Pranab Priyankush Baruah – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 21 Sep 2021 06:20:58 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Pranab Priyankush Baruah – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ঋতৃষা শৰ্মাৰ সাংগীতিক যাত্ৰাৰ বাস্তৱ কাহিনীৰে ‘তুমি আছা মানে মই আছো’ ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি, লগত জুবিন গাৰ্গ https://rupaliparda.com/archives/28431 https://rupaliparda.com/archives/28431#respond Wed, 22 Sep 2021 05:30:00 +0000 https://rupaliparda.com/?p=28431 সপোনক সাৰ্থকতাৰ দিশে অগ্ৰসৰ কৰিবলৈ কাৰনো মন নাযায়? আমি প্ৰত্যেকেই একোটা সপোনক বুকুত বান্ধি ঘূৰি ফুৰোঁ আৰু ইয়াক সাৰ্থক কৰিবলৈ অহোপুৰুষাৰ্থ কৰাত ব্যস্ত হৈ পৰোঁ। কিন্তু, কথাতে কয় নহয় প্ৰতিটো বস্তুৰেই এটা নিৰ্দ্দিষ্ট সময় থাকে, সময়ৰ আহ্বান হ’লেহে সপোনটোৰ সফল ৰূপায়ণ হ’বলৈ সি সক্ষম হয়। সময়তকৈ আগত না সময়তকৈ পিছত, সপোন পূৰণ হ’বলৈ একোটা নিৰ্দ্দিষ্ট সময়ৰ প্ৰয়োজন মাত্ৰ। আমি আপোনালোকক আজি কথাবোৰ বহলাই কৈ নাথাকো, মাত্ৰ এটা প্ৰশ্ন কৰিম। আপোনালোকৰ বাৰু মনত আছেনে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে বিহু মঞ্চত যোৰহাটৰ এগৰাকী প্ৰতিভাসম্পন্ন যুৱতীৰ গীত পৰিৱেশন কৰা দিনবোৰ? তেওঁলোকৰ যুটিটোৱে কম দিনৰ ভিতৰতেই শ্ৰোতা-দৰ্শকক আপ্লুত কৰাৰ সমান্তৰালকৈ যুটিটোক লৈ উৎস্যুক হৈ পৰিছিল প্ৰত্যেকগৰাকী জনসাধাৰণ। জুবিন গাৰ্গৰ অনুৰাগী সকল প্ৰতিভাসম্পন্ন সেই যুৱতীগৰাকীৰো সমানেই অনুৰাগী হৈ পৰিছিল। তেওঁৰ নাম নিশ্চয় বৰ্তমান সকলোৰে মুখে মুখে। হয় ঋতৃষা শৰ্মা, বিহু মঞ্চৰ পৰা ‘ঝুনুকা’ আৰু তাৰ পিছত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৰ বুটলি ল’বলৈ সক্ষম হোৱা ঋতৃষা শৰ্মাৰ এই সাংগীতিক যাত্ৰাটোনো কেনে আছিল সেয়া, কোনেনো জানিব নিবিচাৰে? জুবিন গাৰ্গক লগ পোৱাৰে পৰা আৰম্ভ কৰি তেওঁলোকৰ যুটিটোৰ জনপ্ৰিয়তাক কেন্দ্ৰ কৰি থকা জনসাধাৰণৰ বহুল উৎস্যুকতাৰ উপসম ঘটাই ঋতৃষা শৰ্মাই আপোনালোকৰ মাজলৈ আনিবলৈ সাজু হৈছে এটি নতুন গীত ‘তুমি আছা মানে মই আছোঁ’। শেহতীয়াকৈ গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ৰাইজৰ মাজত এৰি দিয়া হৈছে। মন কৰিবলগীয়া এয়াও যে, গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰখনেই শ্ৰোতা-দৰ্শকক অধিক হাৰত গীতটিক লৈ অপেক্ষাৰত কৰি তুলিছে।

ঋতৃষা শৰ্মাৰ সাংগীতিক যাত্ৰাৰ বাস্তৱ কাহিনীৰে 'তুমি আছা মানে মই আছো' ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি, লগত জুবিন গাৰ্গ 1


ঋতৃষা শৰ্মাই এই গীতটিক তেওঁৰ ‘সপোনৰ প্ৰকল্প’ হিচাবে নামাকৰণ কৰিছে। নকৰিবওনো কিয়? যি গৰাকীৰ ব্যক্তিৰ হাত ধৰি সাংগীতিক যাত্ৰাৰ সফলতাৰ শিখৰলৈ গতি কৰিছিল তেখেতৰ সৈতে নিজ সাংগীতিক যাত্ৰাটোক ৰাইজৰ মাজলৈ উলিয়াই দিয়াটো প্ৰত্যেকৰে এক সপোন স্বৰূপ। ইয়াত ঋতৃষা শৰ্মাৰ জীৱনৰ বাস্তৱ কাহিনী ভাগক সংযোজন কৰা হৈছে, বাস্তৱ কাহিনীটোকেই গীত আকাৰে উপস্থাপন কৰা হৈছে ‘তুমি আছা মানে মই আছোঁ’ শীৰ্ষক গীতটিত। এই গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু ঋতৃষা শৰ্মাই নিজেই আৰু ভিডিঅ’ সহ মুক্তিপাবলগীয়া এই গীতটিত জুবিন গাৰ্গৰ অভিনয়ো দেখিবলৈ পোৱা যাব। গীতটিত কথা ৰাহুল গৌতম শৰ্মাৰ, কিছুদিন পূৰ্বে এইগৰাকী গীতিকাৰৰ কথাৰে নিৰ্মিত ‘বুঢ়া তামোলৰ পাগ’ শীৰ্ষক গীতটিত ঋতৃষা শৰ্মাই কণ্ঠদান কৰি উল্লেখনীয় সমাদৰ লাভ কৰিছিল শ্ৰোতা সমাজৰ পৰা। গীতটিৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে শচীন বৰুৱা, অসমীয়া ভিডিঅ’ গীতসমূহৰ সফলতাৰ আঁৰত থকা শচীন বৰুৱাৰ প্ৰায় প্ৰতিটো প্ৰকল্পই গ্ৰহণযোগ্য। আনহাতে, গীতটিত সংগীত কৰিছে আন এটি লেখত ল’বলগীয়া যুটি পল্লৱ তালুকদাৰ আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। দুয়োগৰাকীৰ কণ্ঠ আৰু দুয়োগৰাকীয়ে সংগীতেৰে শ্ৰোতাক দিয়া মাদকতা আপোনালোকক আকৌ এবাৰ হয়টো বুজাই দিয়াৰ প্ৰয়োজন নাই। ‘তুমি আছা মানে মই আছোঁ’ শীৰ্ষক এই গীতটিক অতিশীঘ্ৰে ৰাইজৰ মাজলৈ উলিয়াই দিয়া হ’ব।

ঋতৃষা শৰ্মাৰ সাংগীতিক যাত্ৰাৰ বাস্তৱ কাহিনীৰে 'তুমি আছা মানে মই আছো' ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি, লগত জুবিন গাৰ্গ 2


চলিত বৰ্ষৰ এটি বহু প্ৰত্যাশিত প্ৰকল্পৰ মাজৰ এটি হ’ব ‘তুমি আছা মানে মই আছোঁ’ শীৰ্ষক এই গীতটো। গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।

]]>
https://rupaliparda.com/archives/28431/feed 0 28431
প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ “এক যোগ এক” ৰ তৃতীয় গীত “যুঁজি যাওঁ”- https://rupaliparda.com/archives/27641 https://rupaliparda.com/archives/27641#respond Tue, 27 Jul 2021 08:30:00 +0000 https://rupaliparda.com/?p=27641 নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা তেওঁৰ আন এটা গীতৰ বাবে সাজু হৈছে। তেওঁৰ বহুল ভাৱে প্ৰত্যাশিত “এক যোগ এক” এলবামটোৰ তৃতীয়টো গীতৰ বাবে সাজু হৈছে নৱপ্ৰজন্মৰ এই প্ৰতিভা গৰাকী। “যুঁজি যাওঁ” শীৰ্ষক এটি নতুন গীতৰ খবৰ ইতিমধ্যে তেওঁ চচিয়েল মিডিয়া যোগে জানিবলৈ দিছে অনুৰাগীক। উক্ত এলবামটোৰ আন দুটি গীত ক্ৰমে “শেষ” আৰু “কোন তুমি?” য়ে মুক্তি লাভ কৰাৰ সমান্তৰালকৈ শ্ৰোতা-দৰ্শকৰ দ্বাৰা প্ৰশংসিত হ’বলৈও সক্ষম হৈছে। দীঘলীয়া পৰিকল্পনা আৰু প্ৰস্তুতিৰ অন্তত এই গীতটি যে মুক্তি লাভৰ বাবে সাজু হৈছে সেয়া প্ৰণৱ প্ৰিয়াংকুশে নিজেই জানিবলৈ দিছে। ২০০৮ চনৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰা প্ৰণৱে ২০১৫ চনৰ পৰা তেওঁৰ নিজ পাঁচ গৰাকী সতীৰ্থৰ সৈতে “Purple Haze” নামে এক বেণ্ডৰ সৈতে জড়িত হৈ পৰে। অসমীয়া সংগীত ক্ষেত্ৰখনত আৰু অধিক কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰা উক্ত সংগীতশিল্পী গৰাকীৰ এই এলবাম খনৰে অৰ্থাৎ “এক যোগ এক” ৰ আন তিনিটা গীত আহিবলগীয়া সময়ত উপভোগ কৰিবলৈ পাব দৰ্শক-শ্ৰোতাই। কণ্ঠশিল্পী দীপলিনা ডেকাৰ সৈতে যুটীয়াভাৱে কণ্ঠদান কৰা গীত “মধুলগন” ৰ সফলতাৰ কণ্ঠশিল্পী গৰাকীয়ে আৰু পিছলৈ চাবলগীয়া হোৱা নাই। তেওঁৰ অনাগত দিনত মুক্তিপাবলগীয়া গীত সমূহক লৈ অৱশ্যে অপেক্ষাৰত শ্ৰোতা-দৰ্শক।

প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ "এক যোগ এক" ৰ তৃতীয় গীত "যুঁজি যাওঁ"- 3


গীতটিৰ মুক্তিৰ তাৰিখ অথবা ইয়াৰ সৈতে জড়িত বিষয়বস্তুৰ বিষয়ে কণ্ঠশিল্পী গৰাকীয়ে বৰ্তমানলৈ নিজ দৰ্শকক একো জানিবলৈ দিয়া নাই।সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ। সংগীতত কন্ঠদান কৰাৰ উপৰিও সংগীতটোৰ সৃষ্টি কৰাৰ আঁৰত বহুখিনি আন যাৱতীয় কথাও সন্নিৱিষ্ট হৈ থাকে। যেনে ধৰক ইয়াৰ কথা, ইয়াত দিয়া সংগীত, সুৰ তথা পৰিচালনা-প্ৰযোজনা ইত্যাদি; শ্ৰোতাকো নতুনে আকৰ্ষণ কৰে। পৰিৱৰ্তন যিহেটো প্ৰকৃতিৰ নিয়ম গতিকে এনে নিয়মৰে বশৱৰ্তী আমিবোৰ। প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ কণ্ঠৰ লগতে তেওঁ নিজে সুৰ-সংগীতে সঁজোৱা একোটা গীতেও জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। নিজ নিজ ৰৈ যোৱা প্ৰকল্পসমূহক লগত লৈ স্তব্ধতাই বিৰাজ কৰিলেও ইটোৰ পিছত সিটোকৈ আহিছে ভাল খবৰ। আহিবলগীয়া গীতসমূহৰ সৈতে যদিহে এক চিনাকী প্ৰিয় কণ্ঠ জড়িত হয় থাকে তেতিয়াহ’লে তাতকৈ অধিক ভাললগা কথা অইন কি হ’ব পাৰে!

প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ "এক যোগ এক" ৰ তৃতীয় গীত "যুঁজি যাওঁ"- 4


“যুঁজি যাওঁ” ৰ মুক্তিৰ পিছতেই আমাৰ তৰফৰ পৰা গীতটিৰ সফলতা কামনা কৰিছোঁ। লগতে, গীতটিৰ সৈতে জড়িত কলা-কুশলীক জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27641/feed 0 27641
“মধুলগন” ৰ বৰ্ষপূৰ্তি আৰু ত্ৰিশ লাখ ভিউৱাৰচঃ https://rupaliparda.com/archives/25044 https://rupaliparda.com/archives/25044#respond Sun, 28 Mar 2021 09:30:00 +0000 https://rupaliparda.com/?p=25044 কিছুমান গীত কেতিয়াবা খুবেই আপোন হৈ পৰে; যিটো গীত অহৰহ ঘূৰি থাকিবলৈ লয় প্লে-লিষ্টত! আমাৰ প্ৰত্যেকৰে ভাললগা এনে কিছু গীত নিশ্চয় আছে; যিসমূহ আমি আন কেইবাটাও নতুন গীত আহিলেও নিজৰ প্লে-লিষ্টখনত সদায় ৰাখি থওঁ। বিগত বৰ্ষৰ প্ৰায় কেইবাটাও গ্ৰহণযোগ্য গীতৰ লগতে মুক্তি লাভ কৰিছিল এটি সুন্দৰ ৰোমান্টিক গীত; যিটো গীত বহু প্ৰেমাস্পদৰ মিলনৰ সাক্ষী হৈছে নহ’লে এই গীতটি আপোনালোকে বহুকেইখন বিবাহৰ একোটা সুন্দৰ মূহুূৰ্তৰ সাক্ষী হোৱা দেখিছে। গীতটিৰ নাম হৈছে “মধুলগন”; বিগত বৰ্ষৰ প্ৰায় প্ৰথম ভাগতেই মুক্তি লাভ কৰা গীতটিয়ে আছিল “মধুলগন”। দীপলিনা ডেকা আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ প্ৰথমটো যুঁটীয়া কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিয়ে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে ত্ৰিশ লাখতকৈও অধিক ভিউৱাৰচ। হৃদয়ত সুখানুভূতি আৰু মুখলৈ হাঁহি আনিব পৰা বিধৰ গীতটিয়ে আছিল “মধুলগন”। গীতটিৰ বৰ্ষপূৰ্তিৰ লগতে গীতটিয়ে লাভ কৰা সফলতাক লৈ আকৌ এবাৰ জনসাধাৰণ উৎসাহিত হৈ পৰিছে; শেহতীয়াকৈ “মধুলগন” ক মনত পেলাই উৎসাহিত হৈ পৰিছিল গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী।


বিগত বৰ্ষৰ ১৯ মাৰ্চত মুক্তিপাবলগীয়া এই গীতটিত কথা প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ। লগতে, গীতটিত সংগীত পৰিচালনা কৰিছে পল্লৱ তালুকদাৰে আৰু “মধুলগন” ৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছিল শচীন বৰুৱাৰ। ইয়াৰ উপৰিও, গীতটিত অভিনয় কৰিছে দীপলিনাৰ লগতে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। উক্ত গীতটিক লৈ দৰ্শক উৎসাহিত হোৱাৰ আন কাৰণো অৱশ্যে নথকা নহয়; এই গীতটিত দীপলিনাক দেখিবলৈ পোৱা কইনা সাঁজেৰে লগতে হোঁমৰ গুৰিত বহি থকা দীপলিনাৰ লুকটোৱে নৱ প্ৰজন্মৰ বহু যুৱকৰ হৃদয়ত খলকনি লগাবলৈ সক্ষম হৈছিল। আনহাতে, উক্ত গীতটিৰ পিছত দীপলিনা ডেকা আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ যুঁটিটোক লৈ উৎকন্ঠিত হৈ পৰিছিল; তেওঁলোকৰ তৰফৰ পৰা আন বহু প্ৰকল্পৰ আশাও অনাগত দিনত কৰিছে তেওঁলোকৰ অনুৰাগীয়ে। উল্লেখ্য যে, দীপলিনা ডেকাৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত কেইবাটাও গীতে ইতিমধ্যে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিছে।

"মধুলগন" ৰ বৰ্ষপূৰ্তি আৰু ত্ৰিশ লাখ ভিউৱাৰচঃ 5


ইয়াৰ লগতে, প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা ব্যস্ত তেওঁৰ এলবাম “এক যোগ এক” গীত সমূহক জনসাধাৰণৰ মাজলৈ উলিয়াই অনাত। “মধুলগন” ৰ বৰ্ষপূৰ্তি তথা সফলতাক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা প্ৰত্যেককে জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25044/feed 0 25044
ফাঁকুৱালৈ মাজত মাত্ৰ কেইটামান দিন বাকীঃ প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাও প্ৰস্তুত নিজৰ গীতক লৈ- https://rupaliparda.com/archives/24841 https://rupaliparda.com/archives/24841#respond Sat, 20 Mar 2021 08:30:25 +0000 https://rupaliparda.com/?p=24841 ফাঁকুৱালৈ মাজত মাত্ৰ কেইটামান দিন বাকী; ৰঙৰ উৎসৱ ফাঁকুৱাক লৈ প্ৰতিজন জনসাধাৰণ উৎসাহিত হৈ পৰিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ প্ৰত্যেকেই একোটা উৎসৱ ৰং-ৰহৈছে অথবা উছাহেৰে উদযাপন কৰিবলৈ বাট চাইছে। অৱশ্যে এই ক্ষেত্ৰত অসমীয়া শিল্পী সমূহৰ সক্ৰিয়তা নুই কৰিব নোৱাৰি; তেওঁলোকে প্ৰতিটো উৎসৱতেই সাধাৰণজনৰ বাবে একোটা প্ৰকল্পৰ সৃষ্টি কৰে। যি প্ৰকল্পসমূহক লগত লৈ সাধাৰণজনেও সেই নিৰ্দ্দিষ্ট উৎসৱটো উদযাপন কৰিবলৈ সক্ষম হয়। বিগত বৰ্ষৰ শেষৰ ফালে আপোনালোকে এটা গীতৰ চৰ্চা চচিয়েল মিডিয়াত হোৱা শুনিবলৈ পাইছিলে; গীতটিৰ নাম আছিল “কোন তুমি?” প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ “এক যোগ এক” শীৰ্ষক এলবামটোৰ এই দ্বিতীয়টো গীতৰ মুক্তিৰ পিছতেই সংগীতশিল্পী গৰাকীৰ অনুৰাগীৰ শাৰী যথেষ্ট দীঘলীয়া হোৱা পৰিলক্ষিত হৈছিল। গতিকে, এইখিনিতে এই কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ বাবে আমি লৈ আনিছো আন এক সুখবৰ। আগন্তুক ফাঁকুৱা উপলক্ষে তেওঁৰ কন্ঠৰে মুক্তি পাবলৈ সাজু হৈছে এটা হোলী কেন্দ্ৰিক গীত। হোলীৰ সময়ছোৱাৰ ৰং-ৰহৈছ ইত্যাদিক কেন্দ্ৰ কৰিয়েই গীতটিক প্ৰস্তুত কৰিবলৈ সাজু হৈছে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা। দীপলিনা ডেকাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰা গীত “মধুলগন” ৰ লগতে শেহতীয়াকৈ মুক্তি লাভ কৰা “কোন তুমি” ৰ পিছত প্ৰণৱৰ প্ৰতিটো গীতৰ বাবেই এতিয়া উৎসাহিত অনুৰাগী।

ফাঁকুৱালৈ মাজত মাত্ৰ কেইটামান দিন বাকীঃ প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাও প্ৰস্তুত নিজৰ গীতক লৈ- 6


অহা ২১ মাৰ্চ তাৰিখে আহিবলগীয়া হোলী কেন্দ্ৰিক গীতটিৰ ভিডিঅ’ ৰ শ্বুটিং কৰা হ’ব। গীতটিত কথা দিছে বৰ্তমান সময়ৰ সকলোৰে পৰিচিত ৰাহুল গৌতম শৰ্মাই লগতে ইয়াত সংগীত কৰিছে Mystic Production House ৰ সৈতে জড়িত তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী পল্লৱ তালুকদাৰে। শব্দ সংমিশ্ৰণ কৰিছে জনপ্ৰিয় ইবচন লাল বৰুৱাৰ লগতে এডিশ্বনেল প্ৰগ্ৰেমিং নৱপ্ৰজন্মৰ প্ৰতিভা মৃন্ময় তালুকদাৰৰ। প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ বেণ্ডমেট কেইগৰাকীৰ সহযোগিতাত নিৰ্মিত গীতটি হোলীৰ সময়ছোৱাতে মুকলি কৰি দিয়া হ’ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। বৰপেটাৰ যুৱক তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত হৃদয় বাবা গীতটিত বাদ্যযন্ত্ৰৰ বিভাগটোত জড়িত। লগতে, প্ৰণৱৰ প্ৰতিটো প্ৰকল্পৰ সৈতেও জড়িত হৃদয় বাবা। উল্লেখ্য যে , ৬ টা গীত সমৃদ্ধ “এক যোগ এক” এলবামটো প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ উল্লেখনীয় প্ৰকল্প; এই এলবামটোৰ আহিবলগীয়া গীতটিৰ নাম হৈছে “যুঁজি যাওঁ”। তেওঁ ইতিমধ্যে এই গীতটিৰো আৰম্ভ কৰিছে প্ৰস্তুষ্টি।

ফাঁকুৱালৈ মাজত মাত্ৰ কেইটামান দিন বাকীঃ প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাও প্ৰস্তুত নিজৰ গীতক লৈ- 7

প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ এই আটাইবোৰ প্ৰকল্পক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা। আহিবলগীয়া দিনবোৰৰ প্ৰতি লক্ষ্য ৰাখি যদি কোৱা হয় তেনেহ’লে মনোৰঞ্জন ক্ষেত্ৰখনত পুংখানুপুংখভাৱে অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই এতিয়া অহৰহ প্ৰচেষ্টা হাতত লৈছে।

]]>
https://rupaliparda.com/archives/24841/feed 0 24841
“…আৰু ইয়াতেই পোৱা ৰাইজৰ প্ৰশংসাই এতিয়া মোক উৎসাহিত কৰিছে”- প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা https://rupaliparda.com/archives/16508 https://rupaliparda.com/archives/16508#respond Mon, 15 Jun 2020 08:30:23 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=16508 অসমীয়া সংগীত ক্ষেত্ৰখনত শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা কেইগৰাকীমান কন্ঠশিল্পীয়ে সঁচাকৈ অসমীয়া সংগীতে যে আগন্তুক সময়তো সফলতাক চুমিব তাক নিশ্চিত কৰি তুলিছে। কম সংখ্যাত হ’লেও তেওঁলোকৰ সংগীতৰ মুক্তিৰ পিছত তাতেই তেওঁলোকৰ প্ৰতিভা ফুটি উঠিছে। এনে এগৰাকী কন্ঠশিল্পী হৈছে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা। দীপলিনা ডেকাৰ আৰু প্ৰণৱ প্ৰিয়াংকুশৰ কন্ঠত সদ্যমুক্তিপ্ৰাপ্ত গীত “মধুলগন” ৰ কথা নক’লেও হয়টো আপোনালোকে বুজিছে; গীতটোৰ জনপ্ৰিয়তা এতিয়াও অব্যাহত আছে। গীতটিত থকা কন্ঠৰ লগতে গীতটিৰ কথাইও আপ্লুত কৰিছে শ্ৰোতা ও দৰ্শকক; এই গীতটিৰ কথাৰ আঁৰতেই আছিল নৱপ্ৰজন্মৰ এইগৰাকী উদীয়মান কন্ঠশিল্পী প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা। ২০০৮ চনৰ পৰা শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰা এইগৰাকী কন্ঠশিল্পী ২০১৫ চনৰ পৰা পাঁচ গৰাকী সংগীৰ সৈতে “Purple Haze” নামৰ বেণ্ডৰ সৈতে জড়িত। উক্ত চনটোৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰণৱ ২০১৮ চনৰ পৰা আছে মুম্বাইত।

"…আৰু ইয়াতেই পোৱা ৰাইজৰ প্ৰশংসাই এতিয়া মোক উৎসাহিত কৰিছে"- প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা 8


অসমৰ সংগীত ক্ষেত্ৰখনত বিগত বৰ্ষৰ পৰা জড়িত হৈ পৰা এইগৰাকী কন্ঠশিল্পীক ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা কথা-বতৰাত যেতিয়া তেওঁৰ গীত সমূহৰ আগন্তুক পৰিকল্পনা আৰু শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “মধুলগন” ৰ জনপ্ৰিয়তাৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “মধুলগন” ক শ্ৰোতা অথবা দৰ্শকে ইমান সঁহাৰি দিছে; সেইটো আচলতে এক বুজাব নোৱাৰা অনুভৱ কিয়নো দীপলিনা বৰ্তমান জনপ্ৰিয় আৰু তেওঁ জনপ্ৰিয়তাৰ যিটো শিখৰলৈ উঠি যাব লাগে সেইটো তেওঁ উঠি গৈ আছে। কিন্তু, যেতিয়া “মধুলগন” গীতটোত কেৱল শ্ৰোতাই দীপলিনাকেই নহয়; মোক বা পল্লৱ তালুকদাৰ নাইবা গীতটোৰ সৈতে জড়িত গোটেই টীমটোক প্ৰশংসা ও উৎসাহিত কৰিছে সেইটোয়ে বৰ ভাল লগা অনুভৱ। এইখিনিতে, এটা কথা উল্লেখ কৰিবই লাগিব যে দীপলিনাই নিজৰ সৈতে টীমৰ সদস্যসকলৰ কামক সঁহাৰি জনায়; নিজৰ লগত কাম কৰিবলৈ এটা “কমফৰ্ট জ’ন” ৰ তেওঁ সৃষ্টি কৰে গতিকে তেওঁৰ সৈতে কাম কৰাটো আৰু অধিক সহজ হৈ পৰে। এই গীতটোত কথা দিয়া আৰু কন্ঠদান কৰাৰ লগতে ইয়াৰ ব্যৱস্থাপনাও মইয়ে কৰিছো। অসমত যিহেটো বৰ বেছি কাম এতিয়ালৈ মই কৰা নাই গতিকে এয়া মোৰ আদি পাঠ; আৰু ইয়াতেই পোৱা ৰাইজৰ প্ৰশংসাই এতিয়া মোক উৎসাহিত কৰিছে।”


ইয়াৰ উপৰিও তেওঁ আগন্তুক প্ৰজেক্টৰ বিষয়ে কয় যে, “মই মোৰ বেণ্ডৰ সৈতে ঘূৰি ফুৰা ল’ৰা। অসমত মই কিছু কাম কৰো বুলিহে ইয়াত এতিয়া ৰৈ আছো। “মধুলগন” অহাৰ আগতেই মোৰ এলবাম “এক যোগ এক” ৰ এটি গীত “শেষ”-এ ইতিমধ্যে মুক্তি লাভ কৰিছে। আগন্তুক সময়ত এই এলবামটোৰে গোটেই কেইটা গীত মই মুকলি কৰাৰ পৰিকল্পনা কৰিছো। ইয়াৰ লগতে, পল্লৱ তালুকদাৰ আৰু মই একেলগে কাম কৰি আছো আৰু আগন্তুক সময়লৈ কৰি গৈ থাকিম; তাৰ সৈতে সাংগীতিক যি বুজা-বুজি আছে সেয়া বৰ আন্তৰিকাৰে আমি ধৰি ৰাখিছো। আনহাতে, পল্লৱ আৰু মই লগ হৈ সংগীত ক্ষেত্ৰৰ আন আন কন্ঠশিল্পীৰ বাবেও কাম কৰি আছো; মই লিখাৰ লগতে ইয়াৰ ব্যৱস্থাপনাৰ দায়িত্বতো আছো। আৰু, দীপলিনাৰ সৈতে মোৰ যুঁটিটোত দৰ্শকে সহাঁৰি জনাইছে গতিকে তেওঁৰ সৈতেও মোৰ কেইটামান প্ৰকল্প আহিবলগীয়া আছে। আকৌ, মই অভিনীত “অনুভৱ মোৰ” গীতটি মোৰ অভিনয়ৰ প্ৰথমটো কাম। আইচেংফা বৰুৱা মোৰ নিজৰ বাৰ দৰে গতিকে তেওঁৰ সৈতে কাম কৰিবলৈ পোৱাটোও আচলতে মোৰ সোভাগ্য।”

]]>
https://rupaliparda.com/archives/16508/feed 0 16508
দীপলিনাৰ অনুৰাগীলৈ সুঃখবৰ- “মধুলগন” ৰ কভাৰ পৰিৱেশন কৰি কাষ চাপক দীপলিনাৰ- https://rupaliparda.com/archives/15223 https://rupaliparda.com/archives/15223#respond Thu, 21 May 2020 10:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15223 “লক-ডাউন” ৰ সময়ছোৱাত বিভিন্নজনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পাইছো। দৰ্শকক কিছু সময় হতাশগ্ৰস্ত বাতৰিৰ পৰা আঁতৰাই ৰখা খাতিৰত আমি বিগত কেইদিনত দেখিবলৈ পাইছিলো বিভিন্ন অনলাইন প্ৰতিযোগিতা; যি প্ৰতিযোগিতা কিছু ফেচবুক পেজৰ লগতে অনুষ্ঠিত কৰিছিল একাংশ কন্ঠশিল্পীয়েও। জনসাধাৰণৰ মাজত থকা সুপ্ত প্ৰতিভাৰ প্ৰদৰ্শনৰ ফলতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। এইবাৰ এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে “মধুলগন” গীতটিৰ সৈতে জড়িত কলা-কুশলীয়ে। গীতটিৰ দুমাহ সম্পূৰ্ণ হোৱাৰ দিনটোতেই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে গীতটিত কন্ঠদান কৰা দীপলিনা, প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা তথা সংগীত পৰিচালক পল্লৱ দত্তই।

https://www.instagram.com/p/CAXtN74B5k3/?utm_source=ig_web_copy_link


আগন্তুক ৩০ মে’ তাৰিখলৈ গীতটিৰ “কভাৰ” গাই ভিডিঅ’ আপলোড কৰিব পাৰিব প্ৰতিযোগিয়ে। উল্লেখ্য যে,উক্ত গীতটি মুক্তি লাভ কৰা পিছতেই লাভ কৰিছিল দৰ্শকৰ বহুল সঁহাৰি। দীপলিনা তথা পল্লৱ প্ৰিয়াংকুশৰ যুঁটীয়া কন্ঠই গীতটিক আৰু অধিক উপভোগ্য কৰি তুলিছিল বুলি শ্ৰোতা ও দৰ্শকে ইতিমধ্যে স্বীকাৰ কৰিছে। গতিকে, দীপলিনাৰ অনুৰাগীৰ বাবেই এয়াই হৈছে সোণালী সুযোগ য’ত তেওঁৰ গীতৰ “কভাৰ” প্ৰস্তুত কৰি কাষ চাপিব পাৰিব দীপলিনাৰ।


“লক-ডাউনে” ইতিমধ্যে ৰাইজৰ মাজত থকা বহু সুপ্ত প্ৰতিভাক প্ৰদৰ্শিত কৰোৱাইছে। সকলোৱে এইকেইদিনত বহু নতুন গীত তথা চুটি ছবি উপভোগ কৰিবলৈ সক্ষম হৈছে। অভিনয়, সংলাপ আদিৰ বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে এইকেইটা দিনত

]]>
https://rupaliparda.com/archives/15223/feed 0 15223