Ratna Ojha – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 31 Dec 2019 09:35:59 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Ratna Ojha – Rupaliparda.com https://rupaliparda.com 32 32 163073109 অসমৰ বাটৰ নাটৰ বাটকটীয়া ৰত্ন ওজাৰ মৃত্যুঃ শোকস্তদ্ধ অসমবাসী- https://rupaliparda.com/archives/9059 https://rupaliparda.com/archives/9059#respond Tue, 31 Dec 2019 09:32:12 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9059 অসমৰ বাটৰ নাটৰ বাটকটীয়া হিচাপে সকলোৰে পৰিচিত ৰত্ন ওজাই আজি ইহলীলা সম্বৰণ কৰিলে। ১৯৩১ চনৰ ৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰা এই শিল্পী গৰাকী একাধাৰে অভিনেতা, গায়ক,নৃত্য শিল্পী, লেখক, নাট্যকাৰ, গীতিকাৰ, সংলাপ লেখক আছিল। ৰত্ন ওজাই নিজৰ শিল্পী জীৱন আৰম্ভ কৰিছিল ৭ বছৰ বয়সতে যাত্ৰাত কৰা ছোক্ৰা নাচৰ জৰিয়তে।

অসমৰ বাটৰ নাটৰ বাটকটীয়া ৰত্ন ওজাৰ মৃত্যুঃ শোকস্তদ্ধ অসমবাসী- 1


অসমৰ প্ৰথমখন বাটৰ নাট “ককাইদেউ” খন নাট্যকাৰ অৰুণ শৰ্মাই ৰত্ন ওজাৰ পৰিকল্পনাৰেই লিখি উলিয়াইছিল। ড° ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত ছবি “এৰাবাটৰ সুৰ”, “প্ৰতিধ্বনি” আৰু “লটিঘটি” ত সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ উপৰিও ৰত্ন ওজাই “লটিঘটি” ছবিখনত অভিনয় কৰে আৰু “চিকমিক বিজুলী” ৰ এটি গীততো কন্ঠদান কৰে। জাহ্নু বৰুৱাৰ জনপ্ৰিয় ছবি “হালধীয়া চৰায়ে বাওঁধান খায়” ত এই গৰাকী শিল্পীয়ে যু্ঁটীয়া সংলাপ লিখক হিচাপে কাম কৰাৰ লগতে তেওঁ ড° ভূপেন হাজৰিকাৰ প্ৰচেষ্টাত প্ৰথম অসমীয়া ডাব কৰা ছবি “ভাগ্য” ত অসমীয়া সংলাপ লিখাৰো সোভাগ্য লাভ কৰে।

অসমৰ বাটৰ নাটৰ বাটকটীয়া ৰত্ন ওজাৰ মৃত্যুঃ শোকস্তদ্ধ অসমবাসী- 2

ৰত্ন ওজাৰ দ্বাৰা ৰচিত নাট কেইখন হৈছে ক্ৰমে গুলজাৰ ক্লাব, গহ্বৰ, উৰ্বৰ, কবৰ, অস্থাৱৰ, সংলাপ, প্ৰলাপ, শ্ৰী মন্ত শংকৰদেৱ আদি।

অনাতাঁৰ সমূহ হৈছে ক্ৰমেঃ খং, অভিমন্যু,তিনি বনাম তেৰ, দিখৌ আজিও বয়, স্বাধীনতা আদি।

অসমৰ বাটৰ নাটৰ বাটকটীয়া ৰত্ন ওজাৰ মৃত্যুঃ শোকস্তদ্ধ অসমবাসী- 3

শিশু নাট সমূহ হৈছে ওমলা ঘৰ, চোৰ, গাধ, ঘৰৰ নাট, যুদ্ধ চলি আছে।

বাটৰ নাট হিচাপে ৰত্ন ওজাই লিখিছে কুমঙৰ পাপ, আমাক এজন অসমীয়া লাগে, অ’ ফুল অ’ ফুল নুফুলনো কিয়, চাইন ব’ৰ্ড আৰু বিয়োগ ভাওনা আদি।

ৰত্ন ওজাই গুৱাহাটী দূৰদৰ্শনৰ ধাৰাবাহিক পৰিচালনা কৰে “কি চাই আছিলি ভায়াটি এ হে”। লগতে, এই গৰাকী স্বনামধন্য শিল্পীয়ে টেলিনাট হিচাপে পৰিচালনা কৰি সুখ্যাত পায় “হনুমান সাগৰ বন্ধা চাও” ৰ যোগেৰে।

অসমৰ বাটৰ নাটৰ বাটকটীয়া ৰত্ন ওজাৰ মৃত্যুঃ শোকস্তদ্ধ অসমবাসী- 4


শিল্পীৰ গৰাকীৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিছে বৰ্তমান সমগ্ৰ অসমবাসী। উল্লেখ্য যে,ৰত্ন ওজাৰ নশ্বৰ দেহ আজি বিয়লি ৫.৩০ বজাত মালিগাঁৱৰ ৰেলৱে প্ৰধান কাৰ্যালয়ৰ সমীপৰ নৱজ্যোতি কলা পৰিষদলৈ লৈ অনা হ’ব।

]]>
https://rupaliparda.com/archives/9059/feed 0 9059