Mayukh Hazarika – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 09 Sep 2021 05:13:32 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Mayukh Hazarika – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Reeldrama ৰ বেনাৰত ড° ভূপেন হাজৰিকাৰ কথাৰে নিৰ্মিত পূৰণি গীত ‘প্ৰতি অংগে অংগে’ ৰ মুক্তি, কণ্ঠদান কৰিছে ময়ূখ হাজৰিকাইঃ https://rupaliparda.com/archives/28345 https://rupaliparda.com/archives/28345#respond Fri, 10 Sep 2021 05:30:00 +0000 https://rupaliparda.com/?p=28345 “শিল্পী” শব্দটোৱে যাৰ নামৰ সৈতে লগ হোৱা পিছতেই ই লাভ কৰে এক সুকীয়া বৈশিষ্ট্য। এখন শুদ্ধ আৰু নিকা সমাজ গঢ়াৰ স্বাৰ্থত ভূপেন হাজৰিকাই গীত গাইছিল: ৰচিছিল সেইবোৰ গীত য’ত নাছিল কোনো ধৰণৰ শোষণকাৰীৰ পৰ্যালোচনা লগতে নাছিল কোনো জাতিভেদ। শ্ৰেণী বৈষম্যৰ বিৰুদ্ধে সাম্যবাদী সমাজ গঢ়াৰ আস্থা হৈছে শিল্পীগৰাকীৰ প্ৰগতিবাদী চিন্তা-চেতনাৰ এটি বিশেষ দিশ। ভাৰতৰত্ন,সংগীত সূৰ্য্য আদি অনেক বিভূষণেৰে সন্মানিত,অসম সাহিত্য সভাৰ সভাপতি, ভাৰতীয় চলচিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা বিজয়ী, বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাই ৰচনা কৰা গীতসমূহৰ বিভিন্ন ঠাইত গণসংযোগৰ দৃষ্টিভংগীৰ মূৰ্ত প্ৰকাশ ঘটিছে। এইগৰাকী বিশ্ববিশ্ৰুত শিল্পীয়ে সংগীতক গণসংযোগৰ মাধ্যম ৰূপে আৰু সমাজ পৰিৱৰ্তনৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰিছিল। অসমীয়া জীৱনৰ এনে এটা বিষয়,এনে এটা ঘটনা অথচ এনে আনন্দ প্ৰকাশৰ আলোচিতব্য বিষয় নাই যিটো বিষয়ক লৈ ড° ভূপেন হাজৰিকাদেৱে ৰচনা কৰা নাই। অসমত ভাষা আন্দোলৰ সময়ত সাধাৰণজনৰ মাজত এক সুস্থ-সম্পৰ্ক বজাই ৰাখিবৰ বাবে ড° হাজৰিকাদেৱে “মানুহে মানুহৰ বাবে” গীতটো ৰচনা কৰিছিল। মানুহৰ মাজত সম্পৰ্ক স্থাপনৰ বাবে তেওঁ গাইছিল-
“মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
যদি দানৱ কাহানিবা হয়েই মানুহ
লাজ পাব কোনেনো কোৱা? সমনীয়া?”


৮ ছেপ্টেম্বৰ, ড° ভূপেন হাজৰিকাৰ প্ৰতিজন অনুৰাগীৰ বাবে ই এক বিশেষ দিন। অসমীয়া জন জীৱনৰ এনে এটা বিষয়, এনে এটা ঘটনা অথচ এনে আনন্দ প্ৰকাশৰ আলোচিতব্য বিষয় নাই যিটো বিষয়ক লৈ ড° ভূপেন হাজৰিকাদেৱে ৰচনা কৰা নাই। ভূপেন হাজৰিকাক তেওঁৰ জন্মতিথিত সুঁৱৰি অথবা তেওঁক একাজঁলি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে ৮ ছেপ্টেম্বৰৰ দিনটোত জনপ্ৰিয় সংগীতশিল্পী ময়ূখ হাজৰিকাৰ কণ্ঠৰে Reeldrama ৰ বেনাৰত মুক্তি লাভ কৰিছিল এটি নতুন গীত ‘প্ৰতি অংগে অংগে’। এই গীতটিত কথা ড° ভূপেন হাজৰিকাৰ আৰু সুৰ কৰিছে জয়ন্ত হাজৰিকাই। দুগৰাকী স্বনামধন্য শিল্পীৰ যুটিৰ পৰিকল্পনাৰে ৰচিত এই গীতটি বিগত সময়ত এখন ছবিৰ বাবে প্ৰস্তুত কৰা হৈছিল যদিও ই বিভিন্ন কাৰণত মুক্তি লাভ কৰিবলৈ সুবিধা পোৱা নাছিল। সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিত সংগীত কৰিছে অম্বৰ দাসে লগতে শব্দ-সংমিশ্ৰণ কৰিছে সুমিত বৰুৱাই। ভিডিঅ’ সহ মুক্তিপ্ৰাপ্ত এই গীতটিৰ পৰিচালনা আৰু সম্পাদনাৰ দায়িত্বত আছে অৰ্ণৱ জ্যোতি মহন্তৰ লগতে দৃশ্যগ্ৰহণ কৰিছে উত্তম কলিতাই আৰু সহঃ পৰিচালনা বিকাশ বৰাৰ। এই গীতটিৰ ভিডিঅ’ৰ দৃশ্যগ্ৰহণ কৰা হৈছে কাৰ্বিআংলঙৰ বিভিন্ন লোকেশ্বনত, গীতটিৰ ভিডিঅ’ত ড° ভূপেন হাজৰিকা দেৱৰ দেখা-নেদেখা বিভিন্ন খন ফটো ইয়াত উপস্থাপনৰ কৰা হৈছে। যিয়ে গীতটিক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে।

Reeldrama ৰ বেনাৰত ড° ভূপেন হাজৰিকাৰ কথাৰে নিৰ্মিত পূৰণি গীত 'প্ৰতি অংগে অংগে' ৰ মুক্তি, কণ্ঠদান কৰিছে ময়ূখ হাজৰিকাইঃ 1
Reeldrama ৰ বেনাৰত ড° ভূপেন হাজৰিকাৰ কথাৰে নিৰ্মিত পূৰণি গীত 'প্ৰতি অংগে অংগে' ৰ মুক্তি, কণ্ঠদান কৰিছে ময়ূখ হাজৰিকাইঃ 2


ময়ূখ হাজৰিকাৰ কণ্ঠৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ সংগীতক্ষেত্ৰখনত সক্ৰিয়তা স্পষ্ট ৰূপত ফুটি উঠাৰ সমান্তৰালকৈ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ স্মৰণীয় যুটিটোক ৰাইজৰ মাজলৈ লৈ অনাত Reeldrama ৰ যি প্ৰচেষ্টা, সেয়া সঁচাকৈ উল্লেখনীয়।

]]>
https://rupaliparda.com/archives/28345/feed 0 28345
ড° ভূপেন হাজৰিকাৰ ভতিজা, জয়ন্ত হাজৰিকাৰ পুত্ৰ শিল্পী “ময়ূখ হাজৰিকা”- https://rupaliparda.com/archives/12284 https://rupaliparda.com/archives/12284#respond Sat, 28 Mar 2020 14:30:50 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=12284 Mayukh Hazarika and the Brahmaputra Balladeers ৰ মূখ্য শিল্পী ও অসম সন্তান ময়ূখ হাজৰিকা। সুধাকন্ঠ ড° ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ বিভিন্ন গীতত নিজ কন্ঠ প্ৰদান কৰি দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল এই গৰাকী অসমীয়া শিল্পী। এজন গায়ক, গীতিকাৰ আৰু সুৰকাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰা ময়ূখ হাজৰিকা অসমীয়া শিল্পীৰ সকলৰ মাজৰ এক খ্যাতনামা যুঁটি জয়ন্ত হাজৰিকা আৰু মনীষা হাজৰিকাৰ পুত্ৰ। ১৯৭১ চনত জন্মগ্ৰহণ কৰা ময়ূখ হাজৰিকাৰ ৭ বছৰ বয়সত মৃত্যু হৈছিল তেওঁৰ পিতৃ জয়ন্ত হাজৰিকাৰ। মাতৃৰ সৈতে গানৰ শিক্ষা গ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা এই শিল্পী গৰাকীয়ে খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে।

ড° ভূপেন হাজৰিকাৰ ভতিজা, জয়ন্ত হাজৰিকাৰ পুত্ৰ শিল্পী "ময়ূখ হাজৰিকা"- 3


দেউতাক তথা খুৰাকৰ পৰা বংশানুক্ৰমে অহা গীতৰ প্ৰতি থকা শ্ৰদ্ধাই ময়ূখ হাজৰিকাক এক উচ্চ স্থানত প্ৰতিষ্ঠিত কৰাইছিল। ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথমবাৰৰ বাবে তেওঁৰ কন্ঠ তথা নিজা সুৰ আৰু কথাৰে মুক্তি লাভ কৰিছিল এলবাম “চকুৱে যদি কথা কয়”। তেওঁৰ আন কেইখনমান এলবাম হৈছে ক্ৰমেঃ

শ্বিলঙৰে গধূলি (২০০২)

চকুৱে যদি কথা কয় (২০০৯)

মনৰ মৰম (২০১২)

Assamese Modern Songs (২০১২)

All Time Greats Jayanta Hazarika (২০১২)

অনুৰাধা (২০১২)

অসমৰ চিৰযুগমীয়া গীত (২০১২)

]]>
https://rupaliparda.com/archives/12284/feed 0 12284