Protishruti – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 09 Aug 2021 10:28:32 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Protishruti – Rupaliparda.com https://rupaliparda.com 32 32 163073109 প্ৰেম আৰু প্ৰতিশ্ৰুতিৰ সৈতে নৱপ্ৰজন্মৰ নতুন গীত “প্ৰতিশ্ৰুতি”- https://rupaliparda.com/archives/27885 https://rupaliparda.com/archives/27885#respond Mon, 09 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=27885 প্ৰতিশ্ৰুতিবোৰ বুকুত বান্ধি তোমাক আজীৱন সামৰি ৰখাৰ উছাহ! প্ৰেমৰ আৰম্ভণিতে প্ৰেমাস্পদে ইজনে আনজনক দিয়া প্ৰতিশ্ৰুতি সমূহে বিশ্বাসবোৰৰ সৃষ্টি কৰে। কিছুমান গীতৰ শব্দই আমাক এনেদৰে মোহাচ্ছন্ন কৰে যে আমি গীতটি শুনিবলৈ উৎসাহিত হওঁ; কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও যেতিয়া ৰূপালীপৰ্দাৰ তৰফৰ পৰা বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে। আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে। এই সংগীত ক্ষেত্ৰখনলৈ বৰ্তমান বহুত ন-ন শিল্পী, কলা-কুশলী আগবাঢ়ি আহিছে; ইয়াত একাংশৰ সৃষ্টিও হৈছে লেখত ল’বলগীয়া। আনহাতে, এনে সুন্দৰ কথাৰ সৈতে যেতিয়া শ্ৰোতাই এটা হৃদয়স্পৰ্শী কন্ঠক শুনিবলৈ পায় তেতিয়াই আচলতে এটি গীত সফলতাৰ শাৰীত খোজ দিয়ে।

অনাগত দিনবোৰৰ প্ৰতি লক্ষ্য ৰাখি যদি কোৱা হয় তেনেহ’লে মনোৰঞ্জন ক্ষেত্ৰখনত পুংখানুপুংখভাৱে অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই অহৰহ প্ৰচেষ্টা হাতত লৈছে। এতিয়া এনেক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ দায়ৱদ্ধতা হৈছে যে তেওঁলোক আঁসোৱাহবোৰ আঙুলিয়াই তেওঁলোকৰ সুন্দৰ সৃষ্টিসমূহ আঁকোৱালি লোৱাটো। শেহতীয়াকৈ, মুক্তিপ্ৰাপ্ত এটা নতুন প্ৰেমৰ গীতে আকৰ্ষণ কৰিছে প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতাক। ভালপোৱাৰ “প্ৰতিশ্ৰুতি” সমূহক লৈ গীতটিৰ ৰচনা কৰা হৈছে। ইয়াত কণ্ঠদান কৰিছে অৰ্ণৱ কাশ্যপে, সংগীত প্ৰযোজনা উদ্দীপ্ত শৰ্মাৰ লগতে গীতটিত কথা নিপন মালাকাৰৰ। গীতটিৰ ইউটিউব লিংকটো বহুল হাৰত ভিউৱাৰচৰে ভৰি পৰা নাই যদিও গীতটিৰ কথাৰ বাবে ই গ্ৰহণযোগ্য হৈ পৰিছে ৰাইজৰ মাজত। উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই সাংস্কৃতিক ক্ষেত্ৰখনে নিৰৱচ্চিন্ন ভাৱে কৰিছে নিজ কাম। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুন সৃষ্টি হৈছে। গীতটিৰ কথা আপোনালৰ বাবে আগবঢ়ালো-

প্ৰেম আৰু প্ৰতিশ্ৰুতিৰ সৈতে নৱপ্ৰজন্মৰ নতুন গীত "প্ৰতিশ্ৰুতি"- 1

সাঁচিপাতত সাঁচি ৰখা কাহিনী

লিখি থৈছিলো তাতে আমাৰ জীৱনী

শুনাবলৈ নাই যে কোনো লগৰী

কোনে দিব আজি মোক সহাঁৰি দিচিলো

তোমাক মই প্ৰতিশ্ৰুতি চিৰকাল ৰাখিম

বুকুতে সাৱটি সকলো পাহৰি গʼলা

তুমি আঁতৰি বুজিও নুবুজাৰ অভিমান কৰি

সপোন হৈ আহিছিলা দুচকুলে ছাঁয়া হৈ ৰলা

কাষৰতে আশা হৈ আহিছিলা জীৱনলে

স্মৃতি হৈ ৰলা মনতে

তোমাৰ কথা ভাবিলে আহে চকুলো

নিগৰি ভবাই নাছিলো

এইদৰে যাবা হৃদয় ভাঙি

তুমি নাভাবিলেও মোৰ জীৱনৰ সংগী

তুমি তুমি থকাৰ বাবেই জীৱনে আছিল হাঁহি

দিচিলো তোমাক মই প্ৰতিশ্ৰুতি

চিৰকাল ৰাখিম বুকুতে সাৱটি

সকলো পাহৰি গʼলা তুমি আঁতৰি

বুজিও নুবুজাৰ অভিমান কৰি

]]>
https://rupaliparda.com/archives/27885/feed 0 27885