Sukanya Boruah – Rupaliparda.com https://rupaliparda.com Assamese Films News: Latest News and Updates on Assamese Films at Rupaliparda.com Thu, 23 Sep 2021 07:01:38 +0000 en-US hourly 1 https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/06/favicon.png?fit=32%2C32&ssl=1 Sukanya Boruah – Rupaliparda.com https://rupaliparda.com 32 32 163073109 একেখন হিন্দী ধাৰাবাহিকত দুই বান্ধৱী সুৰভী দাস-সুকন্যা বৰুৱা, উৎসাহিত অনুৰাগীঃ https://rupaliparda.com/archives/28461 https://rupaliparda.com/archives/28461#respond Fri, 24 Sep 2021 08:30:00 +0000 https://rupaliparda.com/?p=28461 অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজ্বলাই ৰখা প্ৰায় প্ৰত্যেকগৰাকী অসম সন্তানৰ প্ৰকল্প সমূহ আমাৰ বাবে ভাললগা, কাৰণ ই আমাক প্ৰতিটো সময়ত গৌৰৱান্বিত কৰি তোলে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুগৰাকী অসম কন্যাই উজ্বলাইছে অসমৰেই নাম। কালাৰ্চ টিভি যোগে সম্প্ৰচাৰিত ‘Nima Denzongpa’ নামে ধাৰাবাহিকখনত পূৰ্বে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ণ কৰি আহিছিল অসমীয়া অভিনেত্ৰী সুৰভী দাসে, বৰ্তমান এই একেখন ধাৰাবাহিকতে দেখিবলৈ পোৱা গৈছে সুকন্যা বৰুৱাক। দুয়োগৰাকী অভিনেত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গতি কৰাৰ কথাই প্ৰত্যেককে উৎসাহিত কৰাৰ সমান্তৰালকৈ একেখন ধাৰাবাহিকতে উক্ত দুয়োগৰাকী অভিনেত্ৰীক উপভোগ কৰাৰ সুবিধা লাভ কৰি আনন্দিত তেওঁলোকৰ অনুৰাগী। সুৰভী দাসৰ কন্যাৰ চৰিত্ৰত দেখিবলৈ পোৱা গৈছে সুকন্যাক। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত ইটোৰ পিছত সিটো প্ৰকল্পৰ সৈতে জনসাধাৰণৰ কাষ চপা উক্ত দুয়োগৰাকী অভিনেত্ৰীৰ অনুৰাগীৰ শাৰী দীঘলীয়া হোৱাৰ লগতে কোনগৰাকী কিমান বেছি অনুৰাগী সেয়া হয়টো হিচাপ লগোৱাটো অসুবিধা। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত সংযোজিত গীত তথা চুটি ছবিসমূহৰ অধিকাংশতেই সুৰভী দাস তথা সুকন্যা বৰুৱাক দেখিবলৈ পোৱা গৈছিল।


মায়ানগৰীলৈ এসোপা মান সপোন বুকুত কঢ়িয়াই লৈ ঢাপলি মেলা এই দুয়োগৰাকী অভিনেত্ৰীলৈ জনাইছোঁ ৰূপালীপৰ্দাৰ তৰফৰ পৰা অশেষ শুভকামনা। তেওঁলোকৰ ধাৰাবাহিকখনে আৰু অধিক সফলতাত চুমুক দিয়ক, তাৰেই আশা কৰিছোঁ। আশা তথা ইচ্ছাবোৰ সফলকাম হওঁক তেখেতসকলৰ।

]]>
https://rupaliparda.com/archives/28461/feed 0 28461
ধাৰাবাহিক “শকুন্তলা” ত জনপ্ৰিয়তাৰ মোহৰঃ https://rupaliparda.com/archives/26647 https://rupaliparda.com/archives/26647#respond Tue, 08 Jun 2021 10:30:00 +0000 https://rupaliparda.com/?p=26647 সম্প্ৰচাৰ লাভৰ পিছতেই চৰ্চিত হোৱা ধাৰাবাহিক “শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা” য়ে টি.আৰ.পিৰ দৌৰত শীৰ্ষত আছে। প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ নিশা ৮ বজাত সম্প্ৰচাৰ লাভ কৰা এই ধাৰাবাহিকখনত অভিনীত প্ৰত্যেকগৰাকী অভিনেতা-অভিনেত্ৰীৰ অভিনয়ো হৈছে লেখত ল’বলগীয়া। “শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা”; ধাৰাবাহিক খনৰ নামটোতেই যেন শকুন্তলা চৰিত্ৰটোৰ ত্যাগ, বিষাদ, প্ৰেম আদি অনুভূতিক হৃদয়ংগম কৰিব পৰা যায়। গাঁৱৰ নিঁভাজ সুন্দৰ পৰিৱেশত দুই বান্ধৱী ক্ৰমে শেৱালী আৰু নিৰ্মালীৰ সৈতে খেল-ধেমালি কৰি জীৱনটোক পূৰ্ণদ্যোমে জীয়াই থকা শকুন্তলা এগৰাকী মেধাৱী ছাত্ৰী হোৱাৰ সমান্তৰালকৈ তাইৰ গাঁৱৰ জনসাধাৰণৰ এগৰাকী মৰমৰ জীয়ৰী। তাইৰ উচ্চশিক্ষাৰ ইচ্ছা কিন্তু ঘটনাক্ৰমে এই ইচ্ছাক বুকুত বান্ধি খেলি থকা শকুন্তলাই মুখামুখি হ’ব লাগিব বাস্তৱ জীৱনৰ তিক্ত প্ৰহাৰৰ। এই প্ৰহাৰৰ পৰা শকুন্তলা কেনেকৈ হাত সাৰিব অথবা তাইৰ জীৱনলৈ এনে কোন আহিব যিগৰাকীয়ে তাইৰ সৈতে জীয়াই থকাৰ লগতে তাইৰ সপোনক পাখি দিব। এই আটাইবোৰ ঘটনা- পৰিঘটনাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে প্ৰাইজ ইষ্ট এন্টাৰটেইনমেন্ট লিমিটেডৰ বেনাৰত নিৰ্মিত “শকুন্তলা”। সুনয়না ফুকন মহন্তৰ পৰিচালনাৰে ধাৰাবাহিকখনৰ কাহিনী নাট্যকাৰ জ্ঞান বৰুৱাৰ; চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে শিল্পীকা মধুকলা।

ধাৰাবাহিক "শকুন্তলা" ত জনপ্ৰিয়তাৰ মোহৰঃ 1
ধাৰাবাহিক "শকুন্তলা" ত জনপ্ৰিয়তাৰ মোহৰঃ 2


ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে বৰ্তমানৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱা আৰু “বৈদেহী” ধাৰাবাহিকখনৰ জৰিয়তে জনপ্ৰিয়তাৰ কাষ চপা অভিনেতা দীপাংকৰ ৰয়ে। সহঃ পৰিচালনা নীলোৎপল নাথৰ লগতে দৃশ্যগ্ৰহণ কৰিছে প্ৰণৱ বৰাই। গুৱাহাটীকে ধৰি সোণাপুৰ, চন্দ্ৰপুৰ আদি বিভিন্ন ঠাইত শ্বুটিং সম্পন্ন কৰা ধাৰাবাহিকখনৰ সম্পাদনা ৰমেন বৰাৰ।

]]>
https://rupaliparda.com/archives/26647/feed 0 26647
দুখীয়াৰ স্বাৰ্থত বিনাস্বাৰ্থই ময়ূৰী কলিতা; একাংশই ভেকচিনৰ দ্বাৰা কৰিছে উৎসাহিতঃ https://rupaliparda.com/archives/26269 https://rupaliparda.com/archives/26269#respond Sat, 22 May 2021 10:30:00 +0000 https://rupaliparda.com/?p=26269 ক’ভিডৰ ভয়াৱহতাৰ সময়ছোৱাতে জনসাধাৰণৰ বাবে শেহতীয়াকৈ ঠিয় দিছে অসমীয়া শিল্পী সমাজ; Film Fraternity of Assam ৰ সৌজন্যত জ্যোতিচিত্ৰবনত অনুষ্ঠিত কৰা ক’ভিড ভেকচিন চেন্টাৰত শিল্পী সমাজে নিজে ভেকচিন গ্ৰহণ কৰাৰ সমান্তৰালকৈ আন দহজনক এইক্ষেত্ৰত উৎসাহিতও কৰা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত ভেকচিন লৈ থকা সময়ছোৱাৰ একাংশ ফটো শ্বেয়াৰ কৰাৰ লগতে তেওঁলোকৰ যিসকলে যেনেদৰে পাৰে ভেকচিন ল’বলৈ যোৱা সময়ৰ সাৱধানতা খিনিৰ কথাও প্ৰত্যেকৰে আগত ব্যক্ত কৰিছে। অভিনেত্ৰী সুকন্যা বৰুৱাৰ লগতে সুৰভী দাসে ব্যক্তিগত ইউটিউব চেনেলৰ দ্বাৰা ভেকচিন লোৱা সময়ৰ পৰা আৰম্ভ কৰি ভেকচিন লোৱাৰ পিছত কোনো অসুবিধাৰ সন্মুখীন হৈছিল নেকি সেই বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ চেষ্টা কৰে। আনহাতে, অভিনেত্ৰী প্ৰিয়ম পল্লৱী, কল্পনা কলিতাইও ভেকচিন লোৱা সময়ৰ ফটো আপলোড কৰি অনুৰাগীৰ উৎসাহ বৃদ্ধিৰ চেষ্টা কৰিছিল। এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, “পাৰিজাত” চৰিত্ৰটোৰে দৰ্শকৰ মাজত চিনাকী হোৱা ময়ূৰী কলিতাই শেহতীয়াকৈ চচিয়েল মিডিয়া যোগে ৰাইজৰ মাজলৈ আহি অনুদান বিচাৰিছে; ক’ভিডৰ মাৰাত্মক মাধমাৰৰ ফলত এনেও একাংশ লোক আছে যিয়ে কৰ্মক্ষেত্ৰলৈ যোৱাৰ পৰা বিৰতি থকাৰ উপৰিও দুবেলা দুমুঠি খোৱাত তেওঁলোকে সংগ্ৰাম কৰিবলগীয়া হৈছে।

https://www.instagram.com/tv/CPGWkOKjYrP/?utm_source=ig_web_copy_link


এনে একাংশ ব্যক্তিক সহায় কৰিবলৈ ময়ূৰী কলিতাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যই লগ হৈ এক পদক্ষেপ গ্ৰহণ কৰিছে য’ত তেওঁলোকে এনে মজদুৰি কৰি খোৱা অথবা দুখীয়া শ্ৰেণীৰ লোকসকলক কিছু সহায় আগবঢ়াব পাৰে। আচলতে, এয়া খুবেই ভাললগা কথা যে জনসাধাৰণৰ স্বাৰ্থত বিনাস্বাৰ্থই থিয় দিছে একাংশ শিল্পী, কলা-কুশলী। সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা তেওঁলোকে কৰা দেখিবলৈ পোৱা গৈছে।

]]>
https://rupaliparda.com/archives/26269/feed 0 26269
১৭ মে’ ৰ পৰা “শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা”- https://rupaliparda.com/archives/25922 https://rupaliparda.com/archives/25922#respond Sat, 08 May 2021 10:30:00 +0000 https://rupaliparda.com/?p=25922 চলিত মাহৰে ১৭ তাৰিখৰ পৰা ৰং চেনেল যোগে প্ৰচাৰ লাভ কৰিব এখন বহু প্ৰত্যাশিত ধাৰাবাহিক “শকুন্তলা”। বিগত কেইবাদিনৰ পৰাই ধাৰাবাহিকখনক কেন্দ্ৰ কৰি বিভিন্ন পোষ্টাৰ তথা শ্বুটিং সময়ছোৱাৰ ভিন্ন খন ফটোৱে ইতিমধ্যে চচিয়েল মিডিয়াত খলকনি লগাবলৈ সক্ষম হৈছে। “শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা”; ধাৰাবাহিক খনৰ নামটোতেই যেন শকুন্তলা চৰিত্ৰটোৰ ত্যাগ, বিষাদ, প্ৰেম আদি অনুভূতিক হৃদয়ংগম কৰিব পৰা যায়। গাঁৱৰ নিঁভাজ সুন্দৰ পৰিৱেশত দুই বান্ধৱী ক্ৰমে শেৱালী আৰু নিৰ্মালীৰ সৈতে খেল-ধেমালি কৰি জীৱনটোক পূৰ্ণদ্যোমে জীয়াই থকা শকুন্তলা এগৰাকী মেধাৱী ছাত্ৰী হোৱাৰ সমান্তৰালকৈ তাইৰ গাঁৱৰ জনসাধাৰণৰ এগৰাকী মৰমৰ জীয়ৰী। তাইৰ উচ্চশিক্ষাৰ ইচ্ছা কিন্তু ঘটনাক্ৰমে এই ইচ্ছাক বুকুত বান্ধি খেলি থকা শকুন্তলাই মুখামুখি হ’ব লাগিব বাস্তৱ জীৱনৰ তিক্ত প্ৰহাৰৰ। এই প্ৰহাৰৰ পৰা শকুন্তলা কেনেকৈ হাত সাৰিব অথবা তাইৰ জীৱনলৈ এনে কোন আহিব যিগৰাকীয়ে তাইৰ সৈতে জীয়াই থকাৰ লগতে তাইৰ সপোনক পাখি দিব। এই আটাইবোৰ ঘটনা- পৰিঘটনাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে প্ৰাইজ ইষ্ট এন্টাৰটেইনমেন্ট লিমিটেডৰ বেনাৰত নিৰ্মিত “শকুন্তলা”।

১৭ মে' ৰ পৰা "শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা"- 3
১৭ মে' ৰ পৰা "শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা"- 4

সুনয়না ফুকন মহন্তৰ পৰিচালনাৰে ধাৰাবাহিকখনৰ কাহিনী নাট্যকাৰ জ্ঞান বৰুৱাৰ; চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে শিল্পীকা মধুকলা। ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে বৰ্তমানৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱা আৰু “বৈদেহী” ধাৰাবাহিকখনৰ জৰিয়তে জনপ্ৰিয়তাৰ কাষ চপা অভিনেতা দীপাংকৰ ৰয়ে। সহঃ পৰিচালনা নীলোৎপল নাথৰ লগতে দৃশ্যগ্ৰহণ কৰিছে প্ৰণৱ বৰাই। গুৱাহাটীকে ধৰি সোণাপুৰ, চন্দ্ৰপুৰ আদি বিভিন্ন ঠাইত শ্বুটিং সম্পন্ন কৰা ধাৰাবাহিকখনৰ সম্পাদনা ৰমেন বৰাৰ।

]]>
https://rupaliparda.com/archives/25922/feed 0 25922
নতুন গীত “তোমাকে চাই” ত দীপজ্যোতি মহন্ত, সুকন্যা বৰুৱা আৰু হিনা কাশ্যপঃ https://rupaliparda.com/archives/25586 https://rupaliparda.com/archives/25586#respond Fri, 23 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25586 কিছুদিন পূৰ্বে এটি সুন্দৰ গীতৰ মুকলি হৈছিল; গীতটিৰ অডিঅ’টোৰ সৈতে সংগতি ৰাখি নিৰ্মিত ভিডিঅ’টোৱে লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ বহুল সঁহাৰি। ভিডিঅ’টোত অভিনীত চিনাকী জনপ্ৰিয় মুখকেইখনে আচলতে প্ৰত্যককে গীতটিৰ প্ৰতি আৰু অধিক আকৰ্ষিত কৰি তুলিছে। আমি প্ৰায়ে একোটা এনে গীতৰ অপেক্ষা কৰো যিটো আমাৰ প্লে-লিষ্টত সঘনাই ঘূৰিলেও আমাৰ আমনি নালাগে; সংগীত বুলিলেই এক অজান প্ৰশান্তি সকলোৰে মাজত দেখিবলৈ পোৱা যায়। সুৰীয়া কন্ঠ আৰু গ্ৰহণযোগ্য কথাৰ সংমিশ্ৰণেৰে নিৰ্মিত একোটা গীতত শ্ৰোতা-দৰ্শক নজনাকৈয়ে ঢাল খাই পৰে। মুঠতে, একোটা ভাল আৰু সুন্দৰ প্ৰকল্পৰ আদৰ অসমীয়া প্ৰত্যেকগৰাকী মনোৰঞ্জন প্ৰেমী জনসাধাৰণে কৰি আহিছে। শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ নতুন গীতৰ সৃষ্টি হৈছে; অৱশ্যে আমি দেখিবলৈ পোৱাত এয়াও সঠিক যে বৰ্তমান মুক্তিপ্ৰাপ্ত একাংশ গীতত নৱপ্ৰজন্মৰ প্ৰতিভাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ নৱপ্ৰজন্মৰ দলসমূহে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব। নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম।


তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। আজি আমি যিটো গীতৰ কথা ক’বলৈ ওলাইছো; গীতটিৰ নাম হৈছে “তোমাকে চাই”।গীতটিয়ে ইতিমধ্যে ইউটিউবত তিনি লাখতকৈও অধিক ভিউৱাৰচ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, এই গীতটিৰ ভিডিঅ’ত চচিয়েল মিডিয়াত খলকনি লগোৱা শিশু শিল্পী হিনা কাশ্যপক দেখিবলৈ পাই আচলতে আৰু অধিক উৎসাহী হৈ পৰিছে অসমীয়া সংগীতপ্ৰেমী শ্ৰোতা-দৰ্শক। লগতে, গীতটিৰ আন দুটি চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে অভিনয় ক্ষেত্ৰখনক জনপ্ৰিয় হৈ উঠা নৱপ্ৰজন্মৰ সুকন্যা বৰুৱা আৰু দীপজ্যোতি মহন্ত। গীতটিত কন্ঠদান কৰাৰ উপৰিও ইয়াৰ কথা আৰু সুৰ টনী মেনুৱেলৰ; নৱপ্ৰজন্মৰ এই গৰাকী কন্ঠশিল্পীৰ উক্ত গীতটিৰ জনপ্ৰিয়তাৰ পিছত তেওঁ আহিবলগীয়া গীত সমূহক লৈ অপেক্ষাৰত হৈ পৰিছে প্ৰতিজন। গীতটিত সংগীত ত্ৰিয়ন মহন্তৰ; শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ।

নতুন গীত "তোমাকে চাই" ত দীপজ্যোতি মহন্ত, সুকন্যা বৰুৱা আৰু হিনা কাশ্যপঃ 5


সমান্তৰালকৈ, এই গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা অম্লান জ্যোতি ৰাজখোৱাৰ লগতে ভিডিঅ’ৰ বিষয়বস্তুৰ দায়িত্বত আছিল অম্লান জ্যোতি ৰাজখোৱা আৰু দীপজ্যোতি মহন্ত।

]]>
https://rupaliparda.com/archives/25586/feed 0 25586
সুন্দৰ উপস্থাপনেৰে নিখিল ৰয় আৰু অৰুন্ধতী ভানুপ্ৰিয়াৰ ন-গীত “ৰাঙলী তুমি”- https://rupaliparda.com/archives/25490 https://rupaliparda.com/archives/25490#respond Sat, 17 Apr 2021 08:30:00 +0000 https://rupaliparda.com/?p=25490 নিখিল ৰয়; সংগীত ক্ষেত্ৰখনত শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা এটা নাম। প্ৰায় গীতৰ কভাৰ সমূহেৰেই জনসাধাৰণক আকৰ্ষণৰ চেষ্টা কৰা নিখিল ৰয়ৰ কন্ঠৰে সদ্যমুক্তিপ্ৰাপ্ত গীতটি হৈছে “ৰাঙলী তুমি”। প্ৰবল ইচ্ছা শক্তিয়ে যে কোনো এক ক্ষেত্ৰত আগুৱাই যাবলৈ সাহস প্ৰদান কৰে তাৰ উদাহৰণ আমি বহুত পাইছো। সেয়া কেৱল শিক্ষা ক্ষেত্ৰতেই নহয়; মনোৰঞ্জন ক্ষেত্ৰখনতো ইয়াৰ উদাহৰণ পোৱা যায়। অৰুণাচলৰ সৰু এখন ঠাইত জন্মগ্ৰহণ কৰা নিখিলে সৰুৰ পৰা সংগীতৰ স্কুল অথবা এগৰাকী শিক্ষক/শিক্ষয়িত্ৰীৰ অভাৱত নিজ পিতৃৰ ওচৰতেই লৈছিল সংগীতৰ শিক্ষা। ২০১২ চনত গুৱাহাটীলৈ আহি নিখিলে তেওঁৰ প্ৰথমটো গীত “জোনাক নিশা” ৰেকৰ্ডিং কৰে আৰু মুম্বাইলৈ গৈ চাউণ্ড ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা গ্ৰহণ কৰে। মুম্বাইত থাকি কাম কৰিব পৰাকৈ পৈণত নাই হোৱা বাবেই তেওঁ গুৱাহাটীলৈ উভতি আহি নিজাববীয়াকৈ খুলি লোৱা ইউটিউব চেনেলত বিভিন্ন গীতৰ “Cover” প্ৰস্তুত কৰি মুক্তি দিয়ে; যাৰ বাবে তেওঁ বৰ্তমান লাভ কৰিছে দৰ্শক ও শ্ৰোতাৰ সমাদৰ। তেওঁৰ “ৰাঙলী তুমি” গীতটিত অৱশ্যে তেওঁৰ সৈতে দেখিবলৈ পোৱা গ’ল দুটা নতুন যুঁটি। তেওঁৰ সৈতে গীতটিত কন্ঠদান কৰিছে অৰুন্ধতী ভানুপ্ৰিয়া; ইতিমধ্যে অৰুন্ধতী ভানুপ্ৰিয়াৰো কন্ঠৰ অনুৰাগীৰ শাৰীটো দীঘলীয়া হৈ পৰিছে।


আনহাতে, গীতটিত নিখিল ৰয়ৰ সৈতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱা আৰু দীপ ফুকনে। গীতটিৰ কথা সমীৰ শেখৰৰ আৰু ইয়াত সুৰ কৰিছে নিখিল ৰয়ে নিজেই। বাঁহী বজাইছে লক্ষীনন্দন লাহন আৰু শব্দ সংমিশ্ৰণ পিংকু দাসৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা শচীন বৰুৱাৰ; সহঃ পৰিচালনা সামিন দাসৰ আৰু দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে। এটা গীত যিসমূহ উপাদানেৰে পৰিপূৰ্ণ হৈ উঠে অথবা এটা গীতক যিসমূহ উপাদানে পূৰ্ণতা দিব পাৰে, সেই সমূহকে লৈ আজিৰ নৱপ্ৰজন্মই কৰা চেষ্টা সমূহ লেখত ল’বলগীয়া। সেইবাবেই হয়টো বৰ্তমান প্ৰজন্মৰ প্ৰতিটো প্ৰকল্প দৰ্শক-শ্ৰোতাৰ বাবেও একপ্ৰকাৰ গ্ৰহণযোগ্য হৈ উঠে। ন-ন সুন্দৰ গীতৰ সমাহাৰ আচলতে এই সংগীত ক্ষেত্ৰখনত ইতিমধ্যে হৈছে। আমি প্ৰায় সংগীত শিল্পী এনে দেখিছো; যাৰ বাবে জনপ্ৰিয়তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এটা প্ৰকল্পৰ বিষয়বস্তুটো। এনে সংগীতশিল্পী সমূহে লাখৰ অংকত ভিউৱাৰচ নাপালেও তেওঁলোকৰ গীত, কথা আদি যিসকলে উপভোগ কৰে তেওঁলোকে প্ৰশংসা নকৰাকৈ নাথাকে।

সুন্দৰ উপস্থাপনেৰে নিখিল ৰয় আৰু অৰুন্ধতী ভানুপ্ৰিয়াৰ ন-গীত "ৰাঙলী তুমি"- 6

ঠিক তেনে গীতৰ সৃষ্টিৰ আঁৰত লুকাই আছে নিখিল ৰয়ে নিজেও। তেওঁৰ এই প্ৰকল্প তথা চেষ্টা সমূহলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

]]>
https://rupaliparda.com/archives/25490/feed 0 25490
এটি নতুন সুন্দৰ গীত “পাহৰাই দিয়া”- https://rupaliparda.com/archives/24431 https://rupaliparda.com/archives/24431#respond Fri, 26 Feb 2021 10:30:45 +0000 https://rupaliparda.com/?p=24431 সংগীত বুলিলেই এক অজান প্ৰশান্তি সকলোৰে মাজত দেখিবলৈ পোৱা যায়। সুৰীয়া কন্ঠ আৰু গ্ৰহণযোগ্য কথাৰ সংমিশ্ৰণেৰে নিৰ্মিত একোটা গীতত শ্ৰোতা-দৰ্শক নজনাকৈয়ে ঢাল খাই পৰে। মুঠতে, একোটা ভাল আৰু সুন্দৰ প্ৰকল্পৰ আদৰ অসমীয়া প্ৰত্যেকগৰাকী মনোৰঞ্জন প্ৰেমী জনসাধাৰণে কৰি আহিছে। শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ নতুন গীতৰ সৃষ্টি হৈছে; অৱশ্যে আমি দেখিবলৈ পোৱাত এয়াও সঠিক যে বৰ্তমান মুক্তিপ্ৰাপ্ত একাংশ গীতত নৱপ্ৰজন্মৰ প্ৰতিভাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, সেই গীতটি প্লে-লিষ্টত “ৰিপিট” ম’ডত বাৰ বাৰ চলিলেও আমাৰ আমনি নলগাৰ সমান্তৰালকৈ সেই গীতটিৰ প্ৰতি আৰু দুগুণ উৎসাহ আমাৰ বাঢ়ে। এনে উৎসাহবোৰ বৃদ্ধিৰ ক্ষেত্ৰত সম্প্ৰতি সময়ছোৱাত আগ-ভাগ লৈছে নৱপ্ৰজন্মই; বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে। শেহতীয়াকৈ নৱপ্ৰজন্মৰ এটি দলে নিৰ্মাণ কৰি উলিয়াইছে এটা সুন্দৰ গীত “পাহৰাই দিয়া”।


গীতটিত কথা প্ৰণৱ কুমাৰ শৰ্মাৰ; আনহাতে ইয়াত কন্ঠদান কৰিছে সূৰ্য্য প্ৰকাশ মেধিয়ে। গীতটিত সুৰ কৰিছে বিজয় প্ৰকাশ মেধিয়ে; ইয়াত সংগীত প্ৰযোজনা/ ব্যৱস্থাপনাৰ দায়িত্বত আছে কন্ঠশিল্পী সূৰ্য্য প্ৰকাশ মেধিৰ নিজৰেই। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে অভিজিৎ শৰ্মা, সুকন্যা বৰুৱা, অচিন্ত ৰাজ কাশ্যপ আৰু সত্যজিৎ নেওঁগে; ভিডিঅ’ পৰিচালনাৰ লগতে দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। বিশ্বনয়ন বৰুৱাৰ সহঃ পৰিচালনাৰে সাজসজ্জা কৰিছে অৰ্চনা কলিতা আৰু অংকুৰিয়ে। গীতটিৰ অডিঅ’ৰ সৈতে সংগতি ৰাখিয়ে নিৰ্মাণ কৰা ইয়াৰ ভিডিঅ’টিতো ইতিমধ্যে জনসাধাৰণৰ বহুল আকৰ্ষণ দেখিবলৈ পোৱা গৈছে। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ নৱপ্ৰজন্মৰ দলসমূহে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব।

এটি নতুন সুন্দৰ গীত "পাহৰাই দিয়া"- 7


নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে।

]]>
https://rupaliparda.com/archives/24431/feed 0 24431
প্ৰেমাস্পদৰ অনুভূতি গাঁঠি Mystic Production House ৰ অন্যতম নিবেদন Grammy Winning Song: https://rupaliparda.com/archives/24208 https://rupaliparda.com/archives/24208#respond Wed, 17 Feb 2021 10:30:11 +0000 https://rupaliparda.com/?p=24208 একোটা সুন্দৰ গীতৰ সৈতে অসমীয়া সংগীত ক্ষেত্ৰখনত নিজৰ এক পৰিচয় দাঙি ধৰা Mystic Production House ৰ বেনাৰত শেহতীয়াকৈ মুক্তি লাভ কৰিলে আন এটি প্ৰেমৰ গীত। অৱশ্যে Valentine’ Day বিশেষ কৰি গীতটিক কৰি দিয়া হৈছিল মুকলি; প্ৰেমৰ কোনো এক নিৰ্দ্দিষ্ট সীমা নাথাকে; সাত সাগৰ তেৰ নদীৰ সিপাৰে থকা একোজনৰ সৈতেও আমি এক প্ৰেমৰ সম্পৰ্ক ৰূপায়ন কৰি যাব পাৰো। অৱশ্যে, প্ৰেম বুলিলেই যে কাৰোবাৰ স্পৰ্শ আৰু সেই বিশেষ ব্যক্তিজন যে নিজৰ কাষতেই থাকিব লাগিব তেনে একো কথা নাই। যেতিয়া নিলগত থাকিও কাৰোবাৰ উপস্থিতিৰ অনুভূতি আমাৰ গাত লাগি থাকে সেই অনুভৱটোৰ আচলতে কথাই সুকীয়া। বিজ্ঞানে অৱশ্যে আমাক এই ক্ষেত্ৰত কিছু সহায় নকৰাকৈও নাই থকা; নিলগত থাকিলেও আপোনজনৰ সৈতে কিছু সময়ৰ কথোপকথন অথবা তেওঁ কি কৰি আছে, কোন ঠাইত আছে আমি তাক চাব পাৰো।শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত Grammy Winning Song য়ো ঠিক এনে এক প্ৰসংগকলৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে।


গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত কথা আৰু সুৰৰ দায়িত্বত আছে চমন মিস্ত্ৰী। গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু আৰু শব্দ সংমিশ্ৰণ কৰিছে পল্লৱ তালুকদাৰে। আনহাতে, ৰুহুল বৰভূঞাৰ ভিডিঅ’ পৰিচালনা আৰু দৃশ্যগ্ৰহণেৰে গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে সুকন্যা বৰুৱা আৰু ধৃতিৰাজ মোহনে। INSAAN তথা অকলশৰীয়াৰ বহুল জনপ্ৰিয়তাৰ পিছত উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত “আভাস” শীৰ্ষক এলবামটোৰ অন্তৰ্ভূক্ত অন্যতম গীত “নিশা” ৰ সফলতাক আমি নক’লেও বুজিব পাৰো। প্ৰায়ে নতুন নতুন বিষয়বস্তুৰে আগবঢ়া Mystic Production House টোক লৈ প্ৰত্যেকৰে হৃদয়ত দেখিবলৈ পোৱা গৈছে উৎকন্ঠা।

প্ৰেমাস্পদৰ অনুভূতি গাঁঠি Mystic Production House ৰ অন্যতম নিবেদন Grammy Winning Song: 8


অসমীয়া শ্ৰোতা-দৰ্শকৰ হৃদয়ত এক ঠাই বনাবলৈ সক্ষম হোৱা Mystic Production House ৰ আগন্তুক প্ৰতিটো প্ৰকল্পক লৈ তেওঁলৈ যাঁচিছো শুভকামনা।

]]>
https://rupaliparda.com/archives/24208/feed 0 24208
“শকুন্তলা” ৰ সৈতে ৰাইজৰ কাষলৈ সুকন্যা বৰুৱা: https://rupaliparda.com/archives/22931 https://rupaliparda.com/archives/22931#respond Mon, 21 Dec 2020 12:30:35 +0000 https://rupaliparda.com/?p=22931 এখন নতুন ধাৰাবাহিকৰ সৈতে অনুৰাগীৰ মাজত আহিবলৈ সাজু হৈছে অভিনেত্ৰী সুকন্যা বৰুৱা। ইতিমধ্যে ধাৰাবাহিকখনৰ শ্বুটিং আৰম্ভ হৈছে পূৰ্ণগতিত। চচিয়েল মিডিয়াত সক্ৰিয় সুকন্যা বৰুৱাক আকৌ এবাৰ এখন ধাৰাবাহিক যোগে নিতৌ চাবলৈ পোৱাৰ আশাত উৎসাহী হৈ পৰিছে তেওঁৰ অনুৰাগীও; সম্প্ৰচাৰৰ তাৰিখ অথবা সময় বৰ্তমানেও জনোৱা হোৱা নাই যদিও “শকুন্তলা” শীৰ্ষক এই ধাৰাবাহিকখনৰ বাবে অপেক্ষাৰত হৈ পৰিছে দৰ্শক। সুকন্যাৰ সৈতে ধাৰাবাহিকখনৰ আন এটি চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী ৰূপচন্দা শৰ্মাকো। নৱপ্ৰজন্মৰ কেইখনমান চিনাকী মুখৰ সৈতে নৱনিৰ্মিত উক্ত ধাৰাবাহিকখনে সম্প্ৰচাৰৰ পূৰ্বৰে পৰাই জনসাধাৰণৰ হৃদয়ত লগাইছে খলকনি। চচিয়েল মিডিয়াত বহুল ৰূপত সক্ৰিয় হৈ থকা এই গৰাকী অভিনেত্ৰীয়ে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ বাবে কৰা প্ৰায় প্ৰতিটো কামেই লেখত ল’বলগীয়া। অভিনয় আৰু নৃত্য এই দুই মাধ্যমৰ সমান প্ৰতিভা থকা এই গৰাকী অভিনেত্ৰীৰ বিহু নৃত্য চৰ্চা চলিছিল বিদেশতো। জাৰ্মানীৰ এগৰাকী মহিলাই শেহতীয়াকৈ সুকন্যাৰ বিহু নৃত্য দেখি আপ্লুত হয় আৰু তাত তেওঁ নিজ অনুভৱ ব্যক্ত কৰে।

"শকুন্তলা" ৰ সৈতে ৰাইজৰ কাষলৈ সুকন্যা বৰুৱা: 9


সম্প্ৰতি প্ৰায় কেইবাটাও মিউজিক ভিডিঅ’ত পৰিচালনা গোষ্ঠীৰ প্ৰথম বিচাৰ সুকন্যা বৰুৱাক তেওঁৰ ব্যক্তিগত ইউটিউব ভিডিঅ’ক লৈও বিভিন্ন প্ৰকল্প যুগুতাই ৰখা দেখিবলৈ পোৱা যায়। আগন্তুক সময়ত কন্ঠশিল্পী চন্দন দাসৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “ৰে’ল” শীৰ্ষক গীতটিতো অভিনয় কৰা দেখিবলৈ পোৱা যাব সুকন্যাক।

]]>
https://rupaliparda.com/archives/22931/feed 0 22931
সুকন্যা বৰুৱা-দীপজ্যোতি মহন্তৰ ন-যুঁটিৰে “কলিজাৰে তুমি”; গীতটিত ৰহণ সানিছে ৰিতুমণি বৰদলৈয়েঃ https://rupaliparda.com/archives/21880 https://rupaliparda.com/archives/21880#respond Wed, 11 Nov 2020 10:30:25 +0000 https://rupaliparda.com/?p=21880 শেহতীয়াকৈ এটা নতুন যুঁটিৰ অভিনয়েৰে জনপ্ৰিয় হৈ উঠা এটি গীত হৈছে “কলিজাৰে তুমি”। সকলো সম্পৰ্কৰ ভিতৰত “বন্ধুত্ব” নামৰ সম্পৰ্কটো হেনো স্বাৰ্থহীন; য’ত ইজনে আনজনক স্বাৰ্থহীন ভাৱেই মৰম-আদৰ কৰে। ইয়াৰ গভীৰতাই আচলতে প্ৰতিজনকে আপ্লুত কৰে; পৃথিৱীত হয়টো এনে কোনো লোক নাই যিয়ে এবাৰলৈ হ’লেও এই গভীৰতাক আলিংগন কৰা নাই অথবা ইয়াত চুমুক দিয়া নাই। “বন্ধুত্ব” ক লৈ অসমীয়াত বহুত ন-ন প্ৰকল্পৰ সৃষ্টি হৈছে; গীত, ছবি, চুটি ছবি আদিত সন্নিৱিষ্ট “বন্ধুত্ব” ৰ সংজ্ঞাটোৱে ইতিমধ্যে ভিন্ন ধৰণৰ নতুন সোঁৱাদ প্ৰদান কৰাত সফল হৈছে। উক্ত নতুনকৈ মুক্তিপ্ৰাপ্ত গীত “কলিজাৰে তুমি” তো কন্ঠৰ মধুৰতাৰ সমান্তৰালকৈ ভিডিঅ’টোত দেখিবলৈ পোৱা তিনিগৰাকী বন্ধুৰ বুজা-বুজি। আমি পূৰ্বেও কয় আহিছো যে একোটা গীতত বৰ্তমান এনে এক কাহিনী সংযোগ কৰা হয় যাৰ দ্বাৰা গীতটিৰ উপভোগ্যতা অধিক হৈ পৰে। সুকন্যা বৰুৱা, দীপজ্যোতি মহন্ত আৰু ৰিতুমণি বৰদলৈৰ অভিনয়ে গীতটিৰ ভিডিঅ’টো আৰু অধিক সুন্দৰ কৰি তুলিছে।


গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সুৰ দিছে ৰিতুমণি বৰদলৈয়ে। মৃত্যুঞ্জয় কাকতিৰ কথাৰে গীতটিত সংগীত পল্লৱ তালুকদাৰৰ; শব্দ সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই। গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা অপুৰাজ গগৈৰ। সম্প্ৰতি সময়ৰ জনপ্ৰিয় লগতে দৰ্শকে মনে বিচৰা অভিনেত্ৰীৰ মাজৰ এগৰাকী হৈছে সুকন্যা বৰুৱা; তেওঁৰ অভিনয়ৰ লগতে নৃত্যৰ দিশত থকা প্ৰতিভাই আচলতে তেওঁক আৰু এখোজ জনসাধাৰণৰ কাষ চপাত সহায় কৰিছে। “তোমাৰ উশাহতে” তথা “তুমি আহিলে” শীৰ্ষক গীত দুটিৰে নিজ অভিনয় জীৱনৰ পাতনি মেলা দীপজ্যোতিয়ে এই ক্ষেত্ৰখনত সাঙুৰ খাবলৈ কৰা প্ৰয়াসবোৰ নুই কৰিব নোৱাৰি। এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “জানমণি” ছবিখনটো দেখিবলৈ পোৱা গৈছিল অভিনেতা গৰাকীক।

সুকন্যা বৰুৱা-দীপজ্যোতি মহন্তৰ ন-যুঁটিৰে "কলিজাৰে তুমি"; গীতটিত ৰহণ সানিছে ৰিতুমণি বৰদলৈয়েঃ 10
সুকন্যা বৰুৱা-দীপজ্যোতি মহন্তৰ ন-যুঁটিৰে "কলিজাৰে তুমি"; গীতটিত ৰহণ সানিছে ৰিতুমণি বৰদলৈয়েঃ 11


মুক্তিৰ পিছতেই অতি কম সময়ৰ ভিতৰত গীতটিয়ে জনসাধাৰণৰ পৰা লাভ কৰা সহাঁৰিৰ সংখ্যা ইউটিউবত দেখিবলৈ পোৱা গৈছে। আহিবলগীয়া সময়ত আকৌ ৰিতুমণিৰ কন্ঠক লৈ অপেক্ষাৰত শ্ৰোতা।

]]>
https://rupaliparda.com/archives/21880/feed 0 21880