Minangka Deka – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 08 Sep 2021 04:55:44 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Minangka Deka – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ক’ৰোণা মহামাৰী, মূকাভিনয়ৰ সৈতে দিগন্ত ভাৰতীৰ ব্যতিক্ৰমী উপস্থাপন ‘মইনবা নৰা চাহি’- https://rupaliparda.com/archives/28324 https://rupaliparda.com/archives/28324#respond Thu, 09 Sep 2021 05:30:00 +0000 https://rupaliparda.com/?p=28324 ক’ৰোণা মহামাৰী অথবা ক’ভিড ১৯, বিশ্বৰ প্ৰতিজন জনসাধাৰণৰ বাবে যেন এক আতংকিত শব্দ এয়া। দীৰ্ঘদিনীয়া স্তব্ধতা আৰু আপোনজনক কাঢ়ি লৈ যোৱা এই শব্দটোৱে এতিয়াও একাংশক সন্ত্ৰাসগ্ৰস্ত কৰি ৰাখিছে। নিজৰ সৰ্বস্ব হেৰুৱাবলৈ যেন একপ্ৰকাৰ বাধ্য কৰোৱাইছে এই নামটোৱে। এই বেমাৰবিধৰ ফলত হোৱা স্তব্ধতা একাংশৰ য’ত সপোন ছাৰখাৰ কৰিছে, তাতেই আকৌ আন একাংশৰ উপাৰ্জনৰ একমাত্ৰ আহিলাবিধটো প্ৰশ্নৰ উত্থাপন কৰিছে। মুঠতে,কেউদিশে এক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিছে এই ভাইৰাছবিধে। বৰ্তমানলৈকে, ইয়াৰ প্ৰভাৱ আমাৰ সমাজত পৰি ৰৈছে। ক’ৰবালৈ ওলাই যাওঁ বুলি ভাবিলেই এক ভয় ভাৱ আমাৰ মনত বিৰাজ কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে, শেহতীয়াকৈ দেশত ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে। ক’ভিড টীকাকৰণৰ ফলটো এই মহামাৰীবিধৰ প্ৰকোপ যথেষ্ট পৰিমাণে হ্ৰাস হৈছে যদিও একেবাৰতে কমি যোৱা নাই। আজি আমি আপোনালোকক ক’ভিড ১৯ ৰ প্ৰভাৱ অথবা প্ৰকোপক লৈ দীঘলীয়া পৰ্যালোচনা দাঙি ধৰিবলৈ বিচৰা নাই, ক’ভিডৰ প্ৰসংগ টানিছোঁ মনোৰঞ্জন ক্ষেত্ৰখনক সাঙুৰিহে। বিগত কিছুদিন পূৰ্বে অসমীয়া সংগীত ক্ষেত্ৰখনত এটি গীতে মুক্তি লাভ কৰিছিল। ব্যতিক্ৰমী কথা আৰু উপস্থাপনৰ সৈতে অসমীয়া সংগীত জগতত কেইবাটাও সুন্দৰ গীতৰ উপহাৰ দিয়া সংগীতশিল্পী দিগন্ত ভাৰতীৰ কণ্ঠৰে মুক্তি লাভ কৰিছে এটি নতুন গীত “মইনবা নৰা চাহি”।


উক্ত গীতটি উপভোগ কৰি অধিকাংশই মুখত হাঁহি বিৰিঙাইছে, কিন্তু গীতটিৰ অন্তনিৰ্হিত গম্ভীৰ ভাৱধাৰাক নুই কৰিব পৰা নাযায়। দিগন্ত ভাৰতী; এনে এজন ব্যক্তি যাৰ প্ৰতিটো গীতৰ চৰ্চা নোহোৱাকৈ নাথাকে; তেওঁৰ শিষ্যসকলেও প্ৰতিটো সময়ত তেওঁৰ সান্নিধ্যত থাকি গীতৰ চৰ্চা কৰি একোটা গীতৰ মুক্তি দিয়া দেখিবলৈ পোৱা যায়। ‘মইনবা নৰা চাহি’ শীৰ্ষক এই গীতটিৰ শিৰোনাম দেখিয়ে হয়টো আপোনালোকে ধৰিব পাৰিছে যে গীতটি নামনি অসমৰ কথা কোৱা ধৰণটোক ব্যৱহাৰ কৰিয়ে প্ৰস্তুত কৰি উলিওৱা হৈছে। ভিডিঅ’সহ মুক্তিপ্ৰাপ্ত এই গীতটিৰ আন এক ভাল লগা বিষয় এয়াও যে, এই ভিডিঅ’টোত মূকাভিনয়ৰ জৰিয়তে গীতটিৰ কথাখিনিক উপস্থাপন কৰা হৈছে জনসাধাৰণৰ আগত। মূকাভিনয় শিল্পী জনপ্ৰিয় প্ৰতিভাসম্পন্ন মিনাংক ডেকাৰ লগতে খলিন জ্যোতি বৰা আৰু বিনোড দাসৰ মূকাভিনয়ৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে গীতটি আৰু অধিক গ্ৰহণযোগ্য হৈ উঠিছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। গীতটিৰ কথা আৰু সুৰৰ দায়িত্বটো আছে দিগন্ত ভাৰতীয়ে নিজেই। ক’ৰোণাৰ প্ৰকাৰ আৰু ইয়াৰ ঋণাত্মক প্ৰভাৱ সমূহক হাস্যৰসিক ভাৱে দাঙি ধৰা হৈছে এই গীতটিত।

ক'ৰোণা মহামাৰী, মূকাভিনয়ৰ সৈতে দিগন্ত ভাৰতীৰ ব্যতিক্ৰমী উপস্থাপন 'মইনবা নৰা চাহি'- 1


গীতটিৰ আৰু অধিক সফলতাৰ কামনা কৰি ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলীক ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/28324/feed 0 28324
মুকাভিনয় শিল্পী মিনাংক ডেকাৰ জনসজাগতামূলক অনুষ্ঠানঃ https://rupaliparda.com/archives/27231 https://rupaliparda.com/archives/27231#respond Tue, 06 Jul 2021 10:30:00 +0000 https://rupaliparda.com/?p=27231 মূকাভিনয়ৰ জৰিয়তে গুৱাহাটীৰ ৰাজপথত মূকাভিনয় শিল্পী মিনাংক ডেকাৰ সজাগ তথা সচেতনতা অভিযান। ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত শিল্পী মিনাংক ডেকাই শেহতীয়াকৈ চানচাইন গুৱাহাটীৰ উদ্যোগত তেওঁ ৰাইজৰ মাজত প্ৰায় ৫০০ খন মাস্ক আৰু ৩০০ টা চেনিটাইজাৰ বিতৰণ কৰে। সাধাৰণজনক এখন ক’ভিড মুক্ত পৰিৱেশ প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা মিনাংক ডেকাই তেওঁৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কেৱল মাত্ৰ এটা দিনতেই নহয়, ইয়াৰ পূৰ্বেও মিনাংক ডেকাই নিজাববীয়াকৈ বহুবাৰ জনসাধাৰণৰ ওচৰত সজাগতামূলক কাৰ্যসূচীৰে মূকাভিনয় প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছিল। মিনাংক ডেকাক লৈ এতিয়া একাংশ নৱপ্ৰজন্ম মূকাভিনয় শিল্পটোৰ প্ৰতি আগ্ৰহী হৈ পৰাও দেখিবলৈ পোৱা যায়।কিছুদিন পূৰ্বে মিনাংক ডেকাই অসমৰ পৰা প্ৰকাশিত ভাৰতৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল “নির্বাক” প্ৰস্তুত কৰি উলিয়াইছিল। জাৰ্নেল খন মিনাংক ডেকাৰ এক সপোনৰ প্ৰকল্প হোৱাৰ লগতে “নিৰ্বাক” ৰ দ্বাৰা মুকাভিনয় শিল্পটোৰ প্ৰতি নৱপ্ৰজন্ম তথা উত্তৰ প্ৰজন্মক বহুল হাৰত আকৰ্ষিত হ’ব বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উক্ত দ্বিভাষিক পত্ৰিকাখনত অসমৰ বহু লেখক- শিল্পীয়ে প্ৰবন্ধ লেখাৰ উপৰি বিশেষকৈ মেক্সিকো, ফ্ৰান্স, জাৰ্মানী আদি বিভিন্ন দেশৰ মুকাভিনয় শিল্পীয়ে এই বিশ্বজনীন শিল্পটোৰ বিষয়ে বিশদ ভাৱে লিখিছে।


শিশুৰ শাৰিৰীক তথা মানসিক বিকাশত মুকাভিনয়ৰ যে যথেষ্ট ভূমিকা আছে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিও বিজ্ঞানসন্মত ভাৱে আগবাঢ়িব চেষ্টা কৰিছে মিনাংক ডেকাই। এনে একোগৰাকী নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰ বাবেই আচলতে সম্প্ৰতি সময়ছোৱাত বহু গঠনমূলক কামেৰে অসমৰ মনোৰঞ্জন ক্ষেত্ৰখন চহকী হৈ পৰিছে। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অলেখ শুভকামনা।

]]>
https://rupaliparda.com/archives/27231/feed 0 27231
“ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক”- মিনাংক ডেকা https://rupaliparda.com/archives/24946 https://rupaliparda.com/archives/24946#comments Tue, 23 Mar 2021 08:30:00 +0000 https://rupaliparda.com/?p=24946 “বিশ্ব মূকাভিনয় দিৱস” উপলক্ষে আজি ৰাষ্ট্ৰীয় মূকাভিনয় শিল্পী মিনাংক ডেকাৰ আন এক প্ৰচেষ্টা। জনপ্ৰিয় কলা যদিও আজিও ক’ৰবাত চৰ্চাৰ পৰা বিমুখ হৈ থকা মূকাভিনয়ক জনসাধাৰণৰ ওচৰত প্ৰচাৰ কৰিবলৈ বিগত দিনৰ পৰা চলাই থকা মিনাংক ডেকাৰ প্ৰচেষ্টাত উৎসাহিত হৈছে জনসাধাৰণো। ২২ মাৰ্চ তাৰিখে সৰ্বত্ৰে সকলোৱে উদযাপন কৰা বিশ্ব মূকাভিনয় দিৱস উপলক্ষে এই মূকাভিনেতা গৰাকীৰ নেতৃত্বত যোৱা চাৰিজনীয়া এটি দলে গুৱাহাটী ক্লাৱৰ পৰা ফাঁচী বজাৰ অভিমুখে এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে। “ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক” শীৰ্ষক মূকাভিনয় প্ৰদৰ্শন কৰি ৰাজপথ, বাছ আস্থানকে ধৰি ফুটপাথ, বজাৰ তথা বাছৰ ভিতৰত প্ৰদৰ্শন কৰে। জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰে মূকাভিনয় প্ৰদৰ্শনকাৰী দলটোৰ প্ৰত্যেকগৰাকী শিল্পীয়ে। কেৱল মাত্ৰ মূকাভিনয় দিৱস বুলিয়েই নহয়; ইয়াৰ পূৰ্বেও মিনাংক ডেকাই নিজাববীয়াকৈ বহুবাৰ জনসাধাৰণৰ ওচৰত সজাগতামূলক কাৰ্যসূচীৰে মূকাভিনয় প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছিল। মিনাংক ডেকাক লৈ এতিয়া একাংশ নৱপ্ৰজন্ম মূকাভিনয় শিল্পটোৰ প্ৰতি আগ্ৰহী হৈ পৰাও দেখিবলৈ পোৱা যায়।

"ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক"- মিনাংক ডেকা 2
"ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক"- মিনাংক ডেকা 3


কিছুদিন পূৰ্বে মিনাংক ডেকাই অসমৰ পৰা প্ৰকাশিত ভাৰতৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল “নির্বাক” প্ৰস্তুত কৰি উলিয়াইছিল। জাৰ্নেল খন মিনাংক ডেকাৰ এক সপোনৰ প্ৰকল্প হোৱাৰ লগতে “নিৰ্বাক” ৰ দ্বাৰা মুকাভিনয় শিল্পটোৰ প্ৰতি নৱপ্ৰজন্ম তথা উত্তৰ প্ৰজন্মক বহুল হাৰত আকৰ্ষিত হ’ব বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উক্ত দ্বিভাষিক পত্ৰিকাখনত অসমৰ বহু লেখক- শিল্পীয়ে প্ৰবন্ধ লেখাৰ উপৰি বিশেষকৈ মেক্সিকো, ফ্ৰান্স, জাৰ্মানী আদি বিভিন্ন দেশৰ মুকাভিনয় শিল্পীয়ে এই বিশ্বজনীন শিল্পটোৰ বিষয়ে বিশদ ভাৱে লিখিছে। শিশুৰ শাৰিৰীক তথা মানসিক বিকাশত মুকাভিনয়ৰ যে যথেষ্ট ভূমিকা আছে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিও বিজ্ঞানসন্মত ভাৱে আগবাঢ়িব চেষ্টা কৰিছে মিনাংক ডেকাই। ক’ৰোণা কালছোৱাত মাইমেৰে জনসাধাৰণৰ মাজত সজাগতা বঢ়োৱাত আগ-ভাগ লৈছিল মিনাংক ডেকাই। শিল্পীগৰাকীয়ে বিগত বৰ্ষত ইউটিউব যোগেও মুকলি কৰিছিল এটা “ক’ৰ’ণা ভাইৰাছ সজাগতা ভিডিঅ”।

"ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক"- মিনাংক ডেকা 4
"ৰাষ্টাই ঘাটে আৰু কিমান পিকাব? ডিঙিতে এটি বাল্টি ওলোমাই লওঁক"- মিনাংক ডেকা 5

এনে একোগৰাকী নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰ বাবেই আচলতে সম্প্ৰতি সময়ছোৱাত বহু গঠনমূলক কামেৰে অসমৰ মনোৰঞ্জন ক্ষেত্ৰখন চহকী হৈ পৰিছে। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অলেখ শুভকামনা।

]]>
https://rupaliparda.com/archives/24946/feed 1 24946
“চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে”- মিনাংক ডেকা (মাইম) https://rupaliparda.com/archives/24396 https://rupaliparda.com/archives/24396#respond Thu, 25 Feb 2021 08:30:16 +0000 https://rupaliparda.com/?p=24396 মূকাভিনয় দিশটোক আৰু অধিক বিস্তৃতভাৱে দাঙি ধৰাত অধিক সক্ৰিয় হৈ থকা এটা নাম হৈছে মিনাংক ডেকা। আপোনালোকে নিশ্চয় এই নামটো শুনিছে; জনপ্ৰিয় মূকাভিনয় শিল্পী মইনুল হকৰ তত্ত্বাৱধানত থাকি বৰ্তমান নতুন পৰিকল্পনা আৰু প্ৰকল্পৰ সৈতে আগবাঢ়ি অহা এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ আছে অনুৰাগীৰ এটা দীঘলীয়া শাৰী; ৰাষ্ট্ৰীয় জলপানিপ্ৰাপ্ত মিনাংক ডেকাই শেহতীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছিল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”। এইগৰাকী প্ৰতিভাৰ সৈতেই ৰূপালীপৰ্দাৰ ফালৰ পৰা আমি পাতিছিলো কিছু কথা; প্ৰথমতে, মিনাংক ডেকাৰ পৰা এগৰাকী ‘শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “এটা বাক্যত এই শব্দটোৰ সংজ্ঞা দিয়াতো কঠিন; “শিল্পী” বুলি ক’লেই বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা ,ভূপেন হাজৰিকা দেৱৰ দৰে ব্যক্তিৰ কথা মনলৈ আহে। গতিকে, “শিল্পী” ৰ সংজ্ঞা কিমান উচ্চ হ’ব সেয়া নিশ্চয় অনুমেয়। মানুহক কিমান চুই যোৱাকৈ কিমান সাধনাৰে লগতে সমাজত ইতিবাচক ৰূপত কিমান প্ৰভাৱ পেলাব পৰাকৈ কাম কৰিছে তাৰ ওপৰতো “শিল্পী” ৰ সংজ্ঞা নিৰ্ভৰ কৰে বুলি মই ভাবো। লগতে, কয় থওঁ যে কেৱল গান গালেই, অভিনয় কৰিলেই শিল্পী নহয়।” মূকাভিনয়ে প্ৰতি এতিয়া আগতকৈ অধিক শিশুক আকৰ্ষণ হোৱা দেখা গৈছে; এনেক্ষেত্ৰত মিনাংক ডেকাৰ পদক্ষেপ কেনেধৰণৰ বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে,

"চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে"- মিনাংক ডেকা (মাইম) 6


“আগতকৈ এতিয়া মূকাভিনয়ৰ প্ৰতি যথেষ্ট সংখ্যক শিশু আগ্ৰহী হৈ পৰিছে; মূকাভিনয়ক যিমান পাৰোঁ সিমান শিশুৰ মাজলৈ নিবলৈ চেষ্টা কৰিছোঁ। শিশুৰ শাৰীৰিক মানসিক বিকাশত মূকাভিনয়ৰ যে যথেষ্ট ভূমিকা আছে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিও বিজ্ঞানসন্মত ভাবে আগবাঢ়িব চেষ্টা কৰিছো। মূকাভিনয়ৰ বিষয়ে পঢ়িবলৈ বা তথ্য লাভ কৰিবলৈ লিখিত একো নাই বাবে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে আন্তঃৰাষ্ট্ৰীয় মূকাভিনয়ৰ পত্ৰিকা নির্বাক প্ৰস্তুত কৰিছোঁ; শিশুৰ পৰা জ্যেষ্ঠজনলৈ এইখনৰ পৰা লাভবান হ’ব।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে । গতিকে…. ! এতিয়া এইখিনিয়েই ক’ব পাৰো যে নতুন কাম কিছু আহি আছে; নতুন কিছু সোঁৱাদ লৈ আহি আছো।”

"চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে"- মিনাংক ডেকা (মাইম) 7
"চাণক্যৰ মতে হেনো পৰিকল্পনা আগতেই প্ৰকাশ কৰিব নালাগে। কৰি উঠি হে জনাব লাগে"- মিনাংক ডেকা (মাইম) 8


মিনাংক ডেকাৰ প্ৰতিটো প্ৰকল্পই সমাজলৈ ধনাত্মক বাৰ্তা কঢ়িয়াই অনাৰ সমান্তৰালকৈ ই সকলোকে উৎসাহিতও কৰি তুলিছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা মিনাংক ডেকাৰ প্ৰচেষ্টা সমূহৰ বাবে তেওঁলৈ জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/24396/feed 0 24396
মিনাংক ডেকাৰ তত্ত্বাৱধানত মুকলি প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”- https://rupaliparda.com/archives/23102 https://rupaliparda.com/archives/23102#respond Tue, 29 Dec 2020 10:30:59 +0000 https://rupaliparda.com/?p=23102 নতুন প্ৰজন্মই বিভিন্ন ধৰণে বিভিন্ন দিশত আগবঢ়া দেখিবলৈ পোৱা গৈছে। নতুন কাৰ্যৰে নতুনৰ আৰম্ভণি কৰি জনসাধাৰণক আকৰ্ষিতও কৰিছে এওঁলোকে। গীত-মাত, নৃত্যৰ ক্ষেত্ৰত ব্যতিক্ৰমী দিশেৰে আগবঢ়া লগতেই একাংশ নৱপ্ৰজন্ম আগবাঢ়িছে মুকাভিনয় ক্ষেত্ৰ খনৰ যোগেৰে। জনপ্ৰিয় মুকাভিনয় শিল্পী মইনুল হকৰ ছাত্ৰ ও ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত শিল্পী মিনাংক ডেকাৰ তত্ত্বাৱধানত শেহতীয়াকৈ উলিওৱা হ’ল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”। চলিত মাহৰ ২৬ তাৰিখে প্ৰেছ ক্লাৱত আন্তঃৰাষ্ট্ৰীয় মুকাভিনয় পত্ৰিকা “নিৰ্বাক” ৰ শুভ উন্মোচন কৰা হয়। উক্ত উন্মোচন অনুষ্ঠানত উপস্থিত থাকে মুকাভিনয় শিল্পী মইনুল হক, জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া পমী বৰুৱা আৰু বিশিষ্ট অভিনেতা হিমাংশু প্ৰসাদ দাস। “নিৰ্বাক” ক উদ্দেশ্যি যেতিয়া শিল্পী মিনাংক ডেকাৰ অনুভৱৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “মনেৰে ভাবি থকা কাম এটা কৰি উলিয়াব পাৰিলে নিশ্চয় সকলোৰে ভাল লাগে , তেনেকৈ মোৰো ভাল লাগিছে। “নির্বাক” অসমৰ পৰা প্ৰকাশিত ভাৰতৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল। কিয় এইখন কৰি উলিয়ালো তাৰ দুটামান বিশেষ কাৰণ আছে।”

মিনাংক ডেকাৰ তত্ত্বাৱধানত মুকলি প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল "নিৰ্বাক"- 9


জাৰ্নেল খন মিনাংক ডেকাৰ এক সপোনৰ প্ৰকল্প হোৱাৰ লগতে “নিৰ্বাক” ৰ দ্বাৰা মুকাভিনয় শিল্পটোৰ প্ৰতি নৱপ্ৰজন্ম তথা উত্তৰ প্ৰজন্মক বহুল হাৰত আকৰ্ষিত হ’ব বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উক্ত দ্বিভাষিক পত্ৰিকাখনত অসমৰ বহু লেখক- শিল্পীয়ে প্ৰবন্ধ লেখাৰ উপৰি বিশেষকৈ মেক্সিকো, ফ্ৰান্স, জাৰ্মানী আদি বিভিন্ন দেশৰ মুকাভিনয় শিল্পীয়ে এই বিশ্বজনীন শিল্পটোৰ বিষয়ে বিশদ ভাৱে লিখিছে। ক’ৰোণা কালছোৱাত মাইমেৰে জনসাধাৰণৰ মাজত সজাগতা বঢ়োৱাত আগ-ভাগ লৈছিল মিনাংক ডেকাই। শিল্পীগৰাকীয়ে ইউটিউব যোগেও মুকলি কৰিছিল এটা “ক’ৰ’ণা ভাইৰাছ সজাগতা ভিডিঅ”।

মিনাংক ডেকাৰ তত্ত্বাৱধানত মুকলি প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল "নিৰ্বাক"- 10


বৰ্তমান ভিডিঅ’টোৱে দৰ্শকৰ বহুল সঁহাৰি লাভ কৰিছে। প্ৰায় ২৫ হাজাৰতকৈও অধিক ভিউৱাৰচ লাভ কৰিছে উক্ত ভিডিঅ’টোৱে। ইয়াৰ উপৰিও মিনাংক ডেকাই সমাজ সংস্কাৰৰ বাবে বিভিন্ন গঠনমূলক কাম কৰাৰ লগতে দৰ্শকৰ ওচৰত তেওঁৰ নামটোৱে এতিয়া সুন্দৰ ৰূপত প্ৰতিষ্ঠা লাভ কৰিছে।

]]>
https://rupaliparda.com/archives/23102/feed 0 23102
গুৱাহাটীৰ ৰাজপথত মিনাংক ডেকাৰ “মুকাভিনয়”; ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক কাৰ্যসূচী- https://rupaliparda.com/archives/20229 https://rupaliparda.com/archives/20229#respond Mon, 14 Sep 2020 12:30:45 +0000 https://rupaliparda.com/?p=20229 এইবাৰ গুৱাহাটীৰ ৰাজপথত “Mask is Must”; মুকাভিনয় শিল্পী তথা কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰৰ প্ৰাক্তন ছাত্ৰ মিনাংক ডেকাই গুৱাহাটী মহানগৰীৰ ৰাষ্টাই-ঘাটে চলালে আন এক সজাগতা মূলক কাৰ্যসূচী। উক্ত বিভাগটোৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ একাংশ সদস্যই লগ হৈ এই পদক্ষেপ গ্ৰহণ কৰে। দেওবাৰৰ দিনটোত জনসাধাৰণক মনোৰঞ্জনৰ দ্বাৰা তেওঁলোকৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধিৰ বাবে কৰা এই প্ৰয়াস সঁচাকৈ লেখত ল’বলগীয়া। ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক এঈ কাৰ্যসূচী পুৱা ১০ বজাৰ পৰা আৰম্ভ কৰি মহানগৰৰ জনসমাগম হোৱা ঠাই ক্ৰমে উজান-বজাৰ, শিলপুখৰী, লাখটকীয়া, ফাঁচীবজাৰ, পল্টন বজাৰকে আৰম্ভ কৰি আন বহুকেইখন ঠাইত মুকাভিনয়ৰ দ্বাৰা মিনাংকই কৰা প্ৰচেষ্টাত এতিয়া উৎসাহিত জনসাধাৰণো।

গুৱাহাটীৰ ৰাজপথত মিনাংক ডেকাৰ "মুকাভিনয়"; ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক কাৰ্যসূচী- 11
গুৱাহাটীৰ ৰাজপথত মিনাংক ডেকাৰ "মুকাভিনয়"; ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক কাৰ্যসূচী- 12
গুৱাহাটীৰ ৰাজপথত মিনাংক ডেকাৰ "মুকাভিনয়"; ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক কাৰ্যসূচী- 13


উল্লেখ্য যে, পাঁচশৰো অধিক লোকক মাস্ক বিতৰণ কৰে কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে। আগন্তুক সময়ত এনে প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে আহ্বান জনায় জনসাধাৰণে।

]]>
https://rupaliparda.com/archives/20229/feed 0 20229
মাইম মিনাংকৰ আন এক প্ৰচেষ্টাঃ এইবাৰ দিছে EIA 2020ৰ বিৰুদ্ধে মাত- https://rupaliparda.com/archives/18994 https://rupaliparda.com/archives/18994#respond Sat, 08 Aug 2020 12:30:34 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18994 মাইম মিনাংকৰ আন এক প্ৰচেষ্টা। প্ৰায়ে প্ৰকৃতি সংৰক্ষণৰ হকে দৃঢ়তাৰে মাত দিয়া মূকাভিনয় শিল্পী মিনাংক ডেকাৰ আন এক প্ৰকল্প। এইবাৰ EIA 2020 ৰ বিৰুদ্ধে মাত মাতিছে মিনাংক ডেকাই; প্ৰত্যেকজন অভিনেতা-অভিনেত্ৰীৰ লগতে এই বিষয়ত বৰ্তমান নিজ কন্ঠস্বৰ মজবুত কৰিছে প্ৰতিজন শিল্পী, কলা-কুশলীয়ে। EIA 2020 অৰ্থাৎ Enviromental Impact Assessment নামে এখন খচৰা। এই খচৰা খন যদিহে এখন আইনলৈ পৰিণত হয় তেনেহ’লে ই অসমবাসীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ পৰা কাঢ়ি নিব তেওঁলোকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ। এই খচৰা খন আইনলৈ পৰিণত হোৱাৰ পিছতেই ভিন্ন মূল্যৱান সম্পদ তথা জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা চলাই সম্পদৰ অবাধ লুণ্ঠন হ’লেও ইয়াৰ বিৰোধিতা কৰাৰ ক্ষমতা হেৰুৱাব জনসাধাৰণে। “Say No To EIA” শীৰ্ষক এটি শ্লোগানেৰে চচিয়েল মিডিয়াত আৰম্ভ কৰা এই প্ৰক্ৰিয়াত যোগদান কৰিছে মিনাংকই।

মাইম মিনাংকৰ আন এক প্ৰচেষ্টাঃ এইবাৰ দিছে EIA 2020ৰ বিৰুদ্ধে মাত- 14


“ক’ৰোণা ভাইৰাছ” অথবা “লক-ডাউন” লগতে সমাজ ব্যৱস্থাৰ বিভিন্ন বিষয়ত নিজৰ মতামত ব্যক্ত কৰা মূকাভিনয় শিল্পী মিনাংক ডেকাই যে কেৱল এইবাৰে প্ৰকৃতিৰ হকে মাত মাতিছে তেনে নহয়; তেওঁ পূৰ্বৰে পৰা ইয়াৰ বিৰুদ্ধে দৃঢ়তাৰে মাত মাতি আহিছে। দীপৰ বিলৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ ও সচেতন কৰাৰ স্বাৰ্থত তেওঁ কেইবাখনো মূকাভিনয় প্ৰদৰ্শন কৰিছে। উল্লেখ্য যে, উক্ত খচৰাখনৰ বিৰুদ্ধে প্ৰত্যেককে মাত মতাৰ বাবে আহ্বান জনাই শিল্পীগৰাকীয়ে কয় যে “প্ৰকৃতিৰ সৈতে অন্যায় হব।প্ৰকৃতিৰ সৈতে অত্যাচাৰ হব। প্ৰকৃতি ধংস কৰা হব। কিন্তু আপুনি একো কৰিব নোৱাৰিব। নীৰৱে চাই থাকিব লাগিব। তেনে এটি দিনলৈ আগবাঢ়িছো আমি। এতিয়াই মাত নামাতিলে মাত হৰিব চিৰদিনলৈ। মাত মাতক। Email কৰি আপত্তি দৰ্শাওক।”

SAVE_NATURE

withdrawDraftEIA2020″।

]]>
https://rupaliparda.com/archives/18994/feed 0 18994
মুকাভিনয় শিল্পী মিনাংক ডেকাৰ এইবাৰ” BAZAR LOCKDOWN SPECIAL”: https://rupaliparda.com/archives/17834 https://rupaliparda.com/archives/17834#respond Fri, 10 Jul 2020 12:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=17834 মুকাভিনয়ৰ দ্বাৰা মিনাংক ডেকাই প্ৰায়ে জনসাধাৰণৰ মাজত সজাগতা ও সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে। যিমানেই “ক’ভিড ১৯” য়ে ব্যক্তি বিশেষৰ জীৱনলৈ স্থৱিৰতা কঢ়িয়াইছে সিমানেই ন-ন প্ৰতিভাৰ বিকাশ হোৱা দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় জলপানিপ্ৰাপ্ত এই গৰাকী মূকাভিনয় শিল্পীয়ে নীৰৱতাৰ ভাষাৰে গভীৰ বিষয় বস্তুও অতি সুন্দৰ ভাবে উপস্থাপন কৰি প্ৰায়ে আপ্লুত কৰি ৰাখে জনসাধাৰণক।। এক কথাত ক’বলৈ গ’লে, নৃত্য-গীত আদিৰ সমান্তৰালকৈ যদি দৰ্শকে কিছু ব্যতিক্ৰমীতাৰ উপভোগ কৰিবলৈ পাই তেনেহ’লে দৰ্শকেও ইয়াক বহুল হাৰত আকোঁৱালি লোৱা দেখিবলৈ পোৱা যায়। গুৱাহাটী মহানগৰীত দিয়া ১৪ দিনীয়া “লক-ডাউনে” ইয়াৰ জনসাধাৰণৰ ওপৰত স্তব্ধতা অনাৰ লগতে খাদ্য-বস্তুৰ ক্ষেত্ৰতো ই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। যোগানমন্ত্ৰীয়ে নিৰ্ধাৰিত কৰি দিয়া দামতকৈ অধিক দৰত বৰ্তমান বিক্ৰী কৰা হৈছে বজাৰত শাক-পাচলি সমূহ।

View this post on Instagram

lockdown activity.

A post shared by Minangka Mime (@mimeminangka) on

মুকাভিনয় শিল্পী মিনাংক ডেকাৰ এইবাৰ" BAZAR LOCKDOWN SPECIAL": 15


একাংশ ধনী ও ব্যয় কৰিব পৰা লোকে য’ত গাড়ী ভৰাই বস্তু কঢ়িয়াইছে তাতেই কিন্তু আন একাংশ জনসাধাৰণৰ মূৰত শাক-পাঁচলিৰ দামেৰেই পৰিছে ৰাম-টাঙোন। এই আটাইবোৰ কথাকেই উপস্থাপন কৰি মিনাংক ডেকাই নিজ পৰিচালনাৰে কৰিছে এক মাইম এক্ট; “BAZAR LOCKDOWN SPECIAL” শীৰ্ষক এক্টটোৱে লাভ কৰিছে দৰ্শকৰো সঁহাৰি। শিল্পী গৰাকীৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত থকা সক্ৰিয়তাই তেওঁক লৈ আকৰ্ষণ কৰে জনসাধাৰণকো।

]]>
https://rupaliparda.com/archives/17834/feed 0 17834
একাপ চাহৰ সৈতে বাতৰি-কাকতঃ মিনাংক ডেকাৰ যেন এয়াই “আমেজ”- https://rupaliparda.com/archives/14441 https://rupaliparda.com/archives/14441#respond Thu, 07 May 2020 10:30:23 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14441 এখন বাতৰি কাকত পঢ়ি ৰাতিপুৱাৰ প্ৰথম চাহকাপ খোৱাৰ আমেজেই সুকীয়া। আমি ছাগে প্ৰত্যেকেই এনেবোৰ দৃশ্য ৰাতিপুৱা সময়ত দেখিবলৈ পাইছো। সুকীয়া হোৱাৰ উপৰিও এই দৃশ্য সমূহ আমাৰ সকলোৰে প্ৰিয়। এটা বাতৰিৰ বিতং খবৰ লাভ কৰিবলৈ আমাৰ আগৰ প্ৰজন্মই আটাইতকৈ বিশ্বাসী ৰূপে গ্ৰহণ কৰিছিল বাতৰি কাকত সমূহক। এতিয়াও একাংশই টি.ভিৰ কাষত বহিলেও অথবা মোবাইলত বাতৰি সমূহ সঘনাই লাভ কৰিলেও বাতৰি কাকতখনক লৈ থকা তেওঁলোকৰ বিশ্বাস সমূহ কোনো দিনেই কোনো মাধ্যমেই ভাঙিব পৰা নাই।

কিন্তু বিগত সময়ৰ পৰা ওলোৱা কিছু ভুৱা বাতৰিয়ে দৰ্শকক অবাটে নিয়া চেষ্টা কৰিছিল যদিও এয়া একেবাৰেই মুখৰোচক। বাতৰি কাকতৰ পৰা ক’ৰ’ণা ভাইৰাছ বিয়পিব বুলি এক ভুৱা বাতৰি কিছু সময় পূৰ্বে সকলোৰে মাজত বিয়পি পৰা দেখিবলৈ পোৱা গৈছিল।

একাপ চাহৰ সৈতে বাতৰি-কাকতঃ মিনাংক ডেকাৰ যেন এয়াই "আমেজ"- 16


এইবোৰ যে শুদ্ধ নহয়; ইয়াক বহু ধৰণে বহুলোকে বাখ্যা কৰিছে যদিও আকৌ এবাৰ মুকাভিনয় দ্বাৰা এই কথা বুজাবলৈ প্ৰয়াস কৰিছে মুকাভিনয় শিল্পী মিনাংক ডেকাই। তেওঁ ঘৰতেই থাকি বিভিন্ন ধৰণে নিজৰ মাধ্যমেৰে দৰ্শকক কিছু কথা বুজাবলৈ চেষ্টা কৰা আমি বহু দিনৰ পৰা দেখি আহিছো। তেওঁৰ এই পদক্ষেপে সমাদৰো লাভ কৰিছে জনসাধাৰণৰ। “আমেজ” শীৰ্ষক এটি ভিডিঅ’ ৰ দ্বাৰা তেওঁ এখন বাতৰি কাকতৰ প্ৰতি থকা জনসাধাৰণৰ মোহ আৰু বাতৰি কাকতৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজাবলৈ চেষ্টা কৰে।

]]>
https://rupaliparda.com/archives/14441/feed 0 14441
সংগীত, ছবি অথবা নাটক নহয়; “মুকাভিনয়” উপভোগেৰে চাওঁক “মাস্ক ইজ মাষ্ট”- https://rupaliparda.com/archives/13957 https://rupaliparda.com/archives/13957#respond Tue, 28 Apr 2020 12:30:30 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13957 আকৌ এবাৰ “মুকাভিনয়” প্ৰদৰ্শনেৰে জনসাধাৰণক সজাগ কৰাৰ প্ৰচেষ্টা উদীয়মান যুৱ শিল্পী মিনাংক ডেকাৰ। বৰ্তমান নৱ প্ৰজন্মৰ শিল্পী সমূহে কোৱাৰেন্টাইনৰ সময়ছোৱাত কিছু গঠনমূলক কাম কৰাক লৈ যথেষ্ট সমাদৰো লাভ কৰিছে জনসাধাৰণৰ। একাংশৰ সংগীত চৰ্চাৰ লগতে একাংশই নিজ নিজ ক্ষেত্ৰত আৰু অকণমান আগবাঢ়ি যোৱাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। এনেক্ষেত্ৰত মুকাভিনয়ৰে কৰা মিনাংক ডেকাৰ প্ৰচেষ্টা সমূহে প্ৰায়ে জনসাধাৰণক আমোদ প্ৰদান কৰিবলৈ সক্ষম হৈছে।


সম্প্ৰতি “লক-ডাউন” তথা “ক’ৰ’ণা” ৰ এনে পৰিস্থিতিত বাহিৰলৈ ওলাই যাওঁতে প্ৰত্যেক জনসাধাৰণে নিজ সাজ যোৰৰ সৈতে পিন্ধি যাবলগীয়া এবিধ আৱশ্যকীয় বস্তু হৈছে এখন “মাস্ক”। এই “মাস্ক” খনক উদ্দেশ্যিয়ে ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত মিনাংক ডেকাই প্ৰস্তুত কৰে এটি “মাস্ক ইজ মাষ্ট” শীৰ্ষক ভিডিঅ’। মুকাভিনয় যোগেৰে জনসাধাৰণৰ মাজত সজাগ সচেতনতা বৃদ্ধিৰ চেষ্টা কৰা মিনাংক ডেকাই প্ৰায়ে গঠন মূলক কিছু কাম কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে।

সংগীত, ছবি অথবা নাটক নহয়; "মুকাভিনয়" উপভোগেৰে চাওঁক "মাস্ক ইজ মাষ্ট"- 17


ইয়াৰ পূৰ্বেও তেওঁ “ক’ভিড ১৯” ক উদ্দেশ্যি এটা ভিডিঅ’ প্ৰস্তুত কৰি ওলাইছিল য’ত এই মহামাৰীটোৰ পৰা গা এৰাই চলিবলগীয়া নিয়মাৱলী সমূহ দেখুৱাইছিল। লগতে, মিনাংক ডেকাই প্ৰকৃতি বিষয়ক কিছু কামৰ সৈতেও জড়িত।

]]>
https://rupaliparda.com/archives/13957/feed 0 13957