Prabal Saikia – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 03 Jun 2021 07:56:52 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Prabal Saikia – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “চিৰিয়াচ কমেডী উপভোগ কৰিও ভালপাওঁ অথবা নিজে কৰিও ভাল লাগে”- প্ৰবাল শইকীয়া https://rupaliparda.com/archives/26524 https://rupaliparda.com/archives/26524#respond Thu, 03 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26524 অভিনয় ক্ষেত্ৰখন তেনেই জীপাল; এতিয়াও প্ৰত্যেকটা দিনত একোটা শিশুয়ে অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছে। কোনোৱে যদি টিভিত দেখিয়ে নিজেই নিজৰ মাজত ভংগিমা দিছে; আনহাতে আকৌ কোনো এটা শিশুয়ে নিজৰ পিতৃ-মাতৃক দেখি অনুশীলন আৰম্ভ কৰিছে। এনেকৈয়ে শিশু অৱস্থাৰ পৰা অভিজ্ঞতা গোটাই শেহতীয়াকৈ একোজন লেখত ল’বলগীয়া অভিনেতা/অভিনেত্ৰীৰ জন্ম হৈছে। আমি প্ৰায়ে কোনো এটা বস্তুক দেখি দেখি শিকি গৈ থাকো। বস্তুটোক প্ৰত্যক্ষ কৰি থাকিয়েই আমি বস্তুটোৰ প্ৰতি ইমানেই বেছি আগ্ৰহী হৈ পৰো যে এদিন সেই বস্তুটোক পুংখানুপুংখভাৱে বুজিবলৈ অথবা তাক শিকিবলৈ চেষ্টা কৰো। বস্তুটোৰ আগ্ৰাসনত আমি কেনেদৰে সোমাই গৈ থাকো যে সেয়া আমি নিজেও কেতিয়াবা জানিবলৈ সময় নাপাওঁ। এই অভিনয় ক্ষেত্ৰখনত একাংশ এনে অভিনেতা/অভিনেত্ৰী আছে যাৰ এই বিষয়ত কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নাথাকিলেও অভিজ্ঞতাৰ দিশৰ পৰা তেওঁলোক আগবাঢ়ি গৈ থাকে; কোনোধৰণৰ ডাঙৰ প্ৰকল্পৰ সৈতে জড়িত নহ’লেও এনেবোৰ সৰু সৰু অভিজ্ঞতাৰে তেওঁলোকে সৰু সৰু প্ৰকল্পৰেই জনসাধাৰণৰ কাষ চপাৰ চেষ্টা কৰে; মনোৰঞ্জন দিশটো সেইবাবেই সুকীয়া কাৰণ এই দিশটোৱে কোনো এগৰাকী প্ৰতিভাকো স্তব্ধ কৰি ৰাখিব নোৱাৰে। প্ৰতিভাগৰাকীয়ে ইচ্ছা কৰিলে তেওঁলোকে ইটোৰ পিছত সিটো গ্ৰহণযোগ্য কামেৰে ৰাইজৰ কাষ চাপি যাবলৈ সক্ষম হয়। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি শেহতীয়াকৈ কথা পাতিছিলো এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা তথা নাটকৰ জগতখনত ওতঃপ্ৰোতভাৱে জড়িত প্ৰবাল শইকীয়াৰ সৈতে; তেওঁৰ পিতৃও এগৰাকী প্ৰতিভাসম্পন্ন অভিনেতা। বিগত ৭০ বছৰ ধৰি অভিনয়ৰ সৈতে জড়িত চিত্ৰ শইকীয়াই এতিয়াও একাংকিকা নাটকসমূহত অভিনয় কৰি গৈ আছে।

"চিৰিয়াচ কমেডী উপভোগ কৰিও ভালপাওঁ অথবা নিজে কৰিও ভাল লাগে"- প্ৰবাল শইকীয়া 1


নতুন প্ৰজন্মৰ এইগৰাকী অভিনেতা প্ৰবাল শইকীয়াক অভিনয় ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “অভিনয় বুলি ক’বলৈ গ’লে মই স্কুলত পঢ়ি থকা দিনৰ পৰাই জড়িত হৈছিলো। আচলতে, মই দেউতাক দেখি দেখিয়ে এই নাটক ক্ষেত্ৰখনত আগবাঢ়িছিলো। দেউতাক যেতিয়াই নাটক কৰা দেখিছিলো তেতিয়াই মোৰ অভিনয়ৰ প্ৰতি থকা ইচ্ছাটো বাঢ়ি যাবলৈ ধৰিছিলে। আৰু, তেনেকৈয়ে স্কুলত ছাৰ হঁতে নাটক কৰোৱালে তাত মই অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী হৈছিলো অথবা নাটক কৰিছিলো। পিছলৈ, কলেজত নাটক কৰি পৰৱৰ্তী সময়ত মই “বৰ্ণম গ্ৰুপ” ত জড়িত হৈ নাটক কৰিবলৈ আৰম্ভ কৰিলো।” এগৰাকী অভিনেতা ৰূপে তেওঁক কেনেধৰণৰ চৰিত্ৰই আকৰ্ষণ কৰে বুলি প্ৰশ্ন কৰাত প্ৰবালে কয় যে, “অভিনয় বুলি ক’বলৈ মই অলপ খুহুতীয়া চৰিত্ৰবোৰ বেছি পচন্দ কৰো। চিৰিয়াচ কমেডী উপভোগ কৰিও ভালপাওঁ অথবা নিজৰো কৰি ভাল লাগে; অকণমান মনোৰঞ্জনধৰ্মী চৰিত্ৰ আৰু মদ্যপান কৰি থকা এগৰাকী ব্যক্তিবিশেষৰ চৰিত্ৰ ৰূপায়ন কৰিবলৈ মই আগ্ৰহী। আচলতে, মই অইনতকৈ লাইভ অভিনয় কৰি বেছি ভাল পাওঁ; য’ত দৰ্শকৰ সন্মুখত থাকি মই নিজক উপস্থাপন কৰিব পাৰো। ইয়াৰ উপৰিও, মই “মাইম স্কিট” কৰো যদিও মই মোৰ পৰিচালনাৰ দিশটো উন্নত কৰিবলৈও চেষ্টা কৰি গৈ আছো।” প্ৰবাল শইকীয়াৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মই নাটক কৰি ভালপাওঁ হিচাপে ভৱিষ্যতে একাংকিকা নাট্য প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰাৰ হেঁপাহ বহুত বেছি; নাটক কৰাৰ সমান্তৰালকৈ নিজাকৈ এখন ফাৰ্ম খোলাৰ ইচ্ছা আছে। এইখিনিতে, আপোনালোকক কওঁ যে; বিশ্বনাথ চাৰিআলিত কৰ্মশালা এখন অনুষ্ঠিত কৰি মাইম আৰু স্কিটৰ উন্নতি সাধন কৰাটো মোৰ এটা ভৱিষ্যতৰ পৰিকল্পনা; এয়া মোৰ সপোন। বৰ্তমান প্ৰচলিত চুটি ছবি অথবা চমু ভিডিঅ’ সমূহৰ দৰেই মাইম স্কিটৰো কিছু ভিডিঅ’ প্ৰস্তুটিৰে জনসাধাৰণক আকৰ্ষণৰ ইচ্ছা আছে।”

"চিৰিয়াচ কমেডী উপভোগ কৰিও ভালপাওঁ অথবা নিজে কৰিও ভাল লাগে"- প্ৰবাল শইকীয়া 2

তেওঁ আগলৈ কয় যে, অৱশ্যে, সম্প্ৰতি পৰিস্থিতিটোৱে প্ৰত্যেকৰে ওপৰত কম-বেছি পৰিমাণে ঋণাত্মক প্ৰভাৱ পেলাইছে। গতিকে, এনেদৰে ভাবি থকা পৰিকল্পনাবোৰ কেতিয়ালৈ সফলকাম হ’ব সেয়া মই সঠিককৈ ক’ব নোৱাৰো।” প্ৰবাল শইকীয়াৰ ইচ্ছা আৰু প্ৰচেষ্টা সমূহক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁলৈ যাঁচিছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/26524/feed 0 26524