মুক্তি লাভ কৰা উল্লেখনীয় চুটি ছবিৰ যদি নাম ল’বলগীয়া হয় তেতিয়াহ’লে একাষাৰেই নাম ল’ব পাৰি “Arranged” ৰ। সেইবাবেই হয়টো এই প্ৰডাকচন হাউচটোৰ বেনাৰত মুক্তিপাবলগীয়া আন এখন চুটি ছবিক লৈ আশাবাদী হৈ পৰিছে সকলো। নহবওঁনো কিয়? চুটি ছবিসমূহত অন্তৰ্ভূক্ত কাহিনী সমূহ ইমানেই বেছি হৃদয়স্পৰ্শী হয় যে ইয়াক উপভোগ কৰাৰ পৰা নিজক আঁতৰাই ৰাখিব পৰা নাযায়। এফালৰ পৰা ক’বলৈ গ’লে, অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক চহকী কৰোৱাবলৈ এনেবোৰ পৰিচালকৰ প্ৰচেষ্টা উল্লেখনীয়। এওঁলোকৰ চেষ্টাত বৰ্তমান আপ্লুত অসমীয়া প্ৰতিজন দৰ্শকো।


চলিত মাহৰ ২৭ তাৰিখে মুক্তি পাবলগীয়া চুটি ছবিখনৰ নাম হৈছে “মায়া বাইদেউ”। শেহতীয়াকৈ ট্ৰেইলাৰ মুক্তি পোৱা এই চুটি ছবিখনত এটা সৰু মধ্যবিত্ত পৰিয়ালৰ কাহিনীৰ যোগেৰে সমাজৰ এক গম্ভীৰ বিষয়বস্তুক উপস্থাপন কৰোৱা হৈছে। সম্প্ৰতি সমাজত দেখিবলৈ পোৱা সুলভ পৰিস্থিতিটোক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে সমুজ্জল কাশ্যপৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত “মায়া বাইদেউ”। ইয়াত অভিনয় কৰিছে সত্যেন দাস, প্ৰাজনা শৰ্মা, জিন্তু বৈশ্য, আৰ্হি বেজবৰুৱা, ৰূপম ৰিয়ান ডেকা, ৰাজা বৰুৱাৰ লগতে আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে ৰাজা বৰুৱাৰ লগতে সমুজ্জল কাশ্যপে। চুটি ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰৰ দায়িত্বত আছে ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত অসম সন্তান হৰ্জিৎ দিয়াজ। চুটি ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ছবি সমাৰোহত লাভ কৰিছে মনোনয়ন।

২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় "মায়া বাইদেউ"- 5
২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় "মায়া বাইদেউ"- 6

“Toronto Lift-Off Film Festival”, “9th Delhi Short International Film Festival”, “7th Goa Short Film Festival”, “11th Dada Saheb Phalke Film Festival”, আৰু “9th Kolkata Short International Film Festival” ত মনোনয়ন প্ৰাপ্ত এই চুটি ছবিখনক ঘৰুৱা দৰ্শকে কেনেদৰে আদৰিব সেয়া হ’ব আগন্তুক সময়ত লক্ষণীয়।

]]>
https://rupaliparda.com/archives/24358/feed 0 24358