Nedekha Fagun – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 18 May 2021 06:16:19 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Nedekha Fagun – Rupaliparda.com https://rupaliparda.com 32 32 163073109 পংকজ গগৈৰ পৰিচালনাৰে নতুন ধাৰাবাহিক “নেদেখা ফাগুন”- https://rupaliparda.com/archives/26180 https://rupaliparda.com/archives/26180#respond Wed, 19 May 2021 10:30:00 +0000 https://rupaliparda.com/?p=26180 ৰেঙনী চেনেল যোগে সম্প্ৰচাৰ লাভ কৰিছে আন এখন নতুন ধাৰাবাহিক “নেদেখা ফাগুন”।কেইখনমান চিনাকী মুখৰ সৈতে শেহতীয়াকৈ ধাৰাবাহিকখনে ৰাইজৰ কাষ চাপি সমাদৰ বুটলিবলৈ সক্ষম হৈছে। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত আৰু ১১.৩০ বজাত সম্প্ৰচাৰ লাভ কৰিব এই ধাৰাবাহিকখনে। আপোনালোকৰ “নূপুৰ” ধাৰাবাহিকখনৰ কথা নিশ্চয় মনত আছে? উক্ত ধাৰাবাহিকখনৰেই পৰিচালনাৰ সৈতে জড়িত পৰিচালক পংকজ গগৈয়ে শেহতীয়াকৈ পৰিচালনা কৰিছে এই ধাৰাবাহিকখনো। “নূপুৰ” ধাৰাবাহিকখনৰেই দুই মূখ্য চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা-অভিনেত্ৰী ক্ৰমে সুব্ৰত কাকতি আৰু জুনু নাথক দেখিবলৈ পোৱা গৈছে ধাৰাবাহিক “নেদেখা ফাগুন” ত। আনহাতে, এই ধাৰাবাহিক খনত মূখ্য চৰিত্ৰত আছে অভিনেতা কিশোৰ দাসো। ভৰত কলিতাৰ দ্বাৰা প্ৰযোজিত এই ধাৰাবাহিকখনৰ সহঃ পৰিচালনাৰ দায়িত্বত আছে অজন্তা বসুমতাৰী আৰু পৱিত্ৰ খাউণ্ড; দৃশ্যগ্ৰহণ কৰিছে বিশ্বজিৎ চাংমাইয়ে লগতে ইয়াত ধাৰাবাহিক খনৰ কাহিনী লিখিছে প্ৰণৱ বৰুৱাই। সম্পাদনা দীপজ্যোতি দাসৰ আৰু প্ৰডাকচন মেনেজাৰ ৰূপে আছে উৎপল কলিতা।

পংকজ গগৈৰ পৰিচালনাৰে নতুন ধাৰাবাহিক "নেদেখা ফাগুন"- 1


ধাৰাবাহিকখনৰ শীৰ্ষ গীতত কন্ঠদান কৰিছে নীল আকাশে। গীতটিত কথা আৰু সুৰ গীতাৰ্থ গিৰিনৰ লগতে সংগীত পলাশ গগৈৰ। ৰূপসজ্জা হীৰক আৰু বাবলুৰ। ডাবিং কৰিছে প্ৰাঞ্জলে; ধাৰাবাহিকখনক লৈ প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰেই অনুৰাগী উৎসাহিত হৈছে। সম্পৰ্ক সমূহক কেন্দ্ৰ কৰি নিৰ্মিত ধাৰাবাহিকখনে সহজে দৰ্শকক আকৰ্ষণ কৰিব পাৰিব বুলিও নিশ্চিত।

]]>
https://rupaliparda.com/archives/26180/feed 0 26180