Monpokhila – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 28 Jul 2021 01:22:00 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Monpokhila – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Kishma Venture Pvt. Ltd ৰ আৰু Ekoda প্ৰযোজনা গোষ্ঠীৰ যুটীয়া প্ৰচেষ্টাৰে তথ্যচিত্ৰ “মনপখিলা (Dream Of A Woman)” https://rupaliparda.com/archives/27692 https://rupaliparda.com/archives/27692#respond Thu, 29 Jul 2021 05:30:00 +0000 https://rupaliparda.com/?p=27692 এখন সমাজ গঢ় দিয়া লগতে এক বিপ্লৱৰ সৃষ্টি কৰাৰ মূলত থাকে একোগৰাকী নাৰী। সৃষ্টিৰ মূলতেই থাকে নাৰী; আচলতে এই কথাবোৰ নতুন নহয় আৰু দুই এদিনৰ পৰা চলি থকা বিষয়ো নহয়। যুগ যুগান্তৰৰ পৰা চলি থকা এই বিষয়টোৰ অনুৰূপ নহয় যেন সম্প্ৰতি কালছোৱাও। বহু পৰিস্থিতিত নাৰী সমাজে কৰা ত্যাগ সমূহো আমি অমান্য কৰিব নোৱাৰোঁ। নাৰী সবলীকৰণৰ দিশটো বৰ্তমান আমাৰ সমাজত উল্লেখনীয়, মহিলা ব্যৱসায়ী অথবা কৃষিক্ষেত্ৰটো নাৰীৰ অন্তৰ্ভূক্ত হোৱা কথাটোও নুই কৰিব নোৱাৰোঁ। সংবাদ মাধ্যম সমূহতেই আচলতে এনেবোৰ খবৰে প্ৰাধান্য লাভ কৰাত সক্ষম হৈছে। কৰ্মদৃঢ়তা, সাহস আৰু সক্ৰিয়তাৰ বাবে আজিৰ নাৰীয়ে কৰিব নোৱাৰা কাম একোৱে নাই বুলি একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। এনে দৃঢ় আৰু কৰ্মতৎপৰ নাৰীক কেন্দ্ৰ কৰি ইতিমধ্যে বহু প্ৰকল্পৰ উপভোগ আমি কৰিছোঁ, নহয়নে? শেহতীয়াকৈ, আমি আপোনালোকলৈ আনিছো আন এক ভাল খবৰ। বিবাহিতা নাৰী একোগৰাকীয়ে কেতিয়াবা নিজ পৰিয়ালবৰ্গক লৈ ইমানেই অধিক ব্যস্ত হৈ থাকে যে তেওঁলোকে নিজ প্ৰতিভাসমূহ পাহৰণিৰ গৰ্ভলৈ লৈ গৈ থাকে। এনে নাৰীৰ সবলীকৰণৰ দিশটোৰ কিছু কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে এখন তথ্যচিত্ৰ “মনপখিলা (Dream Of A Woman)”।

Kishma Venture Pvt. Ltd ৰ আৰু Ekoda প্ৰযোজনা গোষ্ঠীৰ যুটীয়া প্ৰচেষ্টাৰে তথ্যচিত্ৰ "মনপখিলা (Dream Of A Woman)" 1


নৱপ্ৰজন্মৰ প্ৰতিভাক আমি নুই কৰিব নোৱাৰো। প্ৰতিটো সময়ত তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি জনসাধাৰণক আপ্লুত কৰাৰ প্ৰচেষ্টা চলাইছে। কেৱল মাত্ৰ এটা দিশ বুলিয়েই নহয়; প্ৰতিটো দিশত সমানেই সামঞ্জস্য ৰাখি এই প্ৰতিভাৰ ক্ষেত্ৰখনত আগবাঢ়িছে নৱপ্ৰজন্ম। এনেক্ষেত্ৰত, “মনপখিলা” ও হৈছে এক উল্লেখনীয় প্ৰকল্প। প্ৰিয়ংকা চহৰীয়াৰ পৰিচালনাৰে নিৰ্মিত এই তথ্যচিত্ৰখনত বিবাহিত মহিলাৰ ছোৱালী জীৱনৰ সপোন,আশা- আকাংক্ষা, প্ৰতিভা আদিবোৰৰ বাবে এক প্লেটফৰ্ম হিচাবে থকা “মনপখিলা” ৰ বিষয়ে সন্নিৱিষ্ট কৰা হয়। “মনপখিলা” ৰ জৰিয়তে ইতিমধ্যে কেইবাগৰাকীও নাৰীয়ে নিজৰ প্ৰতিভা বিকাশৰ লগতে নিজাববীয়াকৈ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। এই প্লেটফৰ্মটোক বহুল হাৰত জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই তথ্যচিত্ৰখনক নিৰ্মাণ কৰি উলিওৱা হৈছে। Kishma Venture Pvt. Ltd ৰ আৰু Ekoda প্ৰযোজনা গোষ্ঠীৰ যুটীয়া বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখনৰ পৰিচালনাৰ উপৰিও ইয়াৰ চিত্ৰনাট্যৰ দায়িত্ব পালন কৰিছে প্ৰিয়ংকা চহৰীয়াই, প্ৰযোজনা মালবিকা শইকীয়াৰ। দৃশ্যগ্ৰহণ আৰু সম্পদনাৰ দায়িত্বত আছে মাৰুফ বিন ৰাফিক। ক্ৰিয়েটিভ টীমত থকা ব্যক্তিকেইজন হৈছে ক্ৰমে তনুজ শইকীয়া, জলী শইকীয়া আৰু ডৰিয়লী। পোষ্টাৰ ডিজাইন কৰিছে সাগৰিকাই। এই তথ্যচিত্ৰখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। Indian Panorama তথা Delhi International Film Festival কে আৰম্ভ এই ভিন্ন সমাৰোহত মনোনয়নপ্ৰাপ্ত এই তথ্যচিত্ৰখনে আন আন ছবি সমাৰোহত সমালোচকৰ দ্বাৰা প্ৰশংসিতও হৈছে।

Kishma Venture Pvt. Ltd ৰ আৰু Ekoda প্ৰযোজনা গোষ্ঠীৰ যুটীয়া প্ৰচেষ্টাৰে তথ্যচিত্ৰ "মনপখিলা (Dream Of A Woman)" 2
Kishma Venture Pvt. Ltd ৰ আৰু Ekoda প্ৰযোজনা গোষ্ঠীৰ যুটীয়া প্ৰচেষ্টাৰে তথ্যচিত্ৰ "মনপখিলা (Dream Of A Woman)" 3


Ekoda প্ৰযোজনা গোষ্ঠীটোৱে ইতিমধ্যে দৰ্শকৰ মনোৰঞ্জন অথবা জ্ঞান বৃদ্ধিৰ ক্ষেত্ৰত বিভিন্ন তথ্যচিত্ৰ আৰু উল্লেখনীয় প্ৰকল্পৰ নিৰ্মাণ কৰি আহিছে। গতিকে, অনাগত দিনত এওঁলোকৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া প্ৰতিটো প্ৰকল্পৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/27692/feed 0 27692