Pratighat – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 06 Dec 2019 08:41:38 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Pratighat – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “প্ৰতিঘাত” ৰ শুভমুক্তিঃ https://rupaliparda.com/archives/8570 https://rupaliparda.com/archives/8570#respond Fri, 06 Dec 2019 08:45:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8570 অচিন্ত শংকৰৰ পৰিচালনাৰে আৰু অমৃতা গগৈৰ দমদাৰ অভিনয়ৰে আজিৰে পৰা চিত্ৰগৃহত মুক্তি লাভ কৰিব ছবি “প্ৰতিঘাত”। দৰ্শকৰ উৎস্যুকতাৰ সাম কাটি আজি মুক্তি লাভ কৰিব উক্ত ছবিখন। কেইবাটাও জনপ্ৰিয় শিল্পীৰ অভিনয়ৰে ভৰি থকা এই ছবিখনৰ ট্ৰেইলাৰ, পোষ্টাৰ তথা সংগীতে ইতিমধ্যে প্ৰত্যেকজন দৰ্শকক আকৰ্ষিত কৰিছে।

"প্ৰতিঘাত" ৰ শুভমুক্তিঃ 1
"প্ৰতিঘাত" ৰ শুভমুক্তিঃ 2


উল্লেখ্য যে, নাৰী সৱলীকৰণৰ কাহিনীৰে নিৰ্মিত “প্ৰতিঘাত” অচিন্ত শংকৰৰ দ্বাৰা নিৰ্মিত প্ৰথম খন অসমীয়া ছবি। গতিকে, আপুনিও যদি চাবলৈ বিচাৰিছে “প্ৰতিঘাত” তেনেহ’লে আহক আপোনাৰ কাষৰ চিত্ৰগৃহলৈ।

]]>
https://rupaliparda.com/archives/8570/feed 0 8570
অহা কাইলৈৰ পৰা চিত্ৰগৃহলৈ “প্ৰতিঘাত”- https://rupaliparda.com/archives/8554 https://rupaliparda.com/archives/8554#respond Thu, 05 Dec 2019 10:33:41 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8554 দীৰ্ঘদিনৰ পৰাই সংলাপেৰে তথা প্ৰচাৰৰ সময়ত অভিনেত্ৰী অমৃতাই কৰা একচনৰ যোগেৰে দৰ্শকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা হৈছিল। এতিয়া আৰু দৰ্শকৰ অপেক্ষাৰ সমাপ্তি ঘটাই অহা কাইলৈ অৰ্থাৎ ৬ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব অসমীয়া ছবি “প্ৰতিঘাত”।

অহা কাইলৈৰ পৰা চিত্ৰগৃহলৈ "প্ৰতিঘাত"- 3
অহা কাইলৈৰ পৰা চিত্ৰগৃহলৈ "প্ৰতিঘাত"- 4


অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা ক্ৰমে নৰেন্দ্ৰ এন সিনহা আৰু নন্দিনী ৰয় গয়াৰীৰ। নৰ্মান ষ্টুডিঅ’ ৱকৰ্চ আৰু ইশ্বু প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ চিত্ৰনাট্য তথা সংলাপ ৰাজদ্বীপৰ। নাৰী সৱলীকৰণৰ কাহিনীৰে নিৰ্মিত এই ছবিখন অহা কাইলৈ অসমৰ বিভিন্ন চিত্ৰ গৃহত মুক্তি লাভ কৰিব।


“প্ৰতিঘাত” ত অভিনয় কৰিছে অমৃতা গগৈ, দিগন্ত হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মা, আইমী বৰুৱা দেৱজিত মজুমদাৰ, পদ্মৰাগ গোস্বামী, অচিন্ত শৰ্মা আৰু জলী লস্কৰে। ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া উক্ত ছবিখনক লৈ এতিয়া উৎসাহী হৈ পৰিছে অসমীয়া দৰ্শক।

]]>
https://rupaliparda.com/archives/8554/feed 0 8554
জুবিনৰ কন্ঠত মুক্তি পালে “প্ৰতিঘাত”- https://rupaliparda.com/archives/8318 https://rupaliparda.com/archives/8318#respond Wed, 27 Nov 2019 09:30:10 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8318 ইতিমধ্যে মুক্তি পালে জুবিন গাৰ্গৰ কন্ঠত অচিন্ত শংকৰৰ পৰিচালনাৰে আহিবলগীয়া ছবি “প্ৰতিঘাত” ৰ আৱহ সংগীত। গীতটি ২৬ নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ বাসগৃহতেই প্ৰিমিয়াৰ কৰা হৈছিল।’


শশাংক সমীৰৰ কথাৰে ৰচিত এই গীতটি মুক্তিৰ ২৪ ঘন্টা হ’বলৈ নৌপাওঁতেই ইউটিউবত ই শীৰ্ষ স্থান দখল হৈ পৰিছে। বৰ্তমানলৈ গীতটিক ২৭ হাজাৰতকৈে অধিক দৰ্শকে আঁকোৱালি লৈছে।

জুবিনৰ কন্ঠত মুক্তি পালে "প্ৰতিঘাত"- 5
জুবিনৰ কন্ঠত মুক্তি পালে "প্ৰতিঘাত"- 6


অহা ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া এই ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া, দেৱজিৎ মজুমদাৰ, দিগন্ত হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, অমৃতা গগৈ, পদ্মৰাগ গোস্বামী, আইমী বৰুৱা আৰু আশ্ৰমিকা শইকীয়াই।

]]>
https://rupaliparda.com/archives/8318/feed 0 8318
দমদাৰ কাহিনী তথা অভিনয়েৰে আপোনালোকৰ মাজলৈ “প্ৰতিঘাত”- https://rupaliparda.com/archives/7495 https://rupaliparda.com/archives/7495#respond Fri, 01 Nov 2019 13:36:43 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7495 অচিন্ত শংকৰৰ পৰিচালনাত নিৰ্মিত অসমীয়া ছবি “প্ৰতিঘাত”-এ মুক্তিৰ পূৰ্বেই জনসাধাৰণৰ হৃদয়ত এক উৎসাহৰ সৃষ্টি কৰিছে। ছবিখনৰ কেইবাখনো পোষ্টাৰ লগতে কিছুদিন পূৰ্বে মুক্তি পাইছিল ছবিখনত সন্নিৱিষ্ট অংগৰাগ পাপন মহন্তৰ কন্ঠত “বেচেৰা এই মন” শীৰ্ষক গীতটি।

দমদাৰ কাহিনী তথা অভিনয়েৰে আপোনালোকৰ মাজলৈ "প্ৰতিঘাত"- 7


ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ছবিখনৰ ট্ৰেইলাৰো। পোষ্টাৰ,সংগীতৰ দৰেই সমাদৰ লাভ কৰিছে “প্ৰতিঘাত” ৰ ট্ৰেইলাৰেও। নাৰী সৱলীকৰণৰ কাহিনীৰে নিৰ্মিত এই ছবিখনত দেখিবলৈ পোৱা যাব কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক। সেইকেইজন হ’ল ক্ৰমে অমৃতা গগৈ, দিগন্ত হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মা, দেৱজিৎ মজুমদাৰ, পদ্মৰাগ গোস্বামী, অচিন্ত শৰ্মা, জলী লস্কৰ আৰু আশ্ৰামিকা শইকীয়াই। ডিচেম্বৰৰ ৬ তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব দমদাৰ কাহিনী আৰু অভিনয়েৰে অসমীয়া ছবি “প্ৰতিঘাত”।

]]>
https://rupaliparda.com/archives/7495/feed 0 7495
“অসমীয়া ৰাইজে বিচৰা ধৰণে আমি খাদ্যটো দিব লাগিব”- যতীন বৰা https://rupaliparda.com/archives/7437 https://rupaliparda.com/archives/7437#respond Wed, 30 Oct 2019 11:30:45 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7437 “অসমীয়া ছবিৰ ভাল দিন আহিছে”- এই শাৰীটোক বিগত কিছুদিনৰ পৰা প্ৰায় অসমীয়া প্ৰত্যেকজন ব্যক্তিয়ে ব্যৱহাৰ কৰিছে। এই সুদিন ঘূৰাই অনাত ছবি জগতৰ সমগ্ৰ কলা-কুশলীয়ে চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। এনেক্ষেত্ৰতেই, ছবিগৃহ সমূহত মুক্তি পাবলৈ এতিয়া সাজু হৈ উঠিছে আন এখন অসমীয়া ছবি “প্ৰতিঘাত”।

"অসমীয়া ৰাইজে বিচৰা ধৰণে আমি খাদ্যটো দিব লাগিব"- যতীন বৰা 8
"অসমীয়া ৰাইজে বিচৰা ধৰণে আমি খাদ্যটো দিব লাগিব"- যতীন বৰা 9


যোৱা ২৯ অক্টোবৰ তাৰিখে “প্ৰতিঘাত” ৰ পোষ্টাৰ, টিজাৰ আৰু সংগীতৰ মুকলি সভা অনুষ্ঠিত কৰা হৈছিল; য’ত অসমীয়া কেইবা গৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থকাৰ লগতে উপস্থিত হৈছিল মহানায়ক যতীন বৰা। অসমীয়া ছবি সন্দৰ্ভত যতীন বৰাই কি ক’লে চাওঁচোন আহক-

"অসমীয়া ৰাইজে বিচৰা ধৰণে আমি খাদ্যটো দিব লাগিব"- যতীন বৰা 10


“ৰত্নাকৰ” ৰ সফলতাই দিনক দিনেই এক নতুন শিখৰ বগাইছে। এই সফলতাত সমগ্ৰ অসমীয়া গৌৰন্বাম্বিত।

]]>
https://rupaliparda.com/archives/7437/feed 0 7437
ৰত্নাকৰ, কাঞ্চনজংঘাৰ ৰেকৰ্ড ভাঙিবলৈ প্ৰস্তুত অসমীয়া ছবিঃ “প্ৰতিঘাত”- https://rupaliparda.com/archives/7422 https://rupaliparda.com/archives/7422#respond Wed, 30 Oct 2019 06:57:57 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7422 দীৰ্ঘদিনৰ পৰাই চলচিত্ৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা অসম সন্তান অচিন্ত শংকৰৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে এখন অসমীয়া ছবি “প্ৰতিঘাত”। যোৱা ২৯ অক্টোবৰ তাৰিখে গুৱাহাটী স্থিত শ্ৰদ্ধাঞ্জলী কাননত আনুষ্ঠানিকভাৱে ছবিখনৰ পোষ্টাৰ, টিজাৰ আৰু সংগীত মুকলি সভাৰ আয়োজন কৰা হয়।

https://www.instagram.com/p/B4NfvoOBdO1/?utm_source=ig_web_copy_link


নাৰী সৱলীকৰণৰ কাহিনীৰে নিৰ্মিত এই ছবিখনক শুভেচ্ছা জনোৱাৰ লগতে আশীবাৰ্দ দিবলৈ অভিনেত্ৰী মঞ্জুলা বৰুৱাকে ধৰি চলচিত্ৰ নিৰ্মাতা মঞ্জু বৰা, মৃদুল গুপ্তা, সঞ্জীৱ হাজৰিকা, ৰতন শীল শৰ্মা, মনি সিনহা, সংগীত পৰিচালক পুলক বেনাৰ্জী, জনপ্ৰিয় অভিনেতা যতীন বৰুৱা, জুবিনৰ পত্নী ও প্ৰযোজক গৰিমা শইকীয়া গাৰ্গ তথা গায়ক দীক্ষু তথা গায়িকা গীতালী আদি কেইবাগৰাকীও অসমৰ জনপ্ৰিয় শিল্পীৰ লগতে উপস্থিত থাকে সংবাদ মাধ্যমৰ সৈতে জড়িত বিশিষ্ট সাংবাদিকো।


চলিত বৰ্ষৰ ৬ ডিচেম্বৰ তাৰিখে মুক্তি হ’বলগীয়া “প্ৰতিঘাত” ক লৈ অনুষ্ঠানখনত উপস্থিত প্ৰত্যেকজন অসমীয়া কলা-কুশলীৰ লগতে সাধাৰণ ৰাইজ আশাবাদী। নৱেম্বৰ মাহৰ ১৫ তাৰিখৰ পৰাই সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ “প্ৰতিঘাত” ৰ প্ৰচাৰ আৰম্ভ কৰিব ছবিখনৰ কলা-কুশলীয়ে।

ছবিখনৰ সংগীতত কন্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, দিগন্ত ভাৰতী, পৰাণ বৰকটকী আৰু ৰাহুল বৰকটকীয়ে। ছবিখনৰ প্ৰযোজক হৈছে নৰেন্দ্ৰ এন সিনহা আৰু নলিনী ৰয় গয়াৰী।

]]>
https://rupaliparda.com/archives/7422/feed 0 7422
শ্ৰদ্ধাঞ্জলী কাননত মুকলি হ’ব “প্ৰতিঘাত” ছবিৰ সংগীত-পোষ্টাৰৰঃ https://rupaliparda.com/archives/7392 https://rupaliparda.com/archives/7392#respond Tue, 29 Oct 2019 08:30:38 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7392 অচিন্ত শংকৰৰ পৰিচালনাৰে অসমীয়া চলচিত্ৰ জগতলৈ আহি আছে এখন ন-ছবি “প্ৰতিঘাত”। মুক্তিৰ পূৰ্বেই ছবিখনে দৰ্শকৰ হৃদয়ত নিজৰ স্থিতি মজবুত কৰিবলৈ সক্ষম হৈ পৰিছে। ছবিখনৰ পোষ্টাৰত সন্নিৱিষ্ট সংলাপে ইতিমধ্যে দৰ্শকক ছবিখনৰ প্ৰতি উৎসাহী কৰি তুলিছে।

শ্ৰদ্ধাঞ্জলী কাননত মুকলি হ'ব "প্ৰতিঘাত" ছবিৰ সংগীত-পোষ্টাৰৰঃ 11
শ্ৰদ্ধাঞ্জলী কাননত মুকলি হ'ব "প্ৰতিঘাত" ছবিৰ সংগীত-পোষ্টাৰৰঃ 12


২৯ অক্টোবৰ তাৰিখে গুৱাহাটীস্থিত শ্ৰদ্ধাঞ্জলী কাননত মুকলি কৰা হ’ব “প্ৰতিঘাত” ৰ পোষ্টাৰ তথা সংগীতৰ। সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান খনত উপস্থিত থাকিব ছবিখনৰ সমূহ কলা-কুশলী লগতে ছবিখনৰ সংগীতত কন্ঠদান কৰা জুবিন গাৰ্গ, দিগন্ত ভাৰতী, পৰাণ বৰকটকী আৰু ৰাহুল দেৱ নাঁম।


অমৃতা গগৈ, দিগন্ত হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মা, দেৱজিৎ মজুমদাৰ, পদ্মৰাগ গোস্বামী, অচিন্ত শৰ্মা, জলী লস্কৰ আৰু আশ্ৰামিকা শইকীয়াৰ অভিনয়ৰে নিৰ্মিত কৰা হৈছে এই ছবিখন।

]]>
https://rupaliparda.com/archives/7392/feed 0 7392