Karthik Aryaan – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 18 Apr 2021 04:24:25 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Karthik Aryaan – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ধৰ্মা প্ৰডাকচন বাহিৰ উলিওৱা হ’ল কাৰ্তিক আৰিয়নকঃ মৌন অভিনেতা- https://rupaliparda.com/archives/25513 https://rupaliparda.com/archives/25513#respond Mon, 19 Apr 2021 09:30:00 +0000 https://rupaliparda.com/?p=25513 কাৰ্তিক আৰিয়নে শেহতীয়াকৈ লাভ কৰিছে চৰ্চা। ধৰ্মা প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ছবি “দোস্তান ২” ৰ পৰা ইতিমধ্যে বাহিৰ উলিয়াই দিয়া হৈছে অভিনেতা কাৰ্তিক আৰিয়নক। যাৰ ফলত অনুৰাগীৰ লগতে অভিনেত্ৰী কংগনা ৰাণাওঁটো এতিয়া অভিনেতা গৰাকীৰ পক্ষত মাত মাতিছে। যদিও এই গোটেই বিষয়টো সন্দৰ্ভত মাত মতা নাই কাৰ্তিক আৰিয়নে; তথাপিও এইবাৰ কাৰ্তিক আৰিয়নৰ পক্ষত নিজ মতামত দাঙি ধৰিছে অভিনেত্ৰী কংগনাই। ইটোৰ পিছত সিটো টুইটেৰে তেওঁ নিজৰ মত দাঙি ধৰিছে; তেওঁ কয় যে, “কাৰ্তিক আৰিয়ন নিজ বলতেই এই পৰ্যায়টোলৈ আহি উপনীত হৈছে আৰু আগলৈও নিজৰ বলতেই কৰি যাব। কৃপা কৰি, তেওঁক অকলশৰীয়াকৈ এৰি দিয়ক। সুশান্ত সিং ৰাজপুতৰ দ্বাৰা এওঁৰো পিছত নপৰিব যাতে তেওঁ ফাঁচীত উলমিবলৈ বাধ্য নকৰোৱাব।” আকৌ তাৰ পিছতেই একাধাৰে আন কেইবাটাও পোষ্টেৰে কাৰ্তিক আৰিয়নৰ মনোবল বৃদ্ধি কৰোৱাবলৈ চেষ্টা কৰে কংগনাই। আনহাতে, শেহতীয়াকৈ বহু প্ৰত্যাশিত জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়নে ক্ৰয় কৰিছিল Lamborghini Urus নামে গাড়ীখন। যাৰ পিছতেই তেওঁলৈ চচিয়েল মিডিয়াৰ পৰাই আৰম্ভ হৈছিল অনুৰাগীৰ শুভেচ্ছা বাৰ্তা। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় অভিনেতা কাৰ্তিক আৰিয়নে গাড়ীখন ক্ৰয় কৰাৰ পিছতেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে; য’ত তেওঁৰ কাষত বেলুন বোৰ ফুটিবলৈ আৰম্ভ কৰে আৰু তেওঁ লিখে যে, “মই ছাগে বহুত দামী বস্তুবোৰৰ বাবে বনাই নাই”।

ধৰ্মা প্ৰডাকচন বাহিৰ উলিওৱা হ'ল কাৰ্তিক আৰিয়নকঃ মৌন অভিনেতা- 1


উক্ত ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ পিছতেই আকৌ আন এক ভিডিঅ’ ভাইৰেল হৈছে। আৰু, এই ভিডিঅ’টোত অভিনেতা গৰাকীয়ে নিজৰ গাড়ীখনৰ ভৰি চুই সেৱা আগবঢ়াইছে। আচলতে, কাৰ্তিক আৰিয়নে নিজৰ গাড়ীখন চলাই গৈ থকা অৱস্থাতেই যেতিয়া ওচৰত সাংবাদিকক দেখিবলৈ পাইছিল; তেতিয়াই তেওঁ গাড়ীৰ পৰা বাহিৰলৈ নিজেই ওলাই আহি গাড়ীখনৰ ভৰিৰ দৰেই তলৰ অংশ টুকুৰাত চুই সেৱা আগবঢ়ায়। অভিনেতা গৰাকীৰ এই কামটোক সাংবাদিকে ইমানেই ভাল পালে যে তেওঁক পুনৰ বাৰ কৰিবলৈ কয়। উল্লেখ্য যে, কাৰ্তিক আৰিয়ন “ভূল ভূলেইয়া ২” ৰ শ্বুটিং কৰি থকা অৱস্থাত ক’ৰোণা সংক্ৰমণৰ আগ্ৰাসনত আহি পৰিছিল। তেওঁ বিগত দিন ধৰি কোৱাৰেন্টাইনত থকাৰ পিছতেই ওলাই আহি দামী গাড়ীখন কিনি পেলায়। প্ৰায়ে নিজ নিজ কৰ্মৰে চচিয়েল মিডিয়াত জনসাধাৰণক হহুঁৱাই থকা এই অভিনেতাগৰাকীক আহিবলগীয়া সময়ত কেইবাখনো জনপ্ৰিয় তথা উল্লেখনীয় ছবিত দেখিবলৈ পোৱা যাব।

]]>
https://rupaliparda.com/archives/25513/feed 0 25513
তাপসি আৰু কৃতি সেননৰ পিছতহে “ধমাকা” ৰ অফাৰ কাৰ্তিক আৰিয়নলৈঃ https://rupaliparda.com/archives/23434 https://rupaliparda.com/archives/23434#respond Wed, 13 Jan 2021 15:30:29 +0000 https://rupaliparda.com/?p=23434 কাৰ্তিক আৰিয়নৰ আগন্তুক ছবি “ধমাকা” ই শেহতীয়াকৈ লাভ কৰিছে চৰ্চা। এই ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিব কাৰ্তিক আৰিয়নে; তেওঁ এখন পোষ্টাৰৰ জৰিয়তে এই কথা জানিবলৈ দিছিল জনসাধাৰণক। কিন্তু আপোনালোকে জানেনে, এই ছবিখনৰ বাবে পোন প্ৰথমবাৰ অফাৰ দিয়া হৈছিল তাপসি পান্নুক। কিন্তু তাপসি পান্নুয়ে এই অফাৰ নাকচ কৰাৰ পিছত আকৌ এবাৰ নিৰ্মাতা সকলে কাষ চাপিছিল কৃতি সেননৰ। এই অভিনেত্ৰীগৰাকীয়েও ছবিখন নাকচ কৰাত ছবিখনৰ স্ক্ৰীপ্ট সলনি কৰি নিৰ্মাতা সকলে কাষ চাপে কাৰ্তিক আৰিয়নৰ। অভিনেতাগৰাকীৰ আহিবলগীয়া ছবি “ধমাকা” ৰ বাবে কাৰ্তিক আৰিয়নে শ্বুটিং কৰিছে কেৱল মাত্ৰ ১০ দিন; অৰ্থাৎ ১০ দিনতেই কাৰ্তিক আৰিয়নে সম্পূৰ্ণ কৰিছে নিজৰ এখন ছবি।

তাপসি আৰু কৃতি সেননৰ পিছতহে "ধমাকা" ৰ অফাৰ কাৰ্তিক আৰিয়নলৈঃ 2
তাপসি আৰু কৃতি সেননৰ পিছতহে "ধমাকা" ৰ অফাৰ কাৰ্তিক আৰিয়নলৈঃ 3


ছবিখনৰ সৈতে জড়িত টীমটোৱে ২০ দিনৰ বাবে এখন হোটেলত থকা-খোৱাৰ ব্যৱস্থা কৰিছিলে; এইখিনিতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা অহা খবৰনুসৰি গম পোৱা গৈছে যে যোৱা শুক্ৰবাৰে অভিনেতা কাৰ্তিক আৰিয়নে উক্ত ছবিখনৰ বাবে নিজৰ শেষৰটো দৃশ্যৰ শ্বুট সমাপ্ত কৰিছে। ইয়াৰ লগতে, ছবিখনৰ শ্বুটিঙৰ আগমহুূৰ্তৰ বাবে অভিনেতা গৰাকীয়ে প্ৰায় তিনি সপ্তাহৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি লৈছিল। শ্বুটিঙৰ সময়ছোৱাত এই ছবিখনৰ পৰিচালক ৰাম মাধৱানীৰ লগতেই ছবিখনৰ সমগ্ৰ কলা-কুশলী হোটেল খনত আছিল। ক’ৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে নিজক বচাবলৈ প্ৰত্যেকগৰাকী কলা-কুশলীয়ে সমষ্ট নীতি-নিয়মৰ পালন কৰিছিল বুলি জনায় পৰিচালক গৰাকীয়ে। আনহাতে, তেওঁলোকে ২০ দিন পৰ্যন্ত থকা সেই হোটেল খনত যাতে কোনো বাহিৰা লোক সোমাব নোৱাৰে তাকো নজৰত ৰাখিছিল। ইয়াৰ উপৰিও, ছবিখনৰ বাহিৰৰ দৃশ্যাংশ শ্বুটিঙৰ বাবদ তেওঁলোকে ক্ৰোমা ছেটিঙৰ ব্যবহাৰ কৰা বুলিও জানিবলৈ দিয়ে।

]]>
https://rupaliparda.com/archives/23434/feed 0 23434
চচিয়েল মিডিয়া ট্ৰেণ্ডিঙত কাৰ্তিক আৰিয়নঃ কিন্তু কিয়? নাজানে তেওঁ! https://rupaliparda.com/archives/17394 https://rupaliparda.com/archives/17394#respond Wed, 01 Jul 2020 17:30:43 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17394 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকৌ এবাৰ দেশক সম্বোধন কৰিছে। ১৭ মিনিট সময় দেশক সম্বোধন কৰি “ক’ভিড ১৯” বিষয়ক ভাষণ প্ৰদান কৰাৰ উপৰিও দেশত আনলক ২.০ ৰ আৰম্ভণি কৰে। মোদীয়ে দেশক সম্বোধন কৰা কথাটোক লৈ প্ৰায়ে জনসাধাৰণৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অহা দেখিবলৈ পোৱা যায়। এইবাৰ এনে এক প্ৰতিক্ৰিয়া প্ৰদান কৰি চচিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আহিল এগৰাকী বলীউড অভিনেতা। কাৰ্তিক আৰিয়নে প্ৰায়ে ভিন্ন সুহুঁতীয়া কথাৰে দৰ্শকক আকৰ্ষণ কৰে আৰু হাঁহিৰ অৱসাদ প্ৰদান কৰে। কাৰ্তিক আৰিয়নে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্বে এখন ফটো শ্বেয়াৰ কৰে; য’ত তেওঁ দৈ খাই থকা দেখিবলৈ পোৱা যায়। এইখন এনে এখন ফটো যেতিয়া এগৰাকী ছাত্ৰই কোনো পৰীক্ষা দিবলৈ আগবাঢ়ে তেতিয়া তেওঁক দৈ-চেনি খুৱাই পঠিওঁৱা হয় আৰু মাক-দেউতাকৰ শুভকামনা লৈ আগবাঢ়ে তেওঁ আগবাঢ়ে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ।

https://twitter.com/TheAaryanKartik/status/1277954719114125312?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1277954719114125312%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-kartik-aryan-shares-special-photo-before-pm-narendra-modi-address-check-here-20457007.html


কাৰ্তিক আৰিয়নৰ এই ফটোখনক লৈয়ে বৰ্তমান চৰ্চা চলিছে চচিয়েল মিডিয়াত। এজনে কয় যে, “কাৰ্তিকৰ ফটো খনৰ সৈতে থকা ভাৱনাৰ মিল আছে সমগ্ৰ ভাৰতীয়ৰ লগত।” কাৰ্তিক আৰিয়নৰ আগন্তুক সময়ত দুখনকৈ ছবি আহিবলগীয়া হৈ আছে; দুয়োখন ছবিয়েই পূৰণি ছবিৰ চিকুৱেল হয়। এখন হ’ল “ভূল ভূলেইয়া” আৰু আনখন হৈছে “দোস্তানা”। কিন্তু “ক’ভিড ১৯” ৰ ফলত ছবি সমূহৰ শ্বুটিং ৰখাই দিয়া হৈছে।

]]>
https://rupaliparda.com/archives/17394/feed 0 17394
বলীউডৰ কাৰ্তিক আৰিয়ন; জলীউডৰ আইমী বৰুৱাইও আগবঢ়ালে অনুদানঃ https://rupaliparda.com/archives/12408 https://rupaliparda.com/archives/12408#comments Mon, 30 Mar 2020 16:30:20 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12408 কেওঁদিশে কেৱল “ক’ৰ’ণা ভাইৰাছ” ৰ সন্ত্ৰাস। ঘন্টাই ঘন্টাই বৃদ্ধি পাইছে এই ভাইৰাছবিধৰ আগ্ৰাসনত পৰা ৰোগীৰ সংখ্যা। বৰ্তমান চাৰিওফালে কেৱল এক বেয়া খবৰেই বিৰাজ কৰিছে। ক’ৰবাত যদি মৃত্যু নহ’লে ক’ৰবাত আকৌ খোৱা বস্তুৰ অভাৱ। দৈনন্দিন চলি থকা সকলোৰে জীৱন যাত্ৰাত বিৰাম লগাৰ ফলত দেশৰ অৰ্থনীতিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে কৰা আহ্বান অনুযায়ী প্ৰত্যেকজন জনসাধাৰণে কিবা নহয় কিবা এটা চৰকাৰৰ ফাণ্ডলৈ অনুদান হিচাপে দি তেওঁলোকক সহায় কৰাৰ চেষ্টা কৰিছে। জনসাধাৰণৰ সমান্তৰালকৈ বলীউড তথা জলীউড লগতে টলীউডৰ শিল্পী সমূহেও এই কাৰ্যক্ৰমত আগভাগ লৈছে। জুবিন গাৰ্গ, যতীন বৰাৰ লগতে এইবাৰ অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই অনুদান আগবঢ়াইছে অসম চৰকাৰলৈ।

বলীউডৰ কাৰ্তিক আৰিয়ন; জলীউডৰ আইমী বৰুৱাইও আগবঢ়ালে অনুদানঃ 4
বলীউডৰ কাৰ্তিক আৰিয়ন; জলীউডৰ আইমী বৰুৱাইও আগবঢ়ালে অনুদানঃ 5


১লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে তেওঁ সকলোকে আকৌ এবাৰ সুস্থ হৈ থকাৰো আহ্বান জনায়। ইয়াৰ উপৰিও,বলীউড অভিনেতা কাৰ্তিক আৰিয়নে আগবঢ়াইছে ১ কোটি টকা। এক পোষ্ট যোগে কাৰ্তিক আৰিয়নে দৰ্শকক এই কথা জনোৱাৰ পিছতেই অনুৰাগীয়ে অভিনেতা গৰাকীক যথেষ্ট প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়।

]]>
https://rupaliparda.com/archives/12408/feed 1 12408
“ভূল-ভূলেয়া ২” ৰ সৈতে জড়িত আন এক জনপ্ৰিয় নামঃ https://rupaliparda.com/archives/10864 https://rupaliparda.com/archives/10864#respond Mon, 02 Mar 2020 12:32:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10864 কাৰ্তিক আৰিয়ন তথা কিয়াৰা আদৱানীৰ ছবি “ভূল ভূলেয়া” ই বিগত বহু দিনৰ পৰাই চৰ্চা লাভ কৰি আহিছিল। এতিয়া এই ছবিখনৰ সৈতে আকৌ এক ডাঙৰ নাম জড়িত হৈ পৰিছে। “অ’ মাই গ’ড”, “বেণ্ডিট কুইন” ইত্যাদি ছবিসমূহত খলনায়কৰ চৰিত্ৰ ৰূপায়ন কৰা গোবিন্দ নামদেৱৰ নাম ইতিমধ্যে ছবিখনৰ বিভিন্ন চৰিত্ৰৰ লগত জড়িত হৈছে। ইয়াৰ উপৰিও এই অভিনেতা গৰাকীক ছলমান খানৰ ছবি “ৰাধেঃ য়’ৰ মষ্ট ওৱান্টেড ভাই” ত দেখিবলৈ পোৱা যাব।

"ভূল-ভূলেয়া ২" ৰ সৈতে জড়িত আন এক জনপ্ৰিয় নামঃ 6
"ভূল-ভূলেয়া ২" ৰ সৈতে জড়িত আন এক জনপ্ৰিয় নামঃ 7


ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰাৰ কথা কোৱাৰ লগতে তেওঁ কয় যে কিয়াৰা আৰু কাৰ্তিক আৰিয়ন দুগৰাকী প্ৰতিভা সম্পন্ন শিল্পী। বৰ্তমান জয়পুৰত শ্বুটিং কৰি থকা গোবিন্দে নৱ-প্ৰজন্মৰ শিল্পীৰ সৈতে কাম কৰিবলৈ পাই উৎসাহিত হৈ থকা বুলিও উল্লেখ কৰে। ইয়াৰ উপৰিও গোৱিন্দ নামদেৱে কয় যে, “ইয়াত মোক সকলোৱে বহুত সন্মান দিয়ে। ছবিখনৰ পৰিচালক অনীজ বস্মী সঁচাকৈ এগৰাকী অসাধাৰণ ব্যক্তি। মুঠতে সকলোবোৰেই সুন্দৰ।” উল্লেখ্য যে, ছবিখনৰ দ্বিতীয়টো পাৰ্টৰ দৃশ্যগ্ৰহণ কৰা হ’ব লক্ষ্ণৌত।

]]>
https://rupaliparda.com/archives/10864/feed 0 10864
তাবুৰ নৃত্যৰে এইবাৰ “আমী তোমাৰ”- https://rupaliparda.com/archives/10523 https://rupaliparda.com/archives/10523#respond Thu, 20 Feb 2020 14:32:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10523 চন ২০০৭ ত মুক্তিপ্ৰাপ্ত “ভূল ভূলেইয়া” ছবিখনৰ দ্বিতীয়টো সংস্কৰণ অৰ্থাৎ ইয়াৰ চিকুৱেলৰ শ্বুটিঙ ইতিমধ্যে আৰম্ভ হৈছে। ছবিখনৰ কেইবাটাও অংশৰ শ্বুটিং সম্পন্ন কৰা হৈছে ৰাজস্থানৰ জয়পুৰ অংশত। উক্ত ছবিখনত তাবু, কাৰ্তিক আৰিয়ন তথা কিয়াৰা আদৱানীকো দেখিবলৈ পোৱা যাব। এই ন-ছবিখনত পূৰণা ছবিৰ দুটা গীত অন্তৰ্ভূক্ত কৰা হৈছে। “হৰে ৰাম হৰে ৰাম” আৰু “মেৰে ঢোলনা সুন” শীৰ্ষক এই দুটি গীতক ৰিক্ৰিয়েট কৰা হ’ব।

তাবুৰ নৃত্যৰে এইবাৰ "আমী তোমাৰ"- 8
তাবুৰ নৃত্যৰে এইবাৰ "আমী তোমাৰ"- 9


পূৰণি ছবিখনৰ জনপ্ৰিয় গীত “আমী তোমাৰ” শীৰ্ষক গীতটিত বিদ্যা ৱালনৰ সৈতে নৃত্য কৰিছিল দক্ষিণৰ অভিনেতা বিনীতে। এতিয়া,এই গীতটোত নৃত্য কৰিব অভিনেত্ৰী তাবুয়ে। এই নৃত্যক লৈ বহু গুণে উৎসাহিত হৈ আছে অভিনেত্ৰী গৰাকীও।ছবিখনত ৰাজপাল য়াদৱকো দেখিবলৈ পোৱা যাব। পূৰণি ছবিৰ সেই চৰিত্ৰটোত নহয়; ৰাজপাল য়াদৱক দেখিবলৈ পোৱা যাব আন এক চৰিত্ৰতহে। প্ৰিয়দৰ্শনৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনক লৈ দৰ্শকো উৎসাহিত হৈ আছে।

]]>
https://rupaliparda.com/archives/10523/feed 0 10523
সাৰা-কাৰ্তিকৰ ফ্লপ “লভ আজ কল”- https://rupaliparda.com/archives/10350 https://rupaliparda.com/archives/10350#respond Fri, 14 Feb 2020 13:35:41 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10350 ভেলেন্টাইন ডে দিনাই মুক্তি লাভ কৰিলে সাৰা আলি খান তথা কাৰ্তিক আৰিয়নৰ বহু প্ৰত্যাশিত ছবি “লভ আজ কল ২”। দীপিকা- ছেইফৰ প্ৰথমখন “লভ আজ কল” ৰ ৰিমেক হৈছে এই ছবিখন। ইমতিয়াজ আলিৰ দ্বাৰা পৰিচালিত এই ছবিখনে মুক্তি লাভ কৰা পিছৰে পৰা চচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মন্তব্য লাভ কৰা দেখিবলৈ পোৱা গৈছে।

সাৰা-কাৰ্তিকৰ ফ্লপ "লভ আজ কল"- 10

কিছু ছবি সমালোচকে ছবিখনক ৫ শতাংশৰ ভিতৰত কেৱল মাত্ৰ ১.৫ শতাংশ দিছে। ইয়াৰ উপৰিও, সাৰা-কাৰ্তিকৰ এই ছবিখনৰ ৰিভিউ হিচাপে বহু দৰ্শকে “মিম” বনাই শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে।তলত চাওঁক এই “মিম” বোৰঃ

]]>
https://rupaliparda.com/archives/10350/feed 0 10350
ছলমান-শ্বাহৰুখক “মিছ” নকৰিব অসমবাসীয়েঃ https://rupaliparda.com/archives/10342 https://rupaliparda.com/archives/10342#respond Fri, 14 Feb 2020 11:33:08 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10342 এই বৰ্ষটো কাৰ্তিক আৰিয়নৰ বাবে শুভ বৰ্ষ। ভেলেন্টাইন ডে’ দিনা অৰ্থাৎ আজি মুক্তি লাভ কৰিব তেওঁৰ এখন ছবি “লভ আজ কল”। লগতে, কাৰ্তিক আৰিয়ন গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰ এৱাৰ্ডকলৈও উৎসাহিত হৈ পৰিছে। কিয়নো, বলীউডৰ সবাতোকৈ শ্ৰেষ্ঠ এই এৱাৰ্ড ফাঞ্চন খনত অভিনেতা গৰাকীৰ এটা পূৰণা সপোন পূৰ্ণ হ’ব।

ছলমান-শ্বাহৰুখক "মিছ" নকৰিব অসমবাসীয়েঃ 11


উক্ত “লভ আজ কল” ছবিখনত কাৰ্তিকে ৯০ দশকৰ এটা চৰিত্ৰ ৰূপায়ন কৰিছে। ঠিক তেনেদৰে, ৯০ দশকৰ শ্বাহৰুখ আৰু ছলমানৰ গীতত এইবাৰৰ ফিল্মফেয়াৰত নৃত্য প্ৰদৰ্শন কৰিব কাৰ্তিক আৰিয়নে।

ছলমান-শ্বাহৰুখক "মিছ" নকৰিব অসমবাসীয়েঃ 12


গুৱাহাটী আমিনাগাওঁস্থিত ইন্দিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত ১৫ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই এৱাৰ্ড শ্ব’টো টেলিকাষ্ট কৰা হ’ব ১৬ ফেব্ৰুৱাৰী তাৰিখে।

]]>
https://rupaliparda.com/archives/10342/feed 0 10342