Sannidhya Bhuyan – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 16 Jul 2021 09:36:26 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Sannidhya Bhuyan – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বুদ্ধৰ কথাত সান্নিধ্য ভূঞাৰ কণ্ঠ; ত্ৰিভৰ সংগীতেৰে সফল “হেঙুলীয়া”- https://rupaliparda.com/archives/27430 https://rupaliparda.com/archives/27430#respond Fri, 16 Jul 2021 08:30:00 +0000 https://rupaliparda.com/?p=27430 আকৌ এবাৰ নৱপ্ৰজন্মই সাঙুৰিছে জনপ্ৰিয়তা। এটি গীত মুক্তি লাভৰ পিছতেই তাত সন্নিৱিষ্ট হৈছে দৰ্শকৰ সমাদৰ। শেহতীয়াকৈ “হেঙুলীয়া” শীৰ্ষক গীতটিৰ জৰিয়তে আকৌ এবাৰ অনুৰাগীক আকৰ্ষণ কৰিছে সান্নিধ্য ভূঞাৰ কণ্ঠই লগতে বুদ্ধজ্যোতি বেজবৰুৱাৰ কথাই। “দেশৰ ভৱিষ্যৎ নৱপ্ৰজন্মৰ হাতত”; কথাষাৰত অন্তৰ্নিহিত অৰ্থটোৱেই আচলতে বুজাই দিয়ে সকলো। একাংশ নৱপ্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈ লেখত ল’বলগীয়া; সেয়া বিজ্ঞানেই হওঁক নাইবা সাহিত্য অথবা মনোৰঞ্জনেই নহওঁক কিয়! প্ৰতিটো ক্ষেত্ৰত কৰা তেওঁলোকৰ প্ৰচেষ্টাই বৰ্তমান দৰ্শকৰো কাষ চাপিবলৈ সক্ষম হৈছে। সংগীত ক্ষেত্ৰখন আৰু এখাপ ওপৰত তুলি নিয়াত ইতিমধ্যে বহু নৱপ্ৰজন্মই নিজৰ অৰিহণা যোগাইছে। ড° ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ সেই চিৰযুগমীয়া গীতবোৰৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ কণ্ঠৰে নিগৰা সেই হৃদয়সিক্ত কৰা গীতবোৰলৈ অসমীয়া সংগীত প্ৰেমী শ্ৰোতাই সংগীতৰ এক সুন্দৰ ধাৰা উপভোগ কৰিবলৈ সক্ষম হৈছে। কিন্তু, বৰ্তমানেও এই “সুন্দৰ” ধাৰাটোৱে যেন অব্যাহতি লোৱা নাই; নৱপ্ৰজন্মৰ হাতত ই আকৌ এক নতুন হৈ শ্ৰোতাৰ মাজলৈ ওলাই আহিছে। “তুমি সুবাস”, “আমিটো সৰু মানুহ” ৰ লগতে “নক্ষত্ৰ”, “জলপ্ৰপাত”, “তেজা” ইত্যাদি গীতবোৰ নৱপ্ৰজন্মৰ সৃষ্টি; য’ত জনসাধাৰণৰ বহুল সঁহাৰি। কেৱল মাত্ৰ এই গীত কেইটাই যে সফল, তেনে নহয়। ইয়াৰ লগতে আন কিছুমান এনে গীতেও মুক্তি লাভ কৰিছে যাৰ বিষয়বস্তুৱে আকৰ্ষণ কৰিছিল শ্ৰোতাক।


সদ্যমুক্তিপ্ৰাপ্ত “হেঙুলীয়া” শীৰ্ষক গীতটিত কণ্ঠদান কৰাৰ লগতে সুৰ দিছে সান্নিধ্য ভূঞাই নিজে। কথা বুদ্ধজ্যোতি বেজবৰুৱাৰ লগতে ইয়াত সংগীত কৰিছে ত্ৰিভে (ত্ৰিভাংগন)। আৰ্টৱৰ্ক আৰু ভিডিঅ’ৰ দায়িত্বত আছে অংশুমান দাস। যেতিয়া এটা সংগীতত ইয়াৰ কথাৰ লগতে সুৰ-সংগীত ইত্যাদি প্ৰতিটো বস্তুৰ স্থিতি মজবুত থাকে তেতিয়া গীতটি শুনিবলৈ প্ৰতিজন শ্ৰোতা আগ্ৰহী হোৱা যেন অনুভৱ হয়। “আলোকৰ অযুত পোহৰৰ মাজতো ক’ৰবাত নহয় ক’ৰবাত কিছু এন্ধাৰ ৰৈ থাকিব আপোনাৰ বাবে; আৰু, তেনে প্ৰেক্ষাপটত নিজৰ পৰাই নিজকে লুকুৱাবলৈ জটিল হৈ পৰে। প্ৰথমৱস্থাত নিজকেই আত্মসন্তুষ্টি দিবলৈ আলোকৰ অযুত পোহৰৰ মাজতো ক’ৰবাত নহয় ক’ৰবাত কিছু এন্ধাৰ ৰৈ থাকিব আপোনাৰ বাবে; আৰু, তেনে প্ৰেক্ষাপটত নিজৰ পৰাই নিজকে লুকুৱাবলৈ জটিল হৈ পৰে। গতিকে মোৰ বাবে প্ৰথম কথা গীত এটি মই নিজৰ বাবে লিখো।” এয়া হৈছে গীতিকাৰ বুদ্ধজ্যোতি বেজবৰুৱাৰ ভাষ্য। আনহাতে, সাংগীতিক ক্ষেত্ৰখনত বৰ্তমান সান্নিধ্য ভূঞাৰ স্থিতি কি সেই বিষয়ে আপোনাক আকৌ এবাৰ সুঁৱৰাই দিয়াৰ হয়টো প্ৰয়োজন নাই। মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত একাংশ এনে নৱপ্ৰজন্মৰ কৰ্মৰ প্ৰতি থকা স্পৃহা, প্ৰতিভাই প্ৰায় জনসাধাৰণকে আপ্লুত কৰি ৰাখিছে। সান্নিধ্য ভূঞা বুলি ক’লে অৱশ্যে বৰ্তমান কেৱল মাত্ৰ এটা প্ৰজন্মৰ সংগীত প্ৰেমী শ্ৰোতাই যে তেওঁক লৈ আকৰ্ষিত তেনে বুলি ক’লে আচলতে ভুল কোৱা হ’ব। এটি গীতৰ কথা আৰু কথাৰ আঁৰৰ অৰ্থ, অৰ্থৰ সৈতে সমিল সুৰ-সংগীতৰ ব্যৱস্থাই এটি গীতক সুন্দৰ কৰি তুলিছে।

বুদ্ধৰ কথাত সান্নিধ্য ভূঞাৰ কণ্ঠ; ত্ৰিভৰ সংগীতেৰে সফল "হেঙুলীয়া"- 1


উল্লেখ্য যে, ত্ৰিভাংগনৰ সংগীতেও এই গীতটিক সফলকাম কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ৰূপালীপৰ্দাৰ জৰিয়তে “হেঙুলীয়া” ৰ সৈতে জড়িত প্ৰত্যেলগৰাকীক জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/27430/feed 0 27430
সান্নিধ্য ভূঞাৰ সাংগীতিক যাত্ৰাৰে “মোৰ গানৰ দেহাত”- https://rupaliparda.com/archives/27001 https://rupaliparda.com/archives/27001#respond Sat, 26 Jun 2021 08:30:00 +0000 https://rupaliparda.com/?p=27001 সান্নিধ্য ভূঞা; নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভা বুলি কৈয়ে সামৰিলেই জানো হ’ব?? শেহতীয়াকৈ তেওঁ যিমানবোৰ সৃষ্টি কৰিছে সেই আটাইবোৰেই সংগীত প্ৰেমী শ্ৰোতাৰ প্ৰিয় গীতৰ তালিকাত সন্নিৱিষ্ট হৈ পৰিছে। ১৯৯৯ চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা এই গৰাকী সংগীত শিল্পীৰ নাম বৰ্তমান প্ৰায়বোৰ গীততেই দেখিবলৈ পোৱা যায়। সংগীত পৰিচালক তথা কন্ঠশিল্পী হিচাপে নিজক গঢ় দিয়া এইগৰাকী প্ৰতিভাই শেহতীয়াকৈ মুকলি কৰি দিছে তেওঁৰ সাংগীতিক যাত্ৰাৰ সৈতে সংগতি ৰাখি এটি গীত তথা ভিডিঅ’। মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত একাংশ এনে নৱপ্ৰজন্মৰ কৰ্মৰ প্ৰতি থকা স্পৃহা, প্ৰতিভাই প্ৰায় জনসাধাৰণকে আপ্লুত কৰি ৰাখিছে। সান্নিধ্য ভূঞা বুলি ক’লে অৱশ্যে বৰ্তমান কেৱল মাত্ৰ এটা প্ৰজন্মৰ সংগীত প্ৰেমী শ্ৰোতাই যে তেওঁক লৈ আকৰ্ষিত তেনে বুলি ক’লে আচলতে ভুল কোৱা হ’ব। এটি গীতৰ কথা আৰু কথাৰ আঁৰৰ অৰ্থ, অৰ্থৰ সৈতে সমিল সুৰ-সংগীতৰ ব্যৱস্থাই এটি গীতক সুন্দৰ কৰি তুলিছে। “তুমি সুবাস”, “মতলীয়া”, “জীপাল” আদি কেতবোৰ গীতত সান্নিধ্য ভূঞাৰ প্ৰতিভাৰ এক সুন্দৰ নিদৰ্শন সকলোৱে পাইছো। আমি অৱশ্যে আপোনালোকক আৰু বেছি বহলাই ক’বলৈ নাযাওঁ; তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীতটোক বাৰু আপোনালোকে উপভোগ কৰিলেনে?


“মোৰ গানৰ দেহাত” শীৰ্ষক এই গীতটিৰ ভিডিঅ’টো যোগেৰে সৰুৰ পৰা সান্নিধ্য ভূঞাৰ নিৰৱচিন্ন প্ৰচেষ্টা আপোনালোকে দেখিবলৈ পাব। “মোৰ গানৰ দেহাত তেজৰ চেকা হৃদয় ধোৱাৰ, মোৰ দুখৰ পঁজাত আন্ধাৰে ঢকা সপোন পোৱাৰ”; গীতটিৰ কথাৰ দায়িত্বত আছে শ্ৰী দীপক ভূঞা। দৰ্শক-শ্ৰোতাক আপ্লুত কৰাৰ স্বাৰ্থত নহয়; ব্যক্তিবিশেষৰ জীৱনৰ ওপৰত আধাৰিত অথবা জীৱনত প্ৰয়োজন হোৱা বিষয় নাইবা অনুভৱক গীতৰ মাজেৰে প্ৰকাশ কৰাৰ যি চেষ্টা; সেই চেষ্টাৰ বাবেই প্ৰতিভাগৰাকীকৰ অনুৰাগী বহু লোক। উল্লেখ্য যে, সান্নিধ্য ভূঞাৰ সদ্যমুক্তিপ্ৰাপ্ত গীতটিয়ে লাভ কৰিছে অনুৰাগীৰো বহুল সমাদৰ। গীতটিত কণ্ঠদানৰ লগতে সুৰ কৰিছে সান্নিধ্যই নিজেই; সংগীত ৰাজনীশ শইকীয়াৰ। ভিডিঅ’ ডিজাইন কৰিছে আশীস দত্তই আৰু এডিশ্বনেল গীতাৰ অংশুমান পাঠকৰ। বাণিজ্যিক গীত যদিও নহয় “মোৰ গানৰ দেহাত” শীৰ্ষক গীতটিত অনুৰাগীৰ কমেণ্টো হৈছে মন কৰিবলগীয়া। য’ত একাংশই সান্নিধ্য ভূঞাই সংগীত ক্ষেত্ৰখনক সুকীয়া মাত্ৰা প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে, তাতেই আকৌ আন একাংশই মুক্তিপ্ৰাপ্ত গীতটিক বাৰম্বাৰ শুনিলেও হেঁপাহ নপলায় বুলি উল্লেখ কৰিছে। অৱশ্যে, এক কথাত ক’বলৈ গ’লে নৱপ্ৰজন্মৰ প্ৰতিভা গৰাকীৰ বাবে এয়া আৰম্ভণিহে মাত্ৰ। তেওঁ আৰু দূৰ বাট সুন্দৰ সংগীতক সংগী কৰি আগবাঢ়িব লাগিব।

সান্নিধ্য ভূঞাৰ সাংগীতিক যাত্ৰাৰে "মোৰ গানৰ দেহাত"- 2


তেওঁৰ এই যাত্ৰাত আশীৰ্বাদ হওঁক অনুৰাগীৰ সঁহাৰি আৰু সমাদৰ। সান্নিধ্য ভূঞালৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও যাঁচিছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/27001/feed 0 27001
মাত্ৰ ৫ টা দিনতেই জনপ্ৰিয় সান্নিধ্য আৰু তন্ময়ৰ যুঁটিৰে “জীপাল 2.0”- https://rupaliparda.com/archives/22175 https://rupaliparda.com/archives/22175#respond Sat, 21 Nov 2020 10:30:06 +0000 https://rupaliparda.com/?p=22175 এগৰাকী প্ৰতিষ্ঠিত কন্ঠশিল্পীৰ এটি গীতে ক্ষন্তেকতে লাভ কৰা জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। সঁচা কথা ক’বলৈ গ’লে, তেওঁলোকৰ প্ৰায় প্ৰতিটো গীতেই সফলতা চুমাৰ সমান্তৰালকৈ অনুৰাগীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। কিন্তু, সলনি হোৱা সময়ৰ সৈতে বৰ্তমান একাংশ এনে নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ জন্ম হৈছে যাৰ একোটা গীতত দৰ্শকৰ বহুল সঁহাৰি পৰিলক্ষিত হৈছে। শেহতীয়াকৈ, সান্নিধ্য ভূঞা আৰু তন্ময় কৃপটনৰ যুঁটীয়া প্ৰচেষ্টাৰে মুক্তিপ্ৰাপ্ত গীত “জীপাল 2.0” য়ে মুক্তিৰ চাৰিদিন পিছতেই ইউটিউবত লাভ কৰা সমাদৰে গীতটিক আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। গীতটিত সুৰ দিয়াৰ লগতে ইয়াৰ প্ৰযোজনা তন্ময়ৰ আৰু উক্ত গীতটিত কন্ঠদান কৰাৰ লগতে পৰিচালনাৰ দায়িত্বত আছে সান্নিধ্য ভূঞা। “জীপাল 2.0” ৰ কথা ৰাজীৱ ভূঞাৰ; গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে সমীৰণ মহন আৰু খ্যাতি দাসে। Royals Films Raw ৰ পৰিচালনা আৰু দৃশ্যগ্ৰহণেৰে নিৰ্মিত গীতটিৰ কাহিনী ধ্যানী মহন তথা ৰাহুল বৰাৰ।


সম্প্ৰতি জনপ্ৰিয় হৈ পৰা EDM ধাৰাটোৰ ভিতৰত এটা উল্লেখনীয় গীত হৈ পৰিছে “জীপাল 2.0″। বলীউডত EDM সংগীতৰ ধাৰাক লৈ বিভিন্ন গীতৰ সৃষ্টি হৈছে যিসমূহক লৈ অসমৰ সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ মাজত এক বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা গৈছিল; কিন্তু এতিয়া কেৱল মাত্ৰ বলীউড বুলিয়ে নহয়। এনে গীতৰ সৃষ্টি হ’বলৈ লৈছে অসমীয়া সংগীত ক্ষেত্ৰখনতো। সদ্যমুক্তিপ্ৰাপ্ত “জীপাল 2.0” শীৰ্ষক গীতটিক লৈ নৱপ্ৰজন্মৰ মাজত এক বিশেষ উৎসাহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সান্নিধ্য ভূঞাৰ লগতে তন্ময়ৰ এই যুঁটিটোৱে চচিয়েল মিডিয়াত বহুল প্ৰশংসিত হোৱাৰ লগতে তেওঁলোকৰ ফালৰ পৰা আন বহু কামৰ আশা প্ৰকাশ কৰিছে একাংশই।

মাত্ৰ ৫ টা দিনতেই জনপ্ৰিয় সান্নিধ্য আৰু তন্ময়ৰ যুঁটিৰে "জীপাল 2.0"- 3


নৱপ্ৰজন্মৰ প্ৰচেষ্টাত উৎসাহিত সকলো। দেশত চলি থকা এক বিভীষিকাময় পৰিস্থিতিৰ মাজত একাংশ নৱপ্ৰজন্মই তেওঁলোকৰ প্ৰতিভাক গুৰুত্ব দি নিজক জনসাধাৰণৰ মাজত চিনাকী কৰোৱাবলৈ কৰি থকা প্ৰচেষ্টা সঁচাকৈ আদৰণীয়।

]]>
https://rupaliparda.com/archives/22175/feed 0 22175
সান্নিধ্য ভূঞা আৰু নিখিল জ্যোতি শৰ্মাৰ যুঁটিৰে এইবাৰ “নিশা নিশা” ৰ জনপ্ৰিয়তাঃ https://rupaliparda.com/archives/21973 https://rupaliparda.com/archives/21973#respond Sat, 14 Nov 2020 12:30:12 +0000 https://rupaliparda.com/?p=21973 সান্নিধ্য ভূঞা আৰু নিখিল জ্যোতি শৰ্মাৰ লগতে একাংশ নৱপ্ৰজন্মৰ যুঁটীয়া প্ৰচেষ্টাৰে শেহতীয়াকৈ মুক্তি লাভ কৰা এটি গীতে পুনৰ বাৰ জনসাধাৰণৰ পৰা লাভ কৰিছে সমাদৰ। কিছু সময়পূৰ্বে মুক্তিপ্ৰাপ্ত “নিশা নিশা” শীৰ্ষক গীতটিক লৈ আকৌ এবাৰ উৎসাহিত হৈ পৰিছে সংগীতপ্ৰেমী। ইয়াৰ পূৰ্বেও “তুমি সুবাস” শীৰ্ষক গীতটিত নিখিল জ্যোতি শৰ্মা আৰু সান্নিধ্য ভূঞাৰ যুঁটীয়া প্ৰচেষ্টা দেখিবলৈ পোৱা গৈছিল; য’ত শ্ৰোতাৰ বহুল সঁহাৰি আমিও মন কৰিছো। আগতেও কৈছো, এজন প্ৰতিষ্ঠিত শিল্পীক প্ৰশংসা কৰাৰ লগতে জনসাধাৰণে নৱপ্ৰজন্মৰ প্ৰতি দেখুওৱা আদৰে বৰ্তমান সময়ত তেওঁলোকক আৰু দুগুণ উৎসাহেৰে আগবঢ়াত সহায় কৰিছে। সদ্যমুক্তিপ্ৰাপ্ত “নিশা নিশা” ত কথা হৈছে প্ৰশান্ত দাসৰ আৰু ইয়াত কন্ঠদান কৰিছে নিখিল আৰু সান্নিধ্যই। সংগীত প্ৰযোজনা ত্ৰিদীৱ কাকতিৰ লগতে পৰিচালনা কৰিছে সান্নিধ্য ভূঞাই। শব্দ সংমিশ্ৰণ নিবিড় এক্সৰ।

সান্নিধ্য ভূঞা আৰু নিখিল জ্যোতি শৰ্মাৰ যুঁটিৰে এইবাৰ "নিশা নিশা" ৰ জনপ্ৰিয়তাঃ 4


EDM অৰ্থাৎ সংগীত ক্ষেত্ৰখনত সন্নিৱিষ্ট হোৱা এক ন-মাধ্যম Electronic Dance Music ক জনসাধাৰণৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বহুল ভাৱে হাত হৈছে একোগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ। তথাকথিত একাংশ গীতৰ তুলনাত এওঁলোকৰ এই গীত সমূহৰ সফলতা আমি কোনোপধ্যেই নুই কৰিব নোৱাৰো। আগন্তুক সময়তো এনে ধৰণৰ গীত সমূহে অসমীয়া সংগীত ক্ষেত্ৰখনক আগুৱাই লৈ যাবলৈ সক্ষম বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

]]>
https://rupaliparda.com/archives/21973/feed 0 21973
সান্নিধ্য ভূঞাৰ “ৰাগিনী” ৰ সফলতাঃ https://rupaliparda.com/archives/20813 https://rupaliparda.com/archives/20813#respond Sat, 03 Oct 2020 12:30:43 +0000 https://rupaliparda.com/?p=20813 বজাৰকেন্দ্ৰিক সংগীততকৈ অধিক জীৱনকেন্দ্ৰিক গীতৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সান্নিধ্য ভূঞা নামটো বৰ্তমানৰ জনসাধাৰণৰ বাবে জনপ্ৰিয় হৈ পৰিছে। সংগীত পৰিচালক ৰূপে সকলোৰে মাজত চিনাকী হৈ উঠা এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ সদ্যমুক্তিপ্ৰাপ্ত “ৰাগিনী” শীৰ্ষক গীতটিও লাভ কৰিছে জনপ্ৰিয়তা। ব্যক্তিবিশেষৰ জীৱনৰ ওপৰত আধাৰিত অথবা জীৱনত প্ৰয়োজন হোৱা বিষয়া বা অনুভৱ একোটা গীতৰ মাজেৰে নিজৰ ভাৱখিনি প্ৰকাশ কৰিবলৈ প্ৰচেষ্টা কৰা সান্নিধ্য ভূঞাৰ সকলো গীতৰ দৰেই এইবাৰৰ “ৰাগিনী” শীৰ্ষক গীতটিয়েও জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। গীতটিত কথা ৰাজীৱ ভূঞাৰ লগতে গীতাৰ বজাইছে কংকন ৰাভাই; সংগীত প্ৰযোজনাৰ লগতে ইয়াৰ শব্দ সংমিশ্ৰণৰ সৈতে জড়িত আছিল অভি শইকীয়া। কিছুদিন পূৰ্বে মুক্তি লাভ কৰা এই গীতটিত বৰ্তমান ভিউৱাৰচৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া। ১৯৯৯ চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা সান্নিধ্যৰ প্ৰায় প্ৰতিটো গীতৰ জনপ্ৰিয়তা আমি নুই কৰিব নোৱাৰো। আগন্তুক সময়তো ভিন্ন ন-ন পৰিকল্পনাৰ সৈতে সংগীত শিল্পী গৰাকীক দেখিবলৈ পাব শ্ৰোতা-দৰ্শকে।

সান্নিধ্য ভূঞাৰ "ৰাগিনী" ৰ সফলতাঃ 5


ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা এক সাক্ষাৎকাৰত সান্নিধ্যই নিজেই কৈছিল যে, “পৰিকল্পনাটো যথেষ্ট আছে; তাৰ ভিতৰত এটা উল্লেখনীয় পৰিকল্পনা হৈছে আমাৰ পূৰণি যিসমূহ গীত জ্যোতি সংগীতৰ পৰা ভূপেন্দ্ৰ, ৰাভ সংগীত সমূহক নতুন সংগীত ব্যৱস্থাপনাৰে মই জনসাধাৰণৰ মাজলৈ আগবঢ়াবলৈ বিচাৰিছো। ইয়াৰ উপৰিও, লোকসংগীত যিসমূহ আছে আমাৰ তাৰেই কিছু সুৰ, সংগীত সমূহ লৈ মই নিজৰ গীতত ৰাখিবলৈ প্ৰয়াস কৰিছো। আচলতে,এইটো থকাটো মই প্ৰয়োজনীয় বুলি ভাবিছো।”

]]>
https://rupaliparda.com/archives/20813/feed 0 20813
“মোৰ লক্ষ্য আৰু উদ্দেশ্য জীৱনকেন্দ্ৰিকহে”- সান্নিধ্য ভূঞা https://rupaliparda.com/archives/19015 https://rupaliparda.com/archives/19015#respond Sun, 09 Aug 2020 09:30:38 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=19015 বৰ্তমান সংগীত ক্ষেত্ৰখনত ইটোৰ পিছত সিটো গীতেৰে নিজ নাম উজ্বলাই ৰাখিছে নৱপ্ৰজন্মই। এনে নৱপ্ৰজন্মৰ মাজৰ এজন হৈছে সান্নিধ্য ভূঞা; ১৯৯৯ চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা এই গৰাকী সংগীত শিল্পীৰ নাম বৰ্তমান প্ৰায়বোৰ গীততেই দেখিবলৈ পোৱা যায়। সংগীত পৰিচালক তথা কন্ঠশিল্পী হিচাপে নিজক গঢ় দিয়া এইগৰাকী শিল্পীক আগন্তুক সময়লৈও কেইবাটাও গীতৰ সৈতে দেখিবলৈ পোৱা যাব বুলি ইতিমধ্যে জানিব পৰা গৈছে। মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত একাংশ নৱপ্ৰজন্মৰ কৰ্মৰ প্ৰতি থকা স্পৃহা, প্ৰতিভাই প্ৰায় জনসাধাৰণকে আপ্লুত কৰি ৰাখিছে। আজিৰ ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমাৰ সৈতে আছে এইগৰাকী নৱপ্ৰজন্মৰ সংগীত পৰিচালক লগতে কন্ঠশিল্পী সান্নিধ্য ভূঞা; তেওঁৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত জনালে বহু কথা। চাওঁচোন আহকঃ

"মোৰ লক্ষ্য আৰু উদ্দেশ্য জীৱনকেন্দ্ৰিকহে"- সান্নিধ্য ভূঞা 6

প্ৰশ্নঃ বৰ্তমান সময়ৰ এক জনপ্ৰিয় নাম হৈ পৰিছে সান্নিধ্য ভূঞা; দৰ্শকক আপ্লুত কৰাৰ কেনে পৰিকল্পনা হাতত লৈছে?

সান্নিধ্য ভূঞাঃ দৰ্শকক আপ্লুত কৰাৰ স্বাৰ্থত মই গীত নাগাওঁ আৰু গাবলৈও মই ইচ্ছা নকৰো লগতে দৰ্শকক আপ্লুত কৰাৰ বাবে গীতো ৰচনা নকৰোঁ। ব্যক্তিবিশেষৰ জীৱনৰ ওপৰত আধাৰিত অথবা জীৱনত প্ৰয়োজন হোৱা বিষয় বা অনুভৱ একোটা মোৰ গীতৰ মাজেৰে মই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো। বজাৰকেন্দ্ৰিক সৃষ্টিয়ে চাৰিওফালে আজি ছানি‌ ধৰিছে; মোৰ লক্ষ্য আৰু উদ্দেশ্য জীৱনকেন্দ্ৰিকহে।

"মোৰ লক্ষ্য আৰু উদ্দেশ্য জীৱনকেন্দ্ৰিকহে"- সান্নিধ্য ভূঞা 7

প্ৰশ্নঃ এগৰাকী “শিল্পী” ৰ সংজ্ঞা আপোনাৰ মতে কি?

সান্নিধ্য ভূঞাঃ মোৰ মতে, উচ্ছাংগ জীৱনবোধ জাগ্ৰত কৰা তথা মানবীয় প্ৰমূল্যবোধৰ স্বাৰ্থত যি শিল্পসাধনা কৰে, তেওঁৱেই এগৰাকী শিল্পী। গীত, নৃত্য, নাট আদি একমাত্ৰ আনন্দদানৰ মাধ্যম নহয় বৰং জীৱনক গঢ়ি তোলাৰ স্বাৰ্থত ব্যৱহৃত একোটা উপাদান ।

"মোৰ লক্ষ্য আৰু উদ্দেশ্য জীৱনকেন্দ্ৰিকহে"- সান্নিধ্য ভূঞা 8

প্ৰশ্নঃ এটা গীতত থকা কি উপাদানে দৰ্শকক আকৰ্ষণ কৰিব বুলি আপুনি ভাৱে?

সান্নিধ্য ভূঞাঃ এটা গীতত প্ৰয়োজনীয় সুৰ সংগীতৰ কথাটো থাকিবই; তাৰ লগতে আহিব এটা গীতৰ বিষয়বস্তু।গীত একোটাৰ গভীৰতা তথা গধুৰতা হৈছে ইয়াৰ বিষয়বস্তুটো; প্ৰকাশভংগীৰ সাংগীতিক দক্ষতা অৱশ্যে একোজন সংগীত শিল্পীৰ মাজত থাকিব লাগিব ।

"মোৰ লক্ষ্য আৰু উদ্দেশ্য জীৱনকেন্দ্ৰিকহে"- সান্নিধ্য ভূঞা 9

প্ৰশ্নঃ ভৱিষ্যত কোন গৰাকী কন্ঠশিল্পীৰ সৈতে কাম কৰিবলৈ মন?

সান্নিধ্য ভূঞাঃ বৰ্তমান মোৰ তেনেধৰনৰ কোনো পৰিকল্পনা নাই; প্ৰতিজন সংগীতকাৰৰ সৈতে মোৰ কাম কৰাৰ মন; প্ৰত্যেকজনৰ পৰা শিকিবলৈ মন আছে।

প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

সান্নিধ্য ভূঞাঃ পৰিকল্পনাটো যথেষ্ট আছে; তাৰ ভিতৰত এটা উল্লেখনীয় পৰিকল্পনা হৈছে আমাৰ পূৰণি যিসমূহ গীত জ্যোতি সংগীতৰ পৰা ভূপেন্দ্ৰ, ৰাভ সংগীত সমূহক নতুন সংগীত ব্যৱস্থাপনাৰে মই জনসাধাৰণৰ মাজলৈ আগবঢ়াবলৈ বিচাৰিছো। ইয়াৰ উপৰিও, লোকসংগীত যিসমূহ আছে আমাৰ তাৰেই কিছু সুৰ, সংগীত সমূহ লৈ মই নিজৰ গীতত ৰাখিবলৈ প্ৰয়াস কৰিছো। আচলতে,এইটো থকাটো মই প্ৰয়োজনীয় বুলি ভাবিছো। পৰিকল্পনা বুলিবলৈ এইখিনিয়ে……

"মোৰ লক্ষ্য আৰু উদ্দেশ্য জীৱনকেন্দ্ৰিকহে"- সান্নিধ্য ভূঞা 10

… ধন্যবাদ সান্নিধ্য। আগন্তুক প্ৰতিটো পৰিকল্পনাৰ বাবে শুভকামনা জনাইছো।

সান্নিধ্য ভূঞাঃ ধন্যবাদ।

]]>
https://rupaliparda.com/archives/19015/feed 0 19015