Moinakon Bakhor – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 16 Apr 2020 09:55:43 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Moinakon Bakhor – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “ভাইৰেল গাৰ্ল” চুমি বৰাৰ ভিডিঅ’ত ৫ মিলিয়ন ভিউৱাৰচঃ https://rupaliparda.com/archives/13306 https://rupaliparda.com/archives/13306#respond Thu, 16 Apr 2020 10:32:49 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13306 হিন্দী ছবি ক্ষেত্ৰখনত থকা এনে শিল্পী আছে যিয়ে বলীউডৰ কিছু গীতত নিজাববীয়াকৈ নৃত্য কৰি জনপ্ৰিয় হৈ পৰে। ঠিক তেনেকৈয়ে তেওঁলোক চিনাকী হৈ উঠে দৰ্শকৰ মাজত তথা তেওঁলোকৰ ভিডিঅ’ সমূহ বহুল সংখ্যাত ভাইৰেলো হৈ পৰে চচিয়েল মিডিয়াত। এনে শিল্পী অসমীয়া ক্ষেত্ৰখনতো নথকা নহয়; তেওঁৰ নাম হৈছে চুমি বৰা। এই গৰাকী শিল্পীয়ে অসমীয়া বিভিন্ন গীতত স্ব-কৰিঅ’গ্ৰাফীৰে নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ সঁহাৰি লাভ কৰিছে। “ভাইৰেল গাৰ্ল” নামেৰেও বিভিন্ন জনে সম্বোধন কৰিছে এই গৰাকী শিল্পীক। কিছুদিন পূৰ্বে তেওঁ কৰা এটি নৃত্যৰ ইউটিউব ভিডিঅ’ত অতিক্ৰম কৰিলে ৫ মিলিয়নৰো অধিক ভিউৱাৰচ। সমান্তৰালকৈ কেৱল মাত্ৰ এটাই নহয়; তেওঁ কৰা প্ৰত্যেকটো ভিডিঅ’য়েই হৈ পৰিছে এতিয়া দৰ্শকৰ বাবে প্ৰিয়।


সুবাসনাৰ দত্তৰ গীত “মইনাকণ বাখৰ” ত নিজাববীয়াকৈ নৃত্য কৰি চুমি বৰাই নিজ ভিডিঅ’ত লাভ কৰিলে ৫ মিলিয়নৰো অধিক ভিউৱাৰচ। তিনি বছৰ বয়সৰ পৰা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰাপ্ত এই গৰাকী শিল্পীয়ে সত্ৰীয়া নৃত্যত “বিষাৰদ” লাভ কৰিছে। এগৰাকী নৃত্যশিল্পী হোৱাৰ সমান্তৰালকৈ চুমি বৰা এগৰাকী প্ৰফেচনেল মেক-আপ আৰ্টিষ্ট। চচিয়েল মিডিয়াত তেওঁৰ প্ৰতিভাৰ বিভিন্ন সময়ত উদাহৰণ লাভ কৰিবলৈ সক্ষম হৈছে দৰ্শকে। ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা এই শিল্পী গৰাকীক পোন প্ৰথমবাৰৰ বাবে অভিনেত্ৰীৰূপে দেখিবলৈ পোৱা গৈছিল দীক্ষু শৰ্মাৰ গীত “পাৰিজাত” ত।

https://www.instagram.com/p/B-6-IZTpXuA/?utm_source=ig_web_copy_link


শেহতীয়াকৈ “ইবাছি” শীৰ্ষক এটি গীতত কৰা নৃত্যইও তেওঁক আৰু অধিক জনপ্ৰিয় কৰি তুলিছে। তেওঁৰ নৃত্যৰ বিভিন্ন “ষ্টেপ” অনুসৰণ কৰা দেখিবলৈ পোৱা যায় চচিয়েল মিডিয়াত। মুঠতে, নৃত্য প্ৰদৰ্শন ৰ ক্ষেত্ৰত ক’তো অকণো খুঁত নথকা চুমি বৰাৰ বিভিন্ন ভিডিঅ’ক লৈ অপেক্ষাৰত হৈ থাকে তেওঁৰ অনুৰাগী।

]]>
https://rupaliparda.com/archives/13306/feed 0 13306
“মইনাকণ বাখৰ” ৰ জনপ্ৰিয়তাঃ ৫ মিলিয়নৰো অধিক ভিউৱাৰচ- https://rupaliparda.com/archives/10637 https://rupaliparda.com/archives/10637#respond Tue, 25 Feb 2020 11:32:37 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10637 অসমীয়া সংগীত ক্ষেত্ৰখনত এক উল্লেখনীয় নাম হৈছে সুবাসনাৰ দত্তৰ। তেওঁৰ একোটা গীত বৰ্তমানেও শ্ৰোতাৰ মুখে মুখে। কোৱা বাহুল্য যে, কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত সুবাসনাৰ এটি গীত “মইনাকণ বাখৰ” য়ে বৰ্তমান সময়লৈ শ্ৰোতাৰ ওপৰত নিজ প্ৰভাৱ বিস্তাৰ কৰি ৰাখিছে। ইউটিউবত এই গীতটিৰ ভিউৱাৰচৰ সংখ্যা বৃদ্ধি হৈ পাইছেগৈ ৫ লাখৰো অধিক। গীতটি মুক্তি পোৱাৰ পূৰ্বৰ পৰাই ইয়াক লৈ বিভিন্ন ধৰণৰ টিক-টক ভিডিঅ’ দৰ্শকে দেখিবলৈ পাইছিল।

View this post on Instagram

Celebrating 5 Million views of #moinakonbakhor !

A post shared by Subasana Dutta (@subasanadutta) on


“মইনাকণ বাখৰ” শীৰ্ষক সুবাসনাৰ এই গীতটিত তিনি গৰাকী জনপ্ৰিয় অভিনেত্ৰী ক্ৰমে প্ৰিয়ম পল্লৱী, অনন্যা কাশ্যপ আৰু সুনীতা কৌশিক আৰু অভিনেতা উৎপল দাসে অভিনয় কৰিছে। উক্ত গীতটিত কথাৰ লগতে সুৰ দিছে চিন্ময় কৌশিক আৰু জয় নিৰ্ভানে আৰু গীতটিত সংগীত পলাগ গগৈৰ।

]]>
https://rupaliparda.com/archives/10637/feed 0 10637
সুবাসনাৰ “মইনাকণ বাখৰ” ৰ “Behind The Scene”- https://rupaliparda.com/archives/8874 https://rupaliparda.com/archives/8874#respond Tue, 24 Dec 2019 09:37:18 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8874 অসমীয়া সংগীত জগতৰ উল্লেখযোগ্য কন্ঠশিল্পী সমূহৰ ভিতৰত সুবাসনা দত্তৰ নাম একেবাৰেই শীৰ্ষত ল’লেও ভুল লোৱা নহ’ব। তেওঁৰ সংগীতে ইতিমধ্যে প্ৰায় প্ৰত্যেকজন শ্ৰোতাক মুগ্ধ কৰি অহাৰ লগতে অনুৰাগীৰ সংখ্যাও ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে। চচিয়েল মিডিয়াযোগে কন্ঠশিল্পী গৰাকীয়ে তেওঁৰ আহিবলগীয়া প্ৰকল্পসমূহৰ আগজাননী দি দৰ্শকক যথেষ্ট আকৰ্ষণ কৰি ৰাখে।

সুবাসনাৰ "মইনাকণ বাখৰ" ৰ "Behind The Scene"- 1
সুবাসনাৰ "মইনাকণ বাখৰ" ৰ "Behind The Scene"- 2
সুবাসনাৰ "মইনাকণ বাখৰ" ৰ "Behind The Scene"- 3


তেওঁৰ আগন্তুক গীত “মইনাকণ বাখৰ”-ৰ বিভিন্ন পোষ্ট দিয়াৰ লগতে তেওঁৰ এইবাৰ গীতটিৰ আঁৰৰ কিছু দৃশ্যও ভিডিঅ’ আকাৰে দৰ্শকক দি গীতটিৰ প্ৰতি উৎসাহিত কৰি ৰাখিছে। চিন্ময় কৌশিক আৰু জয় নিৰ্ভানৰ কথাৰে তথা পলাশ গগৈৰ সংগীতেৰে আহিবলগীয়া এই গীতটোত অভিনয় কৰিছে উৎপল দাস, প্ৰিয়ম পল্লৱী, সুনীতা কৌশিক আৰু অনন্যা কাশ্যপে।

]]>
https://rupaliparda.com/archives/8874/feed 0 8874