Rajashree Saikia – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 12 Oct 2021 07:40:19 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Rajashree Saikia – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে ‘তই নাচাবি আনলৈ’, অপুৰাজ গগৈ আৰু দীপজ্যোতি মহন্তই সানিলে টুইষ্টঃ https://rupaliparda.com/archives/28720 https://rupaliparda.com/archives/28720#respond Wed, 13 Oct 2021 08:30:00 +0000 https://rupaliparda.com/?p=28720 কিছুদিন পূৰ্বে এটি আধুনিক ৰোমাণ্টিক গীতে আকৰ্ষণ কৰিছিল সকলোকে। গীতটিৰ সৈতে জড়িত আৱেগ, অনুভূতিয়ে আচলতে শ্ৰোতা-দৰ্শকক অধিক আকৰ্ষণ কৰিছিল। গীতটিৰ নাম হৈছে ‘তই নাচাবি আনলৈ’। গীতটিৰ অডিঅ’টিয়ে লাভ কৰা বহুল সমাদৰৰ পিছত শেহতীয়াকৈ গীতটিৰ ভিডিঅ’টিয়ে টানিছে শ্ৰোতা-দৰ্শকক। গীতটিত কণ্ঠদান কৰিছে দুগৰাকী নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে,তেওঁলোক হৈছে ক্ৰমে ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতা। দুয়োৰে কণ্ঠৰ অনুৰাগীয়ে ইতিমধ্যে সদ্যমুক্তিপ্ৰাপ্ত গীতটিক জনপ্ৰিয়তাৰ শিখৰলৈ তুলি নিছে। আমি পূৰ্বেও গীতটিৰ বিষয়ে জনাইছিলোঁ, ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ যুটিৰে সংগীত ক্ষেত্ৰখনত তেওঁলোকৰ এইটো প্ৰথমটো গীত যদিও তেওঁলোকে নিজাববীয়াকৈ মুকলি কৰা প্ৰতিটো গীতত আছে ৰাইজৰ সঁহাৰি। ইনষ্টাগ্ৰামত ইটোৰ পিছত সিটো ভিন্ন ভাষাৰ গীতত কণ্ঠদান কৰি জনসাধাৰণক মনোৰঞ্জন প্ৰদান কৰি আহিছে ৰাজশ্ৰীয়ে। সম্প্ৰতি এটা গীতৰ অডিঅ’ৰ সৈতে সংগতি ৰাখি গীতটিৰ ভিডিঅ’টো প্ৰস্তুত কৰি উলিয়াই হয়। ‘তই নাচাবি আনলৈ’ শীৰ্ষক গীতটিৰ ভিডিঅ’টোৰ সামগ্ৰিক বিষয়বস্তুটোৱে আচলতে মন কৰিবলগীয়া।


গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। নৱপ্ৰজন্মৰেই আন এগৰাকী অন্যতম পৰিচালক অপুৰাজৰ পৰিচালনাৰে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰতিটো গীতৰ বিষয়বস্তু সুকীয়া। প্ৰতিটো গীতৰ নিজস্বতা বজাই ৰাখিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে পৰিচালক গৰাকীক। ইয়াত অভিনয় কৰিছে দীপজ্যোতি মহন্ত আৰু ৰাজশ্ৰী শইকীয়াই, দীপজ্যোতি মহন্তৰ পূৰ্বৰ গীতসমূহৰ তুলনাত সদ্যমুক্তিপ্ৰাপ্ত ‘তই নাচাবি আনলৈ’ শীৰ্ষক এই গীতটিত তেওঁক নতুন ৰূপত দেখা পোৱা গ’ল। আপোনালোকৰ মাজৰ যিসমূহে গীতটি উপভোগ কৰিছে তেওঁলোকে নিশ্চয় এই বিষয়টোক লৈ অৱগত। গীতটিত সুৰ কৰিছে বিকি কলিতাই আৰু সংগীত কৰিছে বাবন বৰ্ণিলে। শব্দ-সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই। বৰ্তমান সময়ত ভাল ভাল গীতৰ সমাহাৰ ঘটিছে অসমীয়া সংগীত জগতত। এটি গীতৰ স্থায়ীয়তা লাভ কৰিব হ’লে প্ৰথমতে গীতটি শ্ৰুতিমধুৰ হোৱাৰ লগতে গীতৰ সুৰ আৰু কণ্ঠশিল্পী গৰাকীৰ উপস্থাপনৰ দিশটো হ’ব লাগিব অনবদ্য। সংগীতৰ অলংকাৰে মনত আলোড়নৰ সৃষ্টি কৰিব পৰা ক্ষমতা থাকিলেই গীতে সমাদাৰ লাভ কৰাটো নিশ্চিত হৈ পৰে।

ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে 'তই নাচাবি আনলৈ', অপুৰাজ গগৈ আৰু দীপজ্যোতি মহন্তই সানিলে টুইষ্টঃ 1


ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ যুটিৰে আন বহু গীতৰ বাবে অপেক্ষা কৰিছে বৰ্তমান প্ৰতিগৰাকী জনসাধাৰণে। ‘তই নাচাবি আনলৈ’ শীৰ্ষক গীতটিক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/28720/feed 0 28720
এটি নতুন যুটি, ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে আহি আছে “তই নাচাবি আনলৈ”- https://rupaliparda.com/archives/28074 https://rupaliparda.com/archives/28074#respond Sat, 21 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=28074 সংগীত ক্ষেত্ৰখনলৈ আহিছে এটা নতুন যুটি, হয়টো বহু সংগীত প্ৰেমীৰ দ্বাৰা অপেক্ষাৰত এটা যুটি। অহা ২৩ আগষ্ট তাৰিখে মুক্তি লাভ কৰিব বিকি কলিতা আৰু ৰাজশ্ৰী শইকীয়াৰ কণ্ঠৰে এটি সুন্দৰ গীত “তই নাচাবি আনলৈ”। ইতিমধ্যে গীতটিৰ এটি টিজাৰ ৰাইজৰ মাজলৈ উলিয়াই দিয়া হৈছে, উক্ত দুয়োগৰাকী কণ্ঠশিল্পীৰেই সুকীয়া চিনাকী তথা বৈশিষ্ট্য এই জগতখনত আছে। দুয়োগৰাকীৰ অনুৰাগীৰ শাৰীটোকো আমি নুই কৰিব নোৱাৰো, গতিকে সংগীতপ্ৰেমী শ্ৰোতাসকলৰ বাবে এয়া উৎসাহৰ বিষয় য’ত তেওঁলোকে বিকি কলিতা আৰু ৰাজশ্ৰী শইকীয়াৰ যুটীয়া কণ্ঠৰে শুনিবলৈ পাব এটি গীত। গীতটিৰ কথা জগত প্ৰতিম ভৰালীৰ, সুৰ বিকি কলিতাৰ নিজৰেই। লগতে, সংগীতৰ দায়িত্বত আছে বাবন বৰ্ণিল তথা শব্দ সংমিশ্ৰণ কৌস্তভ শইকীয়াৰ। ৰাজশ্ৰী শইকীয়াৰ কণ্ঠৰ মাদকতাৰ উপৰিও শেহতীয়াকৈ জনপ্ৰিয়তাৰ শিখৰত বগাবলৈ আৰম্ভ কৰা বিকি কলিতাৰ ন-ন গীতৰ খবৰে উৎকণ্ঠিত কৰিছে সকলোকে। কিছুদিন পূৰ্বে আপোনালোকক ৰাজশ্ৰী শইকীয়াৰ বিষয়ে জনাইছিলোঁ লগতে কৈছিলোঁ যে, ৰাজশ্ৰী শইকীয়াক এতিয়া চিনি নোপোৱা হয়টো বহু কমেই লোক ওলাব। এগৰাকী কন্ঠশিল্পীৰ তাত আচলতে বহুতেই বিভিন্নতাৰ সন্ধান কৰে; সংগীত প্ৰেমী শ্ৰোতাৰ সোঁৱাদনুযায়ী ভিন্নতা প্ৰদান কৰি আপ্লুত কৰাও অৱশ্যে একোগৰাকী কন্ঠশিল্পী তথা সংগীতশিল্পীৰ কৰ্তব্য। “কভাৰ গাৰ্ল” ৰাজশ্ৰীৰ কন্ঠৰ সংজ্ঞাও সুকীয়া; প্ৰায় কেইবাটাও ভাষাত গীত গাবলৈ প্ৰয়াস কৰা ৰাজশ্ৰীৰ কন্ঠই সমাদৰো লাভ কৰে জনসাধাৰণৰ সমুখত।

এটি নতুন যুটি, ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে আহি আছে "তই নাচাবি আনলৈ"- 2


আনহাতে, নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তিৰে সংগীত ক্ষেত্ৰখনে নতুনত্ব পাবলৈ সক্ষম হৈছে। নতুন কণ্ঠ, নতুন গীতে প্ৰতিদিনে সমাদৰ লাভ কৰি আহিছে। চচিয়েল মিডিয়াৰ যুগত আমি কোনো এটা গীতৰ যেতিয়া ততোধিক চৰ্চা ৰাইজৰ মাজত হোৱা দেখিবলৈ পাওঁ তেতিয়া একাষাৰে সেই গীতটিৰ জনপ্ৰিয়তাক আমি বুজিবলৈ সক্ষম হওঁ। বিকি কলিতাৰ “তোমাকে নাপালে” শীৰ্ষক গীতটি ঠিক তেনেধৰণে আকৰ্ষণ কৰিছিল ৰাইজক, গীতটিত উপস্থাপিত ভিডিঅ’ অথবা ইয়াৰ কথা লগতে কণ্ঠশিল্পী গৰাকীৰ কণ্ঠ আছিল লেখত ল’বলগীয়া। এই দুয়োগৰাকীৰ কণ্ঠৰে মুক্তিপাবলগীয়া “তই নাচাবি আনলৈ” শীৰ্ষক গীতটিৰ বাবে সেইবাবেই অপেক্ষাৰত বহুজন। উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই সাংস্কৃতিক ক্ষেত্ৰখনে নিৰৱিচ্চিন্ন ভাৱে কৰিছে নিজ কাম। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুন সৃষ্টি হৈছে। য’ত কোনোবাই আৰম্ভণিৰ প্ৰথমটো খোজ পেলাইছে আনহাতে কোনোৱে আকৌ নিজৰ সৃষ্টিত নতুনৰ যোগান ধৰি নিজ অনুৰাগীৰ তালিকা দীঘলীয়া কৰিছে।

এটি নতুন যুটি, ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে আহি আছে "তই নাচাবি আনলৈ"- 3
এটি নতুন যুটি, ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ কণ্ঠৰে আহি আছে "তই নাচাবি আনলৈ"- 4


মুঠতে, পূৰ্বেও উল্লেখ কৰাৰ দৰেই এই ক্ষেত্ৰখনৰ এক সুন্দৰ যাত্ৰা অবিৰত ভাৱে চলি গৈ আছে। ৰাজশ্ৰী শইকীয়া আৰু বিকি কলিতাৰ আহিবলগীয়া গীতটিৰ বাবে তেওঁলোকক জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/28074/feed 0 28074
ৰাজশ্ৰী শইকীয়াৰ কণ্ঠত “লাহি হালি জালি” ৰ নতুন ৰূপঃ https://rupaliparda.com/archives/27985 https://rupaliparda.com/archives/27985#respond Mon, 16 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=27985 অসমীয়া সংগীত ক্ষেত্ৰখনৰ বহুল ভাৱে সমাদৃত ৰাজশ্ৰী শইকীয়াই আকৌ এবাৰ লগাইছে খলকনি। গীত সমূহৰ কভাৰ প্ৰস্তুত কৰি শ্ৰোতাৰ হৃদয় জয় কৰা এই কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো গীতত ফুটি উঠা ব্যতিক্ৰমীতাই তেওঁক ৰাইজৰ ওচৰত অধিক গ্ৰহণযোগ্য কৰি তোলে। নগাঁও জিলাত জন্মগ্ৰহণ কৰা ৰাজশ্ৰী শইকীয়াই “লাহি হালি জালি” শীৰ্ষক এটি আধুনিক গীতৰ সৈতে ২০১৫ চনত সংগীত ক্ষেত্ৰখনত ভুমুকি মাৰিছিল আৰু তাহানিৰ দিনৰ পৰা বৰ্তমানলৈ তেওঁৰ অনুৰাগীৰ সংখ্যা বাঢ়ি যোৱাৰ লগতে তেওঁৰ গীতসমূহে যথেষ্ট হাৰত সঁহাৰি লাভ কৰিবলৈও সক্ষম হৈছে। শেহতীয়াকৈ তেওঁৰ প্ৰথম গীতটিকেই নতুন আকাৰে প্ৰস্তুত কৰি অনুৰাগীৰ মাজলৈ উলিয়াই আনিছে কণ্ঠশিল্পী গৰাকীয়ে। পূৰ্বৰ সংস্কৰণটোত কথা দিছিল বৰ্ষা বৰাই আৰু সংগীত কৰিছিল অনুপম কোঁৱৰে। আনহাতে, গীতটিৰ নতুন সংস্কৰণটোত সংগীত কৰিছে কৌস্তভ মণি ফুকনে। যুটীয়াভাৱে কণ্ঠদান কৰাৰ লগতে শব্দ সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই। ৰাজশ্ৰী শইকীয়াক এতিয়া চিনি নোপোৱা হয়টো বহু কমেই লোক ওলাব। এগৰাকী কন্ঠশিল্পীৰ তাত আচলতে বহুতেই বিভিন্নতাৰ সন্ধান কৰে; সংগীত প্ৰেমী শ্ৰোতাৰ সোঁৱাদনুযায়ী ভিন্নতা প্ৰদান কৰি আপ্লুত কৰাও অৱশ্যে একোগৰাকী কন্ঠশিল্পী তথা সংগীতশিল্পীৰ কৰ্তব্য। “কভাৰ গাৰ্ল” ৰাজশ্ৰীৰ কন্ঠৰ সংজ্ঞাও সুকীয়া; প্ৰায় কেইবাটাও ভাষাত গীত গাবলৈ প্ৰয়াস কৰা ৰাজশ্ৰীৰ কন্ঠই সমাদৰো লাভ কৰে জনসাধাৰণৰ সমুখত।


নতুন গীত, নতুন কন্ঠৰ আদৰণি প্ৰত্যেকেই প্ৰত্যেকদিনাই কৰা আমি দেখি আহিছো। আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰেই প্ৰয়োজন হয়। এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি নিদ্ৰা দেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ কথাত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটা সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে। যদিও সংগীতৰ ধাৰাৰ সাল-সলনি কৰা হৈছে, যদিও বৰ্তমানৰ কিছু সংগীতে নতুন ৰূপ লৈছে তথাপিও উঠি অহা কেইগৰাকী মান কন্ঠশিল্পীৰ সৃষ্টিত বিশ্বাস ৰাখিয়ে একাংশই তেওঁলোকৰ বাবে আগ্ৰহ দেখুওৱা পৰিলক্ষিত হয়। অনুৰাগীৰ এটা দীঘলীয়া শাৰী নাথাকিলেও তেওঁলোকৰ কন্ঠৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়। আমি প্ৰায়ে এওঁলোকক লৈ ব্যস্ত নহ’লেও আচলতে তেওঁলোকৰ কন্ঠ শুনিলে আমি এক মিনিটৰ বাবে হ’লেও তেওঁলোকৰ ভিডিঅ’টোৰ সৈতে স্তব্ধ হৈ পৰো। আচলতে, সেয়াই ব্যতিক্ৰম; সেয়াই নতুনত্ব।

ৰাজশ্ৰী শইকীয়াৰ কণ্ঠত "লাহি হালি জালি" ৰ নতুন ৰূপঃ 5


জনসাধাৰণক নিত্য নৈমিত্তিক ব্যস্ততাৰ পৰা আঁতৰি কিছু সময় জিৰণিৰ বাবদ তেওঁলোকক প্ৰয়োজন হয় এক সুমধুৰ গীতৰ। এনেক্ষেত্ৰত ৰাজশ্ৰী শইকীয়াৰ দৰে একোগৰাকী কণ্ঠশিল্পীৰ সক্ৰিয়তা মন কৰিবলগীয়া। কণ্ঠশিল্পী গৰাকীৰ অনাগত দিনৰ প্ৰকল্প সমূহক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/27985/feed 0 27985
“কভাৰ গাৰ্ল” ৰাজশ্ৰী শইকীয়াৰ নতুন বছৰৰ ন-গীত “মন”- https://rupaliparda.com/archives/23511 https://rupaliparda.com/archives/23511#respond Sat, 16 Jan 2021 10:30:11 +0000 https://rupaliparda.com/?p=23511 সংগীত শিল্পী বুলি ক’লে প্ৰত্যেকেই সদায় নতুনৰ সন্ধান কৰে; আনহাতে এগৰাকী কন্ঠশিল্পীৰ তাত আচলতে বহুতেই বিভিন্নতাৰ সন্ধান কৰে; সংগীত প্ৰেমী শ্ৰোতাৰ সোঁৱাদনুযায়ী ভিন্নতা প্ৰদান কৰি আপ্লুত কৰাও একোগৰাকী কন্ঠশিল্পী তথা সংগীতশিল্পীৰ কৰ্তব্য। “কভাৰ গাৰ্ল” ৰাজশ্ৰীৰ কন্ঠৰ সংজ্ঞাও সুঁকীয়া; প্ৰায় কেইবাটাও ভাষাত গীত গাবলৈ প্ৰয়াস কৰা ৰাজশ্ৰীৰ কন্ঠই সমাদৰো লাভ কৰে জনসাধাৰণৰ সমুখত। ২০১৫ চনৰ পৰা সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱা কন্ঠশিল্পী ৰাজশ্ৰী শইকীয়াক এতিয়া চিনি নোপোৱা হয়টো বহু কমেই লোক ওলাব। নতুন বছৰত এটি নতুন গীতক লৈ সাজু হৈছে ৰাজশ্ৰী; তেওঁৰ এই গীতটিৰ এক সৰু টিজাৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে জনাসাধাৰণৰ সমুখত। কন্ঠৰ লগতে ৰাজশ্ৰীৰ গীতৰ বিভিন্নতাই যে তেওঁৰ অনুৰাগীৰ শাৰী দীঘলীয়া কৰিছে সেয়া একাষাৰে কয় দিলেও হয়টো অতিৰঞ্জিত নহ’ব। আনকি, বিগত বৰ্ষৰ মাজভাগতেই মুক্তিপ্ৰাপ্ত তেওঁৰ থলুৱা তথা ঝুমুৰৰ সোঁৱাদেৰে নিৰ্মিত “অ ধ্বনি” শীৰ্ষক গীতটিয়েও লাভ কৰিছিল জনপ্ৰিয়তা।


ৰাজশ্ৰী শইকীয়াৰ আগন্তুক গীত “মন” ক কন্ঠশিল্পী গৰাকীৰ ব্যক্তিগত ইউটিউব চেনেলযোগে মুকলি কৰি দিয়া হ’ব। সৰুৰ পৰা মাতৃৰ সৈতে বহি সংগীত চৰ্চা কৰা ৰাজশ্ৰীৰ “মন” গীতটিক নিজ কথাৰে সুন্দৰকৈ সজাইছে জগত প্ৰীতম ভৰালীয়ে; আনহাতে, ইয়াত সংগীত দিছে ইতিমধ্যে কেইবাটাও গীতক নিজ সংগীতেৰে সুন্দৰ তথা গ্ৰহণযোগ্য কৰি তোলা সংগীতশিল্পী ত্ৰিদীব কাকতিয়ে। গীতটিত গীতাৰ বজাইছে কৌস্তভ মণি ফুকনে আৰু শব্দ সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই। চলিত মাহৰ ২৭ তাৰিখে মুক্তি লাভ কৰিব গীতটিয়ে। জনসাধাৰণক নিত্য নৈমিত্তিক ব্যস্ততাৰ পৰা আঁতৰি কিছু সময় জিৰণিৰ বাবদ তেওঁলোকক প্ৰয়োজন হয় এক সুমধুৰ গীতৰ। গতিকে, এনেক্ষেত্ৰত কৰা এওঁলোকৰ প্ৰয়াস লেখত ল’বলগীয়া।

"কভাৰ গাৰ্ল" ৰাজশ্ৰী শইকীয়াৰ নতুন বছৰৰ ন-গীত "মন"- 6


ৰাজশ্ৰী শইকীয়াৰ গীতত থকা ব্যতিক্ৰমী ভাৱক নুই কৰিব পৰা নাযায়। তেওঁৰ আগন্তুক প্ৰকল্পৰ সমূহৰ বাবে ৰূপালীপৰ্দাইও জনাইছে অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/23511/feed 0 23511
ৰাজশ্ৰী শইকীয়াৰ “অ’ ধনি”- থলুৱা সংগীতৰ সৈতে ঝুমুৰক এক বান্ধোনেৰে গুঁঠি কৰিছে প্ৰয়াসঃ https://rupaliparda.com/archives/20954 https://rupaliparda.com/archives/20954#respond Thu, 08 Oct 2020 10:30:00 +0000 https://rupaliparda.com/?p=20954 ২০১৫ চনৰ পৰা সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱা কন্ঠশিল্পী ৰাজশ্ৰী শইকীয়াক এতিয়া চিনি নোপোৱা হয়টো বহু কমেই লোক ওলাব। এগৰাকী কন্ঠশিল্পীৰ তাত আচলতে বহুতেই বিভিন্নতাৰ সন্ধান কৰে; সংগীত প্ৰেমী শ্ৰোতাৰ সোঁৱাদনুযায়ী ভিন্নতা প্ৰদান কৰি আপ্লুত কৰাও একোগৰাকী কন্ঠশিল্পী তথা সংগীতশিল্পীৰ কৰ্তব্য। “কভাৰ গাৰ্ল” ৰাজশ্ৰীৰ কন্ঠৰ সংজ্ঞাও সুঁকীয়া; প্ৰায় কেইবাটাও ভাষাত গীত গাবলৈ প্ৰয়াস কৰা ৰাজশ্ৰীৰ কন্ঠই সমাদৰো লাভ কৰে জনসাধাৰণৰ সমুখত। হিন্দী, ইংৰাজী ভাষাৰ সমান্তৰালকৈ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “অ ধনি” শীৰ্ষক গীতটিতো অনুৰাগীক নতুন কিবা এটা দিয়াৰ নিজ চেষ্টাত সফল হৈছে ৰাজশ্ৰী শইকীয়া। থলুৱা সংগীতৰ সৈতে ঝুমুৰক এক বান্ধোনেৰে গুঁঠি লৈ সদ্যমুক্তিপ্ৰাপ্ত গীতটিত ইতিমধ্যে জনসাধাৰণেও ধনাত্মক প্ৰতিক্ৰিয়া আগবঢ়াইছে। তেওঁ পূৰ্বেও সাক্ষাৎকাৰ যোগে জনাইছিল যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লুকাই থকা লোক-সংস্কৃতি সমূহ সুন্দৰ ৰূপত উপস্থাপন কৰি নতুন প্ৰজন্মক চিনাকী কৰাই দিয়াৰ লগতে তেওঁৰ সেইসমূহ সংৰক্ষণ কৰাত যথেষ্ট ইচ্ছা থকাৰ কথা ব্যক্ত কৰিছিল।

ৰাজশ্ৰী শইকীয়াৰ "অ' ধনি"- থলুৱা সংগীতৰ সৈতে ঝুমুৰক এক বান্ধোনেৰে গুঁঠি কৰিছে প্ৰয়াসঃ 7


শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীতটো কন্ঠশিল্পী গৰাকীৰ ব্যক্তিগত ইউটিউব চেনেলযোগে মুকলি কৰি দিয়া হৈছে। সৰুৰ পৰা মাতৃৰ সৈতে বহি সংগীত চৰ্চা কৰা ৰাজশ্ৰীৰ “অ ধনি” গীতটিৰ সংগীতৰ পুনঃ সৃষ্টিত সহায় কৰিছে ডেনিছ চহৰীয়াই; শব্দ সংমিশ্ৰণ কৰিছে Kauzzy Records ত কৌস্তভ শইকীয়াই আৰু বাঁহী বজাইছে প্ৰদীপ ডেকাই। আনহাতে গীতটিত বেঞ্জ বজাইছে নিৰ্মল দাসে আৰু ভিডিঅ’ কৰিছে দিগাংগনা শইকীয়াই। জনসাধাৰণক নিত্য নৈমিত্তিক ব্যস্ততাৰ পৰা আঁতৰি কিছু সময় জিৰণিৰ বাবদ তেওঁলোকক প্ৰয়োজন হয় এক সুমধুৰ গীতৰ। গতিকে, এনেক্ষেত্ৰত কৰা এওঁলোকৰ প্ৰয়াস লেখত ল’বলগীয়া।

ৰাজশ্ৰী শইকীয়াৰ "অ' ধনি"- থলুৱা সংগীতৰ সৈতে ঝুমুৰক এক বান্ধোনেৰে গুঁঠি কৰিছে প্ৰয়াসঃ 8


ৰাজশ্ৰী শইকীয়াৰ গীতত থকা ব্যতিক্ৰমী ভাৱক নুই কৰিব পৰা নাযায়। তেওঁৰ আগন্তুক প্ৰকল্পৰ সমূহৰ বাবে ৰূপালীপৰ্দাইও জনাইছে অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/20954/feed 0 20954
আকৌ এবাৰ ৰোমান্টিক গীতৰ সৈতে আগমন ঘটিব ৰাকেশ ৰিয়ানৰঃ https://rupaliparda.com/archives/19997 https://rupaliparda.com/archives/19997#respond Mon, 07 Sep 2020 13:22:30 +0000 https://rupaliparda.com/?p=19997 আকৌ এবাৰ আন এটা ৰোমান্টিক গীতৰ সৈতে সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ মাজত আহিবলৈ সাজু হৈছে কন্ঠশিল্পী ৰাকেশ ৰিয়ান। কন্ঠশিল্পী গৰাকীৰ কন্ঠৰ ৰোমান্টিক গীত সমূহে ইতিমধ্যে সকলো শ্ৰোতাক আপ্লুত কৰিবলৈ সক্ষম হৈছে। পুনৰ বাৰ “অ’ মোৰে জান” শীৰ্ষক এটি গীতৰ সৈতে অনুৰাগীৰ মাজলৈ আহি আছে ৰাকেশ ৰিয়ান। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল। “আছুতীয়া কৈ থ’লো” শীৰ্ষক এটি সুন্দৰ ৰোমান্টিক গীত শ্ৰোতাক উপহাৰ দিয়াৰ পিছতেই বিবাহৰ বাবে সাজু হৈ পৰিছিল কন্ঠশিল্পী গৰাকী।

View this post on Instagram

#O_Mure_Jaan Few more days

A post shared by RAKESH REEYAN (@rakesh_reeyan_) on

আকৌ এবাৰ ৰোমান্টিক গীতৰ সৈতে আগমন ঘটিব ৰাকেশ ৰিয়ানৰঃ 9


ৰাকেশ ৰিয়ানৰ গীত সমূহে মুক্তিৰ পিছতেই জনসাধাৰণৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। “লক-ডাউন” মাজতেই একাংশই কৰা কেতবোৰ সৃষ্টিৰ মুক্তিৰ মাজত উল্লেখনীয় আছিল কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীত সমূহো। ইটো-সিটোকৈ কেইবাটাও গীতে এই সময়ছোৱাতে মুক্তি লাভ কৰিছিল। আহিবলগীয়া তেওঁৰ গীতটোক লৈও বৰ্তমান উৎসাহী কন্ঠশিল্পী গৰাকী।

]]>
https://rupaliparda.com/archives/19997/feed 0 19997
“সুন্দৰৰ সাধনাই হৈছে শিল্পী”- ৰাজশ্ৰী শইকীয়া https://rupaliparda.com/archives/19230 https://rupaliparda.com/archives/19230#respond Sun, 16 Aug 2020 09:30:42 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19230 প্ৰায়ে ৰূপালীপৰ্দাৰ জৰিয়তে এগৰাকী শিল্পীৰ আগন্তুক অথবা কৰি থকা কিছুমান কামৰ বিষয়ে আপোনালোকে জানিবলৈ পাইছে। “কভাৰ কুইন” নামেৰে চিনাকী হৈ পৰা ৰাজশ্ৰী শইকীয়া বৰ্তমান সময়ৰ অসমীয়া সংগীত প্ৰেমী শ্ৰোতাৰ মাজৰ এগৰাকী জনপ্ৰিয় শিল্পী। হিন্দী, ইংৰাজী তথা অসমীয়া কেইবাটাও গীতৰ কভাৰ প্ৰস্তুত কৰি জনসাধাৰণৰ মাজত উলিয়াই দি প্ৰশংসা লাভ কৰা এই গৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। বৰ্তমান সময়টো বৰ অশান্তিদায়ক; জনসাধাৰণক নিত্য নৈমিত্তিক ব্যস্ততাৰ পৰা আঁতৰি কিছু সময় জিৰণিৰ বাবদ তেওঁলোকক প্ৰয়োজন হয় এক সুমধুৰ গীতৰ। এনে সংগীতশিল্পী সমূহৰ মাজৰেই এগৰাকী ৰাজশ্ৰী শইকীয়াৰ বিষয়ে বিতংকৈ জানিবলৈ আমি সাক্ষাৎকাৰৰ বাবে তেওঁৰ কাষ চাপিছিলো। গতিকে, আজিৰ ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত চাওঁচোন আহক ৰাজশ্ৰীয়ে কি ক’লেঃ

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত আপুনি কেতিয়াৰ পৰা জড়িত?

ৰাজশ্ৰী শইকীয়াঃ মই সৰুৰ পৰাই মাক গীতৰ সৈতে জড়িত হৈ থকা দেখিছো। গতিকে, সৰুৰ পৰা মই মোৰ মাৰ সান্নিধ্যত থাকি তেওঁৰ পৰা গীত শিকি এই ক্ষেত্ৰখনৰ বিষয়ে উপলদ্ধি কৰিছিলো আৰু তাৰ পিছত ২০১৫ চনত পেছাগত ভাৱে মই সংগীত ক্ষেত্ৰখনত খোজ দিছিলো।

প্ৰশ্নঃ সঁচা অৰ্থত এগৰাকী “শিল্পী” বুলিলে আপুনি কি ভাবে?

"সুন্দৰৰ সাধনাই হৈছে শিল্পী"- ৰাজশ্ৰী শইকীয়া 10

ৰাজশ্ৰী শইকীয়াঃ “সুন্দৰৰ সাধনাই হৈছে শিল্পী”; “শিল্পী” ৰ সংজ্ঞা অথবা এগৰাকী শিল্পীৰ গুণগত মানদণ্ড আদিৰ বৈশিষ্ট্য আদি কথাবোৰ ক’বলৈ গ’লে যথেষ্ট গধুৰ হৈ পৰে। এক কথাত ইয়াৰ সংজ্ঞা দিব পৰা নাযায়। তথাপিও, মোৰ বোধগম্যতা আৰু জ্ঞান অনুসৰি যাৰ সাধনাই সমাজত এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰে লগতে সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতো যিগৰাকীয়ে নিজ পুংখানুপুংখ দায়িত্ব পালন কৰে। মোৰ মতে, সেয়াই এগৰাকী প্ৰকৃত “শিল্পী”।

প্ৰশ্নঃ সংগীত “নিচা” নে “পেছা”?

ৰাজশ্ৰী শইকীয়াঃ সৰুৰ পৰা যেতিয়া মাৰ সৈতে বহি সংগীত চৰ্চা কৰিছিলো তেতিয়া ই এক নিচালৈ পৰিণত হৈছিল। কিন্তু বৰ্তমান এই নিচাত “পেছা” টোক খাপ খুৱাবলৈ মই চেষ্টা কৰিছো। কথাতে কয় নহয় যে, যেতিয়া “পেছা” ত নিচা অথবা “নিচা” ত পেছা অন্তৰ্ভূক্ত হৈ থাকে তেতিয়াই সকলো বস্তু সুন্দৰ হৈ পৰে।

প্ৰশ্নঃ আগন্তুক সময়ত কাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিবলৈ বিচৰে??

"সুন্দৰৰ সাধনাই হৈছে শিল্পী"- ৰাজশ্ৰী শইকীয়া 11

ৰাজশ্ৰী শইকীয়াঃ যুঁটীয়াভাৱে কন্ঠদান কৰাৰ ইচ্ছা বহুকেইজন সংগীত শিল্পীৰ লগতেই আছে। তাৰ ভিতৰত এজন হৈছে অসমৰ সু-সন্তান যাৰ কন্ঠ সম্প্ৰতি সময়ত সমগ্ৰ বিশ্বতে পৰিচিত; তেওঁ হৈছে অংগৰাগ পাপন মহন্ত। এই গৰাকী কন্ঠশিল্পীৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰাৰ ইচ্ছা।

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচাৰিম।

"সুন্দৰৰ সাধনাই হৈছে শিল্পী"- ৰাজশ্ৰী শইকীয়া 12

ৰাজশ্ৰী শইকীয়াঃ পৰিকল্পনা বুলিবলৈ বহুতেই আছে যিহেটো এই সংগীত জগত খনত মই একেবাৰেই নতুন; গতিকে প্ৰত্যেকদিনাই ন-ন কাম কৰি যোৱাৰ ইচ্ছা আৰু হেঁপাহ নিজৰ মনত পুঁহি ৰাখিছো। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লুকাই থকা লোক-সংস্কৃতি সমূহ সুন্দৰ ৰূপত উপস্থাপন কৰি নতুন প্ৰজন্মক চিনাকী কৰাই দিয়াৰ লগতে সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ ইচ্ছা আছে। নাজানো কিমান দূৰ সফল হ’ম তথাপিও মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিম।

…ধন্যবাদ ৰাজশ্ৰী। আগন্তুক সময়ত তোমাৰ পৰিকল্পনা সফল হওঁক।

ৰাজশ্ৰী শইকীয়াঃ ধন্যবাদ।

]]>
https://rupaliparda.com/archives/19230/feed 0 19230
“কভাৰ কুইন” ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে আহি আছে “তুমি আৰু মই”- https://rupaliparda.com/archives/18990 https://rupaliparda.com/archives/18990#respond Sat, 08 Aug 2020 10:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18990 একাংশ গীতৰ কভাৰ প্ৰস্তুতিৰে অনুৰাগীক আকৰ্ষণ কৰা ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে আহিবলৈ সাজু হৈছে এটি গীত “তুমি আৰু মই”। সংগীত ক্ষেত্ৰখনত ধীৰে ধীৰে সফলতাৰ জখলা বগোৱা ৰাজশ্ৰী শইকীয়াৰ অনুৰাগীৰ বহুল সংখ্যাও নুই কৰিব পৰা নাযায়। “লাগি হালি জালি” ৰ লগতে “সাত ঘাটৰ চেঙেলী” আদি ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীত সমূহ বৰ্তমানেও জনপ্ৰিয় বুলি ক’লেও আচলতে অতিৰঞ্জিত নহ’ব। নৱপ্ৰজন্মৰ উদীয়মান কন্ঠশিল্পী সমূহৰ ভিতৰত উল্লেখনীয় ৰাজশ্ৰী শইকীয়াৰ একোটা গীতে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সৰ্বসাধাৰণক। নগাঁওত জন্মগ্ৰহণ কৰা ৰাজশ্ৰী শইকীয়াই ২০১৫ চনৰ পৰা “লাগি হালি জালি” ৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ সাংগীতিক জীৱনৰ আৰম্ভণি কৰিছিল। ৰাজশ্ৰীৰ আগন্তুক গীত “তুমি আৰু মই” ৰ কথা জাগ্ৰত প্ৰতিম ভৰালীৰ আৰু ইয়াৰ পৰিচালনা ৰোহিত সোণাৰৰ। গীতটিত সংগীত প্ৰণয় দত্তৰ আৰু শব্দ সংমিশ্ৰণ কৌস্তুভ শইকীয়াৰ।

View this post on Instagram

Tumi Aru Moi Need your blessings and support ♥

A post shared by Rajashree Saikia (@rajashreesaikia_symphony) on


এক কথাত ক’বলৈ গ’লে, “মনোৰঞ্জন” ক্ষেত্ৰখনত স্তব্ধতা বিৰাজ নকৰে। প্ৰত্যেকজন শিল্পী, কলা-কুশলীয়ে এতিয়া পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে কোনো ধৰণে নিজ অনুৰাগীৰ কাষ চপাৰ; এই সময়চোৱাত অকণমান সময়ৰ বাবে আমোদ প্ৰদানৰ চেষ্টা কৰিছে এতিয়া প্ৰত্যেক গৰাকী শিল্পীয়ে। “লক-ডাউন” তেই এইগৰাকী কন্ঠশিল্পী ৰাজশ্ৰীয়ে ব্যক্তিগত ইউটিউব চেনেলটোত প্ৰায় কেইবাটাও গীতৰ কভাৰ প্ৰস্তুত কৰি মুক্তি দিছিল; শেহতীয়াকৈ তেওঁ কন্ঠদান কৰা হিন্দী গীত “নমো নমো যি শংকৰা” লগতে “আজ দিন চড়েৱা” কো চচিয়েল মিডিয়াত একাংশই বহুল ৰূপত ভাইৰেল কৰি তোলা দেখিবলৈ পোৱা গৈছে।

"কভাৰ কুইন" ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে আহি আছে "তুমি আৰু মই"- 13


উল্লেখ্য যে, আগন্তুক ২৮ আগষ্ট তাৰিখে মুক্তি লাভ কৰিব ৰাজশ্ৰীৰ আগন্তুক গীত “তুমি আৰু মই”। বৰ্তমান গীতটিক লৈ অপেক্ষাৰত কন্ঠশিল্পী গৰাকীৰ অনুৰাগী।

]]>
https://rupaliparda.com/archives/18990/feed 0 18990
ৰাজশ্ৰী শইকীয়াৰ আন এটি কভাৰৰ জনপ্ৰিয়তাঃ সুশান্তলৈ শ্ৰদ্ধাঞ্জলি- https://rupaliparda.com/archives/18062 https://rupaliparda.com/archives/18062#respond Wed, 15 Jul 2020 16:30:28 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=18062 বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ এমাহ পিছতো তেওঁৰ অভাৱ অনুভৱ কৰিছে সকলোৱে। কি বলীউড আৰু কি জলীউড; এমাহ ধৰি জনসাধাৰণৰ মুখে মুখে চৰ্চা লাভ কৰা বিষয়টোৱেই হৈছে সুশান্ত সিং ৰাজপুতৰ। তেওঁ অভিনীত এটি গীতে লাভ কৰিছিল দৰ্শক ও শ্ৰোতাৰ বহুল সমাদৰ; গীতটিত যেন সুশান্ত সিং ৰাজপুতৰ অভিনয়হে দিছিল প্ৰাণ। গীতটি আছিল “কেদাৰনাথ” ছবিখনৰ “নমো নমো শংকৰা” শীৰ্ষক গীতটি; সুশান্তৰ মৃত্যুৰ মাহপূৰ্তিত গীতটিৰ “কভাৰ” প্ৰস্তুত কৰিছে এগৰাকী অসমীয়া উদীয়মান কন্ঠশিল্পীয়ে। ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে উক্ত গীতটি উপভোগ কৰিবলৈ পাই বৰ্তমান উৎসাহিতও হৈ পৰিছে তেওঁৰ অনুৰাগী। প্ৰায়ে বিভিন্ন গীতৰ “কভাৰ” প্ৰস্তুতেৰে দৰ্শক ও শ্ৰোতাৰ আকৰ্ষণ টনা দেখিবলৈ পোৱা যায় কন্ঠশিল্পী গৰাকীক।

ৰাজশ্ৰী শইকীয়াৰ আন এটি কভাৰৰ জনপ্ৰিয়তাঃ সুশান্তলৈ শ্ৰদ্ধাঞ্জলি- 14


অধিক গীতেৰে ৰাজশ্ৰীয়ে নিজ সংগীতৰ ভঁৰাল চহকী নকৰিলেও কন্ঠশিল্পী গৰাকীৰ কন্ঠ আৰু গীত সমূহে আকৰ্ষণ কৰি আহিছে সকলোকে। ১৫ মে’ তাৰিখে নগাঁৱত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে সৰুৰ পৰাই আৰম্ভ কৰিছিল সংগীতৰ শিক্ষা। এখোজ এখোজকৈ সংগীতৰ ক্ষেত্ৰখনত জনপ্ৰিয়তাৰ দিশে খোজ দিয়া ৰাজশ্ৰীৰ প্ৰথমটো গীতে মুক্তি লাভ কৰিছিল ২০১৫ চনত; গীতটিৰ নাম আছিল “লাহি হালে জালে”। গীতটি বৰ্তমান সংগীত প্ৰেমী ৰাইজৰ হৃদয়ত আছে।

]]>
https://rupaliparda.com/archives/18062/feed 0 18062
ৰাজশ্ৰী শইকীয়াৰ “কভাৰ”- অনুৰাগীও হৈছে মুগ্ধঃ https://rupaliparda.com/archives/15336 https://rupaliparda.com/archives/15336#respond Sat, 23 May 2020 12:30:27 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15336 অসমীয়া সংগীত জগতত এনে বহু কন্ঠশিল্পী আছে যাৰ দুই-তিনিটা গীত মুক্তিৰ পিছতেই জনপ্ৰিয় হৈ উঠে তেওঁৰ কন্ঠ। তেওঁৰ কন্ঠৰ অনুৰাগীও হৈ পৰে বহু লোক। তেনে এগৰাকী কন্ঠশিল্পী হৈছে ৰাজশ্ৰী শইকীয়া। ২০১৫ চনত মুক্তিপ্ৰাপ্ত “লাহি হালে জালে” শীৰ্ষক গীতটিৰ দ্বাৰা সংগীত জগতত খোজ পেলোৱা এই গৰাকী কন্ঠশিল্পীৰ কিছু দিন পূৰ্বে মুক্তিপ্ৰাপ্ত “কথা এটি” শীৰ্ষক গীতটিয়েও লাভ কৰিছে দৰ্শকৰ বহুল সমাদৰ। ইয়াৰ লগতে “চকু যায় তোৰে চকুলৈ” শীৰ্ষক গীতটিৰ দ্বাৰাও দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈ পৰিছিল কন্ঠশিল্পী ৰাজশ্ৰী। নগাঁৱত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে সৰুৰ পৰাই আৰম্ভ কৰিছিল সংগীতৰ শিক্ষা। এখোজ এখোজকৈ সংগীতৰ ক্ষেত্ৰখনত জনপ্ৰিয়তাৰ দিশে খোজ দিয়া ৰাজশ্ৰীয়ে প্ৰায়ে সংগীত সমূহৰ “কভাৰ” পৰিৱেশন কৰি অনুৰাগীৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈ পৰিছে।

ৰাজশ্ৰী শইকীয়াৰ "কভাৰ"- অনুৰাগীও হৈছে মুগ্ধঃ 15


“লক-ডাউন” ৰ সময়ছোৱাত আকৌ এবাৰ দৰ্শকৰ মাজলৈ আহিছে ৰাজশ্ৰী শইকীয়া। জনপ্ৰিয় হলীউড ছবি “টাইটানিক” ত অন্তৰ্ভূক্ত এটি মনপৰশা “I Will Go On” শীৰ্ষক গীতটিৰ “কভাৰ” পৰিৱেশন কৰি ৰাজশ্ৰী শইকীয়াই আকৌ এবাৰ অনুৰাগীৰ হৃদয় টানিবলৈ সক্ষম হৈ পৰিছে। অসমীয়া সংগীতশিল্পীৰ কন্ঠৰে এই শ্ৰুতিমধুৰ ইংৰাজী গীতটি শুনিবলৈ পাই শ্ৰোতা ও দৰ্শকো উৎসাহিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিগত বৰ্ষত মুক্তি “আলসুৱা” গীতটিয়েও ৰাজশ্ৰীৰ অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত কৰি তুলিছিল।

]]>
https://rupaliparda.com/archives/15336/feed 0 15336