Rajashree – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 07 Oct 2020 08:52:41 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Rajashree – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰাজশ্ৰী শইকীয়াৰ “অ’ ধনি”- থলুৱা সংগীতৰ সৈতে ঝুমুৰক এক বান্ধোনেৰে গুঁঠি কৰিছে প্ৰয়াসঃ https://rupaliparda.com/archives/20954 https://rupaliparda.com/archives/20954#respond Thu, 08 Oct 2020 10:30:00 +0000 https://rupaliparda.com/?p=20954 ২০১৫ চনৰ পৰা সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱা কন্ঠশিল্পী ৰাজশ্ৰী শইকীয়াক এতিয়া চিনি নোপোৱা হয়টো বহু কমেই লোক ওলাব। এগৰাকী কন্ঠশিল্পীৰ তাত আচলতে বহুতেই বিভিন্নতাৰ সন্ধান কৰে; সংগীত প্ৰেমী শ্ৰোতাৰ সোঁৱাদনুযায়ী ভিন্নতা প্ৰদান কৰি আপ্লুত কৰাও একোগৰাকী কন্ঠশিল্পী তথা সংগীতশিল্পীৰ কৰ্তব্য। “কভাৰ গাৰ্ল” ৰাজশ্ৰীৰ কন্ঠৰ সংজ্ঞাও সুঁকীয়া; প্ৰায় কেইবাটাও ভাষাত গীত গাবলৈ প্ৰয়াস কৰা ৰাজশ্ৰীৰ কন্ঠই সমাদৰো লাভ কৰে জনসাধাৰণৰ সমুখত। হিন্দী, ইংৰাজী ভাষাৰ সমান্তৰালকৈ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “অ ধনি” শীৰ্ষক গীতটিতো অনুৰাগীক নতুন কিবা এটা দিয়াৰ নিজ চেষ্টাত সফল হৈছে ৰাজশ্ৰী শইকীয়া। থলুৱা সংগীতৰ সৈতে ঝুমুৰক এক বান্ধোনেৰে গুঁঠি লৈ সদ্যমুক্তিপ্ৰাপ্ত গীতটিত ইতিমধ্যে জনসাধাৰণেও ধনাত্মক প্ৰতিক্ৰিয়া আগবঢ়াইছে। তেওঁ পূৰ্বেও সাক্ষাৎকাৰ যোগে জনাইছিল যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লুকাই থকা লোক-সংস্কৃতি সমূহ সুন্দৰ ৰূপত উপস্থাপন কৰি নতুন প্ৰজন্মক চিনাকী কৰাই দিয়াৰ লগতে তেওঁৰ সেইসমূহ সংৰক্ষণ কৰাত যথেষ্ট ইচ্ছা থকাৰ কথা ব্যক্ত কৰিছিল।

ৰাজশ্ৰী শইকীয়াৰ "অ' ধনি"- থলুৱা সংগীতৰ সৈতে ঝুমুৰক এক বান্ধোনেৰে গুঁঠি কৰিছে প্ৰয়াসঃ 1


শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীতটো কন্ঠশিল্পী গৰাকীৰ ব্যক্তিগত ইউটিউব চেনেলযোগে মুকলি কৰি দিয়া হৈছে। সৰুৰ পৰা মাতৃৰ সৈতে বহি সংগীত চৰ্চা কৰা ৰাজশ্ৰীৰ “অ ধনি” গীতটিৰ সংগীতৰ পুনঃ সৃষ্টিত সহায় কৰিছে ডেনিছ চহৰীয়াই; শব্দ সংমিশ্ৰণ কৰিছে Kauzzy Records ত কৌস্তভ শইকীয়াই আৰু বাঁহী বজাইছে প্ৰদীপ ডেকাই। আনহাতে গীতটিত বেঞ্জ বজাইছে নিৰ্মল দাসে আৰু ভিডিঅ’ কৰিছে দিগাংগনা শইকীয়াই। জনসাধাৰণক নিত্য নৈমিত্তিক ব্যস্ততাৰ পৰা আঁতৰি কিছু সময় জিৰণিৰ বাবদ তেওঁলোকক প্ৰয়োজন হয় এক সুমধুৰ গীতৰ। গতিকে, এনেক্ষেত্ৰত কৰা এওঁলোকৰ প্ৰয়াস লেখত ল’বলগীয়া।

ৰাজশ্ৰী শইকীয়াৰ "অ' ধনি"- থলুৱা সংগীতৰ সৈতে ঝুমুৰক এক বান্ধোনেৰে গুঁঠি কৰিছে প্ৰয়াসঃ 2


ৰাজশ্ৰী শইকীয়াৰ গীতত থকা ব্যতিক্ৰমী ভাৱক নুই কৰিব পৰা নাযায়। তেওঁৰ আগন্তুক প্ৰকল্পৰ সমূহৰ বাবে ৰূপালীপৰ্দাইও জনাইছে অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/20954/feed 0 20954
Rodali Tumi | Rodali | Zubeen Garg & Rajashree | Assamese Song https://rupaliparda.com/archives/2651 https://rupaliparda.com/archives/2651#respond Fri, 21 Jun 2019 07:56:16 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=2651
]]>
https://rupaliparda.com/archives/2651/feed 0 2651