Shankardeva – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 03 Jun 2021 03:18:10 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Shankardeva – Rupaliparda.com https://rupaliparda.com 32 32 163073109 শ্ৰী মন্ত শংকৰদেৱক স্মৰণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন নৱপ্ৰজন্মৰ; নিহাৰ কাশ্যপৰ “শংকৰদেৱ”- https://rupaliparda.com/archives/26558 https://rupaliparda.com/archives/26558#comments Fri, 04 Jun 2021 08:30:00 +0000 https://rupaliparda.com/?p=26558 অসমীয়াৰ গৌৰৱ তথা এই অসমীয়া জাতিৰ লগতে সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা হৈছে শ্ৰী মন্ত শংকৰদেৱ। তেওঁ অসমীয়াৰ ভাৰতীয় সাংস্কৃতিক জীৱনলৈ যি অৱদান আগবঢ়াই গ’ল সেয়া সঁচাকৈ লেখত ল’বলগীয়া; তাৰ বাবেই তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়। তেওঁৰ ৫০০-৬০০ বছৰ পূৰণি সৃষ্টিসমূহে বৰ্তমানেও একোজন অসমীয়াক আপ্লুত কৰি ৰাখিছে। বিজ্ঞানৰ যুগ যদিও আজিৰ তাৰিখত এনে একাংশ লোক আছে যিসকলৰ ৰাতিপুৱা আৰম্ভ হয় একোটা বৰগীতৰ সৈতে আৰু একোটা বৰগীতৰ সৈতেই তেওঁলোকে আশ্ৰয় লয় নিদ্ৰাদেৱীৰ কোলাত। ঠিক তেনেদৰে গুৰুজনাৰ সৃষ্টিত বৰ্তমানেও মোহাচ্ছন্ন হৈ থকা একোজন নৱপ্ৰজন্মই তেওঁৰ সৃষ্টিসমূহক আহিবলগীয়া প্ৰজন্মটোৰ আগত গুৰুজনাক চিনাকী কৰোৱাৰ স্বাৰ্থত যুগুতাই ৰাখে। তেনে বহুত উদাহৰণ আমি আপোনালোকক দিব পাৰো; যেনে ধৰক অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত” ৰ লগতে অংগৰাগ পাপন মহন্তৰ “বৰগীত ঘোষা সংকলন ১”। শ্ৰী মন্ত শংকৰদেৱক শ্ৰদ্ধা জ্ঞাপনৰ অৰ্থে প্ৰত্যেকগৰাকী নৱপ্ৰজন্মৰ চেষ্টা সঁচাকৈ আদৰণীয়; এনে পৰিপ্ৰেক্ষিততে, শেহতীয়াকৈ গুৰুজনাক স্মৰণ কৰি কন্ঠশিল্পী নিহাৰ কাশ্যপৰ “শংকৰদেৱ” য়ে লাভ কৰিছে মুক্তি। আনহাতে, এই গৰাকী কন্ঠশিল্পীৰ পৰাই আহিছে আন এক ভাল খবৰো।


তেওঁৰ সাংগীতিক ছবি “ৰজনজনাই” ৰ দ্বাৰা আহিছে এই নতুন ভাল খবৰটো। চলিত বৰ্ষৰ “Lift-off Global” ছবি সমাৰোহত উক্ত প্ৰকল্প “ৰজনজনাই” য়ে মনোনয়ন লাভ কৰাৰ সমান্তৰালকৈ ১৮ সংখ্যক “Mumbai Frames” ছবি সমাৰোহতো ই জনসাধাৰণ তথা সমালোচকৰ বহুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও নিউৱৰ্ক, চিকাগো, আমেৰিকা আদিকে আৰম্ভ কৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কেইবাখনো ছবি সমাৰোহত এই প্ৰকল্পটোৱে মনোনয়ন প্ৰাপ্তিৰ দ্বাৰা বুটলিছে সমাদৰ। আকৌ, আহো এইবাৰ নিহাৰ কাশ্যপৰ “শংকৰদেৱ” ৰ মাজলৈ; এই বৰগীতটিক ফিউজন কৰোৱাই প্ৰস্তুত কৰি উলিওৱা হৈছে। য’ত সংগীতৰ লগতে শব্দ-সংমিশ্ৰণ কৰিছে প্ৰিয়াংকু বৰদলৈয়ে; এগৰাকী মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান আৰু গীতাৰিষ্ট প্ৰিয়াংকু বৰদলৈ তৃতীয়-চতূৰ্থ শ্ৰেণীৰ পৰা নিজ পিতৃ সমুখত গীতাৰৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ ষষ্ঠ শ্ৰেণীৰ আৰম্ভ কৰিছিল ক্লাছিকেল গীতৰ শিক্ষা। তেওঁৰ প্ৰথমটো এলবামৰ নাম আছিল “ধোঁৱা”; কন্ঠদান কৰি নিজেই ভাল নোপোৱা বাবেই সংগীত প্ৰযোজনাৰ দিশটোত অধিক গুৰুত্ব দিয়া প্ৰিয়াংকু বৰদলৈৰ প্ৰকল্প সমূহো উল্লেখনীয়। লগতে, ইয়াৰ এডিশ্বনেল প্ৰগ্ৰেমিং নিহাৰ কাশ্যপ তথা যন্ত্ৰৰ; বিষয়বস্তু নমিতা ঠাকুৰীয়াৰ। থলুৱা বাদ্যযন্ত্ৰৰ দায়িত্বত আছে বিমান।

শ্ৰী মন্ত শংকৰদেৱক স্মৰণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন নৱপ্ৰজন্মৰ; নিহাৰ কাশ্যপৰ "শংকৰদেৱ"- 1

ইতিমধ্যে, উক্ত প্ৰকল্পটোৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীৰ প্ৰচেষ্টাক সমাদৰ জনাইছে প্ৰত্যেকেই। তেওঁলোকক ৰূপালীপৰ্দাৰ ফালৰ পৰা আমিও জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26558/feed 1 26558