Mystic Production House – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 06 Oct 2021 05:54:24 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Mystic Production House – Rupaliparda.com https://rupaliparda.com 32 32 163073109 Mystic Production House’ ৰ বেনাৰত নিৰ্মিত ‘মাটি’ ৰ জনপ্ৰিয়তা অব্যাহতঃ https://rupaliparda.com/archives/28616 https://rupaliparda.com/archives/28616#respond Wed, 06 Oct 2021 08:30:00 +0000 https://rupaliparda.com/?p=28616 ‘Mystic Production House’ ৰ বেনাৰত নিৰ্মিত ‘আভাস’ নামে এলবামটোত সংযোজিত আন এটি গীত ‘মাটি’ য়ে শেহতীয়াকৈ লাভ কৰিছে মুক্তি। গীতটিৰ কণ্ঠৰ লগতে গীতটিয়ে জনসাধাৰণক দিয়া প্ৰশান্তিয়ে গীতটিৰ প্ৰতি ৰাইজক অধিক আকৰ্ষিত কৰি তুলিছে। ক’ভিড মহামাৰী তথা এটা দিশৰ পৰা অহা এই দুৰ্যোগে সমগ্ৰ বিশ্বতেই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে জনসাধাৰণক মানসিক তথা আৰ্থিকভাৱে ভাঙি পেলাইছিল। বৰ্তমানলৈকে এই দুৰ্যোগৰ প্ৰভাৱ আমাৰ সমাজত পৰা পৰিলক্ষিত হৈ আছে। জীৱিকাৰ থল এৰি নিজ নিজ বাসগৃহলৈ কৰা উভতনি যাত্ৰাৰ সময়ত একাংশৰ যি দূৰৱস্থা সেয়া আমি ব্যক্তিগতভাৱে নেদেখিলেও সংবাদ মাধ্যম তথা সংবাদপত্ৰ সমূহৰ দ্বাৰা হৃদয়ংগম কৰিব পাৰিছোঁ। ‘মাটি’ শীৰ্ষক এই গীতটিৰ বিষয়বস্তু ঠিক এনেধৰণেই, য’ত সুন্দৰ আৰু শ্ৰুতিমধুৰ কণ্ঠৰ সৈতে প্ৰযোজনা গোষ্ঠীটোৱে কৰা প্ৰয়াস লেখতল’বলগীয়া। আমি প্ৰত্যেকেই নতুন গীত শুনিবলৈ উৎসাহী আৰু যেতিয়া সেই গীতসমূহ আমাৰ প্ৰিয় এগৰাকী কণ্ঠশিল্পীৰ তৰফৰ পৰা আহে, তেতিয়াহ’লে সেয়া আমাৰ বাবে উপহাৰস্বৰূপ হৈ পৰে। উল্লেখিত প্ৰযোজনা গোষ্ঠীটোৰ এই ‘আভাস’ এলবামটোৰ প্ৰথম প্ৰচেষ্টা ‘নিশা’ শীৰ্ষক গীতটিতো কণ্ঠদান ৰূপম ভূঞাই কৰিছিল। এই গীতটিয়েও মুক্তিৰ পিছতেই যথেষ্ট সমাদৰ লাভ কৰিছিল শ্ৰোতা-দৰ্শকৰ।


গীতটিত কথা দিয়াৰ লগতে সুৰ আৰু সংগীত কৰিছে পল্লৱ তালুকদাৰে। চিতাৰ বজাইছে শুভাংকৰ হাজৰিকাই, শব্দ-সংমিশ্ৰণ কৌস্তভ শইকীয়াই। গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু, পৰিচালনা আৰু চিত্ৰনাট্য শৰৎ গগৈৰ। পল্লৱ তালুকদাৰ আৰু শৰৎ গগৈৰ যুটীয়া প্ৰচেষ্টাৰে নিৰ্মিত ‘অনুভৱ’ ক নিশ্চয় আপোনালোকৰ মনত আছে। গতিকে, এওঁলোক দুয়োগৰাকী প্ৰতিভাসম্পন্ন ব্যক্তিৰ প্ৰকল্পৰ বাবে আগ্ৰহী সকলো। আনহাতে, ‘মাটি’ গীতটিৰ ভিডিঅ’ দৃশ্যগ্ৰহণ কৰিছে শুভম কাকতিয়ে লগতে ইয়াত অভিনয় কৰিছে ক্ৰমে সৌমৰজ্যোতি বৰা, শিল্পীশিখা তামুলী আৰু অনুৰাগ চুতীয়াই। গীতটিৰ হৃদয়স্পৰ্শী কথাখিনিক শ্ৰোতা-দৰ্শকক হৃদয়ংগম কৰোৱাবলৈ ভিডিঅ’টিৰ যথোপযুক্ত উপস্থাপন প্ৰয়োজনীয় আছিল আৰু এই বিষয়টোত পৰিচালক গৰাকীকে ধৰি অভিনীত অভিনেতা-অভিনেত্ৰীৰ প্ৰচেষ্টা গ্ৰহণযোগ্য আছিল বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। এতিয়ালৈকে ‘Mystic Production House’ ৰ বেনাৰত নিৰ্মিত আটাইকেইটা গীতৰেই বিষয়বস্তু আৰু উপস্থাপনশৈলী অইনতকৈ ভিন্ন তথা ব্যতিক্ৰমী হৈছে, সেইবাবেই তেওঁলোকৰ অনাগত দিনৰ প্ৰকল্প সমূহৰ বাবে অপেক্ষাৰত প্ৰতিজন মনোৰঞ্জনপ্ৰেমী দৰ্শক।

Mystic Production House' ৰ বেনাৰত নিৰ্মিত 'মাটি' ৰ জনপ্ৰিয়তা অব্যাহতঃ 1


গীতটিৰ সফলতা তথা প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।

]]>
https://rupaliparda.com/archives/28616/feed 0 28616
প্ৰেমাস্পদৰ অনুভূতি গাঁঠি Mystic Production House ৰ অন্যতম নিবেদন Grammy Winning Song: https://rupaliparda.com/archives/24208 https://rupaliparda.com/archives/24208#respond Wed, 17 Feb 2021 10:30:11 +0000 https://rupaliparda.com/?p=24208 একোটা সুন্দৰ গীতৰ সৈতে অসমীয়া সংগীত ক্ষেত্ৰখনত নিজৰ এক পৰিচয় দাঙি ধৰা Mystic Production House ৰ বেনাৰত শেহতীয়াকৈ মুক্তি লাভ কৰিলে আন এটি প্ৰেমৰ গীত। অৱশ্যে Valentine’ Day বিশেষ কৰি গীতটিক কৰি দিয়া হৈছিল মুকলি; প্ৰেমৰ কোনো এক নিৰ্দ্দিষ্ট সীমা নাথাকে; সাত সাগৰ তেৰ নদীৰ সিপাৰে থকা একোজনৰ সৈতেও আমি এক প্ৰেমৰ সম্পৰ্ক ৰূপায়ন কৰি যাব পাৰো। অৱশ্যে, প্ৰেম বুলিলেই যে কাৰোবাৰ স্পৰ্শ আৰু সেই বিশেষ ব্যক্তিজন যে নিজৰ কাষতেই থাকিব লাগিব তেনে একো কথা নাই। যেতিয়া নিলগত থাকিও কাৰোবাৰ উপস্থিতিৰ অনুভূতি আমাৰ গাত লাগি থাকে সেই অনুভৱটোৰ আচলতে কথাই সুকীয়া। বিজ্ঞানে অৱশ্যে আমাক এই ক্ষেত্ৰত কিছু সহায় নকৰাকৈও নাই থকা; নিলগত থাকিলেও আপোনজনৰ সৈতে কিছু সময়ৰ কথোপকথন অথবা তেওঁ কি কৰি আছে, কোন ঠাইত আছে আমি তাক চাব পাৰো।শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত Grammy Winning Song য়ো ঠিক এনে এক প্ৰসংগকলৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে।


গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত কথা আৰু সুৰৰ দায়িত্বত আছে চমন মিস্ত্ৰী। গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু আৰু শব্দ সংমিশ্ৰণ কৰিছে পল্লৱ তালুকদাৰে। আনহাতে, ৰুহুল বৰভূঞাৰ ভিডিঅ’ পৰিচালনা আৰু দৃশ্যগ্ৰহণেৰে গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে সুকন্যা বৰুৱা আৰু ধৃতিৰাজ মোহনে। INSAAN তথা অকলশৰীয়াৰ বহুল জনপ্ৰিয়তাৰ পিছত উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত “আভাস” শীৰ্ষক এলবামটোৰ অন্তৰ্ভূক্ত অন্যতম গীত “নিশা” ৰ সফলতাক আমি নক’লেও বুজিব পাৰো। প্ৰায়ে নতুন নতুন বিষয়বস্তুৰে আগবঢ়া Mystic Production House টোক লৈ প্ৰত্যেকৰে হৃদয়ত দেখিবলৈ পোৱা গৈছে উৎকন্ঠা।

প্ৰেমাস্পদৰ অনুভূতি গাঁঠি Mystic Production House ৰ অন্যতম নিবেদন Grammy Winning Song: 2


অসমীয়া শ্ৰোতা-দৰ্শকৰ হৃদয়ত এক ঠাই বনাবলৈ সক্ষম হোৱা Mystic Production House ৰ আগন্তুক প্ৰতিটো প্ৰকল্পক লৈ তেওঁলৈ যাঁচিছো শুভকামনা।

]]>
https://rupaliparda.com/archives/24208/feed 0 24208
ৰূপম ভূঞাৰ কন্ঠত “নিশা” ই বুটলিছে প্ৰশংসাঃ “আভাস” ৰ প্ৰথমটো গীতক সঁহাৰি শ্ৰোতাৰ- https://rupaliparda.com/archives/22606 https://rupaliparda.com/archives/22606#respond Tue, 08 Dec 2020 10:30:33 +0000 https://rupaliparda.com/?p=22606 জীৱন সংগিনীৰ পৰা আঁতৰি আহিবলগীয়া হোৱা কথাটো ভাবিলেই জীৱনলৈ বিষাদ নামে আৰু প্ৰকৃততে যিসকলে এই অনুভূতিটোক অনুভৱ কৰিছে তেওঁলোকৰ বাবে সমষ্ট জীৱন প্ৰিয়জনৰ অবিহনে জীয়াই থকাটো কিমান কষ্টকৰ হ’ব পাৰে সেয়া ভাষাৰে প্ৰকাশ নকৰিলেও হয়টো বুজিব পৰা যায়। প্ৰেমে জীৱনলৈ পূৰ্ণতা কঢ়িয়াই আনে কিন্তু এই পূৰ্ণতাত যেতিয়া বিৰাম লাগে তেতিয়া জীয়াই থকা সকলোবোৰ ইচ্ছাই শেষ উশাহ লোৱাত ব্যস্ত হৈ পৰে। এনে কিছু বিষয়বস্তুৰে শেহতীয়াকৈ “আভাস” এলবামটোৰ প্ৰথমটো গীত “নিশা” য়ে লাভ কৰে মুক্তি। সম্প্ৰতি সংগীত ক্ষেত্ৰখনত প্ৰতিদিনে কেইবাটাও গীতৰ ৰচনাৰ সমান্তৰালকৈ ইয়াক মু্কলি কৰি দিয়া হৈছে জনসাধাৰণৰ মাজত কিন্তু ইয়াৰ মাজতে এনেও কিছু গীত থাকে যিয়ে শ্ৰোতা-দৰ্শকৰ হৃদয়ত ইমানেই গাঢ়কৈ প্ৰভাৱ পেলাই যে ক্ষন্তেকতে ই চৰ্চিত হৈ পৰে। Mystic Production House ৰ বেনাৰত নিৰ্মিত “আভাস” আৰু তাৰেই প্ৰথমটো গীত “নিশা” ত কন্ঠদান কৰা ৰূপম ভূঞাৰ কন্ঠইও আকৌ এবাৰ তেওঁৰ অনুৰাগীক আপ্লুত কৰিছে। গীতটিৰ কোমলতা, কোনো কোনো ঠাইত ল’বলগা হোৱা স্থবিৰতাৰ ওপৰত ৰূপম ভূঞাৰ কন্ঠৰে অংকুৰিত মানদণ্ডই প্ৰায় প্ৰতিটো সময়ত গীতটিৰ দিশে টানিছে শ্ৰোতাক।


“নিশা” গীতটিত কথা ৰুমন প্ৰতীমৰ লগতে ইয়াত সংগীত দিছে পল্লৱ তালুকদাৰে। শব্দ সংমিশ্ৰণ ইবচন লাল বৰুৱাৰ; গীতটিৰ ভিডিঅ’ পৰিচালনা শৰৎ গগৈৰ আৰু ইয়াত অভিনয় কৰিছে অতনু মহন্ত লগতে কস্তুৰী হাজৰিকাই। দৃশ্যগ্ৰহণ কৰিছে ৰুহুল বৰভূঞাই। গীতটিৰ মুক্তিৰ পিছতেই ইউটিউবত ই ভালেখিনি লাইক বুটলিবলৈ সক্ষম হৈছে আৰু গীতটিক যথেষ্ট প্ৰশংসাৰে উপচাইছে জনসাধাৰণে। জীৱন নামৰ এই নাটকখনত আচলতে আমি প্ৰত্যেকেই একোটা চৰিত্ৰ ৰূপায়ন কৰি আগবাঢ়ি গৈ আছো; কোনোবাটো চৰিত্ৰৰ সোনকালে সমাপ্তি ঘটিছে আৰু আনহাতে কোনোবাটোৱে নিৰৱিচ্চিন্ন ভাৱে নিজ চৰিত্ৰ ৰূপায়ন কৰি গৈ আছে।

ৰূপম ভূঞাৰ কন্ঠত "নিশা" ই বুটলিছে প্ৰশংসাঃ "আভাস" ৰ প্ৰথমটো গীতক সঁহাৰি শ্ৰোতাৰ- 3


Mystic Production House ৰ বেনাৰত নিৰ্মিত “আভাস” শীৰ্ষক এই এলবামটোত সন্নিৱিষ্টি দুটিকৈ গীতত কন্ঠদান কৰিছে ৰূপম ভূঞাই লগতে এলবামটোৰ বাকী কেইটা গীতত কন্ঠদান কৰিছে জুবিন গাৰ্গৰ লগতে জয় বৰুৱা আৰু তৰালী শৰ্মাই। আগন্তুক সময়ত এলবামটোৰ বাকী থকা গীতকেইটিৰ সৈতেও ৰাইজৰ কাষ চাপিব উক্ত প্ৰডাকচন হাউচটো।

]]>
https://rupaliparda.com/archives/22606/feed 0 22606
Mystic Production House ৰ আগন্তুক প্ৰকল্প “আভাস”; এইবাৰ জড়িত আন সংগীতশিল্পীও- – https://rupaliparda.com/archives/22389 https://rupaliparda.com/archives/22389#respond Sun, 29 Nov 2020 11:57:13 +0000 https://rupaliparda.com/?p=22389 বিগত সময়ত কেইবাটাও উল্লেখনীয় প্ৰকল্পৰ সৃষ্টিৰ পিছত এইবাৰ আন এটি প্ৰকল্পৰ মুক্তিৰ দিশে আগবাঢ়িছে Mystic Production House। “আভাস” শীৰ্ষক এটি এলবামৰ সৈতে জনসাধাৰণৰ কাষ চাপিবলৈ সাজু হৈছে উক্ত প্ৰডাকচন হাউচটো। সংগীত ক্ষেত্ৰখনত নতুনৰ সৃষ্টি কৰা ক্ষেত্ৰত উক্ত প্ৰডাকচন হাউচটোৰ যোগদান লেখত ল’বলগীয়া; কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “অকলশৰীয়া” শীৰ্ষক গীতটিৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি; প্ৰায় প্ৰত্যেকেই গীতটিক লৈ আকৰ্ষণ অনুভৱ কৰিছিল। কিয়নো, গীতটিৰ বিষয়বস্তু আছিল ব্যতিক্ৰমী।Mystic Production House ৰ বেনাৰত নিৰ্মিত “আভাস” শীৰ্ষক আহিবলগীয়া এলবামটোত সন্নিৱিষ্টি দুটিকৈ গীতত কন্ঠদান কৰিছে ৰূপম ভূঞাই লগতে এলবামটোৰ বাকী কেইটা গীতত কন্ঠদান কৰিছে জুবিন গাৰ্গৰ লগতে জয় বৰুৱা আৰু তৰালী শৰ্মাই। সংগীত ক্ষেত্ৰখনত নিত্য-নতুন কনচেপ্টেৰে আগবঢ়া একাংশ নৱপ্ৰজন্মৰ কলা-কুশলীৰ প্ৰচেষ্টাই এতিয়া উৎকন্ঠাৰ সৃষ্টি কৰিছে সকলোৰে মাজত।


উল্লেখ্য যে, অহা ২ ডিচেম্বৰ তাৰিখলৈ এলবামটোৰ প্ৰথমটো গীত “নিশা” ক উলিয়াই দিয়া হ’ব ৰাইজৰ মাজলৈ। এলবামটোত অন্তৰ্ভূক্ত প্ৰত্যেকটো গীততেই সুৰ আৰু সংগীত পল্লৱ তালুকদাৰৰ; আনহাতে, আহিবলগীয়া এটা গীতৰ কথাও হৈছে সংগীত শিল্পী পল্লৱ তালুদাৰৰ নিজৰেই। আহিবলগীয়া “নিশা” গীতটিৰ কথা হৈছে ৰোমন প্ৰতীমৰ। লগতে, উক্ত গীতটিত ভিডিঅ’ৰ সৈতে জড়িত হৈ আছে অতনু মহন্ত আৰু কস্তুৰী হাজৰিকা। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগান ধৰিব।


“INSAAN” তথা “অকলশৰীয়া” ৰ বহুল সফলতাৰ পিছত উক্ত প্ৰডাকচন হাউচটোৱে কৰা প্ৰচেষ্টা সমূহে এতিয়া প্ৰত্যককে অনুৰাগী কৰি তুলিছে। এলবামটোৰ প্ৰতিটো গীতকেই ভিডিঅ’ সহ মুকলি কৰি দিয়া হ’ব ৰাইজৰ মাজত। Mystic Production House ৰ আহিবলগীয়া প্ৰচেষ্টা সমূহক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/22389/feed 0 22389
“সমকামিতা” ৰ এক সুন্দৰ কনচেপ্ট লৈ “অকলশৰীয়া” ৰ শুভমুক্তিঃ https://rupaliparda.com/archives/22078 https://rupaliparda.com/archives/22078#respond Wed, 18 Nov 2020 10:30:01 +0000 https://rupaliparda.com/?p=22078 “সমকামিতা” বিষয়টোক লৈ আমি ইতিমধ্যে বহু প্ৰকল্পৰ উপভোগ কৰিছো। তথাকথিত সমাজ আৰু সমাজ ব্যৱস্থাত প্ৰায়ে “ফিট” নোহোৱা এক বিষয় ৰূপে পৰিগণিত হোৱা সমকামিতা বিষয়টোক অৱশ্যে বৰ্তমান একাংশই গ্ৰহণো কৰিছে। কিন্তু, সাধাৰণ যেন হ’লেও অসাধাৰণ ৰূপে বিষয়টোক তাচ্ছিল্য কৰা কথাটোকো আমি নুই কৰিব নোৱাৰো। শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰখনত মুক্তি লাভ কৰিছে এটি নতুন গীত “অকলশৰীয়া” ই। Mystic Production House ৰ বেনাৰত নিৰ্মিত এই গীতটোৱে খলকনি লগাইছে সচেতন মহলত। পোনপ্ৰথমবাৰৰ বাবে দুগৰাকী নাৰীৰ জীৱন তথা প্ৰেমক লৈ উপস্থাপন কৰা হৈছে গীতটি আৰু ইয়াৰ ভিডিঅ’টো। প্ৰেম অন্ধ; কথাষাৰক যদিও ভিন্নজনে উপলুঙা কৰে তৎস্বত্বেও ইয়াত অন্তৰ্নিহিত কাৰণটোক হৃদয়ংগম কৰা জনে বুজি উঠে আচলতে এনেদৰে কিয় কোৱা হয়! বয়স, লিংগ, দেহৰ গঠন ইত্যাদিত প্ৰেমৰ জীৱন নাথাকে; ইয়াৰ সংজ্ঞা এইবোৰৰ বহু উৰ্দ্ধত। সদ্যমুক্তিপ্ৰাপ্ত “অকলশৰীয়া” শীৰ্ষক গীতটিতো এনে কিছু কনচেপ্টে ভূমুকি মাৰিছে।


দুগৰাকী অভিনেত্ৰী ক্ৰমে স্বাস্তিকা হাজৰিকা আৰু শ্বৱনম নাৰগিছে গীতটিত কৰা লেখত ল’বলগীয়া অভিনয়ে “অকলশৰীয়া” ক আৰু অধিক উপভোগ্য কৰি তুলিছে। গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী নীলাক্ষী নেওঁগে আৰু ইয়াত কথা তথা সুৰ পল্লৱ তালুকদাৰৰ। শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ; আনহাতে গীতটি বাণীবদ্ধ কৰিছে পিংকু দাসে। গীতটিৰ ভিডিঅ’টোৰ চিত্ৰনাট্য আৰু পৰিচালনা ৰুহুল বৰভূঞাৰ আৰু ইয়াৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰি পৰিচালনা কৰিছে ধৃতিৰাজ মহনে।

"সমকামিতা" ৰ এক সুন্দৰ কনচেপ্ট লৈ "অকলশৰীয়া" ৰ শুভমুক্তিঃ 4


যেতিয়ালৈ আমাৰ এই সমাজ খনে কিছুমান বিষয়ক কঠোৰ ভাৱে চাবলৈ এৰি উপলুঙাসূচক মন্তব্য কৰাৰ পৰা বিৰত থাকিব তেতিয়াহে আমাৰ সমাজ ব্যৱস্থা আৰু অধিক সুন্দৰ আৰু গ্ৰহণযোগ্য হৈ পৰিব।

]]>
https://rupaliparda.com/archives/22078/feed 0 22078
বিষয়বস্তুৰ সাল-সলনিৰে Mystic Production House ৰ আন এটি গীত “অকলশৰীয়া”- https://rupaliparda.com/archives/21793 https://rupaliparda.com/archives/21793#respond Sun, 08 Nov 2020 11:30:32 +0000 https://rupaliparda.com/?p=21793 “INSAAN” ৰ পিছত আকৌ এবাৰ Mystic Production House ৰ বেনাৰত মুক্তি লাভ কৰিব আন এটা গীত “অকলশৰীয়া”। গীতটিত ভাললগা বহুখিনি বস্তুয়েই হয়টো আকৰ্ষণ কৰিব আপোনাক। বিগত দিনৰ পৰাই সংগীত ক্ষেত্ৰখনত সন্নিৱিষ্ট ইটোৰ পিছত সিটো গীতৰ জনপ্ৰিয়তাই অসমীয়া সাংস্কৃতিক দিশটো আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। আমি সকলোৱে অনুভৱ কৰিছো যে সম্প্ৰতি সময়ত “হিৰো” ৰ সংজ্ঞা যেনেদৰে সলনি হৈছে ঠিক তেনেদৰে সলনি হৈছে মনোৰঞ্জন ক্ষেত্ৰখনৰ বিষয়বস্তু সমূহো। সমসাময়িক কিছু বস্তুৰ পৰা অকণমান ফালৰি কাটি এতিয়া ভিন্ন ধৰণৰ বিষয়বস্তুক সাঙুৰি লৈছে অসমীয়া গীত অথবা চুটি ছবি আৰু পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহত। আহিবলগীয়া সময়ত মুক্তি পাবলগীয়া গীত “অকলশৰীয়াটো” টো সন্নিৱিষ্ট হৈ আছে এক নতুন বিষয় আৰু ব্যতিক্ৰমী ভাৱ ধাৰা। বাস্তৱ জীৱনৰ বিভিন্নটা দিশক প্ৰতিফলিত কৰাত আচলতে সফল হৈছে নৱপ্ৰজন্ম; সেইবাবেই হয়টো তেওঁলোকৰ সৃষ্টিৰ সৈতে সংযোগ স্থাপন কৰে অসমীয়া জনসাধাৰণে।

বিষয়বস্তুৰ সাল-সলনিৰে Mystic Production House ৰ আন এটি গীত "অকলশৰীয়া"- 5


ইতিমধ্যে প্ৰমো’ মুক্তি লাভ কৰা “অকলশৰীয়া” শীৰ্ষক এই গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী নীলাক্ষী নেওঁগে লগতে গীতটিৰ কথা তথা ইয়াত সুৰ আৰু সংগীত দিছে পল্লৱ তালুকদাৰে। আনহাতে, গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী লাভ কৰা অভিনেত্ৰী তথা অসম জীয়ৰী স্বাস্তিকা হাজৰিকা আৰু অভিনেত্ৰী শ্বৱনম নাৰ্গীছে। উল্লেখ্য যে, এইবাৰ পোন প্ৰথমবাৰৰ বাবে গীতটিৰ ভিডিঅ’ৰ ধাৰাবাহিকতা পৰিচালনাৰ ক্ষেত্ৰত মনোযোগ প্ৰদান কৰা হৈছে আৰু ইয়াৰ পৰিচালক হৈছে ধৃতিৰাজ মহন। লগতে, ভিডিঅ’টোৰ মূখ্য পৰিচালনা কৰিছে ৰুহুল বৰভূঞাই।

গীতটিৰ সাৰমৰ্ম অনুযায়ী কেৱল দুই গৰাকী অভিনেত্ৰীক গীতটিত অন্তৰ্ভূক্ত কৰা হৈছে।মুক্তিৰ তাৰিখ এতিয়ালৈ ঘোষণা কৰা হোৱা নাই যদিও ইয়াক লৈ অপেক্ষাৰত অসমীয়া সংগীত প্ৰেমী শ্ৰোতা-দৰ্শক।

]]>
https://rupaliparda.com/archives/21793/feed 0 21793
Mystic Production House ৰ বেনাৰত নিৰ্মিত এটি সুন্দৰ গীত “INSAAN”- https://rupaliparda.com/archives/21660 https://rupaliparda.com/archives/21660#respond Tue, 03 Nov 2020 10:30:31 +0000 https://rupaliparda.com/?p=21660 আমাৰ দেশৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ইয়াত সংঘটিত ধৰ্ষণ কাৰ্য। যিমানেই উন্নয়নশীল দেশৰ সংজ্ঞা দাঙি নধৰো কিয়! ইয়াত প্ৰতিটো মিনিটত সংঘটিত হৈ আছে ধৰ্ষণ অথবা ৰেপ। ইয়াৰে একাংশ সংবাদ মাধ্যম যোগে আমাৰ কাষ চাপে যদিও একাংশই সমাজৰ কথা ভাবি নিশ্চুপ হৈ থকাত এটা সময়ত গৈ এই ধৰ্ষণকাৰী সমূহে প্ৰশ্ৰয় লাভ কৰে। দৈনন্দিন সংবাদ পত্ৰখনত নহ’লে সংবাদ মাধ্যমসমূহত এনে এক বলাৎকাৰৰ ঘটনা যদি নেদেখো অথবা নপঢ়ো তেতিয়াহ’লে যেন প্ৰতিটো বাতৰিয়ে আধৰুৱা হৈ পৰিব জনসাধাৰণৰ বাবে তেনে অনুভৱ হয়। এই ঘটনা সমূহক লৈ প্ৰায়ে কিছুমান নতুন বিষয়বস্তুৰে জনসাধাৰণৰ মাজত সজাগ সচেতনতাৰ সৃষ্টি কৰা হৈছে যদিও ই কোনো সাংঘাতিকভাৱে প্ৰভাৱ বিস্তাৰ কৰা নাই। কাৰণ, ক’ৰবাত নহ’লেও ক’ৰবাত কেইটামান নৰপিশাচৰ কামনাৰ বলি হৈয়ে আছে একোগৰাকী নাৰী অথবা একোটাকৈ কম বয়সীয়া শিশু। শেহতীয়াকৈ এনে এক বিষয়বস্তুৰ আঁত ধৰিয়ে নিৰ্মাণ কৰা হৈছিল এটি গীত “INSAAN”। এদিন পূৰ্বে মুক্তি লাভ কৰা এই গীতটিয়ে ইতিমধ্যে লাভ কৰিছে জনসাধাৰণৰ সমাদৰ।


গীতটিত কথা চমন মিস্ত্ৰী আৰু অমিত কুমাৰ পাণ্ডেৰ লগতে ইয়াত কন্ঠদান আৰু সংগীত পৰিচালনা কৰিছে চমন মিস্ত্ৰীয়ে। Mystic Production House ৰ বেনাৰত নিৰ্মিত এই গীতটিৰ সংগীত প্ৰযোজনা পল্লৱ তালুকদাৰৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা শৰৎ গগৈৰ আৰু দৃশ্যগ্ৰহণ কৰিছে ৰিছি কাকতিয়ে; গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে অংকুৰ জ্যোতি নেওঁগ, বিদ্যুৎ বিকাশ শইকীয়া, ৰন্তু ভূঞা, চম্পক ভূঞা, কাব্যশ্ৰী ফুকন আৰু শিল্পীশিখা তামুলীয়ে। সম্পাদনা শৰৎ গগৈ আৰু ৰিছি কাকতিৰ। এটা গীতেৰে সম্প্ৰতি সমাজৰ এক হৃদয়স্পৰ্শী বিষয়বস্তুক উপস্থাপন কৰাত সফল হৈছে গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী।

Mystic Production House ৰ বেনাৰত নিৰ্মিত এটি সুন্দৰ গীত "INSAAN"- 6


বৰ্তমান এটি কাহিনীৰে এটা সংগীত ৰাইজৰ মাজত আৰু অধিক গ্ৰহণযোগ্য কৰি তোলাৰ যি এক ধাৰা আৰম্ভ হৈছে; সেই ধাৰাৰ মাজতেই সৃষ্টি হোৱা একোটাকৈ সুন্দৰ গীতে ইতিমধ্যে আকৰ্ষণ কৰিছে সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকক।

]]>
https://rupaliparda.com/archives/21660/feed 0 21660