Sangram – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 30 Jan 2020 07:58:00 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Sangram – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ১৯৬৮ চনৰ এখন অন্যতম সফল ছবি “সংগ্ৰাম”- https://rupaliparda.com/archives/9898 https://rupaliparda.com/archives/9898#respond Thu, 30 Jan 2020 08:34:08 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9898 ১৯৬৮ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “সংগ্ৰাম”। অমৰ পাঠকৰ কাহিনী, চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনত বিধৱা আৰু দৰিদ্ৰ মাতৃ তথা পুতেক ৰঞ্জিতৰ সংগ্ৰামৰ কাহিনী দেখুওৱা হৈছে। বানপানী আৰু গৰাখনীয়াৰ দ্বাৰা হোৱা অপকাৰ তথা আভিজাত্যৰ ৰঙীণ পৃথিৱীৰ মাজত হেৰাই ৰঞ্জিতে তেওঁৰ প্ৰেয়সীৰ আবেদনকো যেতিয়া উপেক্ষা কৰে তেতিয়া তেওঁৰ প্ৰেয়সীয়ে ওলোটাই অপকাৰ কৰাৰ কথা চিন্তা কৰে।

১৯৬৮ চনৰ এখন অন্যতম সফল ছবি "সংগ্ৰাম"- 1
১৯৬৮ চনৰ এখন অন্যতম সফল ছবি "সংগ্ৰাম"- 2


পিছলৈ ৰঞ্জিতে প্ৰেয়সীৰ পিতৃৰ তাতেই চাকৰি পাই যদিও স্বাৰ্থপৰ কিছুলোকৰ চকু লাগি ৰঞ্জিতৰ সকলো আশা চুৰমাৰ হৈ পৰিছিল। ৰঞ্জিতৰ সংগ্ৰামেৰে নিৰ্মিত এই ছবিখন তেতিয়াৰ এখন সফল ছবি বুলি ক’ব পৰা যায়।

১৯৬৮ চনৰ এখন অন্যতম সফল ছবি "সংগ্ৰাম"- 3


ছবিখনত অভিনয় কৰিছে বিদ্যা ৰাও, নিপন গোস্বামী, প্ৰদীপ ভূঞা, ৰাজেন দাস, শ্যামলী চেটাৰ্জী, জোনালী দুৱৰা, ৰজনী গুপ্তা, পূণ্য দাস, কল্যাণ চেটাৰ্জী, আব্দুল হক চৌধুৰী, গিৰিশ দাস, তিলক দুৱৰা আৰু প্ৰতিভা দাসে।

]]>
https://rupaliparda.com/archives/9898/feed 0 9898
আধুনিকতা তথা আভিজাত্যৰ মাধমাৰঃ দুখীয়াৰ দুখৰ কাহিনীৰে ছবি “সংগ্ৰাম”- https://rupaliparda.com/archives/7953 https://rupaliparda.com/archives/7953#respond Fri, 15 Nov 2019 10:37:36 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7953 ১৯৬৮ চনত অমৰ পাঠকৰ পৰিচালনা তথা কাহিনী, চিত্ৰনাট্যৰে নিৰ্মিত এখন অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছিল; যাৰ নাম আছিল “সংগ্ৰাম”। ইজৰাইল খানৰ প্ৰযোজনাৰে আৰু আই কে চিনে এন্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছিল বিদ্যা ৰাও, নিপন গোস্বামী, প্ৰদীপ ভূঞা, ৰাজেন দাস, শ্যামলী চেটাৰ্জী, জোনালী দুৱৰা, ৰজনী গুপ্তা, পুণ্য দাস,কল্যাণ চেটাৰ্জী, আব্দুল হক চৌধুৰী, গিৰিশ দাস, তিলক দুৱৰা আৰু প্ৰতিভা দাসে।

আধুনিকতা তথা আভিজাত্যৰ মাধমাৰঃ দুখীয়াৰ দুখৰ কাহিনীৰে ছবি "সংগ্ৰাম"- 4


“সংগ্ৰাম” ছবিখনত দুখীয়া আৰু আভিজাত্যৰ জীৱনৰ এক সুন্দৰ উপস্থাপন কৰা হৈছে। বানপানীৰ ফলত কেনেদৰে সাধাৰণ জনৰ জীৱন যাত্ৰাৰ গতি সলনি হ’ব পাৰে তাকেই দেখুওৱা হৈছে লগতে ছবিখনত যোৰ কৰি লোৱা প্ৰেম আৰু সংঘাতৰ কাহিনী দেখিবলৈ পোৱা গৈছিল। এটি সৰু অথচ গুৰুত্বপূৰ্ণ কাহিনী দৰ্শকৰ মাজত উপস্থাপন কৰাত “সংগ্ৰাম” ছবিখন সফল বুলি ক’ব পৰা যায়।

]]>
https://rupaliparda.com/archives/7953/feed 0 7953