Mati – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 06 Oct 2021 05:54:24 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Mati – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Mystic Production House’ ৰ বেনাৰত নিৰ্মিত ‘মাটি’ ৰ জনপ্ৰিয়তা অব্যাহতঃ https://rupaliparda.com/archives/28616 https://rupaliparda.com/archives/28616#respond Wed, 06 Oct 2021 08:30:00 +0000 https://rupaliparda.com/?p=28616 ‘Mystic Production House’ ৰ বেনাৰত নিৰ্মিত ‘আভাস’ নামে এলবামটোত সংযোজিত আন এটি গীত ‘মাটি’ য়ে শেহতীয়াকৈ লাভ কৰিছে মুক্তি। গীতটিৰ কণ্ঠৰ লগতে গীতটিয়ে জনসাধাৰণক দিয়া প্ৰশান্তিয়ে গীতটিৰ প্ৰতি ৰাইজক অধিক আকৰ্ষিত কৰি তুলিছে। ক’ভিড মহামাৰী তথা এটা দিশৰ পৰা অহা এই দুৰ্যোগে সমগ্ৰ বিশ্বতেই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে জনসাধাৰণক মানসিক তথা আৰ্থিকভাৱে ভাঙি পেলাইছিল। বৰ্তমানলৈকে এই দুৰ্যোগৰ প্ৰভাৱ আমাৰ সমাজত পৰা পৰিলক্ষিত হৈ আছে। জীৱিকাৰ থল এৰি নিজ নিজ বাসগৃহলৈ কৰা উভতনি যাত্ৰাৰ সময়ত একাংশৰ যি দূৰৱস্থা সেয়া আমি ব্যক্তিগতভাৱে নেদেখিলেও সংবাদ মাধ্যম তথা সংবাদপত্ৰ সমূহৰ দ্বাৰা হৃদয়ংগম কৰিব পাৰিছোঁ। ‘মাটি’ শীৰ্ষক এই গীতটিৰ বিষয়বস্তু ঠিক এনেধৰণেই, য’ত সুন্দৰ আৰু শ্ৰুতিমধুৰ কণ্ঠৰ সৈতে প্ৰযোজনা গোষ্ঠীটোৱে কৰা প্ৰয়াস লেখতল’বলগীয়া। আমি প্ৰত্যেকেই নতুন গীত শুনিবলৈ উৎসাহী আৰু যেতিয়া সেই গীতসমূহ আমাৰ প্ৰিয় এগৰাকী কণ্ঠশিল্পীৰ তৰফৰ পৰা আহে, তেতিয়াহ’লে সেয়া আমাৰ বাবে উপহাৰস্বৰূপ হৈ পৰে। উল্লেখিত প্ৰযোজনা গোষ্ঠীটোৰ এই ‘আভাস’ এলবামটোৰ প্ৰথম প্ৰচেষ্টা ‘নিশা’ শীৰ্ষক গীতটিতো কণ্ঠদান ৰূপম ভূঞাই কৰিছিল। এই গীতটিয়েও মুক্তিৰ পিছতেই যথেষ্ট সমাদৰ লাভ কৰিছিল শ্ৰোতা-দৰ্শকৰ।


গীতটিত কথা দিয়াৰ লগতে সুৰ আৰু সংগীত কৰিছে পল্লৱ তালুকদাৰে। চিতাৰ বজাইছে শুভাংকৰ হাজৰিকাই, শব্দ-সংমিশ্ৰণ কৌস্তভ শইকীয়াই। গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু, পৰিচালনা আৰু চিত্ৰনাট্য শৰৎ গগৈৰ। পল্লৱ তালুকদাৰ আৰু শৰৎ গগৈৰ যুটীয়া প্ৰচেষ্টাৰে নিৰ্মিত ‘অনুভৱ’ ক নিশ্চয় আপোনালোকৰ মনত আছে। গতিকে, এওঁলোক দুয়োগৰাকী প্ৰতিভাসম্পন্ন ব্যক্তিৰ প্ৰকল্পৰ বাবে আগ্ৰহী সকলো। আনহাতে, ‘মাটি’ গীতটিৰ ভিডিঅ’ দৃশ্যগ্ৰহণ কৰিছে শুভম কাকতিয়ে লগতে ইয়াত অভিনয় কৰিছে ক্ৰমে সৌমৰজ্যোতি বৰা, শিল্পীশিখা তামুলী আৰু অনুৰাগ চুতীয়াই। গীতটিৰ হৃদয়স্পৰ্শী কথাখিনিক শ্ৰোতা-দৰ্শকক হৃদয়ংগম কৰোৱাবলৈ ভিডিঅ’টিৰ যথোপযুক্ত উপস্থাপন প্ৰয়োজনীয় আছিল আৰু এই বিষয়টোত পৰিচালক গৰাকীকে ধৰি অভিনীত অভিনেতা-অভিনেত্ৰীৰ প্ৰচেষ্টা গ্ৰহণযোগ্য আছিল বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। এতিয়ালৈকে ‘Mystic Production House’ ৰ বেনাৰত নিৰ্মিত আটাইকেইটা গীতৰেই বিষয়বস্তু আৰু উপস্থাপনশৈলী অইনতকৈ ভিন্ন তথা ব্যতিক্ৰমী হৈছে, সেইবাবেই তেওঁলোকৰ অনাগত দিনৰ প্ৰকল্প সমূহৰ বাবে অপেক্ষাৰত প্ৰতিজন মনোৰঞ্জনপ্ৰেমী দৰ্শক।

Mystic Production House' ৰ বেনাৰত নিৰ্মিত 'মাটি' ৰ জনপ্ৰিয়তা অব্যাহতঃ 1


গীতটিৰ সফলতা তথা প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।

]]>
https://rupaliparda.com/archives/28616/feed 0 28616