KK – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 08 Mar 2021 09:35:35 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 KK – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰাজনৈতিক দললৈ কিয় টানি অনা হৈছে দীপলিনা ডেকা অথবা কেকে-মোহনক?ঃ https://rupaliparda.com/archives/24621 https://rupaliparda.com/archives/24621#respond Tue, 09 Mar 2021 10:30:48 +0000 https://rupaliparda.com/?p=24621 সমুখত নিৰ্বাচন আৰু কেওঁদিশে চলিছে নিৰ্বাচনৰ কোঁচকাৱাজ। প্ৰতিটো দলে নিজ নিজ ৰণকৌশল সমূহ লৈ আগবাঢ়িছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। এই দলসমূহত কিছুদিন পূৰ্বে একাংশ অসমীয়া কন্ঠশিল্পী, অভিনেতা-অভিনেত্ৰীৰো আমি আগমন হোৱা দেখিবলৈ পাইছিলো। তেওঁলোকৰ যোগদানৰ সময়ছোৱাত তেওঁলোকৰেই একাংশ অনুৰাগী নিৰাশ হৈ পৰাৰ সমান্তৰালকৈ মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰা ফালৰি কাটি ৰাজনৈতিক ক্ষেত্ৰখনত নামি পৰাক লৈও তেওঁলোকক কিছু ঋণাত্মক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু, এতিয়া কথা সমূহৰ অইন এক প্ৰসংগহে সমুখলৈ আহিছে। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ যিসকল অভিনেতা-অভিনেত্ৰী তথা কন্ঠশিল্পীৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ অহা কোনো পৰিকল্পনা নাই তেওঁলোককো এচামে এই ৰাজনৈতিক প্ৰসংগ সমূহলৈ টানি নিয়াৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ, এটি ব্যক্তিগত সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰঅনুসৰি কন্ঠশিল্পী দীপলিনা ডেকা আগন্তুক অসম বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব পাৰে বুলি এক বাতৰি সম্প্ৰচাৰ কৰা হৈছিল।

ৰাজনৈতিক দললৈ কিয় টানি অনা হৈছে দীপলিনা ডেকা অথবা কেকে-মোহনক?ঃ 1


কিন্তু যেতিয়া কন্ঠশিল্পী গৰাকীয়ে জানিব পাৰিলে এই কথা তেতিয়াহে ওলাল উৰহী গছৰ ওঁৰ। আচলতে, ৰাজনৈতিক ক্ষেত্ৰখনলৈ ঢাপলি মেলাল কোনো ইচ্ছাই ৰখাই নাই কন্ঠশিল্পী গৰাকীয়ে; গতিকে দীপলিনা ডেকাই পোষ্ট কৰি এই কথাও কয় যে বিনা মছলাৰে খবৰ সমূহ ৰাইজৰ মাজলৈ উলিয়াই অনাৰ চেষ্টা কৰক। আচলতে, বিগত বৰ্ষতো দীপলিনাই নিজ ৰাজনৈতিক স্থিতিক লৈ স্পষ্টীকৰণ দাঙি ধৰিছিল; তেওঁ কৈছিল যে, “সঁচা অৰ্থত মইও এগৰাকী ৰাজনৈতিকভাৱে সক্ৰিয় সাধাৰণজন আৰু মই ইয়াক নুই নকৰো। আৰু, আমি যেতিয়াৰ পৰাই আমাৰ চিষ্টেমটোক লৈ নিজৰ মানসিকতা ব্যক্ত কৰিবলৈ ল’ম তেতিয়াৰ পৰাই আমি নিজক “উন্নত” বুলি ক’ব পাৰিম।” দীপলিনাৰ এনে স্পষ্টীকৰণৰ পিছতো যেতিয়া তেওঁক ৰাজনৈতিক মেৰপাক সোমোৱাবলৈ চেষ্টা কৰা হৈছিল তেতিয়াই আচলতে তেওঁ নিজ ক্ষোভ ব্যক্তি কৰা দেখিবলৈ পোৱা গ’ল।

ৰাজনৈতিক দললৈ কিয় টানি অনা হৈছে দীপলিনা ডেকা অথবা কেকে-মোহনক?ঃ 2
SOURCE: FACEBOOK


দীপলিনা ডেকাৰ বাদেও জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট” ৰ দুগৰাকী মূখ্য অভিনেতা ক্ৰমে কেকে আৰু মোহনক কংগ্ৰেছ দলৰ ফলীয়া বুলি কোনো এক চচিয়েল মিডিয়া পেজে মিম প্ৰস্তুত কৰিছিল। কিন্তু বৰ্তমান ইয়াক লৈও উক্ত দুয়োগৰাকী অভিনেতাই বিৰোধিতা কৰে।

]]>
https://rupaliparda.com/archives/24621/feed 0 24621
ক’ৰোণাৰ পৰা ওলাই আকৌ সক্ৰিয় “বেহাৰবাৰী আউটপোষ্ট” ৰ টীমঃ https://rupaliparda.com/archives/20161 https://rupaliparda.com/archives/20161#respond Sat, 12 Sep 2020 14:30:00 +0000 https://rupaliparda.com/?p=20161 ক’ৰোণা ত্ৰাসে আগ্ৰাসনত লৈছিল কেইবাগৰাকীও জনপ্ৰিয় অসমীয়া অভিনেতা অভিনেত্ৰীক। কিছুদিন পূৰ্বে “বেহাৰবাৰী আউটপোষ্ট” ত অভিনীত কেইবাগৰাকীও শিল্পী তথা ধাৰাবাহিকখনত কৰ্মৰত কলা-কুশলী শেহতীয়াকৈ ক’ৰোণা পজিটিভ হৈছিল। তেওঁলোকৰ গাত পোৱা গৈছিল ক’ৰোণাৰ লক্ষণ; ইয়াৰ পিছতেই কেইবাদিনৰ বাবে ধাৰাবাহিকখনৰ সম্প্ৰচাৰ স্তব্ধ হৈ পৰিছিল; কিন্তু বৰ্তমান ধাৰাবাহিকখনৰ অনুৰাগীৰ বাবে আছে এক সুখবৰ। চলিত মাহৰ ১৪ তাৰিখৰ পৰাই পুনৰ বাৰ নিশা ৮ আৰু ১০.৩০ বজাত ৰেঙণিত সম্প্ৰচাৰিত কৰা হ’ব ধাৰাবাহিকখন। দীপজ্যোতি কেওঁট অৰ্থাৎ মোহনে নিজ ফেচবুক একাউন্টত পোষ্ট দি এই কথা জনসাধাৰণক জানিবলৈ দিয়ে।

ক'ৰোণাৰ পৰা ওলাই আকৌ সক্ৰিয় "বেহাৰবাৰী আউটপোষ্ট" ৰ টীমঃ 3
ক'ৰোণাৰ পৰা ওলাই আকৌ সক্ৰিয় "বেহাৰবাৰী আউটপোষ্ট" ৰ টীমঃ 4


“বেহাৰবাৰী” নামৰ ঠাইত অৱস্থিত এখন আৰক্ষীথানাৰ পুলিচ আৰু তেওঁলোকৰ জীৱন-দৰ্শন লগতে বহু নীতিমূলক আদৰ্শৰ কথাৰে আৰম্ভ হৈছিল “বেহাৰবাৰী আউটপোষ্ট”। ধাৰাবাহিকখনে কিছুদিন বিগত বৰ্ষত ১৫০০ টা খণ্ড অতিক্ৰম কৰিছিল। বৰষা ৰাণী বিষয়াৰ পৰা আৰম্ভ কৰি ধাৰাবাহিকখনৰ সৈতে কিছু সময়ৰ বাবে জড়িত হৈ আছিল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰো। “কে কে” আৰু “মোহন” নামে দুই চৰিত্ৰৰ কথা কোৱাৰ যি ভংগিমা সেয়া সৰুৰ পৰা ডেকা-বুঢ়াৰ মাজতো জনপ্ৰিয়। প্ৰতিযোগিতাৰ এই সময়ছোৱাত হাঁহিবলৈ পাহৰা জনসাধাৰণক সুহুতীয়া কথাৰে হাঁহিবলৈ অৱকাশ দিয়ে “বেহাৰবাৰী আউটপষ্টে”। ধেমালিৰে মানুহক আমোদ প্ৰদান কৰি দেশত সংঘটিত কিছু গুৰু -গম্ভীৰ কথাৰ আলোচনা কৰা ধাৰাবাহিকখনৰ চৰিত্ৰসমূহৰ যি সংলাপ সেয়া খুবেই আকৰ্ষণীয়।

]]>
https://rupaliparda.com/archives/20161/feed 0 20161
দৰ্শকৰ বিপুল সঁহাৰি – বেহাৰবাৰী আউটপষ্টঃ https://rupaliparda.com/archives/7298 https://rupaliparda.com/archives/7298#respond Sun, 27 Oct 2019 10:30:57 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7298 অসমীয়া ধাৰাবাহিক সমূহৰ ভিতৰত আটাইতকৈ দীঘল আৰু দৰ্শকৰ বহুল পৰিমাণে সমাদৰ লাভ কৰা প্ৰথমখন ধাৰাবাহিক হৈছে “বেহাৰবাৰী আউটপষ্ট”। ২০১৩ চনৰ ৭ অক্টোবৰ তাৰিখৰ পৰা ৰেঙণি চেনেলত ৰাতি ৮ বজাত প্ৰচাৰিত হয় উক্ত ধাৰাবাহিকখন। “বেহাৰবাৰী” নামৰ ঠাইত অৱস্থিত এখন আৰক্ষীথানাৰ পুলিচ আৰু তেওঁলোকৰ জীৱন-দৰ্শন লগতে বহু নীতিমূলক আদৰ্শৰ কথাৰে আৰম্ভ হৈছে “বেহাৰবাৰী আউটপষ্ট”।


“কে কে” আৰু “মোহন” নামে দুই চৰিত্ৰৰ কথা কোৱাৰ যি ভংগিমা সেয়া সৰুৰ পৰা ডেকা-বুঢ়াৰ মাজতো জনপ্ৰিয়। প্ৰতিযোগিতাৰ এই সময়ছোৱাত হাঁহিবলৈ পাহৰা জনসাধাৰণক সুহুতীয়া কথাৰে হাঁহিবলৈ অৱকাশ দিয়ে “বেহাৰবাৰী আউটপষ্টে”। ধেমালিৰে মানুহক আমোদ প্ৰদান কৰি দেশত সংঘটিত কিছু গুৰু -গম্ভীৰ কথাৰ আলোচনা কৰা ধাৰাবাহিকখনৰ চৰিত্ৰসমূহৰ যি সংলাপ সেয়া খুবেই আকৰ্ষণীয়।

দৰ্শকৰ বিপুল সঁহাৰি - বেহাৰবাৰী আউটপষ্টঃ 5
দৰ্শকৰ বিপুল সঁহাৰি - বেহাৰবাৰী আউটপষ্টঃ 6

মনোজ শইকীয়াৰ দ্বাৰা পৰিচালিত ধাৰাবাহিক খন একঘেয়ামী নহয়। প্ৰত্যেক দিনেই নতুন নতুন “কেচ” সংযোজনেৰে ধাৰাবাহিকখন প্ৰচাৰিত হয়। কে কে চৰিত্ৰ সংলাপ “আউ হৰি আউ ৰাম” , “এ মজা” লগতে “মোহন” চৰিত্ৰৰ “জুমনি”, অ’ জিন জিন”, “অহ’ মাই ডগছ্” ইত্যাদি সংলাপে ধাৰাবাহিক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে।

দৰ্শকৰ বিপুল সঁহাৰি - বেহাৰবাৰী আউটপষ্টঃ 7


জনসাধাৰণক নিতৌ একোটা নিৰ্দিষ্ট মেছেজ প্ৰদান কৰে ধাৰাবাহিকখনে। জটিল জীৱনৰ নিত্য-নতুন উঠা-নমা বোৰ পাহৰি আধা ঘণ্টাৰ বাবে জনসাধাৰণক হহুৱাত ধাৰাবাহিকখন সফল যেন লাগে। হিন্দী ধাৰাবাহিক সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ সকলো গুণেই ধাৰাবাহিক খনত আছে। ভিন্ন চৰিত্ৰৰ ভিন্ন ব্যক্তিত্ব লগতে এটা “কেচ” ৰ লগতে জড়িত আৰক্ষীৰ দৃষ্টি

]]>
https://rupaliparda.com/archives/7298/feed 0 7298
দৰ্শকৰ বিপুল সঁহাৰি – বেহাৰবাৰী আউটপষ্টঃ https://rupaliparda.com/archives/7304 https://rupaliparda.com/archives/7304#respond Sun, 27 Oct 2019 09:32:08 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7304 অসমীয়া ধাৰাবাহিক সমূহৰ ভিতৰত আটাইতকৈ দীঘল আৰু দৰ্শকৰ বহুল পৰিমাণে সমাদৰ লাভ কৰা প্ৰথমখন ধাৰাবাহিক হৈছে “বেহাৰবাৰী আউটপষ্ট”। ২০১৩ চনৰ ৭ অক্টোবৰ তাৰিখৰ পৰা ৰেঙণি চেনেলত ৰাতি ৮ বজাত প্ৰচাৰিত হয় উক্ত ধাৰাবাহিকখন। “বেহাৰবাৰী” নামৰ ঠাইত অৱস্থিত এখন আৰক্ষীথানাৰ পুলিচ আৰু তেওঁলোকৰ জীৱন-দৰ্শন লগতে বহু নীতিমূলক আদৰ্শৰ কথাৰে আৰম্ভ হৈছে “বেহাৰবাৰী আউটপষ্ট”।

দৰ্শকৰ বিপুল সঁহাৰি - বেহাৰবাৰী আউটপষ্টঃ 8
দৰ্শকৰ বিপুল সঁহাৰি - বেহাৰবাৰী আউটপষ্টঃ 9

“কে কে” আৰু “মোহন” নামে দুই চৰিত্ৰৰ কথা কোৱাৰ যি ভংগিমা সেয়া সৰুৰ পৰা ডেকা-বুঢ়াৰ মাজতো জনপ্ৰিয়। প্ৰতিযোগিতাৰ এই সময়ছোৱাত হাঁহিবলৈ পাহৰা জনসাধাৰণক সুহুতীয়া কথাৰে হাঁহিবলৈ অৱকাশ দিয়ে “বেহাৰবাৰী আউটপষ্টে”। ধেমালিৰে মানুহক আমোদ প্ৰদান কৰি দেশত সংঘটিত কিছু গুৰু -গম্ভীৰ কথাৰ আলোচনা কৰা ধাৰাবাহিকখনৰ চৰিত্ৰসমূহৰ যি সংলাপ সেয়া খুবেই আকৰ্ষণীয়।

দৰ্শকৰ বিপুল সঁহাৰি - বেহাৰবাৰী আউটপষ্টঃ 10


মনোজ শইকীয়াৰ দ্বাৰা পৰিচালিত ধাৰাবাহিক খন একঘেয়ামী নহয়। প্ৰত্যেক দিনেই নতুন নতুন “কেচ” সংযোজনেৰে ধাৰাবাহিকখন প্ৰচাৰিত হয়। কে কে চৰিত্ৰ সংলাপ “আউ হৰি আউ ৰাম” , “এ মজা” লগতে “মোহন” চৰিত্ৰৰ “জুমনি”, অ’ জিন জিন”, “অহ’ মাই ডগছ্” ইত্যাদি সংলাপে ধাৰাবাহিক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে।

দৰ্শকৰ বিপুল সঁহাৰি - বেহাৰবাৰী আউটপষ্টঃ 11


জনসাধাৰণক নিতৌ একোটা নিৰ্দিষ্ট মেছেজ প্ৰদান কৰে ধাৰাবাহিকখনে। জটিল জীৱনৰ নিত্য-নতুন উঠা-নমা বোৰ পাহৰি আধা ঘণ্টাৰ বাবে জনসাধাৰণক হহুৱাত ধাৰাবাহিকখন সফল যেন লাগে। হিন্দী ধাৰাবাহিক সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ সকলো গুণেই ধাৰাবাহিক খনত আছে। ভিন্ন চৰিত্ৰৰ ভিন্ন ব্যক্তিত্ব লগতে এটা “কেচ” ৰ লগতে জড়িত আৰক্ষীৰ দৃষ্টিভংগীৰ যি সুন্দৰ প্ৰকাশ তাত সফল “বেহাৰবাৰী আউটপষ্ট”।

]]>
https://rupaliparda.com/archives/7304/feed 0 7304