Lifestyle Stores – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 08 Apr 2021 16:07:40 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Lifestyle Stores – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰঙালীৰ ৰং; Lifestyle Stores ৰ নতুন সংযোজন “দা লাইফষ্টাইল বিহু এন্থেম”- https://rupaliparda.com/archives/25343 https://rupaliparda.com/archives/25343#respond Sat, 10 Apr 2021 05:30:00 +0000 https://rupaliparda.com/?p=25343 ৰঙালী বিহু সমাগত; বিহুক লৈ এতিয়া উৎফুল্লিত সাধাৰণ ৰাইজ। অসমবাসীৰ বিহু বুলিলেই গা সাতখন-আঠখন হয়। অসমীয়া নৱবৰ্ষৰ লগতে বিহুটোক আদৰিবলৈ যা-যোগাৰবোৰো যেন আৰম্ভ কৰা হয় বহু দিন আগৰ পৰাই। জ্যেষ্ঠ জনক সেৱা আগবঢ়ালৈ অথবা প্ৰিয় জনক ফুলাম গামোচাৰে মৰম যাঁচিবলৈ শিপিনীয়ে তাঁতশালত গামোচা লগায়; কেওঁদিশ ব্যস্ততাৰে পূৰ্ণ হৈ থকাৰ সমান্তৰালকৈ বিহুগীত সমূহৰ প্ৰস্তুতিটো ব্যস্ত হৈ পৰে অসমীয়া শিল্পী সকল। বিহু বুলি মুগাৰ সাঁজযোৰ পিন্ধি পথাৰৰ গছৰ তলত নহ’লেও ঘৰতেই এপাক নাচি যেন আনন্দ ল’বলৈ চেষ্টা কৰে সকলোৱে। এযোৰ নতুন কাপোৰ কিনিবলৈ উৎসাহী হৈ পৰা অসমীয়াক আৰু ইয়াতকৈ ডাঙৰ আনন্দৰ উৎসৱ কিবা লাগিছিনে? অসমবাসীৰ এনে আগ্ৰহকেই কেন্দ্ৰ কৰি ফেশ্বনৰ শেহতীয়া ধাৰাৰ গন্তব্যস্থান তথা ভাৰতৰ আগশাৰীৰ ফেশ্বন প্ৰতিষ্ঠান লাইফষ্টাইলে আকৰ্ষণীয় মূল্যত ফেষ্টিভ কালেকচন আগবঢ়াই তেওঁলোকৰ ব্যক্তিগত ইউটিউব চেনেলযোগে মুকলি কৰিছে “দা লাইফষ্টাইল বিহু এন্থেম”। এইখিনিতে, আপোনালোকে জানিবলৈ পাই আৰু সুখী হ’ব যে এই গীতটিত কন্ঠদান কৰিছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ তথা অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে। অৱশ্যে, জুবিন গাৰ্গৰ কন্ঠৰে নিগৰা এটি বিহু নহ’লে আচলতে অনুৰাগী বোৰো আধৰুৱা হৈ পৰে; তাতেই আকৌ যদি এখন প্ৰতিষ্ঠানৰ “বিহু এন্থেম” ত জুবিনে নিজ কন্ঠ দিছে তেতিয়াহ’লে প্ৰতিষ্ঠানখনত বজাৰ কৰিবলৈ যোৱা মাদকতাই সুকীয়া হৈ পৰিব। নহয়নে?


গীতটিৰ ৰচনা পাৰ্থপ্ৰতিম গগৈৰ লগতে ইয়াত কথা দিছে জনপ্ৰিয় ইবচন লাল বৰুৱাই। আনহাতে, সংগীত পৰিচালনা কৰিছে ক্ৰমে ৰুদ্ৰজিৎ লহকৰ আৰু ৰূপক দত্তই। “দা লাইফষ্টাইল বিহু এন্থেম” ৰ ভিডিঅ’টোত বিহুৰ প্ৰাকমূহুূৰ্তত জনসাধাৰণৰ মাজত থকা উছাহ-উদ্দীপনাক উপস্থাপন কৰা হোৱাৰ লগতে চহৰখনৰ বিভিন্ন প্ৰান্তত চলি থকা বিহুৰ প্ৰস্তুতিক গীতটিৰ জৰিয়তে দেখুওৱা হৈছে। ৰঙালীক আদৰিবলৈ এযোৰ ধুনীয়া মনে-মিলা কাপোৰ পৰিধান কৰিবলৈ বিচৰা অসমবাসীৰ বাবে অতি কম মূল্যতে Lifestyle Stores য়ে লৈ আনিছে ফেশ্বনযুক্ত সাজ-পোছাক। লাইফষ্টাইলৰ বিপণন বিভাগৰ জ্যেষ্ঠ উপাধ্যক্ষ শ্ৰী নিবাস ৰায়ে কয় যে “এইবাৰ জনসাধাৰণে হেঁপাহেৰে আৰু যথেষ্ট আগ্ৰহেৰে বিহু উৎযাপনৰ বাবে আগবাঢ়িছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই উৎসৱৰ সময়ত গ্ৰাহকক উৎফুল্লিত কৰি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পৰাকৈ এক বিশেষ ধৰণে বিহুক আদৰিবলৈ আমিও সাজু হৈছো।” বিপণীখনৰ উৎসৱবিশেষ নতুন কালেকচনসমূহ গ্ৰাহকে লাভ কৰিব আকৰ্ষণীয় মূল্যত; যেনে ধৰক মহিলাৰ কূৰ্তাৰ মূল্য য’ত ৫৯৯ টকা, তাতেই আকৌ পুৰুষৰ ছাৰ্ট তথা কূৰ্তাৰ মূল্য হ’ব ৭৯৯ টকা।

ৰঙালীৰ ৰং; Lifestyle Stores ৰ নতুন সংযোজন "দা লাইফষ্টাইল বিহু এন্থেম"- 1


আনহাতে, এই নতুন কালেকচন সমূহ তেওঁলোকৰ উপলদ্ধ থাকিব lifestylestores.com ত। যাৰ দ্বাৰা গ্ৰাহকে ঘৰত বহিয়েই সুৰক্ষিত ভাৱে সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

]]>
https://rupaliparda.com/archives/25343/feed 0 25343