Popiya Tora Xadhu – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 28 Nov 2019 09:43:00 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Popiya Tora Xadhu – Rupaliparda.com https://rupaliparda.com 32 32 163073109 পপীয়া তৰাৰ সাধুৰ কথাৰেঃ https://rupaliparda.com/archives/8361 https://rupaliparda.com/archives/8361#respond Thu, 28 Nov 2019 13:07:20 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8361 “… কিছমান যন্ত্ৰণা থাকে, যাক বহন কৰিও জীয়াই থাকিব পাৰি যদিও সি শূণ্য কৰি পেলায় ভিতৰখন। তথাপি মানুহ জীয়াই থাকে জীৱনৰ নিজস্ব উদ্যমত। মনৰ শক্তিত।” ২০১৫ চনতে ৰীতা চৌধুৰীয়ে লিখি উলিয়াইছিল “পপীয়া তৰাৰ সাধু”। উপন্যাস জগতত ৰীতা চৌধুৰীৰ নাম উল্লেখনীয়। নৱ-প্ৰজন্মকেই ধৰি বহু ডেকা-বুঢ়াৰ মাজতো জনপ্ৰিয় তেওঁ।

পপীয়া তৰাৰ সাধুৰ কথাৰেঃ 1


“কলম হৈছে কোনো লেখকৰ বাবে বন্দুকসম” যেনেদৰে বন্দুকৰ গুলিয়ে কোনো ব্যক্তিৰ বুকু চিৰা-চিৰ কৰি দিব পাৰে ঠিক তেনেদৰে এটা কলমে কোনো ব্যক্তিক গঢ়িবও পাৰে নাইবা ধবংস কৰি নিবও পাৰে। ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত “পপীয়া তৰাৰ “সাধুটো সন্নিৱিষ্ট হৈ আছে এনে এক সজীৱ কাহিনী। সৰুৰ পৰা সাহিত্যৰ প্ৰতি থকা টান বা সাংবাদিকতা ক্ষেত্ৰৰ প্ৰতি থকা শ্ৰদ্ধাক টেটুঁ চেপি কৰা হত্যাৰ উল্লেখ আছে “পপীয়া তৰাৰ সাধু” উপন্যাসখনত। সাফল্য আৰু যোগ্যতা,প্ৰতিষ্ঠা আৰু যশস্যাৰ উচ্চাসনত বহুৱাই এজনী সাধাৰণ ছোৱালীৰ জীৱনক গুৰিতে কাটি খঁহাই অনা কিছু তথাকথিত সাংবাদিকৰ বৰ্ণনা আছে উপন্যাসখনত। গাঁৱৰ সৰলতাৰ পৰা ওলাই আহি গ্লেমাৰৰ পৃথিৱীত খোজ দি নিজস্ব পৰিচয় হেৰুৱাই পেলোৱা “জেউতি” ৰ কথাৰে লিখা হৈছে “পপীয়া তৰাৰ সাধু”।

পপীয়া তৰাৰ সাধুৰ কথাৰেঃ 2


উপন্যাসখন আজিৰ পৰা প্ৰায় ১০ বছৰ আগতেই লিখা যদিও বৰ্তমান সময়ৰ কিছু তিঁতা সত্যক উদঙাই দিছে। “বাহিৰে ৰংচং ভিতৰি কোৱাভাতুৰী সদৃশ এক পৰিস্থিতিৰ এখন জীয়া ছবি পঢ়ুৱৈক দিছে লেখিকা গৰাকীয়ে। উজ্জ্বল নক্ষত্ৰৰ মৃত্যু কাহিনী হৈছে “পপীয়া তৰাৰ সাধু”। সাধাৰণতে উপন্যাসখনত এখন পৃথিৱীৰ এটা ঘৃণনীয় টুকুৰা পঢ়ুৱৈৰ ওচৰত দাঙি দিয়া হৈছিল। এখন সম্ভ্ৰান্ত বাতৰি কাকত গোষ্ঠীৰ সম্পাদক তথা তথাকথিত এগৰাকী সুদক্ষ লেখকৰ তুচ্ছতাৰ যি মানদণ্ড তাক প্ৰতিফলিত কৰা হৈছে উপন্যাসখনত। “জেউতি” চৰিত্ৰটোত থকা সেই ছোৱালীজনীৰ গাঁত একোজন মূধা-ফুটা বিখ্যাত ব্যক্তিয়ে এৰি দিছিল একোডালকৈ বিছা। যিয়ে তাইক ধীৰে ধীৰে ডাঁকি গৈ থাকি মৃত্যুৰ দুৱাৰডলিত থিয় কৰাই দিছিল।

পপীয়া তৰাৰ সাধুৰ কথাৰেঃ 3


এগৰাকী নাৰীৰ সৈতে প্ৰেমহীন স্পৰ্শৰ সোঁৱাদৰ ভোকাতুৰ আছিল উপন্যাসখনৰ প্ৰায় চৰিত্ৰ। “সুবিমল ফুকন” নামৰ চৰিত্ৰটোত থকা ব্যক্তি গৰাকী আছিল “মুখা পিন্ধা ভদ্ৰলোক” ৰ মাজৰেই এজন। যাৰ বাসনাত নিজক উচৰ্গা কৰাৰ পিছতো “জেউতি” ক গিলি পেলাইছিল ব্যক্তিগৰাকীয়ে। বিবাহিত হোৱা স্বত্বেও “জেউতি” ক দিয়া আৱেগপূৰ্ণ প্ৰতিশ্ৰুতি, তাইৰ বিশ্বাস লগতে প্ৰেমক লৈ খেলি একমাত্ৰ বিছনাৰ লগৰী কৰা “প্ৰীতম” নামৰ কবি চৰিত্ৰটোও আছিল পঢ়ুৱৈৰ বাবে ঘৃণ লগা। প্ৰেমৰ উপহাৰ স্বৰূপ “জেউতি” ক পেটত দিয়াৰ পিছতো “প্ৰীতম” নামৰ চৰিত্ৰটোৱে জেউতিক টানি নিছিল পথশূণ্য অন্ধকাৰৰ এটা ঠিকনাহীন বাটলৈ।
“… উৎপলদাই তোমাক ধৰ্ষণ কৰিছে?? হা হা হা মানে ৰেপ্?? ……… মূৰ্খ নেকি উৎপল দা। খুজিলেই পোৱা বস্তু এটাক- প্ৰীতম হাঁহিয়েই থাকিল… হাঁহিয়েই থাকিল।।”
অলকা হাজৰিকা,মনোৰমা বৰুৱা আদি নাৰী “চৰিত্ৰ” হৈছে নাৰীৰ একমাত্ৰ শত্ৰু। যিয়ে নাৰীৰ দেহ ব্যৱসায় কৰি আভিজাত্যৰ সোঁৱাদ লয়। উপন্যাসখনত থকা নাৰী চৰিত্ৰ কেইটাৰ বৰ্ণনাও লেখত ল’বলগীয়া।

পপীয়া তৰাৰ সাধুৰ কথাৰেঃ 4


উপন্যাসখনত থকা কাহিনীয়ে সাংবাদিকতা কেৱল মাত্ৰ বেয়া স্বৰূপটোৱে যে উদঙাই দিছে তেনে নহয়। অপৰ্ণা, নবাৰুণ, অপূৰ্ব আদি চৰিত্ৰৰো চসমাগম ঘটিছে উপন্যাসখনত যিয়ে উপন্যাসখনক শেষৰ ফালে এক ধনাত্মক দিশলৈ টানি নিছে। উজ্জ্বল নক্ষত্ৰ এটাক মোহাৰি দিয়া হৈছিল যদিও সেই মোহাৰিব খুজা ব্যক্তি কেই গৰাকীক নিজ কৰ্মত হিচাপ লৈছিল উক্ত চৰিত্ৰকেইটাই ।
উপন্যাসখন এটা সঁচা কাহিনীৰ আধাৰত সৃষ্টি কৰিছিল ৰীতা চৌধুৰীয়ে। অকল সাংবাদিকতা ক্ষেত্ৰতেই নহয়; অইন বহু ক্ষেত্ৰত গ্লেমাৰৰ বশৰ্ৱতী হৈ নিজক হেৰুৱাই দিবলগীয়া হয়। আজিৰ নাৰীয়েই যদি ইয়াৰ বিৰোধিতা নকৰে তেনেহ’লে কৰিব কোনে?

]]>
https://rupaliparda.com/archives/8361/feed 0 8361