Karan Das – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 08 Oct 2021 15:33:34 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Karan Das – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ডেইজী দাস, কৰণ দাস তথা অমৰেন্দ্ৰ কলিতাৰ প্ৰচেষ্টাৰে ‘আচুতীয়া মন’- https://rupaliparda.com/archives/28667 https://rupaliparda.com/archives/28667#respond Fri, 08 Oct 2021 08:30:00 +0000 https://rupaliparda.com/?p=28667 ডেইজী দাস, কৰণ দাস তথা অমৰেন্দ্ৰ কলিতাৰ প্ৰচেষ্টাৰে মুক্তিপ্ৰাপ্ত ‘আচুতীয়া মন’ য়ে শেহতীয়াকৈ লাভ কৰিছে চৰ্চা। সংগীত ক্ষেত্ৰখনত সংযোজিত উক্ত তিনিওগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পীৰ গীতসমূহ শ্ৰোতা-দৰ্শকৰ বাবে আকৰ্ষণৰ বিষয়। আমি সংগীত ভালপাঁও, আমি যেনেদৰে সুস্বাদু ব্যঞ্জন ভালপাঁও ঠিক তেনেদৰে আমাৰ মিঠা কণ্ঠৰে সুন্দৰ বিষয়বস্তুৰে ৰচিত এটি গীত আমাৰ প্ৰিয়। আমি আপোনালোকক আগতেও কেইবাবাৰো কৈছোঁ, কিছুমান গীতক লৈ আমি আঁকোৰ-গোঁজ। কেতিয়াবা আপোনালোকৰ লগত বাৰু এনে হৈছেনে যে ক’ৰবাত দূৰ ভ্ৰমণ কৰাৰ সময়ত প্ৰিয় গীতকেইটাৰে এখন তালিকা প্ৰস্তুত কৰি কেৱল সেই কেইটা গীতৰে নিজৰ দীঘলীয়া বাটছোৱা অতিক্ৰম কৰিবলৈ মন যোৱা। প্ৰায়ে সংগীতপ্ৰেমী একোগৰাকী শ্ৰোতাৰ এখন নিৰ্দ্দিষ্ট প্লে-লিষ্ট, য’ত সাঙুৰ খোৱাৰ ইচ্ছা থাকে প্ৰতিগৰাকী কণ্ঠশিল্পীৰ। নৱপ্ৰজন্মৰ কণ্ঠশিল্পী বুলিলেই আপোনালোকৰ মনলৈ অহা প্ৰথম শব্দ দুটা কি বাৰু? নতুনত্ব তথা ব্যতিক্ৰমীতা নহয়নে? হয় সঁচাকৈ সাম্প্ৰতিক সময়ছোৱাত একোগৰাকী নৱপ্ৰজন্মৰ নতুন চিন্তাধাৰাই সমাজত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে সাধাৰণ ৰাইজ তেওঁলোকৰ প্ৰতি আকৰ্ষিত হৈছে।


‘আচুতীয়া মন’ শীৰ্ষক সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিত কণ্ঠদান কৰিছে ডেইজী দাসে। সংগীত কৰণ দাসৰ আৰু সুৰ কৰিছে অমৰেন্দ্ৰ কলিতাই। গীতটিত কথা পূজা শৰ্মাৰ, গীতাৰ সংগত কৰিছে হীৰক জ্যোতি শৰ্মাই আৰু শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ। আৰ্টৱৰ্ক ঋতুপৰ্ণ বৰাৰ, উক্ত তিনিওগৰাকী কণ্ঠশিল্পীয়ে সংগীত ক্ষেত্ৰখনত নিজৰ এক সুকীয়া চিনাকী দিবলৈ সক্ষম হৈছে। প্ৰত্যেকৰে নিজ গীতৰ ধৰণ আছে তথা তেওঁলোকৰ গীতসমূহৰ বাবে অনুৰাগী সকল অপেক্ষাৰত। সম্প্ৰতি সময়ত সংগীত ক্ষেত্ৰখনত বিভিন্ন গীতৰ সৃষ্টি আমি লক্ষ্য কৰিছো। য’ত একাংশ গীতৰ সৃষ্টিৰ আঁৰত আছে অভিজ্ঞ জন তাতেই আকৌ আনহাতে একাংশ নৱপ্ৰজন্মৰ সৃষ্টিয়েও আকৰ্ষণ কৰিছে সকলোকে। যদিও ইটোৰ পিছত সিটো গীতৰ সৃষ্টি হৈছে তথাপিও তাৰেই ভিতৰত একাংশ এনে গীত আছে যাক এবাৰ শুনাৰ পিছতেই আচলতে অসমীয়া সংগীতপ্ৰেমী শ্ৰোতা প্ৰেমত পৰে গীত সমূহৰ।

ডেইজী দাস, কৰণ দাস তথা অমৰেন্দ্ৰ কলিতাৰ প্ৰচেষ্টাৰে 'আচুতীয়া মন'- 1


‘আচুতীয়া মন’ শীৰ্ষক গীতটিয়ে সফলতা লাভ কৰিছে লগতে শ্ৰোতাৰ ইতিবাচক মতামত পাবলৈও সক্ষম হৈছে। গীতটিৰ সৈতৰ জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/28667/feed 0 28667
এটি অসমীয়া গীতৰ “Mashup” আৰু সমালোচনা; কিমান প্ৰয়োজনীয়?? https://rupaliparda.com/archives/27132 https://rupaliparda.com/archives/27132#respond Fri, 02 Jul 2021 08:30:00 +0000 https://rupaliparda.com/?p=27132 আমি ৰূপালীপৰ্দাৰ জৰিয়তে আপোনালোকক সদ্যমুক্তিপ্ৰাপ্ত বহু গীতৰ খবৰ দিয়াৰ সমান্তৰালকৈ বৰ্তমান সময়ত উঠি অহা বহুকেইজন প্ৰতিভাৰ বিষয়ে জনাই আহিছো। তেওঁলোকে বহুল হাৰত কাম নকৰিলেওঁ এই মনোৰঞ্জন ক্ষেত্ৰখন অথবা সংগীত জগত খনক লৈ তেওঁলোকৰ ইচ্ছা সঁচাকৈ উল্লেখনীয়। আমি বাৰম্বাৰ কৈছোঁ, পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম; আমি এই নিয়মৰ বশৱৰ্তী হৈ সময়ে সময়ে হোৱা একাংশ পৰিৱৰ্তনক আঁকোৱালি ল’ব লাগে। তাৰ মানে এইটোও নহয় যে আমি পূৰণিক পাহৰণিৰ গৰ্ভলৈ ঠেলি দিম; পূৰণিক সাৱটি নতুনলৈ গতি কৰাই হৈছে পৰিৱৰ্তনৰ শুভ লক্ষণ। সংগীত জগতখনত সংযোজিত একাংশ গীতৰ ক্ষেত্ৰটো আচলতে আমি তেনেই অনুভৱ কৰিছো; বৰগীত, লোকগীত অথবা তাহানি দিনৰ ভূপেন হাজৰিকা, খগেন মহন্ত তথা জয়ন্ত হাজৰিকাৰ গীত সমূহৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্তলৈ, আৰু তাৰ পিছত এতিয়াৰ EDM গীত সমূহলৈ শ্ৰোতাই নিজৰ সোঁৱাদ সময় সাপেক্ষে সলনি কৰা আমি দেখিবলৈ পাইছো। নহ’লেনো “অলকানন্দা”, “মৌপিয়া”, “তুমি সুবাস”, “মতলীয়া ২.০” আদি একাংশ ইলেক্ট্ৰনিক মিউজিকে ইমানখিনি সঁহাৰি পালেহেঁতেন নে? কিন্তু, সেইবুলি একাংশ শ্ৰোতাই “মোৰ মিনতি তৰা হয় যদি”, “মন যায়” ইত্যাদি নানানটা গীতকো নিজৰ প্ৰিয় গীতৰ শাৰীত ওপৰতেই সন্নিৱিষ্ট কৰি ৰাখিছে। উক্ত আটাইবোৰ কথা কোৱাৰ লগতেই আমি আজি আপোনালোকৰ মাজলৈ এটি “অসমীয়া গীতৰ মাছ আপ” ক লৈ চচিয়েল মিডিয়াত হৈ থকা সমালোচনাৰ প্ৰসংগহে টানি আনিবলৈ বিচাৰিছো।


কোনো এটা বস্তুৰ যেতিয়া ধনাত্মক সমালোচনা কৰা হয়; তেতিয়া সেই বস্তুটো অথবা প্ৰকল্পটোৰ আঁৰত থকা ব্যক্তি সকলে আগলৈ নিজ ভুল-ক্ৰুটি সমূহ শুধৰাবলৈ সুবিধা অৰ্জন কৰে। আমি প্ৰত্যেকেই ধনাত্মক সমালোচনা কৰিব পৰাটো আমাৰ মনোৰঞ্জন জগত খনৰ বাবেই দৰকাৰী; নৱপ্ৰজন্মক ঋণাত্মকৰ পৰিৱৰ্তে ধনাত্মক সমালোচনাৰে আগবঢ়াই লৈ গৈ থাকিলে অনাগত দিনত তেওঁলোকৰ সৃষ্টিয়ে আমাক আপ্লুত কৰি ৰাখিবলৈ হয়টো সক্ষম হ’ব। শেহতীয়াকৈ, কৰণ দাসে পূৰণি কেইটামান অসমীয়া গীতৰ “Mashup” ৰ সৃষ্টি কৰিছিল; য’ত সংগীত আৰু শব্দ-সংমিশ্ৰণ কৰিছিল টাইফুন মিউজিকে। “Mashup” টো মুক্তি লাভৰ পিছতেই একাংশ শ্ৰোতাই ঋণাত্মক সমালোচনাৰে যথেষ্ট হাৰত মিম প্ৰস্তুত কৰি উলিওৱা দেখিবলৈ পোৱা গৈছে চচিয়েল মিডিয়াত।আনহাতে, আকৌ আন একাংশৰ অন্তৰ চুইছে উক্ত “Mashup” গীতটিয়ে। এইখিনিতে, ৰূপালীপৰ্দাৰ এক সমীক্ষাৰ ফালৰ পৰা আমি এটা কথা স্পষ্ট কৰিব পাৰোঁ যে বৰ্তমান সময়ছোৱালৈ আমি যিমান কেইগৰাকী নৱপ্ৰজন্মৰ সৈতে কথা-বতৰা পাতিছো; এই নৱপ্ৰজন্মৰ প্ৰতিভা সকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈছে জুবিন গাৰ্গ তথা অংগৰাগ পাপন মহন্ত।

এটি অসমীয়া গীতৰ "Mashup" আৰু সমালোচনা; কিমান প্ৰয়োজনীয়?? 2

গতিকে,এক কথাত ক’বলৈ গ’লে নৱপ্ৰজন্মই এই অনুপ্ৰেৰণাৰ উৎস সমূহৰ পৰা কিছু প্ৰেৰণা বুকুত বান্ধি কৰা প্ৰচেষ্টা সমূহক আমি সহজভাৱে লোৱাটোও প্ৰয়োজনীয়। আনহাতে, তেওঁলোকৰ প্ৰচেষ্টাত যদিহে কোনো ভুল আছে তেতিয়াহ’লে সেই সমূহো ধনাত্মক সমালোচনাৰে শুধৰণি কৰি দিয়াটো দৰকাৰী। শেষত, সকলো নিৰ্ণয় আপোনালোকৰ হাতত। আপুনি কি ভাবে? কমেণ্টৰ জৰিয়তে আমাক জনাওঁক আপোনাৰ মতামত।

]]>
https://rupaliparda.com/archives/27132/feed 0 27132
নীৰৱতাত প্ৰশান্তি আৰু এটা গীত; ভাৰ্গৱ ওজাপালি-কৰণ দাসৰ “অজানা পক্ষী”- https://rupaliparda.com/archives/25566 https://rupaliparda.com/archives/25566#respond Thu, 22 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25566 এটি গীতৰ জৰিয়তে আমি কি বিচাৰো অথবা এটা সংগীতে আমাক কি দিয়ে! নীৰৱতাৰ মাজতো আমি কেতিয়াবা এটা সংগীতৰ সংগ বিচাৰো। নহয়নে? তেনে এটা গীতৰ মুক্তিৰ পিছতেই আমি প্ৰতিগৰাকী সংগীতপ্ৰেমী শ্ৰোতাই উৎসাহিত হৈ ৰওঁ। শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে এনে একাংশ গীতে মুক্তি লাভ কৰিছে যিয়ে সংগীত প্ৰেমী শ্ৰোতাক আমোদ প্ৰদানৰ সমান্তৰালকৈ দিছে প্ৰশান্তি; নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত প্ৰায় সমূহ গীতেই যেন বৰ্তমান স্পৰ্শ কৰি গৈছে সকলোকে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, সেই গীতটি প্লে-লিষ্টত “ৰিপিট” ম’ডত বাৰ বাৰ চলিলেও আমাৰ আমনি নলগাৰ সমান্তৰালকৈ সেই গীতটিৰ প্ৰতি আৰু দুগুণ উৎসাহ আমাৰ বাঢ়ে। এনে উৎসাহবোৰ বৃদ্ধিৰ ক্ষেত্ৰত সম্প্ৰতি সময়ছোৱাত আগ-ভাগ লৈছে নৱপ্ৰজন্মই; বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে।


কিছুদিন পূৰ্বে ভাৰ্গৱ ওজাপালি আৰু কৰণ দাসৰ যুঁটীয়া প্ৰচেষ্টাৰে মুক্তিপ্ৰাপ্ত এটি গীত হৈছে “অজানা পক্ষী”। “Sound of Assam” ৰ বেনাৰত নিৰ্মিত এই গীতটিয়ে আকৰ্ষণ কৰিছে সকলোকে। আনহাতে, আপোনালোকক জনাবলৈ পাই সুখী যে; “Sound of Assam” হৈছে এনে এক প্ৰযোজনা গোষ্ঠী; যিয়ে উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন কন্ঠশিল্পী তথা সংগীতশিল্পী সমূহক নিজ সৃষ্টি সমূহ প্ৰচাৰৰ বাবে বিনামূলীয়া সুবিধা প্ৰদান কৰে। সদ্যমুক্তিপ্ৰাপ্ত “অজানা পখী” ৰ কথা আৱেগ আৰু মাধুৰ্য্য দত্তৰ। কন্ঠদান কৰিছে কৰণ দাস আৰু সংগীত ভাৰ্গৱ ওজাপালিৰ। বৰ্তমানলৈ ভাৰতবৰ্ষৰ এহেজাৰটা বেণ্ডত নিজ কৰ্ম সম্পাদনা কৰা ভাৰ্গৱ ওজাপালি ২০১৩ চনৰ পৰা পেছাগত ভাৱে এই ক্ষেত্ৰখনৰ সৈতে জড়িত। একোজন দক্ষ ব্যক্তিয়ে যেতিয়া আগন্তুক কালছোৱাত অসমীয়া সংগীত ক্ষেত্ৰখন প্ৰতিভাসম্পন্ন একোজন নৱপ্ৰজন্মৰ হাতত থকা বুলি যেতিয়া মন্তব্য কৰে তেতিয়াই আচলতে সম্প্ৰতি সময়ৰ গীত সমূহৰ এক পৰ্যালোচনা কৰিব পৰা যায়। সহায়ৰ হাত আগবঢ়োৱাৰ সমান্তৰালকৈ ইজনে আনজনক জনসাধাৰণৰ মাজলৈ লৈ অনাৰ বাবে যি চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে সেয়া সঁচা আদৰণীয় তথা লেখত ল’বলগীয়া বিধৰ।

নীৰৱতাত প্ৰশান্তি আৰু এটা গীত; ভাৰ্গৱ ওজাপালি-কৰণ দাসৰ "অজানা পক্ষী"- 3


“অজানা পক্ষী” ৰ সফলতা লগতে “Sound of Assam” ৰ আহিবলগীয়া সময়ৰ প্ৰতিটো গীতৰ বাবে বৰ্তমান অপেক্ষাৰত শ্ৰোতা। ৰূপালীপৰ্দাই এওঁলোকক জনাইছে অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/25566/feed 0 25566