Rajkumar – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 27 Jul 2021 04:45:59 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Rajkumar – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰাজকুমাৰ ঠাকুৰীয়াৰ ফল-মূল, পাচলিৰ খেতিঃ https://rupaliparda.com/archives/27675 https://rupaliparda.com/archives/27675#respond Wed, 28 Jul 2021 10:30:00 +0000 https://rupaliparda.com/?p=27675 অৰ্থ নোহোৱা কিছু গীত প্ৰস্তুত কৰি বলীউড ক্ষেত্ৰখনত “ধিনছাক পূজা” নামে এগৰাকী ইউটিবাৰ যেনেদৰে জনপ্ৰিয় হৈ পৰিছিল; ঠিক তেনেদৰে অসমীয়া এই ক্ষেত্ৰখনতো ইউটিবাৰ এগৰাকীয়ে নৱ প্ৰজন্মকে ধৰি প্ৰতিটো প্ৰজন্মৰ মাজতেই জনপ্ৰিয় হৈ পৰিছে। তেওঁৰ নাম হৈছে ৰাজকুমাৰ ঠাকুৰীয়া; মিৰ্জাত জন্মগ্ৰহণ কৰা ৰাজকুমাৰে সাংস্কৃতিক ক্ষেত্ৰখনত নিম্মজিত হোৱাৰ মানসেৰেই চাকৰিৰ পৰা অৱসৰ লোৱাৰ উপৰিও অবিবাহিত জীৱন-যাপন কৰে। অসমীয়া-হিন্দী তথা ইংৰাজী ভাষাৰ সানমিহলিৰে প্ৰস্তুত কৰা ৰাজকুমাৰৰ গীত সমূহক বিভিন্ন জনে চচিয়েল মিডিয়াত ট্ৰোল কৰাৰ উপৰিও বিভিন্নটা টক-শ্বত তেওঁক আমন্ত্ৰণ কৰি মূৰৰ কামোৰণি নাইবা কেইবাটাও নামেৰে নামাকৰণ কৰাও তেওঁক দেখিবলৈ পোৱা গৈছিল। কিন্তু, সমাজত বাস কৰা বহুতে তেওঁক ট্ৰোল কৰা স্বত্বেও ৰাজকুমাৰ ঠাকুৰীয়াই বিভিন্ন সামাজিক কামত লিপ্ত হৈ ৰাইজক উপকাৰ কৰি আহিছে। শেহতীয়াকৈ তেওঁ নিজ ঘৰৰ বাৰীতে ফল-মূল তথা শাক-পাচলিৰ খেতি কৰা বিভিন্ন ফটো শ্বেয়াৰ কৰিছে চচিয়েল মিডিয়াত। সাৰ নিদিয়া পাচলি খাবলৈ পাই তেওঁ নিজেও উৎসাহী বুলি মন্তব্য কৰে।

ৰাজকুমাৰ ঠাকুৰীয়াৰ ফল-মূল, পাচলিৰ খেতিঃ 1
ৰাজকুমাৰ ঠাকুৰীয়াৰ ফল-মূল, পাচলিৰ খেতিঃ 2


আচলতে, ৰাজকুমাৰ ঠাকুৰীয়া নামটো চচিয়েল মিডিয়াত যেতিয়াই লোৱা হয় তেতিয়া কাৰোবাক জোকাবলৈ অথবা তেওঁকেই উপলুঙা কৰিবলৈহে লোৱা হয়। কিন্তু, ৰাজকুমাৰৰ এনে কাৰ্যই এতিয়া প্ৰত্যেককে প্ৰশংসা কৰিবলৈ বাধ্য কৰি তুলিছে। এগৰাকী পেঞ্চনাৰ হোৱা পিছতো তেওঁৰ এনে মানসিকতাই এতিয়া প্ৰত্যেকজন নাগৰিকক আকৰ্ষিত কৰিছে।

]]>
https://rupaliparda.com/archives/27675/feed 0 27675
“প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো”- ৰাজকুমাৰ https://rupaliparda.com/archives/24485 https://rupaliparda.com/archives/24485#respond Mon, 01 Mar 2021 08:30:09 +0000 https://rupaliparda.com/?p=24485 যেতিয়া একোজন প্ৰতিভা দৃঢ় হয় তেতিয়া তেওঁ নিজ গন্তব্যস্থান অনায়সে লাভ কৰাত সক্ষম হয়। আমি আচলতে এনে বহু উদাহৰণ দেখিছো। নিজৰ প্ৰতিভাৰ প্ৰতিটো দিশক পুংখানুপুংখভাৱে ১০০ শতাংশ প্ৰদান কৰাৰ উপৰিও সামাজিক কামৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বজালীত জন্ম লাভ কৰা এগৰাকী অসমীয়া অভিনেতাৰ নাম হৈছে ৰাজকুমাৰ। সৰুৰে পৰা অভিনয়ৰ সৈতে জড়িত ৰাজকুমাৰে বৰ্তমানলৈ ভাগ্যদেৱী থিয়েটাৰৰ পৰা আৰম্ভণি কৰি কহিনুৰ, বৰদৈছিলা, ৰাজমুকুট, সূৰ্য্য, ইতিহাস আদি কেইবাটাও থিয়েটাৰ গোষ্ঠীৰ সৈতে তেওঁ জড়িত হৈ নিজ অভিনয়ৰ মজবুত দিশটো জনসাধাৰণক দেখুৱাই আহিছে। আহিবলগীয়া সময়ত তেওঁক অসমীয়া ছবি “যোদ্ধা” তো এটি অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা যাব। শেহতীয়াকৈ এই গৰাকী অভিনেতাৰ সৈতে তেওঁৰ অভিনয়ৰ যাত্ৰাটোৰ লগতেই ৰূপালীপৰ্দাৰ তৰফৰ পৰাও পাতিছিলো অইন কিছু কথা-বতৰা। অভিনয়ৰ দিশটোত তেওঁৰ আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাতে ৰাজকুমাৰে কয় যে, “পঞ্চম শ্ৰেণীত থাকোতেই মই নাট্যমণ্ডল নামে এটা অপেছাদাৰী নাট্যগোষ্ঠীৰ সৈতে “বিশ্বাস” নামে প্ৰথমখন নাটক কৰিছিলো। অভিনয় জীৱনৰ পাতনি মেলিছিলো সেইটো সময়ৰ পৰাই; তেনেকৈয়ে তেওঁলোকৰ ফালৰ পৰা প্ৰতিবছৰে হোৱা একোখন শিশু নাটত মই অভিনয় কৰিছিলো। তাৰ সমান্তৰালকৈ মই সত্ৰীয়া, মডাৰ্ণ তথা সমৰ কলাৰ সৈতে জড়িত হৈ আছিলো; আনহাতে নাটকৰ বিভিন্ন কৰ্মশালা সমূহত মই অংশগ্ৰহণ কৰা চেষ্টা কৰিছিলো। পিছলৈ ভাগ্যদেৱী থিয়েটাৰৰ সৈতে জড়িত হ’লো; ৯ টা বছৰে মই বিভিন্ন থিয়েটাৰ গোষ্ঠী সমূহৰ সৈতে জড়িত হৈ আছো। কেমেৰাৰ সমুখলৈ অহা মোৰ প্ৰথমখন ভিডিঅ’ চিডিৰ নাম আছিল “ৰিঙা ৰিঙা মন”। জানমণি, অঞ্জনা আদিকে ধৰি প্ৰায় দুই কুৰিৰো অধিক ভিডিঅ’ চিডিত মই অভিনয় কৰিছো।”

"প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো"- ৰাজকুমাৰ 3
"প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো"- ৰাজকুমাৰ 4


আগলৈ তেওঁ কয় যে, “শেহতীয়াকৈ মই ব্যস্ত হৈ আছো “যোদ্ধা” নামে ছবিখনৰ সৈতে। আৰু কেইটামান প্ৰকল্প আছে, ৰাইজক সময়ত জনাই যাম।” ৰাজকুমাৰৰ মুখেৰে “যোদ্ধা” ছবিখনৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “যোদ্ধা বুলি ক’লে ইংৰাজী সেইটো হ’ব Fighter। কিন্তু আমাৰ ছবিখনৰ এই “যোদ্ধা” গৰাকী কোনো ৰণক্ষেত্ৰৰ যোদ্ধা নহয়; তেওঁ হৈছে নিজ ব্যক্তিগত জীৱনত চলি থকা একোখন ৰণৰ যোদ্ধা। আমাৰ প্ৰত্যেকেৰে জীৱনত আচলতে ঘাত-প্ৰতিঘাত আছে; কিন্তু এই ঘাত- প্ৰতিঘাত সমূহ থাকিলেও যেতিয়া আমি ধনাত্মক মনোভাৱেৰে আগবাঢ়ি গৈ নিজ লক্ষ্যস্থান পাবলৈ চেষ্টা কৰো তেতিয়াই আমি নিজৰ মাজত একোগৰাকী “যোদ্ধা” ক জন্ম দিবলৈ সক্ষম হওঁ। এই ছবিখনত বিশেষকৈ নৱপ্ৰজন্মৰ বাবে এক বাৰ্তা আছে; সম্প্ৰতি সময়ছোৱাত আমি বহু হতাশগ্ৰস্ত নৱপ্ৰজন্ম দেখিছো কিন্তু এই হতাশাক নিজৰ মজবুত দিশ বুলি জ্ঞান কৰি পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পৰা যায় তেনে এক বাৰ্তা দিয়া হৈছে “যোদ্ধা” ছবিখনত।” যোদ্ধা” ৰ বাদেও অইন প্ৰকল্পৰ কথা জানিবলৈ বিচৰাত তেওঁ কয় যে, “যোদ্ধা” ৰ লগতে আন দুখন ছবিৰ কথা আলোচনা হৈ আছে। সময়ত ৰাইজক নিশ্চয় জনাম। লগতে, মই কিছুমান কৰ্মৰ সৈতেও জড়িত। প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো আৰু আগলৈও ৰাখিম।”

"প্ৰকৃতি, জীৱজন্তুৰ লগতে অসহায় লোক সকলক সহায় আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছো"- ৰাজকুমাৰ 5


উল্লেখ্য যে, সমৰ কলাত ব্লেক ব্লেটপ্ৰাপ্ত ৰাজকুমাৰ সামাজিক কৰ্মৰ সৈতেও জড়িত। তেওঁ লক-ডাউনৰ সময়ছোৱাত ৫০০ তকৈ অধিক পৰিয়ালক আৱশ্যকীয় সা-সামগ্ৰী প্ৰদানৰ লগতে ৰাজকুমাৰে তেওঁৰ জন্মঅঞ্চলৰ লগতে আন ঠাইৰ কেইবাটাও পৰিয়ালৰ দায়িত্ব নিজ মূৰ পাতি লৈছিল। ৰাজকুমাৰৰ এনে দায়িত্ব অথবা কৰ্মসমূহৰ বাবে তেওঁক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/24485/feed 0 24485