Kripal Kalita – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 12 May 2022 08:39:11 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Kripal Kalita – Rupaliparda.com https://rupaliparda.com 32 32 163073109 মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতা ৰ “হাতী বন্ধু” https://rupaliparda.com/archives/28970 https://rupaliparda.com/archives/28970#respond Thu, 12 May 2022 08:39:06 +0000 https://rupaliparda.com/?p=28970 মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ – ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰলায়ৰ অধীনস্থ ফ্লীম ডীভিজনে আয়োজন কৰা ১৭ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ”হাতী বন্ধু” এই মাহৰ ২৯ তাৰিখে সন্ধিয়া ৫:০০ বজাত মুম্বাইৰ ৱাৰ্লি ৰ নেহৰু চেন্টাৰত মহোৎসৱ খনৰ শুভ আৰম্ভণি হ’ব আৰু ৪ জুনত অন্ত পৰিব। পৰিচালক কৃপাল কলিতা ই মহোৎসৱত যোগদানৰ বাবে ইতিমধ্যে আমন্ত্ৰণ লাভ কৰিছে। হাতী বন্ধু তথ্য চিত্ৰ খনৰ মূল বিষয় হ’ল হাতী মানুহৰ সংঘাট বৰ্তমান সময়ৰ এক বিশ্বজনীন সমস্যা।এই সংঘাট ৰ ফলত হয় মানুহৰ নহয় হাতীৰ প্ৰাণ হানি এটা নিয়মীয়া ঘটনাত পৰিগনিত হৈছে।

এনে এক জীয়া সমস্যা ৰ পোনপ্ৰথম বাৰৰ বাবে অসমত বিশিষ্ট সমাজহিতৈষী প্ৰদীপ কুমাৰ ভূঞা ৰ প্ৰচেষ্টা আৰু সৱল নেতৃত্বত হাতী মানুহৰ সংঘাট ৰ সমাধান সূত্ৰ উলিয়াই বিশেষ ভাৱে সফল হোৱা দেখা গৈছে।

এই বিষয়ৰ ভেটিত তিনিবছৰীয়া প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্য চিত্ৰ “হাতী বন্ধু”। অসমীয়া আৰু ইংৰাজী দুটা ভাষাত নিৰ্মিত হাতী বন্ধু ৰ ইংৰাজী ত নাম ৰখা হৈছে Friends of Elephant.

ব্ৰিজ” চিনেমা খনেৰে ৰাষ্ট্ৰীয়- আন্তৰাষ্টীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা কৃপাল কলিতা ই হাতী বন্ধু ৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে। কৃষ্টি পথাৰৰ বেনাৰত তথ্য চিত্ৰ খনৰ প্ৰযোজনা কৰিছে সবিতা দেবীয়ে।

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতা ৰ “হাতী বন্ধু”

হাতী বন্ধু ৰ ইংৰাজী ধাৰা বিবৰণী দিছে বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই আৰু নয়ন প্ৰসাদে অসমীয়া ত ধাৰা বিবৰনি দিছে। চিত্ৰগ্ৰহণ বিনোদ দুলু বৰা আৰু ৰমেন ৰাভাই। মুম্বাই ৰ কেনেৰিজ প’ষ্ট ছাউণ্ড ষ্টুডিঅ’ত ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে অমৃত প্ৰীতমে।

সম্পাদনা কৃপাল কলিতা,ডি আই কালাৰিষ্ট ৰাজেশ য়াদৱ (মুম্বাই) সংগীত কৃপাল কলিতা আৰু ৰাজীৱ আনন্দৰ। ।শব্দ গ্ৰহন গুনজীৎ শৰ্মা। এনিমেছন ভাস্কৰ শইকীয়া,গ্ৰাফাক্স দেৱৰাজ বৰঠাকুৰ আৰু চাবটাইটেল শ্ৰুতি ভট্টাচাৰ্যৰ।

]]>
https://rupaliparda.com/archives/28970/feed 0 28970
“মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি”- কৃপাল কলিতা (ব্ৰীজ) https://rupaliparda.com/archives/26420 https://rupaliparda.com/archives/26420#respond Sun, 30 May 2021 06:30:00 +0000 https://rupaliparda.com/?p=26420 এখন অসমীয়া ছবি আৰু ততোধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত মনোনয়ন লাভ; বৰ্তমান পৰিপ্ৰেক্ষিতৰ ইটোৰ পিছত অহা সেইটো বেয়া খবৰৰ মাজতেই আচলতে এই ছবিখনে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকলৈ কঢ়িয়াইছে সুখৰ বতৰা। ছবিখনৰ নাম হৈছে “ব্ৰীজ”; কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন যদিও ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি লাভ কৰা নাই তৎস্বত্বেও ছবিখনক লৈ উৎসাহিত হৈ পৰিছে দৰ্শক সমাজ। আনহাতে, এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপৰ সৈতেও জড়িত পৰিচালক গৰাকী নিজেই। International film festival of India (IFFI 2020 ) পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা আৰু উক্ত চলচ্চিত্ৰ মহোৎসৱত পুৰষ্কাৰ লাভ কৰা একমাত্ৰ অসমীয়া চিনেমা হৈছে “ব্ৰীজ”। আনহাতে, ট্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান, গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল ছবিখনে। চলচ্চিত্ৰ সমালোচক সকলৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা FIPRESCI ৰ ভাৰতৰ শাখাই প্ৰকাশ কৰা তালিকাত ২০২০ চনৰ নিৰ্বাচিত শ্ৰেষ্ঠ ১০খন ভৰতীয় চিনেমাৰ মাজত অন্তৰ্ভুক্তি লাভ কৰিছে অসমীয়া ভাষাৰ চিনেমা ব্ৰীজে। FIPRESCI এটা অতি সন্মানীয় সংস্থা ,এই সংস্থাক বিশ্বৰ চলচ্চিত্ৰ জগত খনে বিশেষ মান্যতা দিয়ে। প্ৰাপ্ত খবৰ অনুসৰি, “ব্ৰীজ” ছবিখনে এতিয়ালৈ মুঠ ২০-২৫ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে।ছবিখন এখন নৈ পৰীয়া গাওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে য’ত এখন দলঙৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে গাওঁৰ জনসাধাৰণ। অসংখ্য সমস্যাৰ আগ্ৰাসনত থকা স্বত্বেও গাঁৱৰে এগৰাকী কিশোৰীয়ে নিজ পৰিয়ালটি পোহপাল দিয়া সংগ্ৰামী কাহিনীক জীৱন্ত ৰূপত দাঙি ধৰা হৈছে “ব্ৰীজ” ত উল্লেখ্য যে, ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে এখন গাঁওক কেন্দ্ৰ কৰি য’ত এখন দলঙৰ অভাৱত তাত বসবাস কৰা মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয়।সীমাহীন সমস্যাৰ আবৰ্তত থকা সত্বেও সেইখন গাঁওৰে এগৰাকী কিশোৰীয়ে পৰিয়ালটি পোহপাল দিয়াৰ নিমিত্তে বাছি লোৱা সংগ্ৰামী জীৱনক ছবিখনৰ মাজেৰে দেখুওৱা হৈছে।

"মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি"- কৃপাল কলিতা (ব্ৰীজ) 1


আজিৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া সাক্ষাৎকাৰ বিশেষত এইগৰাকী পৰিচালকৰ তৰফৰ পৰাই আমি জানিবলৈ বিচাৰিছিলো কিছু কথা। চাওঁচোন আহকঃ

প্ৰশ্নঃ আপুনি পৰিচালনা ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?

কৃপাল কলিতাঃ মই মূলতঃ নাটকৰ সৈতে জড়িত; বিশেষকৈ অভিনয় ক্ষেত্ৰখনত মই নিজ কেৰিয়াৰৰ আৰম্ভণি কৰিছিলো। কিন্তু, পিছলৈ ভাৰতীয় গণনাট্য সংঘই ২০০০ চনত গুৱাহাটীস্থিত ৰবীন্দ্ৰ ভৱনত নটসূৰ্য ফণী শৰ্মাৰ নাটক “কিয়” প্ৰয়োজনা কৰিছিল আৰু এই নাটকখনৰ পৰিচালনাৰ দায়িত্ব মোৰ ওপৰত পৰিছিল। সেয়াই আছিল মোৰ পৰিচালনা ক্ষেত্ৰখনত প্ৰথমটো খোজ; সেই একে বৰ্ষতেই ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত দুগৰাকী পৰিচালক ক্ৰমে শ্ৰদ্ধাৰ শ্বেৰ চৌধুৰী আৰু দুলাল শইকীয়া দেৱৰ লগত দূৰদৰ্শনত সম্প্ৰচাৰিত ধাৰাবাহিকত সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ সুযোগ পাওঁ। পৰৱৰ্তী সময়ত, ২০০৪ চনত স্বাধীন ভাৱে পৰিচালনা কৰোঁ; “অগ্নিবৃষ্টি” নামৰ ২ ঘন্টা ৩০ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’ ছবিখন আছিল মোৰ স্বাধীন পৰিচালক ৰূপে প্ৰথমটো কাম। এনেদৰেই মই পৰিচালনাৰ ক্ষেত্ৰ খনত জড়িত হৈ পৰিলোঁ।

"মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি"- কৃপাল কলিতা (ব্ৰীজ) 2

প্ৰশ্নঃ আপোনাৰ ছবি “ব্ৰীজ” খনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত বহুল হাৰত সফলতা লাভত সক্ষম হৈছে; ঘৰুৱা দৰ্শকৰ সমুখত কেতিয়াকৈ মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে? ঘৰুৱা দৰ্শকেও ছবিখনক আকোঁৱালি ল’ব বুলি আপুনি ভাবেনে?

কৃপাল কলিতাঃ ঘৰৰ মানুহ খিনিক দেখুওৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। চলিত বৰ্ষৰ অক্টোবৰৰ ১ তাৰিখে মুক্তি দিম বুলি ভাবিছোঁ কিন্তু বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়া সম্ভৱপৰ হ’ব নে নাই ক’ব নোৱাৰো। মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি; গতিকে মই ভাবো ঘৰুৱা দৰ্শকেও নিশ্চয় “ব্ৰীজ” চিনেমা খন আকোঁৱালি ল’ব।

"মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি"- কৃপাল কলিতা (ব্ৰীজ) 3

প্ৰশ্নঃ বিগত বৰ্ষৰ পৰা হোৱা বিভীষিকাময় পৰিস্থিতিটোৱে অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ কিবা সাল-সলনি কৰিছে বুলি আপুনি ভাবেনে?

কৃপাল কলিতাঃ অতিমাৰী ক’ৰোণাই জনজীৱনত বিস্তৰ ক্ষতি-সাধন কৰিছে; মনোৰঞ্জন ক্ষেত্ৰখনতো ইয়াৰ সাংঘাতিক প্ৰভাৱ পৰিলক্ষিত হৈছে। চিত্ৰগৃহসমূহ বন্ধ হোৱা বাবে নতুন চিনেমা মুক্তি দিব নোৱাৰাৰ সমান্তৰালকৈ ছবি নিৰ্মাণৰ কামো হাতত ল’বলৈ সাহস কৰিব নোৱাৰা অৱস্থা হৈছে। ভ্ৰাম্যমান থিয়েটাৰ সমূহো স্তব্ধ হৈ পৰা ফলত শশ শিল্পী, কলা-কুশলীৰ জীৱন নিৰ্বাহত মহা সমস্যাৰ সৃষ্টি হৈছে। মই ভাবো, ডিজিটেল অথবা OTT প্লেটফৰ্মে সকলো অভাৱ পূৰণ কৰিব নোৱাৰে। মোবাইল ফোনত চিনেমা চাই চিনেমাৰ ৰসস্বাদন কৰিব পৰা নাযায়; বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনৰ মানুহখিনিয়ে ধৈৰ্য্য ধৰাৰ বাহিৰে আন একো উপায় নাই; এইসময়খিনি পঢ়া-শুনা আৰু নিজৰ দক্ষতা বৃদ্ধিৰ বাবে অনুশীলন কৰিলে ভাল দিন আহিলে ভাল ফল পোৱা যাব।

"মই দৰ্শকৰ আসনত বহি চিনেমা কৰিছোঁ নিজস্বতা ৰাখি"- কৃপাল কলিতা (ব্ৰীজ) 4

প্ৰশ্নঃ আগন্তুক পৰিকল্পনা কেনেধৰণৰ?

কৃপাল কলিতাঃ দুখন চুটি চলচ্চিত্ৰ আৰু এখন তথ্যচিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ; সকলো ঠিকে থাকিলে অহা বছৰ নতুন চিনেমা এখন ফ্ল’ৰলৈ আহিব।

ৰূপালীপৰ্দাঃ ধন্যবাদ কৃপাল কলিতা; আপোনাৰ “ব্ৰীজ” ছবিখনৰ লগতে আগন্তুক প্ৰকল্প সমূহৰ বাবেও জনাইছো শুভকামনা।

কৃপাল কলিতাঃ ধন্যবাদ ৰূপালীপৰ্দা।

]]>
https://rupaliparda.com/archives/26420/feed 0 26420
16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ “ব্ৰীজ” লৈঃ https://rupaliparda.com/archives/25607 https://rupaliparda.com/archives/25607#respond Fri, 23 Apr 2021 22:30:00 +0000 https://rupaliparda.com/?p=25607 দেশত চলি থকা বেয়া খবৰবোৰৰ মাজতেই অহা এটা ভাল খবৰে প্ৰতিজন দৰ্শককে উৎসাহিত কৰিছে। “বেয়া” বোৰে যিমানেই আগ্ৰাসনত নলওঁক কিয়! আন্ধাৰ ভেদি প্ৰতিদিনেই পোহৰ ওলাই অহাটো স্বাভাৱিক। এই ভাল খবৰটো হৈছে মনোৰঞ্জন ক্ষেত্ৰখনৰ; ইখনৰ পিছত সিখনকৈ ছবি সমাৰোহত মনোনয়ন লাভ কৰিব সক্ষম হোৱা “ব্ৰীজ” ছবিখনলৈ আন এক সন্মান। কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনে 16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। পুৰষ্কাৰটো শেহতীয়াকৈ পৰিচালকগৰাকীৰ হাতত পৰাৰ পিছতেই চচিয়েল মিডিয়াত এটা পোষ্টযোগে তেওঁ জনসাধাৰণক জনাবলৈ সক্ষম হয়। বৰ্তমানলৈ এই ছবিখনে মুঠ ২০ টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। ছবিখন এখন নৈ পৰীয়া গাওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে য’ত এখন দলঙৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে গাওঁৰ জনসাধাৰণ। অসংখ্য সমস্যাৰ আগ্ৰাসনত থকা স্বত্বেও গাঁৱৰে এগৰাকী কিশোৰীয়ে নিজ পৰিয়ালটি পোহপাল দিয়া সংগ্ৰামী কাহিনীক জীৱন্ত ৰূপত দাঙি ধৰা হৈছে “ব্ৰীজ” তi উল্লেখ্য যে, ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে এখন গাঁওক কেন্দ্ৰ কৰি য’ত এখন দলঙৰ অভাৱত তাত বসবাস কৰা মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয়।

16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ "ব্ৰীজ" লৈঃ 5
16th Thrissur International Film Festival ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ "ব্ৰীজ" লৈঃ 6


চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ পৰিচালক গৰাকীৰ নিজৰ। “কৃষ্টিপথাৰ” ৰ বেনাৰত নিৰ্মিত ছবিখন যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে ৰাম কুমাৰ দাস আৰু সবিতা দেৱীয়ে । অভিনয় কৰিছে শিৱ ৰাণী কলিতা, পাৰ্থ প্ৰতীম বৰা, অনিন্দিতা দাস, স্বপ্নীল নাথ, কৃপাল কলিতা,গোপামনি গগৈ, ৰীণা বৰা, সুৰেণ মহন্ত, অজিত কুমাৰ ভূঞা, ভূপেন শৰ্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শৰ্মা,প্ৰিয়ান্সী কাশ্যপ ,শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী, দ্বিপেন চুতীয়া, দীপশিখা শইকীয়া আদিয়ে।উল্লেখ্য যে, দুই-এগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ বাহিৰে ছবিখনৰ প্ৰায় আধা সংখ্যাক শিল্পীয়ে নৱাগত। সহঃ কাৰী পৰিচালক প্ৰিয়ান্সী কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ। ঢকুৱাখানাৰ সোণাৰী চাপৰি গুৱাহাটী আৰু জোনাইৰ বিভিন্ন লোকেশ্বনত এই ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল ৰমেন ৰাভা।সংগীত কৃপাল কলিতাৰ I সম্পাদনা কিশোৰ ডেকা। ,চিংক চাউণ্ড মাধব দাস আৰু গুণজিৎ শৰ্মা, শব্দ সম্পাদনা বিজয় নাথ I “ব্ৰীজ”চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে ৰ মুম্বাইত অমৃত প্ৰীতমে I ডি.আই ৰাজেশ য়াদৱ(মুম্বাই)।কলা নিৰ্দেশনা দ্বিপেন চুতীয়া, সাজসজ্জা সবিতা দেৱী, এনিমেশ্বন ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ চাবটাইটেল- শ্ৰুতি ভট্টাচাৰ্য্য,আৰু প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিণী কুমাৰ ডেকা।

]]>
https://rupaliparda.com/archives/25607/feed 0 25607
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “ব্ৰীজ” https://rupaliparda.com/archives/13717 https://rupaliparda.com/archives/13717#respond Fri, 24 Apr 2020 06:30:32 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13717 সমগ্ৰ বিশ্বতে ক’ৰ’ণাই সন্ত্ৰাস চলাই আছে। অসমতো ক’ৰ’ণাত আকান্ত সংখ্যা বৃদ্ধি পাইছে। ঠিক সেই সময়তে অসমীয়া ছবিজগতৰ বাবে আহিছে ভাল খবৰ।কৃপাল কলিতা ৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ “ব্ৰীজ” এতিয়ালৈকে তিনিটাকৈ আন্তঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অফিচিয়েলি মনোনয়ন লাভ কৰিছে Iআমেৰিকাত অনুষ্ঠিত হ’বলগীয়া Southeast Regional film festival আৰু লন্ডনৰে দুটাকৈ ফিল্ম ফেষ্টিভেল Pinewood Studios Light-of Film festival আৰু  first timefilmmaker Session 2020. চলচ্চিত্ৰ মহোৎসৱত I ছবিখন এখন নৈ পৰীয়া গাওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে য’ত এখন দলঙৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে গাওঁৰ জনসাধাৰণ। অসংখ্য সমস্যাৰ আগ্ৰাসনত থকা স্বত্বেও গাঁৱৰে এগৰাকী কিশোৰীয়ে নিজ পৰিয়ালটি পোহপাল দিয়া সংগ্ৰামী কাহিনীক জীৱন্ত ৰূপত দাঙি ধৰা হৈছে “ব্ৰীজ” তi উল্লেখ্য যে, ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে এখন গাঁওক কেন্দ্ৰ কৰি য’ত এখন দলঙৰ অভাৱত তাত বসবাস কৰা মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয়।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “ব্ৰীজ” 7


সীমাহীন সমস্যাৰ আবৰ্তত থকা সত্বেও সেইখন গাঁওৰে এইগৰাকী কিশোৰীয়ে পৰিয়ালটি পোহপাল দিয়াৰ নিমিত্তে বাছি লোৱা সংগ্ৰামী জীৱনক ছবিখনৰ মাজেৰে দেখুৱা হৈছে। বানাক্ৰান্ত অঞ্চলৰ মানুহৰ দুৰ্দশা এফালে যেনেকৈ হৃদয় বিদাৰক আনপিনে নৈখনৰ প্ৰতি থকা দুৰ্বাৰ স্নেহ তথা প্ৰতিবছৰ বানপানীৰ পিছত পুনৰায় অযুত সপোন বুকুত বান্ধি একোটা নতুন জীৱন আৰম্ভ কৰা দৃশ্য নিশ্চিতভাৱে লক্ষ্যণীয়। সত্য ঘটনাৰ ওপৰত আধাৰিত এই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ পৰিচালকজনৰ নিজৰ। “কৃষ্টিপথাৰ” ৰ বেনাৰত নিৰ্মিত ছবিখন যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে ৰাম কুমাৰ দাস আৰু সবিতা দেৱীয়ে ।অভিনয় কৰিছে শিৱ ৰাণী কলিতা, পাৰ্থ প্ৰতীম বৰা, অনিন্দিতা দাস, স্বপ্নীল নাথ, কৃপাল কলিতা,গোপামনি গগৈ, ৰীণা বৰা, সুৰেণ মহন্ত, অজিত কুমাৰ ভূঞা, ভূপেন শৰ্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শৰ্মা,প্ৰিয়ান্সী কাশ্যপ ,শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী, দ্বিপেন চুতীয়া, দীপশিখা শইকীয়া আদিয়ে।উল্লেখ্য যে, দুই-এগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ বাহিৰে ছবিখনৰ প্ৰায় আধা সংখ্যাক শিল্পীয়ে নৱাগত।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ “ব্ৰীজ” 8


সহঃ কাৰী পৰিচালক  প্ৰিয়ান্সী কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ। ঢকুৱাখানাৰ সোণাৰী চাপৰি গুৱাহাটী আৰু জোনাইৰ বিভিন্ন লোকেশ্বনত এই ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল ৰমেন ৰাভা।সংগীত কৃপাল কলিতাৰ I সম্পাদনা কিশোৰ ডেকা। ,চিংক চাউণ্ড  মাধব দাস আৰু গুণজিৎ শৰ্মা, শব্দ সম্পাদনা বিজয় নাথ I “ব্ৰীজ”চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে ৰ  মুম্বাইত অমৃত প্ৰীতমে I ডি.আই  ৰাজেশ য়াদৱ(মুম্বাই)।কলা নিৰ্দেশনা দ্বিপেন চুতীয়া, সাজসজ্জা সবিতা দেৱী, এনিমেশ্বন ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ চাবটাইটেল- শ্ৰুতি ভট্টাচাৰ্য্য,আৰু প্ৰযোজনা নিয়ন্ত্ৰক  ৰোহিণী কুমাৰ ডেকা।

]]>
https://rupaliparda.com/archives/13717/feed 0 13717
“চলচিত্ৰ্ম নেশ্বনেল ফিল্ম ফেষ্টিভেল” ত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত “জাপি”- https://rupaliparda.com/archives/13637 https://rupaliparda.com/archives/13637#respond Wed, 22 Apr 2020 12:34:22 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13637 অসমীয়া ছবিসমূহৰ দৰেই বৰ্তমান সময়ত চুটি ছবি, তথ্য চিত্ৰ সমূহে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে দৰ্শকৰ ওপৰত। মনোৰঞ্জনৰ সমান্তৰালকৈ তথ্য চিত্ৰ এখনৰ দ্বাৰা শিকিবলগীয়া কথাখিনিৰেহে দৰ্শক অতি আকৰ্ষিত হৈ পৰে। “লক-ডাউন” ৰ সময়ছোৱাত জনসাধাৰণৰ ভাৱে নিজৰ লগত সময় কটোৱাটো আটাইতকৈ সহজ হৈ পৰিছে। সকলোৱে নিজৰ ইচ্ছানুসৰি সময় কটাইছে এই “লক-ডাউন” ত। এনে সময়ত দৰ্শকৰ মনোৰঞ্জনৰ প্ৰয়াসো কৰা দেখিবলৈ পোৱা গৈছে একাংশ শিল্পীক। গতিকে, এই সময়ছোৱাত বিভিন্ন ছবি ও তথ্য চিত্ৰৰ খবৰ দি দৰ্শকৰ মনোৰঞ্জন কৰাৰ চেষ্টা কৰা দেখা গৈছে পৰিচালক ও চলচিত্ৰ সমালোচক উৎপল দত্তক। কিছুদিন পূৰ্বে অনুষ্ঠিত “চলচিত্ৰম নেশ্বনেল ফিল্ম ফেষ্টিভেল” ত শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ লাভ কৰা “জাপি” শীৰ্ষক তথ্যচিত্ৰৰ বিষয়ে জানিবলৈ দিয়ে পৰিচালক গৰাকীয়ে।

"চলচিত্ৰ্ম নেশ্বনেল ফিল্ম ফেষ্টিভেল" ত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত "জাপি"- 9


কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত এই ১৯ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ খনত অসমৰ অতিকৈ আপোন এক চিহ্ন “জাপি” ৰ বিষয়ে আলোচনাক দাঙি ধৰা হৈছে। বিগত দিনৰ পৰা অসমীয়া ৰাইজে বিশেষকৈ কৃষক সমাজে প্ৰতিকূল অৱস্থাৰ পৰা বাচিবলৈ ব্যৱহাৰ কৰা “জাপি” টোৱে গিনিছ বুক অৱ বৰ্ল্ড ৰেকৰ্ডত স্থান গ্ৰহণ কৰালৈ; এই আটাইৰে বিৱৰণ কৰা হৈছে উক্ত তথ্যচিত্ৰখনত। দেশ-বিদেশৰ পৰা অহা অতিথিক কৰা আপ্যায়নৰ পৰা বিহুৰ সময়ত নাচনীয়ে কৰা “জাপি” ৰ ব্যৱহাৰে ইয়াৰ মান মৰ্যাদা কিমান উৰ্দ্ধত কৰিছে সেয়া অনুমান কৰিব পৰা যায়। তথ্যচিত্ৰ খনত “জাপি” ৰ বিষয়ে পুংখাপুংখ তথ্য দাঙি ধৰাৰ লগতে নেপথ্যত বাজি থকা “ভইচ অভাৰ” ৰ সৈতে সামঞ্জস্য ৰখা প্ৰতিটো দৃশ্যই আছলতে তথ্যচিত্ৰখনক অধিক গ্ৰহণযোগ্য কৰি তুলিছে।

"চলচিত্ৰ্ম নেশ্বনেল ফিল্ম ফেষ্টিভেল" ত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত "জাপি"- 10


প্ৰথম স্থানপ্ৰাপ্ত এই তথ্যচিত্ৰ খন উপলদ্ধ “Vimeo” নামে এপটোত। ছবিখন উপভোগ কৰা পিছতেই জনসাধাৰণৰ পৰা অহা মন্তব্যই প্ৰমাণ কৰিছে ছবিখনৰ সফলতা।

]]>
https://rupaliparda.com/archives/13637/feed 0 13637