Modhulogon – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 28 Mar 2021 12:22:19 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Modhulogon – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “মধুলগন” ৰ বৰ্ষপূৰ্তি আৰু ত্ৰিশ লাখ ভিউৱাৰচঃ https://rupaliparda.com/archives/25044 https://rupaliparda.com/archives/25044#respond Sun, 28 Mar 2021 09:30:00 +0000 https://rupaliparda.com/?p=25044 কিছুমান গীত কেতিয়াবা খুবেই আপোন হৈ পৰে; যিটো গীত অহৰহ ঘূৰি থাকিবলৈ লয় প্লে-লিষ্টত! আমাৰ প্ৰত্যেকৰে ভাললগা এনে কিছু গীত নিশ্চয় আছে; যিসমূহ আমি আন কেইবাটাও নতুন গীত আহিলেও নিজৰ প্লে-লিষ্টখনত সদায় ৰাখি থওঁ। বিগত বৰ্ষৰ প্ৰায় কেইবাটাও গ্ৰহণযোগ্য গীতৰ লগতে মুক্তি লাভ কৰিছিল এটি সুন্দৰ ৰোমান্টিক গীত; যিটো গীত বহু প্ৰেমাস্পদৰ মিলনৰ সাক্ষী হৈছে নহ’লে এই গীতটি আপোনালোকে বহুকেইখন বিবাহৰ একোটা সুন্দৰ মূহুূৰ্তৰ সাক্ষী হোৱা দেখিছে। গীতটিৰ নাম হৈছে “মধুলগন”; বিগত বৰ্ষৰ প্ৰায় প্ৰথম ভাগতেই মুক্তি লাভ কৰা গীতটিয়ে আছিল “মধুলগন”। দীপলিনা ডেকা আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ প্ৰথমটো যুঁটীয়া কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিয়ে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে ত্ৰিশ লাখতকৈও অধিক ভিউৱাৰচ। হৃদয়ত সুখানুভূতি আৰু মুখলৈ হাঁহি আনিব পৰা বিধৰ গীতটিয়ে আছিল “মধুলগন”। গীতটিৰ বৰ্ষপূৰ্তিৰ লগতে গীতটিয়ে লাভ কৰা সফলতাক লৈ আকৌ এবাৰ জনসাধাৰণ উৎসাহিত হৈ পৰিছে; শেহতীয়াকৈ “মধুলগন” ক মনত পেলাই উৎসাহিত হৈ পৰিছিল গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী।


বিগত বৰ্ষৰ ১৯ মাৰ্চত মুক্তিপাবলগীয়া এই গীতটিত কথা প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ। লগতে, গীতটিত সংগীত পৰিচালনা কৰিছে পল্লৱ তালুকদাৰে আৰু “মধুলগন” ৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছিল শচীন বৰুৱাৰ। ইয়াৰ উপৰিও, গীতটিত অভিনয় কৰিছে দীপলিনাৰ লগতে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। উক্ত গীতটিক লৈ দৰ্শক উৎসাহিত হোৱাৰ আন কাৰণো অৱশ্যে নথকা নহয়; এই গীতটিত দীপলিনাক দেখিবলৈ পোৱা কইনা সাঁজেৰে লগতে হোঁমৰ গুৰিত বহি থকা দীপলিনাৰ লুকটোৱে নৱ প্ৰজন্মৰ বহু যুৱকৰ হৃদয়ত খলকনি লগাবলৈ সক্ষম হৈছিল। আনহাতে, উক্ত গীতটিৰ পিছত দীপলিনা ডেকা আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ যুঁটিটোক লৈ উৎকন্ঠিত হৈ পৰিছিল; তেওঁলোকৰ তৰফৰ পৰা আন বহু প্ৰকল্পৰ আশাও অনাগত দিনত কৰিছে তেওঁলোকৰ অনুৰাগীয়ে। উল্লেখ্য যে, দীপলিনা ডেকাৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত কেইবাটাও গীতে ইতিমধ্যে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিছে।

"মধুলগন" ৰ বৰ্ষপূৰ্তি আৰু ত্ৰিশ লাখ ভিউৱাৰচঃ 1


ইয়াৰ লগতে, প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা ব্যস্ত তেওঁৰ এলবাম “এক যোগ এক” গীত সমূহক জনসাধাৰণৰ মাজলৈ উলিয়াই অনাত। “মধুলগন” ৰ বৰ্ষপূৰ্তি তথা সফলতাক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা প্ৰত্যেককে জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25044/feed 0 25044
দীপলিনাৰ অনুৰাগীলৈ সুঃখবৰ- “মধুলগন” ৰ কভাৰ পৰিৱেশন কৰি কাষ চাপক দীপলিনাৰ- https://rupaliparda.com/archives/15223 https://rupaliparda.com/archives/15223#respond Thu, 21 May 2020 10:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15223 “লক-ডাউন” ৰ সময়ছোৱাত বিভিন্নজনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পাইছো। দৰ্শকক কিছু সময় হতাশগ্ৰস্ত বাতৰিৰ পৰা আঁতৰাই ৰখা খাতিৰত আমি বিগত কেইদিনত দেখিবলৈ পাইছিলো বিভিন্ন অনলাইন প্ৰতিযোগিতা; যি প্ৰতিযোগিতা কিছু ফেচবুক পেজৰ লগতে অনুষ্ঠিত কৰিছিল একাংশ কন্ঠশিল্পীয়েও। জনসাধাৰণৰ মাজত থকা সুপ্ত প্ৰতিভাৰ প্ৰদৰ্শনৰ ফলতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। এইবাৰ এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে “মধুলগন” গীতটিৰ সৈতে জড়িত কলা-কুশলীয়ে। গীতটিৰ দুমাহ সম্পূৰ্ণ হোৱাৰ দিনটোতেই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে গীতটিত কন্ঠদান কৰা দীপলিনা, প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা তথা সংগীত পৰিচালক পল্লৱ দত্তই।

https://www.instagram.com/p/CAXtN74B5k3/?utm_source=ig_web_copy_link


আগন্তুক ৩০ মে’ তাৰিখলৈ গীতটিৰ “কভাৰ” গাই ভিডিঅ’ আপলোড কৰিব পাৰিব প্ৰতিযোগিয়ে। উল্লেখ্য যে,উক্ত গীতটি মুক্তি লাভ কৰা পিছতেই লাভ কৰিছিল দৰ্শকৰ বহুল সঁহাৰি। দীপলিনা তথা পল্লৱ প্ৰিয়াংকুশৰ যুঁটীয়া কন্ঠই গীতটিক আৰু অধিক উপভোগ্য কৰি তুলিছিল বুলি শ্ৰোতা ও দৰ্শকে ইতিমধ্যে স্বীকাৰ কৰিছে। গতিকে, দীপলিনাৰ অনুৰাগীৰ বাবেই এয়াই হৈছে সোণালী সুযোগ য’ত তেওঁৰ গীতৰ “কভাৰ” প্ৰস্তুত কৰি কাষ চাপিব পাৰিব দীপলিনাৰ।


“লক-ডাউনে” ইতিমধ্যে ৰাইজৰ মাজত থকা বহু সুপ্ত প্ৰতিভাক প্ৰদৰ্শিত কৰোৱাইছে। সকলোৱে এইকেইদিনত বহু নতুন গীত তথা চুটি ছবি উপভোগ কৰিবলৈ সক্ষম হৈছে। অভিনয়, সংলাপ আদিৰ বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে এইকেইটা দিনত

]]>
https://rupaliparda.com/archives/15223/feed 0 15223
কইনা সাঁজেৰে দীপলিনাৰ “মধুলগন”- https://rupaliparda.com/archives/11671 https://rupaliparda.com/archives/11671#comments Thu, 19 Mar 2020 10:30:57 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11671 বিগত বহু দিনৰ পৰা চচিয়েল মিডিয়া ও “টিক-টক” ত এটা গীত মুক্তিৰ পূৰ্বেই জনপ্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছে। গীতটিৰ বিভিন্ন ফটো তথা ভিডিঅ’ ভাইৰেলো হৈ পৰিছে বহুল ৰূপত। এই গীতটিৰ নাম হৈছে “মধুলগন”। নামটো শুনিয়ে ছাগে আপুনি ধৰিব পাৰিছে গীতটিত কোনে কন্ঠদান কৰিছে। হয়, আপুনি ঠিকেই ধৰিছে; গীতটিত কন্ঠদান কৰিছে অভিনেত্ৰী ও গায়িকা দীপলিনা ডেকাই। তেওঁৰ শেহতীয়াকৈ নিৰ্মিত এই গীতটিক লৈ উৎসাহিত তেওঁৰ অনুৰাগী। দীপলিনাৰ প্ৰায় প্ৰত্যেকটো গীত জনপ্ৰিয় হৈ পৰাৰ উপৰিও তেওঁক লৈ থকা বিভিন্ন জনৰ কমেন্টো হয় উল্লেখনীয়। ইঞ্জিনিয়াৰিং এৰি সাংস্কৃতিক ক্ষেত্ৰখনত নামি পৰা পিছতো দীপিলিনাই কেতিয়াও পিছ হুঁহকিবলগীয়া হোৱা নাই।

কইনা সাঁজেৰে দীপলিনাৰ "মধুলগন"- 2
কইনা সাঁজেৰে দীপলিনাৰ "মধুলগন"- 3


আজি অৰ্থাৎ ১৯ মাৰ্চত মুক্তিপাবলগীয়া এই গীতটিত কথা দিছে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। লগতে গীতটিত পৰিচালনা কৰিছে পল্লৱ দত্তই আৰু “মধুলগন” ৰ ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই। ইয়াৰ উপৰিও গীতটিত অভিনয় কৰিছে দীপলিনাৰ লগতে প্ৰণৱ প্ৰিয়াংকুশে। উক্ত গীতটিক লৈ দৰ্শক উৎসাহিত হোৱাৰ আন কাৰণো অৱশ্যে নথকা নহয়; এই গীতটিত দীপলিনাক দেখিবলৈ পোৱা যাব কইনা সাঁজেৰে লগতে হোঁমৰ গুৰিত বহি থকা দীপলিনাৰ লুকটোৱে ইতিমধ্যে নৱ প্ৰজন্মৰ বহু যুৱকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে। কিছুদিন পূৰ্বে দীপিলনাই চুমিবলৈ সক্ষম হৈছিল আন এক সফলতা; তেওঁৰ “চুই দিয়ানা” শীৰ্ষক গীতটিয়ে ইউটিউবত লাভ কৰিছিল ১০ লাখতকৈও অধিক ভিউৱাৰচ।

কইনা সাঁজেৰে দীপলিনাৰ "মধুলগন"- 4


১৯৯২ চনত জন্মগ্ৰহণ কৰা দীপলিনাই ২০১৫ চনত মুকলি কৰি দিছিল তেওঁৰ প্ৰথমটো গীত “নোৱাৰি নোৱাৰি”। এই গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছিল তৰুণ তন্ময়ে। এগৰাকী অভিনত্ৰী, এগৰাকী গায়িকা হোৱাৰ উপৰিও দীপলিনা এগৰাকী কথক ডেন্সাৰ। “বিন্দু” আলোচনী আৰু “শিল্পীৰ দাপোণ” কাকতৰ সৌজন্যত নাৰী দিৱসৰ দিনাই অসম ৰাজ্যিক সংগ্ৰহালয়, কনকলতা বৰুৱা প্ৰেক্ষাগৃহত এই গৰাকী শিল্পীক “কলাশ্ৰী” সন্মান প্ৰদান কৰা হৈছিল।

]]>
https://rupaliparda.com/archives/11671/feed 1 11671