Nirbaak – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 28 Dec 2020 07:55:57 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Nirbaak – Rupaliparda.com https://rupaliparda.com 32 32 163073109 মিনাংক ডেকাৰ তত্ত্বাৱধানত মুকলি প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”- https://rupaliparda.com/archives/23102 https://rupaliparda.com/archives/23102#respond Tue, 29 Dec 2020 10:30:59 +0000 https://rupaliparda.com/?p=23102 নতুন প্ৰজন্মই বিভিন্ন ধৰণে বিভিন্ন দিশত আগবঢ়া দেখিবলৈ পোৱা গৈছে। নতুন কাৰ্যৰে নতুনৰ আৰম্ভণি কৰি জনসাধাৰণক আকৰ্ষিতও কৰিছে এওঁলোকে। গীত-মাত, নৃত্যৰ ক্ষেত্ৰত ব্যতিক্ৰমী দিশেৰে আগবঢ়া লগতেই একাংশ নৱপ্ৰজন্ম আগবাঢ়িছে মুকাভিনয় ক্ষেত্ৰ খনৰ যোগেৰে। জনপ্ৰিয় মুকাভিনয় শিল্পী মইনুল হকৰ ছাত্ৰ ও ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত শিল্পী মিনাংক ডেকাৰ তত্ত্বাৱধানত শেহতীয়াকৈ উলিওৱা হ’ল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”। চলিত মাহৰ ২৬ তাৰিখে প্ৰেছ ক্লাৱত আন্তঃৰাষ্ট্ৰীয় মুকাভিনয় পত্ৰিকা “নিৰ্বাক” ৰ শুভ উন্মোচন কৰা হয়। উক্ত উন্মোচন অনুষ্ঠানত উপস্থিত থাকে মুকাভিনয় শিল্পী মইনুল হক, জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া পমী বৰুৱা আৰু বিশিষ্ট অভিনেতা হিমাংশু প্ৰসাদ দাস। “নিৰ্বাক” ক উদ্দেশ্যি যেতিয়া শিল্পী মিনাংক ডেকাৰ অনুভৱৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “মনেৰে ভাবি থকা কাম এটা কৰি উলিয়াব পাৰিলে নিশ্চয় সকলোৰে ভাল লাগে , তেনেকৈ মোৰো ভাল লাগিছে। “নির্বাক” অসমৰ পৰা প্ৰকাশিত ভাৰতৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল। কিয় এইখন কৰি উলিয়ালো তাৰ দুটামান বিশেষ কাৰণ আছে।”

মিনাংক ডেকাৰ তত্ত্বাৱধানত মুকলি প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল "নিৰ্বাক"- 1


জাৰ্নেল খন মিনাংক ডেকাৰ এক সপোনৰ প্ৰকল্প হোৱাৰ লগতে “নিৰ্বাক” ৰ দ্বাৰা মুকাভিনয় শিল্পটোৰ প্ৰতি নৱপ্ৰজন্ম তথা উত্তৰ প্ৰজন্মক বহুল হাৰত আকৰ্ষিত হ’ব বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উক্ত দ্বিভাষিক পত্ৰিকাখনত অসমৰ বহু লেখক- শিল্পীয়ে প্ৰবন্ধ লেখাৰ উপৰি বিশেষকৈ মেক্সিকো, ফ্ৰান্স, জাৰ্মানী আদি বিভিন্ন দেশৰ মুকাভিনয় শিল্পীয়ে এই বিশ্বজনীন শিল্পটোৰ বিষয়ে বিশদ ভাৱে লিখিছে। ক’ৰোণা কালছোৱাত মাইমেৰে জনসাধাৰণৰ মাজত সজাগতা বঢ়োৱাত আগ-ভাগ লৈছিল মিনাংক ডেকাই। শিল্পীগৰাকীয়ে ইউটিউব যোগেও মুকলি কৰিছিল এটা “ক’ৰ’ণা ভাইৰাছ সজাগতা ভিডিঅ”।

মিনাংক ডেকাৰ তত্ত্বাৱধানত মুকলি প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল "নিৰ্বাক"- 2


বৰ্তমান ভিডিঅ’টোৱে দৰ্শকৰ বহুল সঁহাৰি লাভ কৰিছে। প্ৰায় ২৫ হাজাৰতকৈও অধিক ভিউৱাৰচ লাভ কৰিছে উক্ত ভিডিঅ’টোৱে। ইয়াৰ উপৰিও মিনাংক ডেকাই সমাজ সংস্কাৰৰ বাবে বিভিন্ন গঠনমূলক কাম কৰাৰ লগতে দৰ্শকৰ ওচৰত তেওঁৰ নামটোৱে এতিয়া সুন্দৰ ৰূপত প্ৰতিষ্ঠা লাভ কৰিছে।

]]>
https://rupaliparda.com/archives/23102/feed 0 23102
প্ৰথম আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”- https://rupaliparda.com/archives/11993 https://rupaliparda.com/archives/11993#comments Mon, 23 Mar 2020 12:00:07 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11993 নতুন প্ৰজন্ম বিভিন্ন ধৰণে বিভিন্ন দিশত আগবঢ়া দেখিবলৈ পোৱা গৈছে। নতুন কাৰ্যৰে নতুনৰ আৰম্ভণি কৰি জনসাধাৰণক আকৰ্ষিতও কৰিছে এওঁলোকে। গীত-মাত, নৃত্যৰ ক্ষেত্ৰত ব্যতিক্ৰমী দিশেৰে আগবঢ়া লগতেই একাংশ নৱপ্ৰজন্ম আগবাঢ়িছে মুকাভিনয় ক্ষেত্ৰৰে। জনপ্ৰিয় মুকাভিনয় শিল্পী মইনুল হকৰ ছাত্ৰ ও ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত শিল্পী মিনাংক ডেকাৰ তত্ত্বাৱধানত উলিওৱা হ’ল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল “নিৰ্বাক”। ২২ মাৰ্চ অৰ্থাৎ “বিশ্ব মুকাভিনয় দিৱস” ৰ দিনাই শিল্পী গৰাকীয়ে জাৰ্নেল খনৰ প্ৰথমটো লুক মুকলি কৰে। মুকাভিনয়ৰ পিতৃৰূপে পৰিগণিত Marcel Marceu জন্মদিনটো “মুকাভিনয় দিৱস” ৰূপে পালন কৰা হয়। গতিকে, উক্ত দিনাই “নিৰ্বাক” শীৰ্ষক মাইম জাৰ্নেল খন মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও সাম্প্ৰতিক পৰিস্থিতিটোক কেন্দ্ৰ কৰি মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হয়।

প্ৰথম আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল "নিৰ্বাক"- 3


“নিৰ্বাক” ক উদ্দেশ্যি যেতিয়া শিল্পী মিনাংক ডেকাৰ অনুভৱৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “মনেৰে ভাবি থকা কাম এটা কৰি উলিয়াব পাৰিলে নিশ্চয় সকলোৰে ভাল লাগে , তেনেকৈ মোৰো ভাল লাগিছে । “নির্বাক” অসমৰ পৰা প্ৰকাশিত ভাৰতৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল। কিয় এইখন কৰি উলিয়ালো তাৰ দুটামান বিশেষ কাৰণ আছে । সেয়া বৰ্তমানৰ পৰিস্থিতি সুস্থ হ’লেই ব্যক্ত কৰিম। বৰ্তমান সকলোৱে যাতে সজাগ আৰু সাৱধান হৈ থাকে তাৰ বাবে আহ্বান জনালোঁ।”

প্ৰথম আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল "নিৰ্বাক"- 4


উল্লেখ্য যে, কিছুদিন পূৰ্বে মিনাংক ডেকাই ইউটিউব যোগে মুকলি কৰিছিল এটা “ক’ৰ’ণা ভাইৰাছ সজাগতা ভিডিঅ”। বৰ্তমান ভিডিঅ’টোৱে দৰ্শকৰ বহুল সঁহাৰি লাভ কৰিছে। প্ৰায় ২লাখতকৈও অধিক ভিউৱাৰচ লাভ কৰিছে উক্ত ভিডিঅ’টোৱে। ইয়াৰ উপৰিও মিনাংক ডেকাই সমাজ সংস্কাৰৰ বাবে বিভিন্ন গঠনমূলক কাম কৰাৰ লগতে দৰ্শকৰ ওচৰত তেওঁৰ নামটোৱে এতিয়া সুন্দৰ ৰূপত প্ৰতিষ্ঠা লাভ কৰিছে।

]]>
https://rupaliparda.com/archives/11993/feed 1 11993