Munin Boruah – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 28 Sep 2021 01:10:15 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Munin Boruah – Rupaliparda.com https://rupaliparda.com 32 32 163073109 কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম || উৎপল মেনা https://rupaliparda.com/archives/26655 https://rupaliparda.com/archives/26655#respond Mon, 07 Jun 2021 09:30:00 +0000 https://rupaliparda.com/?p=26655 মুনিন বৰুৱাৰ কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম । ‘ বাৰুদ – ২ ‘ আৰু ‘ পথ – উপপথ ‘ ৰ কাম । কিছু দিন পূৰ্বে ৰিজুক লগ পাইছিলো , মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাক । জ্যোতি চিত্ৰবনত । — এই জ্যোতি চিত্ৰবনতে এদিন ভাইমনদাই কৈছিল , ” ভবেন শইকীয়া ছাৰৰ কাহিনীৰে পাৰিবাৰিক চিনেমা এখন কৰাৰ ইচ্ছা আছিল । সম্ভৱ নহ’ব । ছাৰে মোৰ চিনেমাত যেনেদৰে গীত ব্যৱহাৰ হয় , তেনেদৰে ব্যৱহাৰ কৰিব নিদিয়ে । আৰু দুটামান পৰিকল্পনা আছে । ‘ বাৰুদ – ২ ‘ ৰো পৰিকল্পনা আছে ।… ‘ সেই পৰিকল্পনা এতিয়া আগবঢ়াই নিছে মানস বৰুৱাই । ‘ সময় ‘ ৰ কথা মনত ৰাখি মুনিন বৰুৱাই লিখা চিত্ৰনাট্য খন নতুনকৈ লিখাইছে । লিখিছে ভাস্কৰ হাজৰিকাই ( ‘ কথানদী ‘ , ‘ আমিষ ‘ৰ পৰিচালক । চিনেমা দুখনৰ ভেটি — মজবুট চিত্ৰনাট্য । )

কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম || উৎপল মেনা 1


‘ বাৰুদ ‘ চিত্ৰগৃহলৈ আহিছিল ২০০৪ চনত । আমি জনাত চিনেমা খনৰ কাম শেষ হৈছিল ২০০২ চনৰ শেষৰ ফালে । — সেই সময় চোৱাত পুলিছ কেন্দ্ৰিক চিনেমা নিৰ্মাণৰ ঢৌ তুলিছিল বলিউডৰ চিনে নিৰ্মাতাই । ক’ব পাৰি বলিউডৰ পৰিচালকৰ সৈতে খোজ মিলাইছিল মুনিন বৰুৱাই । ‘ বাৰুদ ‘ৰ সম্পূৰ্ণ হোৱাৰ পিছতহে আৰম্ভ হৈছিল বলিউডৰ ‘ খাকি ‘ৰ ফ্ল’ৰৰ কাম । ৰাজকুমাৰ সন্তোষিৰ পৰিচালনাৰে নিৰ্মিত ‘ খাকি ‘ চিত্ৰগৃহলৈ আহিছিল ২৩ জানুৱাৰী , ২০০৪ ত । সময়ত ‘ বাৰুদ ‘ চিত্ৰগৃহলৈ আহিলে নিশ্চয় বহুতে ক’লেহেঁতেন — ‘ খাকি ‘ ‘ বাৰুদ ‘ৰ দৰে ! ‘ বাৰুদ ‘ চিত্ৰগৃহলৈ আহিছিল ১৪ এপ্ৰিল , ২০০৪ ত ।

কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম || উৎপল মেনা 2


— আমাৰ ধাৰণাত মুনিন বৰুৱাই ‘ চিনেমা ‘ৰ সম্পূৰ্ণ আকাৰ দিয়ে চিত্ৰনাট্যতে । দক্ষ পৰিচালক গৰাকীৰ কেইবাখনো চিত্ৰনাট্য মই পঢ়িছো । সম্পূৰ্ণ চিনেমা খনেই লিখা থাকে । চিনেমা জ্ঞান থকা পৰিচালক এগৰাকীয়ে মুনিন বৰুৱাৰ চিত্ৰনাট্য হাতত লৈ ‘ মুনিন বৰুৱাৰ চিনেমা ‘ সহজতে যে কেমেৰাত বন্দী কৰিব পাৰিব , কৰিব পাৰে সন্দেহ নাই । সেয়েহে ৰাজেশ ভূঞাৰ ‘ কোঁৱৰ পুৰৰ কোঁৱৰ ‘ , যতীন বৰাৰ ‘ অধিনায়ক ‘ আদিত পৰিচালক মুনিন বৰুৱাৰ উপস্থিতি স্পষ্ট ।


— কথা প্ৰসঙ্গত মুনিন বৰুৱাই কৈছিল , ” চিত্ৰগ্ৰহনৰ সময়ত কেৱল চিত্ৰগ্ৰহণ কৰিব লাগে । শ্বট কেনেধৰনে লম , ‘ চৰিত্ৰ ‘ক কেনে ধৰণে ধৰি ৰাখিম ইত্যাদি চিন্তা ফ্ল’ৰলৈ আনিব নালাগে । চিত্ৰনাট্যতে শেষ কৰি থব লাগে । — এয়া মোৰ ধাৰণা । মোৰ ধাৰণা , ‘ ফ্ল’ৰ ৱৰ্ক ‘ত কৈ ‘ পেপাৰ ৱৰ্ক ‘ বেছি হ’ব লাগে । মই চিত্ৰনাট্য লিখাৰ কথা কোৱা নাই । কৈছো , চিত্ৰনাট্য খন অধ্যয়ন কৰি ‘পেপাৰ ওৱৰ্ক ‘ কৰিব লাগে । “

কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম || উৎপল মেনা 3

— বুজিছিলো ! ‘ ফ্ল’ৰ ‘ চিনেমা পৰিচালক মুনিন বৰুৱাৰ দৃষ্টিত ‘ পৰীক্ষা গৃহ ! চিত্ৰনাট্য ‘ বিষয় ‘ ! ‘ ফ্ল’ৰ ‘ লৈ আহে পৰিপাটি ‘ ছাত্ৰ ‘ৰ দৰে ! — আমি এনেদৰে কব পাৰো নেকি , ‘ চিত্ৰনাট্য ‘ খনেই পৰিচিলক মুনিন বৰুৱাৰ বাবে ‘ গীতা ‘ ! — ‘ ব্লুু প্ৰিণ্ট ‘ নহয় ! ” নহয় , এই ধাৰণা শুদ্ধ নহয় । মই ভাৱো প্ৰাথমিক চিত্ৰনাট্য খন ‘ ব্লু প্ৰিণ্ট ‘। শ্বুটিং চিত্ৰনাট্য খনো চূড়ান্ত নহয় । শ্বুটিঙৰ সময়ত ভাল চিন্তা মনলৈ আহিলে যোগ – বিয়োগ কৰো । কিন্তু ‘ ফ্ল’ৰ ‘ত কি কৰিম , কেনেদৰে কৰিম , নতুন কিবা কৰিব পৰা যায় নেকি ইত্যাদি চিন্তা কৰি সময় খৰচ নকৰো । ‘– আমাৰ প্ৰশ্নৰ উত্তৰত মুনিন বৰুৱাই কৈছিল । ( ‘ নায়ক ‘ৰ চিত্ৰগ্ৰহণৰ সময়ত । সেই সময়ত মই অজিত কুমাৰ ভূঞাৰ সম্পাদনাত প্ৰকাশ পোৱা দৈনিক কাকত ‘ আজি ‘ আৰু সাপ্তাহিক কাকত ‘ নতুন সময় ‘ৰ সম্পাদনা বিভাগত ব্যস্ত আছিলো । স্বাভাবিকতে মুনিন বৰুৱাই কোৱা এই ‘ উত্তৰ ‘ প্ৰকাশ পাইছিল ‘ নতুন সময় ‘ত । )
— এই প্ৰসঙ্গ ইমানতে ইতি কৰিছো । এতিয়া আহিছো ‘ বাৰুদ – ২ ‘ প্ৰসঙ্গলৈ । আমি আশা কৰিব পাৰো দক্ষ চিনেমা লেখক – পৰিচালক ভাস্কৰ হাজৰিকাই মুনিন বৰুৱাৰ চিত্ৰনাট্যত মুনিন বৰুৱাৰ ‘ মুড ‘ অনুভৱ কৰাত ব্যৰ্থ নহব ! পৰিচালক মানস বৰুৱাও মুনিন বৰুৱাৰ চিনেকৰ্মৰ অতি ওচৰৰ । গতিকে আশা কৰিছো ‘ বহু স্বাভাবিক পৰিবৰ্তন ‘ৰ পিছতো ‘ চিত্ৰৰসিকে ‘ বৰুদ – ২ ‘ত মুনিন বৰুৱাৰ উপস্থিতি অনুভৱ কৰিব !

|| মুনিন বৰুৱাৰ চিত্ৰনাট্য ||
( তথ্য : মঞ্জুলা বৰুৱা )

কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম || উৎপল মেনা 4


১। বোৱাৰী( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ২। ঘৰ সংসাৰ ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৩। এই দেশ মোৰ দেশ ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৪। প্ৰতীমা ( পৰিচালক : নিপন গোস্বামী , মুনিন বৰুৱা ) ৫। পিতা পুত্ৰ ( পৰিচালক : মুনিন বৰুৱা ) ৬। প্ৰভাতী পখীৰ গান ( পৰিচালক : মুনিন বৰুৱা ) ৭ । সোণ মইনা ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৮। ভাই ভাই ( পৰিচালক : বিজু ফুকন ) ৯। পাহাৰী কন্যা ( পৰিচালক : মুনিন বৰুৱা ) ১০ । শেৱালী ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ১১। হিয়া দিয়া নিয়া ( পৰিচালক : মুনিন বৰুৱা ) ১২। দাগ ( পৰিচালক : মুনিন বৰুৱা ) ১৩ । নায়ক ( পৰিচালক : মুনিন বৰুৱা ) ১৪ । কন্যাদান ( পৰিচালক : মুনিন বৰুৱা ) ১৫ । অগ্নিসাক্ষী ( পৰিচালক : যদুমণি দত্ত ) ১৬ । মায়া ( পৰিচালক : ৰাজেশ ভূঞা , পবিত্ৰ মাৰ্ঘেৰিটা ) ১৭ । অধিনায়ক ( পৰিচালক : যতীন বৰা ) ১৮ । ৰং ( পৰিচালক : মুনিন বৰুৱা ) ১৯ । বিধাতা ( পৰিচালক : মুনিন বৰুৱা ) ২০ । বাৰুদ ( পৰিচালক : মুনিন বৰুৱা ) ২১ । দীনবন্ধু ( পৰিচালক : মুনিন বৰুৱা ) ২২ । ৰিচাং ( পৰিচালক : মানস বৰুৱা ) ২৩ । জেতুকা পাতৰ দৰে ( পৰিচালক : যদুমণি দত্ত ) ২৪। ৰামধেনু ( পৰিচালক : মুনিন বৰুৱা ) ২৪ । অচিন চিনাকী ( পৰিচালক : মুন্না আহমেদ ) ২৫ । কোঁৱৰ পুৰৰ কোঁৱৰ ( পৰিচালক : ৰাজেশ ভূঞা ) ২৬ । নিজানৰ গান ( পৰিচালক : মুন্না আহমেদ ) ২৭। প্ৰিয়াৰ প্ৰিয় ( পৰিচালক : মুনিন বৰুৱা )

]]>
https://rupaliparda.com/archives/26655/feed 0 26655
মুনিন বৰুৱালৈ ৰূপালীপৰ্দাৰ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ https://rupaliparda.com/archives/25313 https://rupaliparda.com/archives/25313#respond Wed, 07 Apr 2021 12:30:00 +0000 https://rupaliparda.com/?p=25313 অসমীয়া চলচিত্ৰক আকৌ নতুন ৰূপত সঁজাই তোলাত মুনিন বৰুৱাৰ অৱদান অপৰিসীম। একোখন হিট চিনেমা প্ৰদান কৰি এই গৰাকী মহান ব্যক্তিয়ে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ১৯৪৮ চনত জন্মগ্ৰহণ কৰা “ভাইমন দা” খ্যাত মুনীন বৰুৱাই “প্ৰতিমা” ছবি খনৰ পৰিচালনা কৰি পৰিচালক ৰূপত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰায় ৯০ খন নাটকৰ চিত্ৰনাট্য লিখিছে। ইয়াৰ সমান্তৰালকৈ, মুনীন বৰুৱাই ২১ খন ছবিৰ চিত্ৰনাট্য লিখিছে তথা ১৪ খন ছবিৰ পৰিচালনা কৰিছে। চলচিত্ৰৰ উপৰিও তেওঁ “পাপু-নিকু সংবাদ” আৰু “ৰুদ্ৰ” নামে দুখন ধাৰাবাহিকো পৰিচালনা কৰে। তেওঁ পৰিচালনাৰে নিৰ্মিত একাংশ ছবিয়ে এতিয়াও দৰ্শকক আকৰ্ষণ কৰি ৰাখে। সেই ছবিসমূহৰ মাজৰ তিনিখন হ’ল ক্ৰমেঃ

মুনিন বৰুৱালৈ ৰূপালীপৰ্দাৰ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ 5

১. নায়ক – ২০০১ চনৰ ৩০ নৱেম্বৰত মুক্তি লাভ কৰা “নায়ক” ছবিখন প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। পূজা মোশ্যন পিকছাৰচৰ বেনাৰত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছে মেৰী লস্কৰে। মূখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন বৰা, ৰবি শৰ্মা আৰু জেৰিফা ৱাহিদে। উক্ত ছবিখনৰ প্ৰত্যেকটা সংগীতেই দৰ্শকৰ মাজত বৰ্তমানেও প্ৰিয়। সংগীকেইটি পৰিচালনাৰ লগতে কণ্ঠদান কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। “নায়ক” ৰ বাবে মুনীন বৰুৱাই “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটাও লাভ কৰিছিল।

২. বাৰুদঃ ২০০৪ চনৰ ১৪ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত “বাৰুদ” কিছু ৰাজনৈতিক নেতাৰ ময়মৈতালিৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। প্ৰস্তুতি পৰাশৰ, যতীন বৰা আৰু ৰবি শৰ্মাকে ধৰি তপন দাস আৰু হিৰণ্য ডেকাকো এই ছবি খনত মূখ্য চৰিত্ৰত দেখা পোৱা যায়। উল্লেখ্য যে, ছবি খনত ৰবি শৰ্মা “ভিলেইন” ৰ চৰিত্ৰত অভিনয় কৰিছে। “বাৰুদ” ছবিখনৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ। ২০০৩-০৪ চনৰ “শ্ৰেষ্ঠ চলচিত্ৰ” ৰ বঁটা লাভ কৰে উক্ত ছবিখনে।

৩. হিয়া দিয়া নিয়াঃ ২০০০ চনত মুক্তি লাভ কৰা এই চলচিত্ৰখনে বহুল পৰিমাণত দৰ্শকক টানিবলৈ সক্ষম হয়। ধনী-দুখীয়াৰ মাজৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল মেৰী লস্কৰে। ৰবি শৰ্মা, যতীন বৰা, লুনা লহকৰ আৰু গীতাৱলী ৰাজকুমাৰী অভিনীত এই ছবিখনতেই পোনপ্ৰথমবাৰৰ বাবে জুবিন গাৰ্গে সংগীত পৰিচালনাৱ কৰিছিল। ছবিখনৰ কাহিনী ও সংগীত দৰ্শকৰ মাজত এতিয়াও জনপ্ৰিয়।

মুনিন বৰুৱালৈ ৰূপালীপৰ্দাৰ একাঁজলি শ্ৰদ্ধাঞ্জলিঃ 6

বহুতো সফল চলচিত্ৰ অসমীয়া দৰ্শকক উপহাৰ দিয়া ভাইমন দা ৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিছিল সাংস্কৃতিক জগতৰ সকলো কলা-কুশলী লগতে সমগ্ৰ বিশ্ব। ২০১৮ চনৰ ৭ এপ্ৰিল অৰ্থাৎ আজিৰ তাৰিখটোতেই এই জনা মহান ব্যক্তিয়ে ইহলীলা সম্বৰণ কৰে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা এই গৰাকী পৰিচালকক জনাইছো একাজঁলি শ্ৰদ্ধাঞ্জলি।

]]>
https://rupaliparda.com/archives/25313/feed 0 25313
“হিয়া দিয়া নিয়া” ছবিখনৰ অতীত ৰোমন্থন গীতাৱলী ৰাজকুমাৰীৰঃ https://rupaliparda.com/archives/21708 https://rupaliparda.com/archives/21708#respond Fri, 06 Nov 2020 12:30:38 +0000 https://rupaliparda.com/?p=21708 মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত কেইবাখনো ছবিৰ ভিতৰত এখন উল্লেখযোগ্য ছবি হৈছে “হিয়া দিয়া নিয়া”। ছবিখনে সেইটো সময়তেই ১ কোটিতকৈও অধিক টকা বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হৈছিল। ২০০০ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনে চলিত বৰ্ষটোতে সম্পূৰ্ণ কৰিলে নিজ ২০ টা বৰ্ষ। “হিয়া দিয়া নিয়া” ছবিখনৰ বিভিন্ন দৃশ্যাংশক নিজ ইনষ্টাগ্ৰাম যোগে আপলোড কৰি অভিনত্ৰী গীতাৱলীয়ে সুঁৱৰিছে অতীতক। ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰিছে পৰিচালক মুনীন বৰুৱাই। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা।

"হিয়া দিয়া নিয়া" ছবিখনৰ অতীত ৰোমন্থন গীতাৱলী ৰাজকুমাৰীৰঃ 7
"হিয়া দিয়া নিয়া" ছবিখনৰ অতীত ৰোমন্থন গীতাৱলী ৰাজকুমাৰীৰঃ 8


“হিয়া দিয়া নিয়া” ছবিখনত অভিনয় কৰিছিল লুনা লহকৰ, যতীন বৰা, ৰবি শৰ্মা, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, হিৰণ্য দাস, হিৰণ্য ডেকা, চেতনা দাস, নিপন গোস্বামী, মাধুৰীমা চৌধুৰী আৰু মালৱিকা বৰাই। উক্ত ছবিখনত সংযোজিত প্ৰায় প্ৰত্যেকটা গীত বৰ্তমানেও জনপ্ৰিয়। উল্লেখ্য যে, অভিনেতা ৰবি শৰ্মাৰ এইখনেই হৈছে প্ৰথমখন ছবি। মুনীন বৰুৱাৰ সফল ছবি ৰূপে পৰিগণিত উক্ত ছবিখনে এতিয়ালৈ বহুল হাৰত দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসমীয়া ছবিৰ ধাৰাক আৰু অধিক মজবুত কৰি তোলাত সফল হৈছিল “হিয়া দিয়া নিয়া”।

]]>
https://rupaliparda.com/archives/21708/feed 0 21708
মানস বৰুৱা আৰু Zeal Creation ৰ প্ৰকল্প “যাত্ৰা… এখন ছবিৰ” শুভাৰম্ভঃ অতিশীঘ্ৰে দৰ্শকৰ মাজলৈ- https://rupaliparda.com/archives/21564 https://rupaliparda.com/archives/21564#respond Fri, 30 Oct 2020 08:30:21 +0000 https://rupaliparda.com/?p=21564 “লক-ডাউন” ৰ মাজতেই পৰিকল্পিত এটি প্ৰকল্প; অসমীয়া ছবি জগতৰ নক্ষত্ৰ তথা পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ আৰু Zeal Creation ৰ যুঁটীয়া প্ৰচেষ্টাৰে নিৰ্মিত এই প্ৰকল্পটোৰ নাম হৈছে “যাত্ৰা… এখন ছবিৰ”। এনে এক অভিনৱ প্ৰচেষ্টাৰে জনসাধাৰণৰ কাষ চাপিবলৈ চেষ্টা কৰা মানস বৰুৱাই শেহতীয়াকৈ মুকলি কৰিছে “যাত্ৰা…এখন ছবিৰ” এটি টিজাৰ। আমাক একোখন ছবিৰ আৰম্ভণিৰ খবৰে যেনেদৰে উৎসাহিত কৰে ঠিক তেনেদৰে আমি দৰ্শক বোৰ ছবিসমূহৰ আঁৰৰ ঘটনাবোৰো জানিবলৈও যথেষ্ট উৎসাহী হৈ থাকো। “যাত্ৰা… এখন ছবিৰ” শীৰ্ষক এই প্ৰকল্পটোত কিছুমান পূৰণি ছবিক লৈ সেইবোৰৰ নিৰ্মাণৰ যাত্ৰাৰ লগতে চিত্ৰনাট্য, সংলাপ আদি প্ৰস্তুতকৰণৰ সময়ছোৱাত ঘটা ভিন্ন ঘটনা-পৰিঘটনাকো দেখুৱাবলৈ প্ৰয়াস কৰা হ’ব। অৰ্থাৎ ছবিখন নিৰ্মাণৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি ছবিখন শেষ কৰা পৰ্যন্ত তাত অভিনীত অভিনেতা-অভিনেত্ৰী সমূহৰ মনৰ ভাৱবোৰক এইবাৰ জানিবলৈ পাব অসমীয়া দৰ্শকে। পিতৃ যুগটোৰ কিছু সাঁচি থোৱা স্মৃতিক ৰোমন্থন কৰাৰ মানসেৰে উক্ত প্ৰকল্পটোক হাতত লৈছিল পৰিচালক মানস বৰুৱাই।

মানস বৰুৱা আৰু Zeal Creation ৰ প্ৰকল্প "যাত্ৰা… এখন ছবিৰ" শুভাৰম্ভঃ অতিশীঘ্ৰে দৰ্শকৰ মাজলৈ- 9


অহা ১ নৱেম্বৰ তাৰিখে “যাত্ৰা… এখন ছবিৰ” আৱহ সংগীতটোৰ ভিডিঅ’ শ্বুট কৰা হ’ব। উল্লেখ্য যে, সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা একাংশ ছবিৰ কাহিনী, চৰিত্ৰ সমূহক জীয়াই ৰখাৰ উদ্দেশ্যৰে কৰা এই প্ৰয়াস সঁচাকৈ আদৰণীয়। “যাত্ৰা… এখন ছবিৰ” প্ৰথমটো খণ্ডৰ আৰম্ভণি হ’ব “প্ৰভাতী পখীৰ গান” নামৰ এখন ছবিৰ মাজেৰে। Zeal Creation নামে ইউটিউব চেনেলত মুক্তি পাবলগীয়া এই প্ৰকল্পটোৰ প্ৰযোজনা কৰিছে Zeal Creation ৰ বেনাৰত শ্যামন্তক গৌতম আৰু মানস বৰুৱাই। অতিশীঘ্ৰে জনসাধাৰণৰ সমুখলৈ আহিবলগীয়া এই প্ৰকল্পটোৰ শীৰ্ষ গীতটিৰ দায়িত্বত আছে পৰাণ বৰকটকী (জজ)।আনহাতে, গীতটিৰ কথা শশাংক সমীৰৰ আৰু মানস বৰুৱাৰ সমান্তৰালকৈ ইয়াৰ পৰিচালনা টীমত আছে অনুপম বৈশ্য আৰু হেমন্ত গগৈ। সম্পাদনা প্ৰতীম খাউণ্ডৰ।

মানস বৰুৱা আৰু Zeal Creation ৰ প্ৰকল্প "যাত্ৰা… এখন ছবিৰ" শুভাৰম্ভঃ অতিশীঘ্ৰে দৰ্শকৰ মাজলৈ- 10


অসমীয়া জনসাধাৰণক আমোদ প্ৰদানৰ বাবে কৰা এনে প্ৰয়াসে এতিয়া বাৰুকৈয়ে উৎসাহিত কৰি তুলিছে অসমীয়া জনসাধাৰণক। ইয়াৰ উপৰিও, মানস বৰুৱা ব্যস্ত তেওঁৰ আহিবলগীয়া পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি “বাৰুদ ২” ক লৈও। ছবিখনত পুনৰবাৰ অসমীয়া ছবি জগতৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা যাব।

]]>
https://rupaliparda.com/archives/21564/feed 0 21564
“প্ৰিয়াৰ প্ৰিয়” ৰ নেদেখা ফটো আপলোড কৰিলে শশাংক সমীৰেঃ https://rupaliparda.com/archives/18301 https://rupaliparda.com/archives/18301#respond Mon, 20 Jul 2020 17:30:32 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18301 ক’ৰোণা মহামাৰীয়ে ৰাজ্যত লৈছে ভয়ংকৰ ৰূপ। হাজাৰ হাজাৰ লোকক এতিয়া নিজ আগ্ৰাসনত লৈছে এই মহামাৰীয়ে। ভিন্ন জনৰ কামৰ লগতে একেবাৰতে বৰ্তমান স্তব্ধ হৈ পৰিছে সকলো শিল্পীৰে শ্বুটিং। প্ৰতিজন শিল্পীয়ে এতিয়া একোটা পোষ্টৰ জৰিয়তে নিজ কৰ্মব্যস্ততাক মনত পেলাইছে।শ্বুটিং সময়ছোৱাৰ একোখন ফটো আপলোড কৰি এতিয়া একোজন অভিনেতা-অভিনেত্ৰীয়ে ৰোমন্থন কৰিছে পূৰ্বৰ সময়ছোৱাক। একাধাৰে অভিনেতা, চিত্ৰকাৰ, লিখক, গীতিকাৰ শশাংক সমীৰে মুনিন বৰুৱাৰ দ্বাৰা নিৰ্মিত শেষৰখন ছবি “প্ৰিয়াৰ প্ৰিয়” ৰ শ্বুটিং সময়ৰ কিছু পূৰ্বে নেদেখা ফটো আপলোড কৰে নিজ চচিয়েল মিডিয়াত। ২০১৭ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন আছিল ৰোমান্টিক কমেডী ধৰ্মী ছবি; য’ত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল জুবিন গাৰ্গে। শশাংক সমীৰে নিজ পোষ্টটোৰ কেপছনত লিখে যে, “শ্ৰদ্ধাৰ মুনিন বৰুৱা দেৱৰ অন্তিমখন চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা হৈ ৰ’ব মোৰ আজীৱন সুকীয়া মাদকতাৰে ভৰা।”


শশাংক সমীৰৰ লিখনিৰ লগতে তেওঁৰ চিত্ৰ অথবা অভিনয়ো লেখত ল’বলগীয়া। জুবিন গাৰ্গৰ প্ৰায় গীতসমূহৰ আঁৰৰ ব্যক্তি গৰাকীয়ে হৈছে শশাংক সমীৰ। ৰেডিঅ’ জকী ৰূপে কাম কৰি অহা এই গৰাকী শিল্পীক ধাৰাবাহিক সমূহতো দেখিবলৈ পোৱা যায়। তেওঁৰ প্ৰতিটো মনপৰশা সৃষ্টিক লৈ আপ্লুত হৈ থাকে আচলতে জনসাধাৰণ।

]]>
https://rupaliparda.com/archives/18301/feed 0 18301
২০০০ চনত মুক্তিপ্ৰাপ্ত প্ৰেমৰ কাহিনীৰে “হিয়া দিয়া নিয়া”- https://rupaliparda.com/archives/9298 https://rupaliparda.com/archives/9298#respond Wed, 08 Jan 2020 11:39:36 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9298 মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত কেইবাখনো ছবিৰ ভিতৰত এখন উল্লেখযোগ্য ছবি হৈছে “হিয়া দিয়া নিয়া”। ছবিখনে সেইটো সময়তেই ১ কোটিতকৈও অধিক টকা বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হৈছিল।

২০০০ চনত মুক্তিপ্ৰাপ্ত প্ৰেমৰ কাহিনীৰে "হিয়া দিয়া নিয়া"- 11


ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰিছে পৰিচালক মুনীন বৰুৱাই। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা।

২০০০ চনত মুক্তিপ্ৰাপ্ত প্ৰেমৰ কাহিনীৰে "হিয়া দিয়া নিয়া"- 12


“হিয়া দিয়া নিয়া” ছবিখনত অভিনয় কৰিছিল লুনা লহকৰ, যতীন বৰা, ৰবি শৰ্মা, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, হিৰণ্য দাস, হিৰণ্য ডেকা, চেতনা দাস, নিপন গোস্বামী, মাধুৰীমা চৌধুৰী আৰু মালৱিকা বৰাই। উক্ত ছবিখনত সংযোজিত প্ৰায় প্ৰত্যেকটা গীত বৰ্তমানেও জনপ্ৰিয়।

]]>
https://rupaliparda.com/archives/9298/feed 0 9298
সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- https://rupaliparda.com/archives/3195 https://rupaliparda.com/archives/3195#respond Mon, 09 Dec 2019 10:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=3195 অসমীয়া চলচিত্ৰক আকৌ নতুন ৰূপত সঁজাই তোলাত মুনীন বৰুৱাৰ অৱদান অপৰিসীম। একোখন হিট চিনেমা প্ৰদান কৰি এই গৰাকী মহান ব্যক্তিয়ে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ১৯৪৮ চনত জন্মগ্ৰহণ কৰা “ভাইমন দা” খ্যাত মুনীন বৰুৱাই “প্ৰতিমা” ছবি খনৰ পৰিচালনা কৰি পৰিচালক ৰূপত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰায় ৯০ খন নাটকৰ চিত্ৰনাট্য লিখিছে। ইয়াৰ সমান্তৰালকৈ, মুনীন বৰুৱাই ২১ খন ছবিৰ চিত্ৰনাট্য লিখিছে তথা ১৪ খন ছবিৰ পৰিচালনা কৰিছে। চলচিত্ৰৰ উপৰিও তেওঁ “পাপু-নিকু সংবাদ” আৰু “ৰুদ্ৰ” নামে দুখন ধাৰাবাহিকো পৰিচালনা কৰে।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 13


এই গৰাকী ব্যক্তিজনাৰ দ্বাৰা নিৰ্মিত ৩ খনৰ ছবিৰ বিষয়ে কিছু জানো আহক-

১. নায়ক – ২০০১ চনৰ ৩০ নৱেম্বৰত মুক্তি লাভ কৰা “নায়ক” ছবিখন প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। পূজা মোশ্যন পিকছাৰচৰ বেনাৰত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছে মেৰী লস্কৰে। মূখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন বৰা, ৰবি শৰ্মা আৰু জেৰিফা ৱাহিদে। উক্ত ছবিখনৰ প্ৰত্যেকটা সংগীতেই দৰ্শকৰ মাজত বৰ্তমানেও প্ৰিয়। সংগীকেইটি পৰিচালনাৰ লগতে কণ্ঠদান কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। “নায়ক” ৰ বাবে মুনীন বৰুৱাই “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটাও লাভ কৰিছিল।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 14

২. বাৰুদঃ ২০০৪ চনৰ ১৪ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত “বাৰুদ” কিছু ৰাজনৈতিক নেতাৰ ময়মৈতালিৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। প্ৰস্তুতি পৰাশৰ, যতীন বৰা আৰু ৰবি শৰ্মাকে ধৰি তপন দাস আৰু হিৰণ্য ডেকাকো এই ছবি খনত মূখ্য চৰিত্ৰত দেখা পোৱা যায়। উল্লেখ্য যে, ছবি খনত ৰবি শৰ্মা “ভিলেইন” ৰ চৰিত্ৰত অভিনয় কৰিছে। “বাৰুদ” ছবিখনৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ। ২০০৩-০৪ চনৰ “শ্ৰেষ্ঠ চলচিত্ৰ” ৰ বঁটা লাভ কৰে উক্ত ছবিখনে।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 15

৩. হিয়া দিয়া নিয়াঃ ২০০০ চনত মুক্তি লাভ কৰা এই চলচিত্ৰখনে বহুল পৰিমাণত দৰ্শকক টানিবলৈ সক্ষম হয়। ধনী-দুখীয়াৰ মাজৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল মেৰী লস্কৰে। ৰবি শৰ্মা, যতীন বৰা, লুনা লহকৰ আৰু গীতাৱলী ৰাজকুমাৰী অভিনীত এই ছবিখনতেই পোনপ্ৰথমবাৰৰ বাবে জুবিন গাৰ্গে সংগীত পৰিচালনা কৰিছিল। ছবিখনৰ কাহিনী ও সংগীত দৰ্শকৰ মাজত এতিয়াও জনপ্ৰিয়।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 16

বহুতো সফল চলচিত্ৰ অসমীয়া দৰ্শকক উপহাৰ দিয়া ভাইমন দা ৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিছিল সাংস্কৃতিক জগতৰ সকলো কলা-কুশলী লগতে সমগ্ৰ বিশ্ব। ২০১৮ চনৰ ৭ এপ্ৰিল তাৰিখে এই জনা মহান ব্যক্তিয়ে ইহলীলা সম্বৰণ কৰে।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 17

]]>
https://rupaliparda.com/archives/3195/feed 0 3195
সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- https://rupaliparda.com/archives/7608 https://rupaliparda.com/archives/7608#respond Tue, 05 Nov 2019 11:30:12 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7608 অসমীয়া চলচিত্ৰক আকৌ নতুন ৰূপত সঁজাই তোলাত মুনীন বৰুৱাৰ জন্মদিনত ৰূপালী পৰ্দাৰ সমূহ কৰ্মকৰ্তাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা। একোখন হিট চিনেমা প্ৰদান কৰি এই গৰাকী মহান ব্যক্তিয়ে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ১৯৪৮ চনত জন্মগ্ৰহণ কৰা “ভাইমন দা” খ্যাত মুনীন বৰুৱাই “প্ৰতিমা” ছবি খনৰ পৰিচালনা কৰি পৰিচালক ৰূপত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰায় ৯০ খন নাটকৰ চিত্ৰনাট্য লিখিছে। ইয়াৰ সমান্তৰালকৈ, মুনীন বৰুৱাই ২১ খন ছবিৰ চিত্ৰনাট্য লিখিছে তথা ১৪ খন ছবিৰ পৰিচালনা কৰিছে। চলচিত্ৰৰ উপৰিও তেওঁ “পাপু-নিকু সংবাদ” আৰু “ৰুদ্ৰ” নামে দুখন ধাৰাবাহিকো পৰিচালনা কৰে।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 18

এই গৰাকী ব্যক্তিজনাৰ দ্বাৰা নিৰ্মিত ৩ খনৰ ছবিৰ বিষয়ে কিছু জানো আহক-

১. নায়ক –

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 19

২০০১ চনৰ ৩০ নৱেম্বৰত মুক্তি লাভ কৰা “নায়ক” ছবিখন প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। পূজা মোশ্যন পিকছাৰচৰ বেনাৰত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছে মেৰী লস্কৰে। মূখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন বৰা, ৰবি শৰ্মা আৰু জেৰিফা ৱাহিদে। উক্ত ছবিখনৰ প্ৰত্যেকটা সংগীতেই দৰ্শকৰ মাজত বৰ্তমানেও প্ৰিয়। সংগীকেইটি পৰিচালনাৰ লগতে কণ্ঠদান কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। “নায়ক” ৰ বাবে মুনীন বৰুৱাই “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটাও লাভ কৰিছিল।

২. বাৰুদঃ

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 20

২০০৪ চনৰ ১৪ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত “বাৰুদ” কিছু ৰাজনৈতিক নেতাৰ ময়মৈতালিৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। প্ৰস্তুতি পৰাশৰ, যতীন বৰা আৰু ৰবি শৰ্মাকে ধৰি তপন দাস আৰু হিৰণ্য ডেকাকো এই ছবি খনত মূখ্য চৰিত্ৰত দেখা পোৱা যায়। উল্লেখ্য যে, ছবি খনত ৰবি শৰ্মা “ভিলেইন” ৰ চৰিত্ৰত অভিনয় কৰিছে। “বাৰুদ” ছবিখনৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ। ২০০৩-০৪ চনৰ “শ্ৰেষ্ঠ চলচিত্ৰ” ৰ বঁটা লাভ কৰে উক্ত ছবিখনে।

৩. হিয়া দিয়া নিয়াঃ

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 21

২০০০ চনত মুক্তি লাভ কৰা এই চলচিত্ৰখনে বহুল পৰিমাণত দৰ্শকক টানিবলৈ সক্ষম হয়। ধনী-দুখীয়াৰ মাজৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল মেৰী লস্কৰে। ৰবি শৰ্মা, যতীন বৰা, লুনা লহকৰ আৰু গীতাৱলী ৰাজকুমাৰী অভিনীত এই ছবিখনতেই পোনপ্ৰথমবাৰৰ বাবে জুবিন গাৰ্গে সংগীত পৰিচালনা কৰিছিল। ছবিখনৰ কাহিনী ও সংগীত দৰ্শকৰ মাজত এতিয়াও জনপ্ৰিয়।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 22

বহুতো সফল চলচিত্ৰ অসমীয়া দৰ্শকক উপহাৰ দিয়া ভাইমন দা ৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিছিল সাংস্কৃতিক জগতৰ সকলো কলা-কুশলী লগতে সমগ্ৰ বিশ্ব। ২০১৮ চনৰ ৭ এপ্ৰিল তাৰিখে এই জনা মহান ব্যক্তিয়ে ইহলীলা সম্বৰণ কৰে।

]]>
https://rupaliparda.com/archives/7608/feed 0 7608