KC Digital Films – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 05 Jul 2023 05:44:17 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 KC Digital Films – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Short Film Review ‘Mukha’: A Dark, Situational Comedy of Errors set in Majuli – Kalpajyoti Bhuyan https://rupaliparda.com/archives/29560 https://rupaliparda.com/archives/29560#respond Wed, 05 Jul 2023 06:31:00 +0000 https://rupaliparda.com/?p=29560 After being invited to lunch by a close friend during their filming in and around Majuli, Raktim swiftly persuades his team to pay a visit to his friend, Manas. However, upon reaching the serene town of Majuli, Raktim senses that something is off when he is unable to find Manas. Driven by his intuition, Raktim retraces his steps to Manas’s house in a quest to locate him, setting off a wild chain of events filled with honest misunderstandings and comic action.

Mukha

Nisha Nirmali takes on the role of ‘The Girl’, one of the key characters credited in the film. In the storyline, she becomes the primary suspect in Manas’s disappearance, as Raktim mistakenly connects her possession of red-colors, used for making masks in the renowned Samaguri Satra of Majuli, with blood. The title choice, Mukha, which means mask in Assamese, is also intriguing. Nobody is aware of who is hiding their identity. Nobody can tell the difference between someone’s real identity and a fake one.

Mukha

At sixteen minutes, the short film is crisp, light-hearted, and equally silly. There is a frenzied atmosphere which is filled with a sense of mystery and the film bases its chaotic fun upon it. A series of mindless events culminate in an intense action sequence reminiscent of the traditional Bhoana performances of Assam. Interestingly, both takes place within the confines of the Namghar. And once the film reaches this point, there’s no looking back.

Mukha

The short film has a certain momentum from its first frame and it never wavers which keeps the audience engaged throughout. Does Raktim’s concern hold merit? Is Manas dead? What if Raktim accidentally harms someone else in his search for Manas? Numerous questions arise, urging viewers to watch the movie and discover the answers. On the side note, the makers of the short film have displayed their potential in creating a comedy of errors and they can utilise the same in making a situational comedy feature film set in Assam.

The short film is written and directed by debut filmmaker Rock Nobis and is presented by KC Digital Films. The cast includes – Nisha Nirmali, Rock Nobis, Shuvrajit Medhi, Pranab J Sharma and Sunny Sen.

Given Below is a Link to watch the film:
https://www.youtube.com/watch?v=B0BP-AVrls0

]]>
https://rupaliparda.com/archives/29560/feed 0 29560
KC Digital Films ৰ “Simple Suali”, ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃKC Digital Films ৰ “Simple Suali”, ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃ https://rupaliparda.com/archives/28490 https://rupaliparda.com/archives/28490#respond Mon, 27 Sep 2021 05:30:00 +0000 https://rupaliparda.com/?p=28490 আমাক মনোৰঞ্জনৰ কিয় প্ৰয়োজন হয় বাৰু? অকণমান হাঁহিবলৈ, অকণমান নিজৰ ভাগৰ, কষ্ট তথা অশান্তি সমূহৰ পৰা ফালৰি কাটি আমি হাঁহিবলৈ মনোৰঞ্জনৰ সহায় লওঁ। অৱশ্যে, মনোৰঞ্জন ক্ষেত্ৰখনৰ বিভিন্ন মাধ্যম সমূহে আমাক বৰ্তমানলৈকে হতাশ কৰা নাই। এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলীয়ে দৰ্শকক আপ্লুত তথা আকৰ্ষিত কৰিবলৈ নিৰৱচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিছে। কাদম্বৰী ক্ৰিয়েচন অৰ্থাৎ KC Digital Films, এই প্ৰযোজনা গোষ্ঠটোৱে শেহতীয়াকৈ ইমানেই গ্ৰহণযোগ্য প্ৰকল্পৰ সৃষ্টি কৰিছে যে ইয়াক আৰু নতুনকৈ দৰ্শক সমাজক চিনাকী কৰাই দিয়াৰ হয়টো প্ৰয়োজন নাই। সম্পৰ্ক, প্ৰেম, বিবাহৰ পৰৱৰ্তী সময়ৰ প্ৰেম, বেনামী সম্পৰ্কৰ লগতে কেতিয়াবা আকৌ এগৰাকী মাতৃৰ যমৰ যাতনা ইত্যাদি বিভিন্ন বিষয়বস্তুক লৈ এই প্ৰযোজনা গোষ্ঠীটোৱে মুকলি কৰিছে নিজৰ একোটাকৈ প্ৰকল্প। “Arranged, “The Radio Guy”, “মায়া বাইদেউ”, “Love Birds” আৰু সদ্যমুক্তিপ্ৰাপ্ত “Simple Suali”। উল্লেখিত প্ৰতিটো প্ৰকল্প যদি আপুনি উপভোগ কৰে তেতিয়াহ’লে আপুনি গোটেইকেইটাত ভিন্নতাৰ অনুভৱ কৰিব। পৰিচালক সমুজ্জল কাশ্যপৰ দ্বাৰা পৰিচালিত উক্ত চুটি ছবিকেইখনে তেওঁৰ প্ৰতিভাক ৰাইজৰ মাজলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে বাবেই হয়টো এতিয়া তেওঁৰ প্ৰতিটো সৃষ্টিৰ বাবেই অপেক্ষাৰত দৰ্শক সমাজ। ক্ৰমশঃ তেওঁৰ পৰিচালনাৰ অনুৰাগী হৈ পৰিছে বিভিন্ন জন।


শেহতীয়াকৈ KC Digital Films ৰ বেনাৰত মুক্তি লাভ কৰা চুটি ছবি “Simple Suali” য়ে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভত সক্ষম হৈছে। কেলিফৰ্ণিয়াত কৰ্মসূত্ৰে থকা এজন অসমীয়া ডেকাই নিজৰ বিবাহৰ বাবদ ২২ বাৰকৈ প্ৰত্যাখান গ্ৰহণৰ পিছত ২৩ বাৰত তেওঁৰ বিবাহ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়ে। কিন্তু ২৩ নম্বৰ গৰাকীৰ হাতত আঙুঠি পিন্ধোৱাৰ পূৰ্বে সম্পূৰ্ণ এবছৰ ৰ’বলগীয়া হয় ডেকা গৰাকী। এই ২৩ নম্বৰ গৰাকী ‘চিম্পল ছোৱালী’ কেনেদৰে বিবাহৰ বাবে প্ৰস্তুত হয় অথবা ইয়াৰ মাজত কিমান ঘাত-প্ৰতিঘাত আছে সেই সমূহ এই চুটি ছবিখন উপভোগ কৰিলেহে আপুনি বুজিবলৈ সক্ষম হ’ব। এইখিনিতে আপোনালোকক জনাই থওঁ, আমি আপোনালোকৰ আগত ‘ঘাত-প্ৰতিঘাত’ শব্দটো ব্যৱহাৰ কৰাৰ বাবে এই চুটি ছবিখন যে খুবেই দুখলগা অথবা হৃদয়বিদাৰক তেনে বুলি নাভাবিব। আপোনালোকে ইয়াত ভৰপূৰ কমেডীৰ সমাহাৰ লাভ কৰিবলৈ সক্ষম হ’ব, যিটো হয়টো উক্ত প্ৰযোজনা গোষ্ঠীটোৰ পূৰ্বৰ প্ৰকল্পসমূহতকৈ অভিন্ন। অসমীয়া সংগীত ক্ষেত্ৰখনৰ দুগৰাকী কণ্ঠশিল্পী ক্ৰমে দীক্ষু শৰ্মা আৰু ৰিচা ভৰদ্বাজই মুখ্য চৰিত্ৰ হিচাবে কৰা সুন্দৰ অভিনয়ে এই চুটি ছবিখনকলৈ আৰু দৰ্শকক টানিবলৈ সক্ষম হৈছে। বিশেষকৈ, দীক্ষু শৰ্মাৰ অভিনয় তেওঁৰ অনুৰাগীসকলৰ বাবে এক খুবেই ভাল লগা বিষয় হৈ পৰিছে। ইয়াৰ উপৰিও চুটি ছবিখনত দেখিবলৈ পোৱা প্ৰতিটো চৰিত্ৰই আছিল মন পৰশা, কমেডীৰ ‘পাৰফেক্ট টাইমিঙে’ এই “Simple Suali” চুটি ছবিখনক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। ইয়াত অভিনয় কৰিছে ক্ৰমে জলী লস্কৰ, দীপক কুমাৰ ৰয়, স্তুতি চৌধুৰী, বিৰিণা চক্ৰৱৰ্তী, হৰ্ষ সিদ্ধান্ত আৰু যাৱেদ আখতাৰে। কাহিনীভাগ লিখিছে হৰ্ষ সিদ্ধান্তই।

KC Digital Films ৰ "Simple Suali", ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃKC Digital Films ৰ "Simple Suali", ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃ 1
KC Digital Films ৰ "Simple Suali", ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃKC Digital Films ৰ "Simple Suali", ২২ বাৰ প্ৰত্যাখানৰ পিছত দীক্ষু শৰ্মাৰ কাষলৈ ৰিচা ভৰদ্বাজঃ 2


সম্পাদন আৰু ৰং গৌতম মজুমদাৰৰ, সংগীত কৰিছে হৰ্জিৎ দিয়াজে। সহঃ পৰিচালনা হৰ্ষ সিদ্ধান্তৰ। চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে নিজ নিজ ক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰিছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আটাইলৈ জনাইছোঁ আন্তৰিক শুভকামনা।

]]>
https://rupaliparda.com/archives/28490/feed 0 28490
The Radio Guy ত সংযোজিত গীত ‘কৈ দিয়ানা’ ৰ মুক্তিৰ সাল-সলনিঃ https://rupaliparda.com/archives/28367 https://rupaliparda.com/archives/28367#respond Sun, 12 Sep 2021 11:30:00 +0000 https://rupaliparda.com/?p=28367 KC Digital Films ৰ বেনাৰত সদ্যমুক্তিপ্ৰাপ্ত ‘The Radio Guy’ চুটি ছবিখনে আপোনালোককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। নহয়নে? চুটি ছবিখনে এক সুকীয়া আমেজ প্ৰদান কৰিছিল দৰ্শক সমাজত। সমুজ্জল কাশ্যপৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবিখনত শশাংক সমীৰে অভিনয়েৰে যি সুন্দৰ উপস্থাপন কৰিলে সেয়া বৰ্তমানেও জনসাধাৰণৰ মানসপাটত। এই চুটি ছবিখনতে সংযোজিত গীত ‘কৈ দিয়ানা’ ক নতুনকৈ মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছিল উক্ত প্ৰযোজনা গোষ্ঠীটোৱে। গীতটিত কথা শশাংক সমীৰৰ লগতে এই গীতটিত আন দুগৰাকী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা অসম সন্তান জড়িত হৈ আছে। সংগীত কৰিছে হৰজিৎ দিয়াজৰ লগতে ইয়াত কণ্ঠদান কৰিছে জয় বৰুৱাই। অভিনয় কৰিছে শশাংক সমীৰ আৰু প্ৰিয়ংকা ভৰালীয়ে। কিন্তু, শেহতীয়াকৈ গীতটিৰ মুক্তিৰ তাৰিখ সাল-সলনি কৰি সামাজিক দায়বদ্ধতাৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। তেওঁ কয় যে, “আমি কিছুদিনৰ আগৰ পৰাই আপোনাক কৈ আহিছিলো যে KC DIGITAL FILMS নিৱেদিত আমাৰ শেহতীয়াকৈ আগবঢ়োৱা আপোনালোক সকলোৰে অভূতপূৰ্ব সহাৰি লাভ কৰা “THE RADIO GUY” নামৰ চুটি ছবিখনৰ একমাত্ৰ গীতটিৰ Music Videoটি আজি ১০ ছেপ্টেম্বৰ ২০২১ তাৰিখে বিয়লি ৫ বজাত মুকলি কৰি দিম । কিন্তু আজি আমাৰ সকলোৰেই ভাৱ হৈছে যে এয়া যেন আমাৰ গীত, ছবি, নাট ইত্যাদি সমূহ মুক্তি দিয়াৰ সময় নহয়। যোৱা দুদিনৰ আগতে মাজুলীৰ কমলাবাৰী আৰু যোৰহাটৰ নিমাতী ঘাটৰ মাজৰ জলপৰিবহনত সংঘটিত দুৰ্ঘটনাটোত আমি সকলোৱেই অতিকৈ মৰ্মাহত হৈ পৰিছো। অকালতে হেৰুৱা ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যাপিকা পৰিমিতাৰ বিয়োগৰ লগতে এতিয়াও নিখোজ হৈ থকা লোকসকল আৰু আঘাতপ্ৰাপ্ত শিশু সকলৰ হৃদয় বিদাৰক এই সময়ে আমাক অসহায় কৰি তুলিছে।


তেওঁ আগলৈ কয় যে, “এই নিৰুপায় সময়ত আমাৰ আজিৰ মুক্তি লভিব লগীয়া “কৈ দিয়া না” গীতটি স্থগিত ৰাখিছোঁ আৰু অনাগত সময়ত ইয়াৰ খবৰ জনোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। শোকসন্তপ্ত পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপনৰ লগতে এতিয়ালৈকে নিখোজ হৈ থকা সকলো লোক ভালে ভালে ঘৰলৈ উভতি অহাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।”

]]>
https://rupaliparda.com/archives/28367/feed 0 28367
“আমি তেতিয়ালৈ কাৰোবাৰ গুৰুত্ব বুজি নাপাও, যেতিয়ালৈকে তেওঁ আমাৰ পৰা আঁতৰি নাযায়”- “The Radio Guy” https://rupaliparda.com/archives/27881 https://rupaliparda.com/archives/27881#respond Mon, 09 Aug 2021 05:30:00 +0000 https://rupaliparda.com/?p=27881 “ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি”, যদিও এক ফঁকৰা-যোজনা তথাপিও ই বাস্তৱ জীৱনৰ সৈতে খাপ খোৱা। আমি ভাবি থকা কথাবোৰে কেতিয়াবা পূৰ্ণতা লাভ নকৰিবও পাৰে, এনে কথাবোৰে আমাক কেতিয়াবা হতাশাৰ মাজলৈ টানি নিয়ে। দায়িত্বই কেতিয়াবা আমাৰ সপোনবোৰৰ মাজত বাধা হৈ থিয় দিয়ে। কিন্তু তাৰ পিছতো একাংশই দৃঢ়প্ৰতিজ্ঞা আৰু একাগ্ৰতাৰে নিজ বাস্তৱ জীৱনত অহোপুৰুষাৰ্থ কৰে। প্ৰায় সংখ্যক লোকে আমাক আগবাঢ়ি যোৱাত সঁহাৰি জনায় লগতে সাহস দিয়ে। আমাৰ প্ৰত্যেকৰে জীৱনটো একোখন নাটকৰ দৰেই, য’ত পুৱাৰ প্ৰথমটো কিৰণত চুমুক দিয়েই নাটকৰ প্ৰথমটো দৰ্শনীৰ বাবে প্ৰস্তুত হ’ব লাগে। কেতিয়াবা হাঁহিয়েই ভাল নলগা কথাত হয়ভৰ দিবলগীয়া হয়। জীৱনটো খুব কঠিন অথচ ভাবিলে একোৱেই নাই। শেহতীয়াকৈ এই জীৱনটোৰেই কিছু ইতিবাচক-নেতিবাচক কথাসমূহক লৈ কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত মুক্তি লাভ কৰিছে এখন চুটি ছবি “The Radio Guy”। অসমীয়া জনপ্ৰিয় চুটি ছবিৰ তালিকাখনত এদিনতেই অন্তৰ্ভূক্তি লাভ কৰিবলৈ সক্ষম হৈছে এই চুটি ছবিখনেও, জনসাধাৰণক সংযোগ কৰিব পৰাকৈ একোখন চুটি ছবিক নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত কাদম্বৰী ক্ৰিয়েচনৰ নাম অন্যতম। অৱশ্যে, আমি এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে সদ্যমুক্তিপ্ৰাপ্ত এই চুটি ছবিখন তেওঁলোকৰ বিগত দিনত মুক্তিপ্ৰাপ্ত চুটি ছবি সমূহতকৈ কিছু ব্যতিক্ৰম আৰু নতুন। কিয়নো, “The Radio Guy” ত আছে জীৱনভিত্তিক সংগ্ৰাম, সপোন আৰু পৰৱৰ্তী সময়ৰ সফলতা।


“The Radio Guy” ৰ পৰিচালনাৰ দায়িত্বত আছে সকলোৰে চিনাকী তথা বৰ্তমানৰ মনোৰঞ্জন প্ৰেমী দৰ্শকৰ মাজত জনপ্ৰিয় সমুজ্জল কাশ্যপ। বিষয়বস্তু আৰু দৃশ্যগ্ৰহণ পৰিচালক গৰাকীৰ নিজৰেই। কাহিনীত টুইষ্ট আনি দৰ্শকক ধৰি ৰখাৰ এক বিশেষ গুণ পৰিচালক গৰাকীৰ সৃষ্টি সমূহৰ মাজত দেখিবলৈ পোৱা যায়। আনহাতে ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শশাংক সমীৰে। ৰেডিঅ’ কৰ্মকৰ্তাৰে কেৰিয়াৰ আৰম্ভ কৰা শশাংক বৰ্তমান সময়ৰ এগৰাকী অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ জনপ্ৰিয় তাৰকা, যি একাধাৰে গীতিকাৰ, অভিনেতা, গায়ক তথা এগৰাকী চিত্ৰকাৰ। তেওঁৰ সৈতে এই চুটি ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে ক্ৰমে বাদল সিনহা, হৰ্ষ সিদ্ধান্ত আৰু বহুল ভাৱে সমাদৃত অভিনেত্ৰী হীৰা নেওঁগ। বাদল সিনহা আৰু হৰ্ষ সিদ্ধান্ত চৰিত্ৰ দুটাই চুটি ছবিখনক ৰাইজৰ মাজত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। চিত্ৰনাট্য হৰ্ষ সিদ্ধান্তৰ। চুটি ছবিখনত সংযোজিত গীত “কৈ দিয়ানা” ত সংগীত কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ অসমক গৌৰৱান্বিত কৰা হৰজিৎ দিয়াজ। গীতটি লিখিছে শশাংক সমীৰে, ইয়াত কণ্ঠদান কৰিছে আন এগৰাকী জনপ্ৰিয় তাৰকা জয় বৰুৱাই। সম্পাদনা আৰু ৰং অম্বৰিশ বৰকটকীৰ।

"আমি তেতিয়ালৈ কাৰোবাৰ গুৰুত্ব বুজি নাপাও, যেতিয়ালৈকে তেওঁ আমাৰ পৰা আঁতৰি নাযায়"- "The Radio Guy" 3


ৰূপসজ্জা বিশ্ব কলিতাৰ লগতে ফাইনেল মিক্স, ডিজাইন নৱাৰুণ বৰাৰ। লোকেশ্বন চাউণ্ড য়শ শৰ্মাৰ। চুটি ছবিখনে ধনাত্মক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে দৰ্শকৰ মাজত। “The Radio Guy” ৰ বহুল সফলতা কামনা কৰাৰ লগতে ইয়াৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাত তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।

]]>
https://rupaliparda.com/archives/27881/feed 0 27881
KC Digital Films ৰ বেনাৰত সাজু হৈছে “The Radio Guy”- https://rupaliparda.com/archives/27486 https://rupaliparda.com/archives/27486#respond Sat, 17 Jul 2021 07:04:19 +0000 https://rupaliparda.com/?p=27486 কাদম্বৰী ক্ৰিয়েচন অৰ্থাৎ KC Digital Films ৰ বেনাৰত নিৰ্মিত ছবি বুলি ক’লেই এতিয়া দৰ্শক বহুল হাৰত উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে এই উৎসাহৰ আঁৰত বিশেষ কাৰণো নথকা নহয়; এওঁলোকৰ বেনাৰত নিৰ্মিত একোটা প্ৰকল্পই বৰ্তমানেও জনসাধাৰণৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈছে। আমি দৰ্শক সকলে প্ৰায় সময়ত আমাক সংযোগ কৰা বিষয়বোৰ স্ক্ৰীণত উপভোগ কৰিবলৈ বিচাৰোঁ। যেতিয়া প্ৰকল্প সমূহে আমাক সংযোগ কৰে তেতিয়া আমি সেই প্ৰকল্পটোক লৈ উৎকণ্ঠিত হওঁ অথবা আমাৰ কাষৰ জনক প্ৰকল্পটোৰ বিষয়ে সবিশেষ জনাবলৈ বিচাৰোঁ। কিছুদিন পূৰ্বে মুক্তি লাভ কৰা এখন চুটি ছবি “Love Birds” ৰ বিষয়ে আপোনাক হয়টো আৰু নতুনকৈ জনাই দিয়াৰ প্ৰয়োজন নাই। উক্ত প্ৰযোজনা গোষ্ঠীটোৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখন প্ৰতিজন মনোৰঞ্জন প্ৰেমী দৰ্শকেই যে উপভোগ কৰিছে সেই বিষয়ে আমি নিশ্চিত। ক’ৰোণা কালত ব্যতিব্যস্ত হোৱা জনসাধাৰণক কিছুসময়ৰ বাবে আমোদ প্ৰদান কৰিবলৈ প্ৰতিজন কলা-কুশলীয়ে বিচাৰে; আৰু সেই মানসিকতাৰে এতিয়া কাদম্বৰী ক্ৰিয়েচনে ইখনৰ পিছত সিখনকৈ চুটি ছবিৰ পৰিকল্পনা আৰম্ভ কৰিছে। “Arranged”, “Love Birds” দুয়োখন চুটি ছবিত প্ৰেমৰ ভিন্ন ৰং, ভিন্ন স্বৰূপ, প্ৰেমাস্পদৰ মাজৰ আৱেগ-অনুভূতিৰ বিভিন্নটা ইত্যাদিক উপস্থাপন কৰা হৈছিল আৰু আহিবলগীয়া সময়ত মুক্তি লাভ কৰিবলগীয়া চুটি ছবিকেইখনতো দৰ্শক সকলে প্ৰেমৰেই আন কেইবাটাও দিশ দেখিবলৈ সক্ষম হ’ব। এইখিনিতে, আপোনালোকক দিছোঁ ভাল খবৰটো। চলিত মাহৰ ২৩ তাৰিখে মুক্তি লাভ কৰিব “The Radio Guy”।

KC Digital Films ৰ বেনাৰত সাজু হৈছে "The Radio Guy”- 4


আমি কেতিয়াবা মন আৰু মগজুৰ চিন্তা-ভাৱনাবোৰৰ সৈতে দোধোৰ-মোধোৰত পৰোঁ। কোনটো ফালৰ পৰা কেনেদেৰে সিদ্ধান্ত গ্ৰহণ কৰিলে কি পৰ্যায়ত উপনীত হ’ম সেয়া আমি বিচাৰ কৰিব নোৱাৰোঁ। এই মানৱীয় প্ৰমূল্যবোধৰ আৱেগ-অনুভূতি সমূহক লগত লৈয়ে ৰাইজৰ কাষ চাপিবলৈ সাজু হৈছে “The Radio Guy”। ইয়াত এটি মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে এগৰাকী অভিনেতা, চিত্ৰকাৰ, গীতিকাৰ তথা পূৰ্বৰ এগৰাকী জনপ্ৰিয় ৰেডিঅ’ জকী শশাংক সমীৰে। তেওঁৰ অভিনয়ৰ অনুৰাগীৰ শাৰী দীঘলীয়া হোৱাৰ সমান্তৰালকৈ এগৰাকী গীতিকাৰ হিচাবেও শশাংক সমীৰক প্ৰায় প্ৰত্যেকেই আদৰিছে। আনহাতে, ইয়াত আন এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱপ্ৰজন্মৰ মাজত বৰ্তমান বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰা প্ৰতিভা হৰ্ষ সিদ্ধান্তই। অৱশ্যে, ইয়াত তেওঁ লিখা চিত্ৰনাট্যকেই সন্নিৱিষ্ট কৰা হৈছে। কেতিয়াবা এনে হয়নে যে, গতানুগতিক এটা কাহিনীৰ মাজত যেতিয়া অকণমান হাঁহিৰ খোৰাক যোগাব পৰা কোনো এগৰাকী অভিনেতাক দেখিবলৈ পোৱা যায় তেতিয়া দৰ্শক সকল সেই প্ৰকল্পটোক লৈ আৰু অধিক আগ্ৰহী হৈ থাকে। আচলতে, হৰ্ষ সিদ্ধান্ত ঠিক তেনেধৰণৰেই এগৰাকী অভিনেতা। উক্ত চুটি ছবিখনত পৰিচালনাৰ দায়িত্বত আছে পৰিচালক সমুজ্জল কাশ্যপ; পৰিচালনাৰ ব্যতিক্ৰমী দৃষ্টিভংগীৰে দৰ্শকৰ হৃদয় জিনা এই পৰিচালক গৰাকীৰ প্ৰতিটো প্ৰকল্পই এতিয়া সমাদৰৰ যোগ্য। এইবাৰ কেৱল পৰিচালনা বুলিয়ে নহয়; সমুজ্জল কাশ্যপৰ বিষয়বস্তুৰে নিৰ্মিত “The Radio Guy” ৰ দৃশ্যগ্ৰহণ তথা সম্পাদনাও কৰিছে তেওঁ নিজেই।

KC Digital Films ৰ বেনাৰত সাজু হৈছে "The Radio Guy”- 5
KC Digital Films ৰ বেনাৰত সাজু হৈছে "The Radio Guy”- 6

শশাংক সমীৰ আৰু হৰ্ষ সিদ্ধান্তৰ উপৰিও ইয়াত অভিনয় কৰিছে হীৰা নেওঁগ আৰু বাদল সিনহাই। চাউণ্ড আৰু চাউণ্ড ডিজাইনৰ কাম কৰিছে ক্ৰমে য়শ আৰু নবাৰুণ বৰাই। ৰূপসজ্জাৰ দায়িত্বত আছে বিশ্ব কলিতা। চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/27486/feed 0 27486
আলিস্মিতা গোস্বামী আৰু অচিন্ত ৰাজ কাশ্যপৰ সুন্দৰ অভিনয়েৰে কাদম্বৰী ক্ৰিয়েচনৰ “Love Birds”- https://rupaliparda.com/archives/27227 https://rupaliparda.com/archives/27227#comments Tue, 06 Jul 2021 08:30:00 +0000 https://rupaliparda.com/?p=27227 “Love Birds”; এই শব্দটো শুনিলে আপুনি কি বুজি পায় বাৰু? আমি সচৰাচৰ এহাল প্ৰেমিক-প্ৰেমিকাক একেলগে দেখিলে প্ৰায়ে মনগহ্বৰৰ পৰা ওলোৱা শব্দটো হৈছে “Love Birds”। আমি প্ৰায়ে কৈ আহিছো যে বৰ্তমান পৰিপ্ৰেক্ষিতত প্ৰেম নিবেদনৰ সংজ্ঞা সলনি হৈছে; তথাপিও ভালপোৱা অথবা কোনোবো এগৰাকীক ভাললগাৰ সেই হৃদয়ৰ সুন্দৰ অনুভূতিটোৰ সলনি কিন্তু এতিয়াও নাই হোৱা। তেতিয়াৰ দিনত নিজ প্ৰেমাস্পদক লগ পাবলৈ বহুদিনীয়া অপেক্ষা কৰিবলগীয়া হৈছিল যদিও বৰ্তমান “লিভ-ইন” ৰ দৰে এক বিষয়বস্তুৱে ইজনে আনজনক বুজি পোৱাত সহায় কৰিছে। আমি কিন্তু এতিয়াও কৈছো যে পৰিৱৰ্তন অথবা সাল-সলনিৰ সন্মুখীন হ’লেও প্ৰেম প্ৰেম লগা সেই অনুভূতিক নিজ ঠাইৰ পৰা কোনেও আঁতৰাব পৰা নাই। এতিয়াৰ সম্পৰ্কবোৰত জটিলতা সোমাইছে; কিন্তু সম্পৰ্কবোৰৰ মহত্ববোৰ একেই আছে। তেনে এক নতুন প্ৰেমৰ ব্যতিক্ৰমী সোঁৱাদ দিবলৈ শেহতীয়াকৈ মুক্তি লাভ কৰিছে এখন চুটি ছবি “Love Birds”। কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনক মুক্তি লাভৰ পিছতেই সমাদৰ জনাইছে দৰ্শকে; ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক সমুজ্জল কাশ্যপৰ পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনতো পৰিচালক গৰাকীয়ে নিজৰ ব্যতিক্ৰমী টুইষ্ট আনিবলৈ কৰা অহোপুৰুষাৰ্থ পৰিলক্ষিত হৈছে। অৱশ্যে স্ক্ৰীণত এটি নতুন যুঁটিয়েও চৰ্চা লাভ কৰিছে চুটি ছবিখনৰ দ্বাৰা। চুটি ছবিখনৰ দুটি মুখ্য ৰিমলী আৰু গৌতমৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ক্ৰমে আলিস্মিতা গোস্বামী আৰু অচিন্ত ৰাজ কাশ্যপে।


দুয়োগৰাকীয়ে নিজ নিজ চৰিত্ৰ ৰূপায়ণৰ বাবে কৰা প্ৰচেষ্টাই চুটি ছবিখন আৰু অধিক উল্লেখযোগ্য কৰি তুলিছে। আনহাতে, ইয়াত আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে চৌধুৰীয়ে অৰ্থাৎ হৰ্ষ সিদ্ধান্তই। তেওঁৰ অভিনয়ে আপোনালোকক চিৰিয়াচ হৈ থকাৰ মাজতো হাস্যৰস প্ৰদানত সক্ষম হৈছে। চুটি ছবিখনৰ অইন এটি চৰিত্ৰত আছে হিৰণ্য অধিকাৰী। কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত প্ৰকল্পত প্ৰেম কাহিনীৰ উপস্থাপনে যেন দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষৰ “Arranged” আৰু চলিত বৰ্ষৰ “Love Birds” য়ে হৈছে উক্ত কথাষাৰৰ প্ৰকৃত উদাহৰণ। প্ৰেম বোলা এই অনুভূতিটো ইমানেই অধিক সুকীয়া যে আমি ইয়াক নভৱাকৈ একো কৰিবই নোৱাৰোঁ; কেতিয়াবা এৰিব বিচাৰিও এৰিব নোৱাৰা বস্তুবোৰক এবাৰতেই নাকচ কৰি দিব পৰা শক্তিয়েই আছে এই প্ৰেমত। Love Birds শীৰ্ষক এই চুটি ছবিখনকো তেনেধৰণৰ এক কাহিনীৰে আগবঢ়াই লৈ যোৱা হৈছে। ২১ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনৰ কাহিনী তথা স্ক্ৰীপ্টৰ দায়িত্ব আছে ভাস্কৰজিৎ শইকীয়া লগতে চিত্ৰনাট্যৰ দায়িত্বত আছে পৰিচালক সমুজ্জল কাশ্যপ। অৱশ্যে, উক্ত চুটি ছবিখনৰ কাহিনীভাগত হৰ্ষ সিদ্ধান্তই ৰূপায়ন কৰা চৰিত্ৰটোৰ চিত্ৰনাট্য তেওঁ নিজাববীয়াকৈ লিখি উলিয়াইছে। চুটি ছবিখনৰ সহঃ পৰিচালক কাদম্বৰী কাশ্যপৰ লগতে ৰূপসজ্জা বিজিয়েতা পাটগিৰীৰ।

আলিস্মিতা গোস্বামী আৰু অচিন্ত ৰাজ কাশ্যপৰ সুন্দৰ অভিনয়েৰে কাদম্বৰী ক্ৰিয়েচনৰ "Love Birds"- 7


দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যই। চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীৰ চৰিত্ৰই আদৰ লাভ কৰিছে জনসাধাৰণৰ। তেওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27227/feed 1 27227
অহা ৩ জুলাইত মুক্তি বহু প্ৰত্যাশিত চুটি ছবি “Love Birds”- https://rupaliparda.com/archives/27027 https://rupaliparda.com/archives/27027#respond Mon, 28 Jun 2021 10:30:00 +0000 https://rupaliparda.com/?p=27027 অহা ৩ জুলাইত মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত চুটি ছবি “Love Birds”। KC Digital Films ৰ বেনাৰত আহিবলগীয়া চুটি ছবিখনৰ বাবে শেহতীয়াকৈ অপেক্ষাৰত বহু জনসাধাৰণ। এটি নতুন যুঁটি আৰু এটা নতুন কাহিনীৰ সৈতে আহিবলৈ সাজু হৈছে “Love Birds”। চুটি ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ খনেই ইমান অধিক খলকনিৰ সৃষ্টি কৰিছিল যে বৰ্তমান মুক্তিৰ তাৰিখ জনাৰ পিছত প্ৰতিজন উৎসাহিত হৈ পৰিছে। “Arranged”, “মায়া বাইদেউ” ৰ মুক্তিৰ পিছত এইখন হৈছে উক্ত প্ৰডাকচন হাউটোৰ পৰৱৰ্তী প্ৰচেষ্টা। এই চুটি ছবিখনৰ পৰিচালনা সমুজ্জল কাশ্যপৰ; এই পৰিচালক গৰাকী জড়িত প্ৰতিটো প্ৰকল্পই উচ্চ মানদণ্ডৰ বুলি প্ৰশংসা কৰাৰ লগতে তেওঁৰ উপস্থাপন শৈলীত ব্যতিক্ৰমী চিন্তা আছে বুলিও একাংশ দৰ্শকে মন্তব্য কৰি আহিছে। “Love Birds” ত দৰ্শকবৃন্দই এটি নতুন যুঁটিকো দেখিবলৈ পাব। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে চিনাকী লাভ কৰা অভিনেত্ৰী আলিস্মিতা গোস্বামীৰ লগতে ইয়াত আন এটি মূখ্য চৰিত্ৰত অভিনয় কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনত শেহতীয়াকৈ খোজ পেলাই অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰি লোৱা অভিনেতা অচিন্ত ৰাজ কাশ্যপে। আনহাতে, “Arranged” নামে চুটি ছবিখনত এটি বিশেষ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অভিনেতা তথা নৱপ্ৰজন্মৰ প্ৰতিভা হৰ্ষ সিদ্ধান্তৰ অভিনয় এইবাৰো এইখন চুটি ছবিৰ জৰিয়তে উপভোগ কৰিবলৈ পাব দৰ্শকে। লগতে, ইয়াত অভিনয় কৰিছে হিৰণ্য অধিকাৰীয়ে।

অহা ৩ জুলাইত মুক্তি বহু প্ৰত্যাশিত চুটি ছবি "Love Birds"- 8
অহা ৩ জুলাইত মুক্তি বহু প্ৰত্যাশিত চুটি ছবি "Love Birds"- 9

২০ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনৰ কাহিনী তথা স্ক্ৰীপ্টৰ দায়িত্ব আছে ভাস্কৰজিৎ শইকীয়া লগতে চিত্ৰনাট্যৰ দায়িত্বত আছে পৰিচালক সমুজ্জল কাশ্যপ। অৱশ্যে, উক্ত চুটি ছবিখনৰ কাহিনীভাগত হৰ্ষ সিদ্ধান্তই ৰূপায়ন কৰা চৰিত্ৰটোৰ চিত্ৰনাট্য তেওঁ নিজাববীয়াকৈ লিখি উলিয়াইছে। চুটি ছবিখনৰ সহঃ পৰিচালক কাদম্বৰী কাশ্যপৰ লগতে ৰূপসজ্জা বিজিয়েতা পাটগিৰীৰ।মহানগৰীত কৰ্মব্যস্ততাৰ সৈতে জীৱন যাত্ৰা আগুৱাই লৈ গৈ থকা একাংশ নৱপ্ৰজন্মৰ কাহিনীৰে নিৰ্মাণ কৰি উলিওৱা হৈছে উক্ত চুটি ছবিখনৰ কাহিনীভাগ। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ জনপ্ৰিয় দৃশ্যগ্ৰহণকাৰী নগেন বৈশ্যই।

]]>
https://rupaliparda.com/archives/27027/feed 0 27027
KC Digital Films সাজু “Love Birds” ক; আছে নতুন যুঁটি; থাকিব নতুন টুইষ্টঃ https://rupaliparda.com/archives/26582 https://rupaliparda.com/archives/26582#respond Sun, 06 Jun 2021 08:30:00 +0000 https://rupaliparda.com/?p=26582 কেইবাটাও সফল তথা জনপ্ৰিয় প্ৰকল্প নিৰ্মাণৰ পিছতেই আকৌ এবাৰ আন এটি প্ৰকল্পৰ সৈতে সাজু হৈছে KC Digital Films। আমি এনেও একাংশ গ্ৰহণযোগ্য প্ৰকল্পক লৈ উৎসাহিত হৈ থাকো; তাতেই আকৌ এনে কিছু প্ৰকল্প যিয়ে মুক্তিৰ পূৰ্বেই খলকনিৰ সৃষ্টি কৰি ৰাখে। তেনেবোৰ প্ৰকল্পক লৈ ৰাইজ উৎকণ্ঠিত হোৱাটো একেবাৰই স্বাভাৱিক হৈ পৰে; আপোনালোকক এইখিনিতে ক’ব বিচাৰিছো আন এটা কথাও। যেতিয়া ১০-১৫ মিনিটৰ একোটা প্ৰকল্পই আমাক আগন্তুক ২-৩ ঘণ্টালৈ মোহাচ্ছন্ন কৰি ৰাখিব পাৰে তেতিয়াহ’লে তেনেবোৰ প্ৰকল্পৰ আঁৰত থকা প্ৰত্যেকগৰাকী কলা-কুশলীক লৈ ৰাইজৰ ইচ্ছা ততোধিক হৈ পৰিব। “Arranged”, “মায়া বাইদেউ” কে আৰম্ভ কৰি শেহতীয়াকৈ মুক্তি লাভ কৰা “গানে গানে” য়ে দৰ্শক সমাজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল বুলি নক’লেও হয়টো আপোনালোকে বুজি পাইছে। আৰু এনে পৰিপ্ৰেক্ষিততে, এইবাৰ আন এখন চুটি ছবি “Love Birds” ৰ সৈতে আহি আছে উক্ত প্ৰযোজনা গোষ্ঠীটো। KC Digital Films ৰ বেনাৰত মুক্তি লাভ কৰা দুয়োখন চুটি ছবি ক্ৰমে “Arranged” আৰু “মায়া বাইদেউ” য়ে দৰ্শকক যি নতুনত্ব প্ৰদান কৰিলে সেয়াই আহিবলগীয়া “Love Birds” খনকলৈ জনসাধাৰণক অধিক হাৰত অপেক্ষাৰত কৰি ৰাখিছে। প্ৰি-প্ৰডাকচনত ব্যস্ত এই চুটি ছবিখনৰ পৰিচালনা সমুজ্জল কাশ্যপৰ; এই পৰিচালক গৰাকী জড়িত প্ৰতিটো প্ৰকল্পই উচ্চ মানদণ্ডৰ বুলি প্ৰশংসা কৰাৰ লগতে তেওঁৰ উপস্থাপন শৈলীত ব্যতিক্ৰমী চিন্তা আছে বুলিও একাংশ দৰ্শকে মন্তব্য কৰি আহিছে।

KC Digital Films সাজু "Love Birds" ক; আছে নতুন যুঁটি; থাকিব নতুন টুইষ্টঃ 10


“Love Birds” ত দৰ্শকবৃন্দই এটি নতুন যুঁটিকো দেখিবলৈ পাব। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে চিনাকী লাভ কৰা অভিনেত্ৰী আলিস্মিতা গোস্বামীৰ লগতে ইয়াত আন এটি মূখ্য চৰিত্ৰত অভিনয় কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনত শেহতীয়াকৈ খোজ পেলাই অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰি লোৱা অভিনেতা অচিন্ত ৰাজ কাশ্যপে। আনহাতে, “Arranged” নামে চুটি ছবিখনত এটি বিশেষ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অভিনেতা তথা নৱপ্ৰজন্মৰ প্ৰতিভা হৰ্ষ সিদ্ধান্তৰ অভিনয় এইবাৰো এইখন চুটি ছবিৰ জৰিয়তে উপভোগ কৰিবলৈ পাব দৰ্শকে। লগতে, ইয়াত অভিনয় কৰিছে হিৰণ্য অধিকাৰীয়ে। আনুমানিক ১৫ মিনিট দৈৰ্ঘ্যতকৈ ওপৰত হ’বলগীয়া এই চুটি ছবিখনৰ কাহিনী তথা স্ক্ৰীপ্টৰ দায়িত্ব আছে ভাস্কৰজিৎ শইকীয়া লগতে চিত্ৰনাট্যৰ দায়িত্বত আছে পৰিচালক সমুজ্জল কাশ্যপ। অৱশ্যে, উক্ত চুটি ছবিখনৰ কাহিনীভাগত হৰ্ষ সিদ্ধান্তই ৰূপায়ন কৰা চৰিত্ৰটোৰ চিত্ৰনাট্য তেওঁ নিজাববীয়াকৈ লিখি উলিয়াইছে। চুটি ছবিখনৰ সহঃ পৰিচালক কাদম্বৰী কাশ্যপৰ লগতে ৰূপসজ্জা বিজিয়েতা পাটগিৰীৰ।মহানগৰীত কৰ্মব্যস্ততাৰ সৈতে জীৱন যাত্ৰা আগুৱাই লৈ গৈ থকা একাংশ নৱপ্ৰজন্মৰ কাহিনীৰে নিৰ্মাণ কৰি উলিওৱা হৈছে উক্ত চুটি ছবিখনৰ কাহিনীভাগ। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ জনপ্ৰিয় দৃশ্যগ্ৰহণকাৰী নগেন বৈশ্যই।

KC Digital Films সাজু "Love Birds" ক; আছে নতুন যুঁটি; থাকিব নতুন টুইষ্টঃ 11

অতিশীঘ্ৰে ৰাইজৰ কাষ চাপিবলৈ সাজু হোৱা উক্ত প্ৰকল্পটোৰ সৈতে জড়িত প্ৰতিজন শিল্পী, কলা-কুশলীকেই আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26582/feed 0 26582
KC Digital Fims ৰ নতুন প্ৰকল্পত নতুন মুখ, অচিন্ত আৰু কৰিশ্মা; শংকুৰাজ-মৈত্ৰেয়ীৰ যুঁটিৰে আকৌ খলকনিঃ https://rupaliparda.com/archives/25457 https://rupaliparda.com/archives/25457#respond Fri, 16 Apr 2021 05:30:00 +0000 https://rupaliparda.com/?p=25457 KC Digital Fims ৰ বেনাৰত মুক্তিপ্ৰাপ্ত গীত “গানে গানে”। শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ যুঁটিৰে আন এটি গীত শ্ৰোতা-দৰ্শকে লাভ কৰাৰ পিছতেই উৎসাহিত হৈ পৰিছে সকলো। গীতটিৰ প্ৰিমিয়াৰত উপস্থিত ডাঃ নবনীল বৰুৱাই দিয়া ভাষ্যনুসৰি অসমবাসীয়ে যদিও বৰ্তমান উক্ত যুঁটিটোক হৃদয়ংগম কৰা নাই তথাপিও অহা ১০-১২ বছৰ পিছত অসমবাসীয়ে বুজি উঠিব অসমীয়া সাংগীতিক ক্ষেত্ৰখনলৈ অহা পৰিৰ্ৱতন আৰু এই পৰিৱৰ্তনৰ আঁৰত থকা শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰৰ অৱদান। অৱশ্যে, তেওঁ নিজ ভাষণত যদিও সৰলকৈ উদ্ধৃত কথাষাৰ ব্যক্ত কৰিছিল; কথাষাৰত লুকাই থকা মহত্বটোক বুজিয়েই প্ৰিমিয়াৰত উপস্থিত প্ৰত্যেকেই হাত চাপৰি মাৰিবলৈ ইচ্ছা কৰিছিল। আনহাতে, এগৰাকী পৰিচালক ৰূপে সমুজ্জল কাশ্যপে নিজ প্ৰকল্প সমূহৰ দ্বাৰা প্ৰত্যেকদিনাই দৰ্শকক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। সমুজ্জল কাশ্যপে নিৰ্মাণ কৰি উলিওৱা চুটি ছবি “Arranged” ৰ পিছত তেওঁৰ KC Digital Fims ৰ বেনাৰত নিৰ্মাণ কৰা দ্বিতীয়টো প্ৰকল্প হৈছে সদ্যমুক্তিপ্ৰাপ্ত গীত “গানে গানে”। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে ক্ৰমে কৰিশ্মা হাজৰিকা আৰু অচিন্ত ৰাজ কাশ্যপে। তেওঁলোকে ভিডিঅ’টোত কৰা কামে আপ্লুত কৰিবলৈ সক্ষম হৈছে ৰাইজক। পৰিচালকৰ প্ৰচেষ্টাত হাতে হাত ধৰি থিয় হ’বলৈ সক্ষম হোৱা অচিন্ত আৰু কৰিশ্মাৰ যুঁটিটোক লৈ দৰ্শক আশাবাদী আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোকৰ আহিবলগীয়া সময়ৰ প্ৰকল্প সমূহ চাবলৈও আশাবাদী অনুৰাগী। নৱপ্ৰজন্মৰ মাজত থকা এনে একাংশ প্ৰতিভাই শেহতীয়াকৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন অধিক গ্ৰহণ যোগ্য কৰি তোলাত সক্ষম হৈছে।


গীতটিৰ প্ৰসংগলৈ যদি আহো তেতিয়াহ’লে এগৰাকী শ্ৰোতাই দিয়া এটা কমেন্টৰ দ্বাৰা আপোনালোকক গীতটিৰ বিষয়ে এটি চমু আভাষ দিব পৰা যায়। তেওঁ কৈছে “অলকানন্দাই এতিয়া জিৰণি ল’ব আৰু “গানে গানে” ক শ্ৰোতাই আঁকোৱালি ল’ব।” শ্ৰোতাৰ ডিমাণ্ডত প্ৰতিদিনেই থিয় হোৱা শংকু-মৈত্ৰেয়ীৰ যুঁটিটোৰ প্ৰশংসা নকৰাকৈনো কেনেদৰে থকা হয়! আনহাতে, গীতটিৰ ভিডিঅ’টোতো কিছু ব্যতিক্ৰম দৰ্শকে দেখিবলৈ পাইছে। লিৰিকেল ভিডিঅ’ৰে নিজ গীত সমূহক মুকলি কৰি জনসাধাৰণৰ কাষ চপা শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰক এইবাৰ “গানে গানে” ৰ ভিডিঅ’ত কেৱলমাত্ৰ কন্ঠদান কৰা বুলিয়েই নহয়; দেখিবলৈ পোৱা গ’ল নৃত্য কৰাও। গীতটিত গীতাৰ ঋতুৰাজ গগৈৰ আৰু বাঁহী বজাইছে ভাস্কৰ কলিতাই। শব্দ সংমিশ্ৰণ কৰিছে সুমিত বৰুৱাই। গীতটি বাণীবদ্ধ কৰা হৈছে কাইফি হামজা আহমেদৰ দ্বাৰা আৰু বাঁহী ৰেকৰ্ড কৰিছে প্ৰণয় দত্তই। গীতটিৰ ভিডিঅ’ পৰিচালনা তথা বিষয়বস্তু সমুজ্জল কাশ্যপৰ। সহকাৰী পৰিচালনা প্ৰিয়ংকা কাশ্যপৰ; দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যই; কলা নিৰ্দেশনা জ্যোতি ভট্টাচাৰ্য্যৰ। এৰিয়েল ফটোগ্ৰাফী ৰাজা বৰুৱাৰ আৰু সম্পাদনা সমুজ্জল কাশ্যপ আৰু গৌতম মজুমদাৰৰ। প্ৰডাকচন মেনেজাৰ ৰূপম ৰিয়ান ডেকা আৰু ৰূপসজ্জা পাংকু হাজৰিকাৰ। ইউটিউবত মুক্তি লাভৰ পিছতেই গীতটিয়ে জনপ্ৰিয়তাক চুমিছে।

KC Digital Fims ৰ নতুন প্ৰকল্পত নতুন মুখ, অচিন্ত আৰু কৰিশ্মা; শংকুৰাজ-মৈত্ৰেয়ীৰ যুঁটিৰে আকৌ খলকনিঃ 12


KC Digital Fims তথা শংকুৰাজ আৰু মৈত্ৰেয়ীৰ যুঁটীয়া প্ৰচেষ্টাক লৈ বৰ্তমান উৎকন্ঠিত জনসাধাৰণে আগন্তুক কালছোৱাতো তেওঁলোকৰ যুঁটীয়া প্ৰচেষ্টা বিচাৰিছে।

]]>
https://rupaliparda.com/archives/25457/feed 0 25457