Star Bharat – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Tue, 06 Oct 2020 08:14:33 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Star Bharat – Rupaliparda.com https://rupaliparda.com 32 32 163073109 হিন্দী ধাৰাবাহিকৰ মূখ্য চৰিত্ৰত পৰিণীতা বৰঠাকুৰঃ https://rupaliparda.com/archives/20893 https://rupaliparda.com/archives/20893#respond Tue, 06 Oct 2020 12:30:50 +0000 https://rupaliparda.com/?p=20893 আকৌ এক নতুন হিন্দী ধাৰাবাহিকৰ সৈতে দেখিবলৈ পোৱা যাব অসমীয়া অভিনেত্ৰী পৰিণীতা বৰঠাকুৰক। হিন্দী চেনেল “Star Bharat” ত কালি ৰাতিৰ পৰা সম্প্ৰচাৰিত হোৱা “গুপ্তা ব্ৰাডাৰ্ছ” শীৰ্ষক ধাৰাবাহিক খনৰ এক মূখ্য চৰিত্ৰত দেখিবলৈ পোৱা গৈছে পৰিণীতাক। ইতিমধ্যে তেওঁৰ এই চৰিত্ৰটোক পচন্দও কৰিছে বিভিন্নজনে। ১৯৮৭ চনত জন্মগ্ৰহণ কৰা মুম্বাই প্ৰতিষ্ঠিত অসম জীয়ৰী পৰিণীতা বৰঠাকুৰ অসমীয়া সাংস্কৃতিক জগতৰ এক জনপ্ৰিয় ও সফল নাম। মুনীন বৰুৱাৰ জনপ্ৰিয় ছবি “নায়ক” ৰে অভিনয় জগতত খোজ পেলোৱা এই গৰাকী অভিনেত্ৰীয়ে কেৱল মাত্ৰ অসমীয়া ছবি অথবা ধাৰাবাহিকতে নিজৰ অভিনয়ৰ যাদু চলোৱা নাছিল; তেওঁ হিন্দী ধাৰাবাহিক অথবা জনপ্ৰিয় ছবিতো কাম কৰাৰ সুবিধা লাভ কৰিছে।

হিন্দী ধাৰাবাহিকৰ মূখ্য চৰিত্ৰত পৰিণীতা বৰঠাকুৰঃ 1


“চাচ বহু ঔৰ চেনচেক্স” ৰ লগতে কৰীণা আৰু ছেইফ আলি খানৰ ছবি “কোৰবান” ত অভিনীত অভিনেত্ৰী পৰিণীতাই সাৱধান ইণ্ডিয়া, ক্ৰাইম পেট্ৰল, প্ৰীতম প্যাৰস ঔৰ ৱ’ আৰু স্বৰাগ্নি আদি হিন্দী জনপ্ৰিয় ধাৰাবাহিকত ইতিমধ্যে অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে অসমীয়া শ্ৰব্য আৰু ভিডিঅ’ চিডি “পৰিণীতা” কে ধৰি অসমীয়া ছবি “পলে পলে উৰে মন” তথা “গানে কি আনে” ৰ সংগীতত কন্ঠদান কৰিছে।

]]>
https://rupaliparda.com/archives/20893/feed 0 20893