Raktim Prashar – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 09 Oct 2021 06:02:59 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Raktim Prashar – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “সংগীত এটা সফল হ’বলৈ হ’লে আমাৰ সংগীতৰ প্ৰতি আস্থা থকাটো প্ৰয়োজনীয়”- ৰক্তিম পৰাশৰ https://rupaliparda.com/archives/28692 https://rupaliparda.com/archives/28692#respond Sun, 10 Oct 2021 06:30:00 +0000 https://rupaliparda.com/?p=28692 আমি আপোনালোকক বহুখিনি নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ বিষয়ে জনাই আহিছোঁ। প্ৰত্যেকজনে নিজ নিজ ক্ষেত্ৰত এক সুন্দৰ ভূমিকা পালন কৰি আহিছে; থলুৱা সংগীতৰ পৰা আৰম্ভ কৰি পাশ্চাত্যৰ এক ধাৰা অসমীয়া সংগীতৰ লগত মিলোৱাই নহওঁক কিয় প্ৰত্যেকতে এওঁলোকে নিজক এক সুন্দৰ ৰূপত জনসাধাৰণৰ মাজলৈ লৈ আনিছে। মনোৰঞ্জন জগত খনত একোটা বিষয়ৰ কাৰিকৰী দিশটোৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিটো দিশত অসম তথা হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনত সমানেই দপদপাই থকা একোজন অসমীয়াই প্ৰায় প্ৰতিটো মূহুৰ্ততে গৌৰৱান্বিত কৰে জনসাধাৰণক। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি থকা একোজন অসম সন্তানে কৰা কামৰ প্ৰশংসা কেৱল ঘৰুৱা দৰ্শক বুলিয়েই নহয়; ই চাৰিওফালে চৰ্চা লাভ কৰিবলৈ সক্ষম হয়। অসমৰ পৰা বিভিন্ন জন মায়ানগৰীলৈ গৈ নিজক প্ৰতিষ্ঠা কৰাৰ সপোন দেখে আৰু এই সপোনৰ বাবে তেওঁলোকে প্ৰায় সময়তে অহোপুৰুষাৰ্থও কৰে। নিষ্ঠা আৰু একাগ্ৰতাৰে আগবাঢ়ি তেওঁলোকে নিজক চিনাকী কৰোৱাই দিয়ে জনসাধাৰণৰ মাজত। তেওঁলোকে তাত থাকিও নিজ মূলসুঁতি এৰি নিদিয়ে, নিজৰ জন্মভূমিৰ কাৰণে তেওঁলোকে শ্ৰোতা-দৰ্শকৰ বাবে নতুন বহু পৰিকল্পনা কৰে। শেহতীয়াকৈ আমি মুম্বাইত প্ৰতিষ্ঠিত অসমৰেই এগৰাকী সন্তান ৰক্তিম পৰাশৰৰ সৈতে ৰূপালীপৰ্দাৰ ফালৰ পৰা পাতিছিলোঁ কিছু কথা। তেওঁৰ সংগীত ক্ষেত্ৰখনত আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে,

"সংগীত এটা সফল হ'বলৈ হ'লে আমাৰ সংগীতৰ প্ৰতি আস্থা থকাটো প্ৰয়োজনীয়"- ৰক্তিম পৰাশৰ 1


“মই সৰুৰে পৰা প্ৰয়াত কি’বোৰ্ড বাদক নুুপূৰ বৰদলৈ দেৱৰ ওচৰত পাশ্চাত্য সংগীতৰ প্ৰশিক্ষণ লাভ কৰিছিলোঁ আৰু শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰিছিলোঁ শ্ৰী মাকন মিশ্ৰ বাইদেউৰ ওচৰত। তেওঁলোকৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিয়েই মই অসমৰ বহু ঠাইত গীত পৰিৱেশন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এনেদৰেই মই এই কলা জগতখনৰ সৈতে জড়িত হৈ পৰিলোঁ।” এটা সংগীতৰ সফলতা/বিফলতা মানে কি বুলি প্ৰশ্ন কৰাত ৰক্তিম পৰাশৰে কয় যে, “এটা সংগীতৰ যথোপযুক্ত তথা এটা নিৰ্দ্দিষ্ট সংজ্ঞা দিয়াটো টান। কিন্তু এটা কথা মই বিশ্বাস কৰোঁ যে সংগীত এটা সফল হ’বলৈ হ’লে আমাৰ সংগীতৰ প্ৰতি আস্থা থকাটো প্ৰয়োজনীয়। একাগ্ৰতা আৰু নিৰৱচ্ছিন্ন সাধনাৰ দ্বাৰা কোনো এটা গীত সফলকাম হ’ব পাৰে বুলি মই ভাবোঁ।” আগন্তুক পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই শেহতীয়াকৈ “plantsman Undergroud” নামেৰে এক প্ৰধান ৰেকৰ্ড লেবেল আৰু আৰ্ট কালেকটিভৰ পৰিকল্পনা হাতত লৈছোঁ। ইয়াত সকলো ধৰণৰ সৃষ্টিশীল কলা-কুশলীয়ে নিজৰ কলাৰ চৰ্চা কৰি যাবলৈ সহায়ক হ’ব।”

"সংগীত এটা সফল হ'বলৈ হ'লে আমাৰ সংগীতৰ প্ৰতি আস্থা থকাটো প্ৰয়োজনীয়"- ৰক্তিম পৰাশৰ 2


আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “মই ২০০৬ চনত চেন্নাই লৈ চাউণ্ড ইঞ্জিনিয়াৰিঙ শিক্ষা গ্ৰহণ কৰিছিলোঁ। তাৰ পৰা শিক্ষালাভ কৰি মই L.V প্ৰসাদত চাউণ্ড ডিজাইনাৰ হিচাবে কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। পৰৱৰ্তী ২০১৪ চনত, public art installations আৰু সংগীতৰ সৈতে জড়িত হৈ পৰিলোঁ।” ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁক জনাইছোঁ অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/28692/feed 0 28692