Pranab Bharali – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 03 Sep 2021 02:34:28 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Pranab Bharali – Rupaliparda.com https://rupaliparda.com 32 32 163073109 এইবাৰ ফটোগ্ৰাফাৰৰ কাহিনী টেলিভিছনৰ পৰ্দাত, আহি আছে “Wedding Clicks” https://rupaliparda.com/archives/28226 https://rupaliparda.com/archives/28226#respond Thu, 02 Sep 2021 05:30:00 +0000 https://rupaliparda.com/?p=28226 কথা পাহৰি কেৱল মাত্ৰ নিজ কৰ্মদায়িত্ব পালনত অৱতীৰ্ণ হৈ থাকে। শেহতীয়াকৈ এই ফটোগ্ৰাফাৰ সমূহক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে এখন টিভি চিৰিজ। চিৰিজখনৰ নাম হৈছে “Wedding Clicks”, Nktv ৰ প্ৰযোজনাত নিৰ্মিত এই চিৰিজখনত মুঠ ৬ টা খণ্ড থাকিব। ইতিমধ্যে ইয়াৰ এটি ট্ৰেইলাৰ ৰাইজৰ মাজত উলিয়াই দিয়া হৈছে। কেইবাগৰাকীও জনপ্ৰিয় তথা বহুলভাৱে সমাদৃত কলা-কুশলীক দেখিবলৈ পাই আচলতে উৎসাহিতও হৈছে মনোৰঞ্জনপ্ৰেমী দৰ্শক সমাজ।


উল্লেখ্য যে, এই চিৰিজখনৰ কাহিনীভাগ বিশেষকৈ ৱেডিং ফটোগ্ৰাফাৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে। ৱেডিং ফটোগ্ৰাফাৰে বিবাহ অনুষ্ঠানত সন্মুখীন হোৱা ৬ টা ভিন্ন পৰিস্থিতিক লৈয়ে নিৰ্মিত “Wedding Clicks”। এই চিৰিজখনৰ পৰিচালনাৰ দায়িত্বত আছে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় এগৰাকী প্ৰতিভাশালী পৰিচালক প্ৰণৱ ভৰালীয়ে। প্ৰতিভাগৰাকীৰ পৰিচালনা আৰু কাহিনীৰে ইতিমধ্যে আপোনালোকে কেইবাখনো চুটি ছবি তথা মিউজিক ভিডিঅ’ উপভোগ কৰিছে। কেৱল মাত্ৰ উপভোগ কৰা বুলিয়ে নহয়, মনোৰঞ্জন ক্ষেত্ৰখনত এই প্ৰকল্প সমূহে বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াত অভিনয় কৰিছে কমল লোচন, হিমাংশু গগৈ, নিশি ৰঞ্জন কে মল্লিকা, অসীম কৃষ্ণ বৰুৱা, চিন্ময় কটকী, স্নিগ্ধা গগৈ, দেৱাশ্ৰী দাস, জয়শ্ৰী বৰ্মণ, প্ৰতিভা চৌধুৰী, কুমুদ ভট্ট, মৃদুল শৰ্মা, নাৰায়ণ আৰু জলী লস্কৰ আৰু বহুতো। চিৰিজখনত সংগীত কৰিছে অৰ্ণৱ বশিষ্ঠ, হীৰকজ্যোতি নাথ আৰু আৰছাদ ৰহমানে। সহঃ পৰিচালনা প্ৰিয়ান্সী কাশ্যপ আৰু ধীৰাজ দাসে। সম্পাদনা উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ লগতে ডিৰেক্টৰ অফ ফটোগ্ৰাফী পাপু ডেকাৰ। চিৰিজখনৰ সম্প্ৰচাৰৰ আনুষ্ঠানিক ঘোষণা বৰ্তমানলৈকে কৰা হোৱা নাই যদিও ইয়াক লৈ অপেক্ষাৰত দৰ্শক সকল। মনোৰঞ্জনে সদায় নিজৰ বাট প্ৰশস্ত কৰি ৰাইজক কিছু সময়ৰ সকাহ দিয়াৰ চেষ্টা কৰে, এনেক্ষেত্ৰত সহায়ক হৈ পৰা এই নৱপ্ৰজন্মৰ দলটোৰ লগতে Nktv ৰ ব্যতিক্ৰমী প্ৰচেষ্টাক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

এইবাৰ ফটোগ্ৰাফাৰৰ কাহিনী টেলিভিছনৰ পৰ্দাত, আহি আছে "Wedding Clicks" 1


নতুনৰ আঁৰত নৱপ্ৰজন্ম, এই কথাষাৰৰ সত্যতা প্ৰতিদিনেই প্ৰত্যেকগৰাকী দৰ্শকেই অনুভৱ কৰি আহিছে। দৰ্শকক সংযোগ কৰা বিধৰ একাংশ প্ৰকল্পক লৈ এওঁলোক আগুৱাই আহিছে। “Wedding Clicks” ৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/28226/feed 0 28226
এটি আৱেগিক গীত “কথা দিলো”; এটি সুন্দৰ কাহিনীৰ বহিঃপ্ৰকাশঃ https://rupaliparda.com/archives/23852 https://rupaliparda.com/archives/23852#respond Sun, 31 Jan 2021 11:30:32 +0000 https://rupaliparda.com/?p=23852 আমি জীয়াই থকাৰ যেতিয়া একোটা নিৰ্দ্দিষ্ট উদ্দেশ্যৰ মৃত্যু হয় তেতিয়া আমাৰো জীয়াই থকা ইচ্ছাবোৰ হেঁৰাই যায়। আমাৰ জীৱনৰ প্ৰকৃত সত্যতো কি বাৰু আপুনি জানেনে? সেয়া হৈছে “মৃত্যু”।আমি যেতিয়াই জন্ম লভো সেইটো দিনাই আচলতে লিখা থাকে আমি কেতিয়া এই সংসাৰ এৰি বিদায় মাগিম। শেহতীয়াকৈ অসমীয়া সংগীত ক্ষেত্ৰখনত এটা নতুন গীতে মুক্তি লাভ কৰিছে। “কথা দিলো” শীৰ্ষক গীতটিয়ে মুক্তিৰ পিছতেই প্ৰত্যেকজন শ্ৰোতা-দৰ্শকক আৱেগিক কৰি তোলা পৰিলক্ষিত হ’ল কিয়নো গীতটিত সন্নিৱিষ্ট কাহিনী ভাগে সংযোগ কৰিছিল এটি সঁচা কাহিনীক; এগৰাকী মাতৃৰ কান্দোনক গীতটিৰ মাজেৰে ইমান সুন্দৰকৈ উপস্থাপন কৰাত সফল হৈছে নৱপ্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালী। এজাজ প্ৰডাকচনৰ বেনাৰত গীতটিক প্ৰযোজনা কৰিছে নীলিমা চৌধুৰীয়ে; আনহাতে গীতটিৰ কথা তথা বিষয়বস্তুও আছিল নীলিমা চৌধুৰীৰ নিজৰেই। প্ৰযোজক নীলিমা চৌধুৰীৰ ব্যক্তিগত কাহিনীক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে “কথা দিলো”; গীতটিত কন্ঠদান কৰিছে প্ৰত্যেকজন নৱপ্ৰজন্মৰ প্ৰিয় তথা হাৰ্টথ্ৰৱ জুবিন গাৰ্গ লগতে কন্ঠশিল্পী দীপলিনা ডেকাই।


আকৌ এবাৰ কমল লোচনৰ অভিনয়ে অনুৰাগীক উৎসাহিত কৰি তোলাত সক্ষম হৈছে। তেওঁ আকৌ এবাৰ নিজ অভিনয়ৰ দক্ষতা প্ৰকাশত সফলকাম হৈছে; তেওঁৰ সৈতে এই ভিডিঅ’টোত অভিনয় কৰিছে অপৰ্ণা দত্ত চৌধুৰী আৰু জ্যোতিস্মিতা বৰুৱাই। গীতটিত নীলিমা চৌধুৰীৰ সৈতে কথা দিয়াৰ উপৰিও “কথা দিলো” ৰ সুৰ আৰু সংগীতৰ দায়িত্বত আছে আৰচাদ এম ৰহমান। ইয়াৰ উপৰিও, গীতটিত দৃশ্যগ্ৰহণ পাপু ডেকাৰ আৰু সহঃপৰিচালনা কৰিছে অৰ্পিত চক্ৰৱৰ্তীয়ে। এটা গীতৰ যোগেৰেই এটা কাহিনীক ব্যক্ত কৰাত উক্ত নৱপ্ৰজন্মৰ দলটোৱে দেখুওৱা পাৰদৰ্শিতা কোনোপধ্যই নুই কৰিব পৰা নাযায়। গীতটিয়ে মুক্তিৰ পিছতেই ইউটিউবত বহুল হাৰত শ্ৰোতা-দৰ্শকৰ সঁহাৰি লাভ কৰাত সক্ষম হৈছে। এইখিনিতে, আপোনালোকক আন এক ভাল লগা খবৰ জনাই থওঁ যে, এজাজ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “কথা দিলো” প্ৰথমটো গীত হ’লেও আহিবলগীয়া সময়ত এই প্ৰডাকচন হাউচটোৱে আৰু অধিক ভাল লগা কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

এটি আৱেগিক গীত "কথা দিলো"; এটি সুন্দৰ কাহিনীৰ বহিঃপ্ৰকাশঃ 2
এটি আৱেগিক গীত "কথা দিলো"; এটি সুন্দৰ কাহিনীৰ বহিঃপ্ৰকাশঃ 3


ইয়াৰ উপৰিও, প্ৰডাকচনটোলৈ অহা অৰ্থখিনিকো কৰ্কট ৰোগী সমূহলৈ দিয়া হ’ব বুলি জনায় প্ৰযোজক নীলিমা চৌধুৰীয়ে।

]]>
https://rupaliparda.com/archives/23852/feed 0 23852
“লক-ডাউন” ৰ পিছৰ প্ৰথমখন নাট “বাউলী মেঘৰ সাধু”- https://rupaliparda.com/archives/21101 https://rupaliparda.com/archives/21101#respond Tue, 13 Oct 2020 08:30:26 +0000 https://rupaliparda.com/?p=21101 “লক-ডাউন” ৰ মাধমাৰৰ ফলত পৰিৱেশ্য কলাৰ সৈতে জড়িত নৃত্য, নাটক, থিয়েটাৰ আদি বিভিন্ন কলাত স্তব্ধতা আহি পৰিছিল। অজান আশংকাত ভুগি বিভিন্ন জনে কৰা মন্তব্যও আমি সংবাদত মাধ্যম যোগে দেখিবলৈ পাইছিলো। কিন্তু ৰাজ্য চৰকাৰৰ অনুমতি মৰ্মে শেহতীয়াকৈ পৰিৱেশ্য কলাৰ কিছু অংশ খুলি দিয়া হৈছে। ৫০ শতাংশ দৰ্শকৰ সৈতে হ’লেও নৃত্য তথা নাটক আদি পৰিৱেশনৰ অনুমতি প্ৰদান কৰা হৈছে। গতিকে, এনে পৰিপ্ৰেক্ষিততে অসমীয়া একাংশ অভিনেতা-অভিনেত্ৰীে দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে। নাট্য প্ৰেমী সকলৰ মাজত উৎসাহৰ সৃষ্টি কৰি চলিত মাহৰ ১৮ আৰু ১৯ তাৰিখে ৰৱীন্দ্ৰ ভৱনত আবেলি ৪.৩০ আৰু ৬.৩০ বজাত পৰিৱেশন কৰা হ’ব এখন নাটক “বাউলী মেঘৰ সাধু”। যোৱা ৭ মাহৰ স্তব্ধতাৰ পিছত এখন নাটক অনুষ্ঠিত কৰিবলৈ পাই যিমান সুখী হৈছে অভিনেতা-অভিনেত্ৰীকে ধৰি পৰিচালক গোষ্ঠী; তাতকৈ দুগুণ উৎসাহী হৈ পৰিছে অসমীয়া নাট্যপ্ৰেমী দৰ্শক। ইতিমধ্যে নাটক উপভোগৰ বাবে টিকেটৰ ব্যৱস্থা কৰা হৈছে। আসনৰ সংখ্যা সীমিত বাবেই আজিৰ পৰা অহা ১৭ তাৰিখ পৰ্যন্ত টিকেট দিয়া হ’ব গুৱাহাটীৰে একাংশ ৰেষ্টুৰা তথা হোটেলত। নাটকখনৰ পোষ্টাৰ খনতেই ইয়াৰ টিকেট উপলদ্ধ স্থান সমূহ দি দিয়া হৈছেঃ

"লক-ডাউন" ৰ পিছৰ প্ৰথমখন নাট "বাউলী মেঘৰ সাধু"- 4
"লক-ডাউন" ৰ পিছৰ প্ৰথমখন নাট "বাউলী মেঘৰ সাধু"- 5


“লক-ডাউন” সমাপ্তিৰ পিছত প্ৰথমখন নাট্য আৰু তাতেই দেখিবলৈ পোৱা যাব কেইবাটাও সুন্দৰ যুঁটি। নৱপ্ৰজন্মৰ উদীয়মান পৰিচালক প্ৰণৱ ভৰালী পৰিচালনাৰে নিৰ্মিত নাটকখনৰ কাহিনী হৈছে অসমৰ জনপ্ৰিয় কুকীল কন্ঠী গায়িকা তৰালী শৰ্মাৰ। আৰু, ৰচনা প্ৰণৱ ভৰালীৰ। এই পৰিচালক গৰাকীৰ যথেষ্ট সৃষ্টিক ইতিমধ্যে দৰ্শকে উপভোগ কৰাৰ লগতে এই সমূহে সঁহাৰিও লাভ কৰিছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। আনহাতে, তৰালী শৰ্মাৰ কন্ঠৰ সমান্তৰালকৈ তেওঁৰ মাজত থকা আন এক সুন্দৰ প্ৰতিভাৰো বহিঃপ্ৰকাশ হৈছিল এই “লক-ডাউন” ৰ সময়ছোৱাত। “নিচুঁকনি” শীৰ্ষক এখন চুটি ছবিত কন্ঠশিল্পী গৰাকীৰ কাহিনী আৰু পৰিচালনাৰ এক সুন্দৰ আভাষ লাভ কৰিছিল জনসাধাৰণে।

"লক-ডাউন" ৰ পিছৰ প্ৰথমখন নাট "বাউলী মেঘৰ সাধু"- 6


উল্লেখ্য যে, নাটখনত অভিনয় কৰিবলগীয়া অভিনেতা-অভিনেত্ৰীৰ নামবোৰেও উৎকন্ঠাৰ সৃষ্টি কৰিছে। বৰষা ৰাণী বিষয়া, জলী লস্কৰ, কমল লোচন, কৌশিক নাথ আৰু অতনু মহন্তৰ অভিনয়েৰে নিৰ্মিত এই নাটকখন উপভোগ্য হ’ব বুলিও একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। জনপ্ৰিয় বহু তাৰকাৰ যুঁটিৰ এই নাটকখন লেখত ল’বলগীয়া।

]]>
https://rupaliparda.com/archives/21101/feed 0 21101
“মনোৰঞ্জন ক্ষেত্ৰখনত যে জড়িত হ’লেই কোনো গৰাকী ব্যক্তি শিল্পী হ’ব, সেইটোও মই নাভাৱো”- প্ৰণৱ ভৰালী https://rupaliparda.com/archives/19475 https://rupaliparda.com/archives/19475#respond Sun, 23 Aug 2020 09:30:06 +0000 https://rupaliparda.com/?p=19475 এটি চৰিত্ৰ; উক্ত চৰিত্ৰটোৰ ভিন্নতা। মূখ্য চৰিত্ৰ কেইটাৰ বাহিৰেও যেন এই সহযোগী চৰিত্ৰকেইটিয়ে দৰ্শকৰ হৃদয়ত খলকনিৰ সৃষ্টি কৰিছে। প্ৰিয় হৈ পৰিছে এই চৰিত্ৰটো সকলোৰে; চৰিত্ৰটোৰ অবিহনে যেন আধৰুৱা হৈ পৰিছে ধাৰাবাহিকখনৰ প্ৰতিটো চৰিত্ৰ। চৰিত্ৰটোৰ নাম হৈছে প্ৰৱাল; এগৰাকী অভিনেতা আৰু সমান্তৰালকৈ এওঁ এগৰাকী পৰিচালকো। তেওঁৰ চুটি ছবি সমূহে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছে সফলতা। নৱপ্ৰজন্মৰ এই গৰাকী উদীয়মান যুৱকৰ নাম হৈছে প্ৰণৱ ভৰালী। বৰ্তমান ৰং চেনেল যোগে প্ৰচাৰিত ধাৰাবাহিক “দুটি মনৰ জোনাক” ৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। তেওঁৰ চৰিত্ৰটো ৰূপায়নৰ লগতে তেওঁৰ পৰিচালনাৰো অনুৰাগী বিভিন্ন জন। “I am Good” শীৰ্ষক চুটি ছবিখনৰ বিষয়ে ইতিমধ্যে জানিবলৈ পাৰিছে জনসাধাৰণে; এই গৰাকী পৰিচালকৰ সৈতেই আজিৰ দেওবৰীয়া বিশেষত আমি পাতিম কিছু কথা। চাওঁ চোন আহকঃ

"মনোৰঞ্জন ক্ষেত্ৰখনত যে জড়িত হ'লেই কোনো গৰাকী ব্যক্তি শিল্পী হ'ব, সেইটোও মই নাভাৱো"- প্ৰণৱ ভৰালী 7

প্ৰশ্নঃ পৰিচালনা আৰু অভিনয়; কোনটোক সামৰি আগন্তুক সময়ত নিজ কেৰিয়াৰ গঢ়িবলৈ বিচাৰে??

প্ৰণৱ ভৰালীঃ অভিনয় আগতেও মই কৰিছো; অভিনয়ৰ সৈতে জড়িত হোৱাৰ লগতে মই বিভিন্ন খন অভিনয়ৰ কৰ্মশালাতো যোগদান কৰিছিলো। কিন্তু, নিজ কেৰিয়াৰ ৰূপে যদি বাঁচনি কৰিবলগীয়া হয় তেনেহ’লে মই বাচি ল’ম পৰিচালনা লগতে স্ক্ৰীপ্ট ৰাইটিঙক। এই দুইটা বস্তুতহে মই ভৱিষ্যতে মনোনিৱেশ কৰিবলৈ বিচাৰো।

"মনোৰঞ্জন ক্ষেত্ৰখনত যে জড়িত হ'লেই কোনো গৰাকী ব্যক্তি শিল্পী হ'ব, সেইটোও মই নাভাৱো"- প্ৰণৱ ভৰালী 8

প্ৰশ্নঃ “দুটি মনৰ জোনাক” ত আপোনাৰ এক নতুন ৰূপ দেখিছে দৰ্শকে; চৰিত্ৰটো ৰূপায়ন কৰা কিবা বিশেষ কাৰণ?

প্ৰণৱ ভৰালীঃ “দুটি মনৰ জোনাক” ৰ এই বিশেষ চৰিত্ৰটোক লৈ যদিও মোক পৰিচালক কল্প দাই মতাই আনিছিল; কিন্তু চৰিত্ৰটোৰ ক্ষেত্ৰত তেনে এক ব্যতিক্ৰমী বিশেষত্ব সংযোজন কৰিছিল কমল লোচনেহে। কমল দাইয়ে মোক কৈছিল যে “তুমি এনেকৈ কৰা তেতিয়া ভাল লাগিব।” আৰু, সঁচাকৈ এনে কিবা এটা বেলেগ কৰাৰ বাবে হয়টো দৰ্শকে মোক আকোঁৱালি লৈছিল। কিন্তু দৰ্শকৰ ইমান বেছি সঁহাৰি, সমাদৰ মোৰ বাবে কল্পনাৰো অগোচৰ আছিল। গতিকে, আশা কৰিছো যাতে মোক আগন্তুক সময়ত এনেদৰে মৰম দিয়ক, আশীৰ্বাদ কৰক। এই চৰিত্ৰটো আচলতে বহুখিনি অক্ষম লোকৰ ক্ষেত্ৰত এক প্ৰেৰণা হৈ থিয় হ’ব যেন মোৰ অনুভৱ হয়।

"মনোৰঞ্জন ক্ষেত্ৰখনত যে জড়িত হ'লেই কোনো গৰাকী ব্যক্তি শিল্পী হ'ব, সেইটোও মই নাভাৱো"- প্ৰণৱ ভৰালী 9

প্ৰশ্নঃ আগন্তুক চুটি ছবিৰ পৰিকল্পনা?

প্ৰণৱ ভৰালীঃ আগন্তুক চুটি ছবি দুখন আছে; ইতিমধ্যে ইয়াৰ প্ৰি-প্ৰডাকচনৰ কাম আগবাঢ়িছে। চুটি ছবি বুলিয়ে নহয়; এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰো কাম আছে। সম্প্ৰতি পৰিস্থিতিৰ সাম কাটিলেই ইয়াৰ কামসমূহ আগবাঢ়িব। ইয়াৰ উপৰিও, ৱেব চিৰিজৰো কিছু পৰিকল্পনা কৰি থকা হৈছে। এতিয়া মাত্ৰ দৰ্শক আৰু ভগৱানৰ আৰ্শীবাদৰ প্ৰয়োজন; তেওঁলোকৰ আৰ্শীবাদ থাকিলেই সকলো কাম সুচাৰুৰূপে চলি যাব। এতিয়া এটাই ইচ্ছা যে, জনসাধাৰণক মনোৰঞ্জন কৰোৱাব পৰা যাতে সক্ষমতা আমাৰ থাকে; অৱশ্যে ইয়াৰ বাবে আমি যৎপৰোনাস্তি চেষ্টাও অব্যাহত ৰাখিম।

"মনোৰঞ্জন ক্ষেত্ৰখনত যে জড়িত হ'লেই কোনো গৰাকী ব্যক্তি শিল্পী হ'ব, সেইটোও মই নাভাৱো"- প্ৰণৱ ভৰালী 10

প্ৰশ্নঃআপোনাৰ মতে, সঁচা অৰ্থত “শিল্পী” মানে কি?

প্ৰণৱ ভৰালীঃ মোৰ মতে, “শিল্পী” হৈছে তেনে এজন ব্যক্তি যিয়ে “শিল্প” ক ভালপোৱাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখে। আৰু, আচলতে এই “শিল্পী” নামটো জনসাধাৰণে দিয়ে; এগৰাকী ব্যক্তিৰ প্ৰতিভা, ক্ষমতা আদিক কেন্দ্ৰ কৰি জনসাধাৰণে কোনো এজন ব্যক্তিক এই নামটো দিয়ে। আমি নিজাববীয়াকৈ এই নামটো লৈ ল’ব নোৱাৰো। আনহাতে, মনোৰঞ্জন ক্ষেত্ৰখনত যে জড়িত হ’লেই কোনো গৰাকী ব্যক্তি শিল্পী হ’ব, সেইটোও মই নাভাৱো। “শিল্পী” এগৰাকী কেনে হোৱা উচিত তাৰ কোনো সঠিক সংজ্ঞা দিব পৰা নাযায়। কিন্তু, কথাতে কয় নহয়; “শিল পি পি খোৱা সকলক শিল্পী বোলে”। নিজে দুখত থাকিও এইসকলে আনক হহুঁৱাবলৈ চেষ্টা কৰে, মনোৰঞ্জন কৰোৱাবলৈ চেষ্টা কৰে আৰু তাকেই শিল্পী বোলে; “শিল্পী” য়ে নিজে শিল খায়, মানুহক ৰস খুৱায়।

"মনোৰঞ্জন ক্ষেত্ৰখনত যে জড়িত হ'লেই কোনো গৰাকী ব্যক্তি শিল্পী হ'ব, সেইটোও মই নাভাৱো"- প্ৰণৱ ভৰালী 11

প্ৰশ্নঃ সম্প্ৰতি শিল্পী সমাজৰ আৰ্থিক অৱস্থাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক স্থিতিলৈ বিভিন্ন খেলি-মেলি সকলোৱে দেখিছে; ইয়াৰ ওপৰত আপোনাৰ মতামত?

প্ৰণৱ ভৰালীঃ মই ৰাজনৈতিক কথাবোৰত বৰ-বেছি মূৰ সোমোৱাবলৈ টান পাওঁ; তথাপিও আমি প্ৰত্যেকজন ব্যক্তি যিকোনো প্ৰকাৰে ৰাজনীতিৰ সৈতে জড়িত; ৰাজনৈতিক ভাৱে আৱদ্ধ। গতিকে শিল্পী সমাজে হওঁক বা খেতিয়কে হওঁক নাইবা কোনো বিজনেছমেনেই নহওঁক কিয়! সকলো ৰাজনৈতিক কৱলত আৱদ্ধ। শিল্পী সমূহৰ আৰ্থিক অৱস্থাৰ বিষয়ে যদি ক’বলৈ যাওঁ তেনেহ’লে আমি সকলোৱে গম পাওঁ যে আমাৰ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন কিমান আগবঢ়া। “মিছন ছাইনা”, “ৰত্নাকৰ”, “কাঞ্চনজংঘা” ৰ উপৰিও বহু কেইখন অসমীয়া ছবি মুক্তি লাভ কৰিছিল যদিও দৰ্শকে সহাঁৰি জনোৱা নাছিল। “বৰনদী ভঁটিয়ায়” ৰ দৰে এখন ছবিকো দৰ্শকে চাবলৈ যোৱা নাছিল। সঁচা কথা ক’বলৈ গ’লে, এই ক্ষেত্ৰখনত কাম কৰা আমি বোৰো কোনোবাখিনিত আচলতে আৰ্থিকভাৱে হতাশ হৈ আছো। মই ভাৱো, সেই অৱস্থাবোৰ ভাল হওঁক; সাধাৰণজনে প্ৰতিজন শিল্পীৰ গুণগত সৃষ্টিবোৰ আকোঁৱালি লওঁক, তেতিয়া নিশ্চয় “ৰত্নাকৰ” বুলিয়ে নহয়। বহু নতুন নতুন ফিল্মমেকাৰে ন-ন ছবিৰ সৃষ্টি কৰিব। “আমিষ” ৰ কালেকচন “ৰত্নাকৰ” তকৈ কম; যিখন ছবিয়ে বলীউডত সমাদৰ লাভ কৰিছিল। এয়া অসমবাসীৰ বাবে গৌৰৱৰ কথা আছিল; মই কোৱা নাই যে সকলবোৰ ছবিয়ে উপভোগ কৰক। সকলোবোৰ নহ’লেও ভালবোৰতো চাবই লাগিব। আৰু, বৰ্তমান ৰাজনৈতিক স্থিতিত মই মাত নামাতো। সেইবোৰ ব্যক্তিগত কথা; কোনোৱে যদি সাংস্কৃতিক আৰু ৰাজনৈতিক দুয়ো ফালৰ পৰাই জনসাধাৰণক সেৱা কৰিব বিচাৰিছে তেতিয়াহ’লে সেয়া তেওঁৰ ব্যক্তিগত কথা।

"মনোৰঞ্জন ক্ষেত্ৰখনত যে জড়িত হ'লেই কোনো গৰাকী ব্যক্তি শিল্পী হ'ব, সেইটোও মই নাভাৱো"- প্ৰণৱ ভৰালী 12

…ধন্যবাদ প্ৰণৱ। আপোনাৰ আগন্তুক প্ৰকল্পৰ বাবে ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

প্ৰণৱ ভৰালীঃ ধন্যবাদ।

]]>
https://rupaliparda.com/archives/19475/feed 0 19475
তৰালী শৰ্মা কাহিনী; প্ৰণৱ ভৰালীৰ পৰিচালনাৰে সাংগীতিক নাট “বাউলী মেঘৰ সাধু”- https://rupaliparda.com/archives/19201 https://rupaliparda.com/archives/19201#respond Sat, 15 Aug 2020 10:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19201 এইবাৰ এখন নাটকৰ প্ৰস্তুতিত ব্যস্ত মনোৰঞ্জন ক্ষেত্ৰৰ জনপ্ৰিয় কলা-কুশলী। লাহে-ধীৰে পৰিচালনাৰ দিশত নামি পৰা কন্ঠশিল্পী তৰালী শৰ্মাৰ কাহিনীৰে লগতে জনপ্ৰিয় পৰিচালক তথা অভিনেতা প্ৰণৱ ভৰালীৰ পৰিচালনাৰে “বাউলী মেঘৰ সাধু” শীৰ্ষক এখন নাটৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে এতিয়া তেওঁলোক। কেইবাগৰাকীও জনপ্ৰিয় লগতে প্ৰতিষ্ঠিত সংগীতশিল্পী আৰু অভিনেতা-অভিনেত্ৰীক লগত লৈ উক্ত নাটখন ৰাইজৰ মাজলৈ লৈ অনাৰ পৰিকল্পনা কৰিছে এতিয়া সকলোৱে। উক্ত ড্ৰামা খনক লৈ বৰ্তমান উৎকন্ঠা সকলোৰে; ব্যস্ততাৰ মাজত থাকি এনে কিছু পৰিকল্পনাক ৰাইজে সঁহাৰি জনোৱাৰ লগতে ইয়াৰ প্ৰতি আগ্ৰহেৰে ৰৈ থকাও দেখিবলৈ পোৱা গৈছে। বৰষা ৰাণী বিষয়া, কমল লোচন, কৌশিক নাথ আৰু অতনু মহন্তৰ অভিনয়ৰে নিৰ্মিত এই নাটখনৰ ইতিমধ্যে মুকলি কৰা হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ। বৰ্তমান সময়ত মনোৰঞ্জন ক্ষেত্ৰখনত তৰালী শৰ্মাৰ সক্ৰিয়তাক পূৰ্ণৰূপত দেখিবলৈ পোৱা গৈছে। তেওঁৰ সৈতে প্ৰায়ে প্ৰতিটো ক্ষেত্ৰত দেখিবলৈ পোৱা একোজন নৱপ্ৰজন্মৰ প্ৰতিভাও লেখত ল’বলগীয়া।

তৰালী শৰ্মা কাহিনী; প্ৰণৱ ভৰালীৰ পৰিচালনাৰে সাংগীতিক নাট "বাউলী মেঘৰ সাধু"- 13


ইতিমধ্যে প্ৰণৱ ভৰালী আৰু কমল লোচনৰ যুঁটিক কেইবাবাৰো টেলিভিছন পৰ্দাত দেখিছে দৰ্শকে। কেৱল মাত্ৰ টেলিভিছন পৰ্দাতেই নহয়; কেইবাখনো চুটি ছবিৰ পৰিচালনাৰ ক্ষেত্ৰতো এই যুঁটিটোক উপভোগ কৰিছে দৰ্শকে। আগন্তুক সময়ত আহিবলগীয়া “বাউলী মেঘৰ সাধু” টোতো এই যুঁটিটোক চাবলৈ অপেক্ষাৰে বাট চাই ৰৈছে অসমীয়া জনসাধাৰণ। উল্লেখ্য যে, তৰালী শৰ্মাৰ কাহিনীৰ ক্ষেত্ৰত তেওঁৰ এক সুক্ষ্ম নিদৰ্শন দৰ্শকে শেহতীয়াকৈ “নিচুঁকনি” যোগে দেখিবলৈ পাইছে। ৰূপালীপৰ্দাৰ এক সাক্ষাৎকাৰ যোগেও অৱশ্যে তৰালী শৰ্মাই এই ক্ষেত্ৰখনক লৈ পৰিকল্পনা কৰাৰ কথা ব্যক্ত কৰিছিল।

তৰালী শৰ্মা কাহিনী; প্ৰণৱ ভৰালীৰ পৰিচালনাৰে সাংগীতিক নাট "বাউলী মেঘৰ সাধু"- 14


মুক্তিৰ পূৰ্বেই সৰ্বত্ৰে চৰ্চিত “বাউলী মেঘৰ সাধু” য়ে উৎসাহিত কৰিছে সকলোকে। বৰ্তমানলৈ মুক্তিৰ তাৰিখ উল্লেখ কৰা হোৱা নাই যদিও এই নাট্যখনে যে এক উচ্চপৰ্যায়ৰ প্ৰশংসা লাভ কৰিব সেয়া নিশ্চিত হৈ পৰিছে।

]]>
https://rupaliparda.com/archives/19201/feed 0 19201
খাবলৈ নাই আহাৰঃ ওলাই যাবলৈ নাপায় কৰিছে হাঁহাকাৰঃ এয়াই হৈছে STARVED- https://rupaliparda.com/archives/14174 https://rupaliparda.com/archives/14174#respond Sat, 02 May 2020 12:30:52 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14174 “লক-ডাউনে” সকলো ক্ষেত্ৰতেই জনসাধাৰণক অশান্তি দায়ক পৰিস্থিতিৰ সন্মুখীন কৰোৱাইছে যদিও বৰ্তমান সময়ত এটাৰ পিছত এটাকৈ Work From Home ৰ প্ৰকল্প দেখিবলৈ পোৱা গৈছে। গীত, নৃত্য, কবিতা, অভিনয় আদি সকলো ক্ষেত্ৰতেই নিজৰ সুপ্ত প্ৰতিভাই হওঁক অথবা নিজ পেছাৰ পূৰ্ণ নিদৰ্শনেই হওঁক; দাঙি ধৰিছে একাংশই। খালী থকা সময়খিনিত যাতে জনসাধাৰণলৈ কোনো এবিধ বস্তুৰে সন্তোষ প্ৰদান কৰিব পৰা যায়; তাৰেই চেষ্টা কৰিছে এতিয়া নৱপ্ৰজন্মই। “লক-ডাউন” ৰ এই বন্ধৰ সময়ছোৱাতে নিৰ্মাণ কৰি উলিওৱা এখন চুটি ছবি “STARVED” য়ে লাভ কৰিলে মুক্তি। গম্ভীৰ বিষয়বস্তুক সৰল ও সহজ ভাষাৰে উপস্থাপন কৰাত সফল হৈছে চুটি ছবিখনৰ পৰিচালক ও কলা-কুশলী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰণৱ ভৰালীৰ পৰিচালনাৰে নিৰ্মিত ৪ মিনিট ২২ চেকেণ্ড দৈৰ্ঘ্যৰ এই চুটি ছবিখনত অভিনীত প্ৰত্যেকজন অভিনেতাই নিজ নিজ বাসগৃহৰ পৰাই কৰিছে দৃশ্যগ্ৰহণৰ কাম।


তিনি ৰুমমেটৰ “লক-ডাউন” ৰ সময়যছোৱাত হোৱা মানসিক পৰিস্থিতিক দাঙি ধৰা হৈছে উক্ত চুটি ছবিখনত। বৰ্তমান সময়ত গৃহবন্দী হৈ পৰিছে ফিতাহি মাৰি বুকু ফিন্দাই ঘূৰি ফুৰা একাংশ লোক। কোনোৱে যদি বাহিৰলৈ ওলাবলৈ নাপায় হাঁহাকাৰ কৰিছে আকৌ আনহাতে কোনোৱে কান্দিছে খাবলৈ নাপায়। আছলতে, এক কথাত ক’বলৈ গ’লে এয়া হৈছে প্ৰকৃতিয়ে মনুষ্যলৈ দিয়া অভিযোগ; এনে এক কনচেপ্ট অৰ্থাৎ বিষয়বস্তুক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে “STARVED”

খাবলৈ নাই আহাৰঃ ওলাই যাবলৈ নাপায় কৰিছে হাঁহাকাৰঃ এয়াই হৈছে STARVED- 15


অৰিন্দম ডেকা, নিতেশ শাহী, প্ৰত্যুষ বিকাশ দাস আৰু প্ৰণৱ ভৰালীয়ে চিনেমেটো’গ্ৰাফী কৰা ছবিখনত অভিনয় কৰিছে প্ৰত্যুষ বিকাশ দাস,মনুজ বৰকটকী আৰু কমল লোচনে। উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্যৰ সম্পাদনাৰে ইয়াত সংগীত দিছে অৰূপজ্যোতি বৰুৱাই। চাউণ্ড ডিজাইন অংশুমান বৰুৱাৰ আৰু পোষ্টাৰ ডিজাইন কৰিছে অভিজিৎ লস্কৰে।

]]>
https://rupaliparda.com/archives/14174/feed 0 14174
পৃথিৱীৰ প্ৰহাৰত স্তব্ধ জনজীৱন; আহি আছে “STARVED”- https://rupaliparda.com/archives/13865 https://rupaliparda.com/archives/13865#respond Sun, 26 Apr 2020 13:30:32 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13865 “লক-ডাউন” অথবা “ক’ভিড-১৯” ৰ দৰে মহামাৰীয়ে একাংশ লোকক সংকটময় পৰিস্থিতিলৈ ঠেলি দিছে যদিও বৰ্তমান পৃথিৱীও প্ৰকৃতিয়ে স্বস্তিৰ নিশ্বাস এৰিছে। দৈনন্দিন হিচাপত একোজন ব্যক্তিয়ে দিয়া এই পৃথিৱীখনক কষ্টৰে হয়টো পুনৰাবৃত্তি হৈছে মনুষ্যৰ লগত। প্ৰত্যেক মনুষ্য বৰ্তমান গৃহবন্দী; কিন্তু, আমাৰ হাততো ক’ত ক’ত যুগ ধৰি বন্দী হৈছে এই পৃথিৱী অথবা প্ৰকৃতি। পৃথিৱীৰ নিৰ্মম প্ৰহাৰত স্তদ্ধ জন সমাজ; দম্ভালি মাৰি ওলোৱা-সোমোৱাৰ পৰা এতিয়া বাহিৰলৈ এখোজ দিবলৈও আতংকিত হৈছে জনসাধাৰণ। এনে এক কনচেপ্ট হাতত লৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰণৱ ভৰালীয়ে নিৰ্মাণ কৰি উলিয়াইছে এখন চুটি ছবি “STARVED”।

পৃথিৱীৰ প্ৰহাৰত স্তব্ধ জনজীৱন; আহি আছে "STARVED"- 16


“লক-ডাউন” ৰ কোনো নিয়ম উলংঘা নকৰি ঘৰৰ ভিতৰতেই আৱদ্ধ হৈ থকা তিনি গৰাকী ৰুমমেটৰ কথোপকথনক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে এই চুটি ছবিখন। কোৱাৰেন্টাইনত মানুহৰ মানসিক স্থিতিৰ এক উপস্থাপন কৰা হৈছে ইয়াত। প্ৰদ্যুত বিকাশ দাস, মনুজ বৰকটকী আৰু কমল লোচনৰ অভিনয়ৰে নিৰ্মিত চুটি ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য পৰিচালক গৰাকীৰ নিজৰেই। ছবিখনৰ চিনেমেটো’গ্ৰাফী কৰিছে অৰিন্দম ডেকা, নিতেশ শাহী, প্ৰত্যুষ বিকাশ দাস আৰু প্ৰণৱ ভৰালীয়ে। ইয়াৰ সম্পাদনাৰ দায়িত্বত আছে উদীপ্ত কুমাৰ ভট্টাচাৰ্য্য আৰু ছবিখনত সংগীত দিছে অৰূপজ্যোতি বৰুৱাই। চাউণ্ড ডিজাইন অংশুমান বৰুৱাৰ লগতে পোষ্টাৰ ডিজাইন অভিজিৎ লস্কৰৰ। উল্লেখ্য যে ছবিখনৰ শ্বুটিং প্ৰত্যেকগৰাকী অভিনেতা ও কলা-কুশলীয়ে ভিন্ন ঠাইৰ পৰা কৰিছে যেনে মনোজ বৰকটকীয়ে মুম্বাইৰ পৰা, কমল লোচনে গুৱাহাটীৰ পৰা, উদ্দীপ্তই নলবাৰী পৰা আনহাতে প্ৰদ্যুতে বকো, প্ৰণৱে টিহুৰ পৰা নিজ শ্বুটিং সম্পন্ন কৰিছে ।

পৃথিৱীৰ প্ৰহাৰত স্তব্ধ জনজীৱন; আহি আছে "STARVED"- 17


ইতিমধ্যে প্ৰণৱ ভৰালীৰ দ্বাৰা পৰিচালিত I’m Good” শীৰ্ষক চুটি ছবিখনে “Filmeraa International Film Festival” ত শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপ লাভ কৰাৰ লগতে “12th International Guwahati Film Festival 2019”, বৰপেটা চুটি ছবি মহোৎসৱতো লাভ কৰিছিল শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা। ইয়াৰ বাহিৰেও বহু কেইখন আন্ত: ৰাষ্ট্ৰীয় ছবি মহোৎসৱত নিৰ্বাচিত হৈ প্ৰদৰ্শিত হয় ।

]]>
https://rupaliparda.com/archives/13865/feed 0 13865
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত জনপ্ৰিয় হৈ পৰা “I’m Good” ৰ ট্ৰেইলাৰ মুক্তিঃ https://rupaliparda.com/archives/9649 https://rupaliparda.com/archives/9649#respond Tue, 21 Jan 2020 09:31:27 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9649 অসমীয়া ফিচাৰ ছবিৰ সমান্তৰালকৈ সফলতাৰ যুঁজত আগবাঢ়িবলৈ সক্ষম হৈছে চুটি ছবি সমূহো। বাণিজ্যিক ভাৱে ফিচাৰ ফিল্ম সমূহ সফল হোৱাৰ লগতে সফলতাৰ সোঁৱাদ ল’বলৈ সক্ষম হৈছে চুটি ছবিসমূহো। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰণৱ ভৰালীৰ দ্বাৰা নিৰ্মিত চুটি ছবি “I’m Good” -এ ইতিমধ্যে লাভ কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত দৰ্শকৰ সমাদৰ।

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত জনপ্ৰিয় হৈ পৰা "I'm Good" ৰ ট্ৰেইলাৰ মুক্তিঃ 18


বিগত বছৰত উক্ত ছবিখনে “Filmeraa International Film Festival” ত শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপ লাভ কৰাৰ লগতে “Lift Off Global Network”, “12th International Guwahati Film Festival”, “2nd Nagaon International Film Festival”, “Brahmaputra Valley Film Festival” আৰু “Giff” ত এই ছবিখনে মনোনয়ন লাভ কৰিছিল।

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত জনপ্ৰিয় হৈ পৰা "I'm Good" ৰ ট্ৰেইলাৰ মুক্তিঃ 19


পৰিচালক প্ৰণৱ ভৰালীৰ কাহিনী, চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে ইতিমধ্যে জনপ্ৰিয় হৈ উঠা নৱ প্ৰজন্মৰ অভিনেতা কমল লোচনে। ইয়াৰ মুক্তিপ্ৰাপ্ত ট্ৰেইলাৰটোৱেও বৰ্তমান আকৰ্ষিত কৰি তুলিছে দৰ্শকক।

]]>
https://rupaliparda.com/archives/9649/feed 0 9649