Ram Kapoor – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 03 Sep 2019 13:10:55 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Ram Kapoor – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “মই শ্বাহৰুখ অথবা ছলমান নহয়”- ৰাম কাপুৰ https://rupaliparda.com/archives/4920 https://rupaliparda.com/archives/4920#respond Tue, 03 Sep 2019 13:10:24 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=4920 প্ৰায় দুটা দশক জুৰি ধাৰাবাহিক আৰু চিনেমা জগতৰ সৈতে জড়িত হৈ থকা ৰাম কাপুৰ বৰ্তমান তেওঁৰ “ফিট লুক” ৰ বাবে চৰ্চা লাভ কৰিবলৈ ধৰিছে। ৪৬ বছৰ পিছত তেওঁ এই গ্লেমাৰ জগতৰ সৈতে জড়িত এক সত্য দৰ্শকক জনায়।

"মই শ্বাহৰুখ অথবা ছলমান নহয়"- ৰাম কাপুৰ 1


তেওঁ কোনো শ্বাহৰুখ অথবা ছলমান খান নহয় বুলি কোৱাৰ লগতে তেওঁ কয় যে “মই কোনো ডাঙৰ ষ্টাৰ নহ’লেও মই আজি য’ত আছো তাত মোৰ নিজৰ অনুৰাগী বোৰ আছে। মই লগা হ’লে ৱেব চিৰিজ কৰো অথবা ধাৰাবাহিক আৰু নহ’লে চিনেমাই নকৰো কিয়; মোৰ পপুলাৰিটী কোনো ক্ষেত্ৰতে কম নাই হোৱা যেন মোৰ অনুভৱ হয়।”

"মই শ্বাহৰুখ অথবা ছলমান নহয়"- ৰাম কাপুৰ 2


যোৱা ২০ টা বৰ্ষই অভিনয়ৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত এই অভিনেতা গৰাকীয়ে লগতে কয় যে, “এই গ্লেমাৰৰ ক্ষেত্ৰখনত কাম পোৱা একেবাৰেই কঠিন। আনকি ইয়াত ৯০ শতাংশ লোকে অডিশ্বন দিয়েই নিজৰ সম্পূৰ্ণ জীৱন কটাই দিয়ে।”

"মই শ্বাহৰুখ অথবা ছলমান নহয়"- ৰাম কাপুৰ 3


ৰাম কাপুৰে এনেবোৰ কথা কোৱা লগতে নিজৰ দিনলিপিও দৰ্শকক জানিবলৈ দিয়ে। ১৩০ কিলো ওজনৰ পৰা ২৫-৩০ কিলো কমোৱা এই অভিনেতা গৰাকীক আগন্তুক সময়ত কেনে ধৰণৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব সেয়া হ’ব লক্ষণীয়।

]]>
https://rupaliparda.com/archives/4920/feed 0 4920
“দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো”ঃ ৰাম কাপুৰ https://rupaliparda.com/archives/3000 https://rupaliparda.com/archives/3000#respond Fri, 12 Jul 2019 16:01:59 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=3000 বহুকেইখন হিন্দী ধাৰাবাহিকত ৰাজত্ব কৰা তথা কেইবাখনো বলীউড ছবিত অভিনয় কৰা ৰাম কাপুৰে দেহৰ ওজন কমাই নিজক “ফিট” ৰখাৰ প্ৰচেষ্টা চলাইছে। চচিয়েল মিডিয়াত আপলোড কৰা কেইবাখনো ফটোৰ জৰিয়তে এই কথা বুজিব পৰা গৈছে ;য’ত অনুৰাগীৰ ফালৰ পৰাও তেওঁ লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি। অলপতে মুম্বাই মিৰ’ৰ ৰ ফালৰ পৰা হোৱা কথা-বতৰাত তেওঁ নিজৰ ওজন কমোৱাৰ বাবে কৰা কষ্ট আৰু এই দীৰ্ঘদিনীয়া সময়সীমাটোৰ ওপৰত কিছু কথা ব্যক্ত কৰে।

"দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো"ঃ ৰাম কাপুৰ 4
"দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো"ঃ ৰাম কাপুৰ 5


ৰাম কাপুৰে নিজৰ ১৩৫ কেজিৰ পৰা প্ৰায় ২৫-৩০ কেজি কমাবলৈ নিজ অভিনয় ক্ষেত্ৰৰ পৰা ৬ মাহৰ অৱসৰ লৈছিল। তেওঁ নিজ কৰ্মজীৱনৰ আনুমানিক ১০ বছৰ কাল এটা “আনফিট” দেহ লৈ জীয়াই আছিল ; গতিকে তেওঁ এতিয়া নিজ দেহক প্ৰথম প্ৰাধান্য দিবলৈ চেষ্টা কৰিছে। ইয়াৰ লগতে তেওঁ উল্লেখ কৰে যে, “মই ৰাতিপুৱা শুই উঠি খালী পেটত ১ ঘণ্টা সময় ওজন দাঙো (weight lifting) । ইয়াৰ পিছত ৰাতি আকৌ টোপনি মৰা আগত একেবাৰে কমকৈ খাদ্য খাওঁ। দিনটোৰ ১৬ ঘণ্টা সময় মই একোৱে নাখাওঁ লগতে চেনি, তেল আৰু চৰ্বী জাতীয় বস্তুবোৰৰ পৰা দূৰত থাকো।”

"দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো"ঃ ৰাম কাপুৰ 6


অভিনতাগৰাকীয়ে দৰ্শকক অথবা নিজ অনুৰাগী সকলক ইমান বছৰে তেওঁক এনেকৈয়ে গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে তেওঁ ইমানদিনে কৰি থকা চৰিত্ৰসমূহৰ সৈতে বৰ্তমান চৰিত্ৰৰ কিছু সাল-সলনি ঘটিব বুলিও মত প্ৰকাশ কৰে। এক কথাত ক’বলৈ গ’লৈ ৰাম কাপুৰৰ এই ট্ৰেন্সফ’ৰমেছনে বহু লোকক উৎসাহিত কৰাৰ লগতে নিশ্চয়কৈ দৰ্শকৰ মন টানিবলৈ সক্ষম হৈছে।

"দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো"ঃ ৰাম কাপুৰ 7


অভিনেতা গৰাকীয়ে নিজক “ফিট” ৰখাৰ এই কষ্টকৰ সময়ছোৱাত পত্নী গৌতমী কাপুৰৰো হাত থকা বুলি উল্লেখ কৰে। গৌতমী কাপুৰ নিজেই এগৰাকী “ফিট” মহিলা গতিকে পত্নীৰ এই “ফিটনেছে” তেওঁক ক’ব নোৱাৰাকৈয়ে যথেষ্ট অনুপ্ৰেৰণা জগোৱা বুলি ব্যক্ত কৰে।

"দিনটোৰ ১৬ ঘণ্টা মই খাদ্যৰ পৰা দূৰত থাকো"ঃ ৰাম কাপুৰ 8


ৰাম কাপুৰৰ “ফিট” দেহৰ সৈতে সৰু পৰ্দাত তেওঁক কেনেধৰণৰ চৰিত্ৰত দেখা পোৱা যাব সেয়া হ’ব লক্ষণীয়।

]]>
https://rupaliparda.com/archives/3000/feed 0 3000