Mime Academy – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 24 Feb 2021 04:26:26 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Mime Academy – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে”- মিনাংক ডেকা (মাইম) https://rupaliparda.com/archives/24396 https://rupaliparda.com/archives/24396#respond Thu, 25 Feb 2021 08:30:16 +0000 https://rupaliparda.com/?p=24396 মূকাভিনয় দিশটোক আৰু অধিক বিস্তৃতভাৱে দাঙি ধৰাত অধিক সক্ৰিয় হৈ থকা এটা নাম হৈছে মিনাংক ডেকা। আপোনালোকে নিশ্চয় এই নামটো শুনিছে; জনপ্ৰিয় মূকাভিনয় শিল্পী মইনুল হকৰ তত্ত্বাৱধানত থাকি বৰ্তমান নতুন পৰিকল্পনা আৰু প্ৰকল্পৰ সৈতে আগবাঢ়ি অহা এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ আছে অনুৰাগীৰ এটা দীঘলীয়া শাৰী; ৰাষ্ট্ৰীয় জলপানিপ্ৰাপ্ত মিনাংক ডেকাই শেহতীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছিল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”। এইগৰাকী প্ৰতিভাৰ সৈতেই ৰূপালীপৰ্দাৰ ফালৰ পৰা আমি পাতিছিলো কিছু কথা; প্ৰথমতে, মিনাংক ডেকাৰ পৰা এগৰাকী ‘শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “এটা বাক্যত এই শব্দটোৰ সংজ্ঞা দিয়াতো কঠিন; “শিল্পী” বুলি ক’লেই বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা ,ভূপেন হাজৰিকা দেৱৰ দৰে ব্যক্তিৰ কথা মনলৈ আহে। গতিকে, “শিল্পী” ৰ সংজ্ঞা কিমান উচ্চ হ’ব সেয়া নিশ্চয় অনুমেয়। মানুহক কিমান চুই যোৱাকৈ কিমান সাধনাৰে লগতে সমাজত ইতিবাচক ৰূপত কিমান প্ৰভাৱ পেলাব পৰাকৈ কাম কৰিছে তাৰ ওপৰতো “শিল্পী” ৰ সংজ্ঞা নিৰ্ভৰ কৰে বুলি মই ভাবো। লগতে, কয় থওঁ যে কেৱল গান গালেই, অভিনয় কৰিলেই শিল্পী নহয়।” মূকাভিনয়ে প্ৰতি এতিয়া আগতকৈ অধিক শিশুক আকৰ্ষণ হোৱা দেখা গৈছে; এনেক্ষেত্ৰত মিনাংক ডেকাৰ পদক্ষেপ কেনেধৰণৰ বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে,

"চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে"- মিনাংক ডেকা (মাইম) 1


“আগতকৈ এতিয়া মূকাভিনয়ৰ প্ৰতি যথেষ্ট সংখ্যক শিশু আগ্ৰহী হৈ পৰিছে; মূকাভিনয়ক যিমান পাৰোঁ সিমান শিশুৰ মাজলৈ নিবলৈ চেষ্টা কৰিছোঁ। শিশুৰ শাৰীৰিক মানসিক বিকাশত মূকাভিনয়ৰ যে যথেষ্ট ভূমিকা আছে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিও বিজ্ঞানসন্মত ভাবে আগবাঢ়িব চেষ্টা কৰিছো। মূকাভিনয়ৰ বিষয়ে পঢ়িবলৈ বা তথ্য লাভ কৰিবলৈ লিখিত একো নাই বাবে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে আন্তঃৰাষ্ট্ৰীয় মূকাভিনয়ৰ পত্ৰিকা নির্বাক প্ৰস্তুত কৰিছোঁ; শিশুৰ পৰা জ্যেষ্ঠজনলৈ এইখনৰ পৰা লাভবান হ’ব।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে । গতিকে…. ! এতিয়া এইখিনিয়েই ক’ব পাৰো যে নতুন কাম কিছু আহি আছে; নতুন কিছু সোঁৱাদ লৈ আহি আছো।”

"চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে"- মিনাংক ডেকা (মাইম) 2
"চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে"- মিনাংক ডেকা (মাইম) 3


মিনাংক ডেকাৰ প্ৰতিটো প্ৰকল্পই সমাজলৈ ধনাত্মক বাৰ্তা কঢ়িয়াই অনাৰ সমান্তৰালকৈ ই সকলোকে উৎসাহিতও কৰি তুলিছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা মিনাংক ডেকাৰ প্ৰচেষ্টা সমূহৰ বাবে তেওঁলৈ জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/24396/feed 0 24396
১৫ দিনীয়া কাৰ্যসূচীৰে মইনুল হকৰ “মুকাভিনয় কৰ্মশালা”- https://rupaliparda.com/archives/22805 https://rupaliparda.com/archives/22805#respond Wed, 16 Dec 2020 12:30:03 +0000 https://rupaliparda.com/?p=22805 চলিত মাহৰ ২৮ তাৰিখৰ পৰা আৰম্ভ কৰি অহা মাহৰ অৰ্থাৎ জানুৱাৰী মাহৰ ১১ তাৰিখলৈ মুঠ ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলৈ গৈ আছে “মুকাভিনয় কৰ্মশালা”। গুৱাহাটী হেদায়ৎপুৰস্থিত মাইম একাডেমীত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাখনৰ মূখ্য প্ৰশিক্ষক ৰূপে থাকিব সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত মুকাভিনয় শিল্পী মইনুল হক। অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হ’বলৈ আগবঢ়া এই “মুকাভিনয় কৰ্মশালা” ত ১৬ বছৰৰ উৰ্দ্ধৰ প্ৰায় প্ৰতিগৰাকী ইচ্ছুক ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব। মুঠ ২০ টা আসনৰহে ঠাই থকা হেতুকে ইচ্ছুক ব্যক্তিয়ে অতিশীঘ্ৰে যোগাযোগ কৰক পোষ্টাৰ খনত অন্তৰ্ভূক্ত হৈ থকা ফোন নম্বৰত। ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া ৬ বজালৈ “মাইম” প্ৰশিক্ষণ দিয়া হোৱাৰ সমান্তৰালকৈ ১২ জানুৱাৰী তাৰিখে ৰবীন্দ্ৰ ভৱনত প্ৰশিক্ষাৰ্থীৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ব এক মাইম এক্ট “Voice Of Silence”। বাকহীন হৈ মনৰ ভিতৰতে থকা ভাৱটোক জনসাধাৰণৰ মাজত মুখৰ অংগী-ভংগীৰে উলিয়াই দিয়া কথাটোৱে এই শিল্পটোৰ প্ৰতি যথেষ্ট আকৰ্ষণ কৰে সকলোকে। আমি প্ৰায়ে দেখিছো যে, এই শিল্পটোৰ দ্বাৰা সমাজ সংস্কাৰৰ পৰা আৰম্ভ কৰি তথাকথিত সমাজৰ কিছু আচাৰ-ব্যৱহাৰক লৈ বিভিন্নজন মুকাভিনয় শিল্পীয়ে কাম কৰা দেখিবলৈ পোৱা যায়।

১৫ দিনীয়া কাৰ্যসূচীৰে মইনুল হকৰ "মুকাভিনয় কৰ্মশালা"- 4


১৯৭০ চনৰ পৰা মুকাভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত মইনুল হকে পোন প্ৰথমবাৰৰ উত্তৰ-পূব ভাৰতত মাইম একাডেমীৰ প্ৰতিষ্ঠা কৰে। ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ কৰা মইনুল হকে ২০০৯ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ “The Thief”, “The Puppet”, “Mask Maker”, “Paisa” “The Bridge” আদিকে ধৰি আন বহুকেইখনৰ মূকাভিনয়ৰ সৃষ্টি কৰে মইনুল হকে।

]]>
https://rupaliparda.com/archives/22805/feed 0 22805