Srimanta Sankar Deva – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Mon, 27 Jan 2020 09:59:49 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Srimanta Sankar Deva – Rupaliparda.com https://rupaliparda.com 32 32 163073109 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ ঐতিহাসিক সমল সমৃদ্ধ শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’ মুকলি https://rupaliparda.com/archives/9836 https://rupaliparda.com/archives/9836#respond Mon, 27 Jan 2020 14:35:48 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=9836 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন উপলক্ষ্যে ৰচনা কৰা শীৰ্ষ গীতি-কবিতাটিৰ ভিডিঅ’ এলবামটিৰ যোৱা ২৬ জানুৱাৰীত অধিবেশনথলী বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰত আনুষ্ঠানিকভাৱে ৰাইজলৈ মুকলি কৰি দিয়া হয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ ঐতিহাসিক সমল সমৃদ্ধ শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’ মুকলি 1

অধিৱেশনলৈ অহা লক্ষ লক্ষ ভকত বৈষ্ণৱে বোকাখাত অঞ্চলৰ সামগ্ৰিকভাৱে এক সম্যক ধাৰণা বুকুত বান্ধি লৈ যাব পৰাকৈ অঞ্চলটোৰ সকলো ঐতিহ্য সামৰি উদযাপন সমিতিয়ে প্ৰস্তুত কৰি উলিয়াইছে এই ভিডিঅ’ এলবামটি।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ ঐতিহাসিক সমল সমৃদ্ধ শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’ মুকলি 2

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা, কাকচাঙৰ জলপ্ৰপাত, নুমলীগড়ৰ সপ্তদশ শতিকাৰ দেওপাহাৰৰ শৈল-ভাস্কৰ্য আদি পৰ্যটন ক্ষেত্ৰ সমূহৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলা মিৰি, চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী শ্বহীদ বেজা বৈষ্ণৱ, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ শ্বহীদ সকলৰ ভিতৰত একে লগে একে ঠাইতে একে সময়তে গুলিয়াই নিহত কৰা সপ্ত শ্বহীদৰ অৱদান, কাৰ্গিল যুদ্ধৰ শ্বহীদ জিন্তুু গগৈ আৰু প্ৰশান্ত শইকীয়া, প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ নাম ভুমিকাত অভিনয় কৰা পানিদিহিঙীয়াৰ আইদেউ সন্দিকৈ, ৰাজমাওৰ ভুমিকাত অভিনয় কৰা মহুৰা মুখৰ মোহিনী ৰাজকুমাৰী, তথা বিভিন্ন ঐতিহাসিক সত্ৰ, মঠ, মন্দিৰ, মছজিদ, তথা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি বোকাখাতৰ এটি চমু আলোকপাত কৰাৰ প্ৰয়াস কৰা শীৰ্ষ গীতি কবিতাটিৰ সামগ্ৰিক পৰিকল্পনা, ৰচনা, পৰিচালনা প্ৰদীপ কুমাৰ বৰাৰ। 

সহযোগী অৰুণ গগৈ, বীৰেন দাস আৰু অনুপ তামুলী। সামগ্ৰিক ব্যৱস্থাপনা প্ৰদ্যুত মহন্তৰ। মুখ্য পৰামৰ্শ দাতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰ প্ৰাণ বৰা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য আৰু গৱেষণা পৰিষদৰ সদস্য শোভন চন্দ্ৰ শইকীয়া, অসম সাহিত্য সভাৰ মাতৃ ভাষা, ৰাজ্য ভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমেন চন্দ্ৰ হাজৰিকা। গীতাংশত কণ্ঠ দান কৰিছে আচুৰ্য বৰপাত্ৰ গোঁহাই, অৰুণ গগৈ, জানমনি ফুকন, অংকিতা লহকৰ আৰু পংখী দত্তই। কবিতা অংশত প্ৰদীপ কুমাৰ বৰা আৰু অৰ্চিমনি বুঢ়াগোহাঁয়ে। সংগীত ব্যৱস্থাপনা জানমনি ফুকন, বীৰেণ দাস, আৰু মাধুৰ্য শইকীয়াৰ আৰু সহযোগিতা কৰিছে বিতোপন গগৈ, আকাশজ্যোতি দাস, বিশ্বজিৎ গগৈ, আৰু মনজিৎ ৰাজবংশী।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ ঐতিহাসিক সমল সমৃদ্ধ শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’ মুকলি 3

বোকাখাতৰ এন বি ডিজিটেলত প্ৰথমিক পৰ্যায়ত নবজিত বৰাই বাণীবদ্ধ কৰা গীতটিৰ আৰ কে ডিজিটেল শিৱসাগৰ নাজিৰা বালিঘাটত চূড়ান্ত বাণীবদ্ধ কৰে ৰাজোত্তম বৰাই। ভিডিঅ’টিৰ চিত্ৰ গ্ৰহণ আৰু সংগ্ৰহ কৌস্তভ জ্যোতি বৰাৰ, সম্পাদনা পাপু ৰহমানৰ। ২৬ জানুৱাৰী তাৰিখে ৰাইজলৈ বুলি আগবঢ়োৱা শীৰ্ষ গীতি-কবিতাৰ ভিডিঅ’টিয়ে ইতিমধ্যে ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

SOURCE: https://assamtimespost.com/?p=13317

]]>
https://rupaliparda.com/archives/9836/feed 0 9836
মুক্তি পালে অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত-চেপটাৰ ১”- https://rupaliparda.com/archives/8461 https://rupaliparda.com/archives/8461#comments Mon, 02 Dec 2019 09:37:13 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8461 মুক্তি লাভ কৰিলে মুম্বাইস্থিত অসম সন্তান অনুৰাগ শইকীয়াৰ সপোন প্ৰকল্প “প্ৰজেক্ট বৰগীত, চেপটাৰ ১”। চলিত মাহৰ ১ তাৰিখে মুক্তিপ্ৰাপ্ত প্ৰকল্পটোৰ প্ৰথমটো খণ্ডয়ে ইতিমধ্যে দৰ্শকক আকৰ্ষিত কৰিছে। ৫০০ বছৰ পুৰণি গুৰুদুজনাৰ বৰগীতক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰোৱাৰ যি সপোন; সেই সপোনক বাস্তৱত ৰূপায়িত কৰাত সফল বুলিব পাৰি সংগীত পৰিচালক অনুৰাগক।


উল্লেখ্য যে, দুটিকৈ বৰগীত ক্ৰমে “আৰে কম্পিত” আৰু “ফাগু খেলে” ক চলিত বৰ্ষৰ ৬ এপ্ৰিলত মেছিডোনিয়াৰ ফেম প্ৰজেক্ট অৰ্কেষ্ট্ৰেল মিউজিক ৰেকৰ্ডিং ষ্টুডিঅ’ ত বাণীবন্ধনৰ কাম সম্পূৰ্ণ কৰা হয়। বৰগীত দুটিত কোনো ধৰণৰ ফিউজন প্ৰদান নকৰি কেৱল মাত্ৰ তাক ওৱেষ্টাৰ্ন ক্লাছিকৰ সৈতে সংলগ্ন কৰা হৈছে।

মুক্তি পালে অনুৰাগ শইকীয়াৰ "প্ৰজেক্ট বৰগীত-চেপটাৰ ১"- 4


অনুৰাগ শইকীয়াৰ পৰিচালনাত সৃষ্ট এই প্ৰকল্পটিত বিশ্বৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী সংগীত শিল্পীৰ লগতে অংশগ্ৰহণ কৰে ১৫ গৰাকী কলা-কুশলীয়ে।

]]>
https://rupaliparda.com/archives/8461/feed 1 8461
অনুৰাগ শইকীয়াৰ “প্ৰজেক্ট বৰগীত, চেপটাৰ ১”- https://rupaliparda.com/archives/8329 https://rupaliparda.com/archives/8329#respond Wed, 27 Nov 2019 11:39:56 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8329 মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান অনুৰাগ শইকীয়াৰ এক ব্যতিক্ৰমী সপোন। ১৫ শ শতিকাৰ বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠাতা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্ট বৰগীতক এতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ব্যতিক্ৰমী সপোনক বাস্তৱত ৰূপায়িত কৰাৰ প্ৰচেষ্টা হাতত লৈছে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) প্ৰাপ্ত সংগীত পৰিচালক অনুৰাগ শইকীয়া। উক্ত প্ৰকল্পটোৰ নাম হৈছে “প্ৰজেক্ট বৰগীত”। এই প্ৰকল্পটোৰ “চেপটাৰ ১” অৰ্থাৎ প্ৰথমটো খণ্ড মুক্তি লাভ কৰিব অহা ডিচেম্ব মাহৰ ১ তাৰিখে।

অনুৰাগ শইকীয়াৰ "প্ৰজেক্ট বৰগীত, চেপটাৰ ১"- 5


এচাম লোকৰ মাজত তথা কেৱল মাত্ৰ আধ্যাত্মিক পৰিসৰৰ মাজতেই সীমাবদ্ধ হৈ থকা “বৰগীত” ক এক নতুন চিনাকী প্ৰদানত ব্যস্ত অসম সন্তান অনুৰাগ। দুটিকৈ বৰগীত ক্ৰমে “আৰে কম্পিত” আৰু “ফাগু খেলে” ক চলিত বৰ্ষৰ ৬ এপ্ৰিলত মেছিডোনিয়াৰ ফেম প্ৰজেক্ট অৰ্কেষ্ট্ৰেল মিউজিক ৰেকৰ্ডিং ষ্টুডিঅ’ ত বাণীবন্ধনৰ কাম সম্পূৰ্ণ কৰা হয়। বৰগীত দুটিত কোনো ধৰণৰ ফিউজন প্ৰদান নকৰি কেৱল মাত্ৰ তাক ওৱেষ্টাৰ্ন ক্লাছিকৰ সৈতে সংলগ্ন কৰা হৈছে।

অনুৰাগ শইকীয়াৰ "প্ৰজেক্ট বৰগীত, চেপটাৰ ১"- 6


অনুৰাগ শইকীয়াৰ পৰিচালনাত বৰগীত দুটিৰ অৰৰ্কেষ্ট্ৰাত অংশগ্ৰহণ কৰে বিশ্ব বিভিন্ন ঠাইৰ ৮০ গৰাকী সংগীত শিল্পীৰ লগতে ১৫ গৰাকী কলা-কুশলীয়ে। শিল্পীগৰাকীৰ এই প্ৰস্তুতিত বৰ্তমান উৎসাহিত হৈ পৰিছে প্ৰত্যেকজন অসমবাসী।

]]>
https://rupaliparda.com/archives/8329/feed 0 8329
অসম সন্তান অনুৰাগৰ প্ৰশংসনীয় পদক্ষেপঃ প্ৰত্যেক জন অসমীয়াৰ আৱেগ জড়িত এক প্ৰজেক্ট- https://rupaliparda.com/archives/6520 https://rupaliparda.com/archives/6520#respond Wed, 09 Oct 2019 08:30:20 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=6520 মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান অনুৰাগ শইকীয়াৰ এক ব্যতিক্ৰমী সপোন। ১৫ শ শতিকাৰ বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠাতা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্ট বৰগীতক এতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ব্যতিক্ৰমী সপোনক বাস্তৱত ৰূপায়িত কৰাৰ প্ৰচেষ্টা হাতত লৈছে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) প্ৰাপ্ত সংগীত পৰিচালক অনুৰাগ শইকীয়াই । উক্ত প্ৰকল্পটোৰ নাম হৈছে “প্ৰজেক্ট বৰগীত”।

অসম সন্তান অনুৰাগৰ প্ৰশংসনীয় পদক্ষেপঃ প্ৰত্যেক জন অসমীয়াৰ আৱেগ জড়িত এক প্ৰজেক্ট- 7


এচাম লোকৰ মাজত তথা কেৱল মাত্ৰ আধ্যাত্মিক পৰিসৰৰ মাজতেই সীমাবদ্ধ হৈ থকা “বৰগীত” ক এক নতুন চিনাকী প্ৰদানত ব্যস্ত অসম সন্তান অনুৰাগ। দুটিকৈ বৰগীত ক্ৰমে “আৰে কম্পিত” আৰু “ফাগু খেলে” ক চলিত বৰ্ষৰ ৬ এপ্ৰিলত মেছিডোনিয়াৰ ফেম প্ৰজেক্ট অৰ্কেষ্ট্ৰেল মিউজিক ৰেকৰ্ডিং ষ্টুডিঅ’ ত বাণীবন্ধনৰ কাম সম্পূৰ্ণ কৰা হয়। বৰগীত দুটিত কোনো ধৰণৰ ফিউজন প্ৰদান নকৰি কেৱল মাত্ৰ তাক ওৱেষ্টাৰ্ন ক্লাছিকৰ সৈতে সংলগ্ন কৰা হৈছে।


অনুৰাগ শইকীয়াৰ পৰিচালনাত বৰগীত দুটিৰ অৰ্কেষ্ট্ৰাত অংশগ্ৰহণ কৰে বিশ্বৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী সংগীত শিল্পীৰ লগতে ১৫ গৰাকী কলা-কুশলীয়ে। ইতিমধ্যে, “প্ৰজেক্ট বৰগীত” ৰ এটা টিজাৰ গুৰুজনাৰ ৫৭১ তম জন্ম তিথিৰ দিনাই মুকলি কৰা হয়।

]]>
https://rupaliparda.com/archives/6520/feed 0 6520