Lata Mangeshkar – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 06 Feb 2022 08:05:18 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Lata Mangeshkar – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কোকিলকণ্ঠী লতা মংগেশকাৰৰ https://rupaliparda.com/archives/28852 https://rupaliparda.com/archives/28852#respond Sun, 06 Feb 2022 07:58:00 +0000 https://rupaliparda.com/?p=28852 সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি হৈ আছিল। বিগত ২৮ দিন ধৰি লতা মংগেশকাৰৰ চিকিৎসা ডাঃ প্ৰতীক সমদানীৰ তত্বাৱধানত চলিছিল। কেইদিনমান পূৰ্বে স্বাস্থ্যৰ কিছু উন্নতি হৈছিল কিন্তু শনিবাৰে তেওঁৰ স্বাস্থ্য অৱনতি হোৱাত ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পী গৰাকীয়ে।

লতা মংগেশকাৰৰ জন্ম ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত পণ্ডিত দীনানাথ মংগেশকাৰৰ পৰিয়ালত ইন্দোৰ চহৰত হয়। পণ্ডিত দীনানাথ মংগেশকাৰ আছিল মঞ্চশিল্পী তথা গায়ক। লতা মংগেশকাৰৰ প্ৰথম নাম আছিল হেমা । পাঁচ বছৰ বয়সত তেওঁৰ নাম সলনি কৰি ৰখা হয় লতা । লতা মংগেশকাৰে ৫ বছৰ বয়সতে দেউতাকৰ পৰা অভিনয় আৰু গান শিকিবলৈ আৰম্ভ কৰিছিল। তেওঁ মাত্ৰ ১৩ বছৰ বয়সত তেওঁৰ পিতৃক হেৰুৱাইছিল।

৮টা দশকজুৰি ত্ৰিশটাৰো অধিক ভাষাত গান গাই সংগীতৰ জগতখনত আধিপত্য বজাই ৰাখিছিল লতা মংগেশকাৰে। তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। তেৱেই হৈছে একমাত্ৰ ব্যক্তি,যাৰ নামত জীৱিত অৱস্থাতে পুৰষ্কাৰ প্ৰদান কৰা হয়।

]]>
https://rupaliparda.com/archives/28852/feed 0 28852
দিলীপ কুমাৰৰ মৃত্যত শোকাহত ভগ্নী লতা মংগেশকাৰঃ https://rupaliparda.com/archives/27328 https://rupaliparda.com/archives/27328#respond Thu, 08 Jul 2021 12:30:00 +0000 https://rupaliparda.com/?p=27328 ভাৰতীয় ছবি জগতৰ মহীৰূহ অভিনেতা দিলীপ কুমাৰে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতেই চাৰিওফালে শোকৰ বন্যা বৈছে। তেওঁৰ স্মৃতি ৰোমন্থনৰ দ্বাৰা তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ছবি জগতৰ প্ৰায় প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে। শেহতীয়াকৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগীত জগতৰ কুকীল কণ্ঠী গায়িকা লতা মংগেশকাৰে। দিলীপ কুমাৰক মনত পেলাই আৱেগিক হৈ পৰে কণ্ঠশিল্পী গৰাকী। তেওঁ অভিনেতা দিলীপ কুমাৰ ভাতৃজ্ঞান কৰি ৰাখী বান্ধিছিল; দিলীপ কুমাৰৰ কেইবাখনো ছবিৰ নায়িকাক কণ্ঠ দিছিল লতা মংগেশকাৰে। তেওঁ টুইট যোগে কয় যে, “য়ুসূফ ভাই নিজৰ সৰু ভগ্নীক এৰি আঁতৰি গ’ল। তেওঁ কি গ’ল, এটা যুগৰ অন্ত হৈ পৰিল। মই একো ভাবিব পৰা নাই। মই দুঃখিত। মই কি ক’ম ভাবিব পৰা নাই। বহু কথা, বহু স্মৃতি তেওঁ আমাক দি এৰি গ’ল।” দিলীপ কুমাৰৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ৷ বুধবাৰে পুৱা ৭.৩০ বজাত মুম্বাইৰ হস্পিটেলত তেওঁৰ ইহলীলা সম্বৰণ কৰে। শ্বাসজনিত কাৰণত হাস্পাতালত ভর্তি হৈ আছিল তেওঁ। বুধবাৰে অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। টুইটাৰত শোক বার্তাত মোদীয়ে লিখে যে, ‘দিলীপ কুমাৰ জীৰ অসামান্য প্রতিভাৰ অধিকাৰী আছিল। তেওঁৰ কামে বহু প্রজন্মক উৎসাহিত কৰিছে। তেওঁক এজন চিনেমেটিক কিংবদন্তি হিচাবে স্মৰণ কৰিব দেশে। তেওঁৰ প্ৰস্থানত আমাৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি হ’ল। তেওঁৰ পৰিয়াল, পৰিজন আৰু অনুৰাগী সকলৰ প্রতি মোৰ সমবেদনা জনালো।’

উল্লেখ্য, দীর্ঘ দিন ধৰি বয়সজনিত অসুস্থতাত ভুগি আছিল দিলীপ কুমাৰ। মুম্বাইৰ হিন্দুজা হস্পিটেলৰ আইচিইউত ভর্তি হৈ আছিল তেওঁ। যোৱা ৩০ জুনত তেওঁক হস্পিটেলত ভর্তি কৰোৱা হয়। মৃত্যুৰ সময়ত তেওঁৰ কাষত আছিল পত্নী চায়েৰা বানু।
ছয়টা দশকৰ অভিনয় জীৱন দিলীপ কুমাৰৰ। বলিউডত তেওঁ পৰিচিত আছিল ‘ট্ৰেজেডি কিং’ নামেৰে। ৬৫খনৰো অধিক ছবিত তেওঁ অভিনয় কৰিছে। তেওঁৰ অভিনীত আইকনিক ছবিবোৰৰ ভিতৰত উল্লেখযোগ্য ‘দেৱদাস’, ‘নয়া দৌৰ’, ‘মোগল-এ-আজম’, ‘গঙ্গা যমুনা’, ‘ক্রান্তি’ আৰু ‘কর্মা’। তেওঁক শেষবাৰ পর্দাত দেখা গৈছিল ১৯৯৮ চনত ‘কিলা’ ছবিত।

]]>
https://rupaliparda.com/archives/27328/feed 0 27328
ক’ৰোণাৰ বাবে কেনেদৰে নিজ সুৰক্ষা লৈছে লতা মংগেশকাৰে! https://rupaliparda.com/archives/25257 https://rupaliparda.com/archives/25257#respond Tue, 06 Apr 2021 12:30:00 +0000 https://rupaliparda.com/?p=25257 ক’ৰোণা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে অধিক সংক্ৰমণৰ হাৰ বঢ়াই দিয়াৰ ফলত এতিয়া ই একাংশ লোকক চিন্তিত কৰি তুলিছে। সাধাৰণ লোকৰ গাত হোৱা সংক্ৰমণৰ উপৰিও চিলেব্ৰেটী সমূহকো ই এৰি দিয়া নাই; মহাৰাষ্ট্ৰত বৃদ্ধি পোৱা সংক্ৰমণৰ সংখ্যাৰ বাবে শেহতীয়াকৈ ঠাইয়ে ঠাইয়ে “লক-ডাউন” ঘোষণা কৰা হৈছে। এইখিনিতে কুকিলকন্ঠী গায়িকা লতা মংগেশকাৰে নিজ চিন্তা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে; যদিও সংগীত ক্ষেত্ৰখনৰ পৰা বৰ্তমান কন্ঠশিল্পী গৰাকী আঁতৰি আছে তৎস্বত্বেও নিজ সুমধুৰ কন্ঠই শ্ৰোতা-দৰ্শকক তেওঁ আপ্লুত কৰি ৰাখিব পাৰে। শেহতীয়াকৈ ক’ৰোণাক লৈ নিজ চিন্তা প্ৰকাশ কৰি এখব ৱেব পৰ্টেল যোগে তেওঁ কয় যে, “এয়া বহুত বেয়া কথা আৰু ইয়াৰ বাবে আমি অপৰাধী, প্ৰত্যেক মানুহে পাৰ্টী সমূহত অংশগ্ৰহণ কৰিবলৈ লৈছে। মাস্ক পৰিধান কৰিবলৈ এৰিছে, যথেষ্ট সংখ্যক আলহীৰ সৈতে বিবাহৰ আয়োজন কৰিবলৈ লৈছে।” ইয়াৰ লগতে কন্ঠশিল্পী গৰাকীয়ে নিজ সুৰক্ষা কেনেদৰে লৈছে সেই কথাও ব্যক্ত কৰে। তেওঁ কয় যে, “মোৰ কোঠাত কেৱল মোৰ পৰিয়ালৰ সদস্য সকল অহাৰহে অনুমতি আছে। যিসকল মোৰ বাবে গুৰুত্বপূৰ্ণ মই তেওঁলোককহে লগ কৰিবলৈ লৈছো। সুৰক্ষা সকলো বস্তুতকৈ উৰ্দ্ধত।”

ক'ৰোণাৰ বাবে কেনেদৰে নিজ সুৰক্ষা লৈছে লতা মংগেশকাৰে! 1
ক'ৰোণাৰ বাবে কেনেদৰে নিজ সুৰক্ষা লৈছে লতা মংগেশকাৰে! 2


তেওঁ আগলৈ কয় যে, “মই দেশৰ জনসাধাৰণক আহ্বান জনাইছো যে মাস্ক পিন্ধক; ক’ৰবালৈ গ’লেই মাস্ক পৰিধান কৰক। আইছো’লেশ্বনতকৈ অইন উত্তম উপায় এই ভাইৰাছটোৰ সৈতে যুঁজিবলৈ নাই; আমি এই ভাইৰাছটোৰ সৈতে যুঁজিব লাগিব আৰু ইয়াক হৰুৱাব লাগিব।”

]]>
https://rupaliparda.com/archives/25257/feed 0 25257
সুস্থ হৈ উঠিছে কোকিল কন্ঠী গায়িকা লতা মংগেশকাৰঃ ঘূৰি আহিব নিজ গৃহলৈ- https://rupaliparda.com/archives/7898 https://rupaliparda.com/archives/7898#respond Wed, 13 Nov 2019 13:33:13 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7898 “স্বৰ কোকিলা” খ্যাত ভাৰত ৰত্ন প্ৰাপ্ত কন্ঠশিল্পী লতা মংগেশকাৰ যোৱা দুদিন ধৰি মুম্বাইস্থিত ব্ৰীচ কেণ্ডী হস্পিতালত ভৰ্তি হৈ আছিল। শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে কন্ঠশিল্পী গৰাকীক যোৱা সোমবাৰৰ দিনাই আই.চি.উত ভৰ্তি কৰা হৈছিল।

সুস্থ হৈ উঠিছে কোকিল কন্ঠী গায়িকা লতা মংগেশকাৰঃ ঘূৰি আহিব নিজ গৃহলৈ- 3


কিন্তু বৰ্তমান লতা মংগেশকাৰৰ স্বাস্থ্য কিছু উন্নত হোৱা বুলি জানিবলৈ দিয়ে তেওঁৰ পৰিয়ালৰ সদস্যই। তেওঁলোকে ৰাইজক ধন্যবাদ জনাই কয় যে, “লতা দিদিৰ আৰোগ্য কামনা সকলক ধন্যবাদ জনাইছো আৰু আপোনালোকক জনাওঁ যে; তেওঁৰ স্বাস্থ্য কিছু পৰিমাণে ভাল আৰু স্থিৰ হৈছে।”

সুস্থ হৈ উঠিছে কোকিল কন্ঠী গায়িকা লতা মংগেশকাৰঃ ঘূৰি আহিব নিজ গৃহলৈ- 4


জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পূৰ্বে তেওঁ নিজ অনুৰাগী সমূহৰ সৈতে টুইটাৰত ব্যস্ত হৈয়ে আছিল।

]]>
https://rupaliparda.com/archives/7898/feed 0 7898
লতা মংগেশকাৰৰ জন্মদিনত শুনো আহক কেইটিমান জনপ্ৰিয় গীতঃ https://rupaliparda.com/archives/6121 https://rupaliparda.com/archives/6121#respond Sat, 28 Sep 2019 12:47:15 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6121 সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ ৯০সংখ্যক জন্মদিন উদযাপন। ৰংগমঞ্চৰ কলাকাৰ হিচাপে জনপ্ৰিয় লতাৰ পিতৃৰ বাবেই লতা মংগেশকাৰে লাভ কৰিছিল সংগীতৰ এটা সুন্দৰ পৰিৱেশ। জন্মৰ পৰা “হেমা” নামেৰেই ডাঙৰ দীঘল হোৱা এই গৰাকী তাৰকাক তেওঁৰ ৫ বছৰ বয়সতহে “লতা” নামটো দিয়া হয়।

লতা মংগেশকাৰৰ জন্মদিনত শুনো আহক কেইটিমান জনপ্ৰিয় গীতঃ 5


নিজৰ ঘৰৰ সমস্ত দায়িত্ব গ্ৰহণ কৰি কাম কৰিবলৈ লোৱা লতা মংগেশকাৰে কোনোদিন নিজৰ বিবাহৰ কথা ভাবিবই পৰা নাছিল। বহুত বেছি কাম তেওঁৰ লগত থকাৰ লগতে সৰু ভাই- ভনীক সংস্থাপন দিয়া দায়িত্বৰ ভাৰ তেওঁৰ লগত থকা বাবে লতাই কোনোদিন বিবাহ পাশত আবদ্ধ হ’ব পৰা নাছিল।

লতা মংগেশকাৰৰ জন্মদিনত শুনো আহক কেইটিমান জনপ্ৰিয় গীতঃ 6


কেইবাটাও দশকত লতা মংগেশকাৰে নিজ কন্ঠৰ দ্বাৰা ৰাজত্ব কৰিছে এই সংগীত জগতত। তেওঁ বলীউডেই নহয় অসমীয়া সংগীততো কন্ঠ নিগৰাইছে।

লতা মংগেশকাৰৰ জন্মদিনত শুনো আহক কেইটিমান জনপ্ৰিয় গীতঃ 7


ৰূপালী পৰ্দাৰ ফালৰ পৰা এই মহান তাৰকা গৰাকীক জন্মদিনৰ শুভকামনা জনোৱাৰ লগতে আহক শুনো তেওঁৰ কন্ঠৰ কেইটিমান জনপ্ৰিয় গীতঃ

https://youtu.be/TFr6G5zveS8

https://youtu.be/M7-EQ68S4ls

]]>
https://rupaliparda.com/archives/6121/feed 0 6121
“নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী”- লতা মংগেশকাৰ https://rupaliparda.com/archives/4968 https://rupaliparda.com/archives/4968#respond Wed, 04 Sep 2019 11:43:37 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=4968 ৰাণু মণ্ডলৰ টেলেন্টেক নকল আখ্যা লতা মংগেশকাৰৰ। লতা মংগেশকাৰ হৈছে এনে এজনী গায়িকা; যাৰ অনুৰাগী নোহোৱাকৈ কোনো দৰ্শক নাই। চুকে-কোণে সকলোতে এই মহান গায়িকা গৰাকীৰ গীত গোৱা অথবা শুনা হয়। ঠিক তেনেদৰে, লতা মংগেশকাৰৰে এটা গীত “এক প্যাৰ কা নগমা হে” গাই জনপ্ৰিয় হৈ পৰিছিল ৰাণু মণ্ডল।

"নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী"- লতা মংগেশকাৰ 8


প্ৰত্যেকজন ব্যক্তিয়ে ৰাণুৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল আৰু বৰ্তমান তেওঁক বলীউডৰ চিলেব্ৰেটী ৰূপতো বিবেচনা কৰা হৈছে। কিন্তু এনেক্ষেত্ৰত এতিয়া মুখ খুলিছে লতা মংগেশকাৰে।

"নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী"- লতা মংগেশকাৰ 9
"নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী"- লতা মংগেশকাৰ 10


শিল্পী গৰাকীৰ মতে, তেওঁৰ গানেৰে যদি কাৰোবাৰ কেতিয়াবা ভাল হয় তেতিয়া তেওঁ নিজকে সোভাগ্যৱান বুলি ভাৱে। লগতে তেওঁ কয় যে, “মোৰ, কিশোৰ দা, ৰফী চাহেব, মুকেশ ভাই আদিৰ গান গাই কেইটামান দিনৰ বাবেহে এজন শিল্পীয়ে নিজৰ পিনে দৰ্শকক আকৃষ্ট কৰিব পাৰে কিন্তু এই সফলতা দীৰ্ঘগামী নহয়।”

"নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী"- লতা মংগেশকাৰ 11


লতা মংগেশকাৰে আকৌ কয় যে,বহুত ল’ৰা-ছোৱালীয়ে তেওঁৰ গীত গাই প্ৰথমে জনপ্ৰিয়তা লাভ কৰে যদিও পিছলৈ তেওঁক সকলোৱে পাহৰি যায়। তেওঁৰ গান গোৱা গায়িকাৰ ভিতৰত কেৱল মাত্ৰ সুনীধি চৌহান আৰু শ্ৰেয়া ঘোষালক চিনি পাওঁ বুলি মত ব্যক্ত কৰে শিল্পী গৰাকীয়ে।

"নকল কৰি পোৱা জনপ্ৰিয়তা ক্ষণস্থায়ী"- লতা মংগেশকাৰ 12


শেষত লতা মংগেশকাৰে উঠি অহা সকলক সদায় নতুন হ’বলৈ পৰামৰ্শ দিয়ে।

]]>
https://rupaliparda.com/archives/4968/feed 0 4968