Short Film – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 11 Jun 2026 10:30:42 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Short Film – Rupaliparda.com https://rupaliparda.com 32 32 163073109 ‘My Name Is…’ Released, Creates Buzz on Social Media https://rupaliparda.com/archives/33201 https://rupaliparda.com/archives/33201#respond Thu, 11 Jun 2026 10:30:42 +0000 https://rupaliparda.com/?p=33201 Guwahati, June 11: A new short film titled ‘My Name Is…’ has been released recently under the banner of Aarya Productions. The bilingual (English and Hindi) psychological thriller has already started attracting attention on social media for its intriguing concept and storytelling.

The film has been written, designed and directed by acclaimed Kathak dancer and actor B. Palkee. This marks her third directorial venture. She made her directorial debut with the widely appreciated stage play ‘Pakwaan’, which received praise from theatre lovers and critics alike.

The short film features Akash Saikia and B. Palkee in lead roles. Notably, the entire film has been shot using an Android mobile phone, showcasing a creative and innovative approach to filmmaking.

With its psychological thriller theme and engaging narrative, ‘My Name Is…’ is generating curiosity among viewers. The film is now available for streaming on Aarya Productions’ official YouTube channel.

]]>
https://rupaliparda.com/archives/33201/feed 0 33201
Short Film Review: Arindam Barooah’s ‘Because, I Love You’ https://rupaliparda.com/archives/29566 https://rupaliparda.com/archives/29566#respond Wed, 05 Jul 2023 08:49:00 +0000 https://rupaliparda.com/?p=29566 Filmmaker Arindam Barooah’s recent short film Because, I Love You is a moderately sentimental work that delves deeply into the idea of love. When a neighbour and friend, Raktim, who has recently moved to Guwahati, knocks on their door, Shekhar and his wife are forced to face some painful memories of their past. Even though the plot is very simple and there are only three actors, the technique is admirable and the theme is universal.

Because, I Love You

The movie explores the value of love in relationships and emphasises its ability to bring people together. It inspires hope by presenting love and kindness as a resolute force that endures despite hardship and acts as a catalyst for unity. The couple at the centre of the narrative faces challenging circumstances that put their relationship to the test but ultimately finds happiness through mutual understanding and support.

Short Film Review: Arindam Barooah’s ‘Because, I Love You’ 1

In this short film, the drama permeates every scene and develops subtly on a deeper level and director Barooah uses a variety of visual cues to share this tale in its simplest and purest form. The short film answers the question of how our future can be shaped by our responses to our past rather than our past itself, in a very beautiful way.

Because, I Love You is produced by Rinku Bora and A. Medhi with the story, screenplay and dialogues penned by Drishti Das. The cinematography, editing and colour grading is done by Manab Jyoti Baruah and the music direction is done by Sudarshan Borkotoky. The cast includes – Bidisha Kashyap, Bibhuti Bhushan Hazarika and Bedabrat Borah.

Link to watch the short film:
https://www.youtube.com/watch?v=tPFxQXWgY0s

]]>
https://rupaliparda.com/archives/29566/feed 0 29566
Short Film Review ‘Mukha’: A Dark, Situational Comedy of Errors set in Majuli – Kalpajyoti Bhuyan https://rupaliparda.com/archives/29560 https://rupaliparda.com/archives/29560#respond Wed, 05 Jul 2023 06:31:00 +0000 https://rupaliparda.com/?p=29560 After being invited to lunch by a close friend during their filming in and around Majuli, Raktim swiftly persuades his team to pay a visit to his friend, Manas. However, upon reaching the serene town of Majuli, Raktim senses that something is off when he is unable to find Manas. Driven by his intuition, Raktim retraces his steps to Manas’s house in a quest to locate him, setting off a wild chain of events filled with honest misunderstandings and comic action.

Mukha

Nisha Nirmali takes on the role of ‘The Girl’, one of the key characters credited in the film. In the storyline, she becomes the primary suspect in Manas’s disappearance, as Raktim mistakenly connects her possession of red-colors, used for making masks in the renowned Samaguri Satra of Majuli, with blood. The title choice, Mukha, which means mask in Assamese, is also intriguing. Nobody is aware of who is hiding their identity. Nobody can tell the difference between someone’s real identity and a fake one.

Mukha

At sixteen minutes, the short film is crisp, light-hearted, and equally silly. There is a frenzied atmosphere which is filled with a sense of mystery and the film bases its chaotic fun upon it. A series of mindless events culminate in an intense action sequence reminiscent of the traditional Bhoana performances of Assam. Interestingly, both takes place within the confines of the Namghar. And once the film reaches this point, there’s no looking back.

Mukha

The short film has a certain momentum from its first frame and it never wavers which keeps the audience engaged throughout. Does Raktim’s concern hold merit? Is Manas dead? What if Raktim accidentally harms someone else in his search for Manas? Numerous questions arise, urging viewers to watch the movie and discover the answers. On the side note, the makers of the short film have displayed their potential in creating a comedy of errors and they can utilise the same in making a situational comedy feature film set in Assam.

The short film is written and directed by debut filmmaker Rock Nobis and is presented by KC Digital Films. The cast includes – Nisha Nirmali, Rock Nobis, Shuvrajit Medhi, Pranab J Sharma and Sunny Sen.

Given Below is a Link to watch the film:
https://www.youtube.com/watch?v=B0BP-AVrls0

]]>
https://rupaliparda.com/archives/29560/feed 0 29560
ভয়ানক কাহিনীৰে অপূৰ্ব ঠাকুৰীয়া, সৌৰভ বৈশ্যৰ পৰিচালনাৰে ‘চুৰী’ https://rupaliparda.com/archives/28663 https://rupaliparda.com/archives/28663#respond Fri, 08 Oct 2021 05:30:00 +0000 https://rupaliparda.com/?p=28663 মনোৰঞ্জন ক্ষেত্ৰখনলৈ সুকীয়া প্ৰকল্পৰ উপহাৰ দিয়া এগৰাকী পৰিচালক সৌৰভ বৈশ্য, চুটি ছবিকেই আৰম্ভ কৰি পূৰ্ণদৈৰ্ঘ্যৰ ছবি তথা শেহতীয়াকৈ নিৰ্মাণ হোৱা চিৰিজ সমূহত নিজৰ প্ৰতিভাক সুন্দৰকৈ জনসাধাৰণৰ মাজলৈ লৈ আনিবলৈ সক্ষম হোৱা সৌৰভ বৈশ্যৰ পৰিচালনাৰে নিৰ্মিত বহুকেইটা প্ৰকল্পৰ ইতিবাচক চৰ্চা হোৱাৰ লগতে তেওঁৰ পৰিচালনাৰ অনুৰাগীও হৈছে বহু লোক। সদ্যমুক্তিপ্ৰাপ্ত ‘চুৰী’ শীৰ্ষক আন এখন চুটি ছবিৰ সৈতে ৰাইজৰ কাষ চাপিছে পৰিচালক গৰাকী, ভয়ানক কাহিনী এটা উপস্থাপনৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ এইগৰাকী পৰিচালকৰ প্ৰতিভা সঁচাকৈ মন কৰিবলগীয়া। তেওঁৰ দ্বাৰা নিৰ্মিত ‘কাহিনীৰ আঁৰৰ কাহিনী’ ছবিখন উপভোগ কৰিলেই অৱশ্যে আপুনি এইক্ষেত্ৰত স্পষ্ট হৈ পৰিব। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ‘চুৰী’ চুটি ছবিখনো হৈছে এক ভয়ানক কাহিনীৰ ওপৰত আধাৰিত, যাৰ দ্বিতীয়টো খণ্ডইও অতিশীঘ্ৰে মুক্তি লাভ কৰিব। চুটি ছবি বুলি ক’লেই দৰ্শক সমাজ উৎসাহিত হৈ পৰে, কিয়নো বিগত সময়ছোৱাত এই চুটি ছবিসমূহে দৰ্শকক যথেষ্ট সংগ প্ৰদান কৰিছে তথা আমোদ দিছে। হাঁহিবলৈ অৱকাশ দিয়াৰ লগতে মনোৰঞ্জনৰ মাধ্যম হিচাবে কেতিয়াবা আৱেগিক আৰু কেতিয়াবা উৎকণ্ঠিত কৰি তুলিছে।


উল্লেখিত চুটি ছবিখনৰ পৰিচালনা, সম্পাদনা আৰু দৃশ্যগ্ৰহণৰ লগতে চাউণ্ড ডিজাইনৰ দায়িত্ব বহন কৰিছে পৰিচালক সৌৰভ বৈশ্যই নিজেই। আনহাতে, ইয়াৰ কাহিনীভাগ লিখিছে অপূৰ্ব ঠাকুৰীয়াই। অভিনয় কৰিছে ক্ৰমে অপূৰ্ব ঠাকুৰীয়া, বৰষা দাস আৰু কৌশিক নাথ। কাহিনীভাগৰ ক্ষেত্ৰত অপূৰ্ব ঠাকুৰীয়াৰ প্ৰশংসা কৰিব লাগিব কিয়নো ৫ মিনিট ৫৮ ছেকেণ্ড দৈৰ্ঘ্যৰ এই চুটি ছবিখনত দৰ্শকে এক মিনিটৰ বাবেও আমনি নোপোৱাকৈ পৰৱৰ্তী সময়ত কি হ’ব, তাৰ অনুমান লগাবলৈ চেষ্টা কৰিছিল। গতিকে, এনেক্ষেত্ৰত লিখক গৰাকী সফল হৈছে। ইয়াত ভয়ানক কাহিনী এটা সংযোজনৰ সমান্তৰালকৈ দৰ্শক মন-মগজুৰ সৈতেও খেলিবলৈ প্ৰয়াস কৰা হৈছে। প্ৰতিদিনেই একোটা নতুন বিষয়বস্তুৰ সৈতে দৰ্শক সমাজক চিনাকী কৰোৱাই দিয়া নৱপ্ৰজন্মৰ একাংশ প্ৰতিভাসম্পন্ন কলা-কুশলীৰ প্ৰকল্পসমূহত জনপ্ৰিয়তাৰ মোহৰ লাগিছে। চুটি ছবি, স্তব্ধতাৰ সময়টো মনোৰঞ্জন প্ৰদানৰ মাধ্যম হিচাবে পৰিগণিত চুটি ছবিসমূহে বৰ্তমান সময়ত এক বিশেষ ভূমিকা লাভ কৰিবলৈ সক্ষম হৈছে, এতিয়া চুটি ছবি বুলি ক’লেই আগ্ৰহী হৈ পৰে সকলো। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ সমান্তৰালকৈ নিৰ্মাণ কৰা হৈছে অসমীয়া চুটি ছবিসমূহো। লগতে, এই চুটি ছবিসমূহে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছে সমাদৰ।

ভয়ানক কাহিনীৰে অপূৰ্ব ঠাকুৰীয়া, সৌৰভ বৈশ্যৰ পৰিচালনাৰে 'চুৰী' 2


চুটি ছবিখনৰ দ্বিতীয়টো খণ্ডৰ বাবে এতিয়া অপেক্ষাৰত দৰ্শক। ‘চুৰী’ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

]]>
https://rupaliparda.com/archives/28663/feed 0 28663
নিবিড় আকাশ বৰুৱাৰ নতুন পৰিকল্পনা “Swansong” লৈ আহিছে নতুন খবৰঃ https://rupaliparda.com/archives/28038 https://rupaliparda.com/archives/28038#respond Wed, 18 Aug 2021 08:30:00 +0000 https://rupaliparda.com/?p=28038 চুটি ছবিসমূহৰ প্ৰসংগ এতিয়ালৈ সক্ৰিয় হয় আছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত। ক’ৰোণা ভাইৰাছৰ সময়ছোৱাত চুটি ছবিসমূহৰ এক সুন্দৰ পৰিক্ৰমা আৰম্ভ হোৱা আমি সকলোৱে দেখিবলৈ পাইছিলো। সেই সময়ৰ পৰা আৰম্ভ হোৱা যাত্ৰাটোত বৰ্তমানলৈ আমি বহুকেইখন উল্লেখনীয় চুটি ছবি উপভোগ কৰিবলৈ সক্ষম হৈছো। আমাৰ অসমখন অইন প্ৰতিটো দিশত চহকী হোৱাৰ সমান্তৰালকৈ ইয়াত নিৰ্মিত একাংশ চুটি ছবিয়ে লাভ কৰা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানৰ কথা আমি শুনিছো অথবা সংবাদপত্ৰ যোগে পঢ়িছো। আমি “লক-ডাউন” ৰ মাজভাগত এখন চুটি ছবি “নিমিলা অংক” ক উপভোগ কৰিছিলো; চুটি ছবিখনে জনপ্ৰিয়তাও লাভ কৰিবলৈ সক্ষম হৈছিল। সম্প্ৰতি নৱপ্ৰজন্মৰ মাজত চলি থকা কিছু কথাক দেখুৱাবলৈ প্ৰয়াস কৰা হৈছিল উক্ত চুটি ছবিখনত; সেইবাবেই হয়টো চুটি ছবিখনক লৈ আকৰ্ষিত হৈছিল দৰ্শক সকলো। এইগৰাকী পৰিচালকৰ পৰিচালনাৰে আন এখন চুটি ছবিৰ মুক্তিৰ খবৰ আহিছে ৰাইজৰ মাজলৈ। ইতিমধ্যে চুটি ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰখনো মুকলি কৰি দিয়া হৈছে। “Swansong” শীৰ্ষক আন এখন চুটি ছবিৰ পৰিচালনাৰ সৈতে পৰিচালক নিবিড় আকাশ বৰুৱা এইবাৰ কাষ চাপিব আপোনালোকৰ।

নিবিড় আকাশ বৰুৱাৰ নতুন পৰিকল্পনা "Swansong" লৈ আহিছে নতুন খবৰঃ 3


শেহতীয়াকৈ, এই চুটি ছবিখনক উদ্দেশ্যি আহিছে নতুন খবৰ। “Rameswaram International Film Festival” ত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে এই চুটি ছবিখন। দুজন ভাতৃৰ মাতৃৰ প্ৰতি থকা দায়িত্ব তথা ইজনৰ আনজনৰ সৈতে হোৱা কিছু মতানৈক্যৰ কাহিনীৰ উপস্থাপনৰ দ্বাৰা চুটি ছবিখন নিৰ্মাণ কৰিছে পৰিচালক নিবিড় আকাশ বৰুৱাই। চুটি ছবিখনত মুঠ দুটা মুখ্য চৰিত্ৰ আছে যি দুটা ৰূপায়ন কৰিব ক্ৰমে কিশোৰ ভৰদ্বাজ বৰুৱা আৰু নিবিড়ে। ছবিখন পৰিচালনাৰ লগতে ইয়াৰ কাহিনীও হৈছে নিবিড়ৰ নিজৰেই; চিত্ৰনাট্য নিবিড় আকাশ বৰুৱাৰ আৰু কৌশিক ভৰদ্বাজ বৰুৱাৰ। সহযোগী পৰিচালক লক্ষীনন্দন বৰুৱা আৰু সহকাৰী পৰিচালকৰ দায়িত্বত আছে মুকুন্দ মাধৱ বৰা। উক্ত চুটি ছবিখনৰ চিত্ৰগ্ৰহণ, সম্পাদনা আৰু ৰং মৃন্ময় শইকীয়াৰ; লোকেশ্বন চাউণ্ড লক্ষীনন্দন বৰুৱাৰ তথা চাউণ্ড ডিজাইন জ্যোতি চেতিয়াৰ। আনহাতে, পোষ্টাৰ ডিজাইন কৰিছে কুণাল বৰাই।

নিবিড় আকাশ বৰুৱাৰ নতুন পৰিকল্পনা "Swansong" লৈ আহিছে নতুন খবৰঃ 4


অতিশীঘ্ৰে এই চুটি ছবিখনক দৰ্শকৰ মাজলৈ লৈ অনাৰ পৰিকল্পনা কৰা হৈছে। কিছু উৎকন্ঠাৰ মাজেৰে টানিবলৈ চেষ্টা কৰা এই চুটি ছবিখনক লৈ বৰ্তমান অপেক্ষাৰতও হৈ পৰিছে দৰ্শক। আগন্তুক সময়ত মুক্তি পাবলগীয়া “Swansong” ক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/28038/feed 0 28038
“পৰিচালক হ’বলৈ বিচৰা এজন সাধাৰণ ল’ৰাহে মই; যিয়ে ছবি ভাল পায়।”- লোচন কৌশিক https://rupaliparda.com/archives/26780 https://rupaliparda.com/archives/26780#respond Tue, 15 Jun 2021 05:30:00 +0000 https://rupaliparda.com/?p=26780 কিছুদিন পূৰ্বে অৰ্থাৎ এই “আংশিক লক-ডাউন” ৰ মাজতেই আমি এখন চুটি ছবি “The Barbel Piece” উপভোগ কৰিছিলো। সাধাৰণ ৰাইজৰ সমান্তৰালকৈ চুটি ছবিখন উপভোগ কৰি ভাল পাইছিলে পৰিচালক ভাস্কৰ হাজৰিকাৰ লগতে এগৰাকী পৰিচালক আৰু চলচিত্ৰ সমালোচক উৎপল দত্তই। এটা loop ত নিৰ্মাণ হোৱা উক্ত চুটি ছবিখনত হত্যাকাণ্ডৰ ঘটনা অৰ্থাৎ “মাৰ্ডাৰ মিষ্ট্ৰী” ৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে। সমান্তৰালকৈ, এগৰাকী নাৰীৰ দৃঢ়তাকো উপস্থাপন কৰা হৈছিল এই চুটি ছবিখনত। এগৰাকী নাৰীৰ মনস্বাত্বিক খেলি-মেলিকে লৈ নিৰাপত্তাহীনতা আদি বিষয়সমূহৰ কিছু কিছু কথাক লৈ উক্ত চুটি ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিছিল পৰিচালক লোচন কৌশিকে। এই চুটি ছবিখন আছিল তেওঁৰ আৰম্ভণি; ইয়াৰ লগতে তেওঁ পৰিচালক ৰূপে খোজ পেলাইছে এই ছবি ক্ষেত্ৰখনত। শেহতীয়াকৈ আমি এই পৰিচালক গৰাকীৰ প্ৰথমটো পৰিচালনা তথা তেওঁৰ আহিবলগীয়া কাম সমূহৰ বিষয়ে জানিবলৈ তেওঁৰ সৈতে পাতিছিলো কিছু কথা। কেতিয়াৰ পৰা এই ক্ষেত্ৰখনক লৈ ইচ্ছা জাগিছিল বুলি প্ৰশ্ন কৰাত তেওঁ কৈছিল যে, “The Babel Piece” মোৰ প্ৰথম কাম। চিনেমা তথা নাটক দুয়োটাই উপভোগ কৰি ভাল পাওঁ। তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত দুখন নাটকৰ স্ক্ৰীপ্ট লিখিছিলো; তাৰে এখনত অৰ্থাৎ বিগত বৰ্ষত “শ্ৰেষ্ঠ চিত্ৰনাট্য লিখক” বঁটা লাভ কৰিলো; সমান্তৰালকৈ তিনি চাৰিখন মান নাটকত অভিনয়ো কৰিছো। নাটক সমূহ কৰি থকা অৱস্থাত একাংশ বিখ্যাত পৰিচালক তথা তেওঁলোকৰ সুন্দৰ স্ক্ৰীপ সমূহৰ সৈতে চিনাকী হ’বলৈ সক্ষম হ’লো। তেতিয়াৰ পৰাই বিখ্যাত ছবি পৰিচালকৰ চিনেমা সমূহ উপভোগ কৰিবলৈ আৰম্ভ কৰিলো।”

"পৰিচালক হ'বলৈ বিচৰা এজন সাধাৰণ ল'ৰাহে মই; যিয়ে ছবি ভাল পায়।"- লোচন কৌশিক 5
"পৰিচালক হ'বলৈ বিচৰা এজন সাধাৰণ ল'ৰাহে মই; যিয়ে ছবি ভাল পায়।"- লোচন কৌশিক 6


তেওঁ আগলৈ কয় যে,” কৰিয়ান ছবি “Memories Of Murder”, জাপানৰ ছবি “Ikiru” আৰু Tokyo Story, ফ্ৰান্সৰ ছবি Peradiso, সত্যজিৎ ৰায়ৰ ভিন্ন খন ছবিৰ লগতে ইটালীৰ Neo Realism Cinema, ফ্ৰান্সৰ new Wave Cinema ইত্যাদিয়ে মোৰ ওপৰত প্ৰভাৱ পেলালে। মই স্নাতক পঢ়ি থকা অৱস্থাত চিনেমাকে গৱেষণাৰ বিষয়ৰূপে গ্ৰহণ কৰিলো আৰু তাত পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বাৰা পৰিচালিত আমিষ আৰু কথানদীক লৈ আলোচনা কৰিছিলো। The Babel Piece যদিও মোৰ প্ৰথম কাম তথাপিও মই আগন্তুক কালছোৱাত আৰু কাম কৰিবলৈ প্ৰস্তুত। এইখিনিতে, মই ক’ব বিচাৰিম যে চিনেমালৈ অহা আগতে এই বিষয়টোক অধ্যয়ন কৰাৰ লগতে দৰ্শন শাস্ত্ৰ, ৰাজনীতি, সাহিত্য আদি বিষয়টো অধ্যয়ন থকাটো দৰকাৰী। মোৰ প্ৰথমটো প্ৰকল্পত ভুল ৰৈ গৈছে; গতিকে মই আশা কৰোঁ যে এই ভুলখিনিক মনত ৰাখি মই যাতে মোৰ আগৰ প্ৰকল্প সমূহ ভালদৰে নিৰ্মাণ কৰিব পাৰো। বৰ্তমানলৈ মই এগৰাকী পৰিচালক ৰূপে নিজক চিনাকী দিবলৈ বেয়া পাম; সেই সাৱলীলতা এতিয়ালৈ মই শিকা নাই। শিকাৰ চেষ্টাহে অব্যাহত ৰাখিছো। পৰিচালক হ’বলৈ বিচৰা এজন সাধাৰণ ল’ৰাহে মই; যিয়ে ছবি ভাল পায়।” এগৰাকী পৰিচালক ৰূপে তেওঁ কেনে ধৰণৰ কাহিনীক লৈ আকৰ্ষিত বুলি কৰা প্ৰশ্নৰ উত্তৰত লোচন কৌশিকে কয় যে, “মোৰ মতে এটা কাহিনীত যেতিয়া সমাজৰ বাস্তৱ দৃশ্যখন প্ৰতিফলিত কৰা ক্ষমতা থাকে তেতিয়া সেই কাহিনীভাগ মোৰ প্ৰিয় হৈ পৰে। সমাজ ব্যৱস্থাক এখন পৰ্দাৰ জৰিয়তে দাঙি ধৰা ছবিবোৰ মোৰ মতে শ্ৰেষ্ঠ।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক প্ৰকল্পৰ বিষয়ে কি ক’ম/কি নক’ম হৈ পৰিছো। পৰিকল্পনা কিছু আছে। সময় আহিলেই আৰু পৰিচালনাত ব্যস্ত হ’ম; দুটামান কাহিনীয়ে বাৰুকৈয়ে দিগদাৰ দি আছে।”

"পৰিচালক হ'বলৈ বিচৰা এজন সাধাৰণ ল'ৰাহে মই; যিয়ে ছবি ভাল পায়।"- লোচন কৌশিক 7


পৰিচালক গৰাকীৰ প্ৰথমটো চেষ্টাক উৎসাহিত হৈছিল একাংশ দৰ্শক গতিকে তেওঁৰ ফালৰ আৰু কিছু ভাল প্ৰকল্পৰ আশা কৰিছে প্ৰত্যেকেই। সেইবাবে, আমিও ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা তেওঁৰ আহিবলগীয়া প্ৰকল্পসমূহৰ বাবে যাঁচিছো শুভকামনা।

]]>
https://rupaliparda.com/archives/26780/feed 0 26780
মহিম বৰাৰ “কাঠনিবাৰীৰ ঘাট” ৰ কাহিনীৰে টেলিফিল্মৰ মুক্তিঃ https://rupaliparda.com/archives/25779 https://rupaliparda.com/archives/25779#respond Sat, 01 May 2021 08:30:00 +0000 https://rupaliparda.com/?p=25779 অসমৰ এগৰাকী গল্পকাৰ, কবি, সাহিত্যিক তথা শিক্ষাবিদ মহিম বৰাৰ এখন জনপ্ৰিয় গল্প সংকলন “কাঠনিবাৰীৰ ঘাট” ৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত একে নামৰ টেলিফিল্ম খনে ইতিমধ্যে ইউটিউবত লাভ কৰিছে মুক্তি। গল্প সংকলন খনৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ টেলিফিল্মখনেও আচলতে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে; ১৯২৩ চনত জন্মগ্ৰহণ কৰা সাহিত্যচাৰ্য মহিম বৰাই ১৯৫২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। এইখিনিতে, আপোনালোকক জনাই থওঁ যে “কাঠনিবাৰীৰ ঘাট” শীৰ্ষক এই গল্প সংকলনখনিৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৬১ চনত; লগতে উক্ত একে নামৰ টেলিফিল্মখনৰ পৰিচালনাৰ লগতে চিত্ৰনাট্য তথা সংলাপ জ্যোতিষ্মান নাৰায়ণ দেৱৰ আৰু প্ৰযোজনা তথা পৰিকল্পনা বিশ্ব কুমাৰ দাসৰ। ডি ডি আছামৰ বাবে নিৰ্মাণ হোৱা এই টেলিফিল্মখনত মহিম বৰাৰ কাহিনীভাগক পুংখানুপুংখ উপস্থাপনৰ চেষ্টা কৰা হৈছে। এগৰাকী নাৰীৰ স্বামীৰ প্ৰতি থকা আগ্ৰহ লগতে স্বামীৰ কোনো এটা দূৰ্যোগ হ’লেই লৰি-ঢাপলি আহি তেওঁৰ কাষ চপা আদি কথাবোৰ ইয়াত গল্প সংকলনখনৰ দৰেই উপস্থাপন কৰাৰ চেষ্টা কৰিছে পৰিচালক গৰাকীয়ে। “কাঠনিবাৰী ঘাটত” জাহাজৰ বাবে অপেক্ষাৰত হৈ কটোৱা উজাগৰী নিশা; ঘাটৰ কাষতেই দুটা টেমাত বিস্কুট তথা বইল কৰা কণী আৰু চাহ বনাবলৈ এখন টেবুলৰ ওপৰতেই দিয়া দোকান; তাঁচপাত খেলি দুজন বন্ধুয়ে জাহাজৰ বাবে অপেক্ষা কৰি ওৰেটো নিশা ৰৈ দিয়া, বাঁহৰ খুঁটা চাৰিটাৰ ওপৰত দুচলা ফলীয়া বাঁহ দি নিৰ্মাণ কৰা এখন বহা বেঞ্চ ইত্যাদিয়ে সম্পূৰ্ণ কৰিছে কাঠনিবাৰীৰ ঘাট।


কাহিনী প্ৰসংগত, ভায়েক বৰুণ আৰু তাৰ নৱবিবাহিতা বায়েক লগতে লেখকে কাঠনিবাৰীৰ ঘাটত জাহাজৰ বাবে কৰা অপেক্ষাৰ সময়কণৰ সহজ যদিও অসাধাৰণ কথা-বতৰাক উপস্থাপন কৰা হৈছে। পূৰ্ণিমাৰ তৃতীয়াৰ সৈতে কৰা বিবাহিতা গৰাকীৰ তুলনাই টেলিফিল্মখনক অইন এক পৰ্যায়ত উপনীত কৰোৱাবলৈ সক্ষম হৈছে। ৰোমাঞ্চকৰ পৰিৱেশ আৰু মহিমা বৰাৰ কাহিনীভাগৰ দৰেই টেলিফিল্মখনৰ কৰুণ পৰিসমাপ্তি সঁচাকৈ গ্ৰহণযোগ্য। নৱবিবাহিতা গৰাকীৰ সপোনৰ ঘৰখন সম্পূৰ্ণ হোৱাৰ আশাত তেওঁ ৰৈ থকাৰ মাজতেই তেওঁলৈ আহিবলগীয়া এক দুঃখবৰ। দেওৰেক মামুৱে লেখকক জানিবলৈ দিয়া কঠোৰ বাস্তৱে “কাঠনিবাৰীৰ ঘাট” ক সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে। কিন্তু, আন এটা কথা এয়াও যে, মহিম বৰাৰ কাহিনীভাগতকৈ টেলিফিল্ম বাবেই ইয়াত কিছুমান দৃশ্যাংশৰ সাল-সলনি কৰা হৈছিল; গল্পটোত থকা কিছুমান বৰ্ণনাও অৱশ্যে এই টেলিফিল্মখনত সময়ৰ অভাৱৰ বাবে সংযোজন কৰা হোৱা নাছিল। টেলিফিল্মখনত অভিনীত প্ৰতিগৰাকী অভিনেতা- অভিনেত্ৰীৰেই অভিনয়ৰ মজবুত দিশটো তাত দেখিবলৈ পোৱা গৈছে। ইয়াত অভিনয় কৰিছে ৰূপম শৰ্মা, ৰঞ্জিতা বৰুৱা, নয়ন দাস, ইমৰাণ হুচেইন, ৰমেশ শৰ্মা, নাবজ্যোতি মহন্ত, মুন কুমাৰ শইকীয়া, দীপেন শৰ্মা আৰু জগ্য দাসে।

মহিম বৰাৰ "কাঠনিবাৰীৰ ঘাট" ৰ কাহিনীৰে টেলিফিল্মৰ মুক্তিঃ 8


টেলিফিল্মখনৰ ক্ষেত্ৰত যথেষ্ট দৰ্শকৰে ধনাত্মক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকীক জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25779/feed 0 25779
যেতিয়া “হত্যা” হৈ পৰে “দায়িত্ব”; কি আছে চুটি ছবি “ৰতি” তঃ https://rupaliparda.com/archives/25778 https://rupaliparda.com/archives/25778#respond Sat, 01 May 2021 05:30:00 +0000 https://rupaliparda.com/?p=25778 চুটি ছবি আৰু আমি; প্ৰথমতেই আপোনালোকক কয় থওঁ যে, আমি শেহতীয়াকৈ যি সমূহ চুটি ছবি উপভোগ কৰিছো সেয়া প্ৰতিখন চুটি ছবিয়ে আমাক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকৰ উপস্থাপন শৈলীও আছিল মন কৰিবলগীয়া। একোখন চুটি ছবিৰ নতুন কাহিনী আৰু নিৰ্মাতা গোষ্ঠীৰ মন কৰিবলগীয়া উপস্থাপন শৈলীয়ে চুটি ছবিসমূহক জনসাধাৰণৰ সমুখত আৰু অধিক উপভোগ্য কৰি তোলে। আনহাতে, আপোনালোকে অকণমান ভালদৰে মন কৰিলে দেখিব যে এই আটাইবোৰ উপভোগ্য চুটি ছবিসমূহৰ সৈতে জড়িত হৈ আছে একোজন নৱপ্ৰজন্ম; তেওঁলোকৰ সমগ্ৰ টীমটোৱে জনসাধাৰণৰ সমুখত নিজ নিজ প্ৰতিভাক সুন্দৰ ৰূপত দাঙি ধৰাৰ প্ৰচেষ্টাত বৰ্তি থাকে। আমি “থ্ৰীল” বোলা শব্দটোৰ সৈতে জড়িত হৈ খুব ভাল পাওঁ; অকস্মাৎ হোৱা কিবা এটা ঘটনা-পৰিঘটনাকে আৰম্ভ কৰি ৰহস্য সমূহ ভাঙি ওলাই অহাটো একাংশ দৰ্শকৰ খুব পচন্দৰ কাম। গতিকে, এনেবোৰ চুটি ছবিৰ ক্ষেত্ৰত দৰ্শক সমাজৰ বহুল উৎসাহ পৰিলক্ষিত হয়; গতিকে, এনে পৰিপ্ৰেক্ষিততে আপোনালোক আটাইবোৰে আকৌ এবাৰ ৰহস্যৰ সন্ধান অথবা থ্ৰীল কৰিবলৈ প্ৰস্তুত হওঁক কিয়নো অতিশীঘ্ৰে আপোনালোকৰ মাজলৈ আহি আছে বহু প্ৰত্যাশিত এখন চুটি ছবি “ৰতি”। চাইক’লজিকেল থ্ৰীলাৰ কেন্দ্ৰিক এই চুটি ছবিখনৰ ইতিমধ্যে ট্ৰেইলাৰ মুকলি কৰা হৈছে; যিয়ে আপোনাকো শিঁহৰাই থৈ যাবলৈ নিশ্চয় সক্ষম হ’ব।

যেতিয়া "হত্যা" হৈ পৰে "দায়িত্ব"; কি আছে চুটি ছবি "ৰতি" তঃ 9
যেতিয়া "হত্যা" হৈ পৰে "দায়িত্ব"; কি আছে চুটি ছবি "ৰতি" তঃ 10


স্বামী-স্ত্ৰীৰ কাহিনীৰে আগবঢ়া এই চুটি ছবিখনত স্বামী বাবু এগৰাকী মানসিক ৰোগী; যিয়ে ইটোৰ পিছত সিটোকৈ হত্যা কৰি গৈ থাকি শেষলৈ নিজৰ পত্নীকো হত্যা কৰে। কিন্তু তেওঁৰ মতে এয়া কোনো ধৰণৰ পাপ অথবা বেয়া কাম নহয় আৰু হত্যা কৰাটো তেওঁৰ এক দায়িত্ব বুলি ভাবি আগবাঢ়ে। ঘটনা প্ৰসংগত আগবাঢ়ি গৈ দেখিবলৈ পোৱা যাব যে পূৰ্বে ঘটি যোৱা ঘটনাবোৰ একোটা ভ্ৰান্ত ধাৰণাহে; তাৰ পিছত বাবুয়ে কি কৰিব তথা তাৰ মানসিক স্থিতি কি হ’ব সেই আটাইবোৰ আপোনালোকে দেখিবলৈ পাব চুটি ছবি “ৰতি” ত। বিগত বৰ্ষৰ প্ৰায় এইখিনি সময়তেই সমগ্ৰ বিশ্বত স্তব্ধতাই বিৰাজ কৰিছিল। চুটি ছবিখনৰ পৰিচালনা, ভিজুৱেল এফেক্ট আৰু সম্পাদনাৰ দায়িত্বত আছে মৃগাংক প্ৰতীক পৰাশৰ আৰু বিষয়বস্তু তথা স্ক্ৰীপ্ট পৰমানন্দ শইকীয়াৰ। শব্দ সম্পাদনা ৰাজকিশোৰ বৰাৰ আৰু দৃশ্যগ্ৰহণ বেদ বিকাশ গগৈৰ লগতে লাইট দৰ্শন বৰাৰ। চুটি ছবিখনত অভিনয় কৰিছে পৰমানন্দ শইকীয়া, টিনা বৰা আৰু হীৰক জ্যোতি বৰাই। স্তব্ধতা যদিও অইন বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল; তৎস্বত্বেও এই স্তব্ধতাই গ্ৰাস কৰিব পৰা নাছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক। একাংশৰ প্ৰতিভাৰ আৱিৰ্ভাবৰ লগতে বহু নৱপ্ৰজন্মৰ সুন্দৰ কাম সমূহ আমি উপভোগ কৰিবলৈ সক্ষম হৈছিলো। ঠিক সেইখিনি সময়ৰ পৰাই আমি একোখন অসমীয়া চুটি ছবি সমূহৰ মুক্তিক লৈ উৎসাহিত হৈ পৰিছো। নতুন বিষয়বস্তু সমূহৰ সোঁৱাদ ল’বলৈ উৎকন্ঠিত হৈছো। এই নতুন প্ৰয়াস আৰু প্ৰচেষ্টাৰ বাবেই এওঁলোক আগবাঢ়িবলৈ আমি শুভকামনা জনাইছো।

যেতিয়া "হত্যা" হৈ পৰে "দায়িত্ব"; কি আছে চুটি ছবি "ৰতি" তঃ 11
যেতিয়া "হত্যা" হৈ পৰে "দায়িত্ব"; কি আছে চুটি ছবি "ৰতি" তঃ 12


চুটি ছবিখনৰ বিষয়বস্তু আৰু স্ক্ৰীপ্ট তথা অভিনয়ৰ সৈতে জড়িত পৰমানন্দ শইকীয়া আন এক প্ৰকল্প “স্তব্ধ সময়” য়ে ইতিমধ্যে বহু ঠাইত পুৰষ্কৃত হ’বলৈ সক্ষম হৈছে।

]]>
https://rupaliparda.com/archives/25778/feed 0 25778
একাদশ সংখ্যক চাহেব ফাল্কে ছবি সমাৰোহলৈ মনোনয়ন মৃণাল ডেকাৰ “মঙহ দহাৰ গোন্ধ”- https://rupaliparda.com/archives/25508 https://rupaliparda.com/archives/25508#comments Mon, 19 Apr 2021 06:30:00 +0000 https://rupaliparda.com/?p=25508 নৱাগতা হোৱাৰ পিছতো যেতিয়া সফলতাই হাত বাউলি মাতে তেতিয়ানো কাৰ ভাল নালাগে। নহয়নে? মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱা একোজন নৱপ্ৰজন্মৰ ক্ষেত্ৰতো শেহতীয়াকৈ ঠিক তেনেই হোৱা দেখিবলৈ পোৱা গৈছে। যেতিয়া একোটা গ্ৰহণযোগ্য প্ৰকল্পৰ নিৰ্মাণ একোজন নৱপ্ৰজন্মৰ দ্বাৰা কৰা হয় তেতিয়া তেওঁলোকৰ কাষ চাপে প্ৰশংসাই। কিছুদিন পূৰ্বে নৱাগত পৰিচালক মৃণাল ডেকাৰ দ্বাৰা নিৰ্মিত চুটি ছবি “মঙহ দহাৰ গোন্ধ” ই লাভ কৰিছে আন এক সফলতা। ইটোৰ পিছত সিটোকৈ চুটি ছবিখনে একোখন ছবি সমাৰোহত স-সন্মানে থিয় হোৱাৰ লগতে সমালোচকৰ দ্বাৰা বহুল হাৰত প্ৰশংসিতও হ’বলৈ সক্ষম হৈছে। একাদশ সংখ্যক চাহেব ফাল্কে ছবি সমাৰোহলৈ মনোনয়ন লাভ কৰিছে এতিয়া এই চুটি ছবিখনে; মনোনয়ন লাভ কৰাৰ খবৰ পোৱা পিছতেই এতিয়া উৎসাহিত হৈ পৰিছে পৰিচালক গৰাকীও। চুটি ছবিখনৰ কাহিনী প্ৰসংগত যদি সহজকৈ ক’বলৈ যাওঁ তেতিয়াহ’লে ক’ব লাগিব যে, এগৰাকী মাতৃয়ে লোভৰ বশৱৰ্তী হৈ তেওঁ হেৰুৱাবলগীয়া হয় নিজৰ সপোনৰ পৃথিৱীখন। চুটি ছবিখনত পৰিচালকগৰাকীৰ দক্ষতা ফুঁটি উঠিছে তাত অভিনীত এগৰাকী কণমানি শিশুৰ পৰা অভিনয় উলিৱাই অনাৰ ক্ষেত্ৰত। চুটি ছবিখনৰ কাহিনীভাগত “চাচপেন্স” আনি দৰ্শকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে পৰিচালক মৃণাল ডেকাই। আনহাতে, মূখ্য চৰিত্ৰত অভিনীত জনপ্ৰিয় অভিনেত্ৰী প্ৰণামী বৰাৰ অভিনয়ৰ দিশটো চুটি ছবিখনত যথেষ্ট মজবুত আছিল যাৰ ফলত চুটি ছবিখনক সফল ৰূপে একাংশ দৰ্শকে ইয়াক গ্ৰহণ কৰিছিল।

একাদশ সংখ্যক চাহেব ফাল্কে ছবি সমাৰোহলৈ মনোনয়ন মৃণাল ডেকাৰ "মঙহ দহাৰ গোন্ধ"- 13


মানস চাংগ্ৰাৰ কাহিনীৰে নিৰ্মিত চুটি ছবিখনক আৰতি ৰিলচৰ বেনাৰত প্ৰযোজনা কৰিছে আৰতি ৰিলচে আৰু ইয়াৰ সহঃ প্ৰযোজনা উষামণি গোস্বামীৰ। ইয়াত আন দুটি উল্লেখনীয় চৰিত্ৰত অভিনয় কৰিছে আদ্ৰিতী পি গগৈ আৰু বদলাৰয়্যণ সিনহাই। নৱপ্ৰজন্মৰ সৃষ্টিত থকা নতুনে এতিয়া দৰ্শককো বহু ক্ষেত্ৰত ভিন্ন সোঁৱাদ দিবলৈ সক্ষম হৈছে। চুটি ছবিখনত সংগীত দিছে ইবচন লাল বৰুৱাই লগতে চাউণ্ড ডিজাইনাৰৰ দায়িত্বত আছে দেৱজিৎ গায়ন আৰু ইয়াৰ সহঃ পৰিচালক হৈছে সত্যজিৎ লগতে নুপূৰ বৰুৱা। ডি.আই কালাৰিষ্ট ৰূপে আছে অসীম শৰ্মা আৰু ইয়াত চিনেমেটো’গ্ৰাফী কৰিছে বিতুল দাসে। আনহাতে, চলিত বৰ্ষতেই গুৱাহাটী চিনে ক্লাৱে ৫ দিনীয়াকৈ আয়োজন কৰা ১৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচিত্ৰ মহোৎসৱৰ আয়োজিত চুটি ছবি প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ চুটি ছবিৰূপে পৰিগণিত হয় নৱপ্ৰজন্মৰ পৰিচালক মৃণাল ডেকাৰ পৰিচালনাৰে নিৰ্মিত “মঙহ দহাৰ গোন্ধ”। এগৰাকী মাতৃৰ হিয়াৰ কান্দোন আৰু সন্তানৰ প্ৰতি থকা মোহ অথবা নতুনক জীয়াবলৈ থকা হেঁপাহক লগ লগাই পৰিচালক গৰাকীয়ে যি উপস্থাপন কৰিছিল সেয়া সঁচাকৈ আছিল প্ৰশংসনীয়।

একাদশ সংখ্যক চাহেব ফাল্কে ছবি সমাৰোহলৈ মনোনয়ন মৃণাল ডেকাৰ "মঙহ দহাৰ গোন্ধ"- 14


চুটি ছবি ক্ষেত্ৰখনৰ লগতে মনোৰঞ্জন ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ অহৰহ প্ৰয়াস হাতত লোৱা পৰিচালক মৃণাল ডেকালৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

]]>
https://rupaliparda.com/archives/25508/feed 1 25508
জীৱনৰ ভিন্ন মতাদৰ্শনেৰে “আকৌ নতুন প্ৰভাত হ’ব”- https://rupaliparda.com/archives/25328 https://rupaliparda.com/archives/25328#respond Fri, 09 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25328 আমাৰ জীৱনবোৰ আচলতে তেনেই সাধাৰণ; প্ৰতিটো মূহুূৰ্তত আমি আমাৰ লক্ষ্যস্থান পাবলৈ প্ৰয়াস কৰি যাব লাগে। প্ৰচেষ্টাতেই আমাৰ জীৱনবোৰ ভিত্তি কৰে; আমি লক্ষ্যত উপনীত হ’বলৈ হাজাৰটা কাঁইটীয়া বাটে আগবাঢ়ি যাবলগীয়া নহওঁক কিয় আমি যদি আমাৰ লক্ষ্য স্থিৰ ৰাখো তেতিয়াহ’লে কোনোকালেই কোনো বাধা হেঙাৰ হৈ থিয় দিব নোৱাৰে। আচলতে, বহু ব্যক্তিয়ে নিজ নিজ জীৱনটো জটিল বুলি ভাৱে; সুখানুভূতিবোৰ সৰু সৰু বস্তুতেই নিবিচাৰি কেতিয়াবা ডাঙৰ কিবা এটা বিচাৰি আগবাঢ়োতে গোটেই জীৱনটোৱে হেৰুৱাই দিবলগীয়াত পৰে। কিন্তু, একাংশই নিজৰ জীৱনটোৰ সৰু সৰু অনুভৱতেই সুখী হয় জীৱনটো পূৰ্ণৰূপত জীয়াবলৈ চেষ্টা কৰে। আমি জীৱনকেন্দ্ৰিক কেইবাটাও সুন্দৰ প্ৰকল্প উপভোগ কৰিছো, নহয়নে? এইবাৰ এই জীৱন চোৱাৰ ভিন্ন মানসিকতাক লৈ একাংশ নৱপ্ৰজন্মই সৃষ্টি কৰি উলিয়াইছে আন এখন চুটি ছবি “আকৌ নতুন প্ৰভাত হ’ব”। দুগৰাকী বন্ধুৰ নিজ নিজ জীৱনটোক উপভোগ কৰাৰ ভিন্ন ধৰণৰ চিন্তাই ছবিখনৰ কাহিনীভাগ উপভোগ্য কৰি তুলিছে।


উক্ত চুটি ছবিখনত অভিনয় কৰিছে তানিক্সা দাস, মৃন্ময় বড়ো, মানস প্ৰতীম শৰ্মা আৰু অলকেশ কলিতাই। আনহাতে সহঃ অভিনেতাৰ চৰিত্ৰ ৰূপায়ন কৰিছে কুলদ্বীপ পেগু, জিতুমণি হাজৰিকা, ৰাহুল চেত্ৰী আৰু মিন্তু দাসে। আৱহ সংগীত মৃন্ময় কলিতাৰ; চিনেমেটো’গ্ৰাফী ৰাহুল দাসৰ। আনহাতে, চুটি ছবিখনৰ পৰিচালনা, স্ক্ৰীপ্ট আৰু সম্পাদনা মৃন্ময় বড়োৰ। চুটি ছবিখন এক গুৰুত্বপূৰ্ণ বাৰ্তাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে যদিও ইয়াত দৃশ্যগ্ৰহণ তথা সংলাপৰ ক্ষেত্ৰত কিছু জোৰ দিব পৰা গ’লহেঁতেন যেন অনুভৱ হয়। সমান্তৰালকৈ, চুটি ছবিখনে জীৱন কেন্দ্ৰিক কিছু বাৰ্তা প্ৰেৰণ কৰাৰ লগতে সম্প্ৰতি সমাজত সংঘটিত কিছু কলা ঘটনাকো সংযোজন কৰা হৈছে।ৱবিগত বৰ্ষৰ প্ৰায় এইখিনি সময়ৰ পৰাই সমগ্ৰ বিশ্বত স্তব্ধতাই বিৰাজ কৰিছিল। স্তব্ধতা যদিও অইন বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল; তৎস্বত্বেও এই স্তব্ধতাই গ্ৰাস কৰিব পৰা নাছিল অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক। একাংশৰ প্ৰতিভাৰ আৱিৰ্ভাবৰ লগতে বহু নৱপ্ৰজন্মৰ সুন্দৰ কাম সমূহ আমি উপভোগ কৰিবলৈ সক্ষম হৈছিলো। ঠিক সেইখিনি সময়ৰ পৰাই আমি একোখন অসমীয়া চুটি ছবি সমূহৰ মুক্তিক লৈ উৎসাহিত হৈ পৰিছো।

জীৱনৰ ভিন্ন মতাদৰ্শনেৰে "আকৌ নতুন প্ৰভাত হ'ব"- 15


নতুন বিষয়বস্তু সমূহৰ সোঁৱাদ ল’বলৈ উৎকন্ঠিত হৈছো। এই নতুন প্ৰয়াস আৰু প্ৰচেষ্টাৰ বাবেই এওঁলোক আগবাঢ়িবলৈ আমি শুভকামনা জনাইছো।

]]>
https://rupaliparda.com/archives/25328/feed 0 25328