Sila – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 12 Feb 2021 04:38:43 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Sila – Rupaliparda.com https://rupaliparda.com 32 32 163073109 বিতৰ্ক আৰু সমালোচনাৰ মাজতেই “চিলা” ৰ পঞ্চমটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ https://rupaliparda.com/archives/24121 https://rupaliparda.com/archives/24121#respond Sat, 13 Feb 2021 12:30:01 +0000 https://rupaliparda.com/?p=24121 বিতৰ্ক আৰু সমালোচনাৰ পাৰ ভাঙি জুবিন গাৰ্গ বৰ্তমান ব্যস্ত হৈ পৰিছে তেওঁৰ “চিলা” এলবামৰ পঞ্চমটো গীতৰ মুক্তিক লৈ। চচিয়েল মিডিয়াত এক পোষ্ট যোগে তেওঁ পঞ্চমটো গীতৰ শ্বুটিঙৰ দুখন ফটো আপলোড কৰে; অক্টোবৰ মাহৰ পৰা প্ৰতিটো মাহে “চিলা” এলবামটোৰ একোটা গীতক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে আৰু তাৰ পিছতেই “চিলা” তথা “উভতি চোৱা” ৰ পিছত মুকলি কৰি দিয়া হৈছিল “অগ্নি বীণাৰ তান” আৰু “একো যে নাই”। গীতটিৰ প্ৰতিটো শব্দ তথা শাৰীয়ে অনুৰাগীৰ মনত ইমান অধিককৈ ঠাই বনাবলৈ সক্ষম হৈছিল মুক্তিৰ দিন ধৰি বৰ্তমানলৈ হিট লিষ্টত উক্ত গীতটো। এটি ব্যক্তিগত সংবাদ মাধ্যমৰ এক এৱাৰ্ড শ্ব’ত জুবিন গাৰ্গে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীক কৰা অশালীন মন্তব্যই তেওঁক অনুৰাগীৰ ওচৰতো তল পেলাইছিল। চচিয়েল মিডিয়াত উক্ত কথাটোক লৈ হোৱা সমালোচনাৰ পিছত মহিলা আয়োগেও তেওঁক লৈ এজাহাৰ দাখিল কৰিছিল।

বিতৰ্ক আৰু সমালোচনাৰ মাজতেই "চিলা" ৰ পঞ্চমটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 1
বিতৰ্ক আৰু সমালোচনাৰ মাজতেই "চিলা" ৰ পঞ্চমটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 2


কিন্তু পিছলৈ তেওঁ কথাটো ধেমালিহে কৰি কৈছিল বুলিহে মন্তব্য কৰে। জুবিন গাৰ্গক লৈ বৰ্তমানেও একাংশ ক্ষোভিত হৈ থকা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ বৃন্দাবন চুপাৰ মাৰ্কেটত তেওঁৰ সৌজন্যত খোলা বিপণী “পথাৰ আমাৰ বজাৰ আমাৰ” য়ে জনসাধাৰণৰ বহুল সঁহাৰি লাভ কৰিছে। থলুৱা খাদ্যৰ বিক্ৰীৰে এইবাৰ সফলতা লাভ কৰিছে হাৰ্টথ্ৰৱ গৰাকীয়ে।

]]>
https://rupaliparda.com/archives/24121/feed 0 24121
“চিলা” ৰ চতূৰ্থটো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি “একো যে নাই”- https://rupaliparda.com/archives/23588 https://rupaliparda.com/archives/23588#respond Wed, 20 Jan 2021 12:30:16 +0000 https://rupaliparda.com/?p=23588 বহু প্ৰত্যাশিত জুবিন গাৰ্গৰ “চিলা” এলবামৰ চতূৰ্থটো গীত মুক্তিৰ পিছতেই লাভ কৰিছে জনপ্ৰিয়তা। শেহতীয়াকৈ মুক্তি লাভ কৰা গীত “একো যে নাই” ৰ ভিডিঅ’ ত দেখিবলৈ পোৱা গ’ল একাংশ নৱপ্ৰজন্মৰ দলক। “চিলা” এলবামত অন্তৰ্ভূক্ত চতূৰ্থটো গীতক ইতিমধ্যে মুকলি কৰি দি জনসাধাৰণৰ মাজৰ পৰা বুটলিছে হাৰ্টথ্ৰৱ গৰাকীয়ে প্ৰশংসা। নিজ কথা, সুৰ আৰু পৰিচালনাৰে নিৰ্মিত উক্ত গীতটিৰ ভিডিঅ’ পৰিচালনাও কৰিছে জুবিন গাৰ্গে নিজেই। অক্টোবৰ মাহৰ পৰা প্ৰতিটো মাহে “চিলা” এলবামৰ একোটা গীতক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে আৰু তাৰ পিছতেই “চিলা” তথা “উভতি চোৱা”, “অগ্নি বীণাৰ তান” ৰ পিছত এইবাৰ মুকলি কৰি দিছে “একো যে নাই”। জুবিন গাৰ্গৰ প্ৰতিটো বস্তুৱে প্ৰতিজন দৰ্শক-শ্ৰোতাক আপ্লুত কৰে; তেওঁৰ আহিবলগীয়া প্ৰকল্পক লৈ তেওঁতকৈ অধিক উৎসাহী হৈ থাকে তেওঁৰ বহুল অংকৰ অনুৰাগী। অনামিকা”, “পাখি” তথা বৰ্তমানেও তেওঁৰ কন্ঠৰে মুক্তি প্ৰাপ্ত প্ৰতিটো গীতত থাকে এক অজান শিহৰণ; যিয়ে চুই যায় সংগীত প্ৰেমী শ্ৰোতাক। সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেক গৰাকী ব্যক্তিয়ে জুবিন বলীয়া; তেওঁৰ কৰ্মৰ সমালোচনা হ’লেও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমানেই বৃহৎ যে এই সমালোচনাই অলপতে মুখ থেকেচা খাই পৰে। জুবিন গাৰ্গ ব্ৰেণ্ড বুলি এনেই কয় পেলোৱা নহয়; ইয়াৰ আঁৰতো যথেষ্ট কাৰণ অন্তৰ্নিৰ্হিত হৈ আছে। সংগীতশিল্পী ৰূপে যে কেৱলমাত্ৰ সংগীততেই তেওঁ মনোনিৱেশ কৰিছে আচলতে তেনে নহয়।

"চিলা" ৰ চতূৰ্থটো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি "একো যে নাই"- 3


প্ৰতিটো সময়তে সমাজৰ হকে চিন্তা কৰা, ৰাইজৰ হাত ধৰি থিয় হোৱা এগৰাকী “প্ৰকৃত শিল্পী” ৰ মাজৰ এজন হৈছে জুবিন গাৰ্গ। সামাজিক তথা ৰাজনৈতিক দিশটোৰ প্ৰতিটো ক্ষেত্ৰতে নিজ মন্তব্য প্ৰদান কৰে কন্ঠশিল্পী গৰাকীয়ে। শেহতীয়াকৈ বৃন্দাবন চুপাৰ মাৰ্কেটত তেওঁৰ সৌজন্যত খোলা বিপণী “পথাৰ আমাৰ বজাৰ আমাৰ” য়ে জনসাধাৰণৰ বহুল সঁহাৰি লাভ কৰিছে। থলুৱা খাদ্যৰ বিক্ৰীৰে এইবাৰ সফলতা লাভ কৰিছে হাৰ্টথ্ৰৱ গৰাকীয়ে।

]]>
https://rupaliparda.com/archives/23588/feed 0 23588
“চিলা” ৰ চতূৰ্থটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ https://rupaliparda.com/archives/23332 https://rupaliparda.com/archives/23332#respond Fri, 08 Jan 2021 12:30:31 +0000 https://rupaliparda.com/?p=23332 “চিলা” এলবামৰ চতূৰ্থটো গীতৰ মুক্তিৰ বাবে সাজু হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। “অগ্নিবীণাৰ তান” শীৰ্ষক গীতটিৰ বহুল সফলতাৰ পিছত আহিবলগীয়া গীতটিক লৈ উৎসাহী তেওঁৰ সমগ্ৰ অনুৰাগী। গীতেৰে জনসাধাৰণৰ কাষ চপাৰ উপৰিও জুবিন গাৰ্গে শেহতীয়াকৈ নিজ উদ্যোগত মুকলি কৰিছে “পথাৰ আমাৰ বজাৰ আমাৰ’ নামে এক প্ৰকল্প। মুকলিৰ পিছতই তেওঁৰ তাত থকা থলুৱা খাদ্যৰ বিক্ৰী আকাশলংঘী হৈ পৰিছে। মুঠতে, কেৱল মাত্ৰ গীতেই নহয়; সমাজ সংস্কাৰক লৈও যে কন্ঠশিল্পী জুবিন গাৰ্গ যে দায়বদ্ধ তাক আকৌ এবাৰ উনুকিয়াই নিদিলেও সকলোৰে বোধগম্য। বৃন্দাবন চুপাৰ মাৰ্কেটত “পথাৰ আমাৰ বজাৰ আমাৰ” নামে এখন সুন্দৰ বিপণীৰ মুকলি কৰে কন্ঠশিল্পী গৰাকীৰ লগতে তেওঁৰ পত্নীয়ে। কিছুদিন পূৰ্বে এই বিষয়ক লৈ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এখন ফটো ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। বিভিন্ন জনে শিল্পী গৰাকীক ফটোখনৰ ভিত্তিত প্ৰশ্ন কৰাৰ লগতে সমালোচনা কৰাও আৰম্ভ কৰিছিল; ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ কৰিবলৈ যোৱা অৱস্থাত এই ফটোখন লোৱা হৈছিল আৰু তেওঁৰ সৈতে ফটোখনত আছিল তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গো।

"চিলা" ৰ চতূৰ্থটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 4
"চিলা" ৰ চতূৰ্থটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 5


বিতৰ্কিত “কা” বিৰোধী আইনৰ বিৰোধিতাত বিগত দিনত জুবিন গাৰ্গে বিভিন্ন ধৰণে আন্দোলন অব্যাহত ৰাখিছিল; গতিকে এনেক্ষেত্ৰত কন্ঠশিল্পী গৰাকী মূখ্যমন্ত্ৰী সোণোৱালৰ কাষ চপাত প্ৰত্যেকেই সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁক লৈ নানানটা প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু সেই প্ৰশ্নৰ উত্তৰ জুবিনক ৰাজহুৱাকৈ দিবলৈ আৱেদন জনাইছিল তেওঁৰ অনুৰাগীয়ে আৰু আটাইবোৰ প্ৰশ্নৰ উত্তৰ হাৰ্টথ্ৰৱ গৰাকীয়ে এখন সংবাদ পত্ৰযোগে দিয়ে। উল্লেখ্য যে, অক্টোবৰ মাহৰ পৰা প্ৰতিটো মাহে “চিলা” এলবামটোৰ একোটা গীতক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে আৰু তাৰ পিছতেই “চিলা” তথা “উভতি চোৱা” ৰ পিছত মুকলি কৰি দিয়া হৈছিল “অগ্নি বীণাৰ তান”। গীতটিৰ প্ৰতিটো শব্দ তথা শাৰীয়ে অনুৰাগীৰ মনত ইমান অধিককৈ ঠাই বনাবলৈ সক্ষম হৈছিল মুক্তিৰ দিন ধৰি বৰ্তমানলৈ হিট লিষ্টত উক্ত গীতটো।

]]>
https://rupaliparda.com/archives/23332/feed 0 23332
“চিলা” ৰ তৃতীয়টো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি “অগ্নি বীণাৰ তান”- https://rupaliparda.com/archives/22890 https://rupaliparda.com/archives/22890#respond Sat, 19 Dec 2020 12:30:42 +0000 https://rupaliparda.com/?p=22890 অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্মদিন তথা “চেতনা দিৱস” উপলক্ষে যোৱা কালি মুক্তি লাভ কৰিছে জুবিন গাৰ্গৰ আন এটি গীত “অগ্নি বীণাৰ তান”। “চিলা” এলবামত অন্তৰ্ভূক্ত তৃতীয়টো গীতক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে জনসাধাৰণৰ মাজত। এটা কবিতাক গীত আকাৰে প্ৰস্তুত কৰি ৰাইজৰ মাজত উলিয়াই দিছে হাৰ্টথ্ৰৱ গৰাকীয়ে। অক্টোবৰ মাহৰ পৰা প্ৰতিটো মাহে “চিলা” এলবামটোৰ একোটা গীতক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে আৰু তাৰ পিছতেই “চিলা” তথা “উভতি চোৱা” ৰ পিছত এইবাৰ মুকলি কৰি দিছে “অগ্নি বীণাৰ তান”। জুবিন গাৰ্গৰ প্ৰতিটো বস্তুৱে প্ৰতিজন দৰ্শক-শ্ৰোতাক আপ্লুত কৰে; তেওঁৰ আহিবলগীয়া প্ৰকল্পক লৈ তেওঁতকৈ অধিক উৎসাহী হৈ থাকে তেওঁৰ বহুল অংকৰ অনুৰাগী। অনামিকা”, “পাখি” তথা বৰ্তমানেও তেওঁৰ কন্ঠৰে মুক্তি প্ৰাপ্ত প্ৰতিটো গীতত থাকে এক অজান শিহৰণ; যিয়ে চুই যায় সংগীত প্ৰেমী শ্ৰোতাক। সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেক গৰাকী ব্যক্তিয়ে জুবিন বলীয়া; তেওঁৰ কৰ্মৰ সমালোচনা হ’লেও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমানেই বৃহৎ যে এই সমালোচনাই অলপতে মুখ থেকেচা খাই পৰে। জুবিন গাৰ্গ ব্ৰেণ্ড বুলি এনেই কয় পেলোৱা নহয়; ইয়াৰ আঁৰতো যথেষ্ট কাৰণ অন্তৰ্নিৰ্হিত হৈ আছে। সংগীতশিল্পী ৰূপে যে কেৱলমাত্ৰ সংগীততেই তেওঁ মনোনিৱেশ কৰিছে আচলতে তেনে নহয়।

"চিলা" ৰ তৃতীয়টো গীত জুবিন গাৰ্গৰ কন্ঠৰে মুক্তি "অগ্নি বীণাৰ তান"- 6


প্ৰতিটো সময়তে সমাজৰ হকে চিন্তা কৰা, ৰাইজৰ হাত ধৰি থিয় হোৱা এগৰাকী “প্ৰকৃত শিল্পী” ৰ মাজৰ এজন হৈছে জুবিন গাৰ্গ। সামাজিক তথা ৰাজনৈতিক দিশটোৰ প্ৰতিটো ক্ষেত্ৰতে নিজ মন্তব্য প্ৰদান কৰে কন্ঠশিল্পী গৰাকীয়ে। সঁচা কথা ক’বলৈ তেওঁ বিচাৰ তথা চিন্তা সমূহক ৰাইজে আকোঁৱালি লোৱাও দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ “কা” বিৰোধী আন্দোলনক লৈও নিজ মন্তব্য প্ৰদান কৰিছিল জুবিন গাৰ্গে।

]]>
https://rupaliparda.com/archives/22890/feed 0 22890
“চিলা” ৰ প্ৰমো’ৱে উৎকন্ঠা বঢ়াইছে অনুৰাগীৰঃ জুবিন গাৰ্গৰ নতুন ৰূপ- https://rupaliparda.com/archives/21112 https://rupaliparda.com/archives/21112#respond Tue, 13 Oct 2020 12:30:24 +0000 https://rupaliparda.com/?p=21112 মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আহিবলগীয়া গীত “চিলা” ৰ প্ৰমো। | বহু দিনৰ পৰা তেওঁৰ আহিবলগীয়া এই গীতটিক লৈ বহুল প্ৰস্তুতি দেখিবলৈ পোৱা গৈছিল। অহা ১৮ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া এই গীতটিৰ আজিৰ প্ৰমো’টোৱে উৎকন্ঠাৰ সৃষ্টি কৰিছে অনুৰাগীৰ মাজত। গীতটিৰ কথাৰ লগতে ইয়াৰ পৰিচালনা আৰু ইয়াত সংগীত দিয়াৰ দায়িত্বতো আছিল হাৰ্টথ্ৰৱ গৰাকী। গীতটিৰ ভিডিঅ’ পৰিচালনা বিতুপন কাশ্যপৰ আৰু দৃশ্যগ্ৰহণ বিতুল দাসৰ; ভিডিঅ’টোত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছে নীলিম মহন্ত আৰু শ্ৰেয়া বৰঠাকুৰে। চলিত বৰ্ষৰ আৰম্ভণিতেই জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁক কিছুদিন জিৰণি লোৱাৰ মানসেৰে লৈ যোৱা হৈছিল মুম্বাইলৈ। মায়ানগৰীৰ পৰা উভতি অহা পিছতেই একক কন্ঠৰ “চিলা” ক লৈ ব্যস্ত আছিল জুবিন গাৰ্গ।

"চিলা" ৰ প্ৰমো'ৱে উৎকন্ঠা বঢ়াইছে অনুৰাগীৰঃ জুবিন গাৰ্গৰ নতুন ৰূপ- 7


অৰ্থনৈতিক বিপ্লৱ অনাৰ মানসেৰে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা আলোচনাৰ পিছত জুবিন গাৰ্গক লৈও একাংশই সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিল। তৎস্বত্বেও, জুবিন গাৰ্গে বাৰম্বাৰ নিজৰ স্থিতি অটল থকাৰ সিদ্ধান্ত লৈ “কা” বিৰোধী আন্দোলনত সক্ৰিয় ৰূপে পুনৰ বাৰ থিয় দিয়াৰো কথা সুঁৱৰাই দিয়ে।

]]>
https://rupaliparda.com/archives/21112/feed 0 21112