Manas Robin – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 24 Aug 2021 05:10:45 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Manas Robin – Rupaliparda.com https://rupaliparda.com 32 32 163073109 মানস ৰবীনৰ নতুন ছবি “সোণপোনা”- https://rupaliparda.com/archives/28133 https://rupaliparda.com/archives/28133#respond Wed, 25 Aug 2021 11:30:00 +0000 https://rupaliparda.com/?p=28133 অসমীয়া ছবিগৃহলৈ আহিবলৈ সাজু হৈছে সংগীতশিল্পী মানস ৰবীনৰ চিত্ৰনাট্যৰে লিখি উলিওৱা এখন নতুন ছবি “সোণপোনা”। মৰাপাটৰ খেতিৰ মাজত চিত্ৰনাট্য লিখি থকা অৱস্থাত বিগত কিছুদিন পূৰ্বে এখন ফটো শ্বেয়াৰ কৰিছিল শিল্পী গৰাকীয়ে। তেওঁ নিজেও জনাই যে, অক্টোবৰ মাহৰ পৰা এই ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰি আগন্তুক ২০২১ বৰ্ষৰ জানুৱাৰী মাহলৈ ছবিখন দৰ্শকৰ মাজলৈ লৈ আনিব। একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা গায়ক মানস ৰবীন অসমীয়া সংগীত জগতৰ এগৰাকী লেখত ল’বলগীয়া শিল্পী। ১৯৯৯ চনত মানস ৰবীনে লাভ কৰিছিল “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছৰ ফিল্ম এৱাৰ্ড”। ১৯৯৫ চনত মুক্তিপ্ৰাপ্ত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ পেলোৱা মানস ৰবীন পিছলৈ “এন কে প্ৰডাকচন” ৰ সৈতে জড়িত হৈ পৰে। উক্ত প্ৰডাকচন হাউচটোৰ পৰাই তেওঁ সংগীত জীৱনৰ কিছু নতুন মূৰ লাভ কৰিবলৈ সক্ষম হয়। মানস ৰবীন আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ যি যুগলবন্দী; সেয়া সেইটো সময়ত অসমীয়া সংগীত প্ৰেমী ৰাইজৰ বাবে খুব সুন্দৰ অনুভৱ আছিল বুলি ক’ব পৰা যায়।উল্লেখ্য যে, বিগত দিনত হোৱা “কা” বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে আগভাগ লৈছিল এই গৰাকী শিল্পীয়ে। প্ৰত্যেকখন আন্দোলনত বিতৰ্কিত এই আইনখনক লৈ মাত মাতিছিল শিল্পী মানস ৰবীনে।

মানস ৰবীনৰ নতুন ছবি "সোণপোনা"- 1


ইয়াৰ উপৰিও, ক’ভিডৰ ফলত বিগত বৰ্ষত হোৱা “লক-ডাউন” ৰ পিছত এই সংগীতশিল্পী গৰাকীয়ে দুখীয়া তথা প্ৰয়োজনীয় সকলক সহায় আগবঢ়াইছিল। টকাৰে বৰঙণি আগবঢ়োৱাৰ সমান্তৰালকৈ খাদ্য বস্তু বিতৰণ কৰিও তেওঁ সহায় কৰিবলৈ আগবাঢ়িছিল সকলোৰে।

]]>
https://rupaliparda.com/archives/28133/feed 0 28133
মানস ৰৱীন, প্ৰিয়ংকা ভৰালী আৰু তৰুণ তন্ময়ৰ যুঁটিৰে প্ৰকল্প “পখিলা ২০২১”- https://rupaliparda.com/archives/25229 https://rupaliparda.com/archives/25229#respond Mon, 05 Apr 2021 10:30:00 +0000 https://rupaliparda.com/?p=25229 আকৌ তিনিগৰাকী জনপ্ৰিয় কন্ঠশিল্পীৰ যুঁটীয়া প্ৰকল্পৰে মুক্তি লাভ কৰা এটি প্ৰকল্প; মুক্তিৰ পিছতেই শ্ৰোতাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে প্ৰকল্পটোৱে। সংগীতশিল্পী মানস ৰবীনৰ দ্বাৰা নিবেদিত নতুন প্ৰকল্প “পখিলা ২০২১” ৰ গীতত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু তৰুণ তন্ময়ে। গীতটিৰ এক সৰু ভিডিঅ’ আপলোড কৰি কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে শ্ৰোতাক জানিবলৈ দিয়ে এই কথা। আহিবলগীয়া গীতটিত কথা আৰু সুৰ মানস ৰবীনৰ নিজৰেই; আনহাতে লিৰিকেল ভিডিঅ’ৰ দায়িত্বত আছে সঞ্জীৱ কলিতা। বিগত বহু সময়ৰ পিছত মানস ৰবীনৰ এটা নতুন গীত অনুৰাগীয়ে শুনিবলৈ পাব। “ক’ৰোণা ভাইৰাছ” ৰ লগতে বানপানীৰ কালছোৱাত যথেষ্ট সংখ্যক লোকক সক্ৰিয়তাৰে সহায় আগবঢ়োৱা মানস ৰবীনৰ অনুৰাগীৰ শাৰীটো আমি কোনোপধ্যেই নুই কৰিব নোৱাৰো। ১৯৯৯ চনত মানস ৰবীনে লাভ কৰিছিল “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছৰ ফিল্ম এৱাৰ্ড”। ১৯৯৫ চনত মুক্তিপ্ৰাপ্ত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ পেলোৱা মানস ৰৱীন পিছলৈ “এন কে প্ৰডাকচন” ৰ সৈতে জড়িত হৈ পৰে। উক্ত প্ৰডাকচন হাউচটোৰ প

ৰাই তেওঁ সংগীত জীৱনৰ কিছু নতুন মূৰ লাভ কৰিবলৈ সক্ষম হয়। মানস ৰৱীন আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ যি যুগলবন্দী; সেয়া অসমীয়া সংগীত প্ৰেমী ৰাইজৰ বাবে খুব সুন্দৰ অনুভৱ আছিল বুলি ক’ব পৰা যায়।

মানস ৰৱীন, প্ৰিয়ংকা ভৰালী আৰু তৰুণ তন্ময়ৰ যুঁটিৰে প্ৰকল্প "পখিলা ২০২১"- 2


সমান্তৰালকৈ তৰুণ তন্ময়ৰ কন্ঠৰে বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত গীতসমূহত ৰাইজৰ সঁহাৰিৰ দিশটো আমি দেখি আহিছো; তেওঁৰ কন্ঠৰ বাবেই তেওঁৰ অনুৰাগী শ্ৰোতা। শেহতীয়াকৈ প্ৰিয়ংকা ভৰালীয়ে “এচেৰেঙা ৰ’দালী” তৰফৰ পৰা ২০২০ বৰ্ষটোৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰিছিল। কন্ঠশিল্পী গৰাকীয়ে নিজৰ পুৰষ্কাৰৰ এখন ফটো চচিয়েল মিডিয়া যোগে আপলোড কৰে আৰু এই প্ৰাপ্তিৰ বাবে নিজৰ সুখানূভূতিও ব্যক্ত কৰে।

]]>
https://rupaliparda.com/archives/25229/feed 0 25229
মানস ৰবীন, প্ৰিয়ংকা ভৰালী আৰু তৰুণ তন্ময়ৰ যুঁটিৰে প্ৰকল্প “পখিলা ২০২১”- https://rupaliparda.com/archives/24750 https://rupaliparda.com/archives/24750#respond Mon, 15 Mar 2021 10:30:31 +0000 https://rupaliparda.com/?p=24750 আকৌ তিনিগৰাকী জনপ্ৰিয় কন্ঠশিল্পীক দেখিবলৈ লগতে তেওঁলোকৰ যুঁটীয়া প্ৰকল্পক অতিশীঘ্ৰে ৰাইজে শুনিবলৈ পাব। সংগীতশিল্পী মানস ৰবীনৰ দ্বাৰা নিবেদিত নতুন প্ৰকল্প “পখিলা ২০২১” ৰ গীতত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু তৰুণ তন্ময়ে। গীতটিৰ এক সৰু ভিডিঅ’ আপলোড কৰি কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে শ্ৰোতাক জানিবলৈ দিয়ে এই কথা। আহিবলগীয়া গীতটিত কথা আৰু সুৰ মানস ৰবীনৰ নিজৰেই; আনহাতে লিৰিকেল ভিডিঅ’ৰ দায়িত্বত আছে সঞ্জীৱ কলিতা। বিগত বহু সময়ৰ পিছত মানস ৰবীনৰ এটা নতুন গীত অনুৰাগীয়ে শুনিবলৈ পাব। “ক’ৰোণা ভাইৰাছ” ৰ লগতে বানপানীৰ কালছোৱাত যথেষ্ট সংখ্যক লোকক সক্ৰিয়তাৰে সহায় আগবঢ়োৱা মানস ৰবীনৰ অনুৰাগীৰ শাৰীটো আমি কোনোপধ্যেই নুই কৰিব নোৱাৰো। ১৯৯৯ চনত মানস ৰবীনে লাভ কৰিছিল “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছৰ ফিল্ম এৱাৰ্ড”। ১৯৯৫ চনত মুক্তিপ্ৰাপ্ত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ পেলোৱা মানস ৰৱীন পিছলৈ “এন কে প্ৰডাকচন” ৰ সৈতে জড়িত হৈ পৰে। উক্ত প্ৰডাকচন হাউচটোৰ পৰাই তেওঁ সংগীত জীৱনৰ কিছু নতুন মূৰ লাভ কৰিবলৈ সক্ষম হয়। মানস ৰৱীন আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ যি যুগলবন্দী; সেয়া অসমীয়া সংগীত প্ৰেমী ৰাইজৰ বাবে খুব সুন্দৰ অনুভৱ আছিল বুলি ক’ব পৰা যায়।

https://www.instagram.com/p/CMXZcLgHAmu/?utm_source=ig_web_copy_link


সমান্তৰালকৈ তৰুণ তন্ময়ৰ কন্ঠৰে বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত গীতসমূহত ৰাইজৰ সঁহাৰিৰ দিশটো আমি দেখি আহিছো; তেওঁৰ কন্ঠৰ বাবেই তেওঁৰ অনুৰাগী শ্ৰোতা। শেহতীয়াকৈ প্ৰিয়ংকা ভৰালীয়ে “এচেৰেঙা ৰ’দালী” তৰফৰ পৰা ২০২০ বৰ্ষটোৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰিছিল। কন্ঠশিল্পী গৰাকীয়ে নিজৰ পুৰষ্কাৰৰ এখন ফটো চচিয়েল মিডিয়া যোগে আপলোড কৰে আৰু এই প্ৰাপ্তিৰ বাবে নিজৰ সুখানূভূতিও ব্যক্ত কৰে।

]]>
https://rupaliparda.com/archives/24750/feed 0 24750
হতাশ মানস ৰৱীনঃ চিকিৎসাধীন জি এম চি এইচত- https://rupaliparda.com/archives/20382 https://rupaliparda.com/archives/20382#respond Sat, 19 Sep 2020 12:30:42 +0000 https://rupaliparda.com/?p=20382 ক’ৰোণা মহামাৰীৰ এই কালছোৱা সোনকালে শেষ হোৱাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছে সংগীতশিল্পী মানস ৰৱীনে। শেহতীয়াকৈ তেওঁৰ লগতে তেওঁৰ মাতৃ আৰু পিতৃৰ দেহত ক’ৰোণাৰ লক্ষণ দেখা পোৱা পিছতেই তেওঁলোকক জিএম চি এইচলৈ লৈ যোৱা হৈছিল। বৰ্তমানেও চিকিৎসাধীন হৈ আছে সংগীত শিল্পী লগতে তেওঁৰ পিতৃ-মাতৃ। কিন্তু, হতাশ হৈছে মানস ৰৱীন; কিয়নো তেওঁৰ পত্নীৰ লগতে ভগ্নী আৰু সন্তানে অকলশৰীয়া হয় থাকিবলগীয়া হৈছে বাসগৃহত। তেওঁ কয় যে, “চৌপাশৰ মৃত্যুৰ কিৰীলি , নিতৌ ডেও দি পাৰহৈছোঁ । এতিয়া আমাৰ পৃথিৱীত ধুমুহাৰ পাছৰ নিজানৰ গান আৰু বুকুৰ মাজত মাত্ৰ এটাই প্ৰাৰ্থনা– কৰ’না কাল , সোনকালে শেষ হ’লেই ভাল ।” সমাজত সংঘটিত প্ৰতিটো কথাৰ সৈতে জড়িত মানস ৰৱীনে সদায় নিজৰ দায়ৱদ্ধতাক আগত ৰাখি কাম কৰা দেখিবলৈ পোৱা যায়। য’ত একাংশ শিল্পীয়ে ৰাজনৈতিক দল সমূহলৈ ধাৱমান হৈছিল তেনে সময়তে মানস ৰৱীনে সক্ৰিয়তাৰে নিজ মন্তব্য প্ৰকাশ কৰাৰ লগতে শিল্পী গৰাকীয়ে অখিল গগৈৰ বাবে প্ৰদান কৰে মুঠ ২ লাখ টকাৰ সাহাৰ্য্য। বিগত সময়ত চলি থকা অখিল গগৈৰ প্ৰসংগটোক লৈ সৰৱো হৈ আছিল শিল্পী মানস ৰৱীন।

হতাশ মানস ৰৱীনঃ চিকিৎসাধীন জি এম চি এইচত- 3
হতাশ মানস ৰৱীনঃ চিকিৎসাধীন জি এম চি এইচত- 4


বান সমস্যাত জৰ্জৰিত হোৱা একাংশ জনসাধাৰণক সহায় আগবঢ়োৱাৰ উপৰিও ক’ৰোণা ভাইৰাছৰ ফলত যিখিনি শিল্পী আৰ্থিকভাৱে পিছপৰি ৰৈছিল তেওঁলোককো সহায় আগবঢ়াবলৈ আগবাঢ়ি আহে কন্ঠশিল্পী মানস ৰৱীন। ১৯৯৫ চনত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ দিয়া মানস ৰৱীন বৰ্তমানৰ এগৰাকী গীতিকাৰ, সুৰকাৰ,সংগীত পৰিচালক ও কন্ঠশিল্পী। “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছাৰ ফিল্ম এৱাৰ্ড” লাভ কৰিছিল মানস ৰৱীনে।

]]>
https://rupaliparda.com/archives/20382/feed 0 20382
শিল্পীৰ “U Turn” ৰ মাজতেই মানস ৰৱীনৰ সামাজিক দায়বদ্ধতাঃ https://rupaliparda.com/archives/19310 https://rupaliparda.com/archives/19310#respond Tue, 18 Aug 2020 12:30:49 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19310 “লক-ডাউন” ৰ সময়ত বিভিন্নজন জনসাধাৰণ হৈ কাম কৰাৰ উপৰিও কন্ঠশিল্পী মানস ৰৱীনে বৰ্তমান প্ৰতিটো সামাজিক কাৰ্যত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। য’ত একাংশ শিল্পীয়ে মাৰিছে “U Turn”; তাতেই আকৌ মানস ৰৱীনে আগবঢ়োৱা অবিৰত সহায়-সমৰ্থনে সাহস দিছে অসমীয়া জনসাধাৰণক। বিগত সময়ত লৈ চলি থকা অখিল গগৈৰ প্ৰসংগটোক লৈ সৰৱ শিল্পী মানস ৰৱীনো। সক্ৰিয়তাৰে নিজ মন্তব্য প্ৰকাশ কৰাৰ লগতে এইবাৰ শিল্পী গৰাকীয়ে অখিল গগৈৰ বাবে প্ৰদান কৰিছে মুঠ ২ লাখ টকাৰ সাহাৰ্য্য। অখিল গগৈৰ বিৰুদ্ধে চলা ষড়যন্ত্ৰৰ সমূহৰ বিষয়ে বিগত দিনৰ পৰা বিভিন্ন সংবাদ পত্ৰযোগে অথবা চেনেল যোগে সম্প্ৰচাৰিত হৈ আছে। এই বাতৰি সমূহক লৈয়ে এতিয়া দেহে-কেহে মাত মাতিছে কন্ঠশিল্পী গৰাকীয়ে। তেওঁ কয় যে, “কৃষক মুক্তিৰ ৰাজহুৱা আহ্বানলৈ সঁহাৰি জনাওঁক আৰু যিয়ে যেনেকৈ পাৰে অনুদান আগবঢ়াওঁক।”

শিল্পীৰ "U Turn" ৰ মাজতেই মানস ৰৱীনৰ সামাজিক দায়বদ্ধতাঃ 5
শিল্পীৰ "U Turn" ৰ মাজতেই মানস ৰৱীনৰ সামাজিক দায়বদ্ধতাঃ 6


বান সমস্যাত জৰ্জৰিত হোৱা একাংশ জনসাধাৰণক সহায় আগবঢ়োৱাৰ উপৰিও ক’ৰোণা ভাইৰাছৰ ফলত যিখিনি শিল্পী আৰ্থিকভাৱে পিছপৰি ৰৈছিল তেওঁলোককো সহায় আগবঢ়াবলৈ আগবাঢ়ি আহে কন্ঠশিল্পী মানস ৰৱীন। ১৯৯৫ চনত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ দিয়া মানস ৰৱীন বৰ্তমানৰ এগৰাকী গীতিকাৰ, সুৰকাৰ,সংগীত পৰিচালক ও কন্ঠশিল্পী। “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছাৰ ফিল্ম এৱাৰ্ড” লাভ কৰিছিল মানস ৰৱীনে।

]]>
https://rupaliparda.com/archives/19310/feed 0 19310
ডিজিটেলী প্ৰতিবাদ আৰম্ভ কৰিছে মানস ৰৱীনেঃ https://rupaliparda.com/archives/17779 https://rupaliparda.com/archives/17779#respond Thu, 09 Jul 2020 14:30:21 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17779 আকৌ এবাৰ দেশৰ বাবে একযোঁট হোৱাৰ চেষ্টা কৰিছে শিল্পী সমাজ। বিগত দিনত হোৱা বিতৰ্কিত “কা” আন্দোলনত শিল্পীৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা শ্ৰদ্ধা আমি দেখিবলৈ পাইছিলো। এনে আন্দোলনৰ ফলত বিভিন্নজনে প্ৰাণ আঁহুতি দিয়াৰ লগতে কেইবা গৰাকীও নেতাক কাৰাবন্দী কৰি ৰখা হৈছিল। এই কাৰাৰুদ্ধ নেতা সমূহৰ মাজৰে কৃষক নেতা অখিল গগৈ বৰ্তমান অসুস্থ। তেওঁক মুক্তিৰ দাবী জনোৱাৰ লগতে অন্যান্য ডিজিটেল মাধ্যম যোগে ডিজিটেল প্ৰতিবাদ কৰাৰ আহ্বান জনাইছে বৰ্তমান শিল্পী মানস ৰৱীনে। বিগত দিনৰ পৰাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অহা শিল্পী মানস ৰৱীনে এই ডিজিটেল প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে এতিয়া জনসাধাৰণক। আজি পুৱা ৯ বজাৰ পৰা চচিয়েল মিডিয়াত এই ব্যতিক্ৰমী প্ৰতিবাদৰ আৰম্ভণি হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্নজনে নিৰ্দ্দিষ্ট দুই হেছটেগ অৰ্থাৎ #ReleaseAkhilGogoi আৰু #JusticeForAkhilGogoi ৰ শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, কাৰাগাৰত অখিল গগৈৰ লগতে কাৰাবন্দী কৰি ৰখা হৈছে বৰ্তমান ধৈৰ্য্য কোঁৱৰ, ছাত্ৰ নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰকো।

ডিজিটেলী প্ৰতিবাদ আৰম্ভ কৰিছে মানস ৰৱীনেঃ 7
ডিজিটেলী প্ৰতিবাদ আৰম্ভ কৰিছে মানস ৰৱীনেঃ 8
ডিজিটেলী প্ৰতিবাদ আৰম্ভ কৰিছে মানস ৰৱীনেঃ 9
ডিজিটেলী প্ৰতিবাদ আৰম্ভ কৰিছে মানস ৰৱীনেঃ 10


এগৰাকী শিল্পীৰ সমান্তৰালকৈ সমাজৰ বাবে প্ৰত্যেকটো সময়ত আগবাঢ়ি অহা দেখিবলৈ পোৱা যায় মানস ৰৱীনক। সম্প্ৰতি দেশত চলা মহামাৰীৰ বাবে তেওঁ কিছুদিন পূৰ্বে “অসম আৰোগ্য নিধি” লৈ অনুদান আগবঢ়োবাৰ উপৰিও ভিন্ন জন ব্যক্তিক সহায়ো কৰা দেখিবলৈ পোৱা গৈছিল।

]]>
https://rupaliparda.com/archives/17779/feed 0 17779
মানস ৰৱীনে দৰ্শকলৈ আনিলে সুখবৰঃ দিলে ১ লাখ টকাৰ অনুদান- https://rupaliparda.com/archives/12989 https://rupaliparda.com/archives/12989#respond Fri, 10 Apr 2020 09:31:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12989 চাৰিওফালে শুনিবলৈ পোৱা কেতবোৰ ঋণাত্মক খবৰৰ মাজতেই জনপ্ৰিয় মানস ৰৱীনে আনিছে কেইটামান ভাল খবৰ। কেইবাটাও জনপ্ৰিয় গীতৰ আঁৰৰ ব্যক্তি মানস ৰৱীনে ৰাজ্যৰ বিভিন্ন কামত আগবাঢ়ি অহা অসমীয়া জনসাধাৰণে দেখি আহিছে। বিগত দিনত হোৱা “কা” বিৰোধী আন্দোলনতো বিভিন্ন অসমীয়া অভিনেতা/অভিনেত্ৰীৰ সৈতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল মানস ৰৱীনে; ঠিক তেনেদৰেই “কভিড ১৯” ৰ ফলত হোৱা “লক-ডাউন”-এ সৃষ্টি কৰা আতংকিত পৰিস্থিতিত মানস ৰৱীনে বিভিন্ন খাদ্য যোগান ধৰি সহায়ো আগবঢ়াইছে। মুঠ ৮০ টা অসহায় পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে শিল্পী গৰাকীয়ে।


ঠিক তেনেদৰে, এইবাৰ মানস ৰৱীনে “অসম আৰোগ্য নিধি” লৈ মুঠ ১ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা স্পষ্ট কৰে এক চচিয়েল মিডিয়া ভিডিঅ’ যোগে। তেওঁ ভিডিঅ’ টো যোগেৰে প্ৰশাসন ব্যৱস্থা, চিকিৎসক আদিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই সময়ছোৱাত বিভিন্ন জন শিল্পী যে আৰ্থিক ভাৱে দূৰ্বল হৈ পৰিছে সেই কথাও ব্যক্ত কৰে। ভিডিঅ’টোৰে মানস ৰৱীনে আন এক ভাল খবৰ দৰ্শকক জানিবলৈ দিয়ে; আগন্তুক “জানমণি ২০২০” ৰ দৰেই অসমীয়া ছবি ক্ষেত্ৰলৈ আহিব “জোনবাই”। জনপ্ৰিয় “জোনবাই” ভিচিডিক দৰ্শকৰ হয়টো এতিয়াও মনত আছে; গতিকে এইবাৰ ভিচিডি সলনি নিৰ্মাণ কৰা হ’ব এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “জোনবাই”। এই ছবিখনৰেই চিত্ৰনাট্যৰ দায়িত্বত আছে মানস ৰৱীন।

মানস ৰৱীনে দৰ্শকলৈ আনিলে সুখবৰঃ দিলে ১ লাখ টকাৰ অনুদান- 11


১৯৯৫ চনত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ দিয়া মানস ৰৱীন বৰ্তমানৰ এগৰাকী গীতিকাৰ, সুৰকাৰ,সংগীত পৰিচালক ও কন্ঠশিল্পী। “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছাৰ ফিল্ম এৱাৰ্ড” লাভ কৰা মানস ৰৱীনৰ এনে সহায়ৰ হাতে এতিয়া কেইবাটাও পৰিয়ালক সুখেৰে এসাঁজ খোৱাৰ অৱকাশ দিছে।

]]>
https://rupaliparda.com/archives/12989/feed 0 12989
৮০ টা পৰিয়ালৰ প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰিছে শিল্পী মানস ৰবীনেঃ https://rupaliparda.com/archives/12381 https://rupaliparda.com/archives/12381#respond Mon, 30 Mar 2020 08:33:46 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12381 অসমীয়া শিল্পী মানস ৰবীনৰ মহানুভৱতা। “ক’ৰ’ণা ভাইৰাছে” প্ৰত্যেকজন জনসাধাৰণক আতংকিত কৰি তোলা পিছতো কিন্তু অসমীয়া শিল্পী সমাজৰ একাংশই পাহৰা নাই সামাজিক দায়বদ্ধতা। “লক-ডাউন” ৰ এই সময়ছোৱাত য’ত কিছুৱে নিজৰ পৰিয়াল-বৰ্গৰ সৈতে সময় কটাবলৈ সুবিধা পাইছে তেনেক্ষেত্ৰত আকৌ এইকেইটা দিনত কেইবাটাও পৰিয়ালে খাদ্যৰ অভাৱত পেটত গামোচা মৰাৰো উপক্ৰম হৈছে। এনে ক্ষেত্ৰত এই সমূহ লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে শিল্পী মানস ৰবীন। জুবিন গাৰ্গ, যতীন বৰাৰ দৰে ১ লাখ টকীয়া সাহাৰ্য্য প্ৰদান নকৰিলেও তেওঁ যোৱাকালি নিমাইজান আৰু হাতীমুৰিয়া নিজ গাঁৱৰ ৮০ টা পৰিয়ালক প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

৮০ টা পৰিয়ালৰ প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰিছে শিল্পী মানস ৰবীনেঃ 12


একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা গায়ক মানস ৰবীন অসমীয়া সংগীত জগতৰ এগৰাকী লেখত ল’বলগীয়া শিল্পী। ১৯৯৯ চনত মানস ৰবীনে লাভ কৰিছিল “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছৰ ফিল্ম এৱাৰ্ড”। ১৯৯৫ চনত মুক্তিপ্ৰাপ্ত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ পেলোৱা মানস ৰবীন পিছলৈ “এন কে প্ৰডাকচন” ৰ সৈতে জড়িত হৈ পৰে। উক্ত প্ৰডাকচন হাউচটোৰ পৰাই তেওঁ সংগীত জীৱনৰ কিছু নতুন মূৰ লাভ কৰিবলৈ সক্ষম হয়। মানস ৰবীন আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ যি যুগলবন্দী; সেয়া সেইটো সময়ত অসমীয়া সংগীত প্ৰেমী ৰাইজৰ বাবে খুব সুন্দৰ অনুভৱ আছিল বুলি ক’ব পৰা যায়।

৮০ টা পৰিয়ালৰ প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰিছে শিল্পী মানস ৰবীনেঃ 13


উল্লেখ্য যে, বিগত দিনত হোৱা “কা” বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে আগভাগ লৈছিল এই গৰাকী শিল্পীয়ে। প্ৰত্যেকখন আন্দোলনত বিতৰ্কিত এই আইনখনক লৈ মাত মাতিছিল শিল্পী মানস ৰবীনে।

]]>
https://rupaliparda.com/archives/12381/feed 0 12381
জুবিন গাৰ্গৰ ক্ষোভঃ ভিত্তিহীন বাতৰি প্ৰকাশ নকৰাৰ আহ্বান- https://rupaliparda.com/archives/10536 https://rupaliparda.com/archives/10536#respond Fri, 21 Feb 2020 08:33:17 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10536 চলিত মাহৰ ১৫ তাৰিখে কন্ঠশিল্পী মানস ৰৱীনক আজৰা আৰক্ষীয়ে গুৱাহাটী বিমান বন্দৰত “কা” বিৰোধী প্ৰতিবাদ কৰাৰ বাবে আটক কৰে। ইয়াৰ পিছতেই অসমীয়া আগশাৰীৰ এখন সংবাদ পত্ৰ “অসমীয়া খবৰ” ত উক্ত বাতৰিটোক কেন্দ্ৰ কৰি হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ব্যক্ত কৰা এষাৰ বাক্যক বাতৰি আকাৰত প্ৰকাশ কৰা হয়। প্ৰকাশ কৰা বাতৰিটো চচিয়েল মিডিয়াত বহুল ৰূপত ভাইৰেল হোৱাও দেখিবলৈ পোৱা গৈছিল। বাতৰিটোৰ শিৰোনাম আছিল “মানস ৰৱীনে কাক সুধি আন্দোলন কৰিছে, নাজানোঃ জুবিন গাৰ্গ”।

জুবিন গাৰ্গৰ ক্ষোভঃ ভিত্তিহীন বাতৰি প্ৰকাশ নকৰাৰ আহ্বান- 14
জুবিন গাৰ্গৰ ক্ষোভঃ ভিত্তিহীন বাতৰি প্ৰকাশ নকৰাৰ আহ্বান- 15


উক্ত বাতৰিটোক লৈ যোৱা কালি নিজ ফেচবুক পেজত ক্ষোভ ব্যক্ত কৰে কন্ঠশিল্পী জুবিন গাৰ্গে। ইয়াৰ লগতে, তেওঁ পোষ্টটোৰ জৰিয়তে নিজ স্পষ্টীকৰণ দিয়ে। তেওঁ সংবাদ পত্ৰখনক দোষাৰূপ কৰি কয় যে,” আমাৰ মাজত থকা বান্ধোন চিঙিবৰ বাবে কৰা এয়া এক ষড়যন্ত্ৰ”। ইয়াৰ লগতে, জুবিন গাৰ্গে ফিল্মফেয়াৰ এৱাৰ্ডলৈ গৈ মূখ্যমন্ত্ৰীক আলিংগন কৰাক লৈও বাতৰি প্ৰকাশ কৰা সংবাদ মাধ্যমসমূহক উদ্দেশ্যি কয় যে, “মই কি কৰি আছো মই জানো। পৰীক্ষাৰ বাবে “কা” আন্দোলন স্থগিত আছে।”

]]>
https://rupaliparda.com/archives/10536/feed 0 10536
শিল্পী সমাজে মুকলি কৰিলে “কা” বিৰোধী ৱেবচাইটঃ https://rupaliparda.com/archives/10133 https://rupaliparda.com/archives/10133#respond Fri, 07 Feb 2020 10:32:42 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10133 বিগত কেইবাদিনৰ পৰা চলি অহা “কা” বিৰোধী আন্দোলনে ল’লে আকৌ এক নতুন মূৰ। বিজেপিৰ আই টি চেলক প্ৰত্যাহ্বান জনাই যোৱা কালি ৰাজ্যৰ শিল্পী সমাজে মুকলি কৰিলে এক ” কা” বিৰোধী ৱেবচাইট। সংবাদমেল অনুষ্ঠিত কৰি এই ৱেবচাইট মুকলি কৰে জুবিন গাৰ্গ, ৰৱি শৰ্মা, বৰষা ৰাণী বিষয়াকে ধৰি গৰিমা শইকীয়া গাৰ্গ আৰু মানস ৰৱীনে। assamagainstcaa.in নামে ৱেবচাইট আৰু Assam Against CAA নামৰ ফেচবুক পেজ মুকলি কৰে শিল্পী সমাজে।

শিল্পী সমাজে মুকলি কৰিলে "কা" বিৰোধী ৱেবচাইটঃ 16


উক্ত ৱেবচাইট যোগে “কা” আন্দোলন বিশ্বস্তৰলৈ লৈ যোৱা ইচ্ছা প্ৰকাশ কৰে সংবাদমেলত উপস্থিত শিল্পী সমাজে। ইয়াৰ উপৰিও, উক্ত পেজ অথবা ৱেবচাইটত আন্দোলন ধৰ্মী বিভিন্ন পোষ্ট, ফটো অথবা ভিডিঅ’ৰ যোগান ধৰা হ’ব বুলিও মন্তব্য কৰে শিল্পী সমাজে।

]]>
https://rupaliparda.com/archives/10133/feed 0 10133