Sringkhal – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Fri, 24 Jan 2020 09:10:53 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Sringkhal – Rupaliparda.com https://rupaliparda.com 32 32 163073109 আদিল হুচেইন-জয়া শীলৰ যুঁটিৰে “শৃংখল”- https://rupaliparda.com/archives/8526 https://rupaliparda.com/archives/8526#respond Fri, 24 Jan 2020 13:32:59 +0000 https://wordpress-459758-1440234.cloudwaysapps.com/?p=8526 প্ৰবীণ হাজৰিকাৰ পৰিচালনাৰে ২০১৪ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ছবি “শৃংখল” ত আদিল হুচেইনকে ধৰি জয়া শীলে মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ চুটিগল্পক কেন্দ্ৰ কৰি নিৰ্মিত ছবিখনত নাৰীৰ নিৰাপত্তাৰ কাহিনী সন্নিৱিষ্ট কৰা হৈছিল।


এগৰাকী “নাৰী” ক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনত সত্তৰ দশকত অসমীয়া সমাজৰ এগৰাকী দুখীয়া বিধৱা নাৰীয়ে জীৱনত কৰা সংগ্ৰাম আৰু ইয়াৰ উপৰিও তেওঁৰ যন্ত্ৰণা তথা নিৰাপত্তাহীনতাক কেন্দ্ৰ কৰিয়ে নিৰ্মাণ কৰা হৈছিল ছবি “শৃংখল”।

আদিল হুচেইন-জয়া শীলৰ যুঁটিৰে "শৃংখল"- 1
আদিল হুচেইন-জয়া শীলৰ যুঁটিৰে "শৃংখল"- 2


জনপ্ৰিয় শিল্পী আদিল হুচেইন, জয়া শীলৰ বাহিৰেও ছবিখনত অভিনয় কৰিছিল বাদল দাস আৰু সৌৰভ হাজৰিকাই। লগতে,ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছিল প্ৰীতি শইকীয়া, পাৰ্থ প্ৰতিম বৰা, শচীন্দ্ৰ কুমাৰ কাকতি, সংগীত শইকীয়া আৰু অসম ৰাজ্যিক চলচিত্ৰ( বিত্ত আৰু উন্নয়ন) নিগম।

]]>
https://rupaliparda.com/archives/8526/feed 0 8526