Roghupati – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sat, 14 Mar 2020 15:06:50 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Roghupati – Rupaliparda.com https://rupaliparda.com 32 32 163073109 “ৰঘুপতি” ক লৈ ব্যস্ত বৰ্তমান ৰবি শৰ্মাঃ হায়দৰাবাদত কৰিব “একছন”- https://rupaliparda.com/archives/11442 https://rupaliparda.com/archives/11442#respond Sat, 14 Mar 2020 12:30:55 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=11442 চলিত বৰ্ষত দৰ্শকৰ মাজত আলোড়ন তুলিবলৈ প্ৰস্তুত হৈছে এখন আগন্তুক অসমীয়া ছবি “ৰঘুপতি”। সকলো ফালৰ পৰা প্ৰত্যেকটো বস্তুৰ পুংখানুপুংখ বিচাৰ কৰি দৰ্শকক আকৰ্ষণৰ চেষ্টা কৰিছে এই ছবিখনে। ৯ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ মুক্তিক লৈ বৰ্তমান উৎসাহী হৈ পৰিছে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শক। উক্ত ছবিখনৰ কেতবোৰ দৃশ্যত হোৱা খৰচৰ মূল্যই হৈছে প্ৰায় ৩ লাখ টকা। তৃষ্ণা মোছন পিকচাৰ্ছৰ দ্বাৰা নিবেদিত এই ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা হৈছে সুব্ৰত কাকতিৰ। গুৱাহাটী, গোলাঘাট তথা বঙাইগাঁও আদিৰ বিভিন্ন লোকেশ্বনত দৃশ্যগ্ৰহণৰ কাম চলা এই ছবিখনৰ একছন দৃশ্য সমূহৰ শ্বুটিং কৰা হ’ব হায়দৰাবাদত।

"ৰঘুপতি" ক লৈ ব্যস্ত বৰ্তমান ৰবি শৰ্মাঃ হায়দৰাবাদত কৰিব "একছন"- 1
https://www.instagram.com/p/B9qLxFIHgUz/?utm_source=ig_web_copy_link


উল্লেখ্য যে, ছবিখনত প্ৰয়োজন হোৱা “বন্দুক” ৰ বাবে অসম চৰকাৰৰ দ্বাৰা লাগতিয়াল অনুমতি লাভ নকৰাৰ ফলতেই হায়দৰাবাদত শ্বুটিং সম্পন্ন কৰা হ’ব বুলি ছবিখনৰ প্ৰযোজকে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ উপৰিও অসমত এটা “ছেট” ৰ সৃষ্টিৰ বাবে প্ৰয়োজন হয় ২০-২৫ দিন; আনহাতে বাহিৰত এই “ছেট” টোৰ সৃষ্টিত প্ৰয়োজন হয় মাত্ৰ ১০-১২ দিন। এই কাৰণ সমূহৰ বাবেই ছবিখনৰ দৃশ্যগ্ৰহণ বাহিৰলৈ লৈ যোৱা হৈছে বুলি ব্যক্ত কৰে ছবিখনৰ সৈতে জড়িত কলা-কুশলীয়ে। আপোনালোকক জনাই থওঁ যে, “ৰঘুপতি” ৰ সহযোগী পৰিচালকৰ দায়িত্বত আছে হেমন্ত গগৈ তথা সহঃ পৰিচালক হৈছে নিতু খনিকৰ আৰু জ্যোতিষ্মান চেতিয়া। ছবিখনৰ চিনেমেটো’গ্ৰাফী কৰিছে বিশ্বজিৎ দৈমাৰীয়ে।লগতে, অৰ্ণৱ হাজৰিকাই এৰিয়েল চিনেমাটোগ্ৰাফী (ড্ৰ’ণ) কৰাৰ উপৰিও মেক’আপৰ দায়িত্বত আছে বিজিয়েতা পাটগিৰি। সাজ-পাৰ জুৰি কলিতা লগতে প্ৰযোজনা নিয়ন্ত্ৰক হৈছে মনোজ মিশ্ৰ। ছবিখনৰ মাৰ্কেটিং আৰু প্ৰমোচনৰ দায়িত্ব বহন কৰিছে শুভ্ৰজিৎ হাজৰিকাই।

"ৰঘুপতি" ক লৈ ব্যস্ত বৰ্তমান ৰবি শৰ্মাঃ হায়দৰাবাদত কৰিব "একছন"- 2


“ৰঘুপতি” ৰ মুক্তিৰ পূৰ্বেই ইয়াক এখন ব্লকব্লাষ্টাৰ ছবি বুলি গ্ৰহণ কৰিছে অসমীয়া দৰ্শকে। ৰৱি শৰ্মা, অৰুণ নাথ, প্ৰীতিকংকনা, অৰুণ হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা, প্ৰিয়ম পল্লৱী, ৰাজ শৰ্মা, মলয়া গোস্বামীকে ধৰি বহুকেইজন ন-পুৰণি শিল্পীৰ সমাহাৰ ঘটিছে এই ছবিখনত।

]]>
https://rupaliparda.com/archives/11442/feed 0 11442
সামৰণিৰ দিশে “ৰঘুপতি” ৰ শ্বুটিংঃ https://rupaliparda.com/archives/10629 https://rupaliparda.com/archives/10629#respond Tue, 25 Feb 2020 09:35:58 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=10629 বহু প্ৰত্যাশিত ছবি “ৰঘুপতি” ৰ শ্বুটিং বৰ্তমান সামৰণি পথত। ইনষ্টাগ্ৰাম যোগে এক পোষ্ট কৰি এই কথা দৰ্শকক জনায় অভিনেতা ৰবি শৰ্মাই। বাণিজ্যিকভাৱে সফল হ’ব বুলি দাবী কৰা “ৰঘুপতি” ক লৈ এতিয়া উৎসাহিত ৰবি শৰ্মাৰ লগতে সমগ্ৰ অসমীয়া চলচিত্ৰ প্ৰেমী। জুবিন-যতীনৰ দুয়োখন ছবি ক্ৰমে “কাঞ্চনজংঘা” তথা “ৰত্নাকৰ” ৰ বহুল সফলতাৰ পিছত ৰবি শৰ্মাৰ এই ছবিখনে আকৌ এবাৰ অসমীয়া ছবি জগতলৈ সুখময় বাৰ্তা কঢ়িয়াব বুলি একাষাৰে ক’ব পৰা যায়।

সামৰণিৰ দিশে "ৰঘুপতি" ৰ শ্বুটিংঃ 3


সুব্ৰত কাকতিৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ কাহিনী হৈছে ৰবি শৰ্মাৰ নিজৰ। ৰবি শৰ্মাৰ লগতে ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অৰুন নাথ , ৰীনা বৰা ,মাধুৰিমা চৌধৰী ,সিদ্বাৰ্থ মুখাৰ্জী , প্ৰীতি কংকনা , সিদ্বাৰ্থ শৰ্মা , অৰুন হাজৰিকা , মনজিৎ শৰ্মা , প্ৰিয়ম পল্লবী , সীমা বৰা , ৰাজ শৰ্মা , অন্তৰীক্ষ চহৰীয়া , মৃদুল কাকতি , বনশ্ৰী কাকতি , জ্যেষ্ঠ অভিনেতা হৰিপ্ৰসাদ বৰঠাকুৰ আৰু পৰান বৰঠাকুৰকে ধৰি কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। “ৰঘুপতি” ৰ প্ৰযোজনা কৰিছে সৰোজ শৰ্মাই।

]]>
https://rupaliparda.com/archives/10629/feed 0 10629