Shyamontika Sharma – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Sun, 04 Jul 2021 03:10:52 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Shyamontika Sharma – Rupaliparda.com https://rupaliparda.com 32 32 163073109 প্ৰতিটো পৰিস্থিতিত ধনাত্মক ৰাইজৰ জানমণি শ্যামন্তিকা শৰ্মাঃ https://rupaliparda.com/archives/27197 https://rupaliparda.com/archives/27197#respond Mon, 05 Jul 2021 10:30:00 +0000 https://rupaliparda.com/?p=27197 কিছুদিন পূৰ্বে অসমীয়া জনপ্ৰিয় অভিনেত্ৰী তথা “জানমণি” খ্যাত শ্যামন্তিকা শৰ্মাৰ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰ ৰুজু কৰিছিল অভিনেত্ৰী গৰাকীৰ নিজৰ বৌৱেক নিমীষাৰাণী বৰুৱাই।নিমীষাৰাণী বৰুৱাৰ স্বামী তথা অভিনেত্ৰী গৰাকী দাদায়েক ঋষিকেশ প্ৰাণ ভৰদ্বাজ সহিতে তেওঁৰ পৰিয়ালবৰ্গই দীৰ্ঘদিন ধৰি নিমীষাৰ ওপৰত মানসিক আৰু শাৰিৰীক গোচৰ ৰুজু কৰাৰ কথা ব্যক্ত কৰিছিল বৌৱেকে। কিন্তু, আটাইবোৰ অভিযোগক খণ্ডন কৰি বৌয়েকৰ সকলো কথাই মিছা বুলি মিডিয়াৰ সমুখত মন্তব্য কৰিছিল অভিনেত্ৰী গৰাকীয়ে। স্বামী-স্ত্ৰীৰ মাজত লগা কাজিয়াত বৌয়েক নিমীষা ৰাণীয়ে এনেদৰে পৰিয়ালবৰ্গক টানি অনা কথাটোত ক্ষোভ প্ৰকাশ কৰাৰ লগতে অসমীয়া ৰাইজৰ মাজত অভিনেত্ৰী গৰাকী জনপ্ৰিয় হোৱা বাবে তেওঁক এনেদৰে এই প্ৰসংগত টানি অনাটো ভুল বুলিও কয় শ্যামন্তিকাই। এই আটাইবোৰৰ পিছতো কিন্তু চচিয়েল মিডিয়াত সক্ৰিয় শ্যামন্তিকা শৰ্মা; তেওঁ পোষ্ট কৰি কয় যে সুখেই হওঁক অথবা দুখেই হওঁক অভিনেত্ৰী গৰাকী প্ৰতিটো পৰিস্থিতিতেই ধনাত্মক হৈ থাকে। যিকোনো পৰিস্থিতিত তেওঁ ইতিবাচক হৈ থাকিবলৈ বিচাৰে।


ইনষ্টাগ্ৰাম যোগে অভিনেত্ৰী গৰাকীয়ে কৰা এই পোষ্টত অনুৰাগীৰো বহুল সঁহাৰি দেখিবলৈ পোৱা গৈছে।অসমীয়া ভি.চি.ডি তথা চিনেমা আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ লগতে বিহু নৃত্যৰ যোগেৰে দৰ্শকৰ হৃদয় জিনা “জানমণি” খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বিগত বৰ্ষত বিবাহপাশত আবদ্ধ হৈছিল। ভাৰতীয় নৌ-সেনাত কৰ্মৰত সুপ্ৰতীম দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল শ্যামন্তিকা।

]]>
https://rupaliparda.com/archives/27197/feed 0 27197
“ৰঙালী বিহু” ৰ উছাহঃ ঘৰতে থাকি এপাক নাচিলে অভিনেত্ৰী সকলে- https://rupaliparda.com/archives/13112 https://rupaliparda.com/archives/13112#respond Mon, 13 Apr 2020 06:30:35 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=13112 “ক’ৰ’ণা ভাইৰাছ” ৰ সন্ত্ৰাসে আতংকিত কৰিছে যদিও আকাশে-বতাহে এতিয়া বহাগৰ বাতৰি নামিছে। আজি গৰু বিহু। আজিৰে পৰা অসমীয়া সংস্কৃতিত আৰম্ভ হ’ল বহাগ বিহু। নাচনীৰ দুহাতত জেতুকা, ঢুলীয়াৰ ঢোলৰ চেওঁয়ে গোটেইখন ৰজন-জনাই থকাৰ পৰা এইবাৰ বিৰত থাকিলেও বহাগ বুলি অসমীয়া অভিনেত্ৰী সকলে এপাক নানাচিবনে? ঢুলীয়াৰ ঢোলৰ চেওঁত নহ’লেও বিহু বুলি এপাক ঘৰতেই নাচিলে অসমীয়া অভিনেত্ৰী সকলে; যাঁচিলে সকলোলৈ বহাগ বিহুৰ শুভকামনা। সেৰেঙা বিহুটিকো সাদৰেৰে সম্ভাষণ জনাইছে এওঁলোকে।

"ৰঙালী বিহু" ৰ উছাহঃ ঘৰতে থাকি এপাক নাচিলে অভিনেত্ৰী সকলে- 1


দীপলিনাই ঘৰতে বিহু নচাৰ পৰিবৰ্তে অভিনেত্ৰী আইমীয়ে নিজেই জেতুকা পিঁচি ৰঙীণ কৰিছে দুহাত। সুকন্যাই কপৌ ফুল পাঁহ খোপাত গুজি বিহু সাঁজযোৰ পিন্ধি চাইছে। মুঠতে; বহাগ আহিছে। অসমৰ “জানমণি” অৰ্থাৎ শ্যামন্তিকাই পূৰণি বিহু নচা ভিডিঅ’ এটাকে চচিয়েল মিডিয়াত আপলোড কৰি অতীতৰ বিহুটিক ৰোমন্থন কৰিছে; কেওঁদিশে মাত্ৰ এতিয়া বহাগৰ উছাহ।

https://www.instagram.com/p/B-45S9ohb4o/?utm_source=ig_web_copy_link


ইয়াৰ লগতে, সমগ্ৰ অসমবাসীক ৰূপালীপৰ্দাৰ সমূহ কৰ্মকতাৰ ফালৰ পৰা ৰঙালী বিহুৰ উলগ যাঁচিলো।

https://www.instagram.com/p/B-4TI_lp0hJ/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B-5H_K0gmEC/?utm_source=ig_web_copy_link
View this post on Instagram

HAPPY RANGALI BIHU Stay Home Stay safe…

A post shared by moni kanchan (@monikanchan_konwar) on

https://www.instagram.com/p/B-5G9Znnsal/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B-6FELEpqZJ/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B-6NMicnU8E/?utm_source=ig_web_copy_link
]]>
https://rupaliparda.com/archives/13112/feed 0 13112
বিবাহৰ পিছত প্ৰথমটো দীপাৱলী উদযাপন অভিনেত্ৰী শ্যামন্তিকাৰঃ https://rupaliparda.com/archives/7359 https://rupaliparda.com/archives/7359#respond Mon, 28 Oct 2019 09:31:35 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=7359 বলীউডৰ ন-বিবাহিত বহুকেইটা যুঁটিয়ে প্ৰথমটো দীপাৱলী পালন কৰাৰ লগতে জলীউডতো এনে ন-বিবাহিত যুঁটি আছে; যিয়ে বিবাহৰ পিছত প্ৰথমবাৰৰ বাবে একেলগে উদযাপন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী।

বিবাহৰ পিছত প্ৰথমটো দীপাৱলী উদযাপন অভিনেত্ৰী শ্যামন্তিকাৰঃ 2


অসমীয়া ভি.চি.ডি তথা চিনেমা আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয় জিনা “জানমণি” খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই চলিত মাহৰ ১০ তাৰিখে বিবাহপাশত আবদ্ধ হৈছিল। ভাৰতীয় নৌ-সেনাত কৰ্মৰত সুপ্ৰতীম দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল শ্যামন্তিকা।

বিবাহৰ পিছত প্ৰথমটো দীপাৱলী উদযাপন অভিনেত্ৰী শ্যামন্তিকাৰঃ 3


প্ৰথমটো দীপাৱলীৰ লগতে বিবাহিত যুঁটিটোৰ প্ৰথমটো উৎসৱে এতিয়া আনন্দিত কৰিছে দুয়োকে। অভিনেত্ৰী গৰাকীয়ে নিজ ইনষ্টাগ্ৰামত স্বামীৰ সৈতে কিছু ফটো আপলোড কৰি দীপাৱলীৰ শুভকামনা জনাই যদিও পিছলৈ ফটোসমূহ অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰি দিয়ে।

বিবাহৰ পিছত প্ৰথমটো দীপাৱলী উদযাপন অভিনেত্ৰী শ্যামন্তিকাৰঃ 4
বিবাহৰ পিছত প্ৰথমটো দীপাৱলী উদযাপন অভিনেত্ৰী শ্যামন্তিকাৰঃ 5
]]>
https://rupaliparda.com/archives/7359/feed 0 7359