Kotha Dilu – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 30 Jan 2021 07:16:58 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Kotha Dilu – Rupaliparda.com https://rupaliparda.com 32 32 163073109 এটি আৱেগিক গীত “কথা দিলো”; এটি সুন্দৰ কাহিনীৰ বহিঃপ্ৰকাশঃ https://rupaliparda.com/archives/23852 https://rupaliparda.com/archives/23852#respond Sun, 31 Jan 2021 11:30:32 +0000 https://rupaliparda.com/?p=23852 আমি জীয়াই থকাৰ যেতিয়া একোটা নিৰ্দ্দিষ্ট উদ্দেশ্যৰ মৃত্যু হয় তেতিয়া আমাৰো জীয়াই থকা ইচ্ছাবোৰ হেঁৰাই যায়। আমাৰ জীৱনৰ প্ৰকৃত সত্যতো কি বাৰু আপুনি জানেনে? সেয়া হৈছে “মৃত্যু”।আমি যেতিয়াই জন্ম লভো সেইটো দিনাই আচলতে লিখা থাকে আমি কেতিয়া এই সংসাৰ এৰি বিদায় মাগিম। শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰখনত এটা নতুন গীতে মুক্তি লাভ কৰিছে। “কথা দিলো” শীৰ্ষক গীতটিয়ে মুক্তিৰ পিছতেই প্ৰত্যেকজন শ্ৰোতা-দৰ্শকক আৱেগিক কৰি তোলা পৰিলক্ষিত হ’ল কিয়নো গীতটিত সন্নিৱিষ্ট কাহিনী ভাগে সংযোগ কৰিছিল এটি সঁচা কাহিনীক; এগৰাকী মাতৃৰ কান্দোনক গীতটিৰ মাজেৰে ইমান সুন্দৰকৈ উপস্থাপন কৰাত সফল হৈছে নৱপ্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালী। এজাজ প্ৰডাকচনৰ বেনাৰত গীতটিক প্ৰযোজনা কৰিছে নীলিমা চৌধুৰীয়ে; আনহাতে গীতটিৰ কথা তথা বিষয়বস্তুও আছিল নীলিমা চৌধুৰীৰ নিজৰেই। প্ৰযোজক নীলিমা চৌধুৰীৰ ব্যক্তিগত কাহিনীক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে “কথা দিলো”; গীতটিত কন্ঠদান কৰিছে প্ৰত্যেকজন নৱপ্ৰজন্মৰ প্ৰিয় তথা হাৰ্টথ্ৰৱ জুবিন গাৰ্গ লগতে কন্ঠশিল্পী দীপলিনা ডেকাই।


আকৌ এবাৰ কমল লোচনৰ অভিনয়ে অনুৰাগীক উৎসাহিত কৰি তোলাত সক্ষম হৈছে। তেওঁ আকৌ এবাৰ নিজ অভিনয়ৰ দক্ষতা প্ৰকাশত সফলকাম হৈছে; তেওঁৰ সৈতে এই ভিডিঅ’টোত অভিনয় কৰিছে অপৰ্ণা দত্ত চৌধুৰী আৰু জ্যোতিস্মিতা বৰুৱাই। গীতটিত নীলিমা চৌধুৰীৰ সৈতে কথা দিয়াৰ উপৰিও “কথা দিলো” ৰ সুৰ আৰু সংগীতৰ দায়িত্বত আছে আৰচাদ এম ৰহমান। ইয়াৰ উপৰিও, গীতটিত দৃশ্যগ্ৰহণ পাপু ডেকাৰ আৰু সহঃপৰিচালনা কৰিছে অৰ্পিত চক্ৰৱৰ্তীয়ে। এটা গীতৰ যোগেৰেই এটা কাহিনীক ব্যক্ত কৰাত উক্ত নৱপ্ৰজন্মৰ দলটোৱে দেখুওৱা পাৰদৰ্শিতা কোনোপধ্যই নুই কৰিব পৰা নাযায়। গীতটিয়ে মুক্তিৰ পিছতেই ইউটিউবত বহুল হাৰত শ্ৰোতা-দৰ্শকৰ সঁহাৰি লাভ কৰাত সক্ষম হৈছে। এইখিনিতে, আপোনালোকক আন এক ভাল লগা খবৰ জনাই থওঁ যে, এজাজ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “কথা দিলো” প্ৰথমটো গীত হ’লেও আহিবলগীয়া সময়ত এই প্ৰডাকচন হাউচটোৱে আৰু অধিক ভাল লগা কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

এটি আৱেগিক গীত "কথা দিলো"; এটি সুন্দৰ কাহিনীৰ বহিঃপ্ৰকাশঃ 1
এটি আৱেগিক গীত "কথা দিলো"; এটি সুন্দৰ কাহিনীৰ বহিঃপ্ৰকাশঃ 2


ইয়াৰ উপৰিও, প্ৰডাকচনটোলৈ অহা অৰ্থখিনিকো কৰ্কট ৰোগী সমূহলৈ দিয়া হ’ব বুলি জনায় প্ৰযোজক নীলিমা চৌধুৰীয়ে।

]]>
https://rupaliparda.com/archives/23852/feed 0 23852