Karabi Sarma – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 19 Aug 2021 04:43:13 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Karabi Sarma – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “মই চাৰিওফালৰ পৰা নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিছোঁ”- কৰবী শৰ্মা https://rupaliparda.com/archives/28049 https://rupaliparda.com/archives/28049#respond Fri, 20 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=28049 এগৰাকী অভিনেত্ৰীৰ যেতিয়া প্ৰফাইলটোত আমি ঘূৰ্মুতিয়াই ফুৰোঁ, তেতিয়া আমি প্ৰায়ে তেওঁলোকে কেনেদৰে নিজক ফিট ৰাখিছে চাবলৈ বিচাৰোঁ। ৰাতিপুৱাৰ ব্যায়াম তথা ৰাতি শুবলৈ যোৱা সময়ত তেওঁ কেনেদৰে নিজকে প্ৰস্তুত কৰিছে আমি তাক চাবলৈ চেষ্টা কৰোঁ যাতে আমি কিবা এটা শিকিবলৈ পাওঁ। বিগত কিছুদিনৰ পৰা যোগাসনৰ দ্বাৰা বিভিন্ন জনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰী কৰবী শৰ্মা। তেওঁ নিজক কেনেদৰে ফিট ৰাখিবলৈ চেষ্টা কৰিছে অথবা তেওঁৰ যোগাসনৰ বিষয়ে কিছু কথা জানিবলৈ বিচৰাত তেওঁ কয় যে, “আমি দৈহিক, মানসিক তথা আধ্যাত্মিক ভাৱে যেতিয়া সুস্থ হৈ থাকোঁ তেতিয়া আচলতে নিজক সুস্থ আৰু সবল বুলি ক’ব পাৰোঁ। বহুলোকে যদিও দৈহিক সুস্থতাকে সামগ্ৰিক সুস্থতা অথবা ফিট বুলি কয় তথাপিও সেয়াই ফিট বুলি এগৰাকী ব্যক্তিক একাষাৰে ক’ব নোৱাৰি। আমাৰ দৈনন্দিন জীৱনটো ইমান অধিক ব্যস্ততাপূৰ্ণ হৈ পৰিছে, আমি গোটেই দিনটো প্ৰযুক্তিবিদ্যাৰ লগত ইমানেই বেছি সাঙুৰ খাই থাকোঁ যে আমি প্ৰায়ে ভাবো ক’ৰবাত শান্তিপূৰ্ণ ঠাইত গ’লেহে যেন প্ৰশান্তি লাভ কৰিম। কিন্তু, জানেনে এই শান্তিটো আমি বিচাৰিলে নিজৰ মাজতেই বিচাৰি পাম। গতিকে, এক কথাত যদি ক’বলৈ যাওঁ মই যোগাসনৰ সৈতে জড়িত হোৱা এয়াই হৈছে এক বিশেষ কাৰণ। মই চাৰিওফালৰ পৰা নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিছোঁ। এগৰাকী অভিনেত্ৰী হিচাবে আমাৰ কৰ্মব্যস্ততাক লৈ আপোনালোক আটাইয়ে অৱগত, এটা প্ৰকল্পৰ সৈতে জড়িত হ’লে আমি আন একো বস্তুৰ কথা ভাবিবই নোৱাৰোঁ।”

"মই চাৰিওফালৰ পৰা নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিছোঁ"- কৰবী শৰ্মা 1


তেওঁ আগলৈ কয় যে, “ক’ভিডৰ দুৰ্যোগৰ সময়ত বহুলোকে যথেষ্ট খিনি কষ্ট সহিবলগীয়া হৈছে, বহুতে আপোনজনক হেৰুৱাইছে। নেতিবাচক এক চিন্তাধাৰা সকলোৰে মন-মগজুত সোমাই পৰিছে, কিন্তু এই নেতিবাচক মানসিকতাৰ পৰা আমি কেনেদৰে ইতিবাচক চিন্তাধাৰালৈ গতি কৰিব পাৰোঁ সেয়া এক গুৰুত্বপূৰ্ণ কথা। যেতিয়া লক-ডাউনৰ বাবে গোটেইবোৰ স্তব্ধ হৈ পৰিছিল, মই মানসিক ভাৱে ভাঙি নাই পৰা যদিও কৰিবলৈ হাতত কোনো ধৰণৰ কামেই নাছিলে। গতিকে, এই সময়খিনিত নিজক ব্যস্ত ৰাখি কিবা এটা ভাল কৰিবলৈ লগতে নিজৰ লগতে আন দুজনৰ হিত কৰিবলৈ মই এমাহ মান ভবাৰ যোগাসনৰ কথা মনলৈ আহিল। বহুকেইখন প্ৰতিষ্ঠানৰ সৈতে হোৱা কথা বতৰাৰ পিছত নিজৰ মাজতেই সিদ্ধান্ত লৈছিলোঁ যে যদিহে মই যোগাসন কৰোঁ তেতিয়াহ’লে সম্পূৰ্ণ এটা বছৰ এই বিষয়টোত নিজকে নিমজ্জিত কৰিম। কাৰণ এইটো এটা বিশাল বিষয়। সেইকাৰণে বৰ্তমান সময়ত মই কেৱল যোগাসনতেই গুৰুত্ব দিম বুলি ভাবিছোঁ। সঁচা কথা ক’বলৈ গ’লে, মই এতিয়া অত্যন্ত সুখী কিয়নো মই ভালেখিনি বস্তু আয়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। যোগাসনৰ পৃথিৱী খনত নিজকে সুমুৱাই লৈ বুজিব পাৰিছোঁ যে মানসিক শান্তি, আধ্যাত্মিক সুস্থতাটো আচলতে কি! কোনোধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ নকৰাকৈ কৰা যোগাসনৰে আমি সামগ্ৰিক দিশৰ ফালৰ পৰা ফিট হ’ব পাৰোঁ।”

"মই চাৰিওফালৰ পৰা নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিছোঁ"- কৰবী শৰ্মা 2


“মই বৰ্তমান আনকো শিকাবলৈ ধৰিছোঁ। লগৰ খিনিকো তেওঁলোকৰ অসুবিধাৰ সময়ত মই বুজনি দিব পাৰিছোঁ, গতিকে মই সুখী ইয়াত যোগদান কৰি।”

]]>
https://rupaliparda.com/archives/28049/feed 0 28049
আহি আছে কৰৱী শৰ্মাঃ এইবাৰ নিগেটিভ নে পজিটিভ? https://rupaliparda.com/archives/21092 https://rupaliparda.com/archives/21092#respond Mon, 12 Oct 2020 12:30:00 +0000 https://rupaliparda.com/?p=21092 মল্লিকা বৰুৱা; চৰিত্ৰটোৱে আপোনালোকক আপ্লুত কৰিছিল অথবা এই চৰিত্ৰ ৰূপায়ন কৰা অভিনেত্ৰী গৰাকীৰ ব্যক্তিত্বইও আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল দৰ্শকক। এইগৰাকী অভিনেত্ৰীৰে অনুৰাগীলৈ আমি লৈ আনিছো এক সুখবৰ। অতিশীঘ্ৰে আন এখন ধাৰাবাহিকৰ এটি চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা যাব অভিনেত্ৰী কৰৱী শৰ্মাক। ধাৰাবাহিকখনৰ সৱিশেষ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও ইয়াৰ নাম হৈছে “অমানিশা”। শেহতীয়াকৈ শ্বুটিং আৰম্ভ হোৱা এই ধাৰাবাহিকখনৰ বিভিন্ন পোষ্ট শ্বেয়াৰ কৰিছে অভিনেত্ৰী গৰাকীয়ে। এগৰাকী সহজ-সৰল ভনীয়েকৰ পৰা পিছলৈ গৈ এজনী খঙাল ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰা কৰৱীয়ে ৰিয়েল লাইফত খুবেই ধেমালি কৰে। “তোমাৰ মৰমে মোক” কৰা চৰিত্ৰটোৰ দ্বাৰা দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ উঠা এই গৰাকী অভিনেত্ৰী বৰ্তমান সময়ৰ পৰিচালকৰ বাবে প্ৰিয় নাম বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। অভিনয়ৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাই লোৱা যদিও একাগ্ৰতাৰ দ্বাৰা আৰম্ভণি হোৱা কৰৱীৰ অভিনয় জীৱনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

আহি আছে কৰৱী শৰ্মাঃ এইবাৰ নিগেটিভ নে পজিটিভ? 3
আহি আছে কৰৱী শৰ্মাঃ এইবাৰ নিগেটিভ নে পজিটিভ? 4


“লক-ডাউন” ৰ সময়ছোৱাত ব্যক্তিগত ইউটিউব চেনেলৰ মুকলি কৰি লৈছিল অভিনেত্ৰী গৰাকীয়ে। অনুৰাগীক আকৰ্ষণ কৰাৰ মানসেৰে ভিন্ন পোষ্ট দি অভিনেত্ৰী গৰাকীয়ে স্তব্ধতাৰ সময়ছোৱাত নিজক ব্যস্ত কৰি ৰাখিছিল। সুশান্ত সিং ৰাজপুতৰ অনুৰাগী এইগৰাকী অভিনেত্ৰীয়ে ৰূপালীপৰ্দাৰ সৈতে হোৱা সাক্ষাৎকাৰতো ভৱিষ্যতে বলীউডৰ এই অভিনেতাগৰাকীৰ সৈতে অভিনয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। কৰৱীয়ে কৈছিল যে,”তেওঁৰ অভিনয় বুলিয়ে নহয় তেওঁৰ কথাবোৰ, তেওঁ পাৰ্ছনেলিটী, তেওঁৰ অভিনয়ৰ এক্সপ্ৰেচনবোৰ; এই আটাইবোৰেই মোৰ ভাল লাগে। আনকি, তেওঁক মই ফ’লও কৰো।

]]>
https://rupaliparda.com/archives/21092/feed 0 21092
ব্যক্তিগত ভাৱে মুকলি কৰিলে কৰৱী শৰ্মাই ইউটিউব চেনেলঃ https://rupaliparda.com/archives/13131 https://rupaliparda.com/archives/13131#respond Mon, 13 Apr 2020 12:30:01 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13131 বলীউডৰ প্ৰায় সমূহ তাৰকাৰ ব্যক্তিগত ইউটিউব চেনেল থকা আমি সকলোৱে দেখিছো। তেওঁলোকৰ এই চেনেল সমূহত বিভিন্ন কমেডী ভিডিঅ’ নাইবা দৰ্শকক ফিটনেছ টিপ কিছুমান দি ভিডিঅ’ আপলোড কৰা দেখিবলৈ পোৱা যায়। শিল্পা ছেট্টী, আলিয়া ভাট, বৰুণ ধৱন,দিশা পাটানীৰ সমান্তৰালকৈ অসমীয়া অভিনেতা-অভিনেত্ৰীৰ মাজতো এনে এক ঢৌৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কিছুমান ভিডিঅ’ বহুল দৰ্শকৰ মাজত শ্বেয়াৰ কৰিবলৈ এওঁলোকে ইউটিউবৰ সহায় লোৱা দেখা যায়; এনেক্ষেত্ৰত কিছুদিন পূৰ্বে ব্যক্তিগত ইউটিউব চেনেল খুলিছিল অভিনেত্ৰী কৰৱী শৰ্মাই। কোৱাৰেণ্টাইনৰ এই সময়ভাগত দৰ্শক ও নিজ অনুৰাগীক অকণমান মনোৰঞ্জন কৰোৱাৰ মানসেৰে কৰৱী শৰ্মাই তেওঁৰ বান্ধৱী সকলৰ সৈতে প্ৰস্তুত কৰি উলিয়াইছে এটা নৃত্য।


বলীউডত জনপ্ৰিয় হৈ পৰা ৰিটৱিজৰ এটি গীত “লিগ্গি” ত নৃত্য কৰি কৰৱী শৰ্মাই ইউটিউবত আপলোড কৰিছে ভিডিঅ’। এগৰাকী সহজ-সৰল ভনীয়েকৰ পৰা পিছলৈ গৈ এজনী খঙাল ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰা কৰৱীয়ে ৰিয়েল লাইফত খুবেই ধেমালি কৰে। “তোমাৰ মৰমে মোক” কৰা চৰিত্ৰটোৰ দ্বাৰা দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ উঠা এই গৰাকী অভিনেত্ৰী বৰ্তমান সময়ৰ পৰিচালকৰ বাবে প্ৰিয় নাম বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

ব্যক্তিগত ভাৱে মুকলি কৰিলে কৰৱী শৰ্মাই ইউটিউব চেনেলঃ 5


অভিনয়ৰ কোনো ধৰণৰ শিক্ষা নাই লোৱা যদিও একাগ্ৰতাৰ দ্বাৰা আৰম্ভণি হোৱা কৰৱীৰ অভিনয় জীৱনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক সময়ত কেইবাটাও মিউজিক ভিডিঅ’ত দেখিবলৈ পোৱা যাব কৰৱী শৰ্মাক।

]]>
https://rupaliparda.com/archives/13131/feed 0 13131
ৰূপালীপৰ্দাৰ জৰিয়তে অসমীয়া শিল্পীৰ আহ্বানঃ https://rupaliparda.com/archives/12186 https://rupaliparda.com/archives/12186#respond Fri, 27 Mar 2020 14:30:18 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12186 দেশত বৃদ্ধি হৈছে মৃত্যুৰ সংখ্যা। ক’ৰ’ণা ভাইৰাছৰ কবলত বৰ্তমান ৫০০ শতকৈও অধিক জন লোক। উপায়হীন প্ৰশাসন ব্যৱস্থা; কঠোৰতকৈ কঠোৰত শাস্তি দিছে এতিয়া “লক ডাউন” ৰ সময়ছোৱাত এনেই ৰাষ্টালৈ ওলাই অহা লোক সকলক। দেশক দূৰৱস্থাৰ পৰা বচাবলৈয়ে প্ৰধানমন্ত্ৰীয়ে এপ্ৰিলৰ ১৪ তাৰিখ পৰ্যন্ত “লক ডাউন” ঘোষণা কৰিছে। এইখিনিতে সাধাৰণ ৰাইজৰ লগতে বিভিন্ন ক্ষেত্ৰৰ শিল্পী সকলে নিজক আৱদ্ধ কৰি ৰাখি এগৰাকী সচেতন নাগৰিকৰ পৰিচয় দিছে। বলীউড চিলেব্ৰেটীয়ে বিভিন্ন ধৰণে চচিয়েল মিডিয়াত একটিভ হৈ তেওঁলোকে কোনটো মূহুূৰ্তত কি কৰিছে সেই আটাইৰে আপডেট সমূহ নিজ নিজ অনুৰাগীক দি আছে। য’ত পাপন আৰু মহালক্ষ্মী আয়াৰে আৰম্ভ কৰিছে অনলাইন গান গোৱা খেল; তাতেই আকৌ দীপিকা ৰণৱীৰে একেলগ “কোৱালিটী টাইম” কটাইছে।

ৰূপালীপৰ্দাৰ জৰিয়তে অসমীয়া শিল্পীৰ আহ্বানঃ 6


এইবোৰৰ মাজতে, অসমীয়া কিছু শিল্পীয়ে দৰ্শকলৈ প্ৰেৰণ কৰিছে এক বাৰ্তা; জনসাধাৰণক সজাগ-সচেতন হৈ থকাৰ বাবে কৰিলে আহ্বান। ৰিংকু প্ৰিয়ম, বাবন বৰ্ণিল, কৰৱী শৰ্মা, দীপজ্যোতি মহন্ত, পল্লৱী প্ৰয়াসী লগতে হৰ্জিতে ৰূপালীপৰ্দাৰ জৰিয়তে দৰ্শকক দিছে এক বাৰ্তা। চাওঁচোন আহকঃ

]]>
https://rupaliparda.com/archives/12186/feed 0 12186
কৰৱী ওৰফে মল্লিকা ওৰফে “কাউ গাৰ্ল”- আপোনাৰ পচন্দ ক’ত?? https://rupaliparda.com/archives/10971 https://rupaliparda.com/archives/10971#respond Thu, 05 Mar 2020 08:36:56 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10971 আপোনালোকৰ বাৰু “মল্লিকা বৰুৱা” ক মনত আছেনে? অসমীয়া ধাৰাবাহিক সমূহৰ নিগেটিভ চৰিত্ৰবোৰৰ ভিতৰত এটা উল্লেখনীয় নিগেটিভ চৰিত্ৰ আছিল মল্লিকা বৰুৱাৰ। প্ৰেমত প্ৰতাৰণা সহ্য কৰিব নোৱাৰি নিজ প্ৰেমিকৰেই হত্যা কৰি পেলাইছিল এই মল্লিকাই। কিন্তু আজি আমি মল্লিকা নহয়; আপোনালোকক জনাম মল্লিকাৰ চৰিত্ৰটি ৰূপায়ন কৰা অভিনেত্ৰী কৰৱী শৰ্মাই কি কৰি আছে বৰ্তমান। ইখনৰ পিছত সিখন ধাৰাবাহিকত কৰা অভিনয় যোগে ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা এটা নাম হৈছে কৰৱী শৰ্মা। কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে অভিনয় জগতত নামি পৰিছিল তেওঁ।

কৰৱী ওৰফে মল্লিকা ওৰফে "কাউ গাৰ্ল"- আপোনাৰ পচন্দ ক'ত?? 7
কৰৱী ওৰফে মল্লিকা ওৰফে "কাউ গাৰ্ল"- আপোনাৰ পচন্দ ক'ত?? 8


“তোমাৰ মৰমে মোক” ধাৰাবাহিকখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা পিছত তেওঁৰ অনুৰাগীৰ সংখ্যা এতিয়া লেখত ল’বলগীয়া। কৰৱীক আকৌ এবাৰ টেলিভিছন পৰ্দাত চাবলৈ উৎসাহিত হৈ আছে তেওঁৰ অনুৰাগী সকল। কিছুদিন পূৰ্বে সফল সমাপ্তি ঘটা উক্ত ধাৰাবাহিকখনৰ পিছত চচিয়েল মিডিয়াত দেখিবলৈ পোৱা গ’ল তেওঁৰ এক নিউ লুক। “কাউ গাৰ্ল” থীম লৈ কৰা ফটোশ্বুট টোৱে দৃষ্টি আকৰ্ষণ কৰিছে কৰৱীৰ অনুৰাগীৰ। খঙাল “মল্লিকা” ক নতুন ৰূপত দেখিবলৈ পাই অনুৰাগীয়ে কমেন্টো কৰা দেখিবলৈ পোৱা গ’ল তেওঁৰ ফটোখনত।


কিছু ব্যক্তিগত কাৰণত কোনো ডাঙৰ প্ৰজেক্ট হাতত লোৱা নাই যদিও অতি সোনকালে তেওঁ অনুৰাগীৰ মাজলৈ আহিব বুলি আশ্বাস দিয়ে।

]]>
https://rupaliparda.com/archives/10971/feed 0 10971
শেষৰটো পৰ্যায়ত উপনীত “তোমাৰ মৰমে মোক”- https://rupaliparda.com/archives/9725 https://rupaliparda.com/archives/9725#respond Fri, 24 Jan 2020 08:35:35 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9725 বিগত ৬ মাহ ধৰি দৰ্শকক মনোৰঞ্জন কৰোৱাই থকা ধাৰাবাহিক “তোমাৰ মৰমে মোক” উপনীত হ’ল নিজ শেষ পৰ্যায়ত। প্ৰেম, বিশ্বাস, বিশ্বাসঘাটকতা, প্ৰতিদ্বন্দিতা, সংঘাত আদিৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত এই ধাৰাবাহিকখনৰ টি.আৰ.পি তথা জনপ্ৰিয়তা ইয়াৰ শেষ দিনলৈ অব্যাহত আছিল।

শেষৰটো পৰ্যায়ত উপনীত "তোমাৰ মৰমে মোক"- 9
শেষৰটো পৰ্যায়ত উপনীত "তোমাৰ মৰমে মোক"- 10
শেষৰটো পৰ্যায়ত উপনীত "তোমাৰ মৰমে মোক"- 11
শেষৰটো পৰ্যায়ত উপনীত "তোমাৰ মৰমে মোক"- 12


অমিতাভ বৰাৰ দ্বাৰা পৰিচালিত এই ধাৰাবাহিকখনৰ প্ৰত্যেকটো চৰিত্ৰই আছিল আকৰ্ষণীয়। “পাৰিজাত”, “মল্লিকা”, ” জয়” ইত্যাদি চৰিত্ৰই দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰি ৰাখিছিল। ধাৰাবাহিকখনৰ শেষ পৰ্যায়ত তাত অন্তুৰ্ভূক্ত প্ৰত্যেকজন কলা-কুশলীয়ে “তোমাৰ মৰমে মোক” ৰ সৈতে জড়িত হৈ থকা সময়ছোৱাৰ চচিয়েল মিডিয়া যোগে অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে ইজনে সিজনক ধন্যবাদ জ্ঞাপন কৰাও দেখিবলৈ পোৱা যায়।

]]>
https://rupaliparda.com/archives/9725/feed 0 9725
সতিনী গুচি হ’ল “বেষ্ট-ফ্ৰেইণ্ড”ঃ উঠিলে ফটো- https://rupaliparda.com/archives/9170 https://rupaliparda.com/archives/9170#respond Sat, 04 Jan 2020 10:38:37 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9170 সতিনীৰ মাজত গঢ়ি উঠিল বন্ধুত্ব। ইজনীয়ে সিজনীৰ লগত উঠিলে ফটো; এই ফটোৱে এতিয়া খলকনি লগাইছে চচিয়েল মিডিয়াত। হয়, আপোনালোকে ঠিকেই শুনিছে। ৰীল লাইফত “সতিনী” চৰিত্ৰ ৰূপায়ন কৰা দুগৰাকী অভিনেত্ৰী ৰিয়েল লাইফত হৈছে “বেষ্ট ফ্ৰেইণ্ড”।

https://www.instagram.com/p/B64nrUzHvL2/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B6vmiL_J19E/?utm_source=ig_web_copy_link


আমি আপোনালোকক কৈছো “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰা মল্লিকা আৰু পাৰিজাতৰ কথা। ৰীল লাইফত বিভিন্ন যুদ্ধ তথা কথাৰ কটা-কটি চলি থকা এই দুগৰাকী অভিনেত্ৰী ক্ৰমে কৰৱী আৰু ময়ূৰী ৰিয়েল লাইফত এগৰাকী আন গৰাকীৰ প্ৰিয় বান্ধৱী।

সতিনী গুচি হ'ল "বেষ্ট-ফ্ৰেইণ্ড"ঃ উঠিলে ফটো- 13
সতিনী গুচি হ'ল "বেষ্ট-ফ্ৰেইণ্ড"ঃ উঠিলে ফটো- 14


শ্বুটিঙ সময়ছোৱাৰ বিভিন্ন ফটো তথা ভিডিঅ’য়ো একেলগে শ্বেয়াৰ কৰে অভিনেত্ৰী দুগৰাকীয়ে। চাওঁক এই ফটোঃ

]]>
https://rupaliparda.com/archives/9170/feed 0 9170
ভিলেইনক লৈ ৰাইজৰ মৰমঃ চাওঁক এই ভিডিঅ’- https://rupaliparda.com/archives/7746 https://rupaliparda.com/archives/7746#respond Sat, 09 Nov 2019 10:32:02 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7746 এগৰাকী অভিনেতা/অভিনেত্ৰী অথবা এজন শিল্পীৰ বাবে আটাইতকৈ ভাল লগা বস্তু কি হ’ব পাৰে বাৰু?? তেওঁক লৈ থকা অনুৰাগীৰ মৰম, ভালপোৱা নিশ্চয়। কাৰণ এগৰাকী শিল্পী তেতিয়াহে সফল হ’ব পাৰে যেতিয়া তেওঁ ৰাইজৰ ভালপোৱা ল’ব পাৰে।

ভিলেইনক লৈ ৰাইজৰ মৰমঃ চাওঁক এই ভিডিঅ'- 15


এনেক্ষেত্ৰতে,এখন ধাৰাবাহিকৰ ভিলেইনক ৰাইজে দিছে যথেষ্ট মৰম। ৰীল লাইফত থকা অভিনেত্ৰীগৰাকীৰ কঠোৰতাই কিন্তু ৰিয়েল লাইফত আঁতৰাব পৰা নাই তেওঁক লৈ থকা ৰাইজৰ মৰম। এখন মাত্ৰ ফটো উঠাৰ বাবে হেতা-ওপৰা কৰিছে সাধাৰণ ৰাইজে। কিন্তু কোন বাৰু এই অভিনেত্ৰী গৰাকী?? চাওঁক এই ভিডিঅ”-


এয়া হৈছে অভিনেত্ৰী কৰৱী শৰ্মা ওৰফে আপোনালোকৰ মল্লিকা বৰুৱা। ৰং চেনেলত প্ৰচাৰিত “তোমাৰ মৰমে মোক” ধাৰাবাহিক খনত কৰা অভিনয়ৰ যোগেৰে অভিনেত্ৰী গৰাকীয়ে ইতিমধ্যে বহু দৰ্শকৰে মন জয় কৰিবলৈ সক্ষম হৈছে।

]]>
https://rupaliparda.com/archives/7746/feed 0 7746
“মল্লিকা” ওৰফে কৰৱীৰ ফেষ্টিভ লুকঃ https://rupaliparda.com/archives/7225 https://rupaliparda.com/archives/7225#respond Fri, 25 Oct 2019 12:30:54 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7225 উৎসৱৰ সময়ছোৱাত অসমীয়া শিল্পী জগতত অন্তভূৰ্ক্ত অভিনেত্ৰী সকলক পিন্ধন-উৰণ অথবা তেওঁলোকৰ ফেষ্টিভ লুক এটা চাবলৈ অপেক্ষাৰত হৈ থাকে সাধাৰণ ৰাইজ। কেতিয়াবা অভিনেত্ৰী সকলক অনুসৰণো কৰে তেওঁৰ অনুৰাগীয়ে।

"মল্লিকা" ওৰফে কৰৱীৰ ফেষ্টিভ লুকঃ 16


এনে উৎসৱৰ সময়ছোৱাতে এটা ফেষ্টিভ লুকৰ সৈতে নিজ ইনষ্টাগ্ৰামত ফটো আপলোড কৰে “তোমাৰ মৰমে মোক” ধাৰাবাহিক খনত “মল্লিকা” চৰিত্ৰটি ৰূপায়ন কৰা অভিনেত্ৰী কৰৱী শৰ্মাই।


ফটোখনৰ সৈতে সংলগ্ন কৰি তেওঁ এটা কেপছনো দিয়ে; য’ত তেওঁৰ জীৱনৰ নীতি কিছুমান দৰ্শকক জানিবলৈ দিয়ে। মল্লিকা ওৰফে কৰৱীৰ এই ফটোখনত বৰ্তমান অনুৰাগীয়ে বিভিন্নটা কমেন্টৰে তেওঁৰ এই লুকৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে।

]]>
https://rupaliparda.com/archives/7225/feed 0 7225
মল্লিকা-পাৰিজাতৰ শ্বুটিঙৰ আঁৰৰ ধেমালি এক্সক্লু্ছিভলিঃ https://rupaliparda.com/archives/7063 https://rupaliparda.com/archives/7063#respond Mon, 21 Oct 2019 11:30:04 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7063 সম্প্ৰচাৰিত ধাৰাবাহিক সমূহৰ ভিতৰত বৰ্তমানৰ আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক খন হৈছে “তোমাৰ মৰমে মোক”। চলিত বৰ্ষৰ ১৬ চেপ্তেম্বৰৰ পৰা “ৰং” চেলেনত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনে ইতিমধ্যে টানিবলৈ সক্ষম হৈছে যথেষ্ট দৰ্শকৰ আকৰ্ষণ।

মল্লিকা-পাৰিজাতৰ শ্বুটিঙৰ আঁৰৰ ধেমালি এক্সক্লু্ছিভলিঃ 17
মল্লিকা-পাৰিজাতৰ শ্বুটিঙৰ আঁৰৰ ধেমালি এক্সক্লু্ছিভলিঃ 18


ধাৰাবাহিকখনৰ “পাৰিজাত” চৰিত্ৰটিৰ কোমলতা তথা “মল্লিকা” ই নিজ প্ৰেমক নিজৰ ফালে টানি অনা যি আকোঁৰগোজ ক্ষোভ; এইবোৰক লৈ নিৰ্মিত “তোমাৰ মৰমে মোক” শীৰ্ষক ধাৰাবাহিকখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ পৰিছে। ইয়াৰ লগতে, ধাৰাবাহিকখনত অভিনীত জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামীৰ অভিনয়েও চিৰিয়েলখন আৰু অধিক মনোগ্ৰাহী কৰি তুলিছে।

মল্লিকা-পাৰিজাতৰ শ্বুটিঙৰ আঁৰৰ ধেমালি এক্সক্লু্ছিভলিঃ 19


গতিকে,আজি আমি এক্সক্লুছিভলি আপোনালোকক দেখুৱাম ধাৰাবাহিকখনৰ শ্বুটিঙৰ আঁৰৰ কিছু ধেমালি। ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই কেনেদৰে এই শিল্পী সমূহে ধেমালি কৰে চাওঁচোন আহকঃ

]]>
https://rupaliparda.com/archives/7063/feed 0 7063