Ravi Sharma – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Wed, 22 May 2024 10:59:52 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Ravi Sharma – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ৰবিক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত ৰূপক গগৈ –উৎপল মেনা https://rupaliparda.com/archives/30162 https://rupaliparda.com/archives/30162#respond Tue, 21 May 2024 17:25:03 +0000 https://rupaliparda.com/?p=30162 ‘ৰুদ্ৰ” নিৰ্মাণ কৰ্ম চলি আছে! আজিৰ তাৰিখত “বজাৰ সফলতা”ৰ ট্ৰেকত থকা “নায়ক” ৰবি শৰ্মাক লৈ “ৰুদ্ৰ” নিৰ্মাণত ব্যস্ত আছে চিনেমা লেখক-পৰিচালক ৰূপক গগৈ। ৰূপকৰ আমন্ত্ৰণত যোৱা ১০ মে’ত উপস্থিত আছিলোঁ “ৰুদ্ৰ”ৰ মহুৰৎ অনুষ্ঠানত। মহুৰৎ শ্বট দিছিল ৰবি শৰ্মা আৰু অসমৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচন কৰি অনা কেইগৰাকী মান যুৱকে। দুটা শ্বট লৈছিল, পৰিপাটি action shot (ডিজাইন, নিয়ন্ত্ৰক: দীপক দাস), পৰিচালকৰ নিৰ্দেশত। ভাল লগা দিশটো হ’ল– দীপক দাস অসমৰ, ৰবি শৰ্মাৰ সৈতে অংশ লোৱা যুৱকৰ দলটো অসমৰ। পৰিচালকে action shot নিৰ্মাণৰ বাবে অসমৰ বাহিৰৰ চিনেকৰ্মীক গুৰুত্ব দিয়া নাই। এয়া ইতিবাচক দিশ। (দীপক দাসে বলিউড কেন্দ্ৰিক চিনেমাত কাম কৰিছে।)

ৰুদ্ৰ

পৰিচালক ৰূপক গগৈৰ “ৰুদ্ৰ’ তৃতীয় পৰিচালনা, “গেংছ অৱ নৰ্থইষ্ট” (হিন্দী), “তুমি মালালা”ৰ পাছত। আমাৰ ধাৰণাত “ৰুদ্ৰ” হ’ব– একশ্বন আৰু থ্ৰিলাৰ। কাহিনীক গতি দিব ৰবি শৰ্মাই অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি! সন্দেহ নাই– এই চিনেমা খনত “একশ্বন হিৰো” ৰবি শৰ্মাক নতুন ৰূপত দেখা যাব। কেৱল “একশ্বন বৃত্ত”তে নাৰাখি ৰবিক নিশ্চয় “ৰোমাণ্টিক ইমেজ”তো বন্দী কৰিব পৰিচালকে। ৰবিৰ বিপৰীতে নন্দিনী কাশ্যপক লৈ নিশ্চয় ৰোমাণ্টিক মুডৰ গীতো চিত্ৰায়ণ কৰিব।

ৰুদ্ৰ

–চিনেমা খনৰ অন্যান্য চৰিত্ৰ নিৰ্মাণ কৰিব মৃদুলা বৰুৱা, অলক নাথ,, অlৰ্চিত অদ্ৰৱ, প্ৰতিভা চৌধুৰী, ৰাজীব গোস্বামী, অদ্ৰি হাতীবৰুৱা, শান্তা ডী জী চৌধুৰী, অনামিকা বৰ্মন, হিমাংশু গগৈ, নৱ মহন্ত, অংসুতা কাশ্যপ, অশ্ৰlমিকা, জাহ্নৱী ম’ৰে, অনুৰাগ অধিকাৰী, হৰি প্ৰসাদ চাহু আদিক লৈ। ২ কোটি টকা বাজেট (চৰ্চা মতে)-ৰ এই অসমীয়া চিনেমা খন শ্যাম প্ৰডাকচনৰ বেনাৰ নিৰ্মাণ হৈ থকা এই চিনেমা খনৰ প্ৰযোজক: ৰাজেশ কুমাৰ ম’ৰ।

ৰুদ্ৰ

এক চিনে আড্ডাত “ৰুদ্ৰ” চৰ্চা চলি থাকোতো মনলৈ আহিছিল “সূৰুয” (১৯৮৫)-ৰ, আন এখন অসমীয়া চিনেমাৰ। পুলক গগৈৰ পৰিচালনা। এই চিনেমা খন আছিল অসমীয়া চিনেমাৰ সেই সময়ৰ “স্থানীয় বজাৰ”ৰ চমক। পৰিচালনা শৈলী আছিল, সেই সময়ৰ আন অসমীয়া চিনেমাতকৈ বেলেগ, বলিউডৰ চিনেমাৰ ওচৰৰ। তপন দাসৰ দৰে (হিৰো ইমেজৰ) অভিনেতাক লৈ নিৰ্মাণ কৰিছিল “খলনায়ক চৰিত্ৰ”। একশ্বন, সংগীতৰ ব্যৱহাৰো আছিল বলিউডৰ ওচৰৰ। “সূৰুয” প্ৰসংগ মনলৈ এই কাৰণেই আহিছিল– “ৰুদ্ৰ”ৰ পৰিচালক ৰূপক পুলক গগৈৰ পুত্ৰ। আৰু! বাকী সময়ত স্পষ্ট হ’ব।

]]>
https://rupaliparda.com/archives/30162/feed 0 30162
।। শ্ৰী ৰঘুপতি: পৰিপাটি ৰূপালী গল্প।। — উৎপল মেনা https://rupaliparda.com/archives/29476 https://rupaliparda.com/archives/29476#respond Tue, 13 Jun 2023 16:43:12 +0000 https://rupaliparda.com/?p=29476

Commercial films are films that are created and funded with the sole
purpose of generating a profit.

চিনেমাৰ “আৰ্ট-কমাৰ্চিয়েল” বিভাজনৰ ঊর্ধ্বত আমাৰ চিনেমা ধাৰণা।
“আৰ্ট” হীন “কমাৰ্চিয়েল” চিনেমা নিৰ্মাণ হয়নে, নিৰ্মাণ সম্ভৱ নে?

–চিনেমা পৰিচালকৰ মাধ্যম। চিনেকৰ্মৰ নিয়ন্ত্ৰক পৰিচালকৰ চিনেচিন্তা।
চিনেমা নিৰ্মাণ পৰ্ব আগবঢ়ে দুই ধৰণে– কাহিনী কেন্দ্ৰীক বিষয়বস্তু বা বিষয়বস্তু কেন্দ্ৰীক কাহিনী নিৰ্মাণেৰে। এয়া চিনেমা নিৰ্মাণ পৰ্বৰ প্ৰথম বিন্দু। দ্বিতীয় বিন্দু– পৰিচালকে (আৰু চিত্ৰনাট্যকাৰে) নিৰ্দিষ্ট গল্পটো বিষয়বস্তুৰে বান্ধি কেনেদৰে দেখুৱাব খোজে। এই দ্বিতীয় বিন্দুটোতে ঠিক হয়– চিনেমা খনৰ পৰিচালনা শৈলী।

আহিছো– “শ্ৰী ৰঘুপতি” প্ৰসংগলৈ। এখন পৰিপাটি অসমীয়া চিনেমা। তামিল-তেলেগু বা হিন্দী চিনেমাত যে মাৰ-পিটৰ দৃশ্য চিত্ৰায়ণ কৰে, তেনেদৰে “শ্ৰী ৰঘুপতি”তো কৰিছে। কিন্তু “শ্ৰী ৰঘুপতি” তামিল-তেলেগু বা হিন্দী শৈলীৰ মাজত সোমায়ো “অসমীয়া চিনেমা” হৈ থাকিল।
সন্দেহ নাই, সম্ভৱ হৈছে পৰিচালক শুব্ৰত কাকতিৰ চিনে দক্ষতাৰ বাবে।

ৰঘুপতি

চিনেমা খনৰ কাহিনী, সংলাপ ৰবি শৰ্মাৰ। চিত্ৰনাট্য আৰু সম্পাদনা পৰিচালক শুব্ৰত কাকতিৰ।
কাহিনী, সংলাপ: ৰূপালী গল্পটোৰ নায়ক– ৰঘুপতি। আই পি এছ বিষয়া। দুৰ্নীতিৰ আঁতৰত থকা বিষয়া। পিতৃ-মাতৃ, একমাত্ৰ ভগ্নী, প্ৰেয়সী– এয়াই ৰঘুপতিৰ পৰিয়াল।

ৰঘুপতিৰ ভগ্নীৰ ইচ্ছা বা জীৱনৰ লক্ষ্য শিক্ষয়ত্ৰী হোৱা, গাঁৱত শিক্ষাৰ পোহৰ বিলোৱা। লক্ষ্য স্থানত খোজ পেলালে ৰঘুপতিৰ ভগ্নীয়ে। এখন গাঁৱত শিক্ষাৰ পোহৰ বিলোৱাত ব্যস্ত হ’ল।
কাহিনী আগবাঢ়ে, মসৃন গতিত।

“সুখৰ গল্প”লৈ দুখ আহে– শিশু সৰবৰাহ চক্ৰ এটাৰ এজনে ধৰ্ষণ কৰে, হত্যা কৰে ৰঘুপতিৰ ভগ্নীক।

আৰু ভগ্নীৰ মৃত্যুৰ পাছৰে পৰা গল্পৰ মুড সলনি হয়। কাহিনীলৈ খলনায়ক আহে। ৰঘুপতিয়ে শিশু সৰবৰাহ চক্ৰৰ বিৰূদ্ধে যুঁজ আৰম্ভ কৰে। শেষত নায়ক ৰঘুপতিৰ হাতত খলনায়কৰ মৃত্যু। শিশু সৰবৰাহ চক্ৰৰ কৱলৰ পৰা কেইবা গৰাকীয়ো কিশোৰীক উদ্ধাৰ।

কাহিনী লেখকে ৰাজনীতিক-ফেশ্বন জগতৰ একাংশ আৰু শিশু সৰবৰাহ চক্ৰক লৈ বিষয়বস্তুৰ ৰেখা এডাল টানছে। আমাৰ ধাৰণাত– এই চিনেমা খনৰ নিৰ্মাণ পৰ্বৰ প্ৰথমটো বিন্দু, চৰিত্ৰ (কাহিনী) কেন্দ্ৰীক বিষয়বস্তু।

শ্ৰী ৰঘুপতি

আহিছো সংলাপলৈ।

চিনেমা খনৰ কাহিনীৰ টাৰ্ণি পইণ্ট দুটা।
দ্বিতীয়টো টাৰ্ণি পইণ্টত গতি দিছে সংলাপেৰে– “ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি, ৰামৰ জন্ম হৈছিল লংকাৰ ৰাৱণক বিনাশ কৰিবলৈ, ৰাৱণ বিনাশ হ’ল সঁচা কিন্তু তাৰ পিছত জন্ম হ’ল হেজাৰ হেজাৰ ৰাৱণ।…”

–এই সংলাপটোৰে (সিদ্ধাৰ্থ শৰ্মাক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোৰ মুখত দিয়া) হতাশৰ মাজত সোমাই পৰা ৰঘুপতিক মুক্ত কৰিছিল। “গল্প”ক ৰঘুপতি কেন্দ্ৰীক গতি দি খলনায়কৰ বিৰূদ্ধে ঠিয় কৰাইছিল।

আন এটা সংলাপ, মন চুই যোৱা, মগজুত ৰৈ যোৱা– “এগৰাকী ছোৱালীৰ যেতিয়া ধৰ্ষণ হয়, কেৱল তাইৰ শৰীৰটোৱেই ধৰ্ষিতা নহয়। ধৰ্ষণ হয় তাইৰ মাকৰ কষ্টৰ, দেউতাকৰ সপোনৰ আৰু এটা পৰিয়ালৰ আশাৰ”। আৰু ভালে মান সংলাপ আছে, যিবোৰ ৰূপালী গল্পটোৰ অলংকাৰ হৈ সৌন্দৰ্য বঢ়িইছে, গল্পক গতি দিয়াত সহায় কৰিছে। সংলাপ লেখকে “সাহিত্য”ৰ সংলাপ লিখা নাই, “চিনে সংলাপ” লিখিছে।

চিত্ৰনাট্য:
এক কথাত– দুৰ্বল চিত্ৰনাট্য। মূল চৰিত্ৰটো নিৰ্মাণতে ব্যৰ্থ চিত্ৰনাট্যকাৰ। বিন্যাসত ব্যৰ্থ। বিন্যাস মসৃন গতিহীন। খলনায়কৰ চৰিত্ৰ বিন্যাস মূল গল্পৰ গতিত উজুটি।

ৰঘুপতি

পৰিচালনা:
দুৰ্বল চিত্ৰনাট্য সবল ৰূপালী গল্পলৈ ৰূপান্তৰ হৈছে পৰিচালকৰ পৰিপাটি পৰিচালনাৰ বাবে। প্ৰথম ৩০মিনিট মান দৈৰ্ঘৰ গতি মন্থৰ। মন্থৰ গতি আমনিদায়ক হোৱা নাই। কাহিনীৰ বুনিয়াদ নিৰ্মাণৰ মন্থৰ গতিৰ এই “দৈৰ্ঘ”তে পৰিচালক স্পষ্ট কৰিছে ভূগোল; আৰু ৰূপালী গল্পটোৰ বুৰজ্ঞী স্পষ্ট কৰিছে ক্ৰমে, কাহিনীৰ গতিত। নায়কৰ ভগ্নীৰ মৃত্যুৰ পাছত ৰূপালী গল্পটোৰ গতি দ্ৰুত হৈছে। দ্ৰুত গতিয়ে চিনে সৌন্দৰ্য বঢ়াইছে।

নায়কৰ ভগ্নীৰ মৃত্যুৰ পাছত গল্পটোক গতি দিছে এটা গীতেৰে–
হে নাৰায়ণ
হে নাৰায়ণ
কিনো অৱতাৰ
প্ৰাণৰ কাতৰ
তোমাৰ চৰণ
যাতনা যি য’ত
আমাৰ জীৱন …।

–গীতটোৰ চিত্ৰায়ণ পৰিপাটি। গল্প আগবঢ়াই নিয়া গীতটোত অসমীয়া বাদ্য, নৃত্যৰ প্ৰয়োগক এনেদৰেও ক’ব পৰা যায়– চিনেমেটিক চমক। আন কেইটা গীত চিনেমা খনৰ গল্পৰ অলংকাৰ মাত্ৰ।
পৰিচালকৰ চিনেশক্তি স্পষ্ট হোৱা আন এটা দিশ– প্ৰতিটো চৰিত্ৰ পৰিপাটিকৈ কাহিনীৰ সৈতে গুথিছে। নায়িকা (প্ৰীতি কংগনাকলৈ নিৰ্মাণ কৰা চৰিত্ৰটো) ৰূপালী গল্পটোত “ফুলদানি” মাত্ৰ। নায়কৰ বিপৰীতে নায়িকাৰ প্ৰয়োজন– ভাৰতীয় চিনেমাৰ এই অলিখিত নিয়মটোৰ তাগিদাতে নিৰ্মণ কৰা হৈছে এই চৰিতটো। কাহিনী শেষ হোৱাৰ কিছু আগতে অৱশ্যে দেখিলোঁ– গুলিবিদ্ধ নায়কৰ অপেক্ষাত আছিল চিকিৎসক নায়িকা! (এনে এখন চিকিৎসালয়, যি খনত চিকিৎসক নায়িকা, আৰু এগৰাকী কৰ্মচাৰিৰ বাহিৰে আন কোনো নাছিল।) যি নহওক, নায়িকাক তেনেদৰেই গুথিলে পৰিচালকে। ৰূপালী গল্পটোৰ প্ৰথম ভাগত অপ্ৰয়োজনীয় বুলি ভবা, বৰ্ণালী পূজাৰীক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোও শেষৰ ফালে কাহিনীৰ অংগ হৈছে। অৰুণ নাথক লৈ নিৰ্মাণ কৰা চলমান খান চৰিত্ৰটো হঠাতে গুথিছে কাহিনীৰ গতিত বাধা নিদিয়াকৈ। তেনেদৰে গুথিছে সিদ্ধাৰ্থ শৰ্মা, প্ৰিয়ম পল্লৱী, ৰীণা বৰা, ৰাজ শৰ্মা আদিয়ে অভিনয় কৰা প্ৰতিটো চৰিত্ৰ। নায়কক বীৰ সজাবলৈ নিৰ্মাণ কৰা চুটি দৃশ্য কেইটাত ফ্ৰেমত ৰখা চৰিত্ৰ কেইটাকো পৰিপাটিকৈ গুথিছে।

পৰিচালক গৰাকীৰ চিনেশক্তি স্পষ্ট হোৱা আন এটা দিশ– চিত্ৰনাট্যকাৰে ৰচনা কৰা দুৰ্বল ৰঘুপতি চৰিত্ৰটোৰ দুৰ্বলতা ঢাকিছে কেমেৰাৰ ভাষাৰ সু-গাণিতিক প্ৰয়োগেৰে।

সম্পূৰ্ণ ৰূপালী গল্পটোত সাহিত্যৰ ভাষা (সংলাপ প্ৰয়োগ)-কেমেৰাৰ ভাষা (শ্বট নিৰ্বাচন, গাণিতিক প্ৰয়োগ) ৰ সমতা ৰক্ষা “শ্ৰী ৰঘুপতি”ৰ চিন সফলতাৰ বা পৰিচালকৰ চিনে দক্ষতা (cinematic skills!)-ৰ আন এটা দিশ।

চিনেমা খনৰ পৰিচালনা শৈলী, গল্প কোৱাৰ মুডৰ কথা মনত ৰাখি এনেদৰে কোৱাৰ প্ৰয়োজন আছে– এনে শৈলীৰ চিনেমাত “cinema realty” অৱান্তৰ বিষয়, দৰ্শকক দিয়া বা দিব পৰা বিনোদন সফলতা-বিফলতাৰ মাপকাঠি।

অভিনয়:
মূল চৰিত্ৰ ৰঘুপতি নিৰ্মাণ কৰিছে ৰবি শৰ্মাক লৈ। সুযোগৰ সৎ ব্যৱহাৰ কৰিছে ৰবিয়ে। পৰিচালকৰ চৰিত্ৰ। চৰিত্ৰটোক কেন্দ্ৰ কৰি কাহিনীক গতি দিছে পৰিচালকে।

চিনেমা খনত পৰিচালকে শ্ৰেষ্ঠ চৰিত্ৰটো নিৰ্মাণ কৰিছে সিদ্ধাৰ্থ শৰ্মাক লৈ। সিদ্ধাৰ্থ অভিনয় দৰ্শকে মনত লৈ গৈছে। নায়কৰ ভগ্নীৰ চৰিত্ৰত প্ৰিয়ম পল্লৱীয়ে ভাল অভিনয় কৰিছে।
“চলমান খান” অৰুণ নাথক সম্পূৰ্ণ নতুন গেট-আপত নিৰ্মাণ কৰিছে।

আৱহধ্বনি ইত্যাদি:
চিনেমা খনত ব্যৱহাৰ হোৱা আৱহ সংগীতে ৰূপালী গল্পটোৰ বিশেষ আৱেদন শক্তিশালি কৰিছে, পৰিবেশ নিৰ্মাণত সহায় কৰিছে, সৌন্দৰ্য বঢ়াইছে– গতিকে প্ৰণয় দত্তক (আৱহ-সংগীতৰ লগতে চিনেমা খনৰ গীতকেইটিৰ সংগীত ব্যৱস্থাপনা-প্ৰণয় দত্তৰ।) প্ৰশংসা কৰিব পাৰো।

চিনেমা খনৰ বিশেষ অলংকাৰ চৰিত্ৰ বিশেষৰ ওঁঠত ব্যৱহাৰ কৰা ভূপেন হাজৰিকাৰ গীতাংশ। গীতাংশই সংলাপৰ কাম কৰিছে। (কৃতিত্ব পৰিচালকৰ লগতে সংগীত পৰিচালকৰো।)
বিশেষ ধ্বনিকৌশলো (sound effect) চিনেমা খনৰ অলংকাৰ হৈছে।
চিনেমা খনৰ সৌন্দৰ্য বঢ়াইছে সম্পাদক আৰু কেমেৰাৰ কামে। কেমেৰাৰ কাম কৰিছে প্ৰদীপ দৈমাৰীয়ে।

]]>
https://rupaliparda.com/archives/29476/feed 0 29476
“Tell Me It’s Grey” লৈ আন এক সন্মানঃ লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটাৰ “Special Festive Mention”- https://rupaliparda.com/archives/14235 https://rupaliparda.com/archives/14235#respond Sun, 03 May 2020 11:30:29 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=14235 লক-ডাউন” বৃদ্ধিকে ধৰি “কভিড১৯” ৰ সন্ত্ৰাসে আতংকিত কৰা একাংশ খবৰে আচলতে প্ৰত্যেক জনসাধাৰণকেই হতাশগ্ৰস্ত কৰি তুলিছে। কিন্তু কোৱা হয়; আন্ধাৰৰ মাজতো হেনো সুক্ষ্মকৈ অহা ৰশ্মিয়ে পোহৰাব পাৰে এটুকুৰা ঠাই। সম্প্ৰতি মুক্তিপ্ৰাপ্ত ইখনৰ পিছত সিখন চুটি ছবিয়ে ইতিমধ্যে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে দৰ্শকক। দৰ্শকে প্ৰশংসা কৰাৰ লগতে তেওঁলোকে অকণমান মনোৰঞ্জনৰ দ্বাৰা সময়বোৰ অতিবাহিত কৰিবলৈ পাই সুখীও হৈ পৰিছে। এইখিনিতে, চুটি ছবিক উদ্দেশ্যি আপোনালোকক দিম এক সুখবৰ। ৰবি শৰ্মা তথা বৰষাৰাণী বিষয়া অভিনীত “Tell Me It’s Grey” চুটি ছবিখনে 10th Dada Saheb Phalke Film Festival ত লাভ কৰিছে কৰিছে “স্পেচিয়েল ফেষ্টিভ মেনশ্বন” (Special Festive Mention)। সমগ্ৰ বিশ্বৰ পৰা অহা প্ৰায় ৫০০ খন চুটি ছবিৰ দৌৰত উক্ত চুটি ছবিখনে লাভ কৰা এই স্বীকৃতিত বৰ্তমান উৎসাহিত হৈ পৰিছে চুটি ছবিখনৰ সৈতে জড়িত সমষ্ট কলা-কুশলী। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই ছবিখন 12th Jaipur international film festival আৰু Guwahati international film festival ত প্ৰদৰ্শনৰ বাবে মনোনয়ন লাভ কৰিছিল।

"Tell Me It's Grey" লৈ আন এক সন্মানঃ লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটাৰ "Special Festive Mention"- 1


দুজন ব্যক্তিৰ ইজনৰ-আনজনৰ প্ৰতি থকা নিষ্পাপ প্ৰেম ও দায়বদ্ধতাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল উক্ত চুটি ছবিখন। বিষ্ণুজ্যোতি সন্দিকৈৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনত অভিনয়ৰ লগতে প্ৰযোজনা কৰিছিল ৰবি শৰ্মা লগতে বৰষা ৰাণী বিষয়াই।

"Tell Me It's Grey" লৈ আন এক সন্মানঃ লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটাৰ "Special Festive Mention"- 2
"Tell Me It's Grey" লৈ আন এক সন্মানঃ লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটাৰ "Special Festive Mention"- 3


জ্ঞান গৌতমৰ চিনেমেটো’গ্ৰাফীৰে ছবিখনৰ সম্পাদনা ৰূপাংকৰ দাসৰ। আনহাতে, Original Background Score জনপ্ৰিয় সংগীত পৰিচালক পৰাণ (জজ্) ৰ। চুটি ছবিখনত শব্দ সংমিশ্ৰণ কৰিছিল ভূপেন শইকীয়াই আৰু সাজসজ্জা ও ৰূপসজ্জা কৰিছিল ক্ৰমে এনী গগৈ আৰু মঞ্জু ভট্টাচাৰ্যই। সহঃপৰিচালক ৰূপে আছিল অৰিন্দম কাশ্যপ আৰু “Tell Me It’s Grey” ৰ ডি.আই কালাৰিষ্টৰ দায়িত্ব বহন কৰিছিল সুজিৎ কৰ্মাকাৰে। ডাবিং কৰিছিল Studios Zero db ৰ পৰা উদীপ্ত গগৈয়ে লগতে Temptation Studios ৰ পৰা দিব্যজ্যোতি কৌশিকে।

]]>
https://rupaliparda.com/archives/14235/feed 0 14235
শিল্পী সমাজে মুকলি কৰিলে “কা” বিৰোধী ৱেবচাইটঃ https://rupaliparda.com/archives/10133 https://rupaliparda.com/archives/10133#respond Fri, 07 Feb 2020 10:32:42 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10133 বিগত কেইবাদিনৰ পৰা চলি অহা “কা” বিৰোধী আন্দোলনে ল’লে আকৌ এক নতুন মূৰ। বিজেপিৰ আই টি চেলক প্ৰত্যাহ্বান জনাই যোৱা কালি ৰাজ্যৰ শিল্পী সমাজে মুকলি কৰিলে এক ” কা” বিৰোধী ৱেবচাইট। সংবাদমেল অনুষ্ঠিত কৰি এই ৱেবচাইট মুকলি কৰে জুবিন গাৰ্গ, ৰৱি শৰ্মা, বৰষা ৰাণী বিষয়াকে ধৰি গৰিমা শইকীয়া গাৰ্গ আৰু মানস ৰৱীনে। assamagainstcaa.in নামে ৱেবচাইট আৰু Assam Against CAA নামৰ ফেচবুক পেজ মুকলি কৰে শিল্পী সমাজে।

শিল্পী সমাজে মুকলি কৰিলে "কা" বিৰোধী ৱেবচাইটঃ 4


উক্ত ৱেবচাইট যোগে “কা” আন্দোলন বিশ্বস্তৰলৈ লৈ যোৱা ইচ্ছা প্ৰকাশ কৰে সংবাদমেলত উপস্থিত শিল্পী সমাজে। ইয়াৰ উপৰিও, উক্ত পেজ অথবা ৱেবচাইটত আন্দোলন ধৰ্মী বিভিন্ন পোষ্ট, ফটো অথবা ভিডিঅ’ৰ যোগান ধৰা হ’ব বুলিও মন্তব্য কৰে শিল্পী সমাজে।

]]>
https://rupaliparda.com/archives/10133/feed 0 10133
২০০০ চনত মুক্তিপ্ৰাপ্ত প্ৰেমৰ কাহিনীৰে “হিয়া দিয়া নিয়া”- https://rupaliparda.com/archives/9298 https://rupaliparda.com/archives/9298#respond Wed, 08 Jan 2020 11:39:36 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9298 মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত কেইবাখনো ছবিৰ ভিতৰত এখন উল্লেখযোগ্য ছবি হৈছে “হিয়া দিয়া নিয়া”। ছবিখনে সেইটো সময়তেই ১ কোটিতকৈও অধিক টকা বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হৈছিল।

২০০০ চনত মুক্তিপ্ৰাপ্ত প্ৰেমৰ কাহিনীৰে "হিয়া দিয়া নিয়া"- 5


ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰিছে পৰিচালক মুনীন বৰুৱাই। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা।

২০০০ চনত মুক্তিপ্ৰাপ্ত প্ৰেমৰ কাহিনীৰে "হিয়া দিয়া নিয়া"- 6


“হিয়া দিয়া নিয়া” ছবিখনত অভিনয় কৰিছিল লুনা লহকৰ, যতীন বৰা, ৰবি শৰ্মা, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, হিৰণ্য দাস, হিৰণ্য ডেকা, চেতনা দাস, নিপন গোস্বামী, মাধুৰীমা চৌধুৰী আৰু মালৱিকা বৰাই। উক্ত ছবিখনত সংযোজিত প্ৰায় প্ৰত্যেকটা গীত বৰ্তমানেও জনপ্ৰিয়।

]]>
https://rupaliparda.com/archives/9298/feed 0 9298
সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- https://rupaliparda.com/archives/3195 https://rupaliparda.com/archives/3195#respond Mon, 09 Dec 2019 10:30:00 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=3195 অসমীয়া চলচিত্ৰক আকৌ নতুন ৰূপত সঁজাই তোলাত মুনীন বৰুৱাৰ অৱদান অপৰিসীম। একোখন হিট চিনেমা প্ৰদান কৰি এই গৰাকী মহান ব্যক্তিয়ে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ১৯৪৮ চনত জন্মগ্ৰহণ কৰা “ভাইমন দা” খ্যাত মুনীন বৰুৱাই “প্ৰতিমা” ছবি খনৰ পৰিচালনা কৰি পৰিচালক ৰূপত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰায় ৯০ খন নাটকৰ চিত্ৰনাট্য লিখিছে। ইয়াৰ সমান্তৰালকৈ, মুনীন বৰুৱাই ২১ খন ছবিৰ চিত্ৰনাট্য লিখিছে তথা ১৪ খন ছবিৰ পৰিচালনা কৰিছে। চলচিত্ৰৰ উপৰিও তেওঁ “পাপু-নিকু সংবাদ” আৰু “ৰুদ্ৰ” নামে দুখন ধাৰাবাহিকো পৰিচালনা কৰে।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 7


এই গৰাকী ব্যক্তিজনাৰ দ্বাৰা নিৰ্মিত ৩ খনৰ ছবিৰ বিষয়ে কিছু জানো আহক-

১. নায়ক – ২০০১ চনৰ ৩০ নৱেম্বৰত মুক্তি লাভ কৰা “নায়ক” ছবিখন প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। পূজা মোশ্যন পিকছাৰচৰ বেনাৰত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছে মেৰী লস্কৰে। মূখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন বৰা, ৰবি শৰ্মা আৰু জেৰিফা ৱাহিদে। উক্ত ছবিখনৰ প্ৰত্যেকটা সংগীতেই দৰ্শকৰ মাজত বৰ্তমানেও প্ৰিয়। সংগীকেইটি পৰিচালনাৰ লগতে কণ্ঠদান কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। “নায়ক” ৰ বাবে মুনীন বৰুৱাই “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটাও লাভ কৰিছিল।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 8

২. বাৰুদঃ ২০০৪ চনৰ ১৪ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত “বাৰুদ” কিছু ৰাজনৈতিক নেতাৰ ময়মৈতালিৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। প্ৰস্তুতি পৰাশৰ, যতীন বৰা আৰু ৰবি শৰ্মাকে ধৰি তপন দাস আৰু হিৰণ্য ডেকাকো এই ছবি খনত মূখ্য চৰিত্ৰত দেখা পোৱা যায়। উল্লেখ্য যে, ছবি খনত ৰবি শৰ্মা “ভিলেইন” ৰ চৰিত্ৰত অভিনয় কৰিছে। “বাৰুদ” ছবিখনৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ। ২০০৩-০৪ চনৰ “শ্ৰেষ্ঠ চলচিত্ৰ” ৰ বঁটা লাভ কৰে উক্ত ছবিখনে।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 9

৩. হিয়া দিয়া নিয়াঃ ২০০০ চনত মুক্তি লাভ কৰা এই চলচিত্ৰখনে বহুল পৰিমাণত দৰ্শকক টানিবলৈ সক্ষম হয়। ধনী-দুখীয়াৰ মাজৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল মেৰী লস্কৰে। ৰবি শৰ্মা, যতীন বৰা, লুনা লহকৰ আৰু গীতাৱলী ৰাজকুমাৰী অভিনীত এই ছবিখনতেই পোনপ্ৰথমবাৰৰ বাবে জুবিন গাৰ্গে সংগীত পৰিচালনা কৰিছিল। ছবিখনৰ কাহিনী ও সংগীত দৰ্শকৰ মাজত এতিয়াও জনপ্ৰিয়।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 10

বহুতো সফল চলচিত্ৰ অসমীয়া দৰ্শকক উপহাৰ দিয়া ভাইমন দা ৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিছিল সাংস্কৃতিক জগতৰ সকলো কলা-কুশলী লগতে সমগ্ৰ বিশ্ব। ২০১৮ চনৰ ৭ এপ্ৰিল তাৰিখে এই জনা মহান ব্যক্তিয়ে ইহলীলা সম্বৰণ কৰে।

সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা- 11

]]>
https://rupaliparda.com/archives/3195/feed 0 3195
জলীউডৰ সফল যুঁটিঃ https://rupaliparda.com/archives/5306 https://rupaliparda.com/archives/5306#respond Wed, 11 Sep 2019 08:45:30 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=5306 অসমীয়া চলচিত্ৰ জগতৰ এনে বহু যুঁটি আছে ; যিসকলে ছবি জগতৰ শিল্পীৰ সৈতেই বিবাহ পাশত আবদ্ধ হৈছে। বৰ্তমান এওঁলোকৰ যুগ্ম জীৱনে বহুতকে অনুপ্ৰেৰণা যুগোৱাৰ লগতে এওঁলোকৰ বিবাহ সমূহ সফল বুলি ক’ব পৰা যায়। চাওঁচোন আহক এনে জলীউডৰ স্বামী-স্ত্ৰী ৰ যুঁটিঃ

১. যতীন বৰা আৰু নৱনিতা শৰ্মাঃ

জলীউডৰ সফল যুঁটিঃ 12


১৯৮৯ ৰ পৰা যতীন বৰাই খোজ দিছিল অসমীয়া চলচিত্ৰত। নৱনিতাও আছিল এগৰাকী অভিনেত্ৰী। ২০০২ চনত বিবাহ পাশত আৱদ্ধ হৈ পৰে দুয়ো।

২. ৰবি শৰ্মা আৰু মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী-

জলীউডৰ সফল যুঁটিঃ 13


২০০০ চনত “হিয়া দিয়া নিয়া” ত ডেবিউ কৰা ৰবি শৰ্মা বিবাহ পাশত আবদ্ধ হৈছিল এগৰাকী থিয়েটাৰ আৰু অসমীয়া ভিচিডি সমূহত অভিনীত অভিনেত্ৰী মৈত্ৰেয়ীৰ সৈতে।

৩. আঙুৰলতা আৰু আকাশদ্বীপঃ

জলীউডৰ সফল যুঁটিঃ 14


আঙুৰলতা এগৰাকী অভিনেত্ৰীৰ লগতে এগৰাকী ৰাজনৈতিক নেত্ৰীও। অভিনেতা আকাশদ্বীপৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয় ২০১৫ চনত।

৪. সীমান্ত শেখৰ আৰু প্ৰীতি কংকনাঃ

জলীউডৰ সফল যুঁটিঃ 15


এগৰাকী জনপ্ৰিয় গায়ক আৰু এগৰাকী মোহময়ী অভিনেত্ৰী। এই যুঁটিটোয়ে আছলতে চৰ্চা লাভ কৰে চচিয়েল মিডিয়াতো।

আপুনি বাৰু জানেনে এনে ছবিজগতৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত পতি-পত্নীৰ যুঁটি; যাৰ সফল বিবাহে অনুপ্ৰেৰণা জগায় বহুতক। জানে যদি কমেন্ট কৰি জনাওঁক চোন আমাকো।

]]>
https://rupaliparda.com/archives/5306/feed 0 5306
চিকিৎসাধীন ৰবি শৰ্মাঃ কিন্তু ক’ত,কেনেকৈ, কি হ’ল?- https://rupaliparda.com/archives/3684 https://rupaliparda.com/archives/3684#respond Fri, 09 Aug 2019 11:24:54 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=3684 চিকিৎসাধীন অভিনেতা ৰবি শৰ্মা। মূৰ আৰু হাতত গুৰুত্বৰ আঘাতৰ চিন। কিন্তু ক’ত আৰু কিয় চিকিৎসাধীন হৈছে অভিনেতাগৰাকী?? সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।

চিকিৎসাধীন ৰবি শৰ্মাঃ কিন্তু ক'ত,কেনেকৈ, কি হ'ল?- 16


এক মিনিট, আপোনালোকে ভয় খাইছে নেকি বাৰু? ৰ’ব! ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। অভিনেতা ৰবি শৰ্মা সুস্থ আৰু সৱল হৈ আছে। আছলতে, এয়া হৈছে অভিনেতা গৰাকীৰ আহিবলগীয়া ছবি “ৰঘুপতি” ৰ শ্বুটিঙৰ এক অংশ। অভিনেতাগৰাকীয়ে নিজ ইনষ্টাগ্ৰাম একাউণ্টত এই ফটোখন আপলোড কৰি দৰ্শকক আচম্বিত কৰি তোলে। সাধাৰণজনৰ ৰুচিনুযায়ী আৰু বাণিজ্যিক চিন্তাধাৰাৰে “ৰঘুপতি” সফল কৰি তোলাৰ মানসেৰে অভিনেতাগৰাকীয়ে যৎপৰোনাস্তি চেষ্টা কৰিছে। ছবিখনৰ প্ৰাৰম্ভিক কাম কাজ প্ৰায় শেষ হোৱাৰ পিছতেই এতিয়া ছবিখনৰ “টিজাৰ” নিৰ্মাণৰ বাবে দ্ৰুত গতিত কাম চলি আছে।

]]>
https://rupaliparda.com/archives/3684/feed 0 3684
মিউজিকেল লভ-ষ্টৰী “তুমি আহিবানে?”- https://rupaliparda.com/archives/3610 https://rupaliparda.com/archives/3610#respond Tue, 06 Aug 2019 13:16:19 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=3610 প্ৰেৰণা বৰবৰুৱাৰ দ্বাৰা পৰিচালিত আৰু অসম ৰাজ্যিক চলচিত্ৰ নিগম (বিত্ত ও বিকাশ) ৰ দ্বাৰা প্ৰযোজিত ছবি “তুমি আহিবানে??”। ২০১৭ চনত মুক্তি লাভ কৰা ১১৩ মিনিটৰ এই ছবিখন প্ৰেৰণা ক্ৰিয়েচনচ নামে বেনাৰত নিৰ্মাণ কৰা হৈছিল।

মিউজিকেল লভ-ষ্টৰী "তুমি আহিবানে?"- 17
মিউজিকেল লভ-ষ্টৰী "তুমি আহিবানে?"- 18


“মিউজিকেল লভ ষ্টৰী” হিচাপে বিবেচিত এই চিনেমাখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মা আৰু বৰষা ৰাণী বিষয়াই। চিনেমাখনত ৰবি শৰ্মাই সংগীত পৰিচালক এগৰাকীৰ চৰিত্ৰত অভিনয় কৰিছে; যিয়ে পিছলৈ গাঁৱলৈ আহি তেওঁৰ বাল্যকালৰ বান্ধৱীৰ প্ৰেমত পৰে। ৰবি শৰ্মা, বৰষাৰাণীৰ লগতে ছবিখনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ, মুনমী ফুকন, নিপন গোস্বামী, অৰুণ নাথকে কেইবাগৰাকীয়ো ন-পুৰণি শিল্পীয়ে।

মিউজিকেল লভ-ষ্টৰী "তুমি আহিবানে?"- 19


ছবিখনৰ সংগীত পৰিচালনা তৰালী শৰ্মাৰ আৰু গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, তৰালী শৰ্মা আৰু অখুয়ে।

]]>
https://rupaliparda.com/archives/3610/feed 0 3610
” নতুন ফাণ্ডা” লৈ ৰবি ৰ “ৰঘুপতি” https://rupaliparda.com/archives/2439 https://rupaliparda.com/archives/2439#respond Thu, 06 Jun 2019 16:11:55 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=2439 সম্প্ৰতি যতীন বৰাৰ সমান্তৰালকৈ অসমীয়া চিনেমাক লৈ সষ্টম হৈ পৰিছে অভিনেতা ৰবি শৰ্মাও। অসমীয়া চিনেমাক যোৰ কৰি ৰাইজৰ মন-মগজুত ভৰাই দিব লগা হৈছিল যদিও বৰ্তমান ই কিছু পৰিমাণে হ’লেও নিজ বাটৰ ডাঁৱৰ আঁতৰাই আগবাঢ়িব লৈছে। তেনেক্ষেত্ৰত বোলছবি জগতখনৰ সৰহ সংখ্যক অভিনেতা-অভিনেত্ৰীৰ যোগদান মন কৰিবলগীয়া । সাঁচতীয়া ধন ব্যয় কৰি হ’লেও অসমীয়া ৰাইজৰ হৃদয়ত বৈ থকা অসমীয়া চিনেমাৰ আন্তৰিকতাৰ ধাৰাটো বোঁৱাই নিবলৈ পাৰ্যমানে যত্ন কৰা দেখা যায় এওঁলোকক। দুই কুৰিতকৈও অধিক চিনেমাত সুন্দৰ অভিনয় প্ৰদৰ্শন কৰা ৰবি শৰ্মা এতিয়া ব্যস্ত হৈ পৰিছে “ৰঘুপতি” ক লৈ। অসমীয়া চিনেমাক হিট লিষ্টত ৰখাৰ বাবে “নতুন ফাণ্ডা” কিছুমানৰ সহায় লৈ আগবাঢ়িছে অভিনেতা গৰাকী। তেওঁৰ মতে চিত্ৰনাট্য-সংলাপ অথবা পৰিচালনা আদিবোৰ তেওঁৰ বাবে নতুন নহয়। তেওঁ অভিনেতা আছিল যদিও পৰ্দাৰ পিছফালৰ বস্তুবোৰকো তেওঁ পুংখানুপংখভাৱে লক্ষ্য কৰি গৈছিল। সাধাৰণ জনৰ ৰুচিনুযায়ী আৰু বাণিজ্যিক চিন্তাধাৰাৰে চিনেমাখনক সফল কৰিব বিচাৰিছে তেওঁ। “ৰঘুপতি” য়ে যাতে সকলো পৰ্যায়ৰ দৰ্শকক আকৰ্ষিত কৰিব পাৰে তাক লৈ চেষ্টা কৰিছে সুদৰ্শন অভিনেতা ৰবি শৰ্মাই। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা শ্বুটিং আৰম্ভ হোৱাৰ পৰিকল্পনা কৰা হৈছে যদিও অত্যাধিক গৰম হ’লে শ্বুটিং কিছুদিনৰ বাবে পিছুৱাই নিব পাৰে অভিনতা গৰাকীয়ে।

]]>
https://rupaliparda.com/archives/2439/feed 0 2439