Randeep Hooda – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 05 Sep 2020 14:43:12 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Randeep Hooda – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “কলা আমাৰ জীৱনৰ এক অভিন্ন অংগ”- ৰনদীপ হুড্ডা https://rupaliparda.com/archives/19927 https://rupaliparda.com/archives/19927#respond Sat, 05 Sep 2020 16:30:00 +0000 https://rupaliparda.com/?p=19927 ক’ৰোণা সংক্ৰমণৰ বাঢ়ি অহা সংখ্যাৰ বাবে বৰ্তমানেও দেশত চিত্ৰগৃহ সমূহ খোলাৰ অনুমতি প্ৰদান কৰা নাই চৰকাৰে। বিগত ৬ মাহৰ পৰাই এই চিত্ৰগৃহ সমূহ বন্ধ হৈ আছে যদিও এতিয়া ইয়াক লৈ বিভিন্ন প্ৰতিক্ৰিয়া বাহিৰলৈ অহা দেখিবলৈ পোৱা গৈছে। হেছটেগৰ সৈতে চচিয়েল মিডিয়াত চলিছে ট্ৰেণ্ড। আৰু, এতিয়া এই বিষয়েই নিজ মত ব্যক্ত কৰিছে অভিনেতা ৰনদীপ হুড্ডাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত ৰণদীপে কয় যে, ” দেশৰ বিভিন্ন ঠাইত ইতিমধ্যে ছবিগৃহ সমূহ খুলিবলৈ লৈছে। শেহতীয়াকৈ হলীউডৰ ছবি “টেনেট” খনে মুক্তি লাভ কৰিছে আৰু ছবিখনে জনসাধাৰণৰ ভাল সঁহাৰি লাভ কৰিছে। কিন্তু ছবি সমূহক দেখুৱাবলৈ একোখন ছবিৰ নিৰ্মাণ হোৱাটোও প্ৰয়োজনীয়। মই আশা কৰিছো যে প্ৰযোজক সন্থা আৰু চৰকাৰে লগ হৈ এই বিষয়ত কোনো সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব।”

"কলা আমাৰ জীৱনৰ এক অভিন্ন অংগ"- ৰনদীপ হুড্ডা 1
"কলা আমাৰ জীৱনৰ এক অভিন্ন অংগ"- ৰনদীপ হুড্ডা 2


অভিনেতা গৰাকীয়ে আগলৈ কয় যে, মই বিশ্বাস কৰো যে ছবি ক্ষেত্ৰখনে আকৌ এবাৰ নিজৰ ভৰিত থিয় হ’ব পাৰিব। ই হাজাৰজন শ্ৰোতাৰ আমদানিৰ কাৰণ; ই লোকক মনোৰঞ্জন দিয়াৰ সমান্তৰালকৈ ই দৰ্শকক কামো প্ৰদান কৰে। আমি “লক-ডাউন” ৰ সময়ছোৱাত এক গুৰুত্বপূৰ্ণ কথা অনুভৱ কৰিছো যিটো হ’ল মনোৰঞ্জনৰ মহত্ব; ডিজিটেল প্লেটফৰ্ম বোৰত আমি কন্টেন্ট বোৰ ৰাখিবলৈ চেষ্টা কৰিছিলো। কলা আমাৰ জীৱনৰ এক অভিন্ন অংগ; আমি আগন্তুক সময়ত নিশ্চয়কৈ পূৰ্বৰ স্থিতিলৈ ঘূৰি আহিম।”

]]>
https://rupaliparda.com/archives/19927/feed 0 19927
ৰণদীপ হুড্ডাও ক’লে “আত্মনিৰ্ভৰ হওঁক; পৰিৱেশ বচাওঁক”- https://rupaliparda.com/archives/15509 https://rupaliparda.com/archives/15509#respond Tue, 26 May 2020 14:30:43 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=15509 “ক’ৰ’ণা ভাইৰাছে” দেশৰ কেইবাটাও ক্ষেত্ৰত বহু প্ৰভাৱ পেলাইছে। দেশত বৰ্তি থকা দুমহীয়া “লক-ডাউন” ৰ বৰ্তমান কিছু কিছু ক্ষেত্ৰত শিথিল কৰা হৈছে যদিও ই এতিয়াও এক চিন্তাৰ বিষয় হৈ আছে। “লক-ডাউনে” দেশৰ অৰ্থব্যৱস্থাত গুৰুত্বৰ প্ৰভাৱ পেলোৱা লগতে মজদুৰ শ্ৰেণীৰ লোকেও “লক-ডাউন” ৰ ফলত বহুল সমস্যাৰ সন্মুখীন হৈছে। কিন্তু,এই আটাইবোৰ বেয়াৰ মাজত হোৱা এটা ভাল কথা হৈছে যে, “লক-ডাউন” ৰ বাবে বাটে-পথে কমি অহা কম জনসংখ্যাৰ ফলত প্ৰকৃতিৰ ওপৰত পৰিছে ধনাত্মক প্ৰভাৱ। প্ৰদূষণ নোহোৱাৰ ফলতেই প্ৰকৃতিয়ে সুস্থিৰতাৰে উশাহ ল’বলৈ সক্ষম হৈছে। এনেক্ষেত্ৰতে, বহু জনসাধাৰণে “লক-ডাউন” শেষ হোৱা পিছতো এনেদৰে প্ৰদূষণ সৃষ্টি নকৰাৰ উপৰিও আন জনসাধাৰণকো পৰিৱেশ প্ৰদূষণ নকৰাৰ আহ্বান জনায়। বৰ্তমান এই আহ্বানত সহযোগ কৰিছে অভিনেতা ৰণদীপ হুড্ডাই।

ৰণদীপ হুড্ডাও ক'লে "আত্মনিৰ্ভৰ হওঁক; পৰিৱেশ বচাওঁক"- 3


ৰণদীপ হুড্ডাই এখন ফটোৰ লগতে টুইট কৰি কয় যে, ” যদিহে সমগ্ৰ বিশ্বই ডিচপজেবল মাস্ক পৰিধান কৰে তেনেহ’লে সাগৰ কিমান প্ৰদূষণ হ’ব? ব’লক আনি “Reusable” মাস্ক পৰিধান কৰো; তেনেহ’লে ক’ৰ’ণা শেষ হোৱাটো আমি প্ৰকৃতিক ধ্বংসৰ পৰা বচাব পাৰিম। মোক এই মাস্ক খন দিছে মোৰ বিল্ডিঙৰ প্ৰেসিডেন্টে। মই এই মাস্কখন লগাই দৌৰিবও পাৰো। লোকেলৰ বাবে ভোকেল। আত্মনিৰ্ভৰ হওঁক।” ইয়াৰ পূৰ্বেও অভিনেতা গৰাকীয়ে অসমৰ দিহিং পাটকাই বৰষাৰণ্যত হ’বলগীয়া কয়লা খননৰ বিৰুদ্ধে মাত মাতিছিল।

]]>
https://rupaliparda.com/archives/15509/feed 0 15509
পুনৰ ৰণদ্বীপ-ছলমানৰ মুখামুখিঃ https://rupaliparda.com/archives/8284 https://rupaliparda.com/archives/8284#respond Mon, 25 Nov 2019 13:35:39 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8284 অভিনেতা ৰণদ্বীপ হুড্ডাক ছলমান খানৰ সৈতে পুনৰ বাৰ ডাঙৰ পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব। ৰণদ্বীপ হুড্ডাই “কিক” ছবিখনত ছলমান খানক সলনি কৰিছিল লগতে ছবি “চুলতান’ ত ৰণদ্বীপে ছলমানক প্ৰশিক্ষণ দিছিল আৰু পুনৰ বাৰ আগন্তুক ছবি “ৰাধে” ত দুয়োগৰাকী অভিনেতা মুখা-মুখি হ’ব।

পুনৰ ৰণদ্বীপ-ছলমানৰ মুখামুখিঃ 4
পুনৰ ৰণদ্বীপ-ছলমানৰ মুখামুখিঃ 5


ৰণদ্বীপ হুড্ডাই কয় যে এজন অভিনেতাই সকলো পৰিস্থিতি তথা সকলো ষ্টাইলক নিজৰ কৰি ল’বলৈ চেষ্টা কৰিব লাগে। সমান্তৰালভাৱে অভিনেতা গৰাকীয়ে ছলমান খানক উদ্দেশ্যি কয় যে “ছলমান মোৰ বহুত ভাল বন্ধু আৰু তেওঁৰ সৈতে কাম কৰিলে তেওঁ মোক উৎসাহিত কৰি তোলে। ছলমানৰ জৰিয়তে মোৰ কাম বহু লোকৰ ওচৰলৈ গৈছে আৰু মই সমাদৰো লাভ কৰিছো।

]]>
https://rupaliparda.com/archives/8284/feed 0 8284
সাধাৰণ ঘৰৰ পৰা ওলাই হ’ল চুপাৰষ্টাৰঃ কৰিছিল ৰেষ্টুৰাত কাম- https://rupaliparda.com/archives/4234 https://rupaliparda.com/archives/4234#respond Tue, 20 Aug 2019 12:09:22 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=4234 জনপ্ৰিয় বলীউড অভিনেতা ৰণদীপ হুড্ডাই উদযাপন কৰিব নিজৰ ৪৩ সংখ্যক জন্মদিন। ২০০১ চনত “মনচুন ৱেডিং” নামে ছবিখনৰ পৰা ডেবিউ কৰা এই গৰাকী অভিনেতাই এগৰাকী সুদক্ষ অভিনেতা হ’বলৈ কৰিবলগীয়া হৈছিল সংগ্ৰাম।

সাধাৰণ ঘৰৰ পৰা ওলাই হ'ল চুপাৰষ্টাৰঃ কৰিছিল ৰেষ্টুৰাত কাম- 6


গ্ৰেজুৱেচন আৰু এম.বি.এ ৰ বাবে তেওঁ যেতিয়া অষ্ট্ৰেলিয়ালৈ গৈছিল তেতিয়া তেওঁ নিজৰ শিক্ষাৰ বাবে নিজেই টকা উলিওৱাৰ চেষ্টা কৰিছিল। টেক্সি চলোৱাৰ লগতে তেওঁ ৰেষ্টুৰেণ্টতো কাম কৰিছিল। এটা সাধাৰণ পৰিয়ালৰ পৰা ওলাই অহা ৰণদীপ হুড্ডাৰ পিতৃ-মাতৃয়ে তেওঁক এগৰাকী ডাক্তৰ ৰূপত চাবলৈ বিচাৰিছিল।

সাধাৰণ ঘৰৰ পৰা ওলাই হ'ল চুপাৰষ্টাৰঃ কৰিছিল ৰেষ্টুৰাত কাম- 7


ভাৰতলৈ ঘূৰি আহি অভিনেতা গৰাকীয়ে এটা এয়াৰলাইন কোম্পানীত কাম কৰিছিল আৰু তেতিয়াই মডেলিঙৰ প্ৰতি আকৰ্ষিত হৈ এটা থিয়েটাৰ গ্ৰুপৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁৰ নাটকৰ আখৰা কৰি থকা সময়তে তেওঁক পৰিচালক মীৰা নায়কে লগ পায় আৰু তেওঁক “মনচুন ৱেডিং” ছবিখনৰ বাবে গ্ৰহণ কৰে।

সাধাৰণ ঘৰৰ পৰা ওলাই হ'ল চুপাৰষ্টাৰঃ কৰিছিল ৰেষ্টুৰাত কাম- 8


ইয়াৰ পিছত,তেওঁ অভিনীত “ওৱান্স আপন এ টাইম ইন মুম্বাই” ৰ দ্বাৰা ৰণদীপ হুড্ডাৰ এক নতুন চিনাকী বলীউড ক্ষেত্ৰলৈ আহে। তেওঁৰ জনপ্ৰিয় ছবি কেইখন হ’ল “হাইৱে”, “সৰৱজিৎ”, “সাহেৱ,বিবি ঔৰ গেংগষ্টাৰ”, “ৰংগৰসিয়া”, “মে ঔৰ চাৰ্লস”, “মৰ্ডৰ ৩” আৰু “দো লফজো কি কাহানী”।

]]>
https://rupaliparda.com/archives/4234/feed 0 4234