Mamta – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 27 Sep 2020 12:51:10 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Mamta – Rupaliparda.com https://rupaliparda.com 32 32 163073109 অহা মাহৰ পৰা খুলিব চিত্ৰগৃহ! কিন্তু ক’ত? https://rupaliparda.com/archives/20671 https://rupaliparda.com/archives/20671#respond Mon, 28 Sep 2020 14:30:28 +0000 https://rupaliparda.com/?p=20671 ক’ৰোণা কালৰ আৰম্ভণি অৰ্থাৎ বিগত মাৰ্চ মাহৰ মাজৰ সময়ছোৱাৰ পৰা বৰ্তমানলৈ দেশত চিত্ৰগৃহ সমূহ বন্ধ হৈ আছে। বহু সময়ৰ পৰা বন্ধ হৈ থকা এই চিত্ৰগৃহ সমূহ খোলাৰ বাবে এতিয়া যো-জা চলাইছে এখন ৰাজ্যই; দেশত আৰম্ভ হোৱা আনলক ৪.০ ত বিভিন্ন বন্ধ হৈ থকা প্ৰক্ৰিয়া সমূহো চলিবলৈ আৰম্ভ কৰিছে। আৰু, এনেক্ষেত্ৰতে এইবাৰ পশ্চিমবংগত খুলি দিয়া হ’ব ছবিগৃহ সমূহ। পশ্চিম বংগ চৰকাৰ-প্ৰশাসনে আগন্তুক মাহৰ পৰা অৰ্থাৎ অক্টোবৰৰ ১ তাৰিখৰ পৰাই চিত্ৰগৃহ সমূহ খোলাৰ বাবে প্ৰস্তুতি চলাইছে। এই কথাৰ জাননী পশ্চিমবংগৰ মূখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক টুইট যোগে জনসাধাৰণক জানিবলৈ দিয়ে। তেওঁ কয় যে, “সামান্য পৰিস্থিতিলৈ গতি কৰাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰা, খেল, চিনেমা, মিউজিকেল ডান্স প্ৰগ্ৰাম আদি ৫০ শতাংশ অথবা তাতোকৈ কম সংখ্যাৰ লোকক লগত লৈ খোলাৰ অনুমতি দিয়া হৈছে। আৰু, ইয়াৰ লগতে সামাজিক দূৰত্বৰ নিয়ম সমূহো জনসাধাৰণে পুংখানুপুংখ পালন কৰিব লাগিব।” মূখ্যমন্ত্ৰী গৰাকীয়ে মুখত মাস্ক পৰিধান কৰিহে যে এই অনুষ্ঠান সমূহলৈ প্ৰৱেশ কৰিব পাৰিব তাৰ কথাও ব্যক্ত কৰে।

অহা মাহৰ পৰা খুলিব চিত্ৰগৃহ! কিন্তু ক'ত? 1


আচলতে, বিগত বহু দিনৰ পৰাই চিনেমাঘৰৰ মালিক আৰু ছবি নিৰ্মাতা সকলে ছবিগৃহ সমূহ খোলাৰ বাবে আবেদন কৰি আহিছিল। উল্লেখ্য যে, ছবিগৃহ সমূহ খোলাৰ পিছতেই কেইবাজনো জনপ্ৰিয় তাৰকাৰ ছবি মুক্তি লাভ কৰিব; তাৰ ভিতৰত সূৰ্য়ৱংশী অথবা ৮৩ হৈছে লেখত ল’বলগীয়া। পশ্চিমবংগৰ বাহিৰে কিন্তু বৰ্তমান দেশৰ কোনো ঠাইতেই চৰকাৰে ছবিগৃহ খোলাৰ আদেশ প্ৰদান কৰা হোৱা নাই।

]]>
https://rupaliparda.com/archives/20671/feed 0 20671
মাতৃৰ মৰমৰ “বান্ধোন” তথা প্ৰেম-কাহিনীৰে ছবি “মমতা”- https://rupaliparda.com/archives/8998 https://rupaliparda.com/archives/8998#respond Sat, 28 Dec 2019 10:34:58 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8998 ১৯৭৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “মমতা”। নলীন দুৱৰা দ্বাৰা পৰিচালিত তথা প্ৰফুল্ল দত্ত আৰু শিৱ ঠাকুৰৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনে ১৯৭৩ চনৰ ২১ তম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া চলচিত্ৰ শিতানত ৰজত পদক লাভ কৰে।

মাতৃৰ মৰমৰ "বান্ধোন" তথা প্ৰেম-কাহিনীৰে ছবি "মমতা"- 2


গ্ৰাম্য জীৱনৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মিত “মমতা” ত এখন গাঁৱৰ এটা পৰিয়ালৰ গৃহ কন্দল তথা কিছু কথাৰ কটা-কটি লগতে সন্তানৰ মাতৃপ্ৰেম আদিক দেখুওৱা হৈছে।

মাতৃৰ মৰমৰ "বান্ধোন" তথা প্ৰেম-কাহিনীৰে ছবি "মমতা"- 3


উল্লেখ্য যে, উক্ত ছবিখনত পৰিচালক নলীন দুৱৰাই চিত্ৰগ্ৰহণকাৰীৰ দায়িত্ব পালন কৰিছিল। এই ছবিখনত অভিনয় কৰিছে ৰুদ্ৰ বৰুৱা,ইভা আচাও,শিৱ ঠাকুৰ, জয়া শইকীয়া আৰু মাষ্টাৰ শোণিত কুমাৰ শইকীয়াই। “মমতা” ত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ভূপেন হাজৰিকাই।

]]>
https://rupaliparda.com/archives/8998/feed 0 8998