Prahelika – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 24 Feb 2020 07:23:39 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Prahelika – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “অসম সূৰ্য্য বঁটা” ৰ শ্ৰেষ্ঠ কন্ঠশিল্পীৰ খিতাপ ভৃগু- গীতালীলৈঃ https://rupaliparda.com/archives/10606 https://rupaliparda.com/archives/10606#respond Mon, 24 Feb 2020 10:33:43 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10606 অগ্ৰণী সাংস্কৃতিক সংস্থা “প্ৰহেলিকা” ৰ দ্বাৰা আয়োজিত “অসম সূৰ্য্য বঁটা ২০২০” ত শ্ৰেষ্ঠ পুৰুষ কন্ঠশিল্পীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় ভৃগু কাশ্যপে লগতে শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পীৰ বঁটা লাভ কৰে গায়িকা গীতালী কলিতাই। খিতাপ লাভ কৰা দুয়োগৰাকী কন্ঠশিল্পীয়ে নিজ নিজ ইনষ্টাগ্ৰাম যোগে একোটা পোষ্ট কৰি অনুৰাগী সকলক ধন্যবাদ জনায়। আছলতে, অনুৰাগীৰ ক্ষেত্ৰত গীতালী তথা ভৃগুৰ কোনো জনেই কম নহয়। তেওঁলোকৰ প্ৰত্যেকটো গীতেই জনপ্ৰিয় বুলি ক’লেও অতিৰঞ্জিত নহ’ব।

"অসম সূৰ্য্য বঁটা" ৰ শ্ৰেষ্ঠ কন্ঠশিল্পীৰ খিতাপ ভৃগু- গীতালীলৈঃ 1
View this post on Instagram

আপোনালোকে দিয়া মৰম আৰু ভালপোৱা বোৰক "প্ৰহেলিকা"ই পুনৰ আজি ন~সাজেৰে সজাই অধিক দায়িত্বশীল কৰি তুলিলে যেন মোৰ অনুভৱ হৈছে । আজি "প্ৰহেলিকা''ই আয়োজন কৰা "অসম সূৰ্য বঁটা ২০২০" শীৰ্ষক অনুষ্ঠান টিত অসমৰ বিশিষ্ট সাহিত্যিক/কবি/সংগীত শিল্পীকে আদি কৰি অসমৰ বিভিন্ন মহলৰ বলিষ্ঠ ব্যক্তিত্বৰ ব্যক্তি কেইজনৰ সৈতে শাৰীপাতি একেখন প্ৰেক্ষাগৃহত বঁটা গ্ৰহণ কৰাৰ মুহূৰ্ত সঁচাকৈয়েই স্মৰণীয় হৈ ৰব। তেওঁলোকে অৰ্থাৎ "প্ৰহেলিকা"ই মোক প্ৰদান কৰা "জনপ্ৰিয় কণ্ঠশিল্পী"(পুৰুষ)ৰ বঁটা" টি য়ে মোৰ কষ্টৰ দিনবোৰক আজি সোণালী দিনলৈ ৰূপান্তৰ কৰিছে। অনাগত দিনবোৰত অধিক একাগ্ৰতা আৰু নিষ্ঠাৰে অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিশাল পৃথিৱী খনত আজীৱন অসমীয়া জাতিৰ স্বাৰ্থত, ৰাইজৰ হৈ কাম কৰি যাব পৰাকৈ যাতে আপোনালোকে মোক আশীৰ্বাদ কৰি যায়। মৰম~চেনেহৰ অভাৱ যাতে কোনো দিনেই উপলদ্ধি নহওঁক তাৰেই কামনাৰে ~ ভৃগু

A post shared by Vreegu Kashyap (@vreegu_kaxyap) on

"অসম সূৰ্য্য বঁটা" ৰ শ্ৰেষ্ঠ কন্ঠশিল্পীৰ খিতাপ ভৃগু- গীতালীলৈঃ 2


এনে ক্ষেত্ৰতে কন্ঠশিল্পী ভৃগুয়ে এক আৱেগিক পোষ্ট কৰি অনুৰাগী সকলে তেওঁক ইমান দিনৰ পৰা দি অহা মৰম-স্নেহ আদিবোৰক লৈ ধন্যবাদ যাঁচে লগতে কয় যে, “মই অনাগত দিনত অসমীয়া জাতিৰ স্বাৰ্থত, ৰাইজৰ হৈ কাম কৰি যাম”। উল্লেখ্য যে, কিছুদিন পূৰ্বে মুক্তি প্ৰাপ্ত গীতালিৰ “ঘপককৈ” শীৰ্ষক গীতটিয়ে লাভ কৰিছে ৪ মিলিয়নৰো অধিক ভিউৱাৰচ; আনহাতে কন্ঠশিল্পী ভৃগুৰ কন্ঠৰে চলিত মাহৰ ২৯ তাৰিখে মুক্তি লাভ কৰিব তেওঁৰ শেহতীয়াকৈ নিৰ্মিত গীত “সুন্দৰী পমিলা”।

]]>
https://rupaliparda.com/archives/10606/feed 0 10606