Mime Students – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 15 Dec 2020 08:06:29 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Mime Students – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ১৫ দিনীয়া কাৰ্যসূচীৰে মইনুল হকৰ “মুকাভিনয় কৰ্মশালা”- https://rupaliparda.com/archives/22805 https://rupaliparda.com/archives/22805#respond Wed, 16 Dec 2020 12:30:03 +0000 https://rupaliparda.com/?p=22805 চলিত মাহৰ ২৮ তাৰিখৰ পৰা আৰম্ভ কৰি অহা মাহৰ অৰ্থাৎ জানুৱাৰী মাহৰ ১১ তাৰিখলৈ মুঠ ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলৈ গৈ আছে “মুকাভিনয় কৰ্মশালা”। গুৱাহাটী হেদায়ৎপুৰস্থিত মাইম একাডেমীত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাখনৰ মূখ্য প্ৰশিক্ষক ৰূপে থাকিব সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত মুকাভিনয় শিল্পী মইনুল হক। অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হ’বলৈ আগবঢ়া এই “মুকাভিনয় কৰ্মশালা” ত ১৬ বছৰৰ উৰ্দ্ধৰ প্ৰায় প্ৰতিগৰাকী ইচ্ছুক ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব। মুঠ ২০ টা আসনৰহে ঠাই থকা হেতুকে ইচ্ছুক ব্যক্তিয়ে অতিশীঘ্ৰে যোগাযোগ কৰক পোষ্টাৰ খনত অন্তৰ্ভূক্ত হৈ থকা ফোন নম্বৰত। ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া ৬ বজালৈ “মাইম” প্ৰশিক্ষণ দিয়া হোৱাৰ সমান্তৰালকৈ ১২ জানুৱাৰী তাৰিখে ৰবীন্দ্ৰ ভৱনত প্ৰশিক্ষাৰ্থীৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ব এক মাইম এক্ট “Voice Of Silence”। বাকহীন হৈ মনৰ ভিতৰতে থকা ভাৱটোক জনসাধাৰণৰ মাজত মুখৰ অংগী-ভংগীৰে উলিয়াই দিয়া কথাটোৱে এই শিল্পটোৰ প্ৰতি যথেষ্ট আকৰ্ষণ কৰে সকলোকে। আমি প্ৰায়ে দেখিছো যে, এই শিল্পটোৰ দ্বাৰা সমাজ সংস্কাৰৰ পৰা আৰম্ভ কৰি তথাকথিত সমাজৰ কিছু আচাৰ-ব্যৱহাৰক লৈ বিভিন্নজন মুকাভিনয় শিল্পীয়ে কাম কৰা দেখিবলৈ পোৱা যায়।

১৫ দিনীয়া কাৰ্যসূচীৰে মইনুল হকৰ "মুকাভিনয় কৰ্মশালা"- 1


১৯৭০ চনৰ পৰা মুকাভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত মইনুল হকে পোন প্ৰথমবাৰৰ উত্তৰ-পূব ভাৰতত মাইম একাডেমীৰ প্ৰতিষ্ঠা কৰে। ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ কৰা মইনুল হকে ২০০৯ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ “The Thief”, “The Puppet”, “Mask Maker”, “Paisa” “The Bridge” আদিকে ধৰি আন বহুকেইখনৰ মূকাভিনয়ৰ সৃষ্টি কৰে মইনুল হকে।

]]>
https://rupaliparda.com/archives/22805/feed 0 22805
মাইম মিনাংকৰ আন এক প্ৰচেষ্টাঃ এইবাৰ দিছে EIA 2020ৰ বিৰুদ্ধে মাত- https://rupaliparda.com/archives/18994 https://rupaliparda.com/archives/18994#respond Sat, 08 Aug 2020 12:30:34 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18994 মাইম মিনাংকৰ আন এক প্ৰচেষ্টা। প্ৰায়ে প্ৰকৃতি সংৰক্ষণৰ হকে দৃঢ়তাৰে মাত দিয়া মূকাভিনয় শিল্পী মিনাংক ডেকাৰ আন এক প্ৰকল্প। এইবাৰ EIA 2020 ৰ বিৰুদ্ধে মাত মাতিছে মিনাংক ডেকাই; প্ৰত্যেকজন অভিনেতা-অভিনেত্ৰীৰ লগতে এই বিষয়ত বৰ্তমান নিজ কন্ঠস্বৰ মজবুত কৰিছে প্ৰতিজন শিল্পী, কলা-কুশলীয়ে। EIA 2020 অৰ্থাৎ Enviromental Impact Assessment নামে এখন খচৰা। এই খচৰা খন যদিহে এখন আইনলৈ পৰিণত হয় তেনেহ’লে ই অসমবাসীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ পৰা কাঢ়ি নিব তেওঁলোকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ। এই খচৰা খন আইনলৈ পৰিণত হোৱাৰ পিছতেই ভিন্ন মূল্যৱান সম্পদ তথা জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা চলাই সম্পদৰ অবাধ লুণ্ঠন হ’লেও ইয়াৰ বিৰোধিতা কৰাৰ ক্ষমতা হেৰুৱাব জনসাধাৰণে। “Say No To EIA” শীৰ্ষক এটি শ্লোগানেৰে চচিয়েল মিডিয়াত আৰম্ভ কৰা এই প্ৰক্ৰিয়াত যোগদান কৰিছে মিনাংকই।

মাইম মিনাংকৰ আন এক প্ৰচেষ্টাঃ এইবাৰ দিছে EIA 2020ৰ বিৰুদ্ধে মাত- 2


“ক’ৰোণা ভাইৰাছ” অথবা “লক-ডাউন” লগতে সমাজ ব্যৱস্থাৰ বিভিন্ন বিষয়ত নিজৰ মতামত ব্যক্ত কৰা মূকাভিনয় শিল্পী মিনাংক ডেকাই যে কেৱল এইবাৰে প্ৰকৃতিৰ হকে মাত মাতিছে তেনে নহয়; তেওঁ পূৰ্বৰে পৰা ইয়াৰ বিৰুদ্ধে দৃঢ়তাৰে মাত মাতি আহিছে। দীপৰ বিলৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ ও সচেতন কৰাৰ স্বাৰ্থত তেওঁ কেইবাখনো মূকাভিনয় প্ৰদৰ্শন কৰিছে। উল্লেখ্য যে, উক্ত খচৰাখনৰ বিৰুদ্ধে প্ৰত্যেককে মাত মতাৰ বাবে আহ্বান জনাই শিল্পীগৰাকীয়ে কয় যে “প্ৰকৃতিৰ সৈতে অন্যায় হব।প্ৰকৃতিৰ সৈতে অত্যাচাৰ হব। প্ৰকৃতি ধংস কৰা হব। কিন্তু আপুনি একো কৰিব নোৱাৰিব। নীৰৱে চাই থাকিব লাগিব। তেনে এটি দিনলৈ আগবাঢ়িছো আমি। এতিয়াই মাত নামাতিলে মাত হৰিব চিৰদিনলৈ। মাত মাতক। Email কৰি আপত্তি দৰ্শাওক।”

SAVE_NATURE

withdrawDraftEIA2020″।

]]>
https://rupaliparda.com/archives/18994/feed 0 18994
দুটি কণমানিৰ সজাগ-সচেতনতাৰ বাখ্যাঃ https://rupaliparda.com/archives/13370 https://rupaliparda.com/archives/13370#respond Fri, 17 Apr 2020 12:30:36 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13370 একোজন চিলেব্ৰেটী তথা বৰ্তমান সময়ত বহু লোকে দিয়া দিহাটো হৈছে “২০ চেকেণ্ডলৈ হাত ধুই সজাগ ও সচেতনতা বৰ্তাই ৰখা”। এই কথাষাৰৰ সাৰমৰ্ম তথাকথিত বহু ডাঙৰ লোকেও হয়টো বুজি পোৱা নাই অথবা বুজিবলৈ চেষ্টাও কৰা নাই। ফলত, ইয়াৰ বিভিন্ন ঋণাত্মক ফলো জনসাধাৰণে দেখিছে। কিন্তু এনেক্ষেত্ৰত দুটি শিশুৱে প্ৰচেষ্টা চলাইছে মুকাভিনয় যোগে জনসাধাৰণক কিছু বাৰ্তা প্ৰেৰণ কৰাৰ। নিজ বুজিব পৰা ক্ষমতানুযায়ী তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে এটা ভিডিঅ’; য’ত তেওঁলোকে জনসাধাৰণক উদ্দেশ্যি “কভিড ১৯” ক লৈ ল’বলগীয়া কিছুমান সজাগতাৰ বিষয়ে বৰ্ণনা কৰিছে। শিশু দুটিৰ এনে সজাগ ভিডিঅ’ক এতিয়া প্ৰশংসা কৰাৰ লগতে ভিডিঅ’ সমূহ ভাইৰেলো হৈ পৰিছে চচিয়েল মিডিয়াত।


শিশু দুটিৰ নাম হৈছে জাগৃতি আৰু বৈভৱী ভৰদ্বাজ। ক্ৰমে পাঁচ তথা আঠ বছৰীয়া এই শিশু দুটি St. Francic D’ Assist Senior Sec School ত অধ্যয়নৰত। ৰাষ্ট্ৰীয় জলপানিপ্ৰাপ্ত মুকাভিনয় শিল্পী মিনাংক ডেকাৰ তত্ত্বাৱধানত মুকাভিনয়ৰ প্ৰশিক্ষণ লৈ থকা এই শিশু দুটিয়ে বৰ্তমান পিতৃক কাষত ৰাখি নিজাববীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছে ভিডিঅ’ সমূহ।কেতিয়াবা যদি হাত ধুবলৈ শিকাইছে, কেতিয়াবা আকৌ চেনিটাইজাৰ লগাবলৈ কৈছে শিশু দুটিয়ে। মুঠতে, সকলো জনসাধাৰণক সজাগ কৰি ৰখাৰ চেষ্টা এওঁলোকৰ।

এতিয়া প্ৰশ্ন হয়, কণমানি দুটি শিশুয়ে য’ত সজাগ আৰু সচেতনতাক লৈ ইমান আগবাঢ়িছে; তেনেক্ষেত্ৰত একাংশ জনসাধাৰণৰ মূৰ্খামি কিয়? য’ত প্ৰত্যেকদিনাই “Social Distance” ৰ কথা বুজোৱা হৈছে তাতেই একোটা বস্তুক লৈ জনসাধাৰণৰ হেঁতা-ওপৰা কিয়? আপুনি কি ভাৱে? কমেন্ট কৰি জনাওঁক আপোনাৰ মতামত।

]]>
https://rupaliparda.com/archives/13370/feed 0 13370